Niketan Class 7 Assamese Chapter 14 বাঘ আৰু মেকুৰীৰ খৰিয়াল

Niketan Class 7 Assamese Chapter 14 বাঘ আৰু মেকুৰীৰ খৰিয়াল is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 14 বাঘ আৰু মেকুৰীৰ খৰিয়াল and select need one.

Niketan Class 7 Assamese Chapter 14 বাঘ আৰু মেকুৰীৰ খৰিয়াল

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 14 বাঘ আৰু মেকুৰীৰ খৰিয়াল Solutions for All Subjects, You can practice these here…

বাঘ আৰু মেকুৰীৰ খৰিয়াল

Chapter – 14

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। সাধুকথা কাক বােলে ? 

উত্তৰঃ অতি প্রাচীন কালৰ পৰা মানুহৰ মুখে মুখে চলি অহা মুখৰােচক আখ্যান – উপাখ্যান বােৰকে সাধু কথা বােলে । 

প্রশ্ন ২। নামছিং মানে কি ? 

উত্তৰঃ চুঙাত ভৰাই লৈ ৰন্ধা মঙহ ৷

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ৩। পাঠত থকা ১ নং কাহিনীটোৰ ওজা ছাত্র কোন আছিল ? 

উত্তৰঃ বাঘগােজৰ বৰুৱা । 

প্রশ্ন ৪। তােমাৰ পিঠত থকা কাহিনী অনুসৰি বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ মূল কাৰণ কি আছিল ? 

উত্তৰঃ বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ কাৰণ দুটা আছিল । এটা হ’ল মেকুৰীয়ে বাঘক গছত উঠা বিদ্যা নিশিকোৱা বাবে আৰু আনটো হ’ল মেকুৰীয়ে জুই আনিবলৈ গৈ উভতি নাহিল ।

প্রশ্ন ৫। মেকুৰী পণ্ডিতে পঢ়াশালিৰ দুৱাৰত কিয় দাং দি পলাই গৈছিল ? 

উত্তৰঃ মেকুৰী পণ্ডিতে তাৰ ওজা ছাত্ৰৰ বাঘক চিকাৰৰ আন সকলাে কৌশল শিকাই গছত উঠা বিদ্যাতাে শিকোৱা নাছিল । বাঘে কথাটো ধৰিব পাৰি তাকো সেই বিদ্যাতাে শিকোৱাৰ বাবে মেকুৰী পণ্ডিতক খাটনি ধৰিছিল । বাঘক সেইটো বিদ্যা শিকোৱা মানে এদিন যে নিজৰে বিপদ হ’ব এই কথাটো ভাবি বিদ্যাতাে শিকাব শিকাব বুলি মেকুৰী পণ্ডিতে বাঘক ঠগাই আছিল । অৱশেষত মেকুৰী পণ্ডিতে ভাবিলে যে আৰু বেছিদিন বাঘক ঠগাব পৰা নাযাব । কিন্তু বিদ্যাতাে বাঘক শিকোৱা মানে নিজৰেই বিপদ আৰু নিশিকালেও বাঘে নেৰিব । সেয়েহে মেকুৰী পণ্ডিতে এদিন পঢ়াশালিৰ দুৱাৰত দাং দি পলাই গৈছিল । 

প্রশ্ন ৬। মেকুৰীয়ে বাঘক কোনটো বিদ্যা নিশিকালে আৰু কিয় নিশিকালে ? 

উত্তৰঃ মেকুৰীয়ে বাঘক গছত উঠা বিদ্যাতে নিশিকালে । নিশিকোৱাৰ কাৰণ এইটোৱেই যে বাঘেও গছত উঠিব পৰা হ’লে ততালিকে গছত উঠি গছৰ ওপৰতে মেকুৰীৰ দিহা লগালেহেঁতেন । 

প্রশ্ন ৭। ৰাভা সমাজত প্রচলিত বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ কাহিনীটো পাঠৰ আলমত নিজৰ ভাষাত চমুকৈ লিখা । 

উত্তৰঃ ৰাভা সমাজত প্রচলিত বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ কাহিনীটো বেছ মজাৰ । ৰাভাৰ জনবিশ্বাস মতে মেকুৰী বাঘৰ মাহীয়েক । এদিন দুয়াে এটি সুগৰী পহু চিকাৰ কৰিলে । মেকুৰীয়ে পহুটো সিজাই ৰখােৱাৰ কথা কোৱাত বাঘে মেকুৰীকে মানুহৰ ঘৰলৈ গৈ জুই অনাৰ বাবে পাচিলে । মেকুৰীয়ে মানুহৰ ঘৰলৈ জুই আনিবলৈ গৈ তাত পােৰা মাছৰ সােৱাদ পাই আৰু উভতি নাহিল । বাঘে ৰৈ ৰৈ খঙতে গৰজিবলৈ ধৰিলে।সিদিনাৰ পৰা মেকুৰী বাঘৰ শত্রু । বাঘৰ ভয়ত মেকুৰীয়ে হাগিলেও চিন – চাব নােহােৱাকৈ ঢাকি থয় । 

প্রশ্ন ৭। তােমাৰ পিঠত থকা বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ যি কোনাে এটা ভাল লগা কাহিনী নিজৰ ভাষাত লিখা । 

উত্তৰঃ ‘ বাঘ আৰু মেকুৰীৰ খৰিয়াল’ৰ কাহিনীবােৰৰ ভিতৰত নগাসকলৰ নক্টে সমাজত প্রচলিত কাহিনীটো বেছ মজাৰ । কাহিনীটো তলত বর্ণনা কৰা হ’ল । 

বহুদিন আগৰ , মানে বুৰঞ্জীয়ে ঢুকি নােপােৱা দিনৰ কথা । তেতিয়া হেনাে মানুহ আৰু বাঘ ভাই – ককাই আছিল । এদিন হ’ল কি ? পহু এটিক লৈ দুয়ােৰে মাজত কাজিয়া লাগিল । বাঘে খং কৰি মানুহৰ সংগ এৰি হাবিত থকা কৰিলেগৈ । তাতেই এদিন বাঘৰ ভীষণ ঠাণ্ডা লাগিল । বাঘ বপুৰাই এতিয়া কৰে কি ! মানুহৰ সংগটো এৰিছেই । গতিকে মেকুৰীকে পাচিলে মানুহৰ ঘৰৰ পৰা জুই আনিবলৈ । 

মেকুৰীও গ’ল । পিছে , মানুহৰ ঘৰত জুহালৰ উম পাই আমাৰ মেকুৰী মাহীয়ে বাঘৰ কথা পাহৰিলে আৰু জুহালৰ কাষত ফষ্টি মাৰি শুই থাকিল।ইপিনে ঠাণ্ডাত কঁপি থকা বাঘৰ খং – মেকুৰীক লগ পালেই খাই হজম কৰি পেলাব । তাইক লগ পালে বাঘে এইফেৰা কামকে যে কৰিব মেকুৰী মাহীয়ে ভালকৈ জান । গতিকে , বাঘৰ ওচৰলৈ নগ’লটো নগলেই আনকি গােন্ধ লৈয়েই বাঘে তাইক বিচাৰি উলিয়াব ভাবি তাই হাগি উঠি মাটি জাপি হােৱা কৰিলে । 

প্রশ্ন ৮। বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ কাহিনীকেইটিৰ মাজত তুমি কি কি মিল দেখিছা ? 

উত্তৰঃ কাহিনীবােৰৰ মাজত থকা মিলবােৰ হৈছ— 

১। মেকুৰী বাঘতকৈ বুধিয়ক আৰু বাঘে সদায় মেকুৰীৰ বুদ্ধিৰ ওচৰত হাৰ মানে । 

২। আৰম্ভণিতে মেকুৰী আৰু বাঘৰ মাজত ভাল সম্পর্ক , পিছত খৰিয়াল। 

৩। দুয়ােৰে মাজত পাৰিবাৰিক আৰু অন্যান্য সম্পর্ক আছে । যেনে — মেকুৰী বাঘৰ মাহীয়েক , এজন ভাই আনজন ককাই , এজন মােমায়েক আনজন ভাগিনীয়েক , মেকুৰী শিক্ষক আৰু বাঘ ছাত্র ইত্যাদি । 

৪। বাঘে কেতিয়াও হাবি নেৰে আৰু মেকুৰীয়ে মানুহৰ ঘৰত থাকি ভাল পায় ।

৫। বাঘ বৰ খঙাল আৰু খং উঠিলেই কাৰােবাক খাব বিচাৰে । 

৬। মেকুৰীয়ে বাঘক গছত উম বিদ্যা নিশিকোৱা আৰু মেকুৰীয়ে মানুহৰ ঘৰলৈ জুই আনিবলৈ যােৱা । 

৭। বাঘৰ ভয়তে মেকুৰীয়ে হাগি মাটি জাপি থােৱা। 

প্রশ্ন ৯। “ তই বাঘ নহয় , বিলত লুকোৱা বিল্লিহে ” — কোনে কাক এইদৰে কৈছিল ? এই কাহিনীটো কোন সমাজত প্ৰচলিত জনশ্রুতি ? 

উত্তৰঃ বাঘে ভনীয়েকৰ অকণমান পােৱালিটোক কৈছিল । এইটো উৰিষ্যাৰ কেৰপুট জিলাৰ পেৰেংগা সমাজত প্রচলিত জনশ্রুতি । 

প্রশ্ন ১০। নক্টে সকল কোন ?

উত্তৰঃ নগাৰ এটি জনগােষ্ঠী । 

প্রশ্ন ১১। নক্টে সমাজত প্রচলিত কাহিনীটোৰ মতে মেকুৰীয়ে জুই আনিবলৈ গৈ উভতি নাহিল কিয় ? 

উত্তৰঃ জুহালৰ উম পাই উভতি নাহিল । 

প্রশ্ন ১২। নিনয়ং আবৰসকলৰ কাহিনীটোত উল্লেখ থকা অনুসৰি মাকে সন্তান দুটিক ক’লৈ পঠিয়াইছিল ? 

উত্তৰঃ প্রথমটো সন্তানক মঙহ যােগাৰ কৰিবলৈ হাবিলৈ পঠিয়াইছিল আৰু দ্বিতীয় সন্তানটিক জুই আনিবলৈ মানুহৰ ঘৰলৈ পঠিয়াইছিল । 

প্রশ্ন ১৩। বাঘ আৰু মেকুৰীৰ এটি শাৰীৰিক বর্ণনা দিয়া । 

উত্তৰঃ বাঘ এবিধ চিকাৰী জীৱ । ই বৰ তজবজীয়া আৰু শক্তিশালী শৰীৰৰ অধিকাৰী । গাৰ বৰণ সাধাৰণতে ৰংচুৱা – হালধীয়া । শৰীৰৰ তল ফালটো বগা । গােটেই গাত পাতল পাতলকৈ ক’লা বৰণৰ দাগ আছে । বাঘৰ জাত অনুযায়ী এই দাগবােৰ বেলে বেলেগ হােৱা দেখা যায় । অতি চোকা আৰু বেঁকা নখযুক্ত বাঘৰ হাতোৰা অত্যন্ত শক্তিশালী।ইয়াৰ উচ্চতা ৪ ফুট মান আৰু ৫ ফুট মানলৈকে হােৱা দেখা যায় ।

মেকুৰীওে এবিধ চিকাৰী প্রাণী । ইয়াৰ শৰীৰ যথেষ্ট সৰু । এন্দুৰ নিগনি আদি সৰু সৰু প্রাণী চিকাৰ কৰিব পৰাৰ জোখেৰেহে ই শাৰীৰিক শক্তিৰ অধিকাৰী । ছাঁই বৰণীয়া , বগা , কলা , ৰঙচুৱা — মেকুৰীৰ শৰীৰত এই কেইটা ৰং দেখা যায় । কিন্তু ছাঁই বৰনীয়া মেকুৰীৰ সংখ্যাই সৰহ । পখৰা মেকুৰীও আছে । মেকুৰীৰ হাতােৰাতাে চোকা নখ আছে । ইয়াৰ উচ্চতা সাধাৰণতে এফুটতকৈ কম হােৱা দেখা যায় । 

প্রশ্ন ১৪। বাঘ আৰু মেকুৰীয়ে কি কি খাই ভাল পায় এখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ বাঘ এবিধ মাংসহাৰী জীৱ । গতিকে বিভিন্ন জীৱ জন্তু , যেনে গৰু , মহ , ছাগলী , পহু , শহা , ঘোঁৰা ইত্যাদি ইয়াৰ খাদ্য তালিকাৰ অন্তর্ভূক্ত । 

মেকুৰীৰ খাদ্য হৈছে — এন্দুৰ , নিগনি , মাছ , গাখীৰ ইত্যাদি । মেকুৰীয়ে ভাত বা মানুহে খােৱা আন কিছুমান বস্তুও খায় । 

প্রশ্ন ১৫। “ ওজাদেও ! মই সকলাে বিদ্যাতে আপােনাৰ দৰে পণ্ডিত হলাে । কিন্তু গছত উঠা বিদ্যা এতিয়াও বাকী । কেতিয়া মােক এই বিদ্যা শিকাব কওঁক ? ” এই কথাখিনি কোনে কাক কৈছিল ? 

উত্তৰঃ কথাখিনি বাঘে মেকুৰী পণ্ডিতক কৈছিল । 

প্রশ্ন ১৬। পাঠত থকা ১ নং কাহিনীটোত বাঘে কিহৰ আশাত পণ্ডিতৰ ভােজনৰ বাবে একোটা গােটপহু মাৰি আনি দিছিল ? পণ্ডিত কোন ? 

উত্তৰঃ ন – বিদ্যা অর্থাৎ গছত উঠা বিদ্যা শিকাৰ আশাত । পণ্ডিত হৈছে এটা বােন্দা মেকুৰী । তাক সকলােৱে ‘ মেকুৰী পণ্ডিত বুলি জানিছিল ৷ 

প্রশ্ন ১৭। ভাব বহলাই লিখা –

( ক ) ভেটিত তিতা লাও গজা । 

উত্তৰঃ তিতা লাও খাব নােৱাৰি । কাৰােবাৰ ঘৰত হােৱা লাও তিতা হলে গৃহস্থই সেই লাও গছ কাটি পেলায় । মানুহ থকা ঘৰত তিতা লাও নাথাকে । কিন্তু এৰা ভেঁটিত গহৰা লাও গছ গজি তাত লােমালােমে তিতা লাও লাগি থাকে । গতিকে ভেঁটিত তিতা লাও গজা মানেই ভেঁটি উছন হােৱা বুজায় । কোনাে মানুহক উপলক্ষ কৰি যদি কোৱা হয় তাৰ ভেটিত তিতা লাও গজিছে , তেনেহলে আমি বুজিব লাগিব যে তেওঁৰ ভেটি উছন হৈছে অর্থাৎ তেওঁ ধ্বংসৰ গৰাহত পতিত হৈছে । 

( খ ) আঁউসীৰ ধাৰ পূর্ণিমাত শুজা । 

উত্তৰঃ খণ্ডবাক্যটিয়ে সুযােগ পালেই প্রতিশােধ লোৱা পােতক তােলা কথা সূচাইছে । কেতিয়াবা মানুহে কাৰােবাৰ হাতত ঠগ খায় , অপমানিত হয়। আনকি শাৰীৰিকাভাবেও অপদস্থ হয় । সেই সময়ত মানুহজনে ঠগ খােৱা কথাটো বুজিব নােৱাৰে অথবা অপদস্থ , অপমানিত হলেও প্রতিৰােধ কৰাৰ ক্ষমতা তেওঁৰ নাথাকে । কিন্তু এইবােৰে মানুহজনৰ অন্তৰত প্রতিশােধৰ জুই একুৰা জ্বলাই ৰাখে আৰু সুযােগ পালেই তাৰ পােতক তােলাৰ অপেক্ষাত থাকে বা পােতক তােলে । এনেকুৱা অৰ্থত ‘ আঁউসীৰ ধাৰ পূৰ্ণিমাত শুজা ’ খণ্ডবাক্যটি ব্যৱহাৰ কৰা হয় । 

প্রশ্ন ১৮। ১ নং কাহিনীটো পঢ়া আৰু তলৰ শব্দবোৰৰ অৰ্থ লিখা –

     আতৌ পুতৌ , লােদোৰ – পােদাৰ , ভেঙুচালি । 

উত্তৰঃ আতৌপুতৌ :- আদৰ , মৰম ।

লােদোৰ – পােদোৰ :- নােদোকা , শকত – আৱত । 

ভেঙুচালি :- বিকৃত অঙ্গী – ভঙ্গীৰে কৰা বিদ্রুপ সিয়ৰা কার্য । 

প্রশ্ন ১৯। সমার্থক শব্দ লিখা – 

মেকুৰী , খৰিয়াল , আঁউসী , কিটিপ , পঢ়াশালি , গিৰি , গিৰী, যুঁজা , পণ্ডিত । 

উত্তৰঃ মেকুৰী       —      বিৰাল , মার্জাৰ ।

         খৰিয়াল     ―      কাজিয়া , কলহ । 

         আঁউসী       ―      অমাৱস্যা । 

         কিটিপ        ―      কৌশল , কায়দা । 

         পঢ়াশালি     ―       বিদ্যালয় ।

         গিৰি         ―       পৰ্বত ।

         গিৰী         ―       গৃহিস্থ, গৰাকী ।

         যুঁজা         ―        যমজ ।

         পণ্ডিত       ―        শিক্ষক ।

প্ৰশ্ন ২০। ‘ ক ‘ অংশৰ লগত ‘ খ ‘ অংশ মিলোৱা ।

‘ ক ‘ অংশ‘ খ ‘  অংশ
বাঘখেকখেক
শিয়াল জালি 
মেকুৰীগর্জন
ফেঁচাহোৱা
ফেঁহু  কুৰলি 
বান্দৰমিউ মিউ

উত্তৰঃ 

‘ ক ‘ অংশ‘ খ ‘  অংশ
বাঘগর্জন
শিয়াল হােৱা 
মেকুৰীমিউ মিউ
ফেঁচাকুৰুলি
ফেঁহু  জালি 
বান্দৰখেকখেক

প্রশ্ন ২১। অর্থ লিখি বাক্য সাজা –

এলা – পেচা , হেঁপাহ পলুৱা , পলাই পত্রং , লােদোৰ – পােদোৰ , শৰণ লােৱা । 

উত্তৰঃ এলা – পেচা ( সামান্য , যেই সেই ) :- এলা – পেচা মানুহে তেওঁৰ কাষ চপাই টান । 

হেঁপাহ পলুৱা ( আগ্রহ পূৰণ কৰা ) :- খুৰাহঁতৰ বিয়াখনত মানুহক হেঁপাহ পলুৱাকৈ খুৱাইছে । 

পলাই পত্ৰং ( পলাই যােৱা ) :- মেকুৰীটো অহা দেখা পায়েই নিগনিটোৱে পলাই পত্রং দিলে । 

লােদোৰ – পােদোৰ ( নােদোকা ) :- এনেকুৱা লােদোৰ – পােদোৰ কেঁচুৱা দেখিলে একোলা ল’বৰ মন যায় । 

চুপ – চাপ ( নিমাত ) :- মাকৰ গালি খাই সি চুপ – চাপ হৈ থাকিল । 

শৰণ লােৱা ( আশ্রয় লােৱা ) :- বুধিয়ক মানুহে সদায় ক্ষমতা শালী মানুহৰ শৰণ লয় । 

প্রশ্ন ২২। শব্দার্থ লিখা –

খৰিয়াল , ছাতৰ , ফাকটি , যঁজা , বিল্লি , জনবিশ্বাস । 

উত্তৰঃ খৰিয়াল      ―      দ্বন্দ্ব বা কাজিয়া । 

          ছাতৰ        ―      ছাত্র , শিষ্য । 

          ফাকটি       ―      ফাঁকি , ছলনা কৰি ।

          যুঁজা           ―      যমজ , একে সময়তে ওপজা দুটি সন্তান । 

          বিল্লি          ―       বিৰালী , মেকুৰী । 

         জনবিশ্বাস     ―      কোনাে সমাজত বা মানুহৰ মুখে মুখে প্রচলিত হৈ অহা লােক কথা বা কাহিনী ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top