Niketan Class 4 Social Chapter 15 আমাৰ সম্পদ

Niketan Class 4 Social Chapter 15 আমাৰ সম্পদ, Sankardev Sishu Niketan Chapter 15 আমাৰ সম্পদ Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ সম্পদ

Chapter – 15

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : ভাৰতৰ হাবি-বননি আৰু অৰণ্য অঞ্চলত পোৱা পাঁচবিধ মূল্যৱান উদ্ভিদ আৰু পাঁচবিধ প্ৰাণীৰ নাম লিখা। 

উত্তৰ : পাঁচবিধ মূল্যৱান উদ্ভিদ হৈছে– শাল, চেগুণ, হোলোং, অর্জুন আৰু চন্দন। পাঁচবিধ জন্তু হৈছে— সিংহ, হাতী, গড়, বাঘ আৰু হৰিণা।

প্রশ্ন ২ : তলত দিয়া খনিজ সম্পদসমূহ ভাৰতৰ কোন কোন প্ৰদেশত পোৱা যায় ?

(ক) খাৰুৱা তেল।

(খ) কয়লা।

(গ) মেংগানিজ।

(ঘ) সোণ।

(ঙ) লো।

(চ) তাম।

উত্তৰ: 

(ক) খাৰুৱা তেলঅসম, মহাৰাষ্ট্ৰ, গুজৰাট।
(খ) কয়লাঅসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, ওড়িশা,মধ্যপ্রদেশ, তামিলনাড়ু, ৰাজস্থান
(গ) মেংগানিজবিহাৰ, ওড়িশা, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান,অন্ধ্রপ্রদেশ, কর্ণটিক।
(ঘ) সোণকর্ণাটক, অন্ধ্র প্রদেশ।
(ঙ) লোপশ্চিমবংগ, বিহাৰ, ওড়িশা, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, গোৱা, কর্ণাটক, তামিলনাড়ু।
(চ) তামৰাজস্থান, অন্ধ্রপ্রদেশ, বিহাৰ।

প্রশ্ন ৩ : অসমক কিয় ‘পনীয়া সোণ’ৰ ৰাজ্য বুলি কোৱা হয় ?

উত্তৰ : ‘পনীয়া সোণ’ বুলি ক’লে খাৰুৱা তেলক বুজা যায়। খাৰুৱা তেল উৎপাদনত অসমে ভাৰতত শীর্ষস্থান দখল কৰি আছে। অসমৰ ডিগবৈ, নাহৰকটীয়া, খ্রীজ্ঞান, দুলীয়াজান, গেলেকী, লাকুৱা, মৰাণ, ৰুদ্ৰসাগৰ, খোৰাঘাট আৰু বৰাক উপত্যকাৰ কেইটামান অঞ্চলত খাৰুৱা তেল পোৱা যায়। খাৰুৱা তেলৰ বাবে অসম-ভাৰতৰ ভিতৰতে চহকী বাবে অসমক ‘পনীয়া সোণ’ৰ ৰাজ্য বুলি কোৱা হয়।

প্রশ্ন ৪ : ভাৰতৰ মাটিক কেইভাগত ভাগ কৰিব পাৰি? ভাগকেইটা লিখা। 

উত্তৰ : ভাৰতৰ মাটিক চাৰিভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ’ল—পলসুৱা, ক’লা, ৰঙা আৰু আঠালেতীয়া।

প্রশ্ন ৫ : উদ্ভিদৰ পৰা আমি কি কি সুবিধা পাওঁ ? 

উত্তৰ : উদ্ভিদৰ পৰা আমি বিভিন্ন সুবিধা পাওঁ। প্রাণীজগত জীয়াই থাকিবলৈ হ’লৈ যি অম্লজান গেছৰ প্ৰয়োজন, সেই অম্লজান গেছ আমাক উদ্ভিদে যোগান ধৰে। গৃহ নিৰ্মাণৰ সামগ্ৰী, কাঠৰ আচবাব, কাঠৰ দলং, কৃষিৰ সা-সঁজুলি, ক্রীড়া সামগ্ৰী তৈয়াৰ কৰিবলৈ উদ্ভিদৰ প্ৰয়োজন। ৰন্ধনৰ ইন্ধন হিচাবেও উদ্ভিদ ব্যৱহাৰ কৰা যায়। মানুহকে ধৰি আন জীৱ-জন্তু, চৰাই-চিৰিকতি খাদ্যৰ বাবে আৰু কিছুমানে আশ্ৰয়ৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদৰপৰা বিভিন্ন ঔষধ, কাপোৰ, ৰং আদিও প্ৰস্তুত কৰা হয়। বর্তমান যুগৰ মানুহৰ অতি প্রয়োজনীয় কাগজ উদ্ভিদৰ পৰাই প্ৰস্তুত কৰা হয়। 

প্রশ্ন ৬ : জলজ সম্পদ কাক বোলে ? তিনিবিধ জলজ সম্পদ উদাহৰণ দিয়া। 

উত্তৰ : পানীত থকা সম্পদসমূহক জলজ সম্পদ বোলে। তিনিবিধ জলজ সম্পদ হ’ল— মাছ, ঘঁৰিয়াল আৰু শামুক।

প্রশ্ন ৭ : খালী ঠাই পূৰ কৰা –

(ক) কাৰ্বি আংলং জিলাত অধিক পৰিমাণে…….. পোৱা যায়।

উত্তৰ : কাৰ্বি আংলং জিলাত অধিক পৰিমাণে চূণশিল পোৱা যায়।

(খ) কপাহ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত স্থানত আছে। 

উত্তৰ : কপাহ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে।

(গ) মাটিৰ বুকুতে আছে কয়লা, খনিজ তেল, প্রাকৃতিক গেছ ইত্যাদি…….. বিপুল ভাণ্ডাৰ।

উত্তৰ : মাটিৰ বুকুতে আছে কয়লা, খনিজ তেল, প্রাকৃতিক গেছ ইত্যাদি শক্তিৰ বিপুল ভাণ্ডাৰ।

(ঘ) মানৱ সম্পদক সকলো সম্পদতকৈ……..সম্পদ বোলা হয়।

উত্তৰ : মানৱ সম্পদক সকলো সম্পদতকৈ শ্রেষ্ঠ সম্পদ বোলা হয়।

(ঙ) সকলো সম্পদক ব্যৱহাৰৰ উপযোগী কৰি তোলে……..সম্পদে।

উত্তৰ : সকলো সম্পদক ব্যৱহাৰৰ উপযোগী কৰি তোলে মানৱ সম্পদে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ‘সম্পদ’ কাক বোলে ?

উত্তৰ : মানুহৰ কামত অহা বা উপকাৰত লগা বস্তুসমূহকে সম্পদ বোলে।

প্রশ্ন ২ : প্রাকৃতিক সম্পদ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ : প্রাকৃতিক সম্পদ চাৰি প্ৰকাৰৰ। সেইবোৰ হৈছে— বনজ সম্পদ, খনিজ সম্পদ, জলজ সম্পদ আৰু কৃষিজাত সম্পদ।

প্রশ্ন ৩ : মানব সম্পদে প্ৰকৃতিৰ সম্পদ সৃষ্টি কৰিব পাৰেনে ? 

উত্তৰ : নোৱাৰে। মানৱ সম্পদে প্ৰকৃতিৰ সম্পদসমূহক বিকশিতহে কৰি তুলিব পাৰে ।

প্রশ্ন ৪ : মানৱ সম্পদৰ দ্বাৰা সৃষ্ট বর্তমান যুগত বহুল ব্যৱহৃত পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰ : টেলিভিছন, মটৰগাড়ী, কম্পিউটাৰ, ম’বাইল ফোন আৰু ৰে’লগাড়ী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top