SEBA Class 9 Science Important Chapter 4 পৰমাণুৰ গঠন

SEBA Class 9 Science Important Chapter 4 পৰমাণুৰ গঠন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Science Important Chapter 4 পৰমাণুৰ গঠন Solutions and select need one. Class 9 General Science Additional Notes in Assamese Medium Download PDF. SEBA Class 9 General Science Important Question Answer.

SEBA Class 9 Science Important Chapter 4 পৰমাণুৰ গঠন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Class 9 Science Additional Solutions for All Chapters, You can practice these here.

Chapter: 4

অতিরিক্ত প্রশ্নোত্তর

১। পদাৰ্থৰ ঘনাৰ আধানযুক্ত কণিকাবোৰ কি কি?

উত্তৰঃ পদাৰ্থৰ ঘনাৰ আধানযুক্ত কণিকাবোৰ হৈছে প্ৰ’টন আৰু ইলেকট্রন।

২। ইলেকট্রনৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰঃ ইলেকট্ৰনৰ আৱিষ্কাৰ 1897 চনত জে. জে. থমচনে কৰিছিল।

৩। ব’ৰৰ পৰমাণুৰ আৰ্হিৰ মতে ইলেকট্রন ক’ত ঘূৰে?

উত্তৰঃ ব’ৰৰ পৰমাণুৰ আৰ্হিৰ মতে ইলেকট্রনে পৰমাণুৰ নিৰ্দিষ্ট কক্ষপথত (discrete orbits) ঘূৰে।

৪। প্ৰ’টনৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰঃ প্ৰ’টনৰ আৱিষ্কাৰ 1900 চনত গ’ল্ডষ্টাইনে কৰিছিল।

৫। ইলেকট্রনৰ বাহিৰে কোন কণিকা নিউক্লিয়াছৰ ভিতৰত থাকে?

উত্তৰঃ প্ৰ’টন আৰু নিউট্রন কণিকাবোৰ নিউক্লিয়াছৰ ভিতৰত থাকে।

৬। নিউক্লিয়াছত থকা কণিকাবোৰক একেলগে কি বুলি কোৱা হয়?

উত্তৰঃ নিউক্লিয়াছত থকা প্ৰ’টন আৰু নিউট্রন কণিকাবোৰক একেলগে নিউক্লিয়ন (Nucleons) বুলি কোৱা হয়।

৭। নিউট্রনৰ আৱিষ্কাৰ কোনে আৰু কেতিয়া কৰিছিল?

উত্তৰঃ নিউট্রনৰ আৱিষ্কাৰ 1932 চনত জেমচ চেডৱিকে (James Chadwick) কৰিছিল।

৮। পদার্থত ইলেকট্রনৰ ধনাত্মক আধান থাকে নে ঋণাত্মক?

উত্তৰঃ পদাৰ্থত ইলেকট্রনৰ আধান ঋণাত্মক হয়।

৯। নিউট্রন কি আধানত থাকে?

উত্তৰঃ নিউট্রনৰ কোনো আধান নথাকে, ই নিৰপেক্ষ আধানযুক্ত কণিকা।

১০। যোজ্যতা কি?

উত্তৰঃ যোজ্যতা হ’ল পৰমাণু এটাৰ যোজিত হ’ব পৰা ক্ষমতা।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ৰাডাৰ ফ’ৰ্ডৰ পৰমাণু আৰ্হিৰ মুখ্য বৈশিষ্ট্য কি?

উত্তৰঃ ৰাডাৰ ফ’ৰ্ডৰ পৰমাণু আৰ্হিৰ মুখ্য বৈশিষ্ট্য হ’ল-

নিউক্লিয়াছ কেন্দ্রত থাকে, য’ত প্ৰ’টন আৰু নিউট্রন থাকে আৰু ইলেকট্রনবোৰ তাৰ চাৰিওফালে ঘূৰে।

২। ইলেকট্রন, প্র’টন আৰু নিউট্ৰ’নৰ বিষয়ে লিখা।

উত্তৰঃ ইলেকট্রন, প্র’টন আৰু নিউট্রন হৈছে পৰমাণুৰ মৌলিক কণিকা। ইলেকট্রনৰ আধান ঋণাত্মক, প্ৰ’টনৰ আধান ধনাত্মক আৰু নিউট্ৰ’ন নিৰপেক্ষ তথা কোনো আধান নাথাকে।

৩। ব’ৰৰ পৰমাণুৰ আৰ্হিটো কি আছিল?

উত্তৰঃ ব’ৰৰ মতে ইলেকট্রন পৰমাণুৰ নিৰ্দিষ্ট কক্ষপথত ঘূৰে। এই কক্ষপথবোৰক শক্তি স্তৰ বোলে আৰু ইলেকট্রনে এই স্তৰত শক্তি হেৰোৱাব নোৱাৰে।

৪। নিউট্রন ক’ত থাকে আৰু তাৰ গুৰুত্ব কি?

উত্তৰঃ নিউট্রন পৰমাণুৰ নিউক্লিয়াছত থাকে। ই নিৰপেক্ষ আধানযুক্ত কণিকা। ই নিউক্লিয়াছৰ স্থিতিত সহায় কৰে আৰু পৰমাণুৰ ভাৰ অধিকাংশ যোগান ধৰে।

৫। কিয় ইলেকট্রনে স্থিৰ শক্তি স্তৰত ঘূৰে?

উত্তৰঃ ইলেকট্রনে নির্দিষ্ট শক্তি স্তৰত ঘূৰে কাৰণ এই কক্ষপথবোৰত ই শক্তি বিকিৰণ নকৰাকৈ স্থিতিশীলভাৱে থাকিব পাৰে। এই ব্যৱস্থা পৰমাণুৰ স্থিতিত সহায় কৰে।

খালী ঠাই পূৰ কৰা-

১। পৰমাণুৰ কেন্দ্রক ___________ বুলি কোৱা হয়।

উত্তৰঃ পৰমাণুৰ কেন্দ্রক নিউক্লিয়াছ বুলি কোৱা হয়।

২। থমছনৰ আৰ্হিটোক ___________ আৰ্হি বুলি জনাজাত।

উত্তৰঃ থমছনৰ আর্হিটোক প্লাম পুডিং আৰ্হি বুলি জনাজাত।

৩। ৰাডাৰফ’ৰ্ডে পৰমাণুৰ __________ উন্মোচন কৰিছিল।

উত্তৰঃ ৰাডাৰফ’ৰ্ডে পৰমাণুৰ নাভিক উন্মোচন কৰিছিল।

৪। প্ৰ’টনৰ চাৰ্জ ___________।

উত্তৰঃ প্ৰ’টনৰ চার্জ ধনাত্মক (+)।

৫। ব’ৰৰ আৰ্হিৰ মতে ইলেকট্রন ____________ কক্ষপথত ঘূৰে।

উত্তৰঃ ব’ৰৰ আৰ্হিৰ মতে ইলেকট্রন নির্দিষ্ট কক্ষপথত ঘূৰে।

সত্য/অসত্য বিচাৰ কৰা-

১। টমচনৰ মডেলত পৰমাণুৰ সকলো দ্রৱামান নাভিকত থাকে।

উত্তৰঃ অসত্য।

২। নিউট্ৰ’নৰ কোনো চার্জ নাথাকে।

উত্তৰঃ সত্য।

৩। ইলেকট্রনবোৰ পৰমাণুৰ নাভিকত থাকে।

উত্তৰঃ অসত্য।

৪। ৰাডাৰফ’ৰ্ডে পৰমাণুক নাভিকৰ সন্ধান দিছিল।

উত্তৰঃ সত্য।

৫। প্র’টন ঋণাত্মক চার্জযুক্ত।

উত্তৰঃ অসত্য।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
হাইড্র’জেন (H)2,2
বেৰিলিয়াম (Be)2,8,8
ব’ৰণ (B)1
মেগনেচিয়াম (Mg)2,3
আর্গন (Ar)2,8,2

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
হাইড্র’জেন (H)2,8,8
বেৰিলিয়াম (Be)2,2
ব’ৰণ (B)2,3
মেগনেচিয়াম (Mg)2,8,2
আর্গন (Ar)1

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top