Niketan Class 6 Social Chapter 19 উন্নত জীৱনশৈলীৰ প্রয়ােজনসমূহ

Niketan Class 6 Social Chapter 19 উন্নত জীৱনশৈলীৰ প্রয়ােজনসমূহ (ব্যক্তিগত আৰু সামাজিক প্রয়ােজন) is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 19 উন্নত জীৱনশৈলীৰ প্রয়ােজনসমূহ (ব্যক্তিগত আৰু সামাজিক প্রয়ােজন) and select need one.

Niketan Class 6 Social Chapter 19 উন্নত জীৱনশৈলীৰ প্রয়ােজনসমূহ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 19 উন্নত জীৱনশৈলীৰ প্রয়ােজনসমূহ (ব্যক্তিগত আৰু সামাজিক প্রয়ােজন) Solutions for All Subjects, You can practice these here.

উন্নত জীৱনশৈলীৰ প্রয়ােজনসমূহ

Chapter – 19

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্ৰশ্ন ১। মানুহৰ প্রয়ােজনসমূহক প্রধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি ? উদাহৰণসহ লিখা । 

উত্তৰঃ মানুহৰ প্ৰয়ােজনসমূহক প্রধানকৈ দুটা ভাগত ভগাব পাৰি । এইভাগ দুটা হল— 

( ক ) ব্যক্তিগত প্রয়ােজন । 

উদাহৰণ — ফ্রীজ , টেলিফোন , ৰন্ধন গেছ আৰু চৌকা , বিজুলী পাংখা, ৰেডিঅ ’ টেলিভিছন , চাইকেল , গাড়ী আদি । আৰু

( খ ) সামাজিক প্রয়ােজন । 

উদাহৰণ শিক্ষা ব্যৱস্থা , জনস্বাস্থ্য , সামাজিক নিৰাপত্তা , ধর্ম – সংস্কৃতি, মানৱীয় গুণ আদি । 

প্রশ্ন ২। জীৱন ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহৰ প্ৰভাৱ আলােচনা কৰা । 

উত্তৰঃ মানুহে নিজৰ আৰু পৰিয়ালৰ ব্যক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবােৰ সামগ্ৰীৰ প্রয়ােজনবােধ কৰে সেইবােৰেই হ’ল মানুহৰ ব্যক্তিগত প্রয়ােজন । ব্যক্তিগত প্রয়ােজনসমূহে আমাৰ ব্যক্তিগত অভাৱ পূৰণ কৰে । উদাহৰণ স্বৰূপে , ফ্রীজ , টেলিফোন , ৰন্ধন গেছ আৰু চৌকা , বিজুলী পাংখা , ৰেডিঅ ’ , টেলিভিছন , চাইকেল , গাড়ী আদি বস্তুবােৰে আমাৰ ব্যক্তিগত অভাৱ পূৰণ কৰে আৰু আমাৰ জীৱনটো ভালদৰে চলাইনিয়াত সহায় কৰে । 

জীৱিকা আৰু উপার্জনভেদে মানুহৰ ব্যক্তিগত প্রয়ােজনসমূহ ভিন্ ভিন্ হয় ।

উদাহৰণ স্বৰূপে , এজন কৃষকক নাঙল আৰু গৰু বা ট্রেক্টৰ , পাৱাৰ টিলাৰ আদিৰ প্রয়ােজন । সেইদৰে তাঁতীৰ বাবে তাতশাল , চিকিৎসকৰ বাবে চিকিৎসা সঁজুলি , শিক্ষকৰ বাবে পাঠদানৰ সঁজুলি আদিৰ প্রয়ােজন।এই প্রয়ােজনসমূহে এই লােকসকলৰ জীৱনটো ভালদৰে চলাই নিয়াত সহায় কৰে । 

প্রশ্ন ৩। পুথিভঁৰালৰ আৱশ্যকতা বুজাই লিখা । 

উত্তৰঃ পুথিভঁৰাল হৈছে মানুহৰ সামাজিক প্রয়ােজন । আমি জানাে যে , সমাজত সুস্থ , সবল আৰু শান্তিপূর্ণভাৱে জীয়াই থাকিবলৈ মানুহক প্রয়ােজন হােৱা ব্যৱস্থা বা সামগ্ৰীসমূহেই হৈছে সামাজিক প্রয়ােজন । পুথিভঁৰালে মানুহক শিক্ষা লাভত সহায় কৰে । পুথিভঁৰালৰ জৰিয়তে মানুহে বিভিন্ন বিষয়ৰ কিতাপ অধ্যয়ন কৰিবলৈ সুবিধা পায় । এই অধ্যয়নে মানুহৰ জ্ঞানৰ প্ৰসাৰ ঘটায় আৰু মানুহক সংস্কৃতিবান কৰি তােলে । সমাজৰ মানুহবিলাক সংস্কৃতিবান হ’লে সমাজৰাে সংস্কৃতি প্ৰসাৰত সহায় হয় আৰু সমাজৰ সুস্থ বিকাশ সম্ভৱ হয় । গতিকে এখন সমাজৰ সুস্থ বিকাশত পুথিভঁৰালৰ আৱশ্যকতা নুই কৰিব নােৱাৰি । 

প্রশ্ন ৪। সামাজিক নিৰাপত্তা প্রদানত আৰক্ষীৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ সমাজত বাস কৰা প্রতিজন ব্যক্তিৰে সামাজিক নিৰাপত্তাৰ প্রয়ােজন । সমাজৰ প্ৰতিজন লােকক নিৰাপত্তা প্রদানৰ বাবে আমাৰ শাসন ব্যৱস্থাৰ অধীনত নিৰাপত্তা ব্যৱস্থাও গঢ়ি তােলা হৈছে । এই নিৰাপত্তা ব্যৱস্থাৰ অধীনত আৰক্ষীসকলে সমাজৰ একাংশ দুষ্ট চক্রই সংঘটিত কৰা কু – কৰ্মৰ বিপৰীতে যথােচিত ব্যৱস্থা গ্রহণ কৰি সমাজত এক নিৰাপদ পৰিবেশ গঢ়ি তােলে । এইদৰে আৰক্ষীসকলে সমাজত বাস কৰা লােকসকলক নিৰাপত্তা প্রদান কৰাৰ লগতে সমাজত আইন – শৃংখলা ৰক্ষা কৰাত সহায় কৰে। 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) অতি চমু প্রশ্নোত্তৰ –

প্রশ্ন ১। এক সুস্থ, সবল, সমৃদ্ধ, নিৰােগী জীৱন – যাপন কৰিবলৈ মৌলিক প্রয়ােজনৰ উপৰি আমাৰ আৰু কি কি প্রয়ােজন আছে ? জীৱন-যাপনৰ প্ৰয়ােজনসমূহক কি কি ভাগত ভগাব পাৰি ? 

উত্তৰঃ এটা সুস্থ, সবল, সমৃদ্ধ, নিৰােগী জীৱন – যাপন কৰিবলৈ আমাক মৌলিক প্রয়ােজনৰ উপৰি ব্যক্তিগত প্রয়ােজন আৰু সামাজিক প্রয়ােজনৰ দৰকাৰ । 

বা জীৱন – যাপনৰ প্রয়ােজনসমূহক ব্যক্তিগত প্রয়ােজন আৰু সামাজিক প্রয়ােজন হিচাপে ভগাব পাৰি ।

প্রশ্ন ২। ব্যক্তিগত প্রয়ােজন কাক বােলে উদাহৰণসহ লিখা । 

উত্তৰঃ মানুহে নিজৰ আৰু পৰিয়ালৰ ব্যক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবােৰ সামগ্ৰীৰ প্রয়ােজনবােধ কৰে সেইবােৰেই হ’ল মানুহৰ ব্যক্তিগত প্রয়ােজন । 

উদাহৰণ — ফ্রীজ , টেলিভিছন , টেলিফোন , ৰন্ধন গেছ , চাইকেল , গাড়ী আদি । 

প্রশ্ন ৩। সামাজিক প্রয়ােজন কাক বােলে উদাহৰণসহ লিখা । 

উত্তৰঃ এখন সমাজত সুস্থ , সবল আৰু শান্তিপূর্ণভাৱে জীয়াই থাকিবলৈ মানুহক যিবােৰ ব্যৱস্থা সামগ্ৰীৰ প্রয়ােজন হয় , সেইবােৰকে সামাজিক প্রয়ােজন বােলে ।

উদাহৰণ – শিক্ষাব্যবস্থা , জনস্বাস্থ্য , সামাজিক নিৰাপত্তা , ধর্ম – সংস্কৃতি , মানৱীয় গুণ আদি । 

প্রশ্ন ৪। কোনবােৰ কাৰকে মানুহক সুখী জীৱন – যাপনত সহায় কৰে ? 

উত্তৰঃ উন্নত যাতায়াত ব্যৱস্থা , পৰিষ্কাৰ – পৰিচ্ছন্নতা , সামাজিক নিৰাপত্তা , বনানিকৰণ আদিয়ে মানুহক সুখী জীৱন – যাপনত সহায় কৰে। 

( খ ) চমু প্রশ্নোত্তৰ –

প্রশ্ন ১। মানুহৰ স্বাস্থ্য ৰক্ষাত সহায় কৰা উপাদানবােৰ কি কি ? 

উত্তৰঃ বিশুদ্ধ খােৱা পানী , অনাময় ব্যৱস্থা , উন্নত ৰাস্তা – ঘাট , চিকিৎসালয় আদি কাৰকে মানুহৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে । 

প্রশ্ন ২। মানুহৰ ধর্মীয় প্রয়ােজনসমূহ পূৰণ কৰা কাৰকবােৰ কি কি ? 

উত্তৰঃ নামঘৰ , মন্দিৰ , মছজিদ , গির্জা , গুৰুদ্বাৰ আদিয়ে মানুহৰ ধর্মীয় প্রয়ােজনসমূহ পূৰণ কৰে ।

প্রশ্ন ৩। কোনবােৰ ব্যৱস্থাই মানুহক সামাজিক নিৰাপত্তা প্রদান কৰে ? 

উত্তৰঃ আৰক্ষী থানা , ন্যায়ালয় , মানৱাধিকাৰ আয়ােগ আদিয়ে মানুহক সামাজিক নিৰাপত্তা প্রদান কৰে । 

প্রশ্ন ৪। সমাজত একতা আৰু শান্তি-শৃংখলা ৰক্ষা কৰাত কোনবােৰ মানৱীয় গুণে সহায় কৰে ? 

উত্তৰঃ দয়া , মৰম , মমতা , ভাতৃত্ববােধ , সহনশীলতা , দায়বদ্ধতা , শৃংখলাবােধ আদি মানৱীয় গুণসমূহে সামাজিক একতা আৰু শৃংখলা ৰক্ষা কৰাত সহায় কৰে ।

প্রশ্ন ৫। ব্যক্তিগত প্রয়ােজনসমূহ মানুহৰ জীৱিকা আৰু উপার্জনভেদে কিয় ভিন্ ভিন্ হয় উদাহৰণসহ লিখা । 

উত্তৰঃ আমি জানাে যে , মানুহে জীৱিকা উপার্জনৰ জৰিয়তে নিজৰ আৰু পৰিয়ালৰ ভৰণ – পােষণ দিয়াৰ লগতে তেওঁলােকৰ জীৱনটো ভালদৰে চলাই নিয়াত সহায় কৰে । যিহেতু ব্যক্তিগত প্রয়ােজনসমূহেও মানুহৰ ব্যক্তিগত অভাৱসমূহ পূৰণ কৰি ব্যক্তিগত জীৱনটো ভালদৰে চলাই নিয়াত সহায় কৰে , সেয়েহে ব্যক্তিগত প্রয়ােজনসমূহ মানুহৰ জীৱিকা আৰু উপার্জনভেদে ভিন্ ভিন্ হয় । 

উদাহৰণ স্বৰূপে , এজন কৃষকক খেতি কৰি ব্যক্তিগত প্রয়ােজনসমূহ পূৰণ কৰিবলৈ নাঙল , গৰু বা ট্ৰেক্টৰ , পাৱাৰ টিলাৰ আদিৰ প্রয়ােজন। সেইদৰে এজন তাঁতীৰ তাঁতশাল , চিকিৎসকৰ বাবে চিকিৎসা সঁজুলি , শিক্ষকৰ বাবে পাঠদানৰ সঁজুলি আদিৰ প্রয়ােজন ।

( খ ) খালী ঠাই পূৰণ কৰা –

( ১ ) ………………. পাতি বাস কৰিবলৈ লােৱাৰ লগে লগে মানুহৰ এটা সামাজিক জীৱন আৰম্ভ হ’ল । 

উত্তৰঃ সমাজ পাতি বাস কৰিবলৈ লােৱাৰ লগে লগে মানুহৰ এটা সামাজিক জীৱন আৰম্ভ হ’ল । 

( ২ ) নামঘৰ , মন্দিৰ , মছজিদ , গির্জা , গুৰুদ্বাৰ আদিয়ে ধর্মীয় প্রয়ােজন পূৰণ কৰাৰ লগতে ………………..ৰ প্ৰসাৰতাে সহায় কৰে । 

উত্তৰঃ নামঘৰ , মন্দিৰ , মছজিদ , গির্জা , গুৰুদ্বাৰ আদিয়ে ধর্মীয় প্রয়ােজন পূৰণ কৰাৰ লগতে সংস্কৃতিৰ প্ৰসাৰতাে সহায় কৰে । 

( ৩ ) ………………… প্রয়ােজনে মানুহক সুস্থ – সবল আৰু শান্তিপূর্ণভাৱে জীয়াই থকাত সহায় কৰে । 

উত্তৰঃ সামাজিক প্রয়ােজনে মানুহক সুস্থ – সবল আৰু শান্তিপূর্ণভাৱে জীয়াই থকাত সহায় কৰে । 

( ৪ ) ভৌগােলিক অৱস্থান আৰু ………………… পৰিবেশৰ ভিন্নতাৰ ওপৰতো সামাজিক প্রয়ােজন নির্ভৰ কৰে । 

উত্তৰঃ ভৌগােলিক অৱস্থান আৰু সামাজিক পৰিবেশৰ ভিন্নতাৰ ওপৰতাে সামাজিক প্রয়ােজন নিৰ্ভৰ কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top