SEBA Class 9 Science Important Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Science Important Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন Solutions and select need one. Class 9 General Science Additional Notes in Assamese Medium Download PDF. SEBA Class 9 General Science Important Question Answer.
SEBA Class 9 Science Important Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Class 9 Science Additional Solutions for All Chapters, You can practice these here.
খাদ্য সম্পদৰ উৎকর্ষ সাধন
Chapter: 15
| অতিরিক্ত প্রশ্নোত্তর |
1. কার্বহাইড্রেট যোগান ধৰা কিছুমান খাদ্যৰ নাম।
উত্তৰঃ ঘেঁহু‚ ধান‚ গোমধান‚ বজ্ৰা আৰু যৱধান আদিয়ে কার্বহাইড্রেট যোগান দিয়ে।
2. প্ৰটিন যোগন দিয়া কিছুমান খাদ্যৰ নাম লিখা?
উত্তৰঃ বুট‚ মটৰ‚ মাটিমাহ‚ মগু‚ অৰহৰ‚ মচুৰ আদিয়ে প্রটিন যোগান দিয়ে।
3. চবী যোগান দিয়া কিছুমান খাদ্যৰ নাম লিখা।
উত্তৰঃ চয়াবীন, বাদাম, তিল, এৰাগুটি, সৰিয়হ, ভিচি, আৰু বেলিফুল আদিয়ে চৰীৰ যোগান ধৰে।
4. ভিটামিন আৰু খনিজ লৱণ যোগান দিয়া কিছুমান খাদ্যৰ নাম লিখা।
উত্তৰঃ শাক-পাচলি, মচলা আৰু ফল-মূলে আমাক ভিটামিন আৰু খনিজ লৱন যোগান ধৰে।
5. খাৰিফ শস্য কাক বোলে?
উত্তৰঃ যিবোৰ শস্য জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত হয় তাক খাৰিফ শস্য বোলে।
6. ৰবি শস্য কাক বোলে?
উত্তৰঃ নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত যিবিলাক শস্য হয় সেইবোৰ শস্যক ৰবি শস্য বোলে।
7. বিভিন্ন কাৰণে শস্যৰ উৎপাদন হ্ৰাস হোৱাৰ কিছুমান জৈৱিক কাৰকৰ নাম লিখা।
উত্তৰঃ বেমাৰৰ বীজাণু, কীট-পতংগ আৰু কৃমি।
8. বিভিন্ন কাৰণে শস্যৰ উৎপাদন হ্রাস হোৱাৰ কিছুমান অজৈৱিক কাৰকৰ নাম লিখা।
উত্তৰঃ খৰাং, অধিক লবণযুক্ত মাটি, বানপানী, উষ্ণতা, শীত আৰু হিম।
9. উদ্ভিদ বৃদ্ধি আৰু বিকাশৰ বাবে কিছুমান অনুপোষকৰ প্রয়োজন। এই অনুপোষক বিলাক কিহৰ পৰা আহৰণ কৰে?
উত্তৰঃ বায়ু, পানী আৰু মাটিৰ পৰা।
10. উদ্ভিদৰ কিমান অনুপোষকৰ প্ৰয়োজন?
উত্তৰঃ প্ৰায় 16 বিধৰ।
11. উদ্ভিদে বায়ুৰ পৰা কি কি আহৰণ কৰে?
উত্তৰঃ কাৰ্বন আৰু অক্সিজেন।
12. উদ্ভিদ পানীৰ পৰা কি আহৰণ কৰে?
উত্তৰঃ হাইড্ৰ’জেন।
13. উদ্ভিদে মাটিৰ কেইবিধ অনুপোষক আহৰণ কৰে?
উত্তৰঃ 213 বিধ।
14. উদ্ভিদৰ মুখ্য অনুপোষক আৰু ক্ষুদ্রমাত্রিক অনুপোষক কাক বোলে?
উত্তৰঃ উদ্ভিদে মাটিৰ আহৰণ 13 বিধ অনুপোষকৰ 6 বিধ অতি প্রয়োজন। এইবোৰক মুখ্য অনুপোষক আৰু বাকী 7 বিধ কম প্রয়োজন এইবোৰক ক্ষুদ্রমাত্রিক অনুপোষক বোলে।
15. উদ্ভিদে মাটিৰ পৰা পোৱা মুখ্য অনুপোষকবোৰৰ নাম লিখা।
উত্তৰঃ নাইট্ৰ’জেন‚ ফচফৰাচ‚ পটেছিয়াম‚ কেলছিয়াম‚ গেমনেছিয়াম আৰু ছালফাৰ।
16. উদ্ভিদে মাটিৰ পৰা পোৱা ক্ষুদ্রমাত্রিক অনুপোষকবোৰৰ নাম লিখা।
উত্তৰঃ আইৰণ‚ মেংগানিজ‚ বৰণ‚ যিংক‚ কপাৰ, মলিৱদেনাম আৰু ক্লৰিণ।
17. জৈৱিক সাৰক কেইধৰণৰ শ্ৰেণী বিভাজন কৰিব পাৰি আৰু কি কি?
উত্তৰঃ দুই ধৰণে শ্রেণী বিভাজন কৰিব পাৰি।
(i) পচন সাৰ আৰু কেচুমতা সাৰ।
(ii) সেউজ সাৰ।
18. সেউজ সাৰৰ উদাহৰণ দিয়া।
উত্তৰঃ কিছুমান উদ্ভিদে সাৰৰ কাম কৰে। যেনে- ছানহম্পে‚ গোৱাৰ আদি। এইবোৰক সেউজ সাৰ বোলে।
19. কৃত্রিম সাৰে উদ্ভিদক কি কি যোগান ধৰে?
উত্তৰঃ নাইট্ৰ’জেন‚ ফচফৰাচ আৰু পটাছিয়াম যোগান ধৰে।
20. কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কি কি ধৰণে কৰা হয়?
উত্তৰঃ কুৱা‚ নলীনাদ আৰু পুখুৰী।
21. শস্যাৱৰ্তন বুলিলে কি বুজা?
উত্তৰঃ সুপৰিকল্পিতভাৱে একে ডোখৰ মাটিত এটাৰ পিছত এটাকৈ বিভিন্ন শস্যৰ খেতি কৰাকে শস্যাৱৰ্তন বোলা হয়।
22. কৃষিভূমিত উৎপন্ন হোৱা অবাঞ্চিত উদ্ভিদৰ উদাহৰণ দিয়া।
উত্তৰঃ অগৰা‚ পার্থেনিয়াম‚ মূৰফুলা বন আদি।
23. কৃষি উৎপাদিত শস্যৰ ভঁৰালত হোৱা ক্ষতিৰ প্রধান জৈৱিক কাৰকবোৰ লিখা।
উত্তৰঃ পোক‚ এন্ধুৰ‚ ভেকুৰ‚ চাহী‚ বেক্টেৰীয়া আদি।
24. কৃষি উৎপাদিত শস্যৰ ভঁৰালত হোৱা ক্ষতিৰ প্রধান অজৈৱিক কাৰকবোৰ লিখা।
উত্তৰঃ ভঁৰালৰ‚ অনুপযুক্তত‚ উষ্ণতা আৰু জলীয় ভাপ।
25. ভাৰতীয় গো প্ৰজাতি এটাৰ বৈজ্ঞানিক নাম লিখা।
উত্তৰঃ বচ নিন্দিকাচ।
26. মহৰ এটা প্ৰজাতিৰ বৈজ্ঞানিক নাম কি?
উত্তৰঃ বচ বোবেলিচ।
27. বিদেশী প্রজাতিৰ খীৰতীৰ উদাহৰণ দিয়া।
উত্তৰঃ জাৰ্চি‚ ব্রাউন চুইচ আদি ৷
28. থলুৱা প্ৰজাতিৰ খীৰতীৰ উদাহৰণ দিয়া।
উত্তৰঃ ৰেডচিন্ধি‚ সাহিৱাল আদি ।
29. থলুৱা প্ৰজাতিৰ এবিধ মৌ-মাখিৰ নাম লিখা।
উত্তৰঃ এপিচ চেৰেণা ইন্দিকা।

