ৰেগিং – এক সামাজিক ব্যাধি ৰচনা | Ragging – a Social Disease Essay in Assamese

ৰেগিং – এক সামাজিক ব্যাধি ৰচনা | Ragging – a Social Disease Essay in Assamese

ৰেগিং এক সামাজিক ব্যাধি। নির্বুদ্ধিতা, নিষ্ঠুৰতা তথা আনক মূৰ্খ সজাবলৈ যোৱাটোৱেই ৰেগিঙৰ মূল উপসর্গ। হাঁহি-ঠাট্টাৰ যোগেদি মনুষ্যত্বক চৰম অবমাননা কৰা এই ৰেগিং নামৰ বিষবৃক্ষৰ কাণ্ড হৈছে আদর্শহীনতা আৰু ইয়াৰ পত্ৰপুষ্প হৈছে ভ্ৰষ্টাচাৰ । মানসিক যন্ত্ৰণা আৰু বিকৃত চিন্তাৰ ফান্দত পেলাই প্রতিপক্ষক নিলজ্জতাৰে আঘাত কৰাই বৰ্তমান ৰেগিং কৰোতাৰ পৈশাচিক আনন্দ ৷ কিন্তু এই আনন্দ যে চৰম পৰাজয় তাক বুজি নাপায়।

ৰেগিং - এক সামাজিক ব্যাধি ৰচনা

ৰেগিং কি? | What is ragging?

ৰেগিঙৰ বৰ্তমান সংজ্ঞা হৈছে উৎকট তথা কুৎসিত ক্রীড়া কৌতুক; অসভ্য আচৰণৰ দ্বাৰা পৰিহাস বা জ্বালাতন। দেখা যায় যে ৰেগিং শব্দটিৰ মাজতেই নিহিত হৈ আছে কুৰুচিপূর্ণ, আপত্তিকৰ আৰু যন্ত্রণাদায়ক ক্ৰিয়াকৰ্মৰ ত্ৰিবেণীসংগম। সাধাৰণ কথাত ক’বলৈ হ’লে প্রতিপক্ষকে বিব্ৰত কৰাটোৱেই ৰেগিঙৰ প্ৰধান লক্ষ্য। সমাজৰ নানা স্তৰত ভিন্ন চৰিত্ৰৰ মানুহক পোৱা যায় আৰু প্ৰত্যেকৰে ৰুচি-অভিৰুচি বেলেগ বেলেগ। কোনোবাই যদি মানসিক বাধাগ্রস্ত লোকক জোকাই ৰং পায় আকৌ আন কোনোবাই নিম্ন বুদ্ধিসম্পন্ন লোকক উপহাস কৰি তৃপ্তি পায়। আকৌ কোনোবাই হয়তো তেওঁতকৈ তলখাপৰ মানুহক উপহাস কৰি পৰিভৃপ্তি লাভ কৰে। এনে মানসিকতাৰ পৰাই ছাত্ৰসমাজলৈ ৰেগিং প্ৰথাটিৰ আগমন ঘটিছে বুলি কোৱাৰ থল আছে।

Read Also: নিৰক্ষৰতা দূৰীকৰণ ৰচনা | Elimination of illiteracy Essay in Assamese

ছাত্ৰ-ছাত্ৰীৰ মাজত ৰেগিং আৰু কিছু প্রশ্ন

বহু ছাত্ৰই তেওঁৰ তলৰ ক্লাচৰ ছাত্ৰক অপদস্থ কৰিব পৰাটো বিৰাট কৃতিত্ব বুলি অনুভৱ কৰে। যদি ওপৰ ক্লাচৰ এজন ছাত্ৰক কোৱা হয় যে, তলৰ ক্লাচৰ অমুক ছাত্ৰজন তোমাৰ নিজৰ সৰু ভাইৰ দৰে, কিয় তেওঁক ৰেগিঙৰ নামত ইমান অপমান তথা অপদস্থ কৰিছা? এনে প্ৰশ্নৰ উত্তৰ ওপৰ ক্লাছৰ ছাত্ৰৰ বাবে কেৱল এটাই- “কি জানো, এনে ঘটনা আমাৰ নিজৰ ক্ষেত্ৰতো হৈছিল। যেতিয়া আমি ছাত্রাবাসলৈ আহিছিলো তেতিয়া আমাকো এনেদৰেই ৰেগিং কৰিছিল।” অদ্ভুত যুক্তি, কাক ৰেগিং কৰিছে, কিয় কৰিছে সেইটো বিচার্য বিষয় নহয়। বিষয় হৈছে প্রতিশোধ চৰিতাৰ্থ কৰাটোহে। ৰেগিং কৰোতাজনে হয়তো ক’ব- ই সামান্য ‘ফান’ বা কৌতুক। অন্যহাতে ৰেগিঙৰ চিকাৰ হোৱাজনে কিন্তু ক’ব, “his fun to you, but death to us.”! সঁচা কথা, নবাগত ছাত্ৰসকল পুৰণিসকলৰ সন্মুখত নাদৰ ভেকুলী হ’বলৈ বাধ্য হয়।

নানাধৰণৰ ৰেগিং

ৰেগিংবিভিন্ন ধৰণৰ। নবাগতসকলক প্রথম অৱস্থাত সাধাৰণ জ্ঞানৰ প্রশ্ন কৰা হয় যদিও পিছলৈ অশ্লীলতাৰ দিশলৈ গতি কৰে। উত্তৰ দিব পাৰিলে ভাল আৰু নোৱাৰিলে নির্যাতন। বহুসময়ত দৈহিক অত্যাচাৰ পৰ্যন্ত হয়গৈ। কেতিয়াবা কোনো কোনো শিক্ষা প্রতিষ্ঠানত অশ্লীল বিষয়ৰ ওপৰত লিখিত পৰীক্ষাও পতাৰ কথা শুনা যায়। পৰীক্ষা দিব নোখোজা ছাত্রই অকথ্য শাৰীৰিক অত্যাচাৰ সহ্য কৰিবলগা হয়। বহুতে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি ক্ৰুদ্ধ হৈ পৰে৷ যন্ত্ৰণা আৰু আক্ৰোশত হৃদয় ফাটি পৰে; কিন্তু ইয়াৰ ফল আকৌ বেছি ভয়ঙ্কৰহে। অত্যাচাৰ বাঢ়ি যায়, ৰেগিং কৰোতাসকল বেছি নিষ্ঠুৰ হৈ পৰে।

Read Also: Class 12 Education Question Answer

প্রতিক্রিয়া

ৰেগিঙৰ পৰিণতি কেতিয়াও ধনাত্মক নহয়। বহু ছাত্ৰই পঢ়াশুনা এৰি পলাই যোৱাৰ পথ বাছি লয়। কোনোবাই আত্মহত্যা কৰাৰ পথো বাছি ল’ব পাৰে। সহজ-সৰল ছাত্ৰ, যিকেইজনে নির্বিচাৰে সকলো অত্যাচাৰ সহ্য কৰে বা মানি লয়, তেওঁলোকো যে এনে কার্যত সুখী এনে নহয়। কাৰণ তেওঁলোকে মূৰ পাতি লোৱা অত্যাচাৰৰ প্ৰতিশোধ পিছৰচাম ছাত্ৰৰ ওপৰত ল’বলৈ অপেক্ষা কৰি থাকে; যিহেতু পুৰণি চামৰ ওপৰত এনে প্রতিশোধ লোৱাটো অসম্ভৱ। কেতিয়াবা কেতিয়াবা বিদ্যালয় কর্তৃপক্ষক নবাগত ছাত্ৰই ৰেগিঙৰ অভিযোগ দিয়ে আৰু কৰ্তৃপক্ষই দোষীক শাস্তি প্ৰদান কৰিলে হৰতাল নাইবা প্রতিষ্ঠান সাময়িকভাৱে বন্ধ হৈ পৰাৰ উদাহৰণো আছে।

প্ৰতিকাৰ

ৰেগিং নামৰ সামাজিত ব্যাধিৰ প্ৰতিকাৰৰ চেষ্টা শৈক্ষিক কর্তৃপক্ষই বহুসময়ত কৰা দেখা যায় ৷ তদন্ত কমিটী, অথবা নবাগত ছাত্রক নতুন ছাত্রাবাসত ৰখা আদি শৈক্ষিক কৰ্তৃপক্ষই কৰিলেও ৰেগিং ৰোধ কৰাৰ দিশত কোনো শিক্ষানুষ্ঠানেই সফল হৈছে বুলি একে আষাৰে ক’ব নোৱাৰি। অৱশ্যে এটা কথা স্পষ্ট যে দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি দিলে হয়তো কিছু সফলতা পোৱা যাব। বিশেষকৈ ছাত্রনেতাৰ লগত আলোচনা কৰি দোষী ছাত্ৰক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰিলে ৰেগিঙৰ প্ৰকোপ হয়তো কমিব।

উপসংহাৰ

আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ, বিলাসিতা তথা ভোগবাদী যুগ। তথাপি মানৱীয় মূল্যবোধক বিসর্জন নিদি ইয়াক জাগ্ৰত কৰাহে উচিত। বৰ্তমানৰ ছাত্ৰই নতুনকৈ ভাবিবৰ হ’ল- শিক্ষাৰ মূল্য কি? সেয়ে প্রথমে নিজক জানিব লাগিব আৰু নিজক জানিলেই ভাল-বেয়া, ন্যায়-অন্যায়ৰ পাৰ্থক্য নির্ণয় কৰিব পৰা শক্তিৰ উন্মেষ ঘটিব ।

আমি আশা কৰিছো ৰেগিং – এক সামাজিক ব্যাধি ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ৰেগিং – এক সামাজিক ব্যাধি ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

1 thought on “ৰেগিং – এক সামাজিক ব্যাধি ৰচনা | Ragging – a Social Disease Essay in Assamese”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top