অধ্যৱসায় ৰচনা | Perseverance Essay in Assamese

অধ্যৱসায় ৰচনা | Perseverance Essay in Assamese

Join Telegram channel

জীৱনৰ আন নাম সংগ্রাম। প্রকৃতিয়ে আমাৰ জীৱনৰ বাটত নানা প্রতিবন্ধকতা সৃষ্টি কৰি সদায় আমাৰ পৌৰুষক প্রত্যাহ্বান জনাই আহিছে। সেয়েহে এই প্রতিবন্ধকতা আৰু বিৰুদ্ধ শক্তিক পৰাভূত কৰি সফলতা লাভ কৰিবৰ কাৰণে মানুহে জন্ম-লগ্নৰপূৰাই নিৰৱচ্ছিন্নভাৱে সংগ্রাম কৰি আহিব লগা হৈছে: এই সংগ্ৰামত মানুহে কেতিয়াবা জয়লাভ কৰি গৌৰৱবােধ কৰিছে আৰু কেতিয়াবা ৰাজয়ৰ প্লানি শিৰত লৈ ব্যথাহত হৈ পৰিছে। কিন্তু জীৱনৰ দুৰ্বাৰ আকাংক্ষক সেই পৰাজয়ে মষিমূৰ কৰি দিব পৰা নাই। পৰাজয় সত্ত্বেও মানুহৰ পৌৰুষে পুনৰ কঁকালত টঙালি বান্ধি লৈ বিজয়ৰ গৌৰৱ-ধ্বজা উৰুৱাবলৈ পুনঃ প্রচেষ্টা চলাই আছে। জীৱন সংগ্ৰামত জয়ী হ’বলৈ মানুহে বাৰম্বাৰ অৰিমভাৱে যি প্রচেষ্টা চলাই আহিছে তাৰে নাম অধ্যৱসায়।

অধ্যৱসায় ৰচনা

জীৱন সংগ্ৰামত অধ্যৱসায়ৰ অৱশ্যকতা

অধ্যৱসায় সংগ্রামী জীৱনৰ মূলধন। মানুহৰ জীৱনৰ সংগ্রামী শক্তিয়ে মানৱ সৃষ্টি বিকাশৰ দিনাৰপৰাই সংসাৰচক্ৰৰ বিৰুদ্ধ শক্তিবােৰৰ লগত প্রতিদ্বন্দ্বিতা কৰি আহিছে। মানৱৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰি আমি পাওঁ, মানুহে আদিম অৱস্থাত অৰণ্যৰ অজস্র হিংস্র জন্তুৰ লগত সংগ্রাম কৰিবলগা হৈছিল জীৱনৰ নিৰাপত্তাৰ কাৰণে। সেই সংগ্ৰামত মানুহে নিজৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰি ধৰাৰ বুকুত নিজৰ আসন দৃঢ় কৰি ল’লে। তাকে কৰিবলৈ যাওঁতে নানা অস্ত্র-শস্ত্ৰৰ আৱিৰ্ভাৱ হ’ল। মানুহে অৰণ্যৰ যাযাবৰী জীৱন ত্যাগ কৰি ঘৰ সাজি, সমাজ পাতি বাস কৰিবলৈ শিকিলে; উদ্ভাৱন হ’ল জীৱ-জন্তুক বশ কৰি, পােহনীয়া কৰি, সিহঁকৰ শক্তিক মানৱৰ কল্যাণৰ কামত প্রয়ােগ কৰাৰ প্রণালী, কৃষিকর্ম, বাণিজ্যৰ প্ৰণালী। আদিম মানৱৰ অধ্যৱসায়ে মানুহক সভ্যতা, সংস্কৃতিৰ সন্ধান দিলে। মানুহৰ মনৰ ভাবক লিপিবদ্ধ কৰাৰ প্ৰণালী উদ্ভৱ হ’ল। ইয়াকে কৰিবলৈ যাওঁতে মানুহে কেতিয়াবা সফলতা লাভ কৰিছে, কেতিয়াবা ব্যর্থ হৈছে; কেতিয়াবা জয়ী হৈছে, কেতিয়াবা পৰাভূত হৈছে। গতিকে মানুহৰ ক্ৰমবিকাশৰ ইতিহাস মানেই সংগ্ৰামৰ ইতিহাস আৰু য’তেই সংগ্রাম আছে তাতেই স্বতঃস্ফূর্তভাৱে অধ্যৱসায়ে ক্রিয়া কৰিছে।

Read Also: দেশ ভ্রমণ ৰচনা | Travel to The Country Essay in Assamese

অধ্যৱসায়ৰ উদাহৰণ

জীৱন গােলাপ শয্যা নহয়। সংসাৰাে শীতল পাটী নহয়। এই কথা উপলব্ধি কৰি অন্তৰত উদ্যম, প্ৰেৰণা আৰু উৎসাহ বান্ধি লৈ কর্মক্ষেত্ৰত মানুহ অৱতীৰ্ণ হ’ব লাগে। এইক্ষেত্ৰত মহৎ লােকৰ জীৱনৰ আহিও আমাৰ উন্নত, সৰ্বাংগ সুন্দৰ জীৱন গঢ়াৰ বাটকটীয়া। হেৰী ফোর্ড, আলফ্রেড নােবেল, এন্ড্ৰু কার্ণেগী আদি বিশ্ববিখ্যাত ধনী লােকসকল জীৱনৰ আদিভাগত অতি দুখীয়া আছিল; কোনােৰ ভাগ্যত কোনাে কোনাে সময়ত দুবেলা দুমুঠি খাই জীয়াই থকাও অসম্ভৱ হৈ উঠিছিল। জীৱনৰ বিপর্যয়ে তেওঁলােকক হতাশ কৰিব পৰা নাছিল। তেওঁলােকে ভৱিষ্যত জীৱন সুন্দৰ কৰি লােৱাৰ যি মধুৰ সপােন দেখিছিল আৰু তাৰ পিছে পিছে অসীম সাহসেৰে আগবাঢ়ি যাওঁতে আশাৰ আলােকৰ জিলিঙনি দেখিবলৈ পাইছিল, তাৰেই আত ধৰি অসীম সাহস, আগ্রহ আৰু অধ্যৱসায়েৰে জীৱন বিনন্দীয়া কৰি তুলিছিল। তেওঁলােকে সীমাহীন আর্থিক প্রাচুর্যেৰে নিজে মহীয়ান হােৱাৰ লগতে জগতকো মহীয়ান কৰি থৈ গৈছে।

শিক্ষাৰ ক্ষেত্ৰত বােপদেৱে বাৰে বাৰে বিদ্যা অর্জনতব্যৰ্থ হৈও অধ্যৱসায়ৰবলত কেনে পাণ্ডিত্য লাভ কৰি আমাক উৎসাহ, উদ্দীপনা আৰু অনুপম প্ৰেৰণা যােগাই গৈছে সি সর্বজনবিদিত। স্কটলেণ্ডৰ অধিপতি ৰবার্ট ব্রুচে ৰাজ্য হেৰুৱাই পুনৰুদ্ধাৰৰ কাৰণে অহােপুৰুষাৰ্থ কৰিও ব্যৰ্থ হৈছিল। কিন্তু তেওঁ কোনােদিনেইহতাশ হােৱা নাছিল। শেষত অধ্যৱসায়ৰ জয়হ’ল। তেওঁ হৃত ৰাজ্য উদ্ধাৰ কৰিব পাৰিলে। টমাছ আভা এডিছন, মার্কনি আদি বিজ্ঞানীয়ে বিশ্বলৈ অজস্র বৈজ্ঞানিক অৱদান দি গৈছে। তেওঁলােকৰ শৈশৱকাল আছিল অতিশয় দুখলগা। তেওঁলােকে যে এদিন জগতবিখ্যাত বিজ্ঞানী হৈ  বহুমূলীয়া অৱদানেৰে পৃথিৱী চহকী কৰি থৈ যাব, সি কল্পনাৰ অতীত আছিল। জীৱনৰ লগত যুঁজি যুঁজি পৰিস্থিতিক জয় কৰি আৱিষ্কাৰৰ পাছত আৱিষ্কাৰ জগতলৈ আগবঢ়াই- আজি তেওঁলােক চিৰস্মৰণীয় বিশ্ববিখ্যাত বিজ্ঞানী, যাৰ অৱদান- সৃষ্টিৰ বুকুত প্রলয় নঘটালৈকে বিশ্বই উপভােগ কৰি থাকিব। অদম্য উৎসাহ, তীব্র প্ৰেৰণা আৰু অধ্যৱসায়ৰ মহান শক্তিত শক্তিমন্ত হৈ তেওঁলােকে অধ্য সাধন কৰি থৈ গ’ল।

অধ্যৱসায়ৰ আন এক জ্বলন্ত আৰু অবিস্মৰণীয় উদাহৰণ পৃথিৱীলৈ আগবঢ়াই থৈ গৈছে পেৰী কুৰী আৰু মেডাম কুৰীয়ে। অত্যন্ত দুখীয়া অথচ অতিশয় অনুসন্ধিৎসু, অদম্য উৎসাহী, কর্তব্যপৰায়ণ এই দুগৰাকী মহান বিজ্ঞানবিদে যি কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু কষ্টসহিষ্ণুতাৰে পিটচ ব্লেণ্ডিৰপৰা বিশ্বৰ মহামূল্যৱান ৰেডিয়াম আৱিষ্কাৰ কৰি বিশ্বমানৱৰ মহান কল্যাণ সাধন কৰি থৈ গৈছে তাৰ দৃষ্টান্ত পৃথিৱীৰ ইতিহাসত বিৰল। নাই ধন, নাই আৱশ্যকীয় পিচ ব্লেণ্ডি, নাই এডােখৰ জিৰণিৰ ঠাই, নাই লেবৰেটৰী আৰু আৱশ্যকীয় সা-সৰঞ্জাম। তথাপি চেষ্টাৰ অন্ত নাই, অনুসন্ধিৎসাৰ অন্ত নাই; শেষত পৌৰুষৰ জয় হ’ল। সাধাৰণ সা-সৰঞ্জামেৰে নিজে তৈয়াৰ কৰি লােৱা সামান্য এটা লেবৰেটৰীতে পৰীক্ষা-নিৰীক্ষা চলাই ৰেডিয়াম আৱিষ্কাৰ কৰিলে। তেওঁলােকে সাধনাত সিদ্ধিলাভ কৰিলে; আৰু সেই সিদ্ধিলাভ সম্ভৱ কৰি তুলিলে অধ্যৱসায়ে।

মানুহে জীৱনত আড়াপ্রতিষ্ঠা লাভ কৰিবলৈ হ’লে অধ্যৱসায়ৰ অতি প্রয়ােজন। অধ্যবসায় উদ্‌গতিৰ আটাইতকৈ শক্তিশালী চাবিকাঠি। অধ্যৱসায়ে মানুহক সংগ্রামী হ’বলৈ শিকায়; যি কোনাে পৰিস্থিতিক, বাধা-বিঘিনিক প্রত্যাহ্বান জনাবলৈ সাহস যােগায়। মানুহ যেতিয়া দুৰ্বাৰ সাহসৰ গৰাকী হয়, তেতিয়া মানুহে সাধনাত সফলতা লাভ কৰিবলৈ প্রতিজ্ঞাবদ্ধ হ’ব, “কার্যৰ সাধন কিম্বা শৰীৰ পতন।” যেতিয়া মানুহ এই প্রতিজ্ঞাবদ্ধ হ’ব, তেতিয়া কর্মই মানুহক নিজে নিজৰ বাট দেখুৱাই দিব আৰু তেতিয়া কৃতকার্যতা নিজেই মানুহৰ সন্মুখত দণ্ডায়মান হ’ব।

মানুহে জগতত কি কৰিব পৰা নাই? পৃথিৱীত অসম্ভৱ বুলি কোনাে কথা থাকিব নােৱাৰে। নেপােলিয়নে কৈছিল- “অসম্ভৱ শব্দটো মূখৰ অভিধানতহে পােৱা যায়।” -ই সঁচা কথা। সহাকাশ বিজয় কৰিবলৈ, চৰাইৰ দৰে মহাকাশত উৰিবলৈ মানুহৰ দুৰ্বাৰ আকাংক্ষা যুগ যুগ ধৰি চলি আহিছিল। মানুহৰ অধ্যৱসায়ে মানুহক মহাকাশত উৰুৱালে; আজি মানুহে মাধ্যাকর্ষণৰ সীমা অতিক্ৰম কৰি মহাকর্ষণৰ দিগন্তত পর্দাপণ কৰিছে; গ্রহ-গ্রহান্তৰলৈ যােৱাৰ প্রস্তুতি চলাইছে। মানুহে চন্দ্ৰৰ বুকুত পদার্পণ কৰি জীৱৰ অস্তিত্বৰ পৰীক্ষা কৰি চাইছে। অনুসন্ধিৎসাই, সাহসে এইবােৰ ক্ষেত্ৰত প্রবল অনুপ্ৰেৰণা যােগাইছে আৰু অধ্যৱসায়ে অনুসন্ধিৎসা সফল কৰি তােলাত ইন্ধন যােগাইছে।

Read Also: Class 11 Geography Question Answer

সামৰণি

মুঠতে যি সংকল্পত অচল-অটল, কার্য সম্পাদন কৰিবলৈ প্রতিশ্রুতিবদ্ধ, তেওঁলােকৰ জীৱনলৈ ব্যর্থতা, অকৃতকার্যতা আহিবই নােৱাৰে। লাগে মাথোঁ অধ্যৱসায়। জগতৰ যিবােৰ মহৎ কার্য, সেই সকলােবােৰেই অধ্যৱসায়ৰেই ফল। সকলােবােৰ মানুহেই কৰিছে, মানুহেই জগতৰ শ্ৰেষ্ঠ সাধক, শ্রেষ্ঠ কৰ্মৰ,কীর্তি-কলাপৰ শিল্পী, সুন্দৰৰ ৰূপকাৰ, মহত্ত্বৰ বাটকটীয়া। গতিকে আমি অধ্যৱসায়ক সাৰথি কৰি কর্মানুশীলন কৰোঁ। কর্তব্যৰ পথত আগবাঢ়ি যাওঁ। আমাৰ কৃতকার্যতা সুনিশ্চিত।

আমি আশা কৰিছো অধ্যৱসায় ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ অধ্যৱসায় ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top