SEBA Class 9 Science Important Chapter 5 জীৱৰ মৌলিক একক

SEBA Class 9 Science Important Chapter 5 জীৱৰ মৌলিক একক Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Science Important Chapter 5 জীৱৰ মৌলিক একক Solutions and select need one. Class 9 General Science Additional Notes in Assamese Medium Download PDF. SEBA Class 9 General Science Important Question Answer.

SEBA Class 9 Science Important Chapter 5 জীৱৰ মৌলিক একক

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Class 9 Science Additional Solutions for All Chapters, You can practice these here.

Chapter: 5

অতিরিক্ত প্রশ্নোত্তর

১। “Cell” শব্দৰ অৰ্থ কি?

উত্তৰঃ Cell শব্দৰ অৰ্থ হ’ল- সৰু সৰু খোঁটালি।

২। চেল শব্দটো প্রথমে কিহৰ বাবে ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ কৰ্কৰ পাতল খণ্ডত থকা মৌচাক সদৃশ ঘৰৰ বাবে।

৩। কোষ (cell) কি?

উত্তৰঃ কোষ হ’ল- জীৱৰ গঠন আৰু কাৰ্যৰ মৌলিক একক।

৪। উদ্ভিদৰ পাতৰ পৃষ্ঠত থকা কোষসমূহ দেখা পোৱা যায় কি যন্ত্ৰৰ সহায়ত?

উত্তৰঃ উদ্ভিদৰ পাতৰ পৃষ্ঠত থকা কোষসমূহ দেখা পোৱা যায় যৌগিক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত।

৫। যৌগিক অণুবীক্ষণ যন্ত্রত কেইটা লেন্স থাকে?

উত্তৰঃ যৌগিক অণুবীক্ষণ যন্ত্রত দুটা লেন্স থাকে- একোণি আৰু লক্ষ্য লেন্স।

৬। চেলৰ গঠন দেখি জীৱৰ গঠন বিশ্লেষণ কৰাৰ বিদ্যাৰ নাম কি?

উত্তৰঃ চেলৰ গঠন দেখি জীৱৰ গঠন বিশ্লেষণ কৰাৰ বিদ্যাৰ নাম হ’ল- কোষবিদ্যা।

৭। সৰু প্ৰাণী বা উদ্ভিদৰ কোষবোৰ চাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ সৰু প্ৰাণী বা উদ্ভিদৰ কোষবোৰ চাবলৈ অণুবীক্ষণ যন্ত্র ব্যৱহাৰ কৰা হয়।

৮। কোষ তত্ত্ব কোনে প্রস্তুত কৰিছিল?

উত্তৰঃ কোষ তত্ত্ব শ্লাইডেন আৰু শ্বৱানে 1839 চনত প্রস্তুত কৰিছিল।

৯। কোষে O2 আৰু CO2 কেনেদৰে আদান-প্রদান কৰে?

উত্তৰঃ কোষে O2 আৰু CO2 ৰ আদান-প্রদান ঘনত্বৰ পাৰ্থকাৰ ভিত্তিত বিসৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কৰে।

১০। ৰসধাণী কি?

উত্তৰঃ ৰসধাণী হৈছে গোটা বা তলৰ পদাৰ্থ সঞ্চয় কৰি ৰাখা মোল সদৃশ কোষ অংগাণু।

দীঘলীয়া প্রশ্ন উত্তৰ:

১। ৰবাৰ্ট হুকে কেনেকৈ কোষ আৱিষ্কাৰ কৰিছিল? এই আৱিষ্কাৰৰ গুৰুত্ব কেনেধৰণৰ?

উত্তৰঃ 1665 চনত ৰবাৰ্ট হুকে কৰ্কৰ পাতল খণ্ড অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিছিল। তেওঁ মৌচাক সদৃশ বহু সৰু সৰু ঘৰৰ দৰে গঠনবোৰ দেখা পায় আৰু সেইবোৰক ‘Cell’ (কোষ) বুলি নামকৰণ কৰে। যদিও তেওঁ কেৱল মৃত কোষসমূহৰ গঠন দেখা পাইছিল, তথাপি এই ঘটনাই জীৱবিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ কৰিছিল।

এই আৱিষ্কাৰে বিজ্ঞানীক জীৱৰ গঠনগত একক বুজাবলৈ সহায় কৰে। তাৰ পৰাই আগলৈ গতি কৰে কোষ তত্ত্ব, যাৰ ওপৰত আধাৰিত সমগ্ৰ জীৱবিজ্ঞান গঢ় লৈ উঠিছে।

২। কোষ কি? ই জীৱৰ গঠনত কেনেকৈ সহায় কৰে?

উত্তৰঃ কোষ হৈছে জীৱৰ গঠন আৰু কাৰ্যৰ মৌলিক একক।

সকলো জীৱ প্ৰাণীৰ শৰীৰ বহু কোষৰ সৈতে গঠিত হয়, যদিও কিছুমান উদাহৰণত এককোষী জীৱ (যেনে, Chlamydomonas, Paramecium) দেখা যায়। বহু কোষীয় জীৱত (multicellular organisms), কোষবোৰ বিভিন্ন ধৰণৰ কাম কৰে কোনো কোষে খাদ্য হজমত, কোনো কোষে ৰক্ত চলনত, আন কোনো কোষে প্রজননত জড়িত থাকে। কোষে একেলগ হৈ কলা গঠন কৰে, কলাই অংগ, আৰু অংগই গোট খাই গঠন কৰে শৰীৰ। সেয়েহে কোষক জীৱৰ গঠন আৰু জীৱন প্ৰক্ৰিয়াৰ আধাৰ বুলি কোৱা হয়।

৩। কোষ বেৰ (Cell Wall) কি? ইয়াৰ গঠন আৰু কাৰ্য্য বর্ণনা কৰা।

উত্তৰঃ কোষ বেৰ হৈছে উদ্ভিদ কোষৰ বাহিৰত থকা শক্ত এক স্তৰ, যি প্রধানত চেলুলোজ (Cellulose) ৰে গঠিত।

ইয়াৰ গঠন আৰু কাৰ্য্য: ই কোষক গঠনগত দৃঢ়তা (Structural Strength) দিয়ে আৰু কোষৰ আকাৰ বজাই ৰাখে। কোষ বেৰ চপাই পৰি থকাৰ পৰা কোষক সুৰক্ষিত ৰাখে। কোষ অধিক জলীয় পৰিৱেশত থকাৰ ফলত পানী শোষণ কৰি ফুলি উঠে, কিন্তু কোষ বেৰ সেই বিস্তৃতিৰ ৰোধ কৰে।

৪। কোষকেন্দ্র কি? ইয়াৰ গঠন আৰু কাৰ্য কি?

উত্তৰঃ কোষকেন্দ্ৰ হৈছে কোষৰ নিয়ন্ত্রণ কেন্দ্র।

ইয়াৰ গঠন আৰু কাৰ্য: ই Nuclear membrane, নিউক্লিওপ্লাজম, নিউক্লিওলাচ আৰু ক্রোম’চোমৰ পৰা গঠিত। ক্রোম’চোমত DNA থাকে, যি বংশগততাৰ বাহক। নিউক্লিয়াছে কোষৰ সকলো জীৱন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে আৰু কোষ বিভাজন, প্রজনন আৰু বংশগতিৰ বাবে দায়ী।

৫। কোষত্বকৰ গঠন আৰু কাৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ কোষত্বক হৈছে কোষৰ বাহিৰৰ তৰল আৱৰণ। ই এক Selectively permeable membrane, যিয়ে কিছুমান নির্দিষ্ট পদার্থকেই ভিতৰলৈ আৰু বাহিৰলৈ যাবলৈ অনুমতি দিয়ে। ই কোষৰ ভিতৰৰ উপাদানসমূহক বাহ্যিক পৰিৱেশৰ পৰা সুৰক্ষিত কৰি ৰাখে আৰু পদাৰ্থৰ আদান-প্রদান নিয়ন্ত্ৰণ কৰে।

খালী ঠাই পূৰ কৰা-

১। কোষ হৈছে জীৱৰ গঠন আৰু কাৰ্যৰ __________ একক।

উত্তৰঃ কোষ হৈছে জীৱৰ গঠন আৰু কাৰ্যৰ মৌলিক একক।

২। কোষবেৰ __________ৰে গঠিত, যিয়ে কোষক গঠনগত দৃঢ়তা দিয়ে।

উত্তৰঃ কোষবেৰ চেলুলোজৰে গঠিত, যিয়ে কোষক গঠনগত দৃঢ়তা দিয়ে।

৩। কোষত্বক ___________ হোৱাৰ বাবে কিছুমান নির্দিষ্ট পদার্থহে ভিতৰলৈ আৰু বাহিৰলৈ যাব পাৰে।

উত্তৰঃ কোষত্বক selectively permeable membrane হোৱাৰ বাবে কিছুমান নির্দিষ্ট পদাৰ্থহে ভিতৰলৈ আৰু বাহিৰলৈ যাব পাৰে।

৪। ____________ 1665 চনত কোষৰ আৱিষ্কাৰ কৰিছিল।

উত্তৰঃ ৰবাৰ্ট হুকে 1665 চনত কোষৰ আৱিষ্কাৰ কৰিছিল।

৫। বহু কোষীয় জীৱত, কোষে একেলগ হৈ কলা, কলাই অংগ, আৰু অংগই ___________ গঠন কৰে।

উত্তৰঃ বহু কোষীয় জীৱত, কোষে একেলগ হৈ কলা, কলাই অংগ, আৰু অংগই শৰীৰ গঠন কৰে।

সত্য/অসত্য বিচাৰ কৰা-

১। ৰবাৰ্ট হুকে জীয়াই থকা কোষসমূহ প্রথমে দেখা পাইছিল।

উত্তৰঃ অসত্য।

২। কোষ জীৱৰ গঠন আৰু কাৰ্যৰ মৌলিক একক।

উত্তৰঃ সত্য।

৩। কোষ বেৰ চেলুলোজ ৰে গঠিত, যিয়ে কোষক গঠনগত দৃঢ়তা দিয়ে।

উত্তৰঃ সত্য।

৪। কোষত্বক হৈছে এক selectively permeable membrane, যিয়ে নির্দিষ্ট পদাৰ্থৰ আদান-প্রদান নিয়ন্ত্রণ কৰে।

উত্তৰঃ সত্য।

৫। কোষকেন্দ্রত থকা ক্রোম’চোমত DNA থাকে, যি বংশগততাৰ বাহক।

উত্তৰঃ সত্য।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
ৰবাৰ্ট হুকেকোষৰ নিয়ন্ত্রণ কেন্দ্র
কোষবেনসৰু প্ৰাণী বা কোষ চাবলৈ ব্যৱহৃত যন্ত্র
নিউক্লিয়াছকোষৰ আৱিষ্কাৰ কৰে (1665 চনত)
অণুবীক্ষণ যন্ত্রচেলুলোজে গঠিত এক শক্ত সবাহক।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
ৰবাৰ্ট হুকেকোষৰ আৱিষ্কাৰ কৰে (1665 চনত)
কোষবেনচেলুলোজে গঠিত এক শক্ত সবাহক।
নিউক্লিয়াছকোষৰ নিয়ন্ত্রণ কেন্দ্র
অণুবীক্ষণ যন্ত্রসৰু প্ৰাণী বা কোষ চাবলৈ ব্যৱহৃত যন্ত্র

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top