ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচনা | Rabindranath Tagore Essay in Assamese

ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচনা | Rabindranath Tagore Essay in Assamese

Join Telegram channel

“তোমাৰ জীৱন লগ্ন অনিৰ্ব্বচনীয়, তুমি বিশ্ববৰণীয়,

সুন্দৰৰ ধ্যানমগ্ন স্বপ্নালু নয়ন;

কবি তোমাৰ মিতালী বিশ্বময়,

মহা সম্ভাৱনাময় অনন্ত অক্ষয়।”

-নলিনীবালা দেৱী

সূচনা

কবিতাৰ ঝংকাৰেৰে এদিন বিশ্ববীণাৰ তাঁৰত মুখৰিত হৈ উঠিছিল, ছন্দময় জীৱনৰ মধুময় গান। সুৰৰ লহৰে লহৰে উজ্জলিত হৈ উঠিছিল প্ৰাণৰ উচ্ছ্বাস; উচ্ছল অনুভূতিৰ পাৰ ভাঙি ‘ভাঙি বৈ আহিছিল লাস্যময়ী ভাৱ-মন্দাকিনী। সুন্দবৰ পূজাৰ সেই মধু লগনত এজন শান্ত, সৌম্য, গুৰু-গম্ভীৰ বাণী পূজাৰীয়ে ষোড়শোপচাবে অৰ্ঘ্য নিবেদন কৰিছিল বাণী মন্দিৰত অন্তৰৰ আৱেগ ঢালি। ভাৰতীয় প্ৰজ্ঞা আৰু মনীষাৰ পৰাকাষ্ঠাৰ প্ৰতিভূ সেইজন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ- যিজনে স্বীয় প্রতিভাৰে সমগ্ৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মনীষীসকলৰ মাজত নিজকে “স্বে মহিস্নি” ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। বহুমুখী প্রতিভাৰ অধিকাৰী এই ঋষিতুল্য পুৰুষজনৰ মৃত্যুঞ্জয়ী গৌৰৱ গাথা আজি বিশ্ব বিনন্দিত।

ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচনা | Rabindranath Tagore Essay in Assamese

বংশ পৰিচয়, জন্ম | Family Identity and Birth

কলিকতাৰ জোৰাসাঁকোৰ ঠাকুৰ পৰিয়াল এটা মহিমামণ্ডিত নাম। ঊনবিংশ শতিকাৰ সাহিত্য আৰু সংস্কৃতিৰ পীঠস্থান জোৰাসাঁকো। কাব্য-কবিতা, শিল্প-সংস্কৃতিৰ চৰ্চাৰপৰা আৰম্ভ কৰি জাতীয় জাগৃতিৰ উদ্বোধনলৈকে ঠাকুৰ পৰিয়ালৰ অৱদানৰ ইতিহাস ভাৰতীয় সামাজিক জগতৰ বুৰঞ্জীত চিৰদিন গৌৰৱোজ্জ্বল হৈ ৰ’ব। বিশেষকৈ মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ ঔপনিষদিক সাধনা, প্রাচ্য- পাশ্চাত্য সংস্কৃতিৰ অভূতপূর্ব সমন্বয় আৰু স্বদেশপ্ৰেমৰ নৱোন্মেষে ঠাকুৰ পৰিয়ালত সৃষ্টি কৰিছিল মহামিলনৰ এক মহান তীৰ্থ। সেই মহান তীর্থভূমিত মহর্ষি দেবেন্দ্রনাথ ঠাকুৰে ১৮৬১ চনৰ ৬ মে’ তাৰিখে লাভ কৰিছিল এটি দেৱ শিশু- যাৰ হাঁহিত উদ্ভাসিত হৈ উঠিছিল অনির্বচনীয় গৰিমাৰ জ্যোতি। সেই শিশুটিয়েই আছিল ৰবীন্দ্ৰনাথ।

শৈশৱ আৰু শিক্ষা

শৈশৱতে মাতৃহাৰা হোৱা ৰবীন্দ্ৰনাথে পিতৃৰ অসীম স্নেহ আৰু ভ্ৰাতৃসকলৰ আদৰ-আপ্যায়নৰ মাজত বৰ্দ্ধিত হৈ মাতৃৰ অভাৱ বৰকৈ অনুভৱ কৰিব নোৱাৰিলেও মাতৃহাৰা শিশুৰ সকলোখিনি কাৰুণ্যই তেওঁৰ জীৱনলৈ আহিছিল। পৰিয়ালৰ উন্নত শিক্ষা-দীক্ষা, পৰিমাৰ্জিত সাংস্কৃতিক চেতনা আৰু দেবেন্দ্ৰনাথ ঠাকুৰৰ গভীৰ ধৰ্ম বিশ্বাসে ৰবীন্দ্ৰনাথক প্ৰৱলভাৱে প্ৰভাৱান্বিত কৰিছিল। তদুপৰি পিতৃৰ লগত নানা ঠাই ভ্ৰমণ কৰি ফুৰি প্ৰকৃতি আৰু ইয়াৰ সৌন্দৰ্যৰ প্ৰতি প্ৰৱলভাৱে আকৃষ্ট হোৱা ৰবীন্দ্ৰনাথৰ জীৱনত গভীৰভাৱে পৰিছিল প্রেম, প্রকৃতি, সৌন্দৰ্য আৰু স্বদেশ প্ৰেমৰ মহান অনুভূতিৰ জ্যোতির্ময় প্ৰভাৱ।

তেওঁ প্ৰথমে অৰিয়েণ্টেল ছেমিনাৰীত আৰু তাৰ পাছত নৰ্মাল স্কুল, বেংগল একাডেমী আৰু ছেন্ট জেভিয়ার্চ স্কুলত শিক্ষা লাভ কৰে। কিন্তু বিদ্যালয়-জীৱনৰ সীমাবদ্ধতা আৰু নিৰ্দিষ্ট ধৰা-বন্ধা পাঠ্যক্ৰমৰ ঠেক গণ্ডীৰ মাজত তেওঁৰ মুক্ত মন আৰু মুক্ত চিন্তাই স্বাধীনতা হেৰুওৱা পিঞ্জৰাবদ্ধ পখীৰ অসহায় বেদনা অনুভৱ কৰিব ধৰিলে৷ গতিকে দেউতাকে গৃহ-শিক্ষকৰ যোগেদিয়েই তেওঁক নানা বিষয়ৰ শিক্ষা দিয়ায়। তেওঁ পিতৃৰপৰাই সংস্কৃত আৰু ভাৰতীয় দর্শন সাহিত্যৰ আৰু মধ্যম ভ্রাতৃ সত্যেন্দ্ৰনাথৰপৰা ইংৰাজী সাহিত্যৰ বিশাল ভাণ্ডাৰৰ দিক্ দৰ্শন লাভ কৰে।

সোতৰ বছৰ বয়সত ৰবীন্দ্ৰনাথে অধ্যয়নৰ কাৰণে বিলাতলৈ যায়। বিলাতত থকা কালত পাশ্চত্য জীৱন, সাহিত্য-সংস্কৃতিৰ লগত তেওঁৰ নিবিড় পৰিচয় ঘটে। তদুপৰি পাশ্চাত্য সংগীতৰ সুৰৰ ঝংকাৰে তেওঁৰ প্ৰাণ-বীণৰ তাঁৰত তোলে বিপুল মূৰ্চ্ছনা।

Read Also: মহাত্মা গান্ধী ৰচনা | Mahatma Gandhi Essay in Assamese

কাব্য চৰ্চা আৰু সাহিত্যিক অৱদান

ৰবীন্দ্ৰনাথে ন বছৰ বয়সৰপৰাই নিৰৱচ্ছিন্নভাৱে কাব্য চৰ্চা কৰিবলৈ ধৰে। তেৰ বছৰ বয়সতে তেওঁৰ প্ৰথম কবিতা “তত্ত্ব বোধিনী”- কাকতত প্ৰকাশিত হয়। তাৰ পাছৰেপৰা “ভাৰতী”, “সাধনা”- আদি কাকততো নিত্য নতুন কবিতা প্রকাশিত হ’বলৈ ধৰে আৰু লগে লগে তেওঁৰ  স্বতঃস্ফূৰ্ত্ত প্রতিভাই বিকাশৰ পথত দ্ৰুতগতিৰে আগ বাঢ়ে। ৰবীন্দ্ৰনাথৰ অজস্ৰ কাব্যই ছন্দৰ মন্দাকিনী ধাৰা ধৰাৰ বুকুলৈ নমাই আনি অনিন্দ্যসুন্দৰ সুৰৰ ঝংকাৰেৰে ভাৰতীয় কাব্য জগতত হেন্দোলনি তোলে। প্ৰাণৰ আকুল উচ্ছ্বাসেৰে মানুহৰ সুখ-দুখ, হাঁহি-আনন্দ, ব্যথা-বেদনাৰ গভীৰতম অনুভূতিক জীৱন্ত ৰূপত ৰূপায়িত কৰিছে তেওঁৰ বাক্যৰ মাজেদি। বনফুল কাব্যত প্রস্ফুটিত হ’বলৈ আৰম্ভ কৰা কবিতা কুসুমৰাজি সন্ধ্যা সংগীত, প্রভাত সংগীত, ছবি ও গান, কড়ি ও কোমল, ভানু সিংহ ঠাকুৰেৰ পদাৱলী, মানসী, সোণাৰ তৰী আদি কাব্যত বেদনা-বিদূৰ জীৱনৰ ছন্দ মধুৰ গান পুষ্প হৈ তাৰ সৌৰভেৰে জগৎ বিমোহিত কৰি তোলে।

ৰমক-জমক কাব্য-ফুলনিত আকাশ-প্রদীপ, বলাকা, পলাতকা, পূৰৱী, বন-বাণী, মহুয়া, পৰিশেষ, পুনশ্চ, শেষ-সপ্তক, শ্যামলী, নৱজাতক, চানাই, জন্মদিনে, শেষ লেখা আদিৰ সৌৰভ মিশ্ৰিত হৈ সৌন্দৰ্য আৰু সৌৰভৰ অমৃত নিস্যন্দিনী ছন্দধাৰ৷ সীমাহীন দিগন্তৰ কল্পলোকলৈ গতি কৰিবলৈ ধৰে অনন্ত জ্যোতিৰে জ্যোতিষ্মান হৈ। কবিৰ মানসপটত বাজি উঠা ছন্দৰ সুৰ হৈ চিত্রা, চৈতালি, কণিকা, কল্পনা, কথা ও কাহিনী, নৈবেদ্য, খেয়া, গীতাঞ্জলি আৰু গীতালীৰ গীতিমালাৰে মানুহৰ হিয়া মন্দিৰত নিবিড় আনন্দৰ উচ্ছল জোৱাৰৰ সৃষ্টি কৰিলে। বাল্মীকি প্রতিভা, শ্যামা, চণ্ডালিকা আদি তেখেতৰ সুকুমাৰ মন-কাননত সৃষ্টি হোৱা অনবদ্য গীতি-নৃত্য নাট্য। বাল্মীকি প্রতিভা তেখেতৰ প্ৰাচ্য পাশ্চাত্য সঙ্গীত সাধনাৰ শ্রেষ্ঠতম ফলশ্রুতি।

তেখেতৰ উপন্যাসৰাজিৰ ভিতৰত বৌ-ঠাকুৰাণীৰ হাট, গোৰা, যোগাযোগ, ঘৰে বাইৰে, চতুৰংগ আদি উল্লেখযোগ্য।

ৰক্ত কৰবী, বিসর্জন, ৰাজা, মালিনী আদি শ্রেষ্ট নাট্য সাহিত্য।

নোবেল বঁটা লাভ

মানৱ জীৱনৰ বিভিন্ন সমস্যা, ঘটনা, পৰিৱেশ আদিক লৈ ৰচিত তেখেতৰ গল্পসমূহ গল্প-গুচ্ছ নামেৰে কেইবা খণ্ডতো প্রকাশিত হৈছে। জীৱন-স্মৃতি তেখেতৰ আত্ম-জীৱনীমূলক গ্রন্থ। এই গ্ৰন্থত তেখেতৰ জীৱন-দৰ্শন বৰ্ণিত হৈছে। সাহিত্য জগতৰ এনে এটি দিশ নাই, য’ত ৰবীন্দ্ৰনাথৰ সুনিপুণ হাতৰ পৰশ পৰা নাই। ৰবীন্দ্ৰনাথ দার্শনিক আৰু আধ্যাত্মিক প্ৰতিভাৰ শ্রেষ্ঠতম নিদর্শন গীতাঞ্জলি। গীতাঞ্জলিৰ ইংৰাজী সংস্কৰণে তেওঁক বিশ্বৰ শ্ৰেষ্ঠ কবি ৰূপে প্রতিষ্ঠিত কৰে আৰু তাৰ বাবেই তেওঁ ১৯১৩ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

ৰবীন্দ্ৰ সন্দ্বীত

প্ৰাচ্য আৰু পাশ্চত্যৰ সংগীত সাধনাই ৰবীন্দ্ৰনাথক শ্রেষ্ঠ সংগীতজ্ঞ ৰূপেও প্রতিষ্ঠা কৰে। তেওঁৰ স্ব-ৰচিত গীতসমূহত নিজেই সুৰ সংযোজনা কৰি এক অভিনৱ ঐতিহ্যৰ সৃষ্টি কৰে আৰু সেয়ে ৰবীন্দ্ৰসংগীত ৰূপে অভিহিত হয়।

অভিনেতা বীন্দ্রনাথ

আবৃত্তি আৰু অভিনয়তো তেওঁৰ প্ৰতিভা আছিল বিচক্ষণ। স্ব-ৰচিত নাটকত বিশিষ্ট ভূমিকাত অৱতীৰ্ণ হৈ চমকপ্রদ অভিনয়েৰে মঞ্চ জগতত নৱ-আলোড়নৰ সৃষ্টি কৰিছিল। বিশেষকৈ ‘বাল্মীকি প্রতিভা’ নাটকত নাম ভূমিকাত আৰু ‘কাল মৃগয়া’ নাটকত অন্ধমুনিৰ ভাওত অৱতীৰ্ণ হৈ ৰবীন্দ্ৰনাথে নাট্য-প্ৰতিভাৰ যি দক্ষতা প্ৰদৰ্শন কৰিছিল তাৰ তুলনা পাবলৈ টান।

স্বদেশ প্রেমিক ৰবীন্দ্ৰনাথ

ৰবীন্দ্ৰনাথ যে কেৱল কালজয়ী কবি, সাহিত্যিক, নাট্যকাৰ আৰু শিল্পীয়েই আছিল, এনে নহয়, তেওঁ হাড়ে-হিমজুৱে স্বদেশ প্রেমিক। ১৯০৫ চনৰ বংগভংগ আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰা নাছিল যদিও কবিতা, প্রবন্ধ আৰু সংগীতৰ যোগেদিয়ে স্বদেশ প্ৰেমৰ অনুপ্ৰেৰণাৰে দেশবাসীক উদ্বুদ্ধ কৰি তুলিছিল। অপূর্ব কাব্য সাধনাৰে দেশবাসীৰ স্বাধীনতাৰ আকাঙ্ক্ষাকে তেওঁ জীৱন্ত ৰূপ প্ৰদান কৰিছিল। ১৯১৭ চনৰ জালিয়ানৱালাবাগত স্বাধীনতাকামী ভাৰতীয়ৰ বুকুত গুলী বহুৱাই নৃশংস হত্যাকাণ্ডৰ সৃষ্টি কৰি ইংৰাজ চৰকাৰে যি বৰ্বৰ দমননীতি প্ৰদৰ্শন কৰিছিল, তাৰ প্ৰতিবাদত ৰবীন্দ্রনাথে “নাইট” উপাধি পৰিত্যাগ কৰি দেশ-প্রেমিকতাৰ চৰম নিদর্শন প্ৰদৰ্শন কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত “জনগণ মন অধিনায়ক” ৰবীন্দ্ৰনাথৰ দেশ-প্ৰেমৰ আন এক শ্রেষ্ঠ নিদর্শন। এই গৰাকী সংবেদনশীল কবি অতিশয় সমাজ-সচেতন আছিল আৰু য’তেই অন্যায়, অবিচাৰ শোষণ আদি দেখিছিল, তাতেই তেওঁ নিৰ্ভীকভাৱে তাৰ বিৰুদ্ধে থিয় দিছিল।

বিশ্ব ভ্ৰমণ

ৰবীন্দ্রনাথ চীন, জাপান, ইন্দোনেছিয়া, ৰাছিয়া, পাৰস্য, ইউৰোপ, আমেৰিকা আদি দেশ ভ্রমণ কৰি ভাৰতৰ মৰ্যাদা বৃদ্ধি কৰিছিল। বিশ্বৰ দেশসমূহে তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা শ্রদ্ধাই ভাৰতৰ গৰিমাকে উজ্জ্বল কৰি তোলে।

সংগঠনমূলক কাম

এই গৰাকী বিশ্বৰ শ্ৰেষ্ঠ কবি প্রাচীন ভাৰতীয় শিক্ষাদৰ্শনৰো প্ৰতিভূ। মুক্ত আকাশৰ তলত, মুক্ত প্ৰকৃতিৰ উদাৰ পৰিৱেশত, অনুকূল মানসিক প্রবৃত্তিৰ বিকাশ সাধনাৰ যোগে লাভ কৰা শিক্ষাই মানৱ জীৱন সৰ্বাংগসুন্দৰ কৰি গঢ়ি তোলাৰ একামাত্র উপায় বুলি কবিয়ে বিশ্বাস কৰে। বিদ্যালয়ৰ সীমাবদ্ধতাৰ মাজত বাধ্যতামূলকভাৱে জাপি দিয়া শিক্ষাই শিশুৰ প্ৰবৃত্তিসমূহৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে। সেয়েহে কবিয়ে বীভূম জিলাৰ বোলপুৰ নামৰ ঠাইত শান্ত, নিৰ্জন প্রাকৃতিক পৰিৱেশত প্রতিষ্ঠা কৰে “শান্তি-নিকেতন” নামৰ আদৰ্শ বিদ্যালয়। কালক্ৰমত সিয়ে ‘বিশ্বভাৰতী’ নামে খ্যাত বিশ্ববিদ্যালয়ত পৰিণত হয়। তাৰ ওচৰতে দেশীয় কৃষি আৰু শিল্পৰ উৎকৰ্ষ সাধনৰ কাৰণে “শ্রীনিকেতন” নামৰ এটি প্রতিষ্ঠান স্থাপন কৰে। এই দুটি অনুষ্ঠান কবি গৰাকীৰ সাধনা, আদৰ্শ আৰু জীৱন দৰ্শনৰ মূৰ্ত্ত প্রতীক। ৰবীন্দ্ৰনাথে নোবেল বঁটাৰ এক লাখতকৈও অধিক টকাৰ সমস্তখিনি শান্তি নিকেতনৰ উন্নয়নৰ বাবেই ব্যয় কৰিছিল।

Read Also: Class 12 Education Solution

সামৰণি

সত্য আৰু সুন্দৰৰ সাধক ৰবীন্দ্ৰনাথ আছিল প্রকৃতি আৰু মানৱপ্ৰেমী। “সুন্দৰৰ আৰাধনা জীৱনৰ খেল”- এয়ে আছিল তেওঁৰ সংগীতৰ মৰ্মবাণী। “সত্যম্ শিবম্ সুন্দৰৰ্ম”- এয়া আছিল তেওঁৰ দৰ্শনৰ মৰ্মবাণী। চিৰ সুন্দৰৰ অসীম সুন্দৰ প্ৰকৃতিৰ বুকুৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ মোহময়ী আকর্ষণ, সুখ-দুখ, ব্যথা-বেদনা, বিৰহ-মিলন, দয়া-ক্ষমা, কৰুণা, প্ৰেম-প্ৰীতিৰ মধুৰ বান্ধোন ছিন্ন কৰি, কেঁচা মাটিৰ চিত্তাকর্ষী গন্ধৰ টান এৰি থৈ কবিয়ে কোনো দিনেই আঁতৰি যাব খোজা নাই। সেয়েহে আৱেগত কবিয়ে গাইছে-

“মৰিতে চাহি না আমি সুন্দৰ ভুবনে,

মানবেৰ মাঝে আমি বাঁচিবাৰে চাই।”

সুন্দৰৰ সাধনাৰ সুবিমল মন্দিৰত কবিয়ে সদায় দেখিছিল বিশ্ব মানৱৰ সেৱাৰ মংগলময় থলী। ‘সবাৰ ওপৰে মনুস্ব, তাহাৰ ওপৰে সত্য নাই।’- এই মর্মবাণী কবিয়ে মর্মে মর্মে উপলব্ধি কৰিছিল। সেই বাবে কবিয়ে গভীৰ আৱেগ আৰু অনুভূতিৰে কৈছে-

“মানুষেৰ আধিকাৰে বঞ্চিত কৰেছ যাৰে,

সন্মুখে দাঁড়ায়ে ৰেখে তবু কোলে দাও নাই স্থান;

মানুষেৰ পৰশেৰে প্রতিদিন ঠেকাইয়া দূৰে

ঘৃণা কৰিয়াছ তুমি মানুষেৰ প্ৰাণেৰ ঠাকুৰে

বিধাতাৰ ৰুদ্ৰৰোষে দুর্ভিক্ষেৰ দ্বাৰে বসে।

ভাগ কৰে খেতে হবে সকলেৰ সাথে অন্ন পান

অপমানে হতে হবে তাহাদের সবাৰ সমান।”

এই সুন্দৰৰ সাধক, মানৱপ্ৰেমী, দার্শনিক কবি মহা মনীষীগৰাকী ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে পৰপাৰলৈ গমন কৰে; কেৱল বংগৰ নহয়, ভাৰতৰ নহয়, বিশ্বৰ এই মনীষীগৰাকীয়ে বিশ্ব-মানৱৰ হৃদয় সুকুমাৰ অনুভূতিৰে উদ্বুদ্ধ কৰি মানৱ সমাজক সুন্দৰৰ পৰা সুন্দৰতৰলৈ, খণ্ডতাৰপৰা পূৰ্ণতালৈ, অন্ধকাৰৰপৰা পোহৰলৈ, মৃত্যুৰপৰা অমৃতলোকলৈ, অনিত্যতাৰপৰা চিৰন্তনলৈ গতি কৰাৰ জ্যোতির্ময় পথ প্ৰদৰ্শন কৰি গৈছে। ৰবীন্দ্ৰ জ্যোতিৰ মাধুৰ্যৰে মানৱ সমাজ মাধুৰিমাময় হৈ উঠক।

আমি আশা কৰিছো ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top