দেশ ভ্রমণ ৰচনা | Travel to The Country Essay in Assamese

দেশ ভ্রমণ ৰচনা | Travel to The Country Essay in Assamese

Join Telegram channel

“নানা দেশ ফুৰে যি, নানা কথা শিকে সি।”

দেশ ভ্রমণৰ আৱশ্যকতা – নজনাটো জানিবলৈ, নেদেখাটো চাবলৈ মানুহৰ দুৰ্বাৰ আকাংক্ষা। এই বিশাল বিশ্বই বিচিত্র দেশ-দেশান্তৰ, নদ-নদী, গিৰি-গুহাৰ বিচিত্র সৌন্দর্য, বিচিত্ৰ ৰীতি-নীতি, সভ্যতা-সংস্কৃতি, জীৱ-জন্তুৰ সৃষ্টি কৰি সেইবােৰ উদঙাই দেখুৱাবলৈ মানুহক সদায় আহ্বান জনাই আহিছে, বিশাল বিস্তীর্ণবৰফৰাশি, সুনীলিম মহাসিন্ধুৰ ফেনিল উর্মিমালাই মানুহক আহ্বান জনাই আহিছে চিৰদিন। সেই আহ্বানে মানুহৰ দুৰ্বাৰ আকাংক্ষাক আৰু প্ৰবল কৰি তুলিছে। তাৰ তাড়নাতেই মানুহে দেশ-দেশান্তৰ ভ্ৰমণ কৰে।

পৃথিৱীৰ বুকুত জানিবলগীয়া, চিনিবলগীয়া অক্ষয় অপাৰ সম্ভাৰ আছে। আমাৰ সীমিত জনাৰ সমলে- আমাক কিমানখিনি জানিবলৈ সুবিধা দিছে? অতবােৰ অচিনা, অজানাৰ কিমানখিনি জানিব পাৰিছাে, চিনিব পাৰিছাে? আমাৰ অসীম আগ্রহ, অনন্ত উৎকণ্ঠা পৰিতৃপ্ত কৰিবলৈ আমি সেয়েহে ভ্রমণ কাহিনী অধ্যয়ন কৰোঁ। নজনাটো জানবলৈ সুবিধা পাওঁ; নেদেখাটো আমাৰ দৃষ্টিপটত ৰিণিকি ৰিণিকি জহি উঠে। কিন্তু আমাৰ আকাংক্ষা পৰিতৃপ্ত হয় জানাে? প্রকৃত আনন্দ পাওঁ জানাে? গ্রন্থই জ্ঞান বৃদ্ধি কৰে সচা, কিন্তু দেখাৰ, চিনাৰ দুর্দমনীয় কামনাক তৃপ্ত কৰিব নােৱাৰে। সেয়েহে প্রত্যক্ষ অভিতা লাভৰ বাবে, নয়নৰ তৃপ্তি সাধনৰ বাবে প্ৰমণৰ প্রয়ােজন।

দেশ ভ্রমণ ৰচনা

ভ্ৰমণৰ উদ্দেশ্য

বিভিন্ন লােকৰ ভ্ৰমণৰ উদ্দেশ্য বিভিন্ন কোনােৱে চোৱাৰ-নয়নৰ তৃপ্তিৰ বাবে, কোনােৱে শিক্ষা আৰু জ্ঞান লাভৰ বাবে, কোনােৱে আত্মাৰ পৰিশুদ্ধি আৰু পুণ্য অর্জনৰ বাবে, কোনােৱে ৰত্বৰাজিৰ অনুসন্ধানত, কোনােৱে আৱিষ্কাৰৰ আগ্ৰহত, কোনােৱে স্বাস্থ্যজনিত কাৰণত আৰু কোনােৱে কেৱল ভ্ৰমণৰ হেঁপাহত ভ্রমণ কৰে। আজিকালি চৰকাৰৰ পৰিচালনাত চৰকাৰী ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে। এনে ভ্ৰমণৰ উদ্দেশ্য হ’ল- পাৰস্পৰিক বুজা-পৰাৰ যােগে বিশ্বভ্রাতৃত্ব গঢ়ি তােলা, সংহতি সাধন কৰা, সাংস্কৃতিক বিনিময় সাধন, বিভিন্ন বিষয়ত জ্ঞান আহৰণ ইত্যাদি। তদুপৰি বিশ্বমানৱৰ মাজত শান্তিৰ বাণী প্রচাৰৰ উদ্দেশ্যেও ভ্ৰমণৰ ব্যৱস্থা কৰা হয়।

বিচিত্র সংসাৰত বিচিত্র মানুহৰ মন আৰু ৰুচি একে নহয়। মনৰ তৃষ্ণা, সৌন্দর্য উপভোেগৰ তৃষ্ণা, সৌন্দর্য প্রয়াসী লােকক বিশ্বৰ সৌন্দর্যই নিত্য নিৰন্তৰে হাতবাউলি মাতে। সৌন্দর্যৰ চিকমিকনিয়ে তেওঁলােকৰ দৃষ্টিত মােহময়ী ইন্দ্রজাল তৰি দিয়ে, সেয়েহে তেওঁলােকৰ সৌন্দর্যপিয়াসী হিয়া উ দ্বাউল হয়। সৌন্দৰ্যৰ পিছত লৰিবলৈ তেওঁলােকে বিশ্বৰ বুকুত ভ্রমণ কৰে সৌন্দর্য উপভােগ কৰি প্ৰাণৰ মনৰ তৃষ্ণা দূৰ কৰিবলৈ।

Read Also: শৈক্ষিক ভ্রমণ ৰচনা | Educational Travel Essay in Assamese

জ্ঞানলাভৰ বাবে দেশ ভ্রমণ

জ্ঞানৰ উপাসকসকলে পৃথিৱীৰ বিভিন্ন ঠাইত ভ্রমণ কৰে জানিবৰ কাৰণে, জ্ঞান আহৰণৰ কাৰণে। হিউৱেন চাং, ফাহিয়ান, ইবনবতুতা আদি পর্যটকসকলে দুর্গম গিৰিবন, বিস্তুৰ মৰুপ্ৰান্তৰ, বিপদ-সংকুল সুদীর্ঘ পথ অতিক্ৰম কৰি ভাৰতলৈ আহিছিল সভ্যতাৰ আদি ভূমি সংস্কৃতিৰ বৰঘৰ, ইতিহাসৰ যাদুঘৰ, ভাৰতৰ বুকুৰ অক্ষয় জ্ঞান-ভাণ্ডাৰৰ দুৱাৰ খুলি নিজৰ জ্ঞান-ভাণ্ডাৰৰ অৰিহণা বৃদ্ধি কৰিবলৈ; সভ্যতা আৰু সংস্কৃতিৰ সম্যক পৰিচয় লাভ কৰি নিজ দেশৰ উন্নয়ন সাধনত নৱ নৱ অৰিহণা যােগাবলৈ তেওঁলােকে ইতিহাস আৰু সভ্যতা-সংস্কৃতিৰ লব্ধ জ্ঞানেৰে ভাৰতৰ সাহিত্যৰ ভঁৰালাে চহকী কৰি থৈ গৈছে।

আৱিষ্কাৰৰ বাবে দেশ ভ্রমণ

ভাৰতৰ অতুল বৈভৱ, ঐশ্বর্য-বিভূতিৰ ৰূপ কথাই ভাস্কো-ডা-গামা, কলম্বাচ আদিক ভাৰতৰ অনুসন্ধানত ভ্ৰমণৰ বাবে ব্যাকুল কৰিছিল। ভাৰত আৱিষ্কাৰৰ যাত্ৰাত কলম্বাচে আমেৰিকা আৱিষ্কাৰ কৰি অমৰ হৈ গৈছে। ড° লিভিংষ্টোন, মার্কো পােললা, কেপ্তেইন কুক আদিয়ে নতুন নতুন দেশ, নদ-নদী, গিৰি বন আদি আৱিষ্কাৰৰ আকাংক্ষাত দুৰ্বাৰ সাহসেৰে দেশৰ পাছত দেশ ভ্রমণ কৰিছিল নিজৰ জীৱন বিপন্ন কৰিও ।

শিক্ষা লাভৰ বাবে দেশ ভ্রমণ

শিক্ষা লাভৰ বাবে ভ্রমণ কৰাটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি প্রয়ােজনীয়। শিক্ষিত লােকেও শিক্ষাৰ পৰিসৰ বৃদ্ধিৰ বাবে ভ্ৰমণ কৰে। ভূগােল আৰুবুৰঞ্জীত পােৱা জ্ঞানে জীৱনত পূর্ণতা আনিব নােৱাৰে। বিদেশৰ কথা দূৰত থওক, নিজ দেশৰােননা কিমান ঠাই ভৌগােলিক, সামাজিক, সাংস্কৃতিক জীৱনৰ বিষয়ে সম্যক জ্ঞান আহৰণৰ বাবে আমি সুবিধা পাওঁ? মানচিত্র জ্ঞানে আমাৰ মনত মাত্ৰ জগতৰ বিষয়ে এটা সাধাৰণ ধাৰণা জন্মায়। কিন্তু বিভিন্ন ঠাই স্বচক্ষে দর্শন কৰি, জীৱন্ত চিত্র চাই, মানুহৰ কলৰৱমুখৰ জীৱনধাৰাৰ জীৱন্ত বিৱৰণী লাভ কৰি, প্রত্যক্ষ জ্ঞান আহৰণ কৰিব পাৰাে। মুক্ত আকাশৰ তলত, মুক্ত আৱহাৱাত, বহল পৃথিৱীখনৰ অভিনৱ কাৰুকার্য, ৰং-ৰূপ, প্রাণােচ্ছল ভাবানুভূতি মর্মে মর্মে উপলব্ধি কৰি, মানৱ সমাজখনৰ প্রত্যক্ষ স্পর্শ লাভ কৰি মুকলি বিশ্বত আমাৰ অকণ অকণ মনবােৰ মুকলি কৰি ল’ব পাৰে।

সত্যৰ সন্ধান মুক্তি কামনাত দেশ ভ্রমণ

মানুহে ঘৰৰ চাৰিসীমাৰ ভিতৰত আবদ্ধ থাকি সুন্দৰৰ যি সাধনা কৰে, মুক্তিৰ সন্ধান বিচাৰে, তাত সন্তুষ্টি লাভ কৰিব নােৱাৰে। ক্ষুদ্ৰতা আৰু সংকীর্ণতাৰ মাজত, প্রকৃত পথ প্রদর্শকৰ অভাৱত মুক্তিৰ পথ, পুণ্যৰ পথ বিচাৰি নাপায়। বিশেষকৈ সাংসাৰিক মায়াই মানুহক মােহাছন্ন কৰি পথৰ সন্ধান লাভত ব্যাঘাত জন্মায়। সেইবাবে মুক্তিপ্রয়াসী লােকসকলে সত্যৰ সন্ধানত, প্রকৃত পথৰ সন্ধানত তীর্থ ভ্রমণ কৰে। তীৰ্থৰ বুকুত তেওঁলােকে সুন্দৰৰ স্থিতি অনুভৱ কৰে; সুন্দৰৰ জ্যোতিৰ মধুৰ পৰশত তেওঁলােকৰ মানসিক চিন্তাৰ পৰিধি বাঢ়ি যায়; সাধনাই বহল ক্ষেত্ৰ লাভ কৰি দিগন্তপ্ৰসাৰী ভাবানুভূতি লাভ কৰে। মানুহৰ মন-তীর্থই উদাৰ দৃষ্টিভংগীৰে জগতৰ সকলাে জীৱৰে মাজত সুন্দৰৰ স্বৰূপ দেখি আৱেগেৰে আপােন বুলি সাবটি ধৰিব পাৰে। সেয়েহে তীর্থ ভ্রমণ তেওঁলােকৰ আধ্যাত্মিক জীৱনৰ আশীর্বাদ।

Read Also: Class 11 English Question Answer

স্বাস্থ্যৰ বাবে দেশ ভ্রমণ

যিসকলে সাংসাৰিক, নৈসর্গিক কাৰণত স্বাস্থ্য হেৰুৱায়, তেওঁলােকে হেৰুওৱা স্বাস্থ্য ঘূৰাই পাবৰ কাৰণে স্বাস্থ্যকৰ ঠাইবােৰ ভ্ৰমণ কৰে। বহল পৃথিৱীৰ বুকুত,বহল পৰিৱেশত,বহল সমাজৰ সান্নিধ্যত মনলৈ স্বাভাৱিকতে প্রফুল্লতা ঘূৰি আহে। তাৰ লগতে মনােৰম জলবায়ুৱেও ইন্ধন যােগাই, স্বাস্থ্য ঘূৰাই পােৱাত সহায় কৰে।

বিশ্ব-ভ্রাতৃত্ব গঢ়াৰ দেশ ভ্রমণ

কুৰি শতিকাৰ এই শেষার্ধত বিশ্বমানৱৰ মাজত উদাৰ আৰু দিগন্তপ্ৰসাৰী দৃষ্টিভংগীৰ উদ্রেক হৈ সমগ্র মানৱ জাতিক পৰস্পৰৰ নিচেই ওচৰ চপাই আনিছে। মানুহক প্রাণে প্রাণে চিনিবলৈ, মৰমে মৰম পাবলৈ- প্রবল আগ্ৰহেৰে আগবাঢ়ি আহিছে। পৰম্পৰৰ মাজত স্নেহ-প্ৰীতিৰ, বুজা-পৰাৰ টান বৃদ্ধি হৈছে। সাংস্কৃতিক বিনিময়ে, মৈত্রীৰ মাত্ৰাই মানুহক এক স্ৰষ্টাৰ, এখন ঘৰৰ, এটি মানৱ পৰিয়ালৰ সদস্য হিচাপে ভাবিবলৈ শিকাইছে। ফলত জাতিসমূহৰ মাজত এক নতুন সংহতিপূর্ণ বাতাবৰণৰ সৃষ্টি হৈছে। সাংস্কৃতিক আৰু মৈত্রীৰ ভ্ৰমণসমূহে সেয়েহে “বিশ্বৰ সকলাে ভাই-ভনী আমি, পৃথিৱী আমাৰ ঘৰ” বুলি ভবাৰ অৱকাশ যােগাইছে।

ভ্ৰমণৰ বাবে দেশ ভ্রমণ

বিচিত্র বিশ্বত এক শ্ৰেণীৰ বিচিত্র চৰিত্ৰৰ লােক আছে, তেওঁলােকে দুর্গম গিৰি-গুহা, মৰু-প্ৰান্তৰ, দুস্তৰ মহাসিন্ধু অতিক্রমি কেৱল ভুমি আছে; উদ্দেশ্য নাই, কামনা নাই, আকাংক্ষা নাই। মুকলি আকাশেই তেওঁলােকৰ ঘৰ; বিশ্বৰ সকলাে প্রাণী,নদনদী, গিৰি-গুহা, বন-উপবন, সৰি সাগৰ সকলােবােৰেই তেওঁলােকৰ বাই-ভনী, ভাই-ককাই। কিন্তু এনে ভ্রমণে মানৱ সমাজৰ কল্যাণৰ ক্ষেত্ৰত কোনাে অৰিহণা যােগাব নােৱাৰে।

অতি প্রাচীন কালৰেপৰা মানুহে ভ্ৰমণৰ সােৱাদ লাভ কৰি নিজৰ আৰু সমাজৰ কল্যাণ সাধনৰ চেষ্টা কৰি আহিছে। যাতায়াত সুবিধা নথকা সত্ত্বেও জ্ঞানপিপাসাক পৰিতৃপ্ত কৰিব নােৱাৰি, নিজ জীৱন বিপন্ন কৰি, আঁচলত জীৱ বান্ধি লৈ গিৰি-গুহা, মৰু-প্ৰান্তৰ পদ-যাত্ৰাৰে অতিক্ৰম কৰি দেশ-দেশান্তৰ ভ্ৰমণ কৰিছিল। কত পর্যাটকৰ হিংস্র জন্তুৰ আক্ৰমণত অজানিতভাৱে, অজান ঠাইত, জীৱনৰ পৰিসমাপ্তি ঘটিছিল, তাৰ হিচাপ কোনে দিব? তথাপি ভ্ৰমণ চলিয়ে আছে। বর্তমান সময়ত নানাবিধ যানবাহনৰ আৱিষ্কাৰ হােৱাত ভ্রমণ দ্রুততৰ আৰু আৰামদায়ক হৈ পৰিছে। তদুপৰি একে সময়তে বহুলােকে ব্যাপকভাৱে ভ্ৰমণ কৰাত সুবিধা হৈছে।

ভ্ৰমণত চৰকাৰী ব্যৱস্থা

আধুনিক জগতত যিমানে শিক্ষার প্রসাৰণ হৈছে, তিমানেই ভ্ৰমণৰ মূল্য বৃদ্ধি পাইছে। মানুহৰ ভ্ৰমণৰ আগ্ৰহত সহায় কবিৰ কাৰণে চৰকাৰসমূহেও পর্যটন কার্যালয় স্থাপন কৰিছে। এই কার্যালয়সমূহেও ভ্রমণ কৰিব লগীয়া স্থানসমূহৰ বিশদ বিৱৰণ, পথৰ বর্ণনা আৰু পথ নির্দেশসহ স্থানবােৰৰ মানচিত্র আদি প্ৰকাশ কৰি ভ্ৰমণকাৰীসকলক নানাভাৱে সহায় কৰিছে। ঠায়ে ঠায়ে পর্যটক-নিবাসৰ ব্যৱস্থা কৰি পর্যটকসকলক থকা-মেলাৰ দিহা কৰি দিছে। ইয়াৰ ফলত ভ্ৰমণৰ গুৰুত্ব ক্রমে বৃদ্ধি পাইছে।

ৰাষ্ট্ৰসংঘই দেশ ভ্রমণক “বিশ্বশান্তিৰ পাৰপত্র”(A passport to world peace) বুলি অভিহিত কৰি বিশ্ববাসীক দেশ ভ্ৰমণৰ প্ৰতি উদ্বুদ্ধ কৰি তুলিছে। ফলস্বৰূপে হাজাৰ হাজাৰ ভ্ৰমণপ্রিয় লােকে দলে বলে বা সুকীয়াকৈও ভ্ৰমণত বাহিৰ হৈছে। এনে ভ্রমণে মানুহৰ মাজত পাৰস্পৰিক সহিষ্ণুতা আৰু সহযােগিতাৰ ভাব জগাই তুলি বিশ্বশান্তি প্রতিষ্ঠাত যথেষ্ট অৰিহণা যােগাইছে।

সামৰণি

বর্তমান বিজ্ঞানৰ অভূতপূর্ব সফলতাই সমগ্র বিশ্বখনকে এখন গাৱলৈ ৰূপান্তৰিত কৰিছে। ঘৰতে বহি বিশ্বৰ সমগ্ৰ খবৰ বাতৰি প্রতি পলে পলে জানিব পৰা হৈছে। তথাপি মানৱমন ভ্রমণ আকলুৱা হয়; ইমানুহৰ চাৰিত্রিক বৈশিষ্ট্য। তদুপৰি ভ্রমণে পাঠ্যপুথিলব্ধ জ্ঞানৰ পৰিপূর্ণতা আনি বাস্তৱৰ লগত পৰিচয় কৰি দিয়ে। সেয়ে আমি ভ্ৰমণৰ প্রতি আগ্রহশীল হােৱা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top