নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য ৰচনা | Responsibilities and Duties of Citizens Essay in Assamese

নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য ৰচনা | Responsibilities and Duties of Citizens Essay in Assamese

Join Telegram channel

সার্বভৌম গণতান্ত্রিক গণ-ৰাষ্ট্ৰ ভাৰতত নাগৰিক ৰাষ্ট্রৰ কেন্দ্রবিন্দু। নাগৰিকৰ প্ৰতি লক্ষ্য ৰাখিহেভাৰতৰ সংবিধান ৰচিত হৈছে। সেইসংবিধানেনাগৰিকৰতে প্ৰকাৰৰ কল্যাণৰ বাবে নাগৰিকক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছেআৰুৰাষ্ট্ৰই সেই অধিকাৰবােৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। তাৰ বিনিময়ত নাগৰিকসকলে কিছুমান দায়িত্ব আৰু কর্তব্য পালন কৰিব লাগে। ৰাষ্ট্র আৰু নাগৰিক দুয়ােপক্ষৰ সহযােগিতাত আৰু প্ৰচেষ্টাত ৰাষ্ট্ৰতিষ্ঠি থাকে আৰু নাগৰিকসকলৰ কল্যাণ সাধনহয়।

নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য ৰচনা

নাগৰিকৰ অধিকাৰ

সংবিধান অনুসৰি ভাৰতত স্থায়ীভাৱে বসবাস কৰা সকলাে লােকেই নাগৰিক। নাগৰিকসকলে নিৰংকুশ, নিৰুদ্বেগ জীৱন-যাপন কৰি ব্যক্তিগত আৰু সামাজিক বিকাশ সাধন কৰিবৰ কাৰণে সংবিধানে কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবােৰ হৈছে; সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শােষণৰ বিৰুদ্ধে অধিকাৰ, ধর্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰুৰক্ষণাৱেক্ষণবা নিৰাপত্তাৰ অধিকাৰ। ভাৰত যে এখন প্রগতিশীল কল্যাণকামীৰাষ্ট্র এই অধিকাৰবােৰেই তাৰ পৰিচায়ক। নাগৰিকসকলে যেতিয়া ৰাষ্ট্রপ্রদত্ত এই এধিকাৰবােৰ অবাধে ভােগ কৰিছে, তেতিয়া ৰাষ্ট্রৰ প্রতিও নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য আছে। ক্রিয়া প্রতিক্রিয়া, দানৰ প্রতিদান চিৰন্তৰ সত্য। সেইবাবে প্রত্যেক নাগৰিকে দায়িত্ব আৰু কৰ্য্য নিষ্ঠাৰে আৰু একান্তভাৱে পালন কৰা উচিত।

Read Also: অৰণ্য আৰু জীৱন ৰচনা | Forests and life Essay in Assamese

নাগৰিকৰ দায়িত্ব

যিখন ৰাষ্ট্ৰই আমাৰ সুখ-শান্তি, উন্নতি আৰু নিৰাপত্তাৰ বাবে আমাক এই অধিকাৰবােৰ প্রদান কৰিছে, সেইখন ৰাষ্ট্ৰক ভাল পােৱা, ইয়াৰ মংগলৰ কাৰণে চিন্তা কৰা, ইয়াৰ সেৱা কৰা আৰু প্রয়ােজন হ’লে ৰাষ্ট্রৰ নিৰাপত্তা আৰু স্বাধীনতা ৰক্ষাৰ কাৰণে নাগৰিকে জীৱন উছৰ্গা কৰিবলৈকো সাজু থকাটো নাগৰিকৰ প্ৰথম আৰু প্রধান কর্তব্য।সমগ্ৰ দেশখনৰে দায়িত্ব নাগৰিকসকলৰ ওপৰত ন্যস্ত হৈছে।

আনুগত্য

গতিকে চৰকাৰী সা-সম্পত্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি সকলােবিলাকৰে সংৰক্ষণৰ দায়িত্বও নাগৰিকৰে। আমাৰ শান্তি, প্রগতি আৰু মংগলৰ বাবে আমিয়েই আইনসমূহ প্রণয়ন কৰিছাে। দেশ-খনৰ প্ৰতি যিদৰে আমাৰ আনুগত্য থকা প্রয়ােজন। আইন অমান্য কৰাৰ অর্থ আমি নিজকে অমান্য কৰা৷ তদুপৰি তাৰ দ্বাৰা দেশত বিশৃঙ্খলতা আৰু অশাস্তিয়ে দেখা দিব আৰু সমাজত ন্যায় প্রতিষ্ঠাও নহ’ব।

ৰাজহ আদায়

দেশৰ প্ৰশাসনীয় আৰু উন্নয়নমূলক কামবােৰ পৰিচালনাৰ কাৰণে বহুতাে ধনৰ প্ৰয়ােজন। মাটিৰ খাজনা, স্থানীয় কৰ, আয়কৰ, বিক্ৰীকৰ, দেশৰ সম্পদৰপৰা হােৱা আয় আদিৰ ধনেৰেই এইবােৰ কাম পৰিচালনা কৰিব লাগে। গাড়ী, ঘৰ, চাইকেল, হাট-বজাৰ, ঘাট আদিৰ বাবেও কৰ নিৰ্দ্ধাৰণ কৰি, আহৰণ হােৱা ধনেৰে স্বায়ত্তশাসনৰ অনুষ্ঠানবােৰে পুঁজি গঠন কৰে। নাগৰিকসকলে নিয়মিতভাৱে ৰাজহ আদায় দিলেহে দেশৰ সকলাে কাম সুচাৰুৰূপে আৰু সুকলমে পৰিচালিত হ’ব। আমাৰ দেশ দুখীয়া। আর্থিক ক্ষেত্ৰত দেশখনে স্বাৱলম্বী হ’ব পৰা নাই। কৃষি, শিল্প, শিক্ষা, প্রতিক্ষা, স্বাস্থ্য, বাটপথ আদি নির্মাণৰ কাৰণে, উন্নয়নমূলক পৰিকল্পনাসমূহ ৰূপায়ণৰ কাৰণে দেশখনে বিদেশৰ ওচৰত ঋণ বিচাৰিব লগা হৈছে। এনে ক্ষেত্ৰত আমি যদি ন্যায্য কৰখিনি সময়মতে আদায় নিদিওঁ, তেনেহ’লে উন্নয়নমূলক আঁচনিবােৰৰ ৰূপায়ণ ব্যাহত হ’ব আৰু তাৰ পৰিণাম আমিয়ে ভুগিব লাগিব। গতিকে কৰ কাটল সময় মতে আদায় দি চৰকাৰৰ কামত সহযােগিতা আগবঢ়োৱাটো আমাৰ কৰ্তব্য।

Read Also: Class 11 Geography Question Answer

ভােটাধিকাৰৰ ব্যৱহাৰ

আধুনিক সু-সভ্য ৰাষ্ট্ৰত ভােটাধিকাৰ এটা পৱিত্ৰ অধিকাৰ। ৰাজ্য, ৰাজ্যৰ স্থানীয় স্বায়ত্ত-শাসিত অনুষ্ঠানবােৰৰ আৰু ৰাষ্ট্রৰ শাসকীয় প্রতিনিধি নির্বাচনত নিজে প্রতিদ্বন্দ্বিতা কৰিব পৰাটো বা নিজস্ব বিচাৰ বুদ্ধিৰে যােগ্য বুলি ভবা ব্যক্তিক নির্বাচন কৰিবলৈ পােৱা অধিকাৰ, অতিশয় মূল্যবান অধিকাৰ। আমি সজ, কার্যদক্ষ, জনসাধাৰণৰ কল্যাণৰ প্রতি আগ্রহী প্রতিনিধি নির্বাচন কৰি পঠাব পাৰিলেহে চৰকাৰ বা অনুষ্ঠানবােৰৰ কাৰ্যদক্ষ আৰু কল্যাণকামী হ’ব। সেইবাবে দলীয় প্রার্থী নির্বাচনৰ ক্ষেত্ৰত কেৱল দলীয় স্বার্থলৈকে লক্ষ্য নকৰি, দলৰ কাৰ্যসূচী, প্রার্থীজনৰ ব্যক্তিগত গুণাগুণ, সমাজৰ প্ৰতি তেওঁৰ অৱদান আদিলৈ লক্ষ্য কৰি সুস্থিৰভাৱে ভােটদান কৰা বাঞ্ছনীয়। বর্তমান সময়ত বিভিন্ন প্রচাৰ ব্যৱস্থাৰে অযােগ্য লােকেও নানা প্রলােভনেৰে ৰাইজক প্রলােভিত কৰি ভােট আদায় কৰিবলৈ চেষ্টা কৰে। এইবােৰৰ প্ৰতি নাগৰিকে সজাগ দৃষ্টি ৰখা উচিত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

আমাৰ বহুত নাগৰিক নির্বাচনৰ প্ৰতি বা ভােটদানৰ প্রতি আগ্রহী নহয়। আনকি বহুতাে শিক্ষিত লােকে হেলাৰঙে নির্বাচিত হৈ একো একোটা সমষ্টিক প্রতিনিধিত্ব কৰে; কিন্তু তাৰ দ্বাৰা ৰাইজক দিয়া এই মহৎ অধিকাৰৰ উদ্দেশ্য সাধিত নহয়। 

আনৰ অধিকাৰত হস্তক্ষেপ নকৰা

স্বাধীন চিন্তা-চৰ্চা, প্রচেষ্টাৰ যােগেদি মানসিক, আর্থিক, সাংস্কৃতিক আদি দিশত উন্নতি সাধনত আগুৱান হ’বলৈ প্রত্যেক নাগৰিকৰে অধিকাৰ আছে। এই মৌলিক অধিকাৰবােৰ আমাৰ সংবিধানে সুৰক্ষিত কৰিছে। আমাৰ অধিকাৰবােৰৰ দৰে চৰকাৰ বা অন্যান্য অনুষ্ঠানৰ সমানেই অধিকাৰ আছে। অন্য লােকে এই অধিকাৰবােৰৰ দায়িত্ব উপলব্ধি কৰি সকলাে ক্ষেত্রতে সুবিধা দিলেহে আমি নিজ নিজ অধিকাৰ সাৱস্ত কৰিব পাৰ। সেইদৰে আনকো তেওঁলােকৰ অধিকাৰ ভােগ কৰিবলৈ সুবিধা দিব লাগিব। এয়ে পাৰম্পৰিক বুজা-পৰা। গতিকে আমি আনৰ অধিকাৰকো সম মর্যাদা দিব লাগিব। আনৰ অধিকাৰ হস্তক্ষেপ অবাঞ্ছনীয়। আমি সভা- মতিত আলােচনা-বিলােচনা কৰােতে, বক্তৃতা দিওঁতে, ৰাজহ্বা অনুষ্ঠানত অংশ গ্রহণ কৰােতে, বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত ৰাজহ্বা অনুষ্ঠান, সম্পত্তি ব্যৱহাৰ কৰােতে অন্য নাগৰিকৰাে সুবিধা অসুবিধালৈ লক্ষ্য ৰাখিব লাগিব। কোনাে ৰাজহুৱা কামত আমাৰ ব্যক্তিগত মতামত বা যুক্তিকে শুদ্ধ বুলি দাবী নকৰি আনৰ মতামত আৰু যুক্তিকে ধৈৰ্য আৰু সহিষ্ণুতাৰে শুনিব লাগিব আৰু প্রয়ােজন হলে প্রহণাে কৰিব লাগিব।

ৰাষ্ট্ৰৰ সেৱা – জনসেৱা ৰাজ্যৰ সেৱা

সুনাগৰিকৰ দায়িত্ব আৰু কর্তব্যবােধৰ কেন্দ্র বিন্দু হােৱা উচিত। ৰাষ্ট্ৰৰ সৰ্বাংগীণ কল্যাণ সাধনৰ যােগেদিহে ব্যক্তিৰৰ কল্যাণ সাধিত হয়। ব্যক্তিৰ সমষ্টিয়ে ৰাষ্ট্ৰ। গতিকে পৰস্পৰৰ সহযােগিতাতহে কল্যাণ সাধন সম্ভৱ। নাগৰিকসকল কল্যাণকামী হ’ব লাগিলে মনৰ সংকীর্ণতা বিসর্জন দি সুশিক্ষা গ্ৰহণৰ যােগেদি আদর্শবাদী, উদ্যমী আৰু দেশৰ সমাজৰ সাধক হ’ব লাগিব। নাগৰিকে এই বিষয়ে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব যাতে জনগণৰ অমনােযােগিতা, সংহতিহীনতা আৰু জড়তাৰ সুবিধা লৈ শাসকগােষ্ঠীয়ে নাগৰিকৰ স্বাধীনতা অপহৰণ কৰিব নােৱাৰে, ব্যক্তি স্বাৰ্থত আঘাত কৰিব নােৱাৰে। তাৰ কাৰণে প্রতি নাগৰিকে নিজ নিজ দায়িত্ব আৰু কৰ্তব্যৰ প্রতি সদায় জাগ্রত গৈ থকা উচিত। আনহাতেদি ৰাষ্টীয় স্বার্থ আৰু জাতীয় সামূহিক স্বার্থ পূৰণৰ বাবে কোনাে ক্ষেত্ৰত ব্যক্তি-স্বার্থও বিসর্জন দিব লগা হয়। কিন্তু সেই বুলি ৰাষ্ট্ৰই যদি মুষ্টিমেয়ৰ স্বাৰ্থৰ খাতিৰত জাতীয় স্বার্থ বা ব্যক্তি স্বাৰ্থৰ ওপৰত কুঠাৰাঘাত কৰে, তেতিয়া তাৰ বিৰুদ্ধে প্রতিবাদ জনােৱাৰ ক্ষেত্ৰতাে নাগৰিক সক্রিয় হ’ব লাগিব।

মন্তব্য

দেশৰ জনগণৰ আর্থিক শােচনীয় পৰিস্থিতি, দুখ-দাৰিদ্ৰৰ সুযােগ লৈ ধনতন্ত্রই দেশত গা কৰি উঠাৰ প্ৰচুৰ সম্ভাৱনা থাকে। ধনতন্ত্ৰৰ বিকাশ ঘটা মানেই ব্যক্তি-স্বাৰ্থ আৰু সামূহিক স্বার্থৰ ওপৰত কুঠাৰাঘাত হােৱা। মুষ্টিমেয় ধনিকৰ কবলত জাতিৰ স্বাৰ্থ পদদলিত হয়। তাৰ কাৰণে সচেতন নাগৰিকতাৰ প্রয়ােজন। কিন্তু নাগৰিকসকলে শিক্ষাৰ পােৰ নাপালে, দৰিদ্ৰতাৰ হেঁচাত জৰ্জৰিত হৈ জড় হলে সচেতনতা আহিব নােৱাৰে।তেনে নাগৰিকৰপৰা দায়িত্ব আৰু কর্তব্যবােধ আশা কৰা বৃথা। সেইবাবে নাগৰিকসকল যাতে শিক্ষিত আৰু সংস্থনযুক্ত হয় তাৰ কাৰণে আৱশ্যকীয় নজৰ দিয়া,চৰকাৰৰ দৃষ্টিগােচৰ কৰাই দাৰিদ্ৰৰ কাৰণবােৰ দূৰীকৰণ কৰা নাগৰিকৰে কৰ্ত্তব্য। আজি ভাৰতীয় নাগৰিকৰ পঞ্চাশ শতাংশ লােকে প্রাথমিক স্তৰৰ শিক্ষাখিনিকে লাভ কৰিব পৰা নাই। তেনেক্ষেত্ৰত নিজৰ অধিকাৰৰ প্রতি সজাগ নাগৰিককে আমি আশা কৰিব নােৱাৰোঁ; উদাৰ হৃদয়ৰ, দূৰদৃষ্টিসম্পন্ন নাগৰিক আশা কৰাে কেনেকৈ? এই ক্ষেত্ৰত গণতন্ত্র ৰক্ষাৰ কাৰণে, দেশৰ আৰু জনগণৰ কল্যাণৰ কাৰণে নাগৰিকসকলক শিক্ষাই দীক্ষাই, আর্থিকভাৱে উন্নত কৰি তােলাৰ সৰ্ব প্ৰকাৰপ্রচেষ্টা সক্রিয়ভাৱে চলােৱাটো চৰকাৰৰ কর্তব্য।

আমি আশা কৰিছো নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top