SEBA Class 9 Science Important Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Science Important Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ Solutions and select need one. Class 9 General Science Additional Notes in Assamese Medium Download PDF. SEBA Class 9 General Science Important Question Answer.
SEBA Class 9 Science Important Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Class 9 Science Additional Solutions for All Chapters, You can practice these here.
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Chapter: 1
| অতিরিক্ত প্রশ্নোত্তর |
১। পদাৰ্থ কিহৰ দ্বাৰা গঠিত?
উত্তৰঃ পদাৰ্থ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত।
২। পদাৰ্থৰ কেইটা অৱস্থাত থাকে?
উত্তৰঃ পদাৰ্থ তিনিটা অৱস্থাত থাকে- গোটা (কঠিন), জুলীয়া (তৰল) আৰু গেছীয়।
৩। কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল আটাইতকৈ বেছি ক’ত হয়?
উত্তৰঃ গোটা (কঠিন) অৱস্থাত কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল আটাইতকৈ বেছি হয়।
৪। উর্ধ্বপাতন কাক বোলে?
উত্তৰঃ গেছীয় অৱস্থাৰ পৰা পোনে পোনে কঠিন অৱস্থালৈ বা কঠিনৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱাক উর্ধ্বপাতন বোলে।
৫। বাষ্পীভৱনৰ লীন তাপ কাক বোলে?
উত্তৰঃ এক বায়ুমণ্ডলীয় চাপ আৰু উতলাংক উষ্ণতাত এক কিলোগ্রাম জুলীয়া পদার্থ বাষ্পীভূত কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণক বাষ্পীভৱনৰ লীন তাপ বোলে।
৬। প্লাজমা অৱস্থাত কণিকাবোৰ কেনেকুৱা হয়?
উত্তৰঃ প্লাজমা অৱস্থাত কণিকাবোৰ অতীব শক্তিযুক্ত আৰু আয়নিত (আহিত) অৱস্থাত থাকে। এই কণিকাবোৰ বিদ্যুত শক্তিৰ দ্বাৰা উত্তেজিত হৈ উজ্জ্বল ৰূপত দেখা যায়।
৭। উতলাংক উষ্ণতাত নপৰাকৈ জুলীয়া পদার্থ গেছীয় অৱস্থালৈ কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰঃ উতলাংকৰ তলৰ উষ্ণতাত পৃষ্ঠভাগত থকা কিছুমান কণিকাৰ গতি শক্তি অধিক হোৱাত, সেই কণিকাবোৰ আকৰ্ষণ বলৰ পৰা মুক্ত হৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। এই পৰিৱৰ্তনক বাষ্পীভৱন (evaporation) বোলে।
৮। পানীৰ উতলাংকৰ উষ্ণতা কিমান?
উত্তৰঃ বায়ুমলীয় চাপত পানীৰ উতলাংকৰ উষ্ণতা 373 K (অথবা 100°C)।
৯। CNG ৰ সম্পূর্ণ পর্ণ লিখা।
উত্তৰঃ CNG ৰ সম্পূর্ণ পর্ণ হ’ল- Compressed Natural Gas.
১০। LPG ৰ সম্পূর্ণ পর্ণ লিখা।
উত্তৰঃ LPG ৰ সম্পূর্ণ পর্ণ হ’ল- Liquefied petroleum gas.
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। পদাৰ্থৰ কণিকাবোৰৰ গুণাৱলীসমূহ লিখা।
উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ গুণাৱলীসমূহ তলত আলোচনা কৰা হৈছে-
(i) কণিকাবোৰৰ মাজত ব্যৱধান থাকে।
(ii) কণিকাবোৰে গতি কৰে।
(iii) কণিকাবোৰৰ মাজত আকর্ষণর্ষ বল থাকে।
২। পদাৰ্থৰ অৱস্থাবোৰ কি কি? আলোচনা কৰা।
উত্তৰঃ পদাৰ্থৰ অৱস্থাবোৰ হ’ল- গোটা বা কঠিন, জুলীয়া বা তৰল আৰু গেছীয়।
(i) গোটা: নিৰ্দিষ্ট আকৃতি আ আয়তন থাকে।
(ii) জুলীয়া: আকৃতি নাই, আয়তন থাকে।
(iii) গেছীয়: আকৃতি আৰু আয়তন দুয়ো নাই।
৩। বাষ্পীভৱনৰ কাৰকবোৰ কি কি?
উত্তৰঃ বাষ্পীভৱনৰ কাৰকবোৰ হৈছে- উষ্ণতা, বায়ুৰ গতি, আর্দ্ৰতা, উন্মুক্ত পৃষ্ঠৰ পৰিমাণ।
৪। প্লাজমা আৰু BEC কি?
উত্তৰঃ প্লাজমা হ’ল আয়নিত গেছৰ অৱস্থা।
BEC হৈছে অতি কম উষ্ণতাত উৎপন্ন হোৱা পদাৰ্থৰ পঞ্চম অৱস্থা।
৫। বাষ্পীভৱন কি? বাষ্পীভৱনৰ কাৰকবোৰ লিখা।
উত্তৰঃ উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদার্থ ভাগলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বোলে।
বাষ্পীভৱনৰ কাৰকবোৰ হ’ল-
(i) পৃষ্ঠকালি: পৃষ্ঠকালি বেছি হ’লে বাষ্পীভৱনৰ বেগ বাঢ়ে। উদাহৰণ- কাপোৰ শুকাবলৈ বহলাই পেলালে সোনকালে শুকাই যায়।
(ii) উষ্ণতা: তৰল পদাৰ্থৰ উষ্ণতা বেছি হ’লে কণিকাৰ গতি শক্তি বাঢ়ে, ফলত বাষ্পীভৱনৰ বেগ বৃদ্ধি হয়।
(iii) বতাহৰ বেগ: বতাহ বেছি উঠিলে বাষ্প বেছি দ্ৰুতভাৱে আঁতৰায়, যাৰ ফলত বাষ্পীভৱন তীব্ৰ হয়।
(iv) বায়ুৰ আর্দ্রতা: বায়ুত পানী বাষ্পৰ পৰিমাণ কম থাকিলে বাষ্পীভৱন বেছি হয়। কিন্তু আর্দ্রতা বেছি থাকিলে বাষ্পীভৱনৰ বেগ হ্ৰাস পায়।
খালী ঠাই পূৰ কৰা-
১। পদাৰ্থবোৰ __________ৰ দ্বাৰা গঠিত।
উত্তৰঃ পদাৰ্থবোৰ কণিকাৰ দ্বাৰা গঠিত।
২। SI এককত উষ্ণতাৰ একক হৈছে __________।
উত্তৰঃ SI এককত উষ্ণতাৰ একক হৈছে কেলভিন (K)।
৩। গেছৰ কণিকাবোৰৰ মাজৰ _________ বেছি।
উত্তৰঃ গেছৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি।
৪। জলীয় বাষ্পৰ কণিকাবোৰে অধিক __________ ধৰি ৰাখে।
উত্তৰঃ জলীয় বাষ্পৰ কণিকাবোৰে অধিক লীন তাপ ধৰি ৰাখে।
৫। কঠিন পদাৰ্থৰ গলনাংক হ’ল _________ K।
উত্তৰঃ কঠিন পদাৰ্থৰ গলনাংক হ’ল 273.16K।
সত্য/অসত্য বিচাৰ কৰা-
১। পদাৰ্থবোৰ অবিচ্ছিন্ন ৰূপত থাকে।
উত্তৰঃ অসত্য।
২। SI এককত চাপৰ একক হ’ল পাস্কাল।
উত্তৰঃ সত্য।
৩। উতলন এটা পৃষ্ঠীয় পৰিঘটনা।
উত্তৰঃ অসত্য।
৪। প্লাজমা হৈছে পদাৰ্থৰ দ্বিতীয় অৱস্থা।
উত্তৰঃ অসত্য।
৫। গেছৰ চাপ জোখাৰ এটা একক হ’ল এটম’স্ফিয়াৰ।
উত্তৰঃ সত্য।
‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
| ‘ক’ অংশ | ‘খ’ অংশ |
| উষ্ণতা | pa |
| চাপ | k |
| ওজন | m |
| দৈৰ্ঘ্য | N |
উত্তৰঃ
| ‘ক’ অংশ | ‘খ’ অংশ |
| উষ্ণতা | k |
| চাপ | pa |
| ওজন | N |
| দৈৰ্ঘ্য | m |

