নির্মলপ্ৰভা বৰদলৈ ৰচনা | Nirmol Probha Bordoloi Essay in Assamese

নির্মলপ্ৰভা বৰদলৈ ৰচনা | Nirmol Probha Bordoloi Essay in Assamese

Join Telegram channel

ইংৰাজ কবি ৱৰ্ডছৱৰ্থে এষাৰ সোণসেৰীয়া কথা কবিতাৰ প্ৰসংগত কৈ গৈছে- আপোনা-আপুনি পাৰ বাগৰি অহা আৱেগৰ ঢলেই হ’ল কবিতা।” সার্থক কবিতাই পাঠকৰ হৃদয়-তন্ত্ৰীত জোকাৰণি তোলে- আপ্লুত কৰি তোলে কাব্যৰসেৰে মন মগজু হৃদয়। সেয়ে ভাল কবিতা শাশ্বত, অক্ষয়, অব্যয়।

নির্মলপ্ৰভা বৰদলৈ ৰচনা | Nirmol Probha Bordoloi Essay in Assamese

পৰিচয় | Introduction

মোৰ মনৰ গহন কোণত ভাবৰ উদ্দীপনী শিখা প্রজ্বলিত কৰা প্ৰিয় কবি গৰাকী হ’ল- আজীৱন সাৰস্বত সাধনাৰে মহীয়সী, গৰিমাৰে গৰীয়সী, আধুনিক অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনত সোণালী আখৰেৰে লিখি থোৱা এটি নাম ড° নিৰ্মলপ্ৰভা বৰদলৈ। ড° নির্মল প্রভা বৰদলৈৰ প্ৰতিভা আছিল বহুধা বিভক্ত। তেওঁ আছিল একাধাৰে বিশিষ্ট কবি, গীতিকাৰ, শিশু-সাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ আৰু পাচ্যতত্ত্ব গৱেষক ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহৰু অধ্যাপিকা ড° বৰদলৈয়ে নিজ পাণ্ডিত্যৰ বলত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ৰাষ্ট্ৰীয় অধ্যাপিকা পদতো নিযুক্ত হৈছিল। সাহিত্য কৰ্মৰ স্বীকৃতি হিচাপে এদিন ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে লাভ কৰিলে সাহিত্য অকাডেমী বঁটা। ১৯৯১ চনত অসম সাহিত্য সভাৰ সপ্তপঞ্চাশতম্ দুধনৈ অধিৱেশনৰ ‘সমন্বয় ক্ষেত্ৰত পদ্মশ্রী নলিনীবালা দেৱীৰ পিছত দ্বিতীয় গৰাকী মহিলা সভানেত্রী হিচাপে অধিষ্ঠিত হ’ল ‘সৰস্বতী’ নিৰ্মলপ্ৰভা বৰদলৈ।

মোৰ প্ৰিয় কবিগৰাকীৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুনৰ দিনা, শিৱসাগৰৰ পুৰণা আমোলাপট্টিত। পিতৃৰ নাম ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ, মাতৃ মুক্তাবালা। নিৰ্মলপ্ৰভাৰ জন্ম হৈছিল এনে এক নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত- বাল্য বিবাহ য’ত বিধি নিৰূপিত। সমাজৰ পৰম্পৰা অনুযায়ী এঘাৰ বছৰ নৌ হওঁতেই ১৯৪৩ চনৰ ১৩ ডিচেম্বৰৰ দিনা ‘ৰোহিনী’ ৰূপী নিৰ্মলপ্ৰভাই কইনাৰ সাজ পিন্ধিলে । ১৩ বছৰ বয়সত এটি কন্যা সন্তানৰ মাতৃ হ’ল। সিমানতে তেওঁ যুগ্ম সাংসাৰিক জীৱনৰো সমাপ্তি ঘটিল। সেই ১৩ বছৰ বয়সৰে পৰা জীৱনৰ কণ্টকময় পথ আত্মশক্তিৰে অতিক্ৰম কৰি নিৰ্মলপ্রভাই জয় কৰিলে জীৱনক। নিৰলস প্রজ্ঞাৰ সাধনাৰে তেওঁ নিৰ্মাণ কৰিলে সৃষ্টিৰ এক স্বর্ণ দেউল।

কাব্য প্রতিভা

নিৰ্মলপ্ৰভা বৰদলৈ যুদ্ধোত্তৰ কালৰ অসমীয়া কাব্যজগতত এগৰাকী শ্রেষ্ঠ কবি হিচাপে সুপ্রতিষ্ঠিত। পঞ্চাশৰ দশকৰ পৰা পাঁচোটা দশকৰ ওপৰকাল তেওঁ বিচৰণ কৰিছিল শব্দৰ জগতত। সেয়ে তেওঁ কৈছিল-

“মই শব্দবোৰৰ মাজত

শব্দবোৰ মোৰ মাজত

শব্দবোৰৰ মাজত মই।”

নিৰ্মলপ্ৰভাৰ অন্তৰত অমিতাভ শব্দই প্রথম ভুমুকি মাৰিছিল চতুর্থ শ্ৰেণীত পঢ়ি থাকোতেই। ‘জীৱন-জীৱন বৰ অনুপম’ আত্মজীৱনীত তেওঁ এনেদৰে সেই দিনটোৰ বৰ্ণনা দিছে।

“প্রথম কবিতা লিখাৰ দিনটো আজিও সুন্দৰকৈ মোৰ মনত আছে। ৰ’দ-বৰষুণে জিলমিলকৈ থকা এটা আবেলি। পঢ়া কোঠাৰ কাষৰ হাচনাহানাজোপাৰ বগা ফুলবোৰ জকমকাই আছিল। মই খিৰিকিত উঠি খিৰিকিৰ ৰেলিং এডালত ধৰি দুলি আছিলো। দোলনৰ লগে লগে মোৰ মনলৈ ছন্দ আহিছিল। ছন্দই ছন্দই কথাবোৰ মিলি মিলি যায়- কি যে ভাল লগা এই আখৰ মিলোৱা কামটো। চাওঁতে চাওঁতে এটা অর্থ থকা পদ্য মুখে মুখে হ’ল। মই লৰালৰিকৈ নামি কাগজ এখনত লিখি পেলালো আৰু আনন্দৰ আতিশয্যত দেউতাৰ ওচৰ পালোগৈ।”

কবিতাক অন্তকৰণেৰে ভালপোৱা সেই কিশোৰী নিৰ্মলপ্ৰভা এদিন ডাঙৰ হ’ল। মূৰ্তমান হৈ উঠিল তেওঁৰ কাব্য প্রতিভা সৰ্বসাধাৰণ মানুহৰ সুখ-দুখ, প্রাপ্তি-অপ্রাপ্তি, প্রেম-বিৰহ, আনন্দ-বিষাদ, নিঃসংগতা, গ্ৰাম্য জীৱনৰ ৰূপ ৰস-গন্ধ-স্পৰ্শ আদি বিষয়ৰ লগতে সাম্প্ৰতিক ৰক্তাক্ত সময়ৰ এখন জলছবি তেওঁৰ কবিতাসমূহত বাংময় হৈ উঠিল।

Read Also: অসমীয়া লোক-সাহিত্য ৰচনা | Assamese Folk Literature Essay in Assamese

কাব্য প্ৰতিভাৰ স্বীকৃতি

১৯৫০ চনতে ‘ৰামধেনু’ আলোচনীত প্ৰকাশিত ‘বার্ণাড শ্ব’ ‘কবিতাৰ জৰিয়তে কাব্যৰসিকৰ দৃষ্টি আকৰ্ষণ কৰা নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কাব্য সংকলন ‘বন ফৰিঙৰ ৰং’ ১৯৫৭ চনত প্ৰকাশ হয়। ক্রমশঃ তেওঁৰ কাপৰ পৰা সৃষ্টি হৈছে ‘সমীপেষু’, ‘দিনৰ পাছত দিন’, ‘অন্তৰংগ’, ‘সুদীর্ঘ দিন আৰু ঋতু’, ‘শব্দৰ ইপাৰে শব্দৰ সিপাৰে’, ‘অমিতাভ শব্দ’, ‘ড’ নিৰ্মলপ্ৰভা বৰদলৈৰ নিৰ্বাচিত কবিতা’, ‘বসন্তৰ এদিন’ (যন্ত্ৰস্থ) আদি কাব্য সংকলনৰ। উল্লেখযোগ্য যে তেওঁ ‘দিনৰ পাছত দিন’ কাব্য গ্ৰন্থৰ বাবে ‘অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা (১৯৭৭) আৰু সুদীর্ঘ দিন আৰু ঋতু’ কাব্যগ্ৰন্থৰ বাবে ১৯৮৩ চনৰ ‘সাহিত্য অকাডেমী বঁটা লাভ কৰে।

নিৰ্মলপ্ৰভা বৰদলৈৰ ভালেমান কবিতা ইংৰাজীলৈ অনুবাদ হৈছে। অনুবাদকসকলৰ ভিতৰত বৰুৱা, ড° ৰাঘবেন্দ্ৰ ৰাও, ড° নৱনীতা দেৱসেন, ড’ ভোলাভাই পেটেল, ড° প্রফুল্ল দত্ত গোস্বামী, ড° মহেন্দ্ৰ বৰা, ড° হীৰেন গোহাঁই, ভবেন বৰুৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, হীৰেন দত্ত, প্রদীপ আচাৰ্য্য, অজিৎ বৰুৱা, অভুলানন্দ গোস্বামী আদি অন্যতম।

বিশ্বৰ বহু ভাষালৈ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা ৰূপান্তৰ আৰু তৰ্জমা হৈছে। তেওঁৰ হিন্দী আৰু ইংৰাজীলৈ অনুদিত কাব্যপুথি হ’ল- ‘বন্দুকো কী আৱাজ চে সুবহ হোতী হে ক্যা’ আৰু ‘The Dawn’। নিৰ্মলপ্ৰভাৰ কবিতাত বিমুগ্ধ হৈ অৱসৰপ্ৰাপ্ত মানৱ সম্পদ বিভাগৰ সচিব আই. এ. এছ. বিষয়া কে. কে. খুল্লৰে তেওঁক ‘নাইটিংগেল অৱ আসাম’ বুলি অভিহিত কৰিছিল।

কবিতাৰ বৈশিষ্ট্য

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত প্ৰকৃতিয়ে জীৱন্ত ৰূপ পৰিগ্ৰহ কৰিছে। কবিৰ শৈশৱৰ প্ৰাকৃতিক পৰিৱেশ, সেউজীয়া ৰং ৰূপ, ছয় ঋঋতুৰ সজীৱ বৰ্ণনা, প্রকৃতি জগতৰ ঐশ্বৰ্যময় বিভূতি তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। তেওঁৰ কবিতাত কল্পচিত্ৰৰ ঘনায়িত ৰূপ, উপমাৰ সঠিক চিত্ৰণ মন কৰিলগীয়া। আহিনৰ এটি লেণ্ডস্কেপ তেওঁ শব্দেৰে আঁকিছে এনেদৰে-

“আহিন কি যে যাদুকৰী ঐ

সেউজী এখনি নৈ

তাৰে ওপৰত

বৰ আলফুলে

কুঁৱলী ৰঙৰ

আনখনি থাকে বৈ।”

মাঘৰ এটি লেণ্ডস্কেপ – 

“বেলিটোৱে গা ধুইছিল

দোকমোকালিতে

নৈ খনত

কুঁৱলীয়ে তৰি দিছিল

আবুৰ।”

মহিলা কবি হিচাপে নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰায়বোৰ কবিতাতে নাৰী জীৱনৰ বিভিন্ন দিশ বাংময় ৰূপত প্ৰতিভাত হৈছে। মহাকাব্যৰ যুগৰ পৰা সাম্প্ৰতিক কাললৈকে নাৰীয়ে সন্মুখীন হৈ অহা লাঞ্চনা আৰু বঞ্চনা, শোষিত আৰু নিষ্পেষিত ৰূপক তেওঁ কবিতাৰ ভাষাৰে ব্যক্ত কৰিছে।‘দ্রৌপদী’, ‘সীতা’, ‘গান্ধাৰী’ আদি কবিতাৰ যোগেদি নাৰীৰ ‘বজ্ৰাদপি কঠোৰানি মৃদুনি কুসুমাদপি’-  এই দুয়োটা ৰূপ প্রতিফলিত হৈছে।

নিৰ্মলপ্ৰভা বৰদলৈৰ অনেক কবিতাৰ ভিতৰৰে এটা কালজয়ী কবিতা হ’ল, ‘বন ফৰিঙৰ ৰং’ কাব্যগ্রন্থত সংকলিত ‘দ্রৌপদী’৷ ‘নৱযুগ’ নামৰ আলোচনীত কবিতাটি প্রকাশিত হৈ তদানীন্তন সময়ত আলোড়নৰ সৃষ্টি কৰিছিল। কবিতাটিত ব্যংগাত্মক প্রকাশভংগীৰ মাজেৰে ফুটি উঠিছে নাৰী মনৰ এক চিৰন্তন সত্যতা-

‘মোৰ দোষ ক’ত ?

ম‍ই মাথোঁ কৰি গ’লো

সত্যৰ সহজ স্বীকাৰ

যিবোৰ স্বীকাৰ ভণ্ডামিৰ মুখাৰ তলত

সর্বদায় গুপ্ত হৈ থাকে

হাঁহি উঠে আৱৰণৰ আঁৰত

আমি সকলো উলংগ।”

সমাজ যেতিয়া অন্যায় অনীতিৰে ভৰি পৰে, বিভেদৰ প্ৰাচীৰ যেতিয়া থিয় হয় সন্মুখত, মাতৃভূমি যেতিয়া হয় অগ্নিগর্ভা তেতিয়া কবিৰ কলম হৈ পৰে একোপাত অস্ত্ৰ। নিৰ্মলপ্ৰভায়ো সমাজৰ, স্বদেশৰ এচাম ডেকা গাভৰুৱে বাট এৰি অবাটে যোৱাৰ ৰক্তাক্ত সময়ত সকীয়নি দিছিল। এইদৰে-

“খং শিঙা এৰা

ৰং শিঙা লোৱা

——————

বিহু-বৈশাগু-বাগৰুম্বা

মিলি আছে মিলি যাওক।”

কবিতাৰে তেওঁ দিব খুজিছিল গতিহীনতাক গতি। দানৱক সংহাৰ কৰি তাৰেই তেজেৰে বন্তি জ্বলাই তেওঁ পোহৰাব খুজিছিল কালৰাত্ৰিৰ অন্ধকাৰ। দুষ্কৃতিক গচকি খচকি, কালজিভা মেলি তেওঁ চিবাচিৰ কৰিব খুজিছিল জাতিৰ বিভেদ মাতি অনা বিভেদকাৰীক । তেওঁ দীপ্ত সূৰুযৰ পোহৰ সিঁচিব খুজিছিল হাজাৰ্জনৰ চকুত। সেয়ে তেওঁ উদাত্ত সুৰে লিখিছিল, আবৃত্তি কৰিছিল এই কবিতা-

 “মই বিচাৰিছোঁ হাজাৰ চকুত

দীপ্ত সূর্য শিখা

এই ভয়াবহ যুগ সন্ধিৰ

নাশিবলে’ বিভীষিকা।

মাৰৈ পূজাৰ দেওধনী মই

খেৰাই পূজাৰ দেওধনী মই

বানৰ বুকুৰ পকনীয়া মই

মেলা চুলি মেলি, হাত মেলি মেলি

তেজ পি পি নাচো

মূৰ খুন্দিয়াই, হিয়া ভুকুৱাই

অফলীয়াই, সফলীয়াই

ধুমুহাৰ দৰে কঁপো…………….” (মোৰ উক্তি)

নিৰ্মলপ্ৰভা বৰদলৈৰ কাব্য-ৰীতিৰ এক বিশেষ বেশিষ্ট্য হ’ল মিতভাষিতা’। কবিতাৰ সংযত আ নিটোল ৰূপে তেওঁৰ কবিতাক এক নতুন আয়তন দিবলৈ সমৰ্থ হৈছে। জাপানী হাইকুৰ দৰে চুটি পংক্তিৰ মাজতেই প্রতিফলিত হৈছে এটি সুন্দৰ মনোভংগী। কোনে বাৰু পাহৰিব পাৰিব সেই কালজ কবিতা-

“বন্দুকৰ শব্দত বাতি পুৱায়নে

ওহোঁ

পুৱায়

সেই চৰাইটোৰ মাতত

যি কুটি খায়

ৰাতিৰ আন্ধাৰবোৰ

লাহে লাহে।”

কবি নিৰ্মলপ্ৰভাৰ মতে “জীৱনতকৈ ডাঙৰ কবিতা আৰু একো নাই । জীৱন এক অনন্ত কবিতা বুজাৰ-নুবুজাৰ, জোনাকৰ, ধুমুহাৰ, নোপোৱাৰ পোৱাৰ, পাই হেৰুওৱাৰ, কোমলতাৰ, স্বপ্নৰ, সৌন্দৰ্য্যৰ, পোহৰৰ, অন্ধকাৰৰ, যন্ত্ৰণাৰ, নিসংগতাৰ, অসহায়তাৰ, কঠিনতাৰ, সত্য উচ্চাৰণৰ, শোষণৰ, দগ্ধতাৰ, কাতৰতাৰ, আৰ্তনাদৰ অশ্ৰুৰ, প্ৰতিজ্ঞাৰ………………….”

Read Also: Class 10 Social Science Solution

সামৰণি

নির্মলপ্ৰভা বৰদলৈ নিজেই এটা নিটোল কবিতা; সমগ্র সত্তা তেওঁ বিলীয়মান হৈ আছে আজিও কবিতাৰ মাজত। স্বপ্নভাষী ৰীতি, অগতানুগতিক অথচ সহজবোধ্য চিত্রকল্প, গীতি ধর্মিতা, শব্দচাতুৰ্য্য আৰু প্ৰকাশভংগীৰ অভিনৱত্বই তেওঁৰ কবিতাত সোণত সুৱগা চৰাইছে। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাই মনলৈ কঢ়িয়াই আনে গভীৰ প্ৰশান্তি, ভাব আৰু অনুভূতিৰ স্বতঃস্ফূট প্রকাশ ৰীতিয়ে উন্মোচিত কৰে মনৰ দিগন্ত। সেয়েহে মোৰ প্ৰিয় কবি নিৰ্মলপ্রভা। মৃত্যুৰ কষটি শিলত জীৱনক খোদিত কৰি থৈ যোৱা এইগৰাকী বৰেণ্যা কবি সত্তাক মোৰ শতকোটি প্রণাম।

আমি আশা কৰিছো নির্মলপ্ৰভা বৰদলৈ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ নির্মলপ্ৰভা বৰদলৈ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top