Niketan Class 5 Science Chapter 10 বায়ুৰ ধর্ম

Niketan Class 5 Science Chapter 10 বায়ুৰ ধর্ম is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 10 বায়ুৰ ধর্ম and select need one.

Niketan Class 5 Science Chapter 10 বায়ুৰ ধর্ম

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 10 বায়ুৰ ধর্ম Solutions for All Subjects, You can practice these here.

বায়ুৰ ধর্ম

Chapter – 10

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। শুদ্ধ উত্তৰটো লিখা:

(ক) বায়ুত অক্সিজেন / কার্বন / নাইট্রজেন আটাইতকৈ বেছিকৈ থাকে।

উঃ নাইট্র’জেন।

(খ) গেছীয় /জুলীয়া বায়ুক আমি চকুৰে দেখোঁ।

উঃ জুলীয়া।

(গ) বায়ুক গৰম /চেঁচা কৰি জুলীয়া কৰিব পাৰি।

উঃ চেঁচা।

(ঘ) বায়ুৰ মাজেৰে বস্তু দেখা পোৱা যায় / নাযায়।

উঃ যায়।

(ঙ) ভূ-পৃষ্ঠৰপৰা ওপৰলৈ বায়ুৰ চাপ কমি / বাঢ়ি যায়।

উঃ কমি যায়।

২। বায়ুমণ্ডল কাক বোলে ?

উঃ পৃথিৱীখনক বায়ুৰ এটা আৱৰণে আগুৰি আছে। এই আৱৰণটোকে বায়ুমণ্ডল বোলে।

৩। বায়ুত কি কি গেছীয় পদার্থ থাকে ? এই পদার্থবোৰ বায়ুত কিমান পৰিমাণে থাকে লিখা।

উঃ বায়ুত নাইট্রজেন আৰু অক্সিজেন গেছৰ পৰিমাণ অধিক পৰিমাণে থাকে বায়ুত কম পৰিমাণে কার্বন ডাই-অক্সাইড, আর্গন আৰু জলীয় বাষ্প থাকে। বায়ুত অতি কম পৰিমাণে থকা গেছবোৰ হ’ল – নিয়ন, হিলিয়াম, ক্ৰিপটন আৰু জেনন।

বায়ুত শতকৰা ৭৮ ভাগ নাইট্রজেন, ২১ ভাগ অক্সিজেন থাকে। কার্বন-ডাই-অক্সাইড আৰু আর্গনকে ধৰি অন্যান্য গেছবোৰ শতকৰা ১ ভাগ থাকে।

৪। প্রমাণ কৰা যে বায়ুৰৰ ওজন আছে।

উঃ বর্ণনা: এপাত কাঁচৰ খাৰু তিনিটা ঠাইত সূতাৰে বান্ধি চিত্ৰত দেখুওৱাৰ দৰে ওলোমোৱাৰ ব্যৱস্থা কৰিব লাগে। দেখা যাব যে খাৰুপাত কিছু বহল হৈছে। খাৰুপাতৰ তলফালে সূতাৰে বান্ধি পেপাৰ ক্লিপ এটা ওলোমাই দিব পাৰি।

এটা ডাঙৰ বেলুন নুফুলোৱাকৈ সূতাৰে বান্ধি পেপাৰ ক্লিপটোৰ পৰা ওলোমাই দিলে দেখা যাব যে খাৰুপাত আগতকৈ বহল হৈছে। বেলুনটোক পৃথিৱীয়ে টানিছে। এই টান বা আকর্ষণেই হ’ল বেলুনটোৰ ওজন। এইবাৰ বেলুনটো ফুলাই লৈ ক্লিপটোৰপৰা ওলোমাব লাগে। দেখা যাব যে খাৰুপাত আৰু বেছি বহলি গৈছে।

ইয়াৰ কাৰণ হ’ল ফুলাওঁতে বেলুনটোৰ ভিতৰত বায়ু সোমাল আৰু আবদ্ধ বায়ুখিনিকো পৃথিৱীয়ে আকর্ষণ কৰিছে। বায়ুখিনিৰ ওজনৰ বাবেই খাৰুপাত আগতকৈ বহল হৈ পৰিছে।

চিত্র: বায়ুৰ ওজন আছে।

এই পৰীক্ষাটোৰ পৰাই বুজা যায় যে আন পদাৰ্থৰ দৰে বায়ুৰো ওজন আছে।

৫। এটা খালী গিলাছ এবাল্টি পানীত তলমূৰকৈ হেঁচি ধৰিলে গিলাছটোৰ ভিতৰত পানী নোসোমায় কিয় ?

উ: এটা খালী গিলাছ এবাল্টি পানীত তলমূৰকৈ হেঁচি ধৰিলে | গিলাছটোৰ ভিতৰত পানী নোসোমায় কাৰণ গিলাচটোৰ ভিতৰত বায়ু সোমাই থাকে। সেইবাবে তাত পানী সোমাব নোৱাৰে।

৬। বায়ুৰ মাজেৰে সকলো বস্তু সহজতে কিয় পাৰ হৈ যাব পাৰে ? কাৰণ দর্শোৱা।

উঃ বায়ু বৰ পাতল কাৰণ বায়ুৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি। তাৰোপৰি কণিকাবোৰৰ মাজত আকর্ষণ ক্ষমতাও কম। সেয়েহে। বায়ুৰ মাজেৰে সকলো বস্তু সহজতে পাৰ হৈ যাব পাৰে।

৭। বজ্রপাত কেনেদৰে হয় ?

উঃ আকাশত ঘন মেঘৰ খুন্দা-খুন্দিত বিদ্যুৎ শক্তিৰ সৃষ্টি হয়। এই শক্তি সাধাৰণতে বায়ুৰ মাজেৰে আহি পৃথিৱী নাপায়। কিন্তু কেতিয়াবা ঘন মেঘবোৰৰ খুন্দা-খুন্দিত উৎপন্ন হোৱা বিদ্যুৎ শক্তিৰ পৰিমাণ অধিক হলে বায়ুৰ মাজেৰে আহি পৃথিৱী পায়। তাকে বজ্রপাত বুলি কোৱা হয়।

৮। খুব বেছিকৈ ফুলাই দিলে বেলুন এটা ফাটে কিয় ?

উ: বেলুন এটা ফুৱালে বেলুনটোৰ ভিতৰলৈ বায়ু সোমায়। বেছিকৈ ফুৱালে বেছি বায়ু সোমায়। যিহেতু বায়ুয়ে চাৰিওফালে হেঁচা বা চাপ দিয়ে সেয়েহে বেলুনটোৰ ভিতৰত বায়ুৰ পৰিমাণ বাঢ়িলে চাপৰ পৰিমাণ বাঢ়ি যায়। ফলত বেলুনটো ফাটি যায়।

৯। বায়ুয়ে চাৰিওফালে চাপ দিয়ে। কথাষাৰ প্ৰমাণ কৰি দেখুওৱা।

উঃ

চিত্র: বায়ুয়ে চাৰিওফালে চাপ দিয়ে।

বর্ণনা: এটা আইনাৰ গিলাছৰ মুখখনতকৈ অলপ ডাঙৰকৈ ডাঠ কাগজ এখন ঘূৰণীয়াকৈ কাটিব লাগে। এতিয়া গিলাছটোত কাগজখন হেঁচি ওলোটাই দিব লাগে। কাগজখনৰপৰা হাতখন এৰি দিলে কাগজখন মাটিত পৰিব।

এতিয়া গিলাছটোত চপচপীয়াকৈ পানী ভৰাই ডাঠ কাগজখনেৰে ঢাকি আগৰদৰে ওভোটাই দিব লাগে। দেখা যাব যে ঢাকনিখনৰ পৰা হাতখন আঁতৰাই আনিলেও ঢাকনিখন নপৰে। কাৰণ ঢাকনিখনৰ ওপৰত দুটা হেঁচা পৰিছে। পানীৰ ওজনে তললৈ হেঁচিছে আৰু বায়ুয়ে ওপৰলৈ হেঁচিছে। কিন্তু বায়ুয়ে বেছিকৈ ওপৰলৈ হেঁচিছে ফলত ঢাকনিখন পৰি যোৱা নাই। এইবাৰ কাগজখন হাতেৰে ধৰি থাকি পানী ভর্তি গিলাছটো মাটিৰ সমান্তৰালকৈ ৰাখিব লাগে। হাতখন কাগজখনৰপৰা আঁতৰাই আনিলে দেখা যাব যে এইবাৰৰ কাগজখন পৰি যোৱা নাই।

ওপৰৰ পৰীক্ষাবোৰৰ পৰা বুজিব পাৰি যে বায়ুয়ে চাৰিওফালে হেঁচা বা চাপ দিয়ে।

১০। কি কি কাৰণত ৰায়ুৰ চাপ ৰা হেঁচা বাঢ়িব পাৰে ?

উঃ বায়ুৰ চাপ বঢ়াৰ কাৰণ হ’ল –

(ক) সেৰেঙা বায়ু ঘন হলে বায়ুৰ চাপ বাঢ়ে।

(খ) তাপ বাঢ়িলে বায়ুৰ চাপ বাঢ়ে।

১১। বায়ু আমাৰ চাৰিওফালে আছে। কেইটামান যুক্তিৰে কথাষাৰৰ সত্যতা নিৰূপণ কৰা।

উঃ বায়ু আমাৰ চাৰিওফালে আছে। কিছুমান কার্যৰ পৰা এইটো কথা জানিব পাৰি। উদাহৰণস্বৰূপে

(ক) সকলো জীৱই উশাহত বায়ু গ্রহণ কৰে।

(খ) সকেলা পদাৰ্থৰ দৰে বায়ুৰো ওজন আছে।

(গ) বায়ুয়ে সকলো খালী ঠাই অধিকাৰ কৰে। যিকোনো পাত্র, খালী টেমা, মাটি আদিৰ ফাঁকবোৰত বায়ু সোমাই থাকে।

(ঘ) বায়ু বৰ পাতল। ইয়াৰ মাজেৰে আমি সকলো বস্তু দেখো।

(ঙ) বায়ুৰ মাজেৰে সাধাৰণতে বিদ্যুৎ পাৰ হৈ নাযায়।

(চ) বায়ুয়ে চাৰিওফালে হেঁচা বা চাপ দিয়ে।

১২। ওখ পর্বত বগাওঁতে মানুহে উশাহ লোৱাত কষ্ট পায় কিয় ?

উঃ ভূ-পৃষ্ঠৰপৰা ওপৰলৈ যোৱাৰ লগে লগে বায়ুমণ্ডলীয় চাপ কমি যায়। সেয়েহে ওখ পর্বত বগাওঁতে মানুহেউশাহ লোৱাত কষ্ট পায়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। বায়ুৰ কেইটামান ধর্ম উল্লেখ কৰা।

উঃ বায়ুৰ কেইটামান ধর্ম হ’ল –

(ক) বায়ুৰ ওজন আছে।

(খ) বায়ুয়ে খালী ঠাই অধিকাৰ কৰে।

(গ) বায়ু বৰ পাতল বা সেৰেঙা।

(ঘ) বায়ুৰ মাজেদি সাধাৰণতে বিদ্যুৎ শক্তি পাৰ হৈ নাযায়।

(ঙ) বায়ুয়ে চাৰিওফালে হেঁচা বা চাপ দিয়ে।

২। বায়ুমণ্ডলীয় চাপ কাক বোলে ?

উঃ বায়ুৰ চাপ আছে। অর্থাৎ বায়ুমণ্ডলৰো চাপ আছে। সেই চাপক বায়ুমণ্ডলীয় চাপ বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top