Niketan Class 6 Social Chapter 3 পৃথিৱীৰ গতি

Niketan Class 6 Social Chapter 3 পৃথিৱীৰ গতি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 3 পৃথিৱীৰ গতি and select need one.

Niketan Class 6 Social Chapter 3 পৃথিৱীৰ গতি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 3 পৃথিৱীৰ গতি Solutions for All Subjects, You can practice these here.

পৃথিৱীৰ গতি

Chapter – 3

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। এটা শব্দত উত্তৰ লিখা –

( ক ) পৃথিৱীৰ আৱৰ্তন কাল কিমান ।

উত্তৰঃ ২৪ ঘণ্টা । 

( খ ) অধিবৰ্ষত ফেব্ৰুৱাৰী মাহ কিমান দিনীয়া হয় ? 

উত্তৰঃ ২৯ দিনীয়া হয় । 

( গ ) সূর্য আৰু পৃথিৱীৰ মাজৰ সর্বনিম্ন দূৰত্বক কি বুলি কোৱা হয় ? 

উত্তৰঃ অনুসূৰ বুলি কোৱা হয় ? 

( ঘ ) পৃথিৱীৰ পৰিভ্ৰমণৰ পথ কেনেকুৱা ? 

উত্তৰঃ উপবৃত্তাকাৰ । 

( ঙ ) ২১ জুনত সূর্য কোন ৰেখাৰ ওপৰত লম্বভাৱে অৱস্থান কৰে ? 

উত্তৰঃ কর্কটক্রান্তি ৰেখাৰ ওপৰত । 

প্রশ্ন ২। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা— 

( ক ) পৃথিৱীৰ আৱৰ্তনৰ ফলত কি কি পৰিৱৰ্তন ঘটে ? 

উত্তৰঃ ( ১ ) পৃথিৱীৰ আৱৰ্তনৰ ফলত দিন ৰাতি হয় । 

( ২ ) দিন – ৰাতি নােহােৱা হ’লে কোনাে জীৱ – জন্তু পৃথিৱীত জীয়াই থাকিব নােৱাৰিলেহেঁতেন । 

( খ ) বার্ষিক গতিৰ বাবে পৃথিৱীত কি কি পৰিৱৰ্তন হয় ? 

উত্তৰঃ বার্ষিক গতিৰ ফলত –

( ১ ) দিন – ৰাতি চুটি – দীঘল হয় । আৰু 

( ২ ) ঋতুৰ পৰিৱৰ্তন হয় । 

( গ ) আহ্নিক গতি আৰু বার্ষিক গতিৰ মাজৰ পার্থক্য কি ? 

উত্তৰঃ ( ১ ) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে । ইয়াকে আহ্নিক গতি বােলে ।

আকৌ পৃথিৱীয়ে নিজ কক্ষ পথেৰে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰি থাকে।ইয়াকে বার্ষিক গতি বা পৰিভ্ৰমণ কাল বােলে । 

( ২ ) আহ্নিক গতিৰ বাবে ২৪ ঘণ্টা সময় লাগে । সেয়ে এই গতিক দৈনিক গতি বুলিও কোৱা হয় । আনহাতে পৃথিৱীখনে নিজ কক্ষপথত সূর্যক এপাক ঘূৰিবলৈ ৩৬৫ দিন বা এবছৰ লাগে । সেয়ে এইগতিক বার্ষিক গতি বা পৰিভ্রমণ কাল বােলে । 

( ঘ ) আহ্নিক গতি নােহােৱা হ’লে পৃথিৱীৰ পৰিবেশ কেনেকুৱা হ’লহেঁতেন ? 

উত্তৰঃ আহ্নিক গতি অবিহনে দিন – ৰাতি নহ’ল হয় । তেতিয়া হ’লে পৃথিৱীৰ এফালে সদায় দিন আৰু আনফালে সদায় ৰাতি হ’লহেঁতেন ৷ গতিকে এফালে অত্যন্ত গৰম আৰু আনটো ফালে অত্যন্ত শীতল হ’লহেঁতেন । এই দুই পৰিবেশতে বর্তমানৰ দৰে উদ্ভিদ বা প্রাণী জীয়াই থাকিব নােৱাৰিলেহেঁতেন । 

( ঙ ) অপসূৰ আৰু অনুসূৰৰ মাজৰ পার্থক্য কি ?  

উত্তৰঃ পৃথিৱীয়ে সূর্যক পৰিভ্ৰমণ কৰােতে ২৪ জুলাই দিনা সূৰ্যৰ পৰা আটাইতকৈ দূৰলৈ যায় । তেতিয়া সূর্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব ১৫২ নিযুত কি.মি. হয় । এই দিনটোকে অপসূৰ বুলি কোৱা হয় । 

আকৌ ৩ জানুৱাৰীৰ দিনা পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয় । এই দিনা পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ১৪৭.৫ নিযুত কি.মি. হয় । এই দিনটোক অনুসূৰ বােলে । 

( চ ) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্রী কোণ কৰি আছে ? 

উত্তৰঃ পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত ৬৬ ১°/২ কোণ কৰি আছে । 

প্রশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা –

( ক ) উত্তৰ আৰু দক্ষিণ গােলার্ধৰ দিন দীঘল – চুটি হােৱাৰ মূল কাৰণ হ’ল— 

( ১ ) পৃথিৱীৰ আহ্নিক গতি । 

( ২ ) পৃথিৱীৰ কক্ষতল ৬৬ ১°/২ কোণ কৰি আছে। 

( ৩ ) পৃথিৱী উপবৃত্তাকাৰ পথেৰে প্রদক্ষিণ কৰে ।

উত্তৰঃ ( ৩ ) পৃথিৱী উপবৃত্তাকাৰ পথেৰে প্রদক্ষিণ কৰে । 

( খ ) বছৰৰ কোনটো তাৰিখক জলবিষুব বােলে ? 

( ১ ) ২১ মার্চ ।

( ২ ) ২৩ ছেপ্তেম্বৰ ।

( ৩ ) ৪ জুলাই । 

উত্তৰঃ ( ২ ) ২৩ ছেপ্তেম্বৰ । 

( গ ) কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কমে ? 

( ১ ) ২৩ ছেপ্তেম্বৰ ।

( ২ ) ৩ জানুৱাৰী ।

( ৩ ) ৪ জুলাই ।

উত্তৰঃ ( ২ ) ৩ জানুৱাৰী । 

( ঘ ) তলৰ কোনটো অধিবর্ষ বাছি উলিওৱা— 

( ১ ) ১৯০০ ।

( ২ ) ২০০৪ ।

( ৩ ) ২০১০ ।

উত্তৰঃ ( ২ ) ২০০৪ ।

( ঙ ) মকৰ সংক্রান্তি হােৱা দিনটো হ’ল— 

( ১ ) ২১ মার্চ ।

( ২ ) ৪ জুলাই । 

( ৩ ) ২২ ডিচেম্বৰ ।

উত্তৰঃ ( ২ ) ২২ ডিচেম্বৰ ।

প্রশ্ন ৪। খালী ঠাই পূৰ কৰা –

( ক ) পৃথিৱীয়ে নিজ অক্ষৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকাকে পৃথিৱীৰ ……………..গতি বােলে । 

উত্তৰঃ পৃথিৱীয়ে নিজ অক্ষৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকাকে পৃথিৱীৰ আহ্নিক গতি বােলে । 

( খ ) ………….. তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব সর্বাধিক হয়। 

উত্তৰঃ ৪ জুলাই তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব সর্বাধিক হয় । 

( গ ) অপসূৰৰ সময়ত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ……………… কি.মি .। 

উত্তৰঃ অপসূৰৰ সময়ত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ১৫২ কি.মি .। 

( ঘ ) কর্কট ক্রান্তি ………………. গােলার্ধত কল্পনা কৰা হৈছে । 

উত্তৰঃ কর্কট ক্রান্তি উত্তৰ গােলার্ধত কল্পনা কৰা হৈছে । 

প্রশ্ন ৫। আহ্নিক গতি আৰু বার্ষিক গতিৰ পার্থক্য আৰু ফলাফল সংক্ষিপ্তকৈ লিখা । 

উত্তৰঃ আহ্নিক গতি আৰু বার্ষিক গতিৰ পাৰ্থক্য— আহ্নিক গতিৰ বাবে ২৪ ঘণ্টা সময় লাগে । আনহাতে বার্ষিক গতিৰ বাবে এবছৰ সময় লাগে।

ফলাফলঃ আহ্নিক গতিৰ ফলত দিন ৰাতি হয় । আনহাতে বার্ষিক গতিৰ ফলত ঋতুৰ পৰিৱর্তন হয় । লগতে দিন – ৰাতি চুটি – দীঘল হয়। 

অতিৰিক্ত প্রশ্নোত্তৰ

( ক ) অতি চমুকৈ উত্তৰ দিয়া –

প্রশ্ন ১। উত্তৰ গােলাৰ্দ্ধত বছৰৰ কোন তাৰিখত দিন বেছি দীঘল হয় ? 

উত্তৰঃ ২১ জুনৰ দিনা ।

প্রশ্ন ২। উত্তৰ গােলাৰ্দ্ধত বছৰৰ কোন তাৰিখত দিন চুটি আৰু ৰাতি বেছি দীঘল হয় ? 

উত্তৰঃ ২২ ডিচেম্বৰৰ দিনা । 

প্রশ্ন ৩। উত্তৰ গােলাৰ্দ্ধৰ কি কি দুটা তাৰিখত দিন ৰাতিৰ দৈর্ঘ্য সমান হয় ? 

উত্তৰঃ ২১ মার্চ আৰু ২৩ ছেপ্তেম্বৰ তাৰিখত দিন – ৰাতিৰ দৈর্ঘ্য সমান হয় । 

( খ ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা –

প্রশ্ন ১। অধিবর্ষ কাক বালে ? কোন কেইটা চনক অধিবর্ষ বুলি ধৰা নহয় ? 

উত্তৰঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্রায় ৬ ঘণ্টা সময় লয় । কিন্তু বছৰৰ গণনাৰ সুবিধাৰ কাৰণে ৩৬৫ দিনক এবছৰ ধৰি ৬ ঘণ্টা বাদ দি যােৱা হয় । প্রতি ৪ বছৰৰ পিছত এই বাদ দিয়া ৬ ঘণ্টা লগ হৈ ২৪ ঘণ্টা অর্থাৎ ১ দিন হয়গৈ । সেই বছৰটোত ৩৬৬ দিন হােৱাৰ লগতে ফেব্ৰুৱাৰি মাহটো ২৯ দিনীয়া হয় । এই বৰ্ষটোকে অধিবর্ষ বুলি কোৱা হয় । 

১৭০০ খ্রীষ্টাব্দৰ পৰা ২০০০ ৰ ভিতৰত ১৭০০ , ১৮০০ আৰু ১৯০০ চনকেইটাক অধিবর্ষ বুলি ধৰা হয় । যদিও এই চনকেইটা ৪ ৰে হৰণ কৰিলে মিলি যায় বা বাকী নৰয় ।

প্রশ্ন ২। কর্কট সংক্রান্তি কাক বােলে ? 

উত্তৰঃ ২১ জুনৰ দিনা সূৰ্যৰ ৰশ্মি কর্কট ক্রান্তি ৰেখাডালত লম্বভাৱে পৰে । এই দিনটো আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ চুটি হয়। এই অৱস্থাটোক কর্কট সংক্রান্তি বােলে । 

প্রশ্ন ৩। মকৰ সংক্রান্তি কাক বােলে ? 

উত্তৰঃ ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্রান্তি ৰেখাৰ ওপৰত লম্বভাৱে পৰে বাবে দক্ষিণ গােলার্ধত সেই দিনটো আটাইতকৈ দীঘল আৰু ৰাতি চুটি হয় । এই অৱস্থাটোক মকৰ সংক্রান্তি বােলে । 

প্রশ্ন ৪। জলবিষুব কাক বােলে ? 

উত্তৰঃ ২৩ ছেপ্তেম্বৰৰ দিনা সূৰ্যৰ কিৰণ বিষুব ৰেখাৰ ওপৰত লম্বভাৱে পৰে । সেইদিনা উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ পৃথিৱীৰ সম্পূর্ণ আধা অংশ আলােকিত হয় । পৃথিৱীৰ সকলােতে দিন আৰু ৰাতি সমান হয় । এই দিনটোক জলবিষুব বুলি কোৱা হয় । 

প্রশ্ন ৫। মহাবিষুব কাক বােলে ? 

উত্তৰঃ ২১ মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুব ৰেখাত লম্বভাৱে পৰে । এই অৱস্থা প্রায় ২৩ ছেপ্তেম্বৰৰ দৰে হয় । দিনৰাতিৰ দৈর্ঘ্যও সমান হয় । এই নির্দিষ্ট মাহৰ দিনটোক মহাবিষুৱ বােলে । 

প্রশ্ন ৬। পৃথিৱীৰ কক্ষপথটো উপবৃত্তাকাৰ নােহােৱা হ’লে কি হ’লহেঁতেন ? 

উত্তৰঃ পৃথিৱীৰ কক্ষপথটো উপবৃত্তাকাৰ নহয় ঘূৰণীয়া হােৱা হ’লে অপসূৰ আৰু অনুসূৰ নাথাকিলেহেঁতেন । অর্থাৎ পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব সদায় একে থাকিলহেঁতেন । 

প্রশ্ন ৭। জলবিষুব , মহাবিষুব , ককর্ট সংক্রান্তি আৰু মকৰ সংক্ৰান্তিৰ দিনকেইটা ছবি আঁকি দেখুওৱা । 

উত্তৰঃ     

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top