শিক্ষণ প্রক্রিয়া – Process Of Learning

শিক্ষণ প্রক্রিয়া – Process Of Learning is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for শিক্ষণ প্রক্রিয়া – Process Of Learning.

শিক্ষণ প্রক্রিয়া – Process Of Learning

Join Telegram channel

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET শিক্ষণ প্রক্রিয়া – Process Of Learning for All notes, You can practice these here.

শিক্ষণ প্রক্রিয়া

CHILD DEVELOPMENT AND PEDAGOGY

শিশুৰ অৰ্থ আৰু প্ৰকৃতি (Meaning and Nature of Learning):- মানুহ সদায় নতুন নতুন পৰিৱেশ, পৰিস্থিতি অথবা সমস্যাৰ সন্মুখীন হয়। এইবোৰত নিজৰ প্ৰবৃত্তি পৰিচালিত ক্রিয়া আচৰণ আদিক ক্রমে পৰিবৰ্তন আৰু উন্নতি সাধন কৰি পৰিৱেশৰ লগত সুস্থ সমাযোজনৰ চেষ্টা কৰে। তাৰ দ্বাৰা উন্নত ক্ৰিয়া আৰু কৌশল আদি জানি উঠাৰ এক ক্রমাগত অভিজ্ঞতা লাভ কৰে। এয়ে হৈছে শিক্ষণ। শিক্ষাবিদ পাৰ্চিনানৰ মতে শিক্ষণৰ অৰ্থ হৈছে আচৰণৰ সংশোধন। মনোবিজ্ঞানী গেইটছৰ (grates) মতে শিক্ষণ হৈছে “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা।”

শিক্ষণৰ বৈশিষ্টা :-

(ক) শিক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশৰ লগত কৰা সমাযোজন কার্য বিশেষ।

(খ) শিক্ষণৰ দ্বাৰা নতুন অভিজ্ঞতা আৰু উন্নত ক্রিয়া আচৰণৰ যোগ্যতা লাভ কৰিব পৰা যায়।

(গ) শিক্ষণৰ সদায় এক নির্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে।

(ঘ) সকলো শ্ৰেণীৰ জীৱৰেই সমানেই শিক্ষণ ক্ষমতা নাথাকে।

শিক্ষণক প্ৰভাৱিত কৰা উপাদানসমূহ (Factors affecting Learning) :- শিক্ষণ প্রক্রিয়াৰ প্রধান উপাদনসমূহ হৈছে–

(ক) মনোবৈজ্ঞানিক উপাদান :- অভিপ্রায় হ’ল শিক্ষশৰ এটা গুৰুত্বপূর্ণ উপাদান। এজন ব্যক্তিৰ যেতিয়ালৈকে ইচ্ছা জাগৃত নহয়, তেতিয়ালৈকে তেওঁ কোনো কাম উপস্থাপন কৰিব নোৱাৰিব; যিটো শিক্ষণৰ বাবে অতি আৱশ্যকীয় ৷ শিক্ষণক ব্যক্তি এজনে পৰিৱেশৰ লগত সমাযোজন কৰিব পৰা ক্রিয়া বুলিও কোৱা হয়।

(খ) দৈহিক উপাদান :- যিকোনো জীৱৰে পৰিৱেশৰ প্ৰতি দেখুওৱা প্রতিক্রিয়া নির্ভৰ কৰে গ্রহনেন্দ্রিয় সমূহৰ সূক্ষ্ম অনুভুতি, সাধনেন্দ্ৰীয় সমূহৰ অৱস্থা আৰু সাধাৰণ ভাৱ-ভংগীৰ ওপৰত। যদি গ্রহণেন্দ্রিয় সমূহৰ দোষ-ত্রুটি থাকে তেন্তে শিক্ষণ প্রক্রিয়াত বাধা আহিব পাৰে।

(গ) পাৰিপাৰ্থিক উপাদান :- ব্যক্তিৰ পৰিৱেশৰ ওপৰতো শিক্ষণ নিৰ্ভৰশীল। শিক্ষণৰ বাবে এটা সুস্থ পৰিৱেশৰ প্ৰয়োজন। হুলস্থুলীয়া পৰিৱেশত শিক্ষণ সম্ভৱ নহয়। ঠিক সেইদৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ ক্ষেত্ৰত শ্রেণী কোঠাৰ সকলো ধৰণৰ পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ স্কুল কর্তৃপক্ষ আৰু শিক্ষকসকলে সহায় কৰিব লাগে।

পৰিপক্কতা আৰু শিক্ষণৰ বাবে প্ৰস্তুতি (Maturation and Readiness for Learning) :- সাধাৰণতে পৰিপক্কতা বুলিলে দৈহিক বিকাশৰ যোগে আহৰণ কৰা দেহযন্ত্ৰৰ বিভিন্ন অংশ যেনে– দেহ-কোষ, স্নায়ু-কোষ, মাংসপেশী, গ্রহণেন্দ্রিয় আদিৰ কার্যক্ষমতা আৰু যোগ্যতা আদিকেই বুজায়। দৈহিক পৰিপক্কতাৰ ধাৰণাক জনপ্ৰিয় কৰি তুলিছিল আমেৰিকাৰ মনোবিদ এ গেচেলে। তেওঁৰ মতে, “ব্যক্তিৰ বিকাশৰ গতি প্রকৃতি বহি: পৰিৱেশৰ প্ৰভাৱতকৈ দেহৰ অভ্যন্তৰ ভাগৰ জৈৱিক উপাদানবোৰেহে অধিক শক্তিশালী প্রভাৱ পেলায়।” আন এজন মনোবিজ্ঞানী মেক্‌ গেটৰ মতে, “পৰিপক্কতা হৈছে বয়সৰ লগে লগে ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা যিকোনো পৰিৱর্তন, যি মূলতেই দৈহিক বিকাশৰ ওপৰত নিৰ্ভৰশীল। ই পূৰ্বৰ ক্রিয়া অনুশীলন অথবা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল নহয়।”

পৰিপক্কতা আৰু শিক্ষণৰ মাজৰ সম্বন্ধ বিজ্ঞানভিত্তিকভাৱে পাব পৰা নাযায়। দুয়োটাৰ পাৰস্পৰিক সম্বন্ধৰ স্বৰূপ বিবেচনা কৰাটো যথেষ্ট কঠিন। কাৰণ মানুহৰ কোনবিধ আচৰণৰ পৰিৱৰ্তন জৈৱিক পৰিপক্কতাৰ ফলত আৰু কোনবিধ আচৰণ শিক্ষণৰ ফলত সংঘটিত হয়, তাক স্পষ্টভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰি। দৰাচলতে দুয়োটা দিশৰে যুটীয়া প্ৰভাৱ আচৰণৰ পৰিৱৰ্তনত পৰিলক্ষিত হয় ৷

মনোবিজ্ঞানী থার্ন ডাইকৰ মতে, “শিক্ষণৰ বাবে এক প্রস্তুতিৰ প্রয়োজন হয়। এই ক্ষেত্ৰত তেওঁ আগবঢ়োৱা বিখ্যাত শিক্ষনৰ নীতিৰ ভিতৰত থকা “Law of readiness” অর্থাৎ প্রস্তুতিৰ নীতি অধিক উল্লেখযোগ্য।” তেওঁ এই নীতিৰ সংজ্ঞা দি কৈছিল– “যেতিয়া কোনো বান্ধোনে কৰ্ম কৰিবলৈ সাজু হৈ থাকে, সেই কর্মই সন্তুষ্টি দিয়ে আৰু যদি সাজু হৈ নাথাকে তেন্তে সেই কৰ্মই বিৰক্তিৰ কাৰণ হৈ পৰে। অৰ্থাৎ যেতিয়া এজন ব্যক্তিয়ে শিকিবলৈ বা কোনো কাম কৰিবলৈ প্ৰস্তুত হৈ থাকে, তেতিয়া তেওঁ বেছি কাৰ্যকৰীভাৱে আৰু সন্তুষ্টিৰে কামটো কৰিব বা শিকিব পাৰে।

অভিৰোচন আৰু শিক্ষা (Motivation and Learning) :-

যিকোনো উদ্দেশ্য সাধনৰ বাবে ব্যক্তিৰ মনত উৎসাহ-উদ্দীপনা আৰু কর্মস্পৃহা জগাই তোলা কাৰ্যই হৈছে অভিৰোচন। অভিৰোচন হৈছে– শিক্ষা আহৰণৰ এক প্ৰাণ শক্তি। অভিৰোচনে শিক্ষণ স্বত:স্ফূর্ত কৰি তোলে। ই ব্যক্তিৰ ক্ৰিয়া প্ৰচেষ্টা চমু আৰু সহজ কৰি তোলে। গতিকে চমুকৈ ক’বলৈ হ’লে অভিৰোচন হৈছে শিক্ষাক্ষেত্ৰত কৃতকার্যতাৰ এটা প্রধান কাৰণ। ছাত্ৰ-ছাত্ৰীৰ মনত অভিৰোচন সৃষ্টি কৰিবলৈ হ’লে শিক্ষকসকলে বিভিন্ন কৌশলৰ সহায় ল’ব পাৰে। যেনে–

(ক) প্রশংসা আৰু দোষাৰোপকৰণ।

(খ) পুৰস্কাৰ আৰু শাস্তি বিধান। 

(গ) প্রতিবন্দ্বিতা।

(ঘ) সহযোগিতা।

(ঙ) শিক্ষকৰ ব্যক্তিত্ব। 

(চ) শ্ৰৱণ দর্শন সঁজুলি ব্যৱহাৰ।

(ছ) ব্যক্তি বিভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষণ পদ্ধতি ব্যৱহাৰ। 

(জ) ‘কৰ্মৰ মাজেৰে শিক্ষা’– এই নীতিটো প্ৰয়োগ কৰা উঠিত ।

শিক্ষণৰ পদ্ধতি (Methods of Learning) :- শিক্ষণৰ পদ্ধতি প্রধানত: দুটা, এটা হ’ল প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু আনটো অন্তদর্শন পদ্ধতি। ইয়াৰ চমু বিৱৰণ তলত দিয়া হ’ল–

(ক) প্ৰচেষ্টা আৰু ভুল পদ্ধতি :- মনোবিজ্ঞানী থ’ৰ্নডাইক হৈছে এই পদ্ধতিৰ উদ্ভাৱক। এই পদ্ধতিৰ মতে, এজন ব্যক্তিয়ে কোনো নতুন কামৰ দক্ষতা আয়ত্ব কৰিবলৈ হ’লে বা কোনো নতুন বিষয় শিকিবলৈ হলৈ তেওঁ বাৰে বাৰে চেষ্টা কৰিব লাগে। বিফল হোৱা প্ৰচেষ্টা সমূহ নাইকিয়া কৰা হয় আৰু সফল চেষ্টা সমূহ স্থায়ীভাৱে ৰখা হয়। ইয়াত প্ৰথম প্ৰচেষ্টাত ভুলৰ সংখ্যা যথেষ্ট বেছি হয় যদিও নেৰা-নেপেৰা চেষ্টাৰ ফলত ক্ৰমান্বয়ে ভুলৰ সংখ্যা হ্রাস পায় আৰু অৱশেষত সম্পূর্ণ শুদ্ধকৈ কামটো কৰিবলৈ সক্ষম হয়। এজন শিশুৱে চামুচেৰে ভাত খোৱা, জোতা পিন্ধা, খোজ কঢ়া আদি এই পদ্ধতিৰ উদাহৰণ।

(খ) অন্তদর্শন পদ্ধতি :- এই পদ্ধতিক গেষ্টলট পদ্ধতি বুলিও কোৱা হয়। এই পদ্ধতিৰ মতে, প্রচেষ্টা আৰু ভুল পদ্ধতিৰ সলনি আমি সমগ্ৰ পৰিস্থিতি প্ৰথমতে ভালদৰে বুজি লোৱা উচিত। অর্থাৎ আমি কোনো এটা কাম সম্পাদন কৰিবলৈ হ’লে তাৰ পৰিস্থিতি অন্তৰদৰ্শনৰ দ্বাৰা চালি জাৰি চাই লোৱা উচিত। তেতিয়াহে কামটো আমি শুদ্ধভাৱে সম্পাদন কৰিবলৈ সক্ষম হ’ব। 

ইয়াৰ উপৰিও শিক্ষণৰ আন এটা পদ্ধতি হৈছে অনুকৰণ পদ্ধতি। আনৰ আচৰণক অনুসৰণ কৰা কাৰ্য্যই হৈছে অনুকৰণ। সৰু ল’ৰা ছোৱালীসকলে কোনো কথা বুজি শিকাতকৈ অনুকৰণ কৰিহে শিকে ৷ অৱশ্যে অনুকৰণ কেৱল মানুহৰ মাজতেই আবদ্ধ নাথাকে, আন আন জীৱ-জন্তু বা চৰাইৰ মাজতো ইয়াক দেখা যায়। অনুকৰণ দুই প্ৰকাৰৰ সচেতন আৰু স্বত:স্ফূর্ত অনুকৰণ। আমি সচেতনভাৱে যেতিয়া আনক অনুকৰণ কৰো তাক সচেতন অনুকৰণ বোলে ৷ আনহাতে কেতিয়াবা আমি নজনাকৈয়ে আনৰ কথা কোৱা, খোজ কঢ়া ধৰণ, আদি অনুকৰণ কৰো। এইবোৰ হৈছে স্বত:স্ফুর্ত অনুকৰণ। 

শিক্ষণৰ নীতিসমূহ আৰু ইয়াৰ শৈক্ষিক প্ৰয়োগিকতা (Major Laws of Learning with their educational implications) :- মনোবিজ্ঞানী ধর্নডাইকে বিভিন্ন জীৱ-জন্তুৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি শিক্ষণৰ কেইটামান নীতি আগবঢ়াইছিল। এই কেইটা হৈছে–

(ক) অনুশীলনৰ নীতি :- এই নীতিৰ মূল হ’ল আমি যি কামেই কৰো সেয়ে শিকো আৰু যি কাম নকৰো সেইটো নিশিকো। এই নীতিটোক ‘ব্যৱহাৰ নীতি’ আৰু ‘অব্যৱহাৰৰ নীতি’ বুলিও কোৱা হয়। থৰ্নডাইকৰ মতে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত কিছু সময় ধৰি সংশোধিত সম্বন্ধ গড়ি উঠিলে (অনবোৰ বিষয় স্বাভাৱিক হৈ থাকিলে) সি অধিক শক্তিশালী হৈ উঠে। ই হৈছে ব্যৱহাৰৰ নীতি। আনহাতে পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত কিছু সময় ধৰি সংশোধিত সম্বন্ধ গঢ়ি নুঠিলে (আনবোৰ বিষয় স্বাভাৱিক থকা অৱস্থাত) সি দুৰ্বল হৈ পৰে। ই হৈছে অব্যৱহাৰৰ নীতি।

(খ) পৰিণাম নীতি :- ব্যক্তিয়ে যিকোনো কামৰ পৰিণাম অনুযায়ী আচৰণ প্ৰদৰ্শন কৰা দেখা যায়। সন্তোষজনক ফল লাভে ব্যক্তিক ক্ৰিয়াৰ পুনৰাবৃত্তি কৰিবলৈ উৎসাহিত কৰে। আনহাতে অসন্তোষজনক অথবা বিৰক্তিদায়ক ফলাফলে ব্যক্তিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰ বাবে অলপো উৎসাহ নোযোগায়, বৰং তেনে পৰিণামৰ পৰা আঁতৰি থাকিবলৈহে চেষ্টা কৰে। অর্থাৎ প্রাণীয়ে নিজ কাৰ্যৰ সুখজনক অথবা দুখজনক ফল লাভ অনুযায়ী আচৰণ প্রদর্শন কৰে। ইয়েই শিক্ষণৰ পৰিণাম নীতি।

(গ) প্ৰস্তুতিৰ নীতি :- গৰ্নডাইকে এই নীতিৰ সংজ্ঞা এইদৰে দিছিল– “যেতিয়া কোনো বান্ধোনে কর্ম কৰিবলৈ সাজু হৈ থাকে, সেই কৰ্মই সন্তুষ্টি দিয়ে আৰু যদি সাজু হৈ নাথাকে তেন্তে সেই কৰ্মই বিৰক্তিৰ কাৰণ হৈ পৰে।” অর্থাৎ যেতিয়া এজন ব্যক্তিয়ে শিকিবলৈ বা কোনো কাম কৰিবলৈ প্ৰস্তুত হৈ থাকে, তেতিয়া তেওঁ বেছি কাৰ্যকৰীভাৱে আৰু সন্তুষ্টিৰে কামটো কৰিব বা শিকিব পাৰে। 

থার্নাডাইকে আগবঢ়োৱা শিক্ষাৰ এই নীতিকেইটাৰ যথেষ্ট শৈক্ষিক তাৎপৰ্য্য আছে। শিক্ষাৰ প্ৰতিটো দিশত আমি এই তিনিটা নীতিৰ ব্যৱহাৰ কৰো ৷

শিক্ষণৰ তত্ত্ব সমূহ (Theories of Learning) :- মনোবিজ্ঞানীসকলে শিক্ষণ প্রক্রিয়া বৰ্ণনা কৰিবলৈ বিভিন্ন তত্ত্ব আগবঢ়াইছে।

(ক) সংযোগবাদ (connectionism)। 

(খ) অনুবন্ধনবাদ (conditioning)।

(গ) সামগ্রিকতাবাদ (Gestalt theory)।

এইকেইটা তলত আলোচনা কৰা হ’ল–

(i) সংযোগবাদ (Connectionism) :- আমেৰিকাৰ মনোবিজ্ঞানী থার্নডাইক হৈছে এই তত্ত্বৰ জন্মদাতা। তেওঁৰ মতে, শিক্ষণ তেতিয়াই সংঘটিত হয় যেতিয়া উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয়। থার্নডাইকৰ ভাষাত, “শিক্ষণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন আৰু এই মতবাদৰ পৰাই প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সৃষ্টি হৈছে।” 

থার্নডাইকে মাছ, মেকুৰী, কুকুৰ আদিৰ ওপৰত পৰীক্ষা চলাই এই তত্ত্বৰ উদ্ভৱ কৰিছে। তেওঁৰ মতে, যিহেতু উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হ’লেই শিক্ষণ হয় সেয়ে ইয়াক শিক্ষণৰ সংযোগবাদ তত্ত্ব বুলি জনা যায়। তেওঁৰ মতে, শিক্ষণ হ’ল এক যান্ত্রিক প্রক্রিয়া যাৰ মূলতে থাকে বহুতো ভুল-ত্রুটি আৰু সেইবোৰৰ সংশোধন।

(ii) অনুবন্ধনবাদ

(ক) (Classical Conditioning) :- বাছিয়াৰ মনোবিন আইভান পেভলভে শিক্ষণৰ এই তত্ব উদ্ভাৱন কৰিছিল। এই তত্ত্ব মতে, স্বাভাৱিক উদ্দীপক, কৃত্রিম উদ্দীপকলৈ সলনি কৰা হয় কিন্তু প্রতিক্রিয়া সকলো সময়তে একে থাকে। এইদৰে, কৃত্রিম উদ্দীপক আৰু স্বাভাৱিক প্ৰতিক্ৰিয়াৰ মাজত এক নতুন সংযোগৰ সৃষ্টি হয় আৰু এইদৰেই অনুবন্ধিত ক্রিয়া সংঘটিত হয়। উদাহৰণস্বৰূপে, খোৱা বস্তু দেখিলে আমাৰ স্বাভাৱিকতে লালটি ওলাই। এই প্রতিক্রিয়া হৈছে সহজাত, স্বাভাৱিক আৰু নির্দিষ্ট বিধৰ। সেয়েহে ইয়াত শিক্ষণ অভিজ্ঞতা আদিৰ প্রশ্ন নুঠে। কিন্তু শিক্ষণ গঢ় লৈ উঠিবাৰ বাবে অন্য এনে উদ্দীপকৰ প্রতিও সেই একে প্রতিক্রিয়া প্রদর্শন কৰিব পাৰে, অর্থাৎ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্রিম উদ্দীপক প্ৰদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্রতিক্রিয়াকে প্রদর্শন কৰাই হৈছে অনুবন্ধিত অথবা শিক্ষা লব্ধ প্রতিক্রিয়া। ইয়াত ব্যক্তিৰ প্ৰথম প্ৰতিক্ৰিয়া দ্বিতীয় প্ৰতিক্ৰিয়াৰ লগত অনুপস্থিত হয়। এৱে হৈছে অনুবন্ধবাদ। 

(খ) ক্ৰিয়াত্মক বা ফলোৎপাদনমূলক অনুবন্ধন তত্ত্ব (Operant Conditioning) :- এই তত্ত্বত উদ্ধাৱক হৈছে আমেৰিকাৰ বিখ্যাত আচৰণবাদী মনোবিজ্ঞানী বি. ফ্রেড্রিক স্কীনাৰ (B. Friedrich Skinner)। তেওঁৰ শিক্ষণ তত্ত্বত কোৱা হয় যে, শিক্ষাপ্রাপ্ত হোৱা প্রতিক্রিয়া বা আচৰণক যান্ত্রিক ক্রিয়া বা অনৈচ্ছিক ক্রিয়া প্রচেষ্টা বুলিব নোৱাৰি। ই হৈছে লক্ষ্য সচেতন, সক্ৰিয়, ইচ্ছাকৃত আৰু পৰিনামধৰ্মী আচৰণ। স্কীনাৰৰ মতে, “ব্যক্তিৰ আচৰণ পৰিৱেশত সংঘটিত হয় তাৰ কোনো ফল বা পৰিণাম উৎপাদিত হ’বৰ বাবেহে। শিক্ষনৰ উদ্দেশ্য বা পৰিনাম সচেতন আচৰণ কেৱল দৈহিক, যান্ত্রিক আৰু প্ৰতিবর্ত ক্রিয়ামূলক হ’ব নোৱাৰে। পেভলভৰ যান্ত্রিক প্রতিৱর্ত ক্রিয়া অনুবন্ধনমূলক শিক্ষাৰ বিৰোধিতা কৰে। শিক্ষামূলক আচৰণত ক্ৰিয়াৰ পৰিণাম বা ফল লাভৰ ভাব সদায় নিহিত থাকে। এনে ফল লাভৰ দিশটোয়েহে ক্ৰিয়াৰ পুনৰাবৃত্তি বা পুনৰ প্ৰতিক্ৰিয়াকৰণৰ বাবে প্রয়োজনীয় শক্তিৰ বন্ধন যোগায়। ইয়েই হৈছে শিক্ষণৰ ক্ৰিয়াত্মক তত্ব ৷

(iii) সামগ্রিকতাবাদ (Gestalt Theory) :- ‘গেষ্টলট’ শব্দটো হ’ল এটা জাৰ্মান শব্দ আৰু ইয়াৰ অৰ্থ হ’ল সম্পূর্ণ আকাৰ বা গঠন। এই তত্ত্বৰ মূল উদ্ভাৱকসকল আছিল বাৰ্থিমাৰ, কোহলাৰ আৰু কফ্কা। এই তত্বমতে, শিকিবলগীয়া বিষয়বস্তুৰ বিভিন্ন অংশৰ ভিতৰত সম্বন্ধ ঘটাই সামগ্ৰীকভাৱে নিৰীক্ষণ কৰিব পাৰিলেই শিক্ষা কাৰ্য্য সম্পাদিত হয়। এই তত্ত্বই বিশ্বাস কৰে যে শিক্ষা কাৰ্য্যত আমি সমগ্ৰ পৰিস্থিতিটো ভালদৰে বুজ লওঁ আৰু তাৰপাছত সেইমতে লক্ষ্যত উপনীত হ’বলৈ উপযুক্ত পথটো বিচাৰি উলিয়াও। সামগ্রিকতাবানীসকলে এটা জোৰা নলখা তৰাৰ ছবিৰ উদাহৰণ দিছে। এই ছবিখনত, তৰাটো পাঁচটা কোণত ভাগ কৰা আছে। কিন্তু যেতিয়া আমি এই ভাগি যোৱা তৰাটোৰ ফালে চাওঁ, তেতিয়া তৰাটোৰ মাজত ভাগি যোৱা খালী ঠাইবোৰলৈ আমি মন নিদিও আৰু এটা তৰা বুলিয়েই ধৰি লওঁ।

ব্যক্তিগত আৰু দলগত শিক্ষণ (Individual and Group Learning) :- প্ৰত্যেকজন ছাত্র-ছাত্রীকেই ব্যক্তিগতভাৱে শিক্ষাদান কৰা কার্যকেই ব্যক্তিগত শিক্ষাদান বুলি কোৱা হয় আৰু প্রত্যেক ছাত্র ব্যক্তিগতভাৱে শিক্ষকৰ পৰা শিক্ষা গ্ৰহণ কৰা কার্যকেই ব্যক্তিগত শিক্ষশ বোলা হয়। বর্তমান যুগত বর্ধিত ছাত্র-ছাত্ৰীৰ পৰিপ্ৰেক্ষিতত কোনো শ্রেণীতেই ব্যক্তিগতভাৱে শিক্ষাদান বা শিক্ষা গ্রহণ কৰাটো সম্ভৱ নহয়। ঘৰুৱা পৰিৱেশত ছাত্র-ছাত্ৰীক ব্যক্তিগতভাৱে শিক্ষা দিয়াটো সম্ভৱ হয়। কিন্তু এজন বিষয় শিক্ষকে ৩০ ৰপৰা ৪০ মিনিটৰ ভিতৰত শ্ৰেণীৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীক পৃথককৈ শিক্ষাদান কৰাটো অসম্ভৱ। সেয়েহে ব্যক্তিগত শিক্ষণৰ কিছুমান অসুবিধাও আছে। এই শিক্ষণ পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ তলত চমুকৈ বৰ্ণনা কৰা হ’ল–

ব্যক্তিগত শিক্ষণৰ সুবিধা (Merits of Individual Learning) :- 

(ক) ব্যক্তিগত শিক্ষা পদ্ধতিত ছাত্ৰ-ছাত্ৰীৰ জন্মগত দক্ষতা আৰু ক্ষমতা অনুযায়ী শিক্ষা দিয়া হয় আৰু শিক্ষার্থীয়ে নিজৰ বয়স অনুপাতে বৃদ্ধি পোৱা সামর্থ্য অনুযায়ী শিক্ষাৰ ফল লাভ কৰিব পাৰে।

(খ) ব্যক্তিগত শিক্ষাদানত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ৰুচি অনুযায়ী শিক্ষাদান কৰে।

(গ) ব্যক্তিগত শিক্ষা প্রক্রিয়াত শিক্ষার্থীয়ে কোনো এটা বিষয় সম্পূর্ণ নুবুজালৈকে শিক্ষকক শিকাবলৈ বাধ্য কৰাব পাৰে।

(ঘ) এই পদ্ধতিত শিক্ষার্থীন আত্মপ্রচেষ্টা বৃদ্ধি হয়।

(ঙ) শ্রেণী কক্ষতেই পাঠৰ অনুশীলন কৰিবলৈ দিয়া হয় বাবে ছাত্র-ছাত্রী আৰু শিক্ষক উভয়েই আজৰি সময় উপভোগ কৰিব পাৰে ৷

ব্যক্তিগত শিক্ষণৰ অসুবিধা (Demerits of Individual Learning):-

(ক) ব্যক্তিগত শিক্ষণ প্রক্রিয়াত হুতো অভিজ্ঞ শিক্ষক, শিক্ষনীয় সা-সঁজুলি ইত্যাদিৰ প্ৰয়োজন হয়। যিবোৰ সহজে সম্ভৱ নহয়।

(খ) ব্যক্তিগত শিক্ষণ পদ্ধতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সহযোগিতা আৰু প্রয়োজনীয় ক্ষেত্ৰত প্ৰতিযোগিতাৰ মনোভাও বিকাশিত হয় ৷

(গ) ব্যক্তিগত শিক্ষাদানত পাঠ্যক্রম বিভিন্ন বিষয় সমান গতিৰে আগবঢ়াই নিব পৰা নাযায় ৷ ই ছাত্ৰ-ছাত্ৰীৰ সামগ্রিক মূল্যায়নত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। 

দলগত শিক্ষণ (Group Learning) :- ব্যক্তিগত শিক্ষাদানৰ আঁসোৱাহসমূহলৈ মন কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলগত শিক্ষণ পদ্ধতিৰ ব্যৱস্থা কৰিব পৰা যায়। যেতিয়া এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিভিন্ন দলত ভাগ কৰি শিক্ষাদান কৰা হয় তাকেই দলগত শিক্ষণ বোলা হয়। এটা শ্ৰেণীত থকা ছাত্র-ছাত্ৰীসকলক সর্বাধিক ১০ (দহ) জনীয়া একোটা দলত বিভক্ত কৰি শিক্ষা দিব পাৰিলে কিছু পৰিমাণে হ’লেও ছাত্রসমাজত থকা ব্যক্তিগত পার্থক্য সন্তুষ্ট কৰিব পৰা যায়। দলগত শিক্ষণ পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ হ’লে তলত দিয়া দিশকেইটাৰ প্ৰতি গুৰুত্ব দিব লাগিব।

(ক) দলবোৰ গঠন কৰোতে যিমানদূৰ পৰা যায় একে বৌদিক মানদণ্ডৰ ছাত্র-ছাত্রী গোটাই এটা দলত অন্তর্ভুক্ত কৰিব লাগে। 

(খ) দ্বিতীয়তে, দলটোৰ প্ৰত্যেক ছাত্র-ছাত্রীয়ে একেলগে ফুৰা-চকা আৰু শৈক্ষিক কামবোৰ সমাধান কৰাৰ ওপৰত শিক্ষকসকলে ধ্যান দিয়া উচিত ৷

(গ) দলটোৰ প্ৰতিজনকে বিভিন্ন সময়ত নেতৃত্বৰ দায়িত্ব দিব লাগে যাৰ সহায়ত নেতৃত্বৰ বিকাশ সম্ভৱ হয়।

(ঘ) দলীয় ভিত্তিত কৰিব লগা কামবোৰ সুচিন্তিত পৰিকল্পনাৰ সহায়ত কৰিব লাগে। 

(ঙ) শিক্ষকে দলটোৰ কাম-কাজ সুক্ষ্মভাৱে নিৰীক্ষণ আৰু পর্যবেক্ষণ কৰিব লাগে আৰু প্ৰয়োজনীয় সময়ত সহায় কৰি দিয়াৰ বাহিৰে তেওঁলোকৰ আন কামত হস্তক্ষেপ কৰিব নালাগে। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে ব্যক্তিগত শিক্ষণতকৈ দলগত শিক্ষণত ছাত্র-ছাত্রী বেছিকৈ উপকৃত হয়। ইয়াত সময়ৰো অপব্যায় নহয় আৰু বহুত বেছি খৰচ হোৱাৰ পৰাও ৰক্ষা পাব পাৰি।

শিক্ষাৰ স্থানান্তৰ বা বিষয়ান্তৰকৰণ (Transfer of Learning) :- দার্শনিক প্লেটোৰ “ৰিপাব্লিক” নামৰ গ্ৰন্থত শিক্ষা স্থানাস্তৰ কৰণৰ কথা উল্লেখ আছে। সাধাৰণতে কোৱা হয় যে শিক্ষা আহৰণৰ লক্ষ্য হৈছে ব্যক্তিৰ হিয়া আচৰণৰ আৱশ্যকীয় পৰিৱৰ্তন সাধন আৰু জীৱনৰ পৰিস্থিতিসমূহত সুস্থ সমাযোজন লাভ কৰা। সহজ অৰ্থত ক’ব পাৰি যে শিক্ষার্থীয়ে শিক্ষণ অভিজ্ঞতাক জীৱনৰ সমস্যা সমাধান অভিজ্ঞতালৈ স্থানাস্তৰ বা বিষয়ান্তৰ কৰিব লাগে, কাৰণ মানুহৰ শিক্ষা অভিজ্ঞতা হৈছে সদায় প্রয়োজনমুখী আৰু উদ্দেশ্যপ্রণোদিত।

শিক্ষাৰ স্থানান্তৰকৰণ তত্বৰ মূল কথা এয়ে যে ব্যক্তিয়ে কোনো নির্দিষ্ট বিষয় অধ্যয়নৰ যোগে পোৱা অভিজ্ঞতা জীৱনৰ সমস্যা সমাধান অভিজ্ঞতালৈ স্থানান্তৰিত হয়, কাৰণ, এক মৌলিক বিষয়ৰ অধ্যয়নে ব্যক্তিৰ বিশেষ বিশেষ মানসিক শক্তিৰ উৎকর্ষ সাধন কৰে। ইয়াৰ যোগেদি তেওঁ জীৱনৰ সমস্যাত প্ৰয়োজন হোৱা সেইবিধ মানসিক যোগ্যতা অধিক দক্ষতাৰে প্ৰয়োগ কৰিব পাৰে, অর্থাৎ পাঠ্যক্ৰমৰ এক বিশেষ বিষয়ৰ অভিজ্ঞতা জীৱনৰ সমস্যা সমাধানৰ অভিজ্ঞতালৈ স্থানান্তৰিত হয়। ইয়াকেই শিক্ষাৰ স্থানান্তৰ বা বিষয়াস্তুৰকৰণ বোলে।

শিক্ষাবিদ আৰু মনোবিদ সকলৰ কাৰণে স্থানান্তৰণৰ প্ৰকৃতি অধ্যয়ন এক গুৰুত্বপূর্ণ বিষয়, কাৰণ গোটেই শিক্ষা ব্যবস্থাটো স্থানান্তৰণৰ ওপৰতেই নিৰ্ভৰশীল। শিক্ষানুষ্ঠানৰ আহৰণ কৰা বহুত কথাই পাছৰ জীৱনত পোনপটীয়াকৈ কামত নালাগে, কিন্তু শিক্ষানুষ্ঠানত লাভ কৰা অভিজ্ঞতাৰ পৰা স্থানান্তৰিত হৈ অহা উপাদানসমূহ আমাৰ সকলোৰে জীৱনত অমূল্য সম্পদ। সেয়েহে শিক্ষানুষ্ঠানৰ পাঠ্যক্রম, পাঠদানৰ পদ্ধতি আৰু শিক্ষার্থীয়ে লাভ কৰা মুঠ অভিজ্ঞতাৰ স্বৰূপ এনে হোৱা উচিত যাতে ইয়াৰ পৰা বাস্তৱ জীৱনলৈ সৰ্বাধিক স্থানান্তৰণ সম্ভৱ হয়।

শিক্ষা স্থানান্তৰণৰ ওপৰত বিভিন্ন মনোবিদে বিভিন্ন তত্ত্ব আগবঢ়াইছে। এই তত্ত্ব সমুহ হ’ল–

(ক) মানসিক অনুশাসন তত্ত্ব।

(খ) অভিন্ন উপাদান তত্ত্ব।

(গ) সামান্যীকৰণ তত্ত্ব।

স্থানান্তৰণৰ শিক্ষাগত মূল্য :- প্রথমেই উল্লেখযোগ্য যে কোনো এটা বিষয়ত শিক্ষা আহৰণৰ প্রধান উদ্দেশ্য হৈছে সেই বিষয়ৰ কার্যপটুতা আৰু অভিজ্ঞতা লাভ কৰা আৰু সেই অভিজ্ঞতাক জীৱনৰ কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰা। শিক্ষাৰ লগত জীৱনৰ ওতপ্রোত সম্বন্ধ আছে। ব্যক্তিয়ে কোনো নতুন কাম তেওঁৰ অতীত অভিজ্ঞতাৰ সহায়োৰে কৰাটোৱেঁই সাধাৰণ নিয়ম। সেয়েহে অনভিজ্ঞ লোকে নতুন কামত কঠিনতা পোৱা দেখা যায়। বর্তমান বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ কোনো কাম কৰিবৰ বাবে সেই বিষয়ৰ প্ৰশিক্ষণপ্রাপ্ত লোকৰ অতি প্রয়োজন। কর্ম গৰণেই ব্যক্তিৰ পূৰ্ব অভিজ্ঞতাক অধিক গুৰুত্ব দিয়া হয়। উপৰোক্ত আলোচনাৰ পৰা শিক্ষা স্থানান্তৰণৰ গুৰুত্ব সম্পর্কে বুজিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top