SEBA Class 10 History Question Paper Solved 2024 Assamese Medium | দশম শ্ৰেণীৰ ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান, SEBA Class 10 History Question Paper Solved PDF Download, দশম শ্ৰেণীৰ ইতিহাস 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board SEBA Class 10 History Previous Years Question Paper Solved 2024 can be of great value to excel in the examination.
SEBA Class 10 History Question Paper Solved 2024 Assamese Medium
HSLC Old Question Paper provided is as per the 2024 Assam Board Exam and covers all the questions from the SEBA HSLC 2024 Question Paper. Access the detailed SEBA Class 10 History 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the SEBA Class 10 History Old Question Paper Solved 2024, Class X History 2024 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.
ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান
2024
HISTORY OLD PAPER
ALL QUESTION ANSWER
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(a) পানামা খাল মুকলি কৰা হৈছিল-
(i) ১৯১১ চনত।
(ii) ১৯১২ চনত।
(iii) ১৯১৩ চনত।
(iv) ১৯১৪ চনত।
উত্তৰঃ (iv) ১৯১৪ চনত।
(b) ‘১৪ দফীয়া পৰামৰ্শাৱলী’ৰ ৰচক কোন আছিল?
(i) উদ্র উইলছন।
(ii) অৰলাণ্ডো।
(iii) লয়ড জৰ্জ।
(iv) হিটলাৰ।
উত্তৰঃ (i) উদ্র উইলছন।
(c) ‘অপাৰেচন ছি লায়’ন’ সাংকেতিক নামেৰে হিটলাৰে আক্ৰমণ কৰা দেশখন আছিল-
(i) ফ্রান্স।
(ii) আমেৰিকা।
(iii) ৰাছিয়া।
(iv) ইংলেণ্ড।
উত্তৰঃ (iv) ইংলেণ্ড।
(d) নিখিল ভাৰত মুছলিম লীগ গঠিত হৈছিল-
(i) ১৯০৬ চনত।
(ii) ১৯০৭ চনত।
(iii) ১৯০৮ চনত।
(iv) ১৯০৯ চনত।
উত্তৰঃ (i) ১৯০৬ চনত।
(e) ওৱাৰশ্ব’ সন্ধি সংগঠন গঢ়ি উঠিছিল-
(i) আমেৰিকাৰ নেতৃত্বত ।
(ii) চীনৰ নেতৃত্বত।
(iii) ৰাছিয়াৰ নেতৃত্বত।
(iv) জাপানৰ নেতৃত্বত।
উত্তৰঃ (iii) ৰাছিয়াৰ নেতৃত্বত।
2. কোন চনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল।
3. ‘ত্রি-সম্রাট মৈত্রী সংঘ’ কাৰ নীতিৰ ফলত সৃষ্টি হৈছিল?
উত্তৰঃ ‘ত্রি-সম্রাট মৈত্রী সংঘ’ অট্টো ভন বিছমাৰ্ক নীতিৰ ফলত সৃষ্টি হৈছিল।
4. নাগাছাকিত কোনে এট’ম বোমা পেলাইছিল?
উত্তৰঃ নাগাছাকিত আমেৰিকাৰ মার্কিন বৈমানিক চার্লছ ডব্লিউ ছুইনীয়ে (Charles W. Sweeney) এট’ম বোমা পেলাইছিল।
5. নেলছন মেণ্ডেলাই কিমান বছৰ জেইলত কটাইছিল?
উত্তৰঃ ২৭ বছৰ নেলছন মেণ্ডেলাই জেইলত কটাইছিল।
6. বান্দুং সম্মিলন কোন চনত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৫৫ চনত বান্দুং সম্মিলন অনুষ্ঠিত হৈছিল।
7. ৱন্দিৱাছৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰঃ ফৰাচী আৰু ব্ৰিটিছৰ মাজত ৱন্দিৱাছৰ যুদ্ধ সংঘটিত হৈছিল।
8. ব্রেষ্ট-লিট’ভস্ক সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ব্রেষ্ট-লিট’ ভস্ক সন্ধি জার্মানী আৰু পোলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল ১৯১৮ চনৰ ৩ মাৰ্চত, পোলেণ্ডৰে ব্ৰেষ্টলিটোভস্ক নামৰ ঠাইত।
9. ‘নিউ ডিল’ নামেৰে পৰিচিত নীতিটো কোনে আৰু কেতিয়া উদ্ভাৱন কৰিছিল?
উত্তৰঃ ‘নিউ ডিল’ নামেৰে পৰিচিত নীতিটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডেলানো ৰুজভেল্টটে ১৯৩৩-১৯৩৮ চনত উদ্ভাৱন কৰিছিল।
10. নাজিবাদৰ দুটা নীতি লিখা।
উত্তৰঃ নাজিবাদৰ দুটা নীতি হ’ল-
১। নাজিবাদ আছিল গণতন্ত্ৰৰ পৰিপন্থী, শান্তিৰ বিপৰীতে সামৰিক সংঘৰ্ষ তথা যুদ্ধত বিশ্বাসী আৰু নিৰ্ভৰশীল।
২। নাজীয়ে বিশ্ব শাসন কৰিব লাগে জার্মান বসতিৰ অঞ্চলৰ পৰা ইহুদীসকলক স্থায়ীভাৱে আঁতৰাই পেলোৱা।
11. ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় প্রথমে ক’ত আছিল? পিছত ইয়াক ক’লৈ স্থানান্তৰিত কৰা হয়?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় প্রথমে লণ্ডনত আছিল।
পিছত ইয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক চহৰত স্থানান্তৰিত কৰা হয়।
12. ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ দুটা কাৰ্য লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ দুটা কাৰ্যৱলী হ’ল-
(১) বিশ্বৰ মানৱ সমাজৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক, স্বাস্থ্য আদি আনুষংগিক বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন, অনুসন্ধান আৰু প্রতিবেদন প্ৰস্তুত কৰা।
(২) মানৱ অধিকাৰৰ প্ৰতি সমাজত সমাদৰ বৃদ্ধি কৰা, তাক ৰক্ষা কৰাৰ ব্যৱস্থা কৰা আৰু সকলো মানুহৰ বাবে স্বাধীনতাৰ মৌলিক চৰ্তসমূহ পৰিপূৰণৰ চেষ্টা কৰা।
13. ২৪ অক্টোবৰ তাৰিখটো কিয় ‘ ৰাষ্ট্ৰসংঘ দিৱস’ হিচাবে পালন কৰা হয়?
উত্তৰঃ ২৪ অক্টোবৰ ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয় কাৰণ এই দিনটোতেই ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ সংবিধান (Charter of the United Nations) আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছিল। ৰাষ্ট্ৰসংঘৰ সংবিধানত স্বাক্ষৰ দান কৰা ৫১ খন ৰাষ্ট্ৰৰ গৰিষ্ঠসংখ্যক চৰকাৰে আনুষ্ঠানিক অনুমোদন (Ratify) জনোৱাৰ পিছত, এই দিনটোক ৰাষ্ট্ৰসংঘৰ আৰম্ভণিৰ দিনৰূপে গণ্য কৰা হয়। সেয়ে তেতিয়াৰ পৰাই এই দিনটো ৰাষ্ট্ৰসংঘৰ ভূমিকা আৰু লক্ষ্যসমূহ উদযাপন কৰিবলৈ ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হৈছে।
14. SWAPOৰ পূৰ্ণাংগ ৰূপটো কি?
উত্তৰঃ SWAPOৰ পূৰ্ণাংগ ৰূপটো হ’ল- South-West African People’s Organisation.
15. ছাৰ্কৰ তৃতীয় শীর্ষ সম্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ছাৰ্কৰ তৃতীয় শীর্ষ সম্মিলন ১৯৮৭ চনত কাঠমাণ্ডু (নেপালত) অনুষ্ঠিত হৈছিল।
16. ভুটান আৰু মালদ্বীপৰ ৰাজধানীৰ নাম লিখা।
উত্তৰঃ ভুটানৰ ৰাজধানীৰ নাম হ’ল- থিম্ফু আৰু মালদ্বীপৰ ৰাজধানীৰ নাম হ’ল- মেল।
17. পুঁজিবাদ কি?
উত্তৰঃ যি আর্থিক ব্যৱস্থাত ৰাষ্ট্ৰৰ উৎপাদনৰ সকলো আহিলা ব্যক্তিগত মালিকী স্বত্বত থাকে আৰু উৎপাদিত সামগ্রীসমূহ ব্যক্তিগত মুনাফা লাভৰ বাবে বিতৰণ বা বিক্ৰী কৰা হয়, তাকে পুঁজিবাদী ব্যৱস্থা বা পুঁজিবাদী অর্থনীতি বোলে।
18. ভাৰ্চাই শান্তি চুক্তিৰ চাৰিটা সামৰিক চৰ্ত লিখা।
উত্তৰঃ ভাৰ্চাই শান্তি চুক্তিৰ চাৰিটা সামৰিক চৰ্তসমূহ হ’ল-
(১) ৰাজ্যক্ষেত্ৰ সম্পৰ্কীয় চর্ত।
(২) ঔপনিৱেশিক-ৰাজ্যক্ষেত্র সম্পর্কীয় চর্ত।
(গ) সামৰিক চৰ্ত।
(ঘ) আইন সংগত আৰু বিত্তীয় তথা অর্থনৈতিক চর্ত।
19. লেনিনৰ ‘নতুন অর্থনৈতিক আঁচনি’ (NEP) সম্পর্কে এটা চমু টোকা লিখা।
উত্তৰঃ সকলো ক্ষেত্ৰতে উৎপাদনৰ হাৰ কমি গৈছিল। বিশেষকৈ বৃহৎ উদ্যোগ প্রতিষ্ঠানবোৰৰ উৎপাদন ক্ষমতা প্রথম বিশ্বযুদ্ধৰ আগতকৈ ১৯২০ চনত প্রায় ১২ শতাংশ আৰু কৃষি উৎপাদন ৩ শতাংশ হ্রাস পাইছিল। সমগ্র অর্থনৈতিক ব্যৱস্থাটোৱেই ভাঙি যোৱাৰ উপক্রম হৈছিল আৰু দেশত দুর্ভিক্ষই দেখা দিছিল। প্রায় ৪০ মিলিয়ন লোক পুষ্টিহীনতাত ভোগাৰ লগতে আন ৫০,০০,০০০ লোক মৃত্যুমুখত পৰিছিল। বৈদেশিক সামৰিক হস্তক্ষেপৰ বিপৰীতে সাফল্য লাভ কৰিলেও অৰ্থনৈতিক পুনৰ গঠনৰ ক্ষেত্ৰত দেশে প্রথম অৱস্থাত হাৰ মানিছিল।
লেনিনে সেয়ে অর্থনৈতিক পুনৰ গঠনৰ ক্ষেত্ৰত দেখা দিয়া ত্রুটিৰ প্রতি সচেতন হৈ তৎকালেই ৱাৰ কমিউনিজম বাতিল কৰি ১৯২১ চনৰপৰা কাৰ্যকৰী হোৱাকৈ নতুন অর্থনৈতিক আঁচনি বা নীতি (New Economic Policy or NEP) প্ৰৱৰ্তন কৰিলে। এই নীতিৰ আধাৰতো কাম-কাজ বিশেষ আগবঢ়াৰ সময়তেই দেশত পুনৰ দুর্ভিক্ষই দেখা দিলে। এইবাৰো খাদ্য উৎপাদন বহুল পৰিমাণে হ্রাস পোৱাৰ লগতে কেবা লাখ মানুহ মৃত্যুমুখত পৰিছিল।
20. জাপানৰ পাৰ্ল হাৰ্বাৰৰ ওপৰত কৰা আক্ৰমণৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰঃ চীনৰ ওপৰত নিজৰ সম্পূৰ্ণ দখল সাব্যস্ত কৰি আমেৰিকাক এসেকা দিয়াই আছিল জাপানৰ মুখ্য লক্ষ্য। সেয়ে জাপানে চীন আক্ৰমণ কৰাৰ পাছত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। জার্মানী আৰু ইটালীৰ সহায়ত বলিয়ান হৈ ১৯৪১ চনত আমেৰিকাৰ পাৰ্ল পোতাশ্রয়ৰ ওপৰত জাপানে আক্রমণ চলায়। ইয়াক পার্ল হাৰ্বাৰ আক্রমণ বুলি জনা যায়। জাপানৰ এনে কাৰ্যত আমেৰিকা ক্ষুব্ধ হয়ঙ্গ ইয়াৰ বিপৰীতে আমেৰিকাইও জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
21. ‘মহান চুক্তি’ কি আছিল?
উত্তৰঃ
22. ‘অপাৰেচন বেট’লএক্ছ’ সম্পর্কে এটা চমু টোকা লিখা।
উত্তৰঃ আফ্রিকাত ইটালী আৰু জাৰ্মানীৰ বিৰুদ্ধে ব্ৰিটিছৰ প্ৰতি-আক্রমণ চলোৱা হৈছিল অপাৰেচন বেটল এক্ছ (Operation Battleaxe) সাংকেতিক নাম ভূমিকাত। কিন্তু ওৱাভেলৰ নেতৃত্বত এই সামৰিক অভিযানে বিশেষ কাম নিদিয়াত ছার্চিলে তেওঁৰ ঠাইত আইচিনলেকক সেনাধ্যক্ষ নিযুক্ত কৰি আফ্ৰিকাৰ ৰণাংগনলৈ প্ৰেৰণ কৰে। লগতে তেওঁ এই ৰণাংগনলৈ ৭৫০ খন টেংকসহ ব্রিটেইনৰ অত্যন্ত পাৰদৰ্শী সৈনিকসকলক প্ৰেৰণ কৰিছিল।
23. ৰাষ্ট্ৰসংঘৰ চাৰিটা লক্ষ্য আৰু উদ্দেশ্য লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চাৰিটা লক্ষ্য আৰু উদ্দেশ্য হ’ল-
১। ভৱিষ্যত প্রজন্মক যুদ্ধৰ ধ্বংসলীলাৰপৰা ৰক্ষা কৰা ৷
২। বিশ্বত সৰ-বৰ সকলো ৰাষ্ট্ৰৰে পুৰুষ মহিলা নির্বিশেষে সমান অধিকাৰৰ ভিত্তিত সকলো মানুহৰে মৌলিক মানৱীয় অধিকাৰৰ প্ৰতি পুনৰ আস্থা স্থাপন কৰা, কাৰণ ইতিমধ্যে যুদ্ধৰ বিভীষিকাই বাৰে বাৰে এই অধিকাৰ খৰ্ব কৰি আহিছে।
৩। আস্তঃৰাষ্ট্ৰীয় সন্ধি আৰু চুক্তি আদিৰ মাধ্যমত সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় আইন কানুনে বিশ্ব সম্প্ৰদায়ৰ মাজত আনি দিয়া দায়িত্ববোধৰ প্রতি ন্যায় আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ অনুকূল পৰিৱেশৰ সৃষ্টি কৰা।
৪। বিশ্বত সকলো মানুহৰে মুকলিমুৰীয়া আৰু স্বাভাৱিক জীৱন যাত্ৰাৰ অনুকূলে সামাজিক উন্নয়ন আৰু জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰা।
24. ‘শীতল যুদ্ধ’ কি?
উত্তৰঃ শীতল যুদ্ধই সাধাৰণতে দুখন দেশৰ মাজৰ বিভেদকামী কার্যকলাপ আৰু মতভেদৰ সংঘৰ্ষক বুজায়। দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰা ‘শীতল যুদ্ধ’ কথাষাৰ সঘনে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।
25. হো চি মিন-ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভিয়েটনামত প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব দিছিল ভিয়েটমিন লীগ (Vietminh League) নামে সেই দেশৰ কমিউনিষ্ট দলটোৱে, তাৰ নেতা আছিল হো-চি-মিন। ১৯৪১ চনত সংগঠিত এই সংগঠনটোৱে এফালে ভীকি ফ্ৰান্সৰ (Vichy France) আৰু আনফালে সামৰিক-সাম্রাজ্যবাদী শক্তি জাপানৰ বিৰুদ্ধে এই প্ৰতিৰোধ সংগ্রাম গঢ়ি তুলিছিল। ১৯৪১ চনৰ ছেপ্টেম্বৰ মাহত ভিয়েটমিন লীগে ভিয়েটনামক প্রজাতান্ত্রিক চৰকাৰৰূপে ঘোষণা কৰি তাত এখন নতুন চৰকাৰ গঠন কৰিছিল।
কিন্তু বিশ্বযুদ্ধ শেষ হোৱাৰ পিছতো বহু বছৰলৈ ভিয়েটনামৰ ৰাজনৈতিক প্রশ্নটোৰ কোনো সুমীমাংসা হোৱা নাছিল। কিয়নো জাপানৰ পৰাজয়ৰ পিছত ভিয়েটমিনসকলে ভিয়েটনামক ফ্ৰান্সৰ কৱল পৰা মুক্ত কৰিলেও কমিউনিষ্ট বিতাড়নৰ অচিলা লৈ আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক হস্তক্ষেপ কৰে। তেতিয়াৰপৰা প্ৰায় ১৯৭৩ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ভিয়েটনামৰ জনসাধাৰণৰ বিৰুদ্ধে এক দমনমূলক সংগ্রামত লিপ্ত হৈ পৰে। অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় ত্ৰিশ বছৰ কাল ধৰি চলা এই ভিয়েটনাম যুদ্ধত ১৯৭৩ চনত পৰাভূত হৈ তাৰপৰা আঁতৰি যাবলৈ বাধ্য হৈছিল।
26. ‘মাছাল প্লেন’ কি?
উত্তৰঃ
27. ভাৰতবৰ্ষত সাম্রাজ্য স্থাপনত ফ্রান্স কিয় বিফল হৈছিল?
উত্তৰঃ ভাৰতবৰ্ষত সাম্রাজ্য স্থাপনৰ ক্ষেত্ৰত ফ্রান্স বিকল হৈছিল। ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে— বুন্দিৱাছৰ যুদ্ধ, ধর্মীয় সংঘাত, সংঘর্ষ তথা মহাদেশীয় যুদ্ধত ফ্ৰান্সৰ অংশগ্রহণ আৰু বণিক শ্ৰেণীৰ অভাৱ। ১৬৬৪ চনত ফৰাছী ঔপনিৱেশ গঢ়ি তোলা আৰু বাণিজ্যিক সমৃদ্ধিৰ ক্ষেত্ৰখন প্ৰসাৰ কৰাৰ বাবে ফৰাছী ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন হৈছিল।
১৬৭০-৭৩ চনৰ ভিতৰত ফৰাছী ইষ্ট-ইণ্ডিয়া কোম্পানীটোৱে মাদ্রাজৰ ওচৰত ছেইণ্ট থোম (Saint Thom) আৰু পণ্ডিচেৰী দখল কৰিছিল। কোম্পানীয়ে পণ্ডিচেৰীত এটি কোঠ মাৰিছিল আৰু তাক ফ’ট লুই নামে নামাকৰণ কৰিছিল আৰু ভাৰতবৰ্ষত ফৰাছী কলৰ ৰাজধানী পাতিছিল। ইয়াৰ পাছত ফৰাছীসকলে মালৱাৰ উপকূলৰ মাহে (Mahe) আৰু বংগদেশত চন্দননগৰ দখল কৰিছিল আৰু তাত একোটকৈ বাণিজ্যিক ঘাটি স্থাপন কৰিছিল।
১৭৬০ চনত সংঘটিত হোৱা ৱন্দিৱাছৰ যুদ্ধত ইংৰাজৰ হাতত লালীয়ে পৰাজয় বৰণ কৰিছিল। এই যুদ্ধত ইংৰাজৰ জয় হোৱাত ভাৰতবৰ্ষত ফৰাছী উপনিৱেশৰ সম্প্ৰস ৰণৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈছিল। কাৰণ ইংৰাজসকলৰ সৈতে ফৰাছীসকলে প্ৰতিযোগিতাত তিষ্ঠিব পৰা নাছিল আৰু সেয়ে ফ্রান্সে ভাৰতবৰ্ষৰ সাম্রাজ্য স্থাপনৰ ক্ষেত্ৰত বিফল হৈছিল। চতুর্দশ লুইৰ শাসনকালত ফ্ৰান্সৰ সেনাবাহিনী বিশাল আৰু পৰাক্ৰমী আছিল যদিও মহাদেশীয় যুদ্ধত লিপ্ত হৈ থকা বাবে ফ্রান্সে উপনিৱেশিক সাম্রাজ্য গঢ়ি তোলাতো কঠিন আছিল। আকৌ ফ্ৰান্সৰ জনসংখ্যা অনুপাতে এক উপযুক্ত বণিক শ্ৰেণীৰ অভাৱ দেখা গৈছিল। সেই সময়ত তুলনামুলকভাৱে আন ঔপনিৱেশিক শক্তিৰ দেশ হলেও ইংলেণ্ড, পর্তুগাল, স্পেইন আদি দেশবোৰত একোটাকৈ শক্তিশালী বণিক শ্রেণী গঢ়ি উঠিছিল। এই দেশসমূহে নিজ নিজ দেশীয় চৰকাৰৰ পৰা অনুপ্ৰেৰণা আৰু পৃষ্ঠপোষকতা লাভ কৰাৰ বিপৰীতে ফ্ৰান্সৰ বণিকসকলে গৃহ চৰকাৰৰ বিনা অনুমতিত কোনো কাম কৰিব পৰা নাছিল। অর্থাৎ সময়ে সময়ে গঢ়ি উঠা বাণিজ্যিক কোম্পানীসমূহৰ ওপৰত ফ্ৰান্সৰ চৰকাৰৰ অতি কঠোৰ নিয়ন্ত্ৰণ আছিল, যিয়ে ফ্ৰান্সৰ লোকসকলক স্বাধীন কর্মপ্ৰেৰণা আৰু উৎসাহ-উদ্দীপনাৰ ক্ষেত্ৰত ক্ষতি কৰিছিল। ভাৰতবৰ্ষত তথা আন ৰাষ্ট্ৰবোৰত ঔপনিৱেশিক ৰাজ্য বা সাম্রাজ্য স্থাপনৰ বাবে যিখিনি কাম কৰা হৈছিল সিও ফ্ৰান্সৰ গৃহ চৰকাৰৰ সহায়ৰ অভাৱ তথা অমনোযোগিতাৰ বাবে বিফল হৈছিল। এনেবোৰ বিভিন্ন কাৰণতে ফ্রান্সে ভাৰতবৰ্ষত ঔপনিৱেশিক ৰাজ্য স্থাপনৰ ক্ষেত্ৰত সফল হ’ব পৰা নাছিল।
28. ১৯১৭-১৯১৮ চনত বিশ্বৰ যুদ্ধৰ পৰিস্থিতি সম্পর্কে সংক্ষিপ্ত আলোচনা কৰা।
উত্তৰঃ ১৯১৭ চনৰ নৱেম্বৰ মাহত মিত্ৰ পক্ষই যুদ্ধক্ষেত্রত ফ্রান্স, ইটালী, ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকসকলৰ মাজত কৰ্ম সংহতি আৰু যুদ্ধ আঁচনিৰ ৰূপায়নত অধিক সাফল্য অৰ্জনৰ বাবে এক সর্বোচ্চ যুদ্ধ পৰিষদ গঠন কৰে আৰু ১৯১৮ চনৰ মাৰ্চ মাহত মিত্র শক্তিয়ে মাৰ্ছাল ফার্দিনান্দ ফকক (Marshal Ferdinand Foch) সর্বময় কর্তৃত্ব প্রদান কৰে। তেওঁৰ সহায়কৰূপে মাৰ্ছাল পেটাইনৰ নেতৃত্বত ফৰাছী আৰু ছাৰ ডোগলাছ হেইগৰ নেতৃত্বত ব্রিটিছ সেনা বাহিনীয়ে কেন্দ্রীয় শক্তি জোঁটৰ বিৰুদ্ধে সমৰ অভিযানত ভাগ লয়। ইতিমধ্যে ১৯১৭ চনৰ শেষৰ ফালে জার্মানসকলেও মিত্র শক্তি জোঁটৰ বিপক্ষে যুদ্ধ জয়ৰ আশা পৰিত্যাগ কৰিছিল। কিন্তু তথাপিও অসাধ্য সাধন কৰাৰ আশাত জার্মান সেনাধ্যক্ষ লডেনডর্ফে মৰোঁ-জিও- শো-আধিকৈ শেষ বাৰৰ বাবে আকৌ এঘৰি যুঁজাৰ অভিপ্ৰায়েৰে ১৯১৮ চনৰ মাৰ্চ মাহত ব্ৰিটিছ আৰু ফৰাছী মিলিত সেনাবাহিনীৰ ওপৰত তীব্র আক্রমণ চলায়। যুদ্ধত তেওঁ ভালেমান অগ্রগতি লাভ কৰিছিল যদিও জুলাই মাহৰ ভিতৰতে সকলো আশা শেষ হৈ গৈছিল। এই মাহতেই মার্নত দ্বিতীয়খন বিখ্যাত যুদ্ধ সংঘটিত হৈছিল। ইয়াতো প্ৰথমখনৰ দৰে জার্মানসকল পৰাভূত হয়। জাৰ্মানসকলৰ মনোবল সম্পূর্ণৰূপে ভাঙি পৰে। তাৰ পিছতো জার্মানসকলে ক্রমাগতভাৱে বিপৰ্যয়ৰ সন্মুখীন হৈ থাকে।
29. হিটলাৰৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্যসমূহ কি আছিল?
উত্তৰঃ হিটলাৰৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্যসমূহ হ’ল-
১। হিটলাৰে ভাৰ্চাই শান্তি চুক্তিৰ চৰ্তসমূহে জাৰ্মানীৰ সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ কৰি তাক উলংঘা কৰাৰ পোষকতা কৰিছিল। সকলো জার্মান লোককে এক জার্মান ৰাষ্ট্ৰৰ তলতীয়া কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে তেওঁ জার্মানীৰ ক্ৰমবর্ধমান জনসংখ্যাৰ বসবাসৰ উপযোগীকৈ উত্তৰ-পূৰ্ব ইউৰোপ আৰু ৰাছিয়াৰ দিশত জাৰ্মানীৰ ৰাজ্য ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ পোষকতা কৰিছিল। তেওঁ কৈছিল, “জাতীয় সমাজবাদৰ লক্ষ্য হ’ল ভৱিষ্যতে বসতি কৰিব পৰাকৈ জার্মান লোকৰ বাবে অতিৰিক্ত ভূমিৰ সম্প্ৰসাৰণ কৰা।”
২। হিটলাৰে জাৰ্মান জাতিৰ ৰক্তকৌলিন্যতত্ত্বত বিশ্বাস কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে জার্মানসকল আর্য গোষ্ঠীসম্ভূত লোক। সকলো মানুহৰ ভিতৰত আর্যসকল শ্রেষ্ঠ, গতিকে এই শ্রেষ্ঠ জার্মান জাতিটোৱে সকলো জাতিকে দমন কৰি শাসন কৰাৰ অধিকাৰ আছে। এই কথাৰপৰাই হিটলাৰৰ অহমিকাৰ উমান পাব পাৰি। জার্মান জাতিৰ এই তথাকথিত শ্রেষ্ঠত্বৰ তত্ত্বই বিশেষকৈ নিবনুৱা ডেকা-যুৱকসকলক মতলীয়া কৰি তুলিছিল।
৩। জার্মান জাতিৰ এই শ্রেষ্ঠত্বৰ তত্ত্ব প্ৰচাৰ কৰাৰ লগে লগে সমান্তৰালভাৱে জার্মানীত বসবাস কৰা ইহুদী আৰু শ্লাভ জনগোষ্ঠীৰ লোক তথা নাগৰিকসকলৰ বিৰুদ্ধে অনবৰত অপপ্ৰচাৰ চলোৱা হৈছিল। জার্মান সমাজত যিমানবিলাক ব্যভিচাৰ, ভ্রষ্টাচাৰৰ সূচনা বা সৃষ্টি হৈছে, সেই সকলোবোৰৰ মূলতে ইহুদী আৰু শ্লাভ জনগোষ্ঠীৰ লোকৰ অপকর্ম বুলি দেখুওৱা হৈছিল। তেওঁলোকক জার্মান ৰাষ্ট্ৰৰ নাগৰিক অধিকাৰৰপৰা বঞ্চিত কৰাৰ লগতে চৰকাৰী চাকৰি-চাকৰিৰপৰাও অপসাৰিত কৰা হৈছিল। ইহুদী হোৱাৰ তথাকথিত অপৰাধতেই এলবাৰ্ট আইনষ্টাইনৰ দৰে পদার্থ বিজ্ঞানী আৰু ইহুদী মেনুহিনৰ দৰে বেহেলা বাদকে জার্মানীৰপৰা প্রাণ লৈ পলাৱলৈ বাধ্য হৈছিল।
৪। ২৫-দফীয়া আঁচনিৰ মাধ্যমত হিটলাৰে নাজি দলৰ ৰাজনৈতিক কাৰ্যসূচী বিস্তাৰিতভাৱে প্ৰচাৰ কৰিছিল। সেইবিলাকৰ ভিতৰত আছিল আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ নীতিৰ ভিত্তিত সকলো জার্মান লোককে এক ৰাষ্ট্ৰৰ অধীন কৰা, ভার্চাই আৰু ছেইণ্ট জার্মান শান্তি চুক্তি বাতিল কৰা, জার্মানীৰ বৰ্ধিত জনসংখ্যাৰ বাবে উপনিৱেশ স্থাপন কৰা, বৃত্তিজীৱী সেনা বাহিনীৰ পৰিৱৰ্তে জাতীয় সেনাবাহিনী গঠন কৰা, শক্তিশালী কেন্দ্রীয় চৰকাৰ গঠন কৰা আদি।
৫। নাজি দল এক প্ৰচাৰ সৰ্বস্ব ৰাজনৈতিক দল আছিল। জ্বালাময়ী, উত্তেজক ভাষণ আৰু নেৰা-নেপেৰা প্ৰচাৰৰ জৰিয়তে দেশৰ ৰাজনৈতিক পৰিৱেশ অনবৰত উত্তপ্ত কৰি ৰাখিছিল যাতে অন্যান্য বিৰোধী দল বা ব্যক্তিয়ে নিজ দলৰ কাম-কাজ কৰাৰ বাবে কোনো সুযোগ-সুৰুঙা নাপায়।
৬। মুছুলিনিৰ ফেছিবাদৰ দৰে হিটলাৰৰ নাজিবাদো গণতন্ত্ৰৰ পৰিপন্থী আছিল। হিটলাৰও বিৰোধী মতৰ প্ৰতি অসহিষ্ণু আছিল। গণতন্ত্র তথা উদাৰ ৰাজনৈতিক মতাদর্শ সম্বলিত বহু হাজাৰ গ্ৰন্থ ১৯৩৩ চনৰ ১০ মে তাৰিখে অকাতৰে পুৰি পেলোৱা হৈছিল।
30. ইন্দোনেছিয়াৰ মুক্তি আন্দোলনৰ ইতিহাসৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ৰাজনৈতিক বিপৰ্যয়ৰ মাজতেই ১৯৪২ চনৰ ১০ জানুৱাৰীৰপৰা জাপানে ইন্দোনেছিয়া আক্ৰমণ কৰিবলৈ লয় আৰু ওলান্দাজসকলে পৰাভূত হৈ সেই বছৰৰে ৮ মাৰ্চত জাপানৰ ওচৰত আত্মসমৰ্পন কৰে। সেই সময়ত ভালেমান জাতীয়তাবাদী নেতা-কর্মীয়ে জাপানীসকলৰ সৈতে সহযোগিতা কৰি ওলান্দাজ বিৰোধী ৰাজনৈতিক কাম-কাজ চলাই গৈছিল। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ লগে লগে ইন্দোনেছিয়াৰ স্বাধীনতাকাংক্ষী বিদ্রোহীসকলে জাকার্তাত ১৯৪৫ চনৰ ১৭ আগষ্টত নিজ দেশৰ স্বাধীনতা ঘোষণা কৰিছিল। উল্লেখ কৰিব পাৰি যে ওলান্দাজসকলে এই জাকার্তাকে বাটাভিয়া বুলিছিল। কিন্তু এই ঘটনাৰ কেই সপ্তাহমানৰ ভিতৰতে ওলান্দাজসকল পুনৰ ইন্দোনেছিয়ালৈ উভতি আহে আৰু ইন্দোনেছিয়াত নিজৰ প্ৰভুত্ব খটুৱাবলৈ ধৰে। তেতিয়াৰেপৰা ওলান্দাজ আৰু ইন্দোনেছিয়াৰ স্বাধীনতা সংগ্ৰামীসকলৰ মাজত ঘোৰতৰ সংঘৰ্ষ চলিবলৈ ধৰে আৰু ১৯৪৬ চনৰ ১৫ নৱেম্বৰৰ দিনা ওলান্দাজসকলে সুমাত্রা আৰু জাভাত দেশীয় চৰকাৰক স্বীকৃতি দিয়ে আৰু ইন্দোনেছিয়াত সংযুক্ত ইন্দোনেছিয়া নামে এখন গণতান্ত্রিক সাৰ্বভৌম চৰকাৰৰ প্ৰতি সমর্থন দিবলৈ প্রতিশ্রুতি দিয়ে। তৎসত্ত্বেও কিন্তু ওলান্দাজসকলে ইন্দোনেছিয়াৰ ওপৰত তেওঁলোকৰ কর্তৃত্ব পৰিত্যাগ কৰিবলৈ ইচ্ছুক নোহোৱাত আৰু দেশখনৰ জনসাধাৰণৰ ওপৰত নিৰ্যাতন চলাই যোৱাত লাহে লাহে বিশ্ব জনমত ওলান্দাজসকলৰ বিৰুদ্ধে যাবলৈ ধৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হস্তক্ষেপত অৱশেষত ওলান্দাজসকলে ইন্দোনেছিয়াৰপৰা আঁতৰি যাবলৈ বাধ্য হয়। ১৯৪৯ চনৰ ২ ডিচেম্বৰৰপৰা ইন্দোনেছিয়া ওলান্দাজসকলৰপৰা স্বাধীন হয় আৰু সেইদিনাখনেই ছুকার্ণোয়ে তাৰ ৰাষ্ট্ৰপতিৰূপে ক্ষমতাত অধিষ্ঠিত হয়।
31. ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল লক্ষ্য সমূহ হ’ল-
১। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা।
২। শান্তিপূর্ণ সহাৱস্থান কৰা।
৩। সাম্রাজ্যবাদ আৰু উপনিৱেশতাৰ বিৰোধিতা কৰা।
৪। বর্ণবৈষম্যবাদৰ বিৰোধিতা কৰা।
ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ উদ্দেশ্যসমূহ হ’ল-
১। সকলো ৰাষ্ট্ৰৰ ক্ষেত্ৰতে অখণ্ডতা আৰু সাৰ্বভৌমত্বক সন্মান প্ৰদৰ্শন কৰা।
২। আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা।
৩। যুদ্ধ পথ পৰিহাৰ কৰি চলা।
৪। সকলো ৰাষ্ট্ৰৰ মাজত সমতা স্থাপন কৰা আৰু সমান সুবিধা প্রদান কৰা।
৫। ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূর্ণ সহাৱস্থান নিশ্চিত কৰা আদিয়ে হ’ল পঞ্চশীলৰ নীতি।