SEBA Class 9 Science Important Chapter 14 প্রাকৃতিক সম্পদ

SEBA Class 9 Science Important Chapter 14 প্রাকৃতিক সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Science Important Chapter 14 প্রাকৃতিক সম্পদ Solutions and select need one. Class 9 General Science Additional Notes in Assamese Medium Download PDF. SEBA Class 9 General Science Important Question Answer.

SEBA Class 9 Science Important Chapter 14 প্রাকৃতিক সম্পদ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Class 9 Science Additional Solutions for All Chapters, You can practice these here.

Chapter: 14

অতিরিক্ত প্রশ্নোত্তর

1. পৃথিৱীত পোৱা সম্পদ সমূহ লিখা।

উত্তৰঃ মাটি, বায়ু আৰু পানী।

2. স্থলমণ্ডল কাক বোলে? 

উত্তৰঃ পৃথিৱীৰ ওপৰিভাগৰ কঠিন অংশটোক স্থলমণ্ডল বোলে।

3. জলমণ্ডল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ শতকৰা 75 ভাগ অঞ্চল পানীয়ে আগুৰি আছে। ইয়াকে জলমণ্ডল বোলে। 

4. বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ জলমণ্ডল আৰু স্থলমণ্ডলৰ ওপৰিভাগত গেছীয় তপটোক বায়ুমণ্ডল বুলি কোৱা হয়।

5. জীৱমণ্ডল বুলিলে কি বুজা? 

উত্তৰঃ স্থলমণ্ডল‚ জলমণ্ডল আৰু বায়ুমণ্ডল এই তিনিওটা স্তৰতে জীৱ বাস কৰে। ইয়াকে জীৱমণ্ডল বোলে। 

6. জীৱমণ্ডলৰ অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ বায়ু, পানী, মাটি আদি।

7. শুক্ৰ আৰু মংগল গ্রহত কার্বনডাই অক্সাইডৰ শতকৰা পৰিমাণ কিমান?

উত্তৰঃ 95-97 ভাগ।

৪. চন্দ্ৰৰ কিয় বায়ুমণ্ডল নাই?

উত্তৰঃ চন্দ্ৰৰ উষ্ণতাৰ পৰিসৰ হৈছে 190°C ৰ পৰা 110°C সেয়ে চন্দ্ৰত বায়ু মণ্ডল নাই।

9. বতাহ কাক বোলে? 

উত্তৰঃ বায়ুৰ চলাচলক বতাহ বোলে।

10. ৰাতিৰ ভাগত সাগৰৰ পাৰত বায়ু কোনদিশে প্রবাহিত হয়?

উত্তৰঃ সাগৰৰ পিনে।

11. দিনৰ ভাগত সাগৰৰ পাৰত বায়ু কোনদিশে প্রবাহিত হয়?

উত্তৰঃ স্থলভাগৰ পিনে।

12. কেতিয়া বৰফ, শিলাবৃষ্টি বা হিমবৃষ্টিৰ সৃষ্টি হয়?

উত্তৰঃ বায়ুৰ উষ্ণতা যথেষ্ট পৰিমাণে হ্রাস পালে।

13. মৌচুমী বায়ুৰ প্ৰভাৱৰ কাৰণে ভাৰতবৰ্ষৰ কোন-কোন অঞ্চলত বৰষুণ হয়? 

উত্তৰঃ দক্ষিণ পশ্চিম আৰু উত্তৰ পূবত।

14. এছিড ৰেইন বুলিলে কি বুজা?

উত্তৰঃ আমি ব্যৱহাৰ কৰা ইন্ধনত কিছু পৰিমাণে নাইট্ৰ’জেন আৰু ছালফাৰ থাকে। ইয়াৰ দহনৰ ফলত ইহঁতৰ অক্সাইড উৎপন্ন হয়। এই অক্সাইডবোৰ বৰষুণৰ পানীৰ লগত মিহলি হৈ এছিড সৃষ্টি কৰে। ইয়াকে এছিড ৰেইন বোলে। 

15. স্ম’গ’ বোৰ কি?

উত্তৰঃ অদাহ্য কার্বন কণা নাইবা হাইড্ৰ’কার্বন হ’ব পাৰে।

16. ক’ৰ পানী লুণীয়া?

উত্তৰঃ সাগৰ নাইবা মহাসাগৰৰ পানী লুণীয়া।

17. স্থলজ প্রাণীৰ বাবে কেনেধৰণৰ পানীৰ প্রয়োজন।

উত্তৰঃ অলুণীয়া পানীৰ প্ৰয়োজন।

18. মাটি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাগি চূর্ণ-বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু ইয়াকেই মাটি বোলে।

19. মাটিৰ সৃষ্টিত কি কি কাৰকে কাম কৰে লিখা।

উত্তৰঃ সূৰ্য, পানী, আৰু বতাহ।

20. বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ শতকৰা পৰিমাণ কিমান ?

উত্তৰঃ 78 ভাগ।

21. জীবদেহৰ বাবে নাইট্ৰ’জেন অতি আবশ্যকীয় মৌল। ইয়াৰ কাৰণ লিখা।

উত্তৰঃ প্ৰটিন‚ নিউক্লিক এছিড (DNA আৰু RNA) আৰু কিছুমান ভিটামিন নাইট্ৰ’জেনৰ দ্বাৰা গঠিত।

22. যদি সকলো জীৱই নাইট্ৰ’জেন পোনে পোনে গ্ৰহণ কৰিব পাৰিলেহেঁতেন তেন্তে পৰিস্থিতি কেনেধৰণ হ’লহেঁতেন?

উত্তৰঃ জীৱন প্ৰণালী সহজ হ’লহেঁতেন।

23. নাইট্ৰ’জেন স্থিতিকৰণ কিহৰ দ্বাৰা সংঘটিত হয়?

উত্তৰঃ কিছুমান বেক্টেৰিয়াৰ দ্বাৰা।

24. মৌল অৱস্থাত কাৰ্বনক কি ৰূপত পোৱা যায় ? 

উত্তৰঃ  হীৰা আৰু প্ৰেফাইট।

25. গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগোৱা এটি গেছৰ নাম লিখা। 

উত্তৰঃ কার্বন-ডাই-অক্সাইড।

26. পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো কি?

উত্তৰঃ অক্সিজেন।

27. বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ কিমান?

উত্তৰঃ 21 ভাগ।

28. নাইট্ৰ’জেন স্থিতিকৰণত যিবোৰ বেক্টেৰিয়া জড়িত‚ সেইবোৰ বেক্টেৰিয়াৰ বাবে অক্সিজেন কি পদার্থ?

উত্তৰঃ বিষাক্ত পদার্থ।

29. CFC ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ CFC – Chloro Flouro Carbon.

30. অ’জন স্তৰ ক্ষয় যোৱাৰ লগত জড়িত এটি যৌগৰ নাম লিখা।

উত্তৰঃ CFC

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top