Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Question Answer can be of great value to excel in the examination.

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা

Join Telegram channel

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Notes cover all the exercise questions in UGC Syllabus. Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২০। দুৰ্যোগ ব্যৱস্থাপনাৰ উপাদানসমূহ কি কি?

উত্তৰঃ দুৰ্গ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ তলত উল্লেখ কৰা হ’ল –

(ক) সম্ভাৱ্য বিপদ ব্যৱস্থাপনা।

(খ) ক্ষয়-ক্ষতি হ্ৰাস

(গ) দুৰ্যোগ নিয়ন্ত্ৰণ।

(ঘ) সম-সাহায্য বিতৰণ।

(ঙ) সম্পদ আহৰণ ব্যৱস্থা। আৰু

(চ) প্ৰভাৱ দূৰীকৰণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২১। দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা কি কি ?

উত্তৰঃ দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা হল-

(ক) দুৰ্যোগৰ আগত (Pre-disaster phase) লোৱা ব্যৱস্থাসমূহ, যেনে- সজাগতা বৃদ্ধি, প্ৰশিক্ষণ, পৰিকল্পনা আৰু প্ৰচাৰ অভিযান।

(খ) দুৰ্যোগৰ সময়ত [Impact phase ] (লোৱা ব্যৱস্থাসমূহ যেনে-জৰুৰী উদ্ধাৰ, প্রাথমিক সাহায্য প্রদান, খাদ্য সামগ্ৰী, ঔষধ-পাতি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান।

(গ) দুৰ্যোগৰ পিছত [Post disaster phase ] লোৱা ব্যৱস্থাসমূহ হ’ল তাৎক্ষণিক আৰু স্থায়ী পুণৰ সংস্থাপন, পূৰ্বৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ কাৰণে কৰা প্রচেষ্টা।

২২। সালোক সংশ্লেষণ কেনেকৈ হয়? বুজাই লিখা?

উত্তৰঃ সালোক সংশ্লেষণ উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ এক প্রক্ৰিয়৷ এই প্রক্ৰিয়াত প্রয়োজনীয় উপাদানবোৰ হ’ল— সূৰ্যৰ পোহৰ, এঙাৰ গেছ, উদ্ভিদৰ পাতত থকা হৰিৎকণা আৰু উদ্ভিদে শিপাৰে শুহি লোৱা পানী। পোহৰৰ মাধ্যমত এই প্ৰণালী সংঘটিত হয়। উদ্ভিদে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড অৰ্থাৎ এঙাৰ গেছ গ্ৰহণ কৰি সূৰ্যৰ পোহৰত পাতত থকা হৰিৎকণাৰ সহায়ত শিপাৰে শুহি লোৱা পানীৰ সংযোগত স্বেতসাৰ প্ৰস্তুত কৰে। এই শ্বেতসাৰ উদ্ভিদৰ প্ৰধান খাদ্য দ্ৰব্য। সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ প্রাণীয়ে উশাহত লয়। সালোক সশ্লেষণ প্রক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সময়ত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। সেইটো হল -বায়ুৰ পৰা লোৱা কাৰ্বন-ডাই-অক্সাইড (C O)আৰু শিপাৰে শুহি লোৱা পানীৰ সংযোগত উদ্ভিদৰ পাতত হৰিৎকনাৰ সহায়ত সালোক সংশ্লেষণ হৈ উদ্ভিদৰ খাদ্য বস্তুত গ্লুক’জ ( C₆H₁O₆) উৎপন্ন হয়। সালোক সংশ্লেষণ প্রক্ৰিয়াত উদ্ভিদে বায়ুলৈ অক্সিজেন গেছ এৰি দিয়ে। এই সময়ত ৰাসায়নিক বিক্রিয়া সংঘটিত হয়। সেইটো হ’ল – 

সূৰ্যৰ পোহৰ        

কাৰ্বন-ডাই-অক্সাইড (C O₂) + পানী (H₂O) 

শ্বেতসাৰ + অক্সিজেন (O₂) 

হৰিৎকনাৰ (C₆H₁₂O₆)

সালোক সংশ্লেষণ দিনৰ ভাগত সূৰ্যৰ পোহৰত হয়। ৰাতি এই প্রক্ৰিয়া নথটে। এই প্রক্ৰিয়াৰ দ্বাৰা প্ৰাণী আৰু উদ্ভিদৰ মাজত পাৰস্পৰিক বিনিময় চলি থাকে। এইদৰে প্রাণী আৰু উদ্ভিদ পৰস্পৰ নিৰ্ভৰশীল হৈ পৰিবেশৰ ভাৰসাম্য বজাই ৰাখে। বায়ুত থকা এঙাৰ গেছ প্রাণীৰ বাবে অপকাৰী কিন্তু উদ্ভিদৰ বাবে উপকাৰী। পৃথিৱীত পৰিবেশ সৃষ্টি হোৱাৰ লগে লগে উদ্ভিদ আৰু প্রাণীৰ সৃষ্টি হৈছে। তেতিয়াৰে পৰাই বায়ুৰপৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰাৰ প্রক্ৰিয়া অবিৰামভাবে চলি আছে আৰু অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়াৰ প্ৰক্ৰিয়াও চলি আছে। আনহাতে প্রাণীয়ে বায়ুমণ্ডলৰপৰা অক্সিজেন গ্রহণ কৰি জীয়াই থকাৰ প্রক্ৰিয়া নিৰৱচ্ছিন্নভাৱে চলি আছে। এই স্বাভাৱিক প্রক্ৰিয়াৰৰ ফলত পৃথিৱীত পৰিবেশৰ ভাৰসাম্য অটুট আছে।

২৩। কি কি কাৰণে বন্যপ্ৰাণীৰ অৱলুপ্তি ঘটিব পাৰে?

উত্তৰঃ উপযুক্ত সংৰক্ষণ ব্যৱস্থা নথকাত পৃথিৱীৰ বুকুৰ পৰা ভালেসংখ্যক বন্যপ্ৰাণী ইতিমধ্যে লুপ্ত হৈছে। বন্যপ্রাণীবোৰ লুপ্ত হোৱাৰ কাৰণবোৰ হ’ল-

(ক) বনাঞ্চলৰ পৰিমাণ কমি যোৱাত বন্যপ্ৰাণীৰ খাদ্য আৰু আবাসভূমিৰ অভাৱ।

(খ) মানুহে জধে-মধে বনাঞ্চল ধ্বংস কৰাৰ ফলত।

(গ) জনবিস্ফোৰণ, শিল্পদ্যোগ, ঘৰ-দুৱাৰ নিৰ্মাণ কৰিবলৈ বনাঞ্চলৰ মাটি দখল কৰাৰ ফলত।

(ঘ) বিভিন্ন বনাঞ্চল মানুহে বেদখল কৰাৰ ফলত।

(ঙ) ৰাস্তা, ৰে’লপথ আদি বনাঞ্চলৰ মাজেৰে গতি কৰাত।

(চ) প্ৰদূষণৰ প্রভাৱত।

(ছ) বন্যপ্ৰাণীৰ ছাল, শিং, মাংস আদিৰ লোভত জধেমধে চিকাৰ কৰাৰ ফলত।

(জ) বৈজ্ঞানিক ভাৱে সংৰক্ষণ নকৰাৰ ফলত। 

(ঝ) চৰকাৰৰ ফালৰ পৰা বাটকটীয়া নীতি আৰু আইনৰ অভাৱ।

২৪। অভয়াৰণ্যৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ পৰিবেশতন্ত্ৰৰ অৱনতি ৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ বন্যপ্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতিসমূহক সংৰক্ষণ কৰাৰ উদ্দেশ্যে গঢ় লৈ উঠিছে জাতীয় উদ্যান (N a t I o n a l. অভয়াৰণ্য, জীৱমণ্ডল অঞ্চল (B I o s p h e r e ) আদি পৰিকল্পনা। এনে অঞ্চল বিলাক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰীভাৱে প্ৰচেষ্টা আৰম্ভ হ’ল যাতে তাতে জীৱবোৰ স্বাভাৱিকভাৱে জীয়াই থাকিব পাৰে। তাৰ বাবে গঠন হ’ল ‘আন্তৰ্জাতিক বন্যপ্ৰাণী সংৰক্ষণ সংস্থা’৷ ভাৰতবৰ্ষতো ১৯৫২ চনত ভাৰতীয় বন্যপ্ৰাণী পৰিষদ গঠন -হ’ল। প্ৰতিখন ৰাজ্যত এই পৰিষদৰ শাখা খোলা হৈছে। 

অভয়াৰণ্যবোৰ জাতীয় উদ্যানৰ সমান বৃহৎ নহয় যদিও ইয়াৰ শাসন ব্যৱস্থা আৰু নিয়ম কানুন প্রায় একেই। কিন্তু অভয়াৰণ্যৰ বৈশিষ্ট্য হল যে তাত প্ৰয়োজন অনুসৰি সীমিত পৰ্যায়ত কিছু মানুহৰ বসবাস, চৰণীয়া জীৱ-জন্তুৰ উপস্থিতি আৰু ঘাঁহ বন কাটিবলৈ অনুমতি দিয়া হয়। অৱশ্যে জীৱ জন্তুৰ স্বাভাৱিক জীৱনত কোনো বাধাৰ সৃষ্টি নকৰাকৈহে।

২৫। বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ কি কি?

উত্তৰঃ প্ৰকৃতি জাত যিবোৰ সম্পদ মানুহৰ উপকাৰী আৰু উপকাৰৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় তেনে সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে।যেনে- পানী, মাটি, বায়ু, খনিজ পদাৰ্থ, অৰণ্য, বন্যপ্ৰাণী আদি প্ৰাকৃতিক সম্পদ। এই সম্পদবোৰ মানৱ জাতিৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰা হয়। 

প্রকৃতিৰাজ্যত বিভিন্ন প্রকাৰৰ প্রাকৃতিক সম্পদ আছে। এইবোৰ হ’ল-

(ক) জলজ সম্পদ: ভূ-গৰ্ভ, নদী, হ্ৰদ আদিৰ পানী।

(খ) ভূমি সম্পদ: কৃষি কাৰ্যত, অৰণ্যত, চৰণীয়া পথাৰ, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল-কাৰখানা, উদ্যান আৰু অন্যান্য কামত ব্যৱহাৰ হয়।

(গ) বনজ সম্পদ: খাদ্য, কাঠ, খৰি, আঠা, ধূনা, তেল, ৰবৰ, সূতা,বাঁহ, বেত, পশুপালন, ঔষধ আদি বনজ সম্পদ।

(ঘ) খাদ্য সংৰক্ষণ: ধান, গম, মাকৈ, আলু, বাৰ্লি, কুঁহিয়াৰ,গাখীৰ, কণী, মাছ-মাংস আদি প্ৰধান খাদ্য সম্পদ।

(ঙ) খনিজ সম্পদ: কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, লো, ক্ৰ’মিয়াম, বক্সাইট, চূণশিল, ড’ল’মাইট, তাম, ইউৰেনিয়াম আদি খনিজ সম্পদ।

(চ) শক্তি সম্পদ: সৌৰশক্তি, জোৱাৰ শক্তি, ভূ-উত্তাপ, জৈৱিক গেছ, বায়ুশক্তি, পাৰমাণৱিক শক্তি আদি।

২৬। জলজ সম্পদসমূহ কি কি?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ৭০% তকৈ অধিক পানীৰে আৱৰা। আমি পানীৰ 97.3 % লুণীয়া আৰু 2.7% অলৱণীয় পানী। 2.7%ৰ অধিক পানী হিমশিলাত আৱদ্ধ হৈ আছে আৰু কেৱল মাত্ৰ 0.003% পানীহে আমাৰ ব্যৱহাৰৰ উপযোগীকৈ ভূগৰ্ভ, নদী, হ্ৰদ আদিত পোৱা যায়। 

আমাৰ দেহৰ অধিকাংশ শৰীৰজনিত ক্ৰিয়া পানীৰ মাধ্যমতেই সম্পন্ন হয়। পানীৰ বাবে পোষক দ্রব্যৰ শোষণ, বিতৰণ, শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ, বৰ্জনীয় পদাৰ্থৰ নিষ্কাষণ আদি কাৰ্য সম্ভৱ হয়। বস্তু-বাহানি ধোৱা জলসিঞ্চন, পৰিবহণ, প্রাণীয়ে খোৱা আদি বিভিন্ন কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়। যিমান পৰিমাণৰ পানী ব্যৱহাৰৰ বাবে উত্তলন কৰ হয় তাক উত্তালিত জলৰাশি বোলা হয়। পৃথিৱীৰ মুঠ জলৰাশিৰ 70% কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয়। 25% কাৰখানাবোৰত ব্যৱহৃত হয় আৰু 5 % পানী অন্যান্য কাৰণত ব্যৱহাৰ কৰা হয়। 

বৰষুণৰ পানী ভূ-পৃষ্ঠত পৰি কিছু অংশ ভূগৰ্ভলৈ সোমাই যায়৷ ইয়াক ভূ-জল বা ভূ-গৰ্ভস্থ জল বোলে। মুঠ অলৱণীয় পানীৰ 9.9% ভূ-জল। মাটিৰ তলত শিলৰ কঠিন স্তৰৰ ওপৰত ই ভূ-জল একো একোটা স্তৰত পৰিণত হয়। ইয়াক ভূ-জলস্তৰ বা ‘একুইফাৰ’ বোলে। এই একুইফাৰবোৰৰ পৰা দমকল বা পাম্পৰ জৰিয়তে পানী উলিওৱা হয়। 

বৰষুণ বা তুষাৰপাতৰ পিছত বহু অংশ পানী মাটিৰ তললৈ সৰকি নাযায় বা বাষ্প হৈ উৰিও নাযায়। এই অংশ পানী হ্ৰদ, পুখুৰী, বিল আদিত আৱদ্ধ হৈ ৰয় বা নৈ নিজৰাৰে বৈ যায়। এই অংশ পানীক ভূ-পৃষ্ঠীয় পানী বোলা হয়।

পানীক অসীম সম্পদ বুলি ধৰা হয় যদিও বৰ্তমান জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰ অতিমাত্ৰা বৃদ্ধি পাইছে। ফলত ভূ-গৰ্ভস্থ আৰু ভূ-পৃষ্ঠীয় পানীৰ পৰিমাণ কমি আহিছে।

পানীৰ পৰিমাণ অতি বেছি বা অতি কম হ’লেই বিপদ চপাই আনে। ভাৰতৰ নিচিনা যিবোৰ ঠাইত বাৰিষা প্ৰচুৰ বৰষুণ হয় তাত ধাৰাসাৰ বৰষুণৰ ফলত নৈ-বিল আদি উপচি বানপানীৰ সৃষ্টি কৰে। আনহাতে বৰযুণ নথকা বতৰত খৰাং হৈ খেতি-বাতিৰ অনিষ্ট’কৰে, ভূ-জলৰ স্তৰ তললৈ নামি যোৱাৰ ফলত খোৱাপানীৰ অসুবিধা হয়।

২৭। জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাবোৰ কি কি? ইয়াৰ প্রতিকাৰৰ উপায়সমূহ কি কি?

উত্তৰঃ জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাবোৰ হ’ল–

(ক) জনঘনত্ব বৃদ্ধি কৰি পৰিবেশ দুষিত কৰা।

(খ) ভূমিৰ ব্যৱহাৰৰ মাত্ৰা বৃদ্ধি কৰি বনাঞ্চল উচ্ছেদ তথা পৃষ্ঠভাগৰ অৱনিত সাধন।

(গ) ভূমিৰ উৎপাদিকা শক্তি হ্ৰাসৰ যোগেদি আয় উৎপন্নৰ হ্ৰাস।

(ঘ) জনস্বাস্থ্যৰ অৱনতিৰ যোগেদি নিশকতীয়া তথা আহুকলীয়া জীৱনধাৰণৰ ম্যাদ বৃদ্ধি ৷

(ঙ) দীৰ্ঘকালত পৰিবেশীয় ভাৰসাম্য বিঘিনি ঘটাই বানপানী, ভূমিকম্প, খৰাং বতৰ ইত্যাদিৰ দৰে বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি কৰা।

(চ) ভৱিষ্যৎ পুৰুষৰ বাবে সম্পদৰ উপলব্ধতা হ্ৰাস কৰে।

বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে পৃথিৱীৰ বহন ক্ষমতা হ’ল ২০ বিলিয়ন মানুহ। বৰ্তমান এই সংখ্যাই ১৪ বিলিয়ন অতিক্ৰম কৰিছে। এনে অৱস্থাত জনসংখ্যা বৃদ্ধিৰ হাৰ কমাব নোৱাৰিলে, কালক্ৰমত বিভিন্ন পৰিবেশ অৱনতি ঘটি বিভিন্ন সমস্যাত ভুগিব লাগিব। যিবোৰ ইতিমধ্যেই ঘন জনবসতি অঞ্চলত সংঘটিত হোৱা দেখা যায়।

জনসংখ্যা বৃদ্ধিৰ হাৰ কমাবলৈ কিছুমান নীতি গ্ৰহণ কৰিলে জনসংখ্যা কমিব পাৰে।

যেনে-

(ক) জনশিক্ষা: জনসংখ্যা বৃদ্ধিৰ কুফল তথা ইয়াৰ পৰা হ’ব পৰা সমস্যাসমূহৰ বিষয়ে সাধাৰণ জনগণক শিক্ষিত কৰি জনসংখ্যা ৰোধক ব্যৱস্থাসমূহ ল’ব পাৰি।

(খ) জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা: জনসংখ্যা বৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা অতি দৰকাৰী। বিভিন্ন উপায়ে জন্ম নিয়ন্ত্ৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে-

(১) অস্ত্ৰোপচাৰৰ দ্বাৰা। 

(২) যান্তিক প্রক্ৰিয়াৰ দ্বাৰা যেনে – কন্দম আদি ব্যৱহাৰ কৰি 

(৩) ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা যেনে- ঔষধ সেৱণ কৰি স্ত্ৰী আৰু পুৰুষ উভয়ে জন্ম নিয়ন্ত্ৰণ কৰিব পাৰে।

(গ) পৰিয়াল পৰিকল্পনা: পৰিয়াল পৰিকল্পনা কাৰ্যক্ৰমে জনসংখ্যা নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। এই পৰিকল্পনাৰ যোগেদি এটা বা দুটাতকৈ অধিক সন্তান জন্ম নিদিয়াৰ বাবে জনসচেতনতা গঢ়ি তুলি জনসংখ্যাৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা হয়।

(ঘ) সংবাদ মাধ্যমৰ দ্বাৰা: টিভি, ৰেডিঅ’, বাতৰিকাকত আদি যোগেদি চৰকাৰে জনসংখ্যা কমোৱাৰ বিভিন্ন উপকাৰিতাবিলাক বুজাব পাৰে। ইয়াৰ দ্বাৰা অশিক্ষিত তথা হোজা মানুহবিলাৰক কিছু উপকৃত হ’ব। 

২৮। নৰবীকৰণযোগ্য শক্তিৰ বিভিন্ন উৎসবোৰ কি কি? 

উত্তৰঃ নবীকৰণযোগ্য শক্তিৰ বিভিন্ন উৎসবোৰ হ’ল— সৌৰ শক্তি, জোৱাৰৰ শক্তি, ভূ-উত্তাপ, জৈৱিক গেছ, বায়ুৰপৰা পোৱা শক্তি আৰু পাৰমাণৱিক শক্তি। 

আমি সৌৰশক্তিৰ সহায়ত বিভিন্ন ধৰণন কাম কৰিব পাৰোঁ। সৌৰশক্তিৰ মূল উৎস হ’ল সূৰ্য। সূৰ্যত অহৰহ হৈ থকা নিউক্লীয়  সংযোজন বিক্ৰিয়াৰ ফলত প্ৰচুৰ তাপ আৰু পোহৰ উৎপন্ন হয়। আধুনিক প্ৰযুক্তিবিদ্যাৰ প্রয়োগগেৰে সৌৰশক্তিৰ পৰা বিভিন্ন কাম কৰা হয়। সৌৰ কোষ বা ফটোভল্টেইক চেল ব্যৱহাৰ কৰি সূৰ্যৰ শক্তি বিদ্যুৎ শক্তি বা তাপ শক্তিলৈ ৰূপান্তৰ কৰা হয়। এই শক্তি বাটৰ কাষৰ লাইট, কেলকুলেটৰ, ঘড়ী আদিত ব্যৱহাৰ কৰা হয়। আজিকালি গাড়ী চলাবলৈও সৌৰশক্তি ব্যৱহাৰ কৰা হয়।

সৌৰ কুকাৰতো সৌৰশক্তি ব্যৱহাৰ কৰা হয়। তাপ বিকিৰণ কৰিব নোৱাৰাকৈ এটা বাকচৰ ভিতৰখন ক’লা ৰং দি লোৱা হয়। এখন প্ৰতিফলক আইনা এনেদৰে লগোৱা হয় যাতে প্ৰতিফলিত ৰশ্মি বাকচৰ ভিতৰত পৰে। যদি বাকচৰ ভিতৰত খাদ্য সামগ্ৰী ৰাখি পোহৰ পৰিবলৈ দিয়া হয়, সূৰ্যৰ উত্তাপত ই সিজি যায়। এই খাদ্য অতি পুষ্টিকৰ আৰু নিৰাপদ। অৱশ্যে ৰাতি ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি।

সৌৰ পানী হিটাৰত এটা টেংকী ভিতৰৰফালে ক’লা ৰং দি লগোৱা হয় আৰু এখন গ্লাছ ঢাকনিৰে সূৰ্যৰ পোহৰ সোমাব পৰাকৈ ৰখা হয়। এডাল তামৰ পাক খোৱা নলীৰে পানী টেংকীটোৰ মাজেৰে বোৱাই নিয়া হয়। এনেদৰে পানীখিনি গৰম হয় আৰু সেইখিনি আন এটা পাত্ৰত জমা কৰা হয়। এইদৰে সৌৰশক্তিৰ সহায়ত সৌৰ চুলাৰ ব্যৱহাৰ কৰা হয়। সৌৰ চুলাৰৰ দ্বাৰা ৩০০০°C পৰ্যন্ত উত্তাপ সৃষ্টি কৰিব পাৰি।

২৯। প্রাকৃতিক সম্পদৰ সংৰক্ষণ কেনেকৈ কৰিব পাৰি? বুজাই লিখা?

উত্তৰঃ কোনো এখন দেশৰ অর্থনৈতিক বিকাশত প্রাকৃতিক সম্পদসমূহে মুখ্য ভূমিকা গ্ৰহণ কৰে। সেইদৰে এই সম্পদবোৰ মাতাধিকভাৱে বা অপৰিকল্পিতভাৱে ব্যৱহাৰ নকৰি চিৰদিনলৈ ব্যৱহাৰক্ষম কৰি ৰাখিবৰ বাবে এইবোৰ সংৰক্ষণ কৰিব লাগে। সংৰক্ষণ বুলিলে সম্পদবিধৰ বুদ্ধিমাত্ৰাৰে ব্যৱহাৰ কৰাক বুজোৱা হয়।

তলত দিয়া নিৰ্দেশনাসমূহ মানি চলিলে প্রাকৃতিক সম্পদসমূহ পৰিমাণে সংৰক্ষণ কৰিব পৰা যায়।

(ক) ব্যৱহাৰ নকৰা অৱস্থাত পানীৰ টেপ বন্ধ কৰি যোৱা।

(খ) পানীৰ টেপত বিন্ধা বা ফাক মেলিছে নেকি সেই বিষয়ে নিয়মীয়াকৈ পৰীক্ষা কৰা আৰু তৎক্ষণাৎ বিন্ধা বা ফাট বন্ধ কৰা।

(গ) চাবোন নথকা হাত ধোৱা পানী আৰু পাচলি ধোৱা পানী বাগিচাত ব্যৱহাৰ কৰা।

(ঘ) বৰষুণৰ পানী ধৰি ৰখা।

(৬) ব্যৱহাৰ নোহোৱা সময়ত বৈদ্যুতিক সা-সৰঞ্জামবোৰ বন্ধ কৰি ৰখা।

(চ) কাপোৰ শুকাবলৈ হিটাৰ ব্যৱহাৰ নকৰি সূৰ্যৰ তাপ ব্যৱহাৰ কৰা।

(ছ) দিনৰ পোহৰ অধিকভাৱে ব্যৱহাৰ কৰা। নিশা সোনকালে শুই পুৱা সোনকালে উঠিলে বিদ্যুৎ শক্তি ৰাহি হয়।

(জ) সম্ভৱ হ’লে সৌৰ কুকাৰ আৰু সৌৰ চাকিৰ ব্যৱহাৰ কৰা।

(ঝ) কাগজ, গ্লাছ আৰু ধাতবীয় পদাৰ্থ পাৰ্যমানে পুনৰ ব্যৱহাৰ কৰা।

(ঞ) শীতকালি হিটাৰ ব্যৱহাৰ কৰাতকৈ উনৰ কাপোৰ পিন্ধা।

(ট) জৈৱিক আৱৰ্জনাৰ পৰা জৈৱসাৰ প্রস্তুত কৰা আৰু ঘৰৰ খেতিৰ বাবে জৈৱসাৰ ব্যৱহাৰ কৰা।

(ঠ) বাগিচা বা পথাৰত পানী দিওঁতে ধীৰ গতিত পানীৰ নল ব্যৱহাৰ কৰা যাতে পানীৰ লগত পোষক দ্ৰব্য  আৰু টপচ’ইল উটি নাযায়।

(ড) প্রাকৃতিক সাৰ ব্যৱহাৰ কৰা। 

(ঢ) খাদ্য বস্তু অপচয় নকৰা।

৩০। চমুটোকা লিখা?

(ক) সৌৰ শক্তি

সৌৰ শক্তিৰ মূল উৎস হ’ল সূৰ্য। সূৰ্যও অবিৰামভাৱে নিউক্লীয় সংযোজন বিক্ৰিয়া হৈ থকাৰ ফলত তীব্র তাপ আৰু পোহৰ উৎপাদন হৈ বিকিৰিত হয়। আদিম যুগৰেপৰা আমি এই তাপ আৰু পোহৰত নানা বস্তু ৰ’’দাওঁ। আমি ৰ’দৰ তাপত কাপোৰ, খৰি, শস্য, মাছ, সাগৰৰ পাৰত নিমখ আদি শুকুৱাওঁ। মুঠতে সূৰ্যৰ তাপ আমি আদিম অৱস্থাৰ পৰাই ব্যৱহাৰ কৰি আহিছোঁ।

আজিৰ আধুনিক যুগত সৌৰ শক্তিক বিভিন্ন কামত বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। সৌৰকোষ বা ‘ফটোভল্টেইক চেল’ ব্যৱহাৰ কৰি সৌৰশক্তিক বিদ্যুৎশক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায়। সৌৰকোষত চিলিকন আৰু গেলিয়ামৰ প্লেট ব্যৱহাৰ কৰি সৌৰশক্তিক বিদ্যুৎশক্তিলৈ ৰূপান্তৰিত কৰা হয়। বেছিসংখ্যক সৌৰকোষ বহলভিত্তিত সজাই লৈ একোখন বৃহৎ সৌৰ পেনেল তৈয়াৰ কৰি বহুতো বেছি বিদ্যুৎশক্তি প্ৰস্তুত কৰি ৰাস্তাৰ লাইট, কেলকুলেটৰ, ঘড়ীত, পানী গৰম কৰা আদি কামত ব্যৱহাৰ কৰিব পাৰি।

বৰ্তমান যুগত সৌৰশক্তিক সৌৰ চৌকা বা চুলা আদিত ব্যৱহাৰ কৰিব পৰা হৈছে। ইয়াত ৰন্ধা-বঢ়া কাম কৰিব পৰা যায়। এই সৌৰ চুলাৰ দ্বাৰা ৩০০০৹C পৰ্যন্ত উত্তাপ সৃষ্টি কৰিব পৰা যায়। সৌৰ শক্তিৰে পানী গৰম কৰা হিটাৰো প্রস্তুত কৰিব পৰা গৈছে।

(খ) জোৱাৰৰ শক্তি

সৌৰজগতৰ পৃথিৱী আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণৰ ফলত সাগৰ আৰু মহাসাগৰত জোৱাৰ-ভাটাৰ সৃষ্টি হয়। জোৱাৰ-ভাটাই বিশাল পানী ভাগক আন্দোলিত কৰি ৰাখি এক শক্তি সৃষ্টি কৰে। এই জোৱাৰৰ শক্তিৰ দ্বাৰা টাৰবাইন চলাব পাৰি আৰু বিদ্যুৎশক্তি সৃষ্টি কৰিব পৰা যায়। জোৱাৰ পানী উৰ্ধমুখে বহু ওপৰলৈ উঠি পুনৰ তললৈ নামি যোৱাত টাৰ্বাইন চকৰি ঘূৰাব পৰা যায়। এইদৰে জোৱাৰ আৰু ভাটাৰ গতিৰে চকৰি ঘূৰালে সহজে বিদ্যুৎ উৎপাদিত হ’ব পাৰে। এই বিদ্যুতেৰে মানুহে নানাধৰণৰ কাম কৰিব পাৰে।

(গ) একুইফাৰ

ভূ-পৃষ্ঠত যেতিয়া বৰষুণৰ পানী পৰে, তাৰ কিছু অংশ পানী মাটিয়ে শুহি লয়, লাহে লাহে ই ভূ-গৰ্ভলৈ সোমাই যায়। ভূ-গৰ্ভৰ এটা স্তৰত গৈ থিতাপি লয়। ভূ-গৰ্ভৰ এই তৰপৰ পানীকে ভূ-গৰ্ভস্থ জল বোলে। মুঠ অলবণীয় জলৰ প্রায় 9.  9 পানী হ’ল ভূ-গৰ্ভস্থ জল। এই স্তৰটো, মাটিৰ তলত শিলৰ কঠিন স্তৰৰ ওপৰৰ এটা স্তৰত থাকে৷ ইয়াক ভূ-জলস্তৰ বা একুইফাৰ বুলি কোৱা হয়। এই একুইফাৰ স্তৰৰ পৰাই আমি দমকল বা পাম্পৰ সহায়ত খোৱাপানী সংগ্ৰহ কৰোঁ৷ খেতি পথাৰত জলসিঞ্চন কৰাৰ বাবেও এই স্তৰৰপৰাই পানী ব্যৱহাৰ কৰা হয়।

(ঘ) অসীম সম্পদ

প্রকৃতিৰ পৰা পোৱা কিছুমান সম্পদক অসীম সম্পদ হিচাপে গণ্য কৰা হয়। যিবোৰ সম্পদ প্রকৃতিত প্রচুৰ পৰিমাণে পোৱা যায় আৰু মানুহে ব্যৱহাৰ কৰি থাকিলেও কেইবা শতিকাত শেষ হৈ যোৱাৰ সম্ভাৱনা নাই। তাক অসীম সম্পদ বুলি নামকৰণ কৰা হৈছে। কিছুমান অসীম সম্পদ হৈছে– সৌৰশক্তি, বায়ুৰপৰা পোৱা শক্তি, জোৱাৰৰ পৰা পোৱা শক্তি, পাৰমাণৱিক শক্তি আদি।

উদ্ভিদ আৰু প্রাণীৰ এটা জীৱনচক্ৰ আছে। এটা প্রাণীৰ মৃত্যু হ’লেও আৰু অধিক সংখ্যক প্ৰাণীৰ জন্ম হ’ব পাৰে বা এডাল গছ মৰিলেও আৰু অধিক গছ ৰুব পাৰি। এনেবোৰ সম্পদ যত্ন কৰিলে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ধাৰাবাহিকভাৱে আহৰণ কৰিব পাৰি। এনে সম্পদক নবীকৰণযোগ্য সম্পদ বোলে। আনহাতে কিছুমান সম্পদক জীৱনচক্ৰ নাই যদিও যত্ন কৰিলে বহুবাৰ ব্যৱহাৰৰ বাবে নবীকৰণ কৰিব পাৰি। কিছুমান বিজ্ঞানীয়ে নবীকৰণযোগ্য সম্পদকো অসীম সম্পদৰ ভিতৰত ধৰে। কাৰণ ভালদৰে যত্ন আৰু ব্যৱহাৰ কৰিলে এইবোৰ সম্পদ বহু শ বছৰ আমাৰ কামত আহিব পাৰে।

(ঙ) মৰুকৰণ

প্রাকৃতিক পৰিঘটনা বা মানৱসৃষ্ট পৰিস্থিতিতন্ত্ৰৰ বাবে কোনো এখন ঠাইৰ বনাঞ্চল বা বননিৰ পৰিমাণ কমি আহিবলৈ ধৰাৰ ফলত প্ৰাকৃতিক পৰিবেশ প্ৰদূষিত হৈছে। জধে-মধে গছ-গছনি কাটি পেলোৱাৰ ফলত বৰষুণৰ পৰিমাণ কমি আহিছে। ফলত পৃথিৱীখন শুকান মৰুভূমিত পৰিণত হোৱাৰ উপক্ৰম হৈছে। এই পৰিঘটনাক মৰুকৰণ বুলি কোৱা হয়।

মৰুকৰণৰ প্ৰধান কাৰণবোৰ

(ক) দেশৰ অৰ্থনৈতিক প্ৰগতিয়ে উদ্যোগক্ষেত্ৰৰ প্ৰসাৰণ ঘটাইছে। ফলত ঔদ্যোগিকৰণৰ বাবে বনাঞ্চল ধ্বংস হৈছে।

(খ) জনসংখ্যা বৃদ্ধিয়ে কৃষি আৰু বসতি এলেকাৰ সম্প্ৰসাৰণ ঘটাই বনাঞ্চল ধ্বংস হোৱাত সহায় কৰিছে।

(গ) নগৰীকৰণেও মৰুকৰণৰ দিশত ভূমিকা গ্ৰহণ কৰিছে।

(ঘ) দেশৰ দাৰিদ্ৰ্যতায়ো এইক্ষেত্ৰত অৰিহণা আগবঢ়াইছে। কাৰণ দেশৰ দৰিদ্ৰ জনসাধাৰণে জীৱিকা নিৰ্বাহৰ বাবে বনসম্পদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

মৰুকৰণৰ ভয়াবহ পৰিণতি

(ক) মৰুকৰণে ভূ-পৃষ্ঠৰ সেউজ আভৰণৰ সংকোচন  ঘটাই কাৰ্বন-ডাই-অক্সাইড গেছ বৃদ্ধি কৰে আৰু মাটি উত্তপ্ত কৰি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱাত সহায় কৰে। 

(খ) মৰুকৰণে অক্সিজেনৰ পৰিমাণ হ্রাস কৰি বায়ু প্ৰদূষণত অৰিহনা যোগায়।

(এ) গছ-গছনি কমি অহাৰ ফলত ভূ-পৃষ্ঠৰ শব্দৰ তীব্ৰতা সম্বৰণ কৰিব পৰা সমর্থ কমি যায়। ফলত শব্দ প্ৰদূষণ বৃদ্ধি পায়।

(ঘ) মৰুকৰণৰ ফলত বৰষুণৰ পৰিমাণ কমি যায়।

(ঙ) মৰুকৰণৰ ফলত জৈৱ-বৈচিত্ৰ্য লোপ পোৱা দেখা যায়। ই পৰিবেশ অৱনমিত হোৱাত সহায় কৰে।

(ঙ) বায়ুশক্তি

বতাহৰ পৰা উৎপন্ন হোৱা শক্তিক বায়ুশক্তি বোলে। বায়ুশক্তিৰ সহায়ত বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিব পাৰি। বতাহৰ তীব্ৰ গতিবেগ ব্যৱহাৰ কৰি বায়ু চকৰি ঘূৰাব পৰা যায়। বতাহৰ ঘূৰি থকা পাখিবোৰৰ ধুৰাৰ লগত সংযোগ কৰি পানীৰ পাম্প, আটা মিল বা বিদ্যুৎ জেনেৰেটৰ চলাব পৰা যায়। আমাৰ দেশ ভাৰতবৰ্ষত মুঠ বায়ু বিদ্যুৎ উৎপাদনৰ ক্ষমতা ২০,০০০ মেগাৱাট, কিন্তু ইয়াত মাত্ৰ ১০২০ মেগাৱাট বায়ু বিদ্যুৎহে উৎপাদন হৈ আছে।

সংৰক্ষণৰ অৰ্থ

কোনো হানি-বিঘিনি নোহোৱাকৈ যিকোনো বস্তু বা সামগ্ৰী ৰক্ষা কৰা। প্রাকৃতিক সম্পদ নিয়াৰিকৈ সংৰক্ষণ কৰিব পাৰিলেহে পৰিবেশ আৰু পৰিস্থিতিতন্ত্ৰ একো বিসংগতি নোহোৱাকৈ ৰক্ষা কৰিব পৰা যায় তাৰ বাবে মানুহে ক্ষুদ্ৰ স্বাৰ্থ আৰু লোভ পৰিহাৰ কৰি প্রাকৃতিক সম্পদ লুণ্ঠন কৰাৰ পৰা বিৰত থাকিব লাগিব। প্রাকৃতিক সম্পদ সংৰক্ষণ উদ্দেশ্য ১৯৯০ চনত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক সন্মিলনে জৈৱ সম্পদ সংৰক্ষণৰ বাবে তিনিটা মূল লক্ষ্য স্থিৰ কৰি লৈছিল। এই তিনিটা লক্ষ্য আছিল-

(ক) পৰিস্থিতিতন্ত্ৰ স্বাভাবিকভাৱে অটুট ৰখা।

(খ) জীৱৰ আনুবংশীক বিভিন্নতা আৰু জীৱন ধাৰণৰ প্ৰক্ৰিয়া ৰক্ষা কৰা।

(গ) জীৱ প্ৰজাতি আৰু পৰিস্থিতিতন্ত্ৰৰ সানি-বিঘিনি নঘটাকৈ পৰিকল্পিতভাৱে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰা।

(ছ) বনজ সম্পদ সংৰক্ষণ।

বনজ সম্পদ সংৰক্ষণ ব্যৱস্থাসমূহ হল-

(ক) অৰণ্য ধাৰণ ক্ষমতা নিৰূপণ কৰিহে অৰণ্য সম্পদ আহৰণ কৰিব লাগে।

(খ) যিমানখিনি গছ, বাঁহ কটা হয় সিমানখিনি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

(গ) ইন্ধনৰ বাবে গছ বন নাকাটি তাৰ ঠাইত বিকল্প বা জৈৱিক গেছ ব্যৱহাৰ কৰিব লাগে।

(ঘ) বায়ুমণ্ডলত থকা সেউজগৃহ গেছৰ পৰিমাণ সন্তুলিত কৰি ৰখাৰ উদ্দেশ্যে সামাজিক বননিকৰণ আঁচনিৰ জৰিয়তে পতিত মাটিত বননিকৰণ কৰিব লাগে। পথৰ কাষে কাষে আৰু ৰাজহুৱা স্থানত বৃক্ষৰূপন আদি কৰিব লাগে।

(ঙ) ঠায়ে ঠায়ে পৰিবেশ উদ্যান পাতি ফল-মূলৰ গছ , বনৌষধি ৰোপন কৰি পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুট ৰাখিব লাগে।

(চ) প্ৰাকৃতিক সম্পদ ব্যৱহাৰত মিতব্যয়ী হব লাগে আৰু যধে মধে সম্পদ বিনষ্ট কৰা প্ৰৱণতা ৰোধ কৰিব লাগে। বিশেষকৈ যিবোৰ সম্পদ নবীকৰণ কৰিব নোৱাৰি (যেনে- পেট্ৰ’লিয়াম, কয়লা আদি) সেইবোৰ ব্যৱহাৰ কৰাত অতি সাৱধান হব লাগে।

(ছ) বৃহৎ উদ্যোগ স্থাপনৰ পৰিৱৰ্তে অৰ্থনৈতিকভাৱে লাভজনক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব লাগে।

(জ) শক্তিৰ নাটনিৰ কাৰণসমূহ।

শক্তিৰ নাটনিৰ মূল কাৰণসমূহ হৈছে– জনসংখ্যা বিস্ফোৰণ বা অত্যধিক হাৰত হোৱা জনসংখ্যা বৃদ্ধি, অদূৰদৰ্শী উন্নয়ন প্ৰকল্প, অত্যাধুনিক জীৱনধাৰণৰ পদ্ধতি, শক্তিৰ অপব্যৱহাৰ আদি। 

অতি দ্ৰত গতিত বৃদ্ধি হোৱা জনসংখ্যা অনুপাতে শক্তিৰ যোগান বঢ়া নাই। ফলস্বৰূপে বৰ্তমানে থকা শক্তিয়ে বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ অপাৰগ হৈছে আৰু ইয়ে শক্তিৰ নাটনিৰ সৃষ্টি কৰিছে। আকৌ দেশৰ চৰকাৰৰ কিছুমান অদূৰদৰ্শী উন্নয়ন প্ৰকল্পৰ বাবেও শক্তিৰ নাটনি হোৱা দেখা গৈছে। তদুপৰি অত্যাধুনিক জীৱনধাৰণৰ পদ্ধতিত সকলো ক্ষেত্ৰতে শক্তিৰ ব্যৱহাৰ হোৱাৰ ফলস্বৰূপে শক্তিৰ নাটনিয়ে দেখা দিয়ে। বিকল্প শক্তিৰ সন্ধান নকৰি কেৱল বৈদ্যুতিক শক্তিৰ ওপৰতে নিৰ্ভৰশীল হোৱা বাবে প্রয়োজনীয় বুনিয়াদ আন্তঃগাঁথনিৰ অভাৱতে শক্তিৰ চাহিদা অনুপাতে যোগান বৃদ্ধি কৰিব পৰা হোৱা নাই। আকৌ কিছু কিছু ক্ষেত্ৰত শক্তিৰ অপব্যৱহাৰেও শক্তিৰ নাটনিৰ সৃষ্টি কৰিছে।

শক্তিৰ নাটনিৰ সমস্যা সমাধান কৰিবলৈ তলত উল্লেখ কৰা পদক্ষেপসমূহ প্ৰধান—

(ক) সূৰ্যৰ পোহৰত দিনৰ সৰহভাগ কাম কৰিলে বিদ্যুৎ শক্তি কিছু পৰিমাণে ৰাহি হ’ব। দিনত কৰিব পৰা কামটো ৰাতিলৈ পেলাই নথৈ দিনতে কৰিলে বিদ্যুৎ নাটনি সমস্যাটো অলপ কমাব পাৰি।

(খ) বিদ্যুতৰ অপব্যৱহাৰ বন্ধ কৰিলেও এই শক্তি ৰাহি কৰি সমস্যা সমাধান কৰিব পাৰি।

(গ) সকলো ক্ষেত্ৰতে ব্যক্তিগত যানবাহন ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহন বা চাইকেল আৰু কম দূৰত্বত খোজকঢ়া অভ্যাস কৰিলে কিছু পৰিমাণে শক্তি ৰাহি কৰিব পাৰি।

(ঘ) ট্ৰেফিক পইণ্টত অধিক সময় ৰ’বলগীয়া হলে গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি থৈও শক্তি ৰাহি কৰিব পাৰি। অনাহকত গাড়ীত ইন্ধন পুৰা কাৰ্যটো সমূহীয়াভাৱে পৰিত্যাগ কৰিলে এই সমস্যা দূৰ হ’ব।

(ঙ) অপ্ৰয়োজনীয় তথা অনাহকত গছ-গছনি নাকাটি আৰু মুকলি ঠাইত বৃক্ষৰোপণ কৰি শক্তিৰ সমস্যা দূৰ কৰিব পাৰি।

(চ) আবাস গৃহবোৰত উপযুক্ত পৰিমাণে দুৱাৰ-খিড়িকী তথা ভেণ্টিলেটৰৰ ব্যৱস্থা কৰিলে ঘৰবোৰত যথেষ্ট পৰিমাণে বায়ু ওলোৱা- সোমোৱা কৰিব পাৰে। এনে ব্যৱস্থা থকা গৃহ নিৰ্মাণৰ জৰিয়তে-শীততাপ নিয়ন্ত্ৰক যন্ত্ৰত ব্যৱহৃত হোৱা বিদ্যুৎশক্তি খৰচৰ পৰিমাণ হ্ৰাস কৰিব পাৰি।

(ছ) শীতকালত অধিক পৰিমাণে উণ বা যিকোনো গৰম কাপোৰ পিন্ধি ৰূম হিটাৰত হোৱা বিজুলী শক্তিৰ ব্যয় কমাব পাৰি।

(জ) কাপোৰ-কানি ধোৱা আৰু শুকুৱা কাৰ্য, গা-ধোৱা, পানী গৰম কৰা কাৰ্যত ব্যৱহৃত হোৱা শক্তিৰ খৰচ কমাবলৈ সৌৰ শক্তি ব্যৱহাৰ কৰিব লাগে। ৱাচিং মেচিনৰ পৰিৱৰ্তে ৰ’দত কাপোৰ শুকুৱালে বা সূৰ্যৰ তাপত পানী গৰম কৰিলে বিজুলী শক্তি কিছু পৰিমাণে ৰাহি হ’ব।

এনেদৰে বিভিন্ন কৌশল অৱলম্বন কৰি আৰু আমি নিজে সচেতন হৈ শক্তিৰ নাটনিৰ সমস্যাটো কিছু পৰিমাণে সমাধান কৰিব পাৰো।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top