SEBA Class 9 Science Important Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Science Important Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? Solutions and select need one. Class 9 General Science Additional Notes in Assamese Medium Download PDF. SEBA Class 9 General Science Important Question Answer.
SEBA Class 9 Science Important Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Class 9 Science Additional Solutions for All Chapters, You can practice these here.
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
Chapter: 2
| অতিরিক্ত প্রশ্নোত্তর |
১। মিশ্রণ কি?
উত্তৰঃ দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ ভৌতিক মিশ্রণক মিশ্রণ বুলি কয়।
২। সমসত্ব মিশ্রণ কি?
উত্তৰঃ যত উপাদানবোৰ সকলো অংশতে সমানভাৱে মিহলি হয়, তেনে মিশ্রণক সমসত্ব মিশ্রণ বোলে।
৩। অসমসত্ত্ব মিশ্রণ কি?
উত্তৰঃ য’ত উপাদানবোৰ ভিন্ন অংশত বেলেগ বেলেগ ৰূপত দেখা যায়, তেনে মিশ্রণক অসমসত্ব মিশ্রণ বোলে।
৪। দ্রৱণ কি?
উত্তৰঃ দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্রণক দ্ৰৱণ বোলে।
৫। দ্ৰৱণৰ উপাদান কেইটা আৰু কি কি?
উত্তৰঃ দ্ৰৱণৰ উপাদান দুটা- দ্রাৱক আৰু দ্রাব্য।
৬। প্রলম্বণ কি?
উত্তৰঃ প্ৰলম্বণ এটা অসমসত্ব মিশ্রণ য’ত কণিকাবোৰ দ্ৰাৱকত প্রলম্বিত হৈ থাকে আৰু খালি চকুৰে দেখা যায়।
৭। কলয়ডীয় দ্ৰৱাৰ উপাদানবোৰ কি কি?
উত্তৰঃ কলয়ডীয় দ্ৰৱ্যৰ উপাদানবোৰ হৈছে- বিস্তাৰণ মাধ্যম আৰু বিস্তাৰিত প্ৰাৱস্থা।
৮। বিস্তাৰণ মাধ্যম কাক বোলে?
উত্তৰঃ য’ত কণিকাবোৰ বিস্তাৰিত কৰা হয় তাক বিস্তাৰণ মাধ্যম বোলা হয়।
৯। ৰ’বাট ব’য়লৰ সূত্ৰৰ মতে মৌল কি?
উত্তৰঃ ৰ’বাৰ্ট ক’য়লৰ সূত্ৰৰ মতে মৌল হ’ল- পদাৰ্থৰ মূল বা আধাৰ, যাক কোনো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা পুনঃ সৰলতৰ পদাৰ্থলৈ বিভাজিত কৰিব পৰা নাযায়।
১০। দ্ৰৱণ এটাৰ গাঢ়তা কাক বোলে?
উত্তৰঃ প্রতি একক আয়তন বা প্রতি একক ভৰৰ প্ৰৱণ/দ্ৰাৱকত থকা দ্ৰাৱাৰ পৰিমাণক দ্ৰৱণ এটাৰ গাঢ়তা বোলে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। মিশ্ৰণৰ প্ৰকাৰ কি কি? সিহঁতৰ উদাহৰণ দিয়া।
উত্তৰঃ মিশ্রণ দুই প্ৰকাৰৰ-
(i) সমসত্ব মিশ্রণ: উপাদানবোৰ সমানে মিশ্রিত। উদাহৰণ- নিমখ পানী, চেনি পানী।
(ii) অসমসত্ব মিশ্রণ: উপাদানবোৰ ভিন্ন অংশত দেখা যায়। উদাহৰণ- পানী আৰু তেল, চেনি আৰু বালি।
২। কলয়ডীয় দ্ৰৱৰ তিনিটা ধর্ম লিখা।
উত্তৰঃ কলয়ডীয় দ্ৰৱৰ তিনিটা ধর্ম হ’ল-
(i) কলয়ড অসমসত্ব মিশ্রণ।
(ii) কলয়ডীয় কণিকাবোৰ বৰ সৰু। ইহঁতক খালি চকুৰে মনিব নোৱাৰি।
(iii) অৱশ্যে পোহৰ ৰশ্মি বিষ্ণুৰিত কৰিব পৰাকৈ কণিকাবোৰ প্ৰয়োজনীয়ভাৱে ডাঙৰ আৰু ৰশ্মিটো দৃশ্যমান কৰি তোলে।
৩। বিশুদ্ধ পদার্থ আৰু মিশ্ৰণৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰণৰ মাজৰ পাৰ্থক্য-
| বিশুদ্ধ পদার্থ | মিশ্রণ |
| এটা মাত্ৰ ধৰণৰ উপাদান থাকে। | দুটা বা ততোধিক ধৰণৰ উপাদান থাকে। |
| সংযুতি নির্দিষ্ট আৰু একেৰাহে থাকে। | সংযুতি নির্দিষ্ট নাথাকে, যিকোনো অনুপাতত হ’ব পাৰে। |
| ভৌতিক আৰু ৰাসায়নিক গুণ সমগ্র পদার্থত একেই থাকে। | উপাদানবোৰৰ ভৌতিক আৰু ৰাসায়নিক গুণ পৃথক থাকে। |
| ৰাসায়নিক পদ্ধতিতহে পৃথক কৰিব পাৰি। | ভৌতিক পদ্ধতিত সহজে পৃথক কৰিব পাৰে। |
| উদাহৰণ: পানী, অক্সিজেন, ছ’ডীয়াম ক্লোৰাইড (নিমখ)। | উদাহৰণ: নেমু পানী, বালি-চেনি মিশ্রণ, তেল-পানী মিশ্রণ। |
৪। প্ৰলম্বনৰ তিনিটা ধর্ম লিখা।
উত্তৰঃ প্ৰলম্বনৰ তিনিটা ধৰ্ম হ’ল-
(i) প্রলম্বন এবিধ অসমসত্ব মিশ্রণ।
(ii) প্রলম্বিত কণিকাবোৰ খালি চকুৰে দেখি।
(iii) প্রলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিষ্ণুৰণ (scatter) ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্যমান কৰি তোলে।
৫। দ্ৰৱণৰ তিনিটা ধর্ম লিখা।
উত্তৰঃ দ্ৰৱণৰ তিনিটা ধর্ম হ’ল-
(i) দ্রৱণ এটা সমসত্ব মিশ্রণ।
(ii) দ্ৰৱণৰ কণিকাবোৰৰ (দ্ৰাৰ্যবোৰ) আকাৰ বৰ ক্ষুদ্র। ইহঁতৰ ব্যাস 1nm (10-9 metre) তকৈ সৰু। সেইবাবে ইহঁতক খালি চকুৰে নেদেখি।
(iii) দ্রাব্যৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ হোৱা বাবে ইহঁতে পোহৰ ৰশ্মি বিষ্ণুৰিত (scatter) কৰিব নোৱাৰে। গতিকে দ্ৰৱণৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়।
খালী ঠাই পূৰ কৰা-
১। মিশ্রণ দুটা বা ততোধিক __________ পদাৰ্থৰ পৰা গঠিত হয়।
উত্তৰঃ মিশ্রণ দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ পৰা গঠিত হয়।
২। পানী আৰু নিমখেৰে গঠিত দ্রৱণটো __________ মিশ্রণ।
উত্তৰঃ পানী আৰু নিমখেৰে গঠিত দ্রৱণটো সমসত্ত্ব মিশ্রণ।
৩। প্রলম্বন হৈছে এবিধ ___________ মিশ্রণ।
উত্তৰঃ প্ৰলম্বন হৈছে এবিধ অসমসত্ব মিশ্রণ।
৪। গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ ব্যৱহৃত পদ্ধতি হ’ল __________।
উত্তৰঃ গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ ব্যৱহৃত পদ্ধতি হ’ল অপকেন্দ্রিক পদ্ধতি।
৫। চিয়াঁহীৰ ৰঙ বৰ্ণলেখনৰ দ্বাৰা ___________ কৰা হয়।
উত্তৰঃ চিয়াহীৰ ৰঙ বৰ্ণলেখনৰ দ্বাৰা পৃথক কৰা হয়।
সত্য/অসত্য বিচাৰ কৰা-
১। কলয়ডীয়া মিশ্রণত কণিকা খালি চকুৰে দেখা যায়।
উত্তৰঃ অসত্য।
২। গাখীৰ এবিধ সমসত্ব মিশ্রণ।
উত্তৰঃ অসত্য।
৩। মৌলবোৰক ৰাসায়নিক বিক্রিয়াৰে ভাঙিব নোৱাৰি।
উত্তৰঃ সত্য।
৪। প্রলম্বন এবিধ স্থিৰ মিশ্রণ।
উত্তৰঃ অসত্য।
৫। ধাতুকল্পই ধাতু আৰু অধাতুৰ গুণ সমানভাৱে দেখুৱায়।
উত্তৰঃ সত্য।

