মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য আৰু প্ৰশ্নোত্তৰ

মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য আৰু প্ৰশ্নোত্তৰ is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য আৰু প্ৰশ্নোত্তৰ

মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য আৰু প্ৰশ্নোত্তৰ

Join Telegram channel

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য আৰু প্ৰশ্নোত্তৰ of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য

ASSAMESE LANGUAGE


মাতৃভাষা সমাজ জীৱনৰ অতি আৱশ্যকীয় অঙ্গ। মাতৃভাষাৰ বিকাশ আৰু প্ৰসাৰেৰে এখন সমাজ সুসমৃদ্ধিশালী হৈ পৰিব পাৰে। শিশুকালৰ পৰাই মাতৃভাষাৰ লগত মানুহৰ সম্পৰ্ক। সেয়ে এই মাতৃভাষা শিক্ষাৰ পৰা শিশু বঞ্চিত হ’লে মানসিক বিকাশ সম্পূৰ্ণ নহয় আৰু সমাজ জীৱনৰ লগত সি তাল মিলাই চলিব নোৱাৰে। কিন্তু আমাৰ কাৰণে এইটো দুখৰ বিষয় যে সম্প্ৰতি আমাৰ সমাজত মাতৃভাষা অৱহেলিত হৈ আহিছে। স্বাধীনতাৰ ষাঠিটা বছৰ অতিক্ৰম হৈ যোৱাৰ পাছতো প্ৰাথমিক, মাধ্যমিক তথা উচ্চ বিদ্যালয়সমূহত ই অৱহেলিত বিষয় হিচাপে গণ্য হোৱাৰ লগতে গাৱে-ভূঞেও এতিয়া ইংৰাজী মাধ্যমৰ স্কুলবোৰ গঢ় লৈ উঠাত মাতৃভাষাৰ ওপৰত ভালকৈ মাধমাৰ পৰিছে। গতিকে এটা সবল সুস্থ জাতি গঢ়ি তুলিবৰ বাবে মাতৃভাষা শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ যোগেদিহে ছাত্র-ছাত্রীসকলে সমাজৰ একো একোজন দায়িত্বশীল নাগৰিক ৰূপে গঢ় লৈ উঠিব পাৰিব।

মাতৃভাষাৰ শৃঙ্খলিত স্বৰূপ অৰ্জন কৰি তাক তেওঁলোকে বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব। সেয়ে মাতৃভাষা শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য সুদূৰপ্ৰসাৰী।

বিষয়বস্তুৰ পূৰ্ণ জ্ঞান : মাতৃভাষাৰ যোগেদি শিক্ষা গ্ৰহণ কৰি তাক সুন্দৰ ৰূপে আয়ত্ত কৰিব পাৰিলেহে বিষয়বস্তুৰ ওপৰত পূৰ্ণ জ্ঞান সম্ভৱপৰ। মাতৃভাষাত ৰচিত সাহিত্য, জীৱনীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আদিয়ে শিশুৰ মনত গভীৰ চিন্তাৰ উদ্ৰেক কৰে আৰু তাৰ যোগেদি মানসিক আৰু চাৰিত্ৰিক দিশৰ বিশেষ উন্নতি সাধন হয়। এই ক্ষেত্ৰত নৈতিক আদৰ্শযুক্ত মাতৃভাষাত ৰচিত গ্ৰন্থৰ প্ৰভাৱ সৰ্বাধিক।

জাতীয়তাবোধৰ সৃষ্টি : মাতৃভাষাত ৰচিত গীতবোৰে আমাৰ মনত জাতীয়তাবোধ তথা দেশপ্ৰেমৰ সৃষ্টি কৰে। এনে ধৰণৰ জাতীয়তাবোধ বিশিষ্ট স্বদেশপ্ৰেমমূলক গীতবোৰক বিদ্যালয়ত প্ৰাৰ্থনা, সঙ্গীত ৰূপে ব্যৱহাৰ কৰি ছাত্র-ছাত্ৰীৰ মনত দেশপ্ৰেমৰ অংকুৰ সিচা হয়।

নৈতিক চৰিত্ৰ সংশোধন : ছাত্র এজনক কুপথৰ পৰা সৎ পথলৈ আনিবলৈ মাতৃভাষাৰ যোগেদিহে তেওঁৰ মনত গভীৰ ছাপ সৃষ্টি কৰিব পাৰি। সেই কাৰণে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত।

পঠনৰ অভ্যাস : মাতৃভাষাৰ যোগেদি অতি সহজে পঠনৰ অভ্যাস গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে শিক্ষকৰো গুৰুত্বপূৰ্ণ ভূমিকা প্ৰয়োজন। মাতৃভাষাৰ প্ৰতি আকৃষ্ট কৰি সেই ভাষাত লিখা উৎকৃষ্ট কিতাপবোৰৰ সন্ধান শিক্ষকেই দিব লাগিব আৰু স্কুল বা আন অনুষ্ঠানৰ পুথিভঁৰালৰ লগত ছাত্রসকলক সম্পৰ্ক স্থাপন কৰি দিব লাগিব।

সাহিত্যৰ প্ৰতি আকৰ্ষণ : সাহিত্যৰ ৰসাস্বাদনৰ প্ৰতি ছাত্র-ছাত্রীসকলক আগ্ৰহী কৰি তুলিব পাৰি একমাত্ৰ মাতৃভাষাৰ যোগেদিহে। ইয়াৰ বাবে ছাত্র-ছাত্ৰীসকলক ৰচনা, কবিতা লিখা আদিৰ প্ৰতি উৎসাহিত কৰিবলৈ তেনেধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা দৰকাৰ। কোনোবা ছাত্র কোনো ঠাইলৈ গ’লে তাৰ ভ্ৰমণ অভিজ্ঞতাবোৰো লিখিবলৈ শিক্ষকে প্ৰেৰণা যোগোৱা উচিত।

মাতৃভাষালৈ অনূদিত হোৱা গ্ৰন্থ পঢ়ি ছাত্র-ছাত্ৰীসকলে মহৎ সাহিত্যৰ ৰসাস্বাদন কৰিব পাৰে। এনেবোৰ গ্ৰন্থৰ অধ্যয়নে মহৎ সাহিত্যিকসকলৰ ৰচনাৰ ভঙ্গী, জীৱন দৰ্শন সম্পৰ্কে ছাত্র-ছাত্রীক অৱগত কৰায়। ইয়ে ভৱিষ্যতে ছাত্র এজনক সাহিত্যৰ প্ৰতি ৰুচিশীল ব্যক্তি তথা সাহিত্যিক হিচাপে গঢ়ি তুলিব পাৰে।

মাতৃভাষাত কম আয়াসতে আৰু কম কষ্টতে নৈতিক চৰিত্ৰবোধ সম্পন্ন গ্ৰন্থবোৰ অধ্যয়ন কৰি ছাত্র-ছাত্রীসকলে নিজৰ নৈতিক চৰিত্ৰক গঢ় দিব পাৰে। এই পাঠবোৰৰ দ্বাৰা সহিষ্ণুতা, মানব প্ৰীতি, বন্ধুপ্ৰীতি, ভাতৃপ্ৰেম, পৰম্পৰা আদিৰ প্ৰতি ছাত্রসকলৰ অনুৰাগ বাঢ়ে আৰু এজন সু নাগৰিক হিচাপে নিজকে গঢ় দিব পাৰে।

টান গ্ৰন্থৰ ৰিদৈয়ঙ্গমতা : মাতৃভাষাৰ যোগেদি অন্যান্য বিষয়ৰ টান কিতাপবোৰে সহজে ৰিদৈয়ঙ্গম কৰিব পাৰে বাবে ছাত্র-ছাত্ৰীৰ মাজত মাতৃভাষাৰ প্ৰসাৰ বঢ়োৱা উচিত।

স্বাধীন চিন্তাৰ উন্মেষ : মাতৃভাষাই স্বাধীন চিন্তাৰ জন্ম দিব পাৰে। মাতৃভাষা আয়ত্তৰ দ্বাৰাই নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ সামৰ্থ লাভ কৰে। স্কুলত বিভিন্ন দায়িত্ব গ্ৰহণ কৰা ছাত্রসকলে মাতৃভাষাত কথাবোৰ ভালদৰে বুজাই দিব পাৰিলেহে ছাত্রসভাৰ সাধাৰণ সম্পাদক, আলোচনী সম্পাদক আদিৰ দায়িত্ব লোৱাসকলে তেওঁলোকৰ দায়িত্ব পালন কৰিব পাৰিব।

ৰুচিবোধৰ জন্ম : মাতৃভাষাই ছাত্র-ছাত্রীৰ মনত ৰুচিবোধ জন্মায়। ই পঢ়াৰ প্ৰতি ধাউতি বঢ়ায়। মাতৃভাষাত ৰচিত গ্ৰন্থৰ অধ্যয়নে ৰুচিবোধৰ জন্ম দিয়াৰ লগতে এজন সুস্থ নাগৰিকৰো জন্ম দিয়ে।

প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। মাতৃভাষা আৰু মাতৃদুগ্ধ সমতুল্য এই অভিমত কাৰ ?

(ক) সৰ্বপল্লী ৰাধাকৃষ্ণনৰ।

(খ) ৰবীন্দ্ৰনাথ ঠাকুৰৰ।

(গ) মহাত্মা গান্ধীৰ।

(ঘ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ।

উত্তৰ : (গ) মহাত্মা গান্ধীৰ।

প্ৰশ্ন ২। অসমত অসমীয়া ভাষা এলাগী হৈ পৰিছিল ইংৰাজসকলে অসমত ৰাজত্ব কৰা সময়ত ? কিয় কোনে অসমীয়া ভাষাক এলাগী কৰিছিল ?

(ক) কেৰাণী-মহৰীসকলে।

(খ) মিছনাৰীসকলে।

(গ) বৃটিছ শাসকসকলে।

(ঘ) স্কুলবোৰ।

উত্তৰ : (ক) কেৰাণী-মহৰীসকলে।

প্ৰশ্ন ৩। মাতৃভাষাত লিখা এখন নোবেল পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থ হ’ল

(ক) সাবিত্ৰী।

(খ) গীতাঞ্জলী।

(গ) মৃত্যুঞ্জয়।

(ঘ) গোৰা।

উত্তৰ : (খ) গীতাঞ্জলী।

প্ৰশ্ন ৪। মাতৃভাষাই মানসিক উৎকৰ্ষ সাধন কৰে দেশীয় ভাষাত লিখা গ্ৰন্থৰ যোগেদি কাৰণ

(ক) মাতৃভাষাত আমাৰ মনৰ প্ৰতিবিম্ব ৰূপায়িত হয় বাবে।

(খ) অন্য ভাষাৰ সাহিত্যই অন্তৰ্নিহিত ভাবেৰে উদ্ধুদ্ধ কৰিব নোৱাৰে বাবে।

(গ) এডভাঞ্চাৰ কাহিনীবোৰে আনন্দ দিব নোৱাৰে বাবে।

(ঘ) অন্য ভাষা সাহিত্য দুৰ্লভ বাবে।

উত্তৰ :(ক) মাতৃভাষাত আমাৰ মনৰ প্ৰতিবিম্ব ৰূপায়িত হয় বাবে।

প্ৰশ্ন ৫। কি সাহিত্যৰ অধ্যয়নৰ ফলত অনুভূতি, ৰুচি আদিয়ে সঠিক কাম দিয়ে ?

(ক) কাব্য-সাহিত্য।

(খ) বিদেশী সাহিত্য।

(গ) অনূদিত সাহিত্য।

(ঘ) কল্প বিজ্ঞান সাহিত্য।

উত্তৰ :(ক) কাব্য-সাহিত্য।

প্ৰশ্ন ৬। মানুহে সুখ-দুখৰ কথা পাতিবলৈ কি ভাষা ব্যৱহাৰ কৰে ?

(ক) মাতৃভাষা।

(খ) ইংৰাজী ভাষা।

(গ) দোৱান।

(ঘ) হিন্দী ভাষা।

উত্তৰ : (ক) মাতৃভাষা।

প্ৰশ্ন ৭। মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে ?

(ক) সৌন্দৰ্যবোধ।

(খ) ৰুচিবোধ।

(গ) ভাতৃত্ববোধ।

(ঘ) হীনমন্যবোধ।

উত্তৰ : (খ) ৰুচিবোধ।

প্ৰশ্ন ৮। মাতৃভাষা প্ৰয়োগৰ দ্বাৰা ছাত্রসকলৰ কি বাঢ়ে ?

(ক) বিদ্বেয় ভাব বাঢ়ে।

(খ) হীনমন্যবোধ বাঢ়ে।

(গ) বিচাৰ শক্তি বাঢ়ে।

(ঘ) সহনশীলতা বাঢ়ে।

উত্তৰ : (গ) বিচাৰ শক্তি বাঢ়ে।

প্ৰশ্ন ৯। সংস্কৃতিৰ এবিধ অংগ কি ?

(ক) দেশ।

(খ) ভৌগোলিক সীমা।

(গ) শিক্ষা।

(ঘ) ভাষা।

উত্তৰ:(ঘ) ভাষা।

প্ৰশ্ন ১০। কোনটো শুদ্ধ লিখা

(ক) মাতৃভাষা হ’ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰবেশৰ বাবে শিকা ভাষা।

(খ) মাতৃভাষাৰ যোগেদি ছাত্র-ছাত্ৰীয়ে দায়িত্বশীল নাগৰিক হ’ব নোৱাৰে।

(গ) কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা অন্তৰ্ভুক্ত হোৱা নাই।

(ঘ) বৰ্তমান বৈজ্ঞানিক প্ৰগতিৰ খবৰবোৰ কেৱল ইংৰাজীতহে পোৱা যায়, মাতৃভাষাত পোৱা নাযায়।

উত্তৰ :(ক) মাতৃভাষা হ’ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰবেশৰ বাবে শিকা ভাষা।

প্ৰশ্ন ১১। ইংৰাজ চৰকাৰে ইংৰাজীকেই স্কুল-কলেজৰ মাধ্যম ৰূপে স্বীকৃতি দিয়া চনটো কি ?

(ক) ১৮৪০।

(খ) ১৮৩৫।

(গ) ১৯৪৭।

(ঘ) ১৯৩০।

উত্তৰ : (খ) ১৮৩৫।

প্ৰশ্ন ১২। কোনটো শুদ্ধ ?

(ক) সৰুৰ পৰাই শিশুই মাতৃভাষাতেই মনৰ ভাব প্ৰকাশ কৰে। নিজক সহজে আত্মপ্ৰকাশ কৰিব পৰা ভাষাটো হ’ল মাতৃভাষা।

(খ) ইংৰাজীক শিক্ষাৰ মাধ্যম কৰাটো বিপজ্জনক।

(গ) ইংৰাজীক মাধ্যম কৰা মানে ছাত্র-ছাত্ৰীসকলৰ ভাবনা বা ধ্যান-ধাৰণা উন্নত কৰা।

(ঘ) ইংৰাজী ভাগৰ ভাষা

উত্তৰ :(খ) ইংৰাজীক শিক্ষাৰ মাধ্যম কৰাটো বিপজ্জনক।

প্ৰশ্ন ১৩। তলত দিয়া বাক্যবোৰৰ কোনটো শুদ্ধ ?

(ক) মাতৃভাষাৰ লগত আমাৰ দেহৰ সম্পৰ্ক। 

(খ) মাতৃভাষাৰ লগত আমাৰ তেজৰ সম্পৰ্ক।

(গ) ইংৰাজী বা হিন্দী আমাৰ মাতৃভাষাৰ সমতুল্য ভাষা।

(ঘ) মাতৃৰ পৰা শিকাটো কষ্টসাধ্য।

উত্তৰ :(খ) মাতৃভাষাৰ লগত আমাৰ তেজৰ সম্পৰ্ক।

প্ৰশ্ন ১৪। আঞ্চলিক ভাষা শিক্ষাৰ মাধ্যম নহ’লে শিশুৰ মানসিক বিকাশ-

(ক) উন্নত নহয়।

(খ) বাধাগ্ৰস্ত নহয়।

(গ) অধপতিত নহয়।

(ঘ) পৰিপূৰ্ণ নহয়।

উত্তৰ : (ক) উন্নত নহয়।

প্ৰশ্ন ১৫। মাতৃভাষাত বিষয়টো বুজাবলৈ শিক্ষকসকলে

(ক) কঠিন পায়।

(খ) সহজ পায়।

(গ) অতি কম সময় খৰচ কৰিব পাৰে।

(ঘ) বিৰক্তি পায়।

উত্তৰ : (খ) সহজ পায়।

প্ৰশ্ন ১৬। সাহিত্য অধ্যয়ন মাতৃভাষাৰ যোগেদি হ’লে ছাত্ৰসকলে

(ক) সোনকালে বুজি পায়।

(খ) মানস পটত সেই কথা বা কবিতাটোৰ ভাব স্পষ্ট হৈ উঠে।

(গ) বিৰক্তি বোধ কৰে।

(ঘ) অন্যমনস্ক হয়।

উত্তৰ : (খ) মানস পটত সেই কথা বা কবিতাটোৰ ভাব স্পষ্ট হৈ উঠে।

প্ৰশ্ন ১৭। মাতৃভাষাৰ মাধ্যমত ভাল ফলাফল কৰা ছাত্ৰসকলে কেনেদৰে অনুজসকলক উপকৃত কৰিব পাৰে ?

(ক) তেওঁলোকৰ বোধগম্য জ্ঞান দান কৰি।

(খ) শিক্ষাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰি।

(গ) ভাল ফলাফল কৰিবলৈ প্ৰেৰণা দি।

(ঘ) অন্য ভাষালৈ অনাগ্ৰহ সৃষ্টি কৰি।

উত্তৰ :(ক) তেওঁলোকৰ বোধগম্য জ্ঞান দান কৰি।

প্ৰশ্ন ১৮। ইংৰাজী ভাষাত সাহিত্য ৰচনা কৰা সাহিত্যিকজন কোন ?

(ক) শ্বেইক্সপিয়াৰ।

(খ) ভিক্টৰ হুগো।

(গ) বদলেয়াৰ।

(ঘ) শংকৰদেৱ।

উত্তৰ : (ক) শ্বেইক্সপিয়াৰ।

প্ৰশ্ন ১৯। তলৰ কোনটো অশুদ্ধ- মানুহে সাধাৰণতে-

(ক) মাতৃভাষাত কথা পাতে।

(খ) মাতৃভাষাত চিন্তা কৰে।

(গ) মাতৃভাষাত সামাজিক সম্পৰ্ক ৰক্ষা কৰে।

(ঘ) মাতৃভাষাত কেৱল আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।

উত্তৰ : (ঘ) মাতৃভাষাত কেৱল আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।

প্ৰশ্ন ২০। তলৰ কোনটো মাতৃভাষা শিক্ষণৰ উদ্দেশ্য নহয়-

(ক) মাতৃভাষাৰ প্ৰতি ছাত্র-ছাত্ৰীৰ আগ্ৰহ বঢ়োৱা।

(খ) কবি-সাহিত্যিকসকলৰ লগত পৰিচয় কৰাই দিয়া।

(গ) মৌলিক চিন্তাধাৰা আৰু কল্পনাশক্তিৰ উৎকৰ্ষ সাধন কৰা।

(ঘ) মাতৃভূমিক ভালপাবলৈ শিকোৱা।

উত্তৰ :(ঘ) মাতৃভূমিক ভালপাবলৈ শিকোৱা।

প্ৰশ্ন ২১। মাতৃভাষা আমাৰ প্ৰিয়, কিয়নো-

(ক) ই অতি সহজ।

(খ) এই ভাষা পৰিয়ালৰ লোকসকলে কয়।

(গ) এই ভাষাৰ সৈতে আমি জন্মৰে পৰা জড়িত।

(ঘ) ই শুনিবলৈ অতি শুৱলা।

উত্তৰ : (গ) এই ভাষাৰ সৈতে আমি জন্মৰে পৰা জড়িত।

প্ৰশ্ন ২২। দ্বিতীয় ভাষাটো-

(ক) জন্মস্বত্ত্বে পোৱা ভাষা।

(খ) মাতৃৰ কথিত ভাষা।

(গ) মাতৃভাষা নহয়।

(ঘ) মাতৃৰ লিখিত ভাষা।

উত্তৰ : (গ) মাতৃভাষা নহয়।

প্ৰশ্ন ২৩। মানুহৰ জীৱনৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ ভাষাটো হ’ল-

(ক) মাতৃভাষা।

(খ) ইংৰাজী ভাষা।

(গ) দ্বিতীয় ভাষা।

(ঘ) ৰাষ্ট্ৰভাষা।

উত্তৰ : (ক) মাতৃভাষা।

প্ৰশ্ন ২৪। বিজ্ঞানে-

(ক) ভাষা এটাৰ উৎস, অস্তিত্ব আৰু জনপ্ৰিয়তাৰ কথা জনায়।

(খ) কোনো দেশৰ সামগ্ৰিক জ্ঞান প্ৰদান কৰে।

(গ) কাৰিকৰী জ্ঞানত দক্ষতা বঢ়ায়।

(ঘ) মানুহৰ চিন্তাত ৰুচিবোধ জন্মায়।

উত্তৰ : (গ) কাৰিকৰী জ্ঞানত দক্ষতা বঢ়ায়।

প্ৰশ্ন ২৫। মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হ’ল-

(ক) মাতৃভাষা শিক্ষণৰ চাৰিটা কৌশল-শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা।

(খ) মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তুত কৰা।

(গ) অসমত অসমীয়া ভাষাৰ প্ৰচলন কৰা।

(ঘ) অসমীয়া সাহিত্যিক প্ৰস্তুত কৰা।

উত্তৰ :(ক) মাতৃভাষা শিক্ষণৰ চাৰিটা কৌশল-শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা।

প্ৰশ্ন ২৬। গদ্য শিক্ষণৰ মূল উদ্দেশ্য হৈছে-

(ক) ছাত্ৰ-ছাত্ৰীৰ ভাষাজ্ঞান বৃদ্ধি কৰা।

(খ) কথা কোৱাৰ সুৰ আয়ত্ব কৰা।

(গ) বিভিন্ন লিখকৰ সৈতে পৰিচয় হোৱা।

(ঘ) যতি-বিৰাম চিনৰ ব্যৱহাৰৰ দক্ষতা লাভ কৰা।

উত্তৰ : (ক) ছাত্ৰ-ছাত্ৰীৰ ভাষাজ্ঞান বৃদ্ধি কৰা।

প্ৰশ্ন ২৭। মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ’ল-

(ক) নিজৰ মৌলিক আৰু স্বাধীন চিন্তাৰ অভিব্যক্তি প্ৰকাশ কৰিব পাৰে।

(খ) সহ শিক্ষাৰ্থীৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিব পাৰে।

(গ) পাঠ্যক্ৰম সহজে আয়ত্ত কৰিব পাৰে।

(ঘ) অসমীয়া ভাষাৰ কিতাপ-পত্ৰ সহজে পঢ়িব পাৰে।

উত্তৰ : (গ) পাঠ্যক্ৰম সহজে আয়ত্ত কৰিব পাৰে।

2 thoughts on “মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য আৰু প্ৰশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top