Economic Sociology Unit 3 উৎপাদন পদ্ধতি, সঞ্চালন আৰু খৰচ

Economic Sociology Unit 3 উৎপাদন পদ্ধতি, সঞ্চালন আৰু খৰচ, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Economic Sociology Unit 3 উৎপাদন পদ্ধতি, সঞ্চালন আৰু খৰচ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Sociology Unit 3 উৎপাদন পদ্ধতি, সঞ্চালন আৰু খৰচ Question Answer can be of great value to excel in the examination.

Economic Sociology Unit 3 উৎপাদন পদ্ধতি, সঞ্চালন আৰু খৰচ

Join Telegram channel

Economic Sociology Unit 3 উৎপাদন পদ্ধতি, সঞ্চালন আৰু খৰচ Notes cover all the exercise questions in UGC Syllabus. Economic Sociology Unit 3 উৎপাদন পদ্ধতি, সঞ্চালন আৰু খৰচ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৫। গ্রামোন্নয়নৰ উদ্দেশ্যসমূহ কি কি উল্লেখ কৰা। (What are the objectives of rural development?) 

উত্তৰঃ গ্ৰামোন্নয়নৰ মূল উদ্দেশ্য হ’ল গাঁৱত বসবাস কৰা লোকৰ সামগ্রিক উন্নয়ন সাধন কৰা। সাধাৰণতে গাঁৱত বসবাস কৰা লোকসকল আর্থিক, শৈক্ষিক, সামাজিক আদি দিশত বহুতো পিছ পৰি আছে, বিশেষকৈ বাট-পথ, দলং, যান-বাহন, শিক্ষা, চিকিৎসালয়, বিশুদ্ধ খোৱাপানী যোগান, বিজুলী যোগান, কৃষিৰ উন্নত সা-সঁজুলি যোগান, বজাৰৰ সুবিধা আমি নথকাৰ কাৰণে বিভিন্ন দিশত বহুতো পিছ পৰি আছে। গ্ৰামোন্নয়নৰ দ্বাৰা চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি গাৱলীয়া লোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহ কৰিছে।

গ্ৰামোন্নয়নৰ প্ৰধান উদ্দেশ্য বিলাক হৈছে—

(ক) গাঁৱলীয়া লোকৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা।

(খ) যাতায়ত ব্যৱস্থাৰ উন্নতি সাধন কৰা।

(গ) শিক্ষাৰ প্ৰসাৰ সাধন কৰা।

(ঘ) জনস্বাস্থ্য উন্নতিৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰা।

(ঙ) গাঁৱলীয়া লোকৰ জীৱনৰ মানদণ্ড উন্নত কৰা। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(চ) দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ উন্নতি সাধন কৰা।

(ছ) বিভিন্ন বিষয়ত প্রশিক্ষণ দি গাঁৱৰ যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ সুবিধা দিয়া।

(জ) গাওঁ অঞ্চলৰ পৰা দৰিদ্ৰতা আৰু অসমতা আঁতৰ কৰা।

(ঝ) প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি গাঁৱৰ লোকক তেনে প্রশাসনীয় ব্যৱস্থাত অংশগ্ৰহণৰ সুবিধা দিয়া।

(ঞ) গাঁৱৰ লোকৰ মাজত সমতা আৰু ন্যায় প্রতিষ্ঠা কৰা।

(ট) প্ৰতিটো পৰিয়ালৰ আয়ৰ পৰিমাণ বৃদ্ধি কৰা।

(ঠ) গাঁৱৰ লোকক বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলা।

(ড) দেশৰ উন্নয়নৰ প্ৰক্ৰিয়াত গাঁৱৰ লোকক জড়িত কৰা।

(ঢ) বিভিন্ন বিষয়ৰ সম্যক জ্ঞানৰ ধাৰণা দিয়া।

(ণ) দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকক বাসগৃহৰ সুবিধা দিয়া।

(ত) আত্মসংস্থাপনৰ কাৰণে বিভিন্ন প্রকল্প কাৰ্যকৰী কৰি কম সুদত বেংকৰ ঋণৰ সুবিধা দিয়া।

(থ) গাঁৱৰ পৰা নগৰলৈ যোৱাৰ প্ৰব্ৰজন ৰোধ কৰা।

(দ) অৰ্থনৈতিক উন্নয়নৰ প্ৰক্ৰিয়াত গাঁৱৰ শিক্ষিত যুৱক-যুৱতীসকলক জড়িত কৰোৱা।

(ধ) মানৱ সম্পদক বিভিন্ন কামত প্ৰয়োগ কৰা।

৬।গ্ৰামোন্নয়নৰ প্ৰকৃতি (Nature) সম্পর্কে লিখা? (Write about the nature of rural development?)

উত্তৰঃ গ্ৰামোন্নয়নৰ ধাৰণাটো বিশেষকৈ গাঁও উন্নয়নৰ লগত জড়িত যদিও ইয়াৰ কেতবোৰ নিজস্ব প্রকৃতি আছে।

গ্ৰামোন্নয়নৰ প্ৰকৃতিসমূহক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—

(ক) স্বাধীন সত্তাৰ অভাৱ (Absence of Independent Status): গ্রামোন্নয়নৰ লগত জড়িত সংস্থাবিলাকৰ কোনো স্বাধীন সত্তা নাই। এই সংস্থাবিলাক কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ বহতীয়া। এই অনুষ্ঠানবিলাক কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ নিৰ্দেশত পৰিচালিত হয়।

(খ) অৱধাৰণা হিচাপে গ্ৰামোন্নয়ন (Rural Development as a concept): গ্ৰামোন্নয়নৰ সম্পৰ্কত এতিয়াও কোনো সার্বজনীন সংজ্ঞা নিৰূপিত হোৱা নাই, সেই কাৰণে ইয়াক এক ধাৰণা বুলি অভিহিত কৰা হয়। এই ধাৰণাটো গাওঁ অঞ্চলৰ সামগ্রিক উন্নয়নৰ লগতে গাওঁবাসীৰ উন্নয়নৰ লগতো জড়িত। এই ধাৰণাই গাওঁবাসীৰ জীৱনধাৰণৰ মান উন্নত কৰিবলৈ যাতায়ত, কৃষি, জনস্বাস্থ্য, শিক্ষা, বিশুদ্ধ খোৱাপানী, আবাস গৃহ, যোগাযোগ, দৰিদ্ৰতা নিৰ্মূলকৰণ, সামাজিক অন্ধবিশ্বাস আদি দূৰ কৰাৰ পোষকতা কৰে।

(গ) বিষয় হিচাপে গ্রামোন্নয়ন (Rural Development as a Phenomena): বিষয় হিচাপে গ্রামোন্নয়নৰ গুৰুত্ব আছে। গ্ৰামোন্নয়নক সমাজ চিন্তনৰ অন্তৰ্ভূক্ত এটা বিষয় হিচাপে অধ্যয়নৰ গুৰুত্ব আছে। এই বিষয়টোৱে সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, কাৰিকৰী, ভৌতিক, পৰিবেশিক আৰু অনুষ্ঠানিক উপাদানবিলাকৰ লগত সংগতি ৰাখি গ্ৰামাঞ্চলৰ লগতে ইয়াত বসবাস কৰা লোকৰ উন্নয়ন সাধনৰ ওপৰত প্ৰাধান্য দিয়ে।

(ঘ) পৃথক বিষয় (Separate Subject): গ্রামোন্নয়নৰ বিভিন্ন অনুষ্ঠানবিলাকৰ স্বাধীন সত্তা নাই যদিও ই এটা পৃথক বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে। বিশ্বৰ প্ৰায়বিলাক উন্নয়নশীল দেশৰ উচ্চ শিক্ষানুষ্ঠান বিলাকত গ্রামোন্নয়ন এটা পৃথক বিষয় হিচাপে অধ্যয়নৰ সুবিধা আছে। কিন্তু এই বিষয়টো আন আন বিষয়ৰ দৰে সম্পূৰ্ণ স্বতন্ত্র বিষয় নহয়; এই বিষয়টোত কেবাটাও বিষয় সংমিশ্ৰণ হৈ আছে। যেনে— কৃষি, সমাজ অধ্যয়ন, ব্যৱহাৰিক, প্রশাসনিক, অভিযান্ত্রিক আদি।

(ঙ) কৌশল হিচাপে গ্রামোন্নয়নঃ গ্রামোন্নয়ক গাঁৱলীয়া লোকৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক জীৱনত যোগাত্মক পৰিৱৰ্তন সাধন কৰিব পৰা এক কৌশল বুলি ধৰা হয়। এই কৌশলৰ দ্বাৰা গ্ৰামাঞ্চলত বসবাস কৰা লোকৰ সামাজিক আৰু সাংস্কৃতিক দিশত আমূল পৰিৱৰ্তন সাধন কৰিব ইয়াৰ দ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ অধীনত থকা লোকৰ সকলো প্ৰকাৰৰ উন্নয়নৰ ওপৰত প্ৰাধান্য দিয়া হয়।

৭। গ্ৰামোন্নয়নৰ গুৰুত্বসমূহ লিখা। (Write the importance of rural development?) 

উত্তৰঃ বিভিন্ন দিশৰ পৰা গ্ৰামোন্নয়নৰ গুৰুত্ব আছে। গ্ৰামোন্নয়নৰ গুৰুত্ব বিশেষকৈ তিনিটা দিশত উপলব্ধি কৰিব পৰি।

সেই দিশকেইটা তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) সামাজিক গুৰুত্বঃ সামাজিক দিশত গ্রামোন্নয়নৰ গুৰুত্বসমূহ হ’ল—

(i) সীমাহীন গ্রাম্য সমস্যাঃ গ্রাম্য লোকসকল বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। গ্রামোন্নয়নৰ কাৰ্যসূচীসমূহে গ্ৰাম্য লোকৰ এই সমস্যাবিলাক দূৰ কৰাত সহায় কৰে।

(ii) সামাজিক পৰিৱৰ্তনঃ সামাজিক পৰিৱৰ্তনৰ দিশতো গ্ৰামোন্নয়নৰ গুৰুত্ব আছে।

(iii) সম্পদৰ ব্যৱহাৰঃ গাঁৱত অপর্যাপ্ত পৰিমাণৰ প্ৰাকৃতিক সম্পদ আছে। গ্ৰামোন্নয়নৰ ফলস্বৰূপে এই অব্যৱহৃত প্ৰাকৃতিক সম্পদবিলাকৰ সদব্যৱহাৰ হৈছে আৰু সম্পদবিলাক অপচয় হোৱাৰ পৰা ৰক্ষা পাইছে। 

(iv) আন্তঃগাঁথনি উন্নয়নঃ সাধাৰণতে আমাৰ দেশৰ গাওঁসমূহৰ আন্তঃগাঁথনি বৰ উন্নত নহয়। গ্ৰামোন্নয়নৰ ফলত গাওঁবিলাকৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰাটো সম্ভৱপৰ হৈ উঠিছে।

(খ) অর্থনৈতিক গুৰুত্বঃ

(i) জাতীয় আয়ঃ গ্রামোন্নয়ন আঁচনিয়ে জাতীয় আয় বৃদ্ধিত অৰিহণা যোগাইছে।

(ii) নিয়োগ আৰু জীৱন ধাৰণৰ উৎস হিচাপেও গ্ৰামোন্নয়নৰ গুৰুত্ব আছে।

(iii) গ্রামোন্নয়নৰ আঁচনিবিলাকৰ দ্বাৰা খাদ্য আৰু পশু খাদ্য উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছে।

(iv) ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰতো গ্ৰামোন্নয়নৰ গুৰুত্ব আছে।

(v) গ্ৰামোন্নয়নৰ আঁচনিৰ দ্বাৰা চৰকাৰে গাওঁবিলাকৰ পৰিবহণ আৰু যাতায়ত উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে কৃষি সামগ্ৰীৰ আভ্যন্তৰীণ ব্যৱসায় কৰাত ইন্ধন যোগাইছে। 

(vi) গ্রামোন্নয়ন আঁচনি কাৰ্যকৰী হ’লে গাওঁবিলাকত কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পায়। ইয়াৰ ফলত অধিক পৰিমাণে উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰি আন্তর্জাতিক বাণিজ্যৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি।

(vii) দেশৰ মূলধন গঠন আৰু বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰামোন্নয়নে অহিৰণা যোগাইছে। 

(viii) আন্তর্জাতিক ক্ষেত্ৰতো ভাৰতে কেইবাটাও কৃষিজাত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত এক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

(গ) ৰাজনৈতিক গুৰুত্বঃ ৰাজনৈতিক ক্ষেত্ৰতো গ্ৰামোন্নয়নৰ গুৰুত্ব আছে। দেশত ৰাজনৈতিক অস্থিৰতা হ’লে গ্ৰাম্য অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। যদি গ্রাম্য অর্থনীতি উন্নয়নমূলক হয়, তেন্তে তেনে উন্নয়নমূলক অর্থনীতিয়ে অস্থিৰ ৰাজনৈতিক বাতাবৰণক সুস্থিৰ কৰাত সহায় কৰে। ইয়াৰ ফলত দেশৰ অৰ্থনৈতিক উন্নয়নৰ গতিও বৃদ্ধি পায়। বর্তমান বিশ্বৰ প্রায়বিলাক উন্নয়নশীল দেসতে আর্থিক কাৰণতে আন্দোলন বিলাক সংঘটিত হোৱা দেখা যায়। গতিকে দেশৰ তথা গ্ৰামাঞ্চলৰ অৰ্থনীতি সবল হ’লে এনে আন্দোলনবিলাক এৰাই চলিব পৰা যায়।

৮। গ্রাম্য সমাজ কি? গ্ৰাম্য সমাজৰ সংজ্ঞা দিয়া। গ্ৰামোন্নয়নত জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত এটি টোকা লিখা। (What is rural society? What is the definition of rural society? Write a short note on public participation in rural development?) 

উত্তৰঃ ‘গ্ৰাম্য সমাজ’ অৱধাৰণাটোৱে এনে এখন ক্ষুদ্ৰ সমাজক বুজায় য’ত মাত্ৰ কেইশমান পৰিয়াল থাকে আৰু যি সকলে নিজৰ খাদ্য নিজেই উৎপন্ন কৰি লয়। তেওঁলোকৰ জীৱনত কৃষিয়ে এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি থাকে। গ্ৰাম্য সমাজত বহু কম সংখ্যক লোকেহে কৃষিকাৰ্যৰ বাহিৰে অন্যান্য কামত নিয়োজিত হয়। অৱশ্যে এই লোকসকলেও অলপ হ’লেও কৃষি কাৰ্যত নিয়োজিত হ’ব লগা হয়। Nonman Long (1977) ৰ মতে, “গ্ৰাম্য লোকসকল অধিকভাৱে কৃষক আৰু তেওঁলোকৰ কাৰ্যসমূহ কৃষিকাৰ্যৰ লগতে কেন্দ্ৰীভূত আৰু তেওঁলোকে যথেষ্টভাৱে প্ৰাকৃতিক সম্পদৰ ওপৰতে নিৰ্ভৰ কৰে।”

সংযুক্ত ৰাষ্ট্ৰৰ Census য়ে কোনো এখন বিশেষ স্থানৰ জনসংখ্যাৰ আকাৰ আৰু ঘনত্বৰ ওপৰত ভিত্তি কৰি গ্ৰাম্য সম্প্ৰদায়ৰ সংজ্ঞা আগবঢ়াইছে। আনহাতে ভাৰতবৰ্ষত ৰাজহৰ ক্ষেত্ৰত গাঁওৰ সংজ্ঞা দিয়া হয়ঃ গাওঁ মানে হৈছে ‘ৰাজহৰ গাওঁ’। ই এখন বৃহৎ গাওঁও হ’ব পাৰে নাইবা সৰু সৰু গাঁৱৰ সমষ্টিও হ’ব পাৰে। ভাৰতৰ লোকগণনা পৰিষদ মতে, ‘এক গাওঁ হৈছে এক অস্তিত্ব যিয়ে ইয়াৰ নাম আৰু এটা নিৰ্দিষ্ট সীমাৰেখাক চিহ্নিত কৰে।’

‘গ্ৰাম্য সমাজ’ অৱধাৰণাটোত বিভিন্ন প্ৰকাৰৰ মানুহ আৰু বিভিন্ন আকাৰ আৰু প্ৰকাৰৰ গাঁওসমূহ অন্তৰ্ভুক্ত হৈ থাকে। সাধাৰণতে, গ্ৰাম্য সমাজখন হৈছে কৃষক সমাজ য’ত খেতিয়ক, কাৰিকৰ, শিল্পী আৰু অন্যান্য জীৱিকাসম্পন্ন লোকসমূহ অন্তর্ভুক্ত হৈ থাকে আৰু যিসকলে যিকোনো প্ৰকাৰেই নহওঁক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে।

গ্ৰামোন্নয়নত জনসাধাৰণৰ অংশগ্রহণঃ এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰত চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ কাৰণে বহুতো আঁচনি গ্ৰহণ কৰিছে যদিও এই আঁচনিবিলাক জনসাধাৰণৰ অংশগ্ৰহণৰ অবিহনে কৃতকাৰ্য হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে চৰকাৰে গ্ৰামোন্নয়নৰ কাৰণে যিবিলাক আঁচনি প্রকল্প আদি গ্রহণ কৰিছে, সেইবিলাকক কার্যকাৰিতাৰ বিভিন্ন পৰ্যায়ত অংশগ্ৰহণ কৰাকে জনসাধাৰণৰ অংশ গ্ৰহণ বুলি কোৱা হয়। গ্ৰামোন্নয়নৰ আঁচনিবিলাকত জনসাধাৰণে অংশ গ্ৰহণ কৰাৰ চাৰিটা পৰ্যায় আছে।

সেই পৰ্যায়কেইটা হৈছে—

(ক) আঁচনি নিৰ্ধাৰণ আৰু কাৰ্যকৰীকৰণ।

(খ) সিদ্ধান্ত গ্রহণ।

(গ) উন্নয়নৰ ফল ভোগ কৰা।

(ঘ) তদাৰকীকৰণ আৰু মূল্যাংকন।

গ্রামোন্নয়নত জনসাধাৰণৰ অংশগ্রহণ সম্পর্কে বিভিন্ন চিন্তাবিদ মতে জনসাধাৰণৰ অংশগ্ৰহণৰ অৰ্থ হ’ল গ্ৰামোন্নয়নৰ কামত জনসাধাৰণৰ প্ৰত্যক্ষ অংশ গ্রহণ। ই জনসাধাৰণৰ নিৰ্বাচিত প্রতিনিধিয়ে পৰোক্ষভাৱে অংশ গ্ৰহণৰ কথা প্ৰকাশ নকৰে। জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰৰ পৰা জাপি দিয়া হ’ব নোৱাৰে। অংশগ্রহণ জনসাধাৰণৰ ইচ্ছা সাপেক্ষে স্বেচ্ছামূলক হ’ব লাগে। 

ইউনেস্কোৰ মতে, প্ৰগতিৰ দ্বাৰা হোৱা লাভৰ যথোযোগ্য বিতৰণৰ দৰে কিছুমান উমৈহতীয়া লক্ষ্য সাধন কৰাৰ লক্ষ্যৰে সামূহিক আৰু অবিৰত কামত জড়িত থকা কাৰ্য। 

গতিকে, আমি ক’ব পাৰো যে জনসাধাৰণৰ অংশ গ্ৰহণে কেইবাটাও দিশৰ ওপৰত গুৰুত্ব দিয়ে। এনে অংশগ্রহণ—

(ক) সাধাৰণ অংশগ্রহণ।

(খ) ৰাজনৈতিক অংশগ্রহণ।

(গ) সামূহিক অংশগ্রহণ।

(ঘ) জনপ্রিয় অংশগ্রহণ হ’ব পাৰে।

সাধাৰণ অৰ্থত জনসাধাৰণৰ অংশগ্ৰহণৰ ধাৰণাই দেশৰ প্ৰশাসনীয় কামত অংশগ্ৰহণ কৰি নীতি নিৰ্ধাৰণ আৰু ইয়াৰ কাৰ্যকৰী কৰাৰ কথাকে প্ৰকাশ কৰে। কিন্তু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্রহণ বুলি কওঁতে জনসাধাৰণে প্ৰত্যক্ষভাৱে স্ব-ইচ্ছাৰে নিৰ্বাচিত চৰকাৰী আঁচনিবিলাকত সহযোগ কৰাৰ কথা বুজায়। ই জনসাধাৰণৰ মাজৰ পৰা প্ৰতিনিধিয়ে গ্ৰামোন্নয়নৰ কামত অংশগ্ৰহণৰ কথা নুবুজায়।

জনসাধাৰণে বিভিন্ন কাৰণ বা উদ্দেশ্যত উন্নয়নমূলক আঁচনিত অংশগ্ৰহণ কৰে। 

(ক) জনসাধাৰণে চৰকাৰী আঁচনি আদিত অংশগ্ৰহণৰ এটা প্ৰধান কাৰণ হ’ল দেশৰ গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰা।

(খ) গাওঁত বসবাস কৰা লোকসকলে নিজৰ সমস্যা নিজে সমাধান কৰা।

(গ) নিজৰ আৰ্থিক অৱস্থা উন্নত কৰা। দৰিদ্ৰতা দূৰ কৰিবৰ কাৰণে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। 

(ঘ) গ্ৰামোন্নয়নৰ আঁচনিবিলাক কাৰ্যকৰী কৰা।

(ঙ) স্ব-নিয়োজনৰ ব্যৱস্থা কৰা।

(চ) মধ্যবিত্ত শ্ৰেণী লোকৰ শোষণৰ পৰা মুক্ত হোৱা।

(ছ) জনসাধাৰণৰ অংশগ্রহণে উন্নত পৰিকল্পনা যুগুত কৰা আৰু কাৰ্যকৰী কৰাত সহায় কৰা।

(জ) অতিৰিক্ত সম্পদ আহৰণত সহায় কৰা। গ্ৰামোন্নয়নত তথা প্ৰশাসনৰ কামত জনসাধাৰণে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছুমান সমস্যাও আছে।

যেনে— জনসাধাৰণৰৰ দৰিদ্ৰতা, নিৰক্ষৰতা আৰু অজ্ঞতা, ৰাজনৈতিকভাৱে সচেতন নোহোৱা, দুৰ্নীতি, প্ৰশাসনীয় জ্ঞানৰ অভাৱ, আমোলাৰ উদাসীন মনোভাৱ আদি।

শেষত এইটো ক’ব পাৰি যে জনসাধাৰণে স্বইচ্ছাই গ্ৰামোন্নয়নৰ কামত অংশগ্ৰহণ কৰিবলৈ হ’লে তেওঁলোক শিক্ষিত, ৰাজনৈতিকভাৱে সচেতন আৰু সু-সংগঠিত হ’ব লাগে। ইয়াৰ অন্যথা গ্ৰামোন্নয়নৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্রহণ সীমিত হ’ব।

৯। পুঁজিবাদৰ বিকাশ সম্পৰ্কে বহলাই আলোচনা কৰা। (Discuss in details the growth of Capitalism.)

উত্তৰঃ পুঁজিবাদ হ’ল বণিকবাদী ভাৱধাৰাৰ ফচল। সামন্তবাদী ব্যৱস্থাৰ অৱসান ঘটি জাতীয় ৰাষ্ট্ৰৰ উত্থানে ইউৰোপ আৰু আমেৰিকাত উদ্যোগ আৰু বাণিজ্যৰ যথেষ্ট সম্প্ৰসাৰণ ঘটায়; বিচ্ছিন্নতাবাদী অৰ্থনীতিৰ পৰিৱৰ্তে বিনিময় অর্থনীতি গঢ়ি উঠিছিল। ই জন্ম দিলে জাতীয় বজাৰৰ। আনহাতে, নৌ অভিযানৰ দ্ৰুত সফলতা, সাগৰীয় পথৰ আৱিষ্কাৰ, ঔপনিৱেশিকতাবাদৰ সম্প্ৰসাৰণে বিদেশী বজাৰৰ সম্প্ৰসাৰণ ঘটালে। ইয়াৰ ফলত উদ্যোগজাত পণ্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি হ’ল আৰু হস্তজাত উদ্যোগৰ অৱনতি ঘটিল। সেয়েহে বৃহৎ বৃহৎ শিল্প, বাণিজ্য গঢ় লৈ উঠিল। এতিয়া বণিকসকল কোটিপতি উদ্যোক্তালৈ উন্নীত হ’ল। বৃহৎ মাত্ৰাৰ উৎপাদনে শ্রম বিভাজনৰ উন্মোচন ঘটালে। শ্রম বিভাজনে আকৌ উদ্যোগ উৎপাদনৰ বিস্তাৰ হোৱাত অৰিহণা যোগালে। বাণিজ্যৰ সম্প্ৰসাৰণে সৃষ্টি কৰিলে প্ৰতিযোগিতাৰ আন্তঃদেশীয় বিশেষীকৰণৰ আৰু উদ্যোগৰ স্থানীয়কৰণৰ। ইয়াত উজান দিলে ঊনবিংশ শতিকাত ইউৰোপৰ বিভিন্ন দেশত হোৱা শিল্প বিপ্লৱে। শিল্প বিপ্লৱে উৎপাদনৰ প্ৰকৃতি আৰু ধাৰা সলনি কৰি পেলালে। হস্তশিল্পৰ অৱসান ঘটি যন্ত্রচালিত কল-কাৰখানা মালিক, অর্থাৎ পুঁজিপতিসকলৰ হাতত কেন্দ্ৰীভূত হ’ল। এইদৰে আহিলা তথা মূলধন সম্পদৰ আহৰণক লৈ পুঁজিপতিসকলৰ মাজত তীব্র প্রতিযোগিতা চলিল। ইয়াৰ পৰিণামস্বৰূপে পশ্চিমীয়া দেশসমূহে বহু পূর্বেই উন্নতিৰ শিৰত আৰোহণ কৰিলে। মূলধন আৰু শ্ৰমৰ মাজত থকা বিৰোধৰ বাবেই এতি পুঁজিবাদৰ ধ্বংস হ’ব বুলি মার্ক্সে ভবিষ্যৎবাণী কৰিলেও এতিয়াও বহুতো দেশত পুঁজিবাদৰ প্রচলন আছে।

পুঁজিবাদৰ অৰ্থনৈতিক ভিত্তি সমূহ (Economic Bases of Capitalism): পুঁজিবাদৰ অর্থনৈতিক ভিত্তিসমূহ নিম্নোক্ত ধৰণৰ—

(ক) ব্যক্তিগত সম্পত্তি (Private Property): ব্যক্তিগত সম্পত্তি অনুষ্ঠানটি আধুনিক অৰ্থনৈতিক জীৱনৰ ভিত্তিতে নিহিত হৈ আছে। ই পুঁজিবাদৰ প্ৰধান বুনিয়াদ স্বৰূপ। পুঁজিবাদত প্ৰতিজন ব্যক্তিৰ সম্পত্তি আৰ্জন কৰা আৰু মজুত ৰখাৰ অধিকাৰ থাকে। এক কথাত ক’বলৈ হ’লে, পুঁজিবাদত সম্পত্তিৰ অধিকাৰক অলংঘনীয় অধিকাৰ হিচাপে বিবেচনা কৰা হয়।

(খ) বৃহৎ হাৰৰ উৎপাদন (Large Scale Production): ই পুঁজিবাদৰ অন্যতম এক গুৰুত্বপূর্ণ বৈশিষ্ট। ঔদ্যোগিক বিপ্লৱ (যিয়েই নেকি অধিক হাৰত উৎপাদন সম্ভৱপৰ কৰি তুলিছিল)ৰ ফলশ্ৰুতি স্বৰূপেই পুঁজিবাদৰ উত্থান হৈছিল। বিস্তৃত পৰিকল্পনা যুগুত কৰা আৰু শ্ৰমৰ বিভাজনে উৎপাদন বৃদ্ধি কৰি তুলিছিল অধিক উৎপাদনশীলতাৰ অৰ্থ হ’ল মূলধনৰ বিস্তৃত প্ৰয়োগ আৰু অধিক মুনাফা আর্জন।

(গ) মুনাফা অভিপ্রায় (Profit Motive): কার্ল মার্ক্সৰ ম’তে, মুনাফা অবিহনে পুঁজিবাদ কেতিয়াও বৰ্তি থাকিব নোৱাৰে (Capitalism cannot exist in the absence of institution of Profit) পুঁজিপতিসকলে পুঁজি বিনিয়োগ কৰে আৰু এই বিনিয়োগৰ জৰিয়তে মুনাফা আৰ্জন কৰে। পুঁজিবাদৰ অধীনত উৎপাদন সদায় মুনাফা অভিমুখী (Profit Oriented)।

(ঘ) প্রতিযোগিতা (Competition): প্রতিযোগিতা পুঁজিবাদী অর্থনীতিৰ অপৰিহাৰ্য ফলশ্রুতি। পুঁজিবাদত পুঁজিপতি সকলৰ মাজত চৰম প্ৰতিযোগিতা বৰ্তি থকা দেখা যায়। দাবী অর্থাৎ চাহিদা কৃত্রিমভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে যোগান সংকুচিত অর্থাৎ হ্রাস পায়। পুঁজিবাদৰ অধীনত তুমুল প্রতিযোগিতাপূর্ণ বাতাবৰণ পৰিলক্ষিত হয়।

(ঙ) মূল্য প্রক্রিয়া (Price Mechanism): পুঁজিবাদী অর্থ ব্যৱস্থাত কোনো এক পণ্য (Commodity) ৰ মূল্য উৎপাদনী ব্যয়ৰ বিপৰীতে চাহিদা আৰু যোগানৰ নীতিৰ আধাৰণ নিৰূপণ কৰা হয় ৷

(চ) মজুৰি প্ৰতিষ্ঠান (Wage Institution): পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলে মজুৰিৰ বাবে দৰ-দাম কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। পুঁজিপতিসকলৰ প্ৰধান উদ্দেশ্যই হৈছে শ্ৰমিক সকলক যিমান দূৰ সম্ভৱ কম পাৰিশ্ৰমিক প্ৰদান কৰা আৰু শ্ৰমিক সকলৰ পৰা যিমান দূৰ সম্ভৱ অধিক কাম আদায় কৰা। এনেদৰে পুজিবাদত শ্ৰমৰ শোষণ চলা দেখিবলৈ পোৱা যায়।

(ছ) অৰ্থ আৰু ঋণ (Money and Credit): পুঁজিবাদত ঋণৰ ভূমিকা অতিশয় পূর্ণ। পুজিঁপতি সকলে ঋণৰ ৰূপত পুঁজি সংগ্ৰহ কৰি ব্যৱসায়ৰ উত্তৰণ ঘটায়। এনেদৰে পৰ্যাপ্ত মূলধনৰ অভাৱ স্বত্বেও পুঁজিপতি সকলে ঋণৰ ভিত্তিত নিজা সম্পত্তিৰ পৰিমাণ বৃদ্ধি কৰে।

(জ) ব্যৱসায়িক সংগঠন (Business Organization): পুঁজিবাদক বিশাল ব্যৱসায়িক গঠনৰ সৈতে চিহ্নিত কৰা হৈছে। বিভিন্ন অংশীদাৰী (Shareholder)ৰ মূলধন বিনিয়োগেৰে উদ্যোগিক পাম প্রতিষ্ঠা কৰা হয়।

(ঝ) বজাৰ অৰ্থনীতি (Market Economy): পুঁজিবাদী ব্যৱস্থাত উৎপাদন, বিতৰণ এক বিনিময় শক্তিৰ ওপৰত কোনো ধৰণৰ চৰকাৰী নিয়ন্ত্ৰণ নাথাকে। ইবিলাক বজাৰ চালিকা গতিৰ দ্বাৰাহে নিয়ন্ত্রিত। ইয়াত চৰকাৰৰ দ্বাৰা পণ্যৰ মূল্য নিৰ্দ্ধাৰণ কিম্বা বিতৰণ ব্যৱস্থা নিয়ন্ত্রিত নহয়। অর্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে মুক্তভাৱে যোগান আৰু চাহিদা নীতিৰ পৰা পৰিচালিত হয়। এনেদৰে পুঁজিবাদী অর্থনীতি সম্পূৰ্ণৰূপে উদাৰীকৃত কিম্বা বজাৰ অৰ্থনীতি।

১০। পুঁজিবাদৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the basic features of capitalism.) 

উত্তৰঃ প্ৰকৃতাৰ্থত, পুঁজিবাদী অর্থনীতিয়ে কি সূচায় সেয়া পুঁজিবাদৰ মৌলিক বৈশিষ্ট্য সমূহৰ পৰা ভালদৰে অনুধাৱন কৰিব পৰা যায়। এই বৈশিষ্ট্যসমূহ অৰ্থনীতিৰ কেতবোৰ সিদ্ধান্ত চাকৰীকৰণ আৰু কেতবোৰ কাৰ্য সম্পাদনৰ পৰা উদ্ভুত। যি কি নহওঁক, পুঁজিবাদৰ মৌলিক বৈশিষ্টসমূহৰ বিষয়ে তলত বহল ভাৱে আলোচনা কৰা হ’ল—

(ক) ব্যক্তিগত সম্পত্তি আৰু মালিকী স্বত্বৰ স্বাধীনতাঃ ব্যক্তিগত সম্পত্তিৰ ব্যৱস্থা পুঁজিবাদী নীতিৰ এক মৌলিক বৈশিষ্ট্য। পুঁজিবাদত ব্যক্তিয়ে নিজৰ ৰুচি অনুসাৰে সম্পত্তি আহৰণ কৰিব আৰু ব্যৱহাৰ কৰিব পাৰে। চৰকাৰে ব্যক্তিৰ সম্পত্তিৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে। ব্যক্তিজনৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰীসকললৈ সম্পত্তিসমূহ হস্তান্তৰিত কৰা হয়

(খ) ব্যক্তিগত সম্পত্তিৰ অধিকাৰঃ ব্যক্তিগত সম্পত্তিৰ অৱস্থিতি আৰু উত্তৰাধিকাৰৰ ব্যৱস্থা দ্বিবাদৰ অন্যতম মৌলিক বৈশিষ্ট্য। প্রত্যেক ব্যক্তিৰে ব্যক্তিগত সম্পত্তি আহৰণ কৰি সংৰক্ষণ কৰাৰ অধিকাৰৰ লগতে মৃত্যুৰ পিছত উক্ত সম্পত্তিসমূহ ভৱিষ্যত প্ৰজন্মলৈ দি যোৱাৰ অধিকাৰ থাকে।

(গ) মূল্য ব্যৱস্থাপনাঃ পুঁজিবাদী অর্থ ব্যৱস্থাত উপভোক্তাসকলক নির্দেশনা প্রদান কৰাৰ বেলিকা এক মুক্ত কাৰ্যকৰী মূল্য ব্যৱস্থাপনা পৰিলক্ষিত হয়। মূল্য ব্যৱস্থাপনাৰ অৰ্থ হ’ল কোনো ধৰণৰ হস্তক্ষেপ নোহোৱাকৈ যোগান আৰু চাহিদা শক্তি কাৰক (forces)ৰ মুক্ত কার্যকাৰিতা। মূল্য ব্যৱস্থাপনাই উৎপাদক সকলক কি উৎপাদন কৰিব, কিমান পৰিমানৰ উৎপাদন কৰিব, কেতিয়া উৎপাদন কৰিব আৰু ক’ত উৎপাদন কৰিব এই বিষয়ক সিদ্ধান্ত ৰাজি গ্ৰহণ কৰাৰ বেলিকা সহায় কৰে। মূল্য ব্যৱস্থাপনাই চাহিদা অনুপাতে যোগানৰ সমন্বয় সাধন কৰে।

(ঘ) মুনাফা আর্জনঃ পুঁজিবাদী অর্থনীতিত অর্থনৈতিক কাৰ্যকলাপৰ বেলিকা মুনাফা আৰ্জনৰ আকাংক্ষা সৰ্বাধিক গুৰুত্বপূৰ্ণ প্ৰৰোচনা। সকলো উদ্যোগীয়েই সর্বাধিক মুনাফা আহৰণত সহায়ক হোৱা উদ্যোগ বা ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। এনেধৰণৰ উদ্যোগ বা ব্যৱসায় বাণিজ্যত ক্ষয়-ক্ষতিৰ আশংকা নিচেই ক্ষীণ মুনাফা হৈছে এনে এক প্ৰৰোচনা যিয়েই নেকি উদ্যোগী সকলক অধিক জটিল বোজা ল’বলৈকো প্ৰস্তুত কৰি তোলে। সেয়েহে মুনাফা আর্জনক পুঁজিবাদী অর্থনীতিৰ আত্মা স্বৰূপ (Soul) বুলি অভিহিত কৰা হয়।

(ঙ) প্ৰতিযোগিতা আৰু সহযোগিতা একেলগে আগবাঢ়েঃ মুক্ত প্রতিযোগিতা পুঁজিবাদী অর্থনীতিৰ অন্যতম প্রধান বৈশিষ্ট্য। কিয়নো উদ্যোক্তা সকলে সর্বাধিক মুনাফা আহৰণৰ লক্ষ্যৰে প্রতিযোগিতাত অৱতীৰ্ণ হয়। অন্যহাতে, ক্রেতা সকলো সামগ্ৰী আৰু সেৱা সমুহ ক্ৰয় কৰিবলৈ প্ৰতিযোগিতাত নামি পৰে। শ্ৰমিকসকলে এক নিৰ্দিষ্ট কাম লাভ কৰিবলৈ তেওঁলোকৰ নিজৰ মাজতে বা মেচিনৰ সৈতে প্ৰতিযোগিতাত লিপ্ত হয়।

(চ) প্ৰতিষ্ঠান, বৃত্তি আৰু নিয়ন্ত্ৰণৰ স্বাধীনতাঃ পুঁজিবাদত প্রতিজন ব্যক্তিয়েই নিজা ৰুচি অনুসৰি যিকোনো উদ্যোগ, ব্যৱসায় প্রতিষ্ঠান আৰম্ভ কৰাৰ বাবে স্বাধীনতা থাকে। জনগণে নিজা সামৰ্থ আৰু পছন্দ অনুসৰি বৃত্তি বাচনি কৰাৰ স্বাধীনতা থাকে। তাৰোপৰি ব্যক্তিৰ যিকোনো ধৰণৰ চুক্তি সম্পাদন কৰাৰ স্বাধীনতা থাকে। নিয়োগকর্তা সকলে ব্যৱসায়িক সংগঠন সমূহ কোনো পামৰ যোগানদাতা সকলৰ সৈতে বা এখন পামে আন পামৰ সৈতে যিকোনো ধৰণৰ চুক্তি সম্পাদন কৰিব পাৰে।

(ছ) উপভোক্তাৰ সাৰ্বভৌমত্বঃ পুঁজিবাদী অর্থ ব্যৱস্থাত এজন উপভোক্তাক এক সার্বভৌম ৰজাৰ সৈতে তুলনা কৰা হয়। সমগ্র উৎপাদনী পৰিকাঠামো (Framework) উপভোক্তাৰ দ্বাৰা নিৰ্দেশিত। যিহেতু উদ্যোক্তাই উৎপাদনকৃত সামগ্ৰীৰাজি বিক্ৰী কৰিবলগীয়া হয় গতিকে উপভোক্তাৰ পছন্দ/ ৰুচিৰ ভিত্তিতেই গোটেই উৎপাদনী প্রক্রিয়া পৰিচালিত হয়। যদিহে কোনো এক নির্দিষ্ট উৎপাদনকৃত পণ্য সৰ্বাধিক জনগণৰ পছন্দৰ হয় তেন্তে উৎপাদকে সর্বাধিক মুনাফা গ্রহণ কৰিবলৈ সক্ষম হ’ব পাৰে।

(জ) শ্ৰেণী সংঘাতৰ উন্মেষ ঘটায়ঃ পুঁজিবাদী ব্যৱস্থাত শ্রেণী সংঘাতৰ সূত্ৰপাত হয়। পুঁজিবাদী ব্যৱস্থা ধনী আৰু দুখীয়া এই শ্ৰেণীৰ মাজত বিভক্ত হয় আৰু দুয়োটা শ্রেণীয়ে পৰস্পৰে পৰস্পৰৰ লগত সংঘৰ্ষত লিপ্ত হয়। বিশ্বৰ প্ৰায় সকলোবিলাক পুঁজিবাদী ৰাষ্ট্ৰতেই শ্ৰম আৰু মূলধনৰ মাজত সংঘাত উপলব্ধ হয় আৰু এই সংঘাতৰ কোনো সমাধান সূত্র পৰিলক্ষিত নহয়। ইয়াৰ পৰা এই শ্ৰেণী সংঘাত পুঁজিবাদী ব্যৱস্থাৰ সৈতে সংপৃক্ত যেন বোধ হয়।

(ঝ) যৌথ পুঁজি প্ৰতিষ্ঠানৰ নেতৃত্ব সূচক ভূমিকাঃ কোনো এক যৌথ ষ্টক প্ৰতিষ্ঠানৰ সমগ্ৰ ব্যৱসায়িক প্রক্রিয়া প্রতিষ্ঠানৰ অংশীদাৰ সকলৰ দ্বাৰা ইয়াৰ সাধাৰণ সভাৰ বৈঠকত গণতান্ত্রিকভাৱে নির্বাচিত সদস্যমণ্ডলীৰে গঠিত সঞ্চালক সকলৰ বোৰ্ডৰ দ্বাৰা পৰিচালনা কৰা হয়। এই ক্ষেত্ৰৰপৰা বিচাৰ বিশ্লেষণ কৰি চালে যৌথ ষ্টক প্রতিষ্ঠানক “গণতান্ত্রিক পুঁজিবাদ’ বুলি অভিহিত কৰিব পাৰি।

অৱশ্যে নিগমবিলাকৰ কাম-কাজৰ প্ৰকৃতি প্ৰকৃতাৰ্থত গণতান্ত্রিক নহয় কিয়নো নিগমবিলাকৰ ক্ষেত্ৰত ‘One Share One Vote’ অর্থাৎ এক অংশ এক ভোট’ নীতি বলবৎ কৰা হয়। যিহেতুকে বৃহৎ বৃহৎ ব্যৱসায়িক সকলে একোটা প্ৰতিষ্ঠানৰ এক বৃহৎ সংখ্যক শ্বেয়াৰ ক্ৰয় কৰে গতিকে তেওঁলোকে পুনঃ নির্বাচিত হোৱাৰ সুযোগ লাভ কৰে আৰু এনেদৰে তেওঁলোকে গোটেই প্রতিষ্ঠানটোক নিজৰ পাৰিবাৰিক ব্যৱসায়ৰ দৰে গণ্য কৰিবলৈ ধৰে।

(ঞ) উদ্যোগীৰ গুৰুত্বপূৰ্ণঃ উদ্যোক্তা শ্ৰেণীটোৱেই পুঁজিবাদী অর্থনীতিৰ আধাৰ স্বৰূপ এই শ্ৰেণীটোৰ ওপৰতেই পুঁজিবাদী অর্থনীতিৰ সামগ্রিক অর্থনৈতিক গাঁথনি আধাৰিত। উদ্যোক্তাসকলে উৎপাদনৰ বিভিন্ন ক্ষেত্ৰসমূহত নেতৃত্বৰ ভূমিকা পালন কৰে। এক সুস্থ সবল প্রতিযোগিতাৰ বাবে সু-উদ্যোক্তাৰ উপস্থিতি নিতান্তই অপৰিহার্য। উদ্যোক্তাসকলেই হৈছে পুঁজিবাদী অর্থনীতিৰ গতিশীলতাৰ অন্যতম প্রধান উৎস।

১১। পুঁজিবাদৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the Merits of Capitalism.)

উত্তৰঃ পুঁজিবাদৰ সুবিধাসমূহ হ’ল —

(ক) উপভোক্তাৰ প্ৰয়োজনীয়তা আৰু ৰুচি অনুসাৰে উৎপাদনঃ মুক্ত বজাৰ অৰ্থব্যৱস্থাত উৎপাদক সকলৰ মনত উপভোক্তাৰ প্ৰয়োজনীয়তা আৰু ৰুচিয়ে সদায় প্রাধন্যতা লাভ কৰে। উপভোক্তাৰ পছন্দ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে উৎপাদকসকলে সেৱা-সামগ্রী সমূহ উৎপাদন কৰে। ইয়াৰ ফলত পুঁজিপতি সকলে উৎপাদনী ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰীৰাজি উৎপাদন “ক্ষেত্ৰত কৰা ব্যয়ৰ পৰা উপভোক্তা সকলে সৰ্বাধিক সন্তুষ্টি ভোগ কৰে।

(খ) মূলধন গঠনৰ উচ্চহাৰ আৰু অধিক অর্থনৈতিক বিকাশঃ পুঁজিবাদী ব্যৱস্থাত ব্যক্তিৰ সম্পত্তি আহৰণৰ কৰাৰ লগতে উত্তৰাধিকাৰী সূত্ৰে তেওঁলোকৰ আৰ্জিত সম্পত্তি উত্তৰসূৰীলৈ ‘হস্তান্তৰিত কৰাৰ অধিকাৰ থাকে। এই অধিকাৰ সূত্ৰেই জনগণে তেওঁলোকৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখে যাতে এই সঞ্চিত নিধি বিনিয়োগৰে অধিক উপাৰ্জন কৰি উত্তৰ সূৰীলৈ অধিক সম্পত্তি এৰি থৈ যাব পাৰে। সঞ্চিত পুঁজি ৰাশি বিনিয়োগ কৰিলে মূলধন গঠনৰ হাৰ বৃদ্ধি পায় আৰু ইয়েই অৰ্থনৈতিক বিকাশৰ হাৰ ত্বৰান্বিত কৰি তোলে ৷

(গ) পুঁজিবাদী অর্থনীতিত পছন্দৰ সম্পূৰ্ণ স্বাধীনতা থাকেঃ অর্থনৈতিক স্বাধীনতাৰ অৰ্থ হৈছে সম্পত্তি’ আহৰণ কৰা আৰু বৰ্তাই ৰখা। তাৰোপৰি ই লগতে উদ্যোগ প্ৰতিষ্ঠা আৰু বৃত্তি বাচনি কৰণৰ স্বাধীনতাকো সূচায়। অর্থনৈতিক স্বাধীনতাই দেশৰ মানৱ শক্তি সম্পদক বিভিন্ন বৃত্তিত স্বতঃস্ফূর্ত সূচলীকৰণৰ সুযোগ প্ৰদান কৰে। তাৰোপৰি পুঁজিবাদী ব্যৱস্থাত চুক্তি সম্পাদনৰ স্বাধীনতা থাকে যিয়েই বিভিন্ন উৎপাদনী গোটবিলাকক মসৃণ আৰু নমনীয়ভাৱে কাৰ্য সম্পাদনৰ নিশ্চয়তা প্ৰদান কৰে।

(ঘ) পর্যাপ্ত সম্পদৰাজিৰ সৰ্বোত্তম ব্যৱহৃত কৰণঃ পুঁজিবাদী ব্যৱস্থাত সম্প্রদায়ৰ সীমিত সম্পদৰাজিৰ যিমান দূৰ সম্ভৱ নূন্যতম বর্জ্য (Waste) ৰ সৈতে সৰ্বাধিক অর্থনৈতিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সামগ্ৰীসমূহৰ উৎপাদন আৰু বিক্ৰয়ৰ ক্ষেত্ৰত উৎপাদক আৰু উদ্যোক্তা সকলৰ মাজত এক ক্ষীণ প্রতিযোগিতাপূর্ণ পৰিৱেশ বাহাল থকা পৰিলক্ষিত হয়। প্ৰতিজন উৎপাদক আৰু উদ্যোক্তাই সৰ্বাধিক মুনাফা আহৰণৰ বাবে উৎপাদনশীল সম্পদৰাজিক প্ৰতিজন উৎপাদক আৰু উদ্যোক্তাই তেওঁৰ সামৰ্থ অনুসাৰে সৰ্বাধিক মিতব্যয়ীভাৱে ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰে।

(ঙ) সেৱা আৰু সামগ্ৰীসমূহৰ ফলপ্ৰদ উৎপাদনঃ পুঁজিবাদী ব্যৱস্থাত প্রতিযোগিতাৰ পৰিপ্ৰেক্ষিতত প্ৰতিজন উদ্যোক্তাই নূন্যতম ব্যয়ৰে আৰু এক যুগমীয়া (durable) প্ৰকৃতিৰ সামগ্ৰী উৎপাদন কৰিবলৈ চেষ্টা কৰে। উদ্যোক্তা সকলে পণ্য উৎপাদনৰ বাবে সর্বোৎকৃষ্ট কৌশল উদ্ভাৱনৰ চেষ্টা চলায় যাতে উপভোক্তা সকলে সম্ভাব্য কম ব্যয় সাপেক্ষে উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে উৎপাদক সকলে সদায়েই তেওঁলোকৰ উৎপাদন পদ্ধতি অধিক দক্ষ আৰু ফলপ্ৰদ কৰি তোলাৰ ওপৰত অধিক মনোনিৱেশ কৰা দেখা যায়।

(চ) উপভোক্তাৰ পণ্যৰ ভিন্নতাঃ  পুঁজিবাদী ব্যৱস্থাত প্রতিযোগিতা কেৱলমাত্ৰ মূল্যৰ ক্ষেত্ৰতেই নহয় বৰং পণ্যৰ আকাৰ, আৰ্হি, বৰণ আৰু পেকেজিংৰ ক্ষেত্ৰতো পৰিলক্ষিত হয়। উপভোক্তা সকলে সেয়েহে একেটা পণ্যৰ ক্ষেত্ৰতেই বিভিন্ন ধৰণৰ ভাল ভাল লেন দেনৰ সুযোগ লাভ কৰে। উপভোক্তা সকলক সীমিত পছন্দৰ সুযোগ প্ৰদান কৰা অনুচিত। সেয়েহে কোৱা হয় ‘Variety is the spice of Life’ মুক্ত বজাৰ অৰ্থনীতিয়ে উপভোক্তাৰ পণ্য সমূহৰ ভিন্নতাক প্ৰদান কৰে।

(ছ) পুঁজিবাদৰ ভাল আৰু বেয়া উৎপাদনৰ বাবে কোনো ধৰণৰ প্ৰৰোচনা বা শাস্তিৰ প্রয়োজনীয়তা নাথাকেঃ পুঁজিবাদী অর্থনীতিয়ে দক্ষ উৎপাদক সকলক উৎসাহ উদ্দীপনা যোগায়। দক্ষ উদ্যোক্তাইহে অধিক মুনাফা আৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰে। পুঁজিবাদত কোনোধৰণৰ প্ৰৰোচনা বা পুৰস্কাৰ প্ৰদানৰ প্ৰয়োজনীয়তা নাথাকে। মূল্য প্রক্রিয়াই অদক্ষ উদ্যোক্তাক শাস্তি আৰু উদ্যোক্তাৰ নিজস্ব দক্ষতাকে পুৰস্কৃত কৰে। ব্যয় সংকোচনৰে অধিক মুনাফা আৰ্জনৰ বাবে উৎপাদক সকলে উৎপাদনী ক্ষেত্ৰত কেতবোৰ নতুনত্ব অনাৰ চেষ্টাত ব্ৰতী হয়। এনেদৰে পুঁজিবাদী দেশৰ কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰতো বিশেষভাৱে বৰঙণি যোগাবলৈ সক্ষম হয়।

(জ) পুঁজিবাদে উদ্যোক্তা সকলক বোজা ল’বলৈ আৰু অধিক দৃঢ় নীতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি তোলেঃ পুঁজিবাদে উদ্যোক্তাসকলক অধিক বোজা মূৰ পাতি লৈ অধিক সুদৃঢ় নীতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। কাৰণ অধিক বোজা গ্ৰহণ কৰাৰ জৰিয়তে উদ্যোক্তা সকলে অধিক মুনাফা আহৰণ কৰিবলৈ সক্ষম হ’ব পাৰে।

(ঝ) পুঁজিবাদে উদ্ভাৱনৰ বাবে সর্বোৎকৃষ্ট পৰিৱেশ প্ৰদান কৰেঃ  উদ্যোক্তাসকলে উৎপাদনী ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ বাবে সদায় নতুন নতুন ধ্যান-ধাৰণাৰ সন্ধানত থাকে। নতুনত্বৰ বেলিকা সদায় উদ্যোক্তাসকলে এজনে আনজনক অতিক্রম কৰাৰ প্ৰয়াস কৰে আৰু ইয়েই দ্রুত সম্প্ৰসাৰণ, অধিকতৰ নিযুক্তি আৰু উপাৰ্জনৰ পথ সূচল কৰি তোলে। বিনিয়োগকর্তা সকলক কপিৰাইট (Copyright) ৰ জৰিয়তে তেওঁলোকৰ ৰয়েলটি (Royalty)ৰ জৰিয়তে পুৰস্কৃত কৰা হয়।

(ঞ) পুঁজিবাদে অধিক গতিশীলতা প্ৰদানত সহায়ক হয়ঃ পুঁজিবাদী অর্থনীতি পৰিৱৰ্তিত পৰিস্থিতিৰ লগত স্বতঃস্ফূর্তভাৱে সাল সলনি কৰিব পাৰি। যুদ্ধকালীন পৰিস্থিতিত যুদ্ধৰ পৰিৱেশত সহায়ক হোৱাকৈ বজাৰ বিধি (Market Regulations) সমূহক গ্ৰহণ কৰা হয়। শান্তিৰ বাৰ্তা ঘূৰি অহাৰ লগে লগে দেশৰ অৰ্থনীতি মুক্ত কাৰ্যক্ষম বজাৰলৈ পৰ্যবেসিত হয়।

১২। পুঁজিবাদৰ বিপক্ষে থকা যুক্তিসমূহ দাঙি ধৰা। (Highlight the argument against Capitalism.)

উত্তৰঃ পুঁজিবাদী অর্থনীতিয়ে বিভিন্ন সময়ত ভিন্ন ধৰণৰ ঘাত-প্রতিঘাতৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। সেয়েহে বহুলোকে মুক্ত বজাৰ অৰ্থনীতিৰ এক চৰম সংস্কাৰ সাধনৰ পোষকতা কৰে। কার্লমার্ক্সৰ দৰে একাংশ চিন্তাবিদে পুঁজিবাদী অর্থনীতি নিজৰ মাজতেই বৈপৰীত্যমুলক বুলি বিবেচনা কৰিছিল। সেয়েহে তেওঁলোকে এলানি গভীৰ সংকটৰ পিছত পুঁজিবাদী অর্থনীতি সমূলাংশে নিঃশেষ হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল।

পুঁজিবাদী অর্থনীতিৰ বিৰুদ্ধে নিম্নোক্ত যুক্তিসমূহ অৱতাৰণা কৰা হয় —

(ক) সম্পদ আৰু আয়ৰ বিতৰণৰ অসমতাঃ ব্যক্তিগত সম্পত্তিৰ ব্যৱস্থাই বিভিন্ন শ্ৰেণীৰ আয়ৰ অসমতা বৰ্দ্ধিতকৰণৰ ক্ষেত্ৰত এক আঁহিলা হিচাপে ক্ৰিয়া কৰে। ধনীক শ্ৰেণীটোৱে সম্পদৰাজি লাভ কৰিব পাৰে আৰু লগতে বৃহৎ উদ্যোগ প্রতিষ্ঠান আৰম্ভ কৰিব পাৰে।সম্পদহীন শ্ৰেণীটোৱে কেৱল তেওঁলোকৰ শ্ৰমহে আগবঢ়াব পাৰে।

(খ) পুঁজিবাদী অর্থনীতিত শ্রেণী সংঘর্ষ অপৰিহাৰ্যঃ পুঁজিবাদৰ কেতবোৰ সমালোচকে পুঁজিবাদী অর্থনীতিত শ্রেণী সংঘৰ্ষ অপৰিহাৰ্য বুলি গণ্য কৰে। কাৰ্ল মার্ক্সে যুক্তি দর্শাইছে যে পুঁজিবাদী সমাজ দুটা প্রধান শ্ৰেণীৰ মাজত বিভক্ত। ইয়াৰে এটা ধনী সম্পদশালী; ৰাষ্ট্ৰৰ এই শ্ৰেণীটো উৎপাদনৰ আহিলাসমূহৰ গৰাকী; আনটো শ্ৰেণী সম্পদহীন দৈনন্দিন পাৰিশ্ৰমিক আৰ্জন কৰা দৰিদ্ৰ, শ্রমিক শ্রেণী।

ধনীক শ্ৰেণীটো সংখ্যাগতভাৱে নিচেই তাকৰ। দৰিদ্ৰ শ্রমিক শ্ৰেণীটো সংখ্যাগৰিষ্ঠ। পুঁজিবাদী অর্থ ব্যৱস্থাত এই ধনী পুঁজিপতি শ্ৰেণীটোৱে দৰিদ্ৰ দিন মজুৰি আৰ্জন কৰা শ্ৰেণীটোক শোষণ কৰাৰ এক প্ৰৱণতা পৰিলক্ষিত হয়। ইয়াৰ ফলস্বৰূপে নিয়োগকর্তা আৰু শ্ৰমিক সকলৰ মাজৰ সংঘৰ্ষৰ সূত্ৰপাত হয় যিয়েই শ্রমিক অসন্তুষ্টি (Labour Rest) এক পৰিৱেশৰ সৃষ্টি কৰে।

(গ) সামাজিক ক্ষয় ক্ষতিৰ হাৰ অধিক উচ্চঃ পুঁজিবাদী অর্থনীতিত ঔদ্যোগীকৰণৰ হাৰ অধিক উন্নত হ’লেও সমাজিক ক্ষয় ক্ষতিৰ পৰিমাণো যথেষ্ট হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হয়। উদ্যোগ কল কাৰখানাৰ গৰাকী সকলে তেওঁলোকৰ উৎপাদন কার্যই জনগণৰ ওপৰত কেনেদৰে কু-প্ৰভাৱ পেলাইছে সেই বিষয়ত গুৰুত্ব আৰোপ নকৰি কেৱল মুনাফা আহৰণৰ আকাংক্ষাৰ প্ৰতিহে গুৰুত্ব দিয়ে। কাৰখানাৰপৰা নিৰ্গত আৱৰ্জনা সমূহ যথাযথভাৱে বিনস্ত কৰা নহয়; ফলত গোটেই পৰিৱেশটোৱেই প্ৰদূষিত হৈ পৰে। কাৰখানাৰ শ্ৰমিকসকলক খুব কমেইহে আবাস গৃহৰ সুবিধা প্ৰদান কৰা হয় যাৰ ফলস্বৰূপে বৃহৎ চহৰ নগৰাঞ্চল সমূহত বস্তি এলেকা গঢ়ি উঠিছে।

(ঘ) কৰ্মৰত শ্ৰেণীটোৰ পৰ্যাপ্ত সামাজিক নিৰাপত্তা নাথাকেঃ পুঁজিবাদী অর্থ ব্যৱস্থাত শ্রমিক তথা কৰ্মৰত শ্ৰেণীটোক পৰ্যাপ্ত সামাজিক নিৰাপত্তা প্ৰদান কৰা নহয়, কাৰখানাৰ গৰাকীসকলে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক কোনো ধৰণৰ অৱসৰকালীন ভাট্টা, দুর্ঘটনাজনিত সাহাৰ্য বা সকাহ প্ৰদান কৰা পৰিলক্ষিত নহয়। ফলস্বৰূপে, স্বামীহাৰা বিধবা আৰু সতি-সন্ততি সকলে বহু যাতনা ভোগ কৰিবলগীয়া হয়। কম উন্নত বৰ্দ্ধিত জনসংখ্যাৰ দেশৰ চৰকাৰেও জনগণক পর্যাপ্ত সামাজিক নিৰাপত্তা প্ৰদান কৰিবলৈ অপাৰগতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।

(ঙ) ধীৰ আৰু ভাৰসাম্যহীন বিকাশঃ মুক্ত বজাৰ অৰ্থনীতিয়ে স্বয়ংক্রিয়ভাৱে কাম কৰিলেও ইয়াৰ বিকাশৰ হাৰ নিচেই নিম্ন মানদণ্ডৰ। তাৰোপৰি অৰ্থনীতিৰ অগ্ৰগতি হ’লেও সামাজিক বিকাশ পৰিলক্ষিত নহয়। কেতবোৰ ক্ষেত্ৰৰ দ্ৰুত হাৰত বিকাশ সাধন হ’লেও আন কেতবোৰ ক্ষেত্ৰ বৰ্তমানেও অনগ্ৰসৰ হৈ পৰিছে। কৃষিখণ্ডৰ দৰিদ্ৰতাৰ নামত ঔদ্যোগিক ক্ষেত্ৰৰ সম্প্ৰসাৰণ হ’ব পাৰে।

(চ) শ্ৰমিকসকলৰ দৰ-দামৰ সামৰ্থতা নাথাকেঃ পুঁজিবাদী অর্থ-ব্যৱস্থাত শ্রমিক সকলক তেওঁলোকৰ উৎপাদনশীলতাৰ তুলনাত নিম্নহাৰত মজুৰি প্ৰদান কৰা হয়। ইয়াৰ মূল কাৰণ হ’ল এয়েই যে শ্রমিকসকলৰ তেওঁলোকৰ ধনীক পুঁজিপতি শ্ৰেণীটোৰ পৰা প্ৰাপ্য মজুৰি বিচাৰি দৰ-দাম কৰাৰ সামৰ্থতা নাথাকে। মহিলা আৰু শিশু শ্ৰমিক সকলক নিচেই কম হাৰত পাৰিশ্ৰমিক প্ৰদান কৰা হয়। পুঁজিবাদী ব্যৱস্থাত সমান কামৰ বাবে সমান পাৰিশ্ৰমিক প্ৰদানৰ নীতি বলৱৎ কৰা নহয়।

(ছ) মানৱীয় প্ৰমূল্যৰাজিৰ ধ্বংসাত্মক দিশঃ পুঁজিবাদী শৃংখলাত সকলোবিলাক বিষয় সম্পত্তিৰ দৃষ্টিকোণেৰে পৰিমাপণ কৰা হয়। প্ৰেম, সহানুভূতি, আত্মীয়তা, প্রভৃতি মানৱ জীৱনৰ প্ৰমূল্যৰাজি ৰূপোৱালী মুদ্ৰাৰ ৰূপত মূল্যায়ন কৰা হয়। প্ৰতিজন ব্যক্তিয়েই সৰ্বাধিক পোৱাৰ প্ৰয়াস কৰে। প্ৰমূল্য নহয় বৰং সম্পত্তিহে একমাত্ৰ নিৰ্দ্ধাৰক।

(জ) যৌনতাৰ ওপৰত গুৰুত্বঃ পুঁজিবাদী সংস্কৃতিয়ে যৌনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যৌনতাৰ ক্ষুধা নিবাৰণৰ বাবে বৈবাহিক প্ৰথাক কেৱল মাত্র এক চুক্তি হিচাপেহে গণ্য কৰা হয়। পুঁজিবাদীসকলে তেওঁলোকৰ পণ্য সমূহৰ যৌন আবেদনসমূহৰ উপস্থাপনৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰে। যৌনগত আবেগসমূহক লৈ সাহিত্য আৰু বোলছবিসমূহ নিৰ্মাণ কৰা হয়৷ প্ৰাক-বৈবাহিক আৰু অতিৰিক্ত বৈবাহিক সম্পর্ক (Extra Marital Relation) সমূহ ক্রমশঃ বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ব্যক্তিৰ আত্ম নিয়ন্ত্ৰণৰ অভাৱ পৰিলক্ষিত হয়।

(ঝ) সামাজিক ব্যৱস্থাৰ ভাৰসাম্যহীনতাঃ পুঁজিবাদে সামাজিক ব্যৱস্থাত ভাৰসাম্যহীনতাৰ সূচনা কৰে। ই সমাজৰ কল্যাণৰ সৈতে নিজকে সমাযোজিত কৰাত ব্যৰ্থ হৈছে। ই ধনীক আৰু দুখীয়া শ্ৰেণীৰ মাজৰ ব্যৱধান ক্ৰমাৎ বৃদ্ধি কৰিছে। ই মানুহৰ মূল দৃষ্টিভংগীটোৰেই পট পৰিৱৰ্তন কৰিছে। সমাজত ব্যক্তিৰ মৰ্যাদা নিৰ্ধাৰণৰ ক্ষেত্ৰত সম্পত্তি এক অপৰিহাৰ্য কাৰক স্বৰূপে পৰিগণিত হৈছে। ই ব্যক্তিৰ নৈতিকতাৰ প্ৰতিফলন ঘটাইছে।

১৩। পুঁজিবাদৰ প্ৰকাৰসমূহ বহলাই আলোচনা কৰা। (Discuss in details the types of capitalism.)

উত্তৰঃ পুঁজিবাদৰ বিভিন্ন ৰূপ আৰু এই ৰূপবিলাকৰ বিষয়ে তলতআলোচনা কৰা হ’ল—

(ক) ৰাষ্ট্ৰ পুঁজিবাদঃ ই পুঁজিবাদৰ এক গুৰুত্বপূৰ্ণ ৰূপ বা আৰ্হি ৰাষ্ট্ৰীয় পুঁজিবাদ অভিধাটো ১৮৮৬ চনত ‘Wilhelin Liebknecnt’এ ব্যৱহাৰ কৰিছিল। ‘ৰাষ্ট্ৰীয় পুঁজিবাদ’ ‘অভিধাটো সাধাৰণতে দুই ধৰণে ব্যৱহাৰ কৰা হয়; এক অৰ্থনৈতিক ৰূপত য’ত নেকি ৰাষ্ট্ৰই পুঁজিবাদী নিয়োগকৰ্তাৰ ভূমিকাৰে ৰাষ্ট্ৰৰ স্বাৰ্থত কৰ্মীসকলক শোষণৰ ভূমিকা পালন কৰে। ৰাষ্ট্ৰীয় পুঁজিবাদ এনে এক অর্থনৈতিক ব্যৱস্থাৰ সৈতে জড়িত য’ত বাণিজ্যিক কার্য কলাপসমূহ ৰাষ্ট্ৰৰ দ্বাৰা সম্পাদন কৰা হয়।

ৰাষ্ট্ৰীয় পুঁজিবাদে এনে এক অর্থ ব্যৱস্থাক বুজায় যি নেকি স্বাভাৱিকতে পুঁজিবাদী প্ৰকৃতিৰ য’ত ব্যক্তিগত মালিকসকলে অর্থব্যৱস্থাৰ পৰা মুনাফা আৰ্জন কৰে আৰু ৰাজহুৱা ব্যয়ত ৰাজহুৱা খণ্ডৰ উন্নয়ন সাধন কৰা হয়।

(খ) নিগমীয় পুঁজিবাদঃ নিগমীয় পুঁজিবাদ পুঁজিবাদৰ অন্যতম এক গুৰুত্বপূৰ্ণ আৰ্হি। ‘নিগমীয় পুঁজিবাদ’ ধাৰণাটো সমাজ বিজ্ঞান আৰু অৰ্থনীতিত এক পুঁজিবাদী বজাৰ এলেকাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। উন্নত বিশ্বত নিগমবিলাকে সকলো ব্যৱসায়ৰে ৫০% ক সামৰি বজাৰ এলেকাত আধিপত্য বিস্তাৰ কৰে।

বহু সমাজবিজ্ঞানীয়ে জনস্বাৰ্থৰ খাতিৰত নিগম বিলাকে কাম কৰাত ব্যৰ্থতাৰ সন্মুখীন হোৱা আৰু নিগম বিলাকৰ অৱস্থিতিয়ে সমাজত ব্যক্তিসকলৰ মাজৰ সমান ক্ষমতাৰ সম্পৰ্কৰ পোষকতা কৰা গণতন্ত্ৰৰ নীতিক নষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত নিগমবিলাকক সমালোচনা কৰা পৰিলক্ষিত হয়। নিগমীয় পুঁজিবাদে ৰাষ্ট্ৰৰ ভিতৰতে বৃহৎ নিগম সমূহৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিশেষ ফলৰ ওপৰতহে অগ্ৰাধিকাৰ প্ৰদান কৰা বুলি সমালোচকসকলে সমালোচনা কৰিছে।

(গ) মিশ্রিত পুঁজিবাদঃ মিশ্ৰিত পুঁজিবাদ হৈছে পুঁজিবাদৰ এক অতিৰিক্ত আৰ্হি ভাৰতত মিশ্রিত পুঁজিবাদী ব্যৱস্থা প্ৰৱৰ্তিত ই হৈছে এনে এক অর্থনৈতিক পুঁজিবাদী ব্যৱস্থা য’ত ৰাষ্ট্ৰ আৰু ব্যক্তিগত খণ্ড উভয়েই অর্থনীতিত নির্দেশনা প্ৰদান কৰে য’ত নেকি বজাৰ অৰ্থনীতি আৰু পৰিকল্পিত অর্থনীতি উভয়ৰে প্ৰতিফলন ঘটে।

মিশ্ৰিত অৰ্থনীতিৰ মৌলিক ধাৰণা এয়ে যে উৎপাদনৰ আঁহিলাসমূহ প্রধানতঃ ব্যক্তিগত মালিকীস্বত্বৰ অধীন, য’ত নেকি বজাৰ ব্যৱস্থাক অৰ্থনৈতিক সমন্বয়ৰ প্ৰভাৱশালী ৰূপ হিচাপে অভিহিত কৰা হয়। বৃটিছ বনুৱা দলৰ সৈতে প্ৰধানতঃ জড়িত এন্থনি ক্ৰছলেণ্ড (Anthony Crossland) আৰু এন্দ্রিউ শ্বনফিল্ড (Anthony Shanfield) এই মিশ্রিত অৰ্থনীতিৰ প্ৰধান সমর্থক। মিশ্রিত পুঁজিবাদ সমাজবাদী গণতান্ত্রিক দলৰ দ্বাৰা পৰিচালিত চৰকাৰ ব্যৱস্থা বা সমাজবাদী গণতান্ত্রিক নীতিৰ সৈতে সংপৃক্ত।

(ঘ) উত্তৰ পুঁজিবাদঃ উত্তৰ পুঁজিবাদৰ ধাৰণাটো ঔপনিবেশিক সময়ছোৱাৰ পৰৱৰ্তী কালৰ ধাৰণাহে। উত্তৰ পুঁজিবাদ হৈছে এনে এক ৰাষ্ট্ৰ য’ত বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাসমূহক পুঁজিবাদৰ ৰূপ হিচাপে বৰ্ণনা কৰিব নোৱাৰি ই হৈছে পূব ইউৰোপ আৰু এছিয়াত সমাজবাদৰ অৱসানৰ পিছত ৰাষ্ট্ৰবিলাকৰ এক বিদ্যায়তনিক অধ্যয়ন ই কোনো এক কল্পনাপ্রসূত ভৱিষ্যত অর্থনৈতিক ব্যৱস্থাক সূচায় যিয়েই নেকি এক প্ৰভাৱশালী অর্থনৈতিক সংস্থা হিচাপে পুঁজিবাদক অতিক্ৰম কৰিব পাৰে।

(ঙ) প্রযুক্তিগত পুঁজিবাদঃ প্রযুক্তিগত পুঁজিবাদে নতুন প্রযুক্তিগত খণ্ডৰ উত্থান, নিগমসমূহৰ ক্ষমতা আৰু নতুন নতুন ৰূপৰ সংগঠনৰ সৈতে সংপৃক্ত হোৱাৰ ফলত পুঁজিবাদী ব্যৱস্থাৰ যি পৰিবৰ্তন সাধন হয় সেই সংশোধিত পুঁজিবাদক সূচায়। প্রযুক্তিগত পুঁজিবাদৰ উত্থানৰ অন্তৰালত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ঘনিষ্ঠভাৱে জড়িত ই হৈছে পুঁজিবাদৰ এক নতুন সংস্কৰণ যিয়েই নেকি সৃজনীশীলতা আৰু ন ন জ্ঞানসমূহৰ ওপৰত শোষণ চলোৱাৰ বাবে কেতবোৰ নতুন নিগম জাতীয় সংগঠনৰ জন্ম দিয়ে। সাধাৰণ অৰ্থত, প্রযুক্তিগত পুঁজিবাদে অর্থনীতিৰ ক্ষেত্ৰত উন্নত প্ৰযুক্তিৰ গুৰুত্বক সূচিত কৰে।

(চ) কল্যাণকামী পুঁজিবাদঃ পোন প্ৰথম বাৰৰ বাবে Gustav Schmoller এ উৎপাদনৰ অন্যান্য আহিলা সমূহৰ লগতে সামাজিক আইন প্ৰণয়নৰ জৰিয়তে জনসাধাৰণ আৰু শ্রমিক সকলৰ জনকল্যাণৰ বৰ্ণনা কৰিবলৈ জনকল্যাণকামী পুঁজিবাদৰ ধাৰাটোৰ সংজ্ঞা আগবঢ়াইছিল। জনকল্যাণকামী পুঁজিবাদে জনকল্যাণকামী ৰাষ্ট্ৰৰ ৰূপত এক বিস্তৃত সামাজিক কল্যাণমূলক নীতিৰ সৈতে সম্পর্কিত পুঁজিবাদী অর্থনীতিক সূচায়। জনকল্যানকামী পুঁজিবাদে স্বাস্থ্য সেৱাৰ দ্বাৰা প্ৰদত্ত ক্ষতিপূৰণৰ অংশৰ সৈতেও সম্পর্কিত।

(ছ) বিলম্ব পুঁজিবাদঃ বিলম্ব পুঁজিবাদ হৈছে পুঁজিবাদৰ এক প্ৰভাৱশালী আৰ্হি। বিলম্ব পুঁজিবাদৰ আৰ্হিটো পোন প্ৰথমবাৰৰ বাবে Werner Sombart-এ ব্যৱহাৰ কৰিছিল। ১৯৩০ চনৰ শেষ ভাগৰ পৰা ১৯৪০ দশকৰ সময়ছোৱাত ইউৰোপৰ সমাজবাদীসকলে বিলম্ব পুঁজিবাদ অভিধাটো ব্যৱহাৰ কৰিছিল। উল্লেখ্য যে ১৯৬৮ চনত অনুষ্ঠিত ষষ্ঠদশ জার্মান সমাজতত্ত্ববিদ সকলৰ সমাৱৰ্তনৰ মূল বিষয়বস্তু হিচাপে ঔদ্যোগিক সমাজতকৈ বিলম্ব পুঁজিবাদৰ ওপৰতহে Theodor Adorno-এ অগ্ৰাধিকাৰ প্ৰদান কৰিছিল।

উল্লেখ্য যে ১৯৪৫ চনৰপৰা নব্য মার্ক্সবাদীসকলে বিলম্ব পুঁজিবাদ অভিধাটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাক পুঁজিবাদৰ ‘সোণালী যুগ’ বুলি আখ্যা দিয়া হয়। Derrida-এ বিলম্ব পুঁজিবাদৰ পৰিবৰ্তে ‘নব্য পুঁজিবাদ’ বুলি অভিহিত কৰাৰহে পোষকতা কৰিছিল। নৈৰাজ্যবাদী পুঁজিবাদী সকলে সর্বাধিক ব্যক্তিস্বতন্ত্রতা প্ৰদান কৰিবলৈ যাওঁতে সংঘাত নিৰাময় কৰণৰ বাবে ব্যক্তিগত সম্পদ আৰু সেৱাসমূহৰ স্বেচ্ছাকৃত বাণিজ্যৰ ভিত্তিত এখন সমাজ গঠনৰ সপক্ষে যুক্তি প্ৰদান কৰিছিল।

(জ) নৈৰাজ্য পুঁজিবাদঃ পুঁজিবাদৰ এক গুৰুত্বপূৰ্ণ আৰ্হি হিচাপে নৈৰাজ্যবাদী পুঁজিবাদৰ অবধাৰণাটো কুৰি শতিকাৰ মাজভাগত উদাৰ ব্যক্তি স্বাতন্ত্র্যবাদী চিন্তাবিদ Murray Rothbard এ আগবঢ়াইছিল। নৈৰাজ্যবাদী পুঁজিবাদে মুক্ত বজাৰ নৈৰাজ্যবাদ বজাৰ নৈৰাজ্যবাদ, ব্যক্তিগত সম্পত্তি নৈৰাজ্যবাদক সূচায়। নৈৰাজ্য পুঁজিবাদত ৰাজহুৱা ব্যৱস্থাৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে সামাজিক আইন বলবৎ কৰণ, আদালত বিলাক আৰু অন্যান্য নিৰাপত্তাজনিত সেৱাসমূহৰ সুবিধা প্ৰদান কৰা হয়।

(ঝ) নব্য পুঁজিবাদঃ নব্য-পুঁজিবাদ হৈছে পুঁজিবাদৰ কেতবোৰ মূল সূত্ৰক সমন্বিতকৰণৰ এক অর্থনৈতিক ভাবাদর্শ পথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত নব্য পুঁজিবাদী ভাবাদর্শৰ উত্থান ঘটিছিল। ১৯৫০ ৰ দশকৰ শেষৰ ফালে আৰু ১৯৬০ ৰ দশকৰ আগভাগত Leo Michielsen-এ “নব্য পুঁজিবাদ” অভিধাটো পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত মার্ক্সীয় চিন্তাবিদ Ernest Mandel-এ তেওঁৰ লেখনীৰাজিৰ জৰিয়তে ‘নব্য পুঁজিবাদৰ’ অৱধাৰণাটো জনপ্ৰিয় কৰি তুলিছিল।

১৯৭০ ৰ দশকত মিচেল মিলাৰ Michael Miller-এ সম্প্ৰসাৰিত সামাজিক জনকল্যাণমূলক আঁচনিসমূহ আৰু ব্যয়বহুল ব্যক্তিগত প্রতিষ্ঠানসমূহৰ মিশ্ৰণক সুচাবলৈ “নব্য-পুঁজিবাদ” অভিধাটো ব্যৱহাৰ কৰিছিল নব্য-পুঁজিবাদে ধৰ্মঘট আৰু শ্ৰম অস্থিৰতা এৰাই চলিবৰ কাৰণে চৰকাৰী আৰু বেচৰকাৰী শিল্প প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰীত্বৰে শ্ৰম কৰ্মক সংগঠিত কৰাৰ প্ৰয়াস কৰে।

(ঞ) বণিক পুঁজিবাদঃ বণিক পুঁজিবাদ হৈছে এক গুৰুত্বপূৰ্ণ মুক্ত উদ্যোগ প্রতিষ্ঠান যি সাম্প্ৰতিক আৰু দ্রুত বর্ধমান, ই চৰকাৰৰ মালিকীস্বত্বত থকা অর্থনৈতিক ক্ষেত্ৰৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে ই হৈছে বৈদেশিক বাণিজ্যক নিয়ন্ত্ৰণ কৰা অৰ্থনৈতিক নীতি। ৰাষ্ট্ৰৰ সামাজিক নিৰাপত্তা নিশ্চয়তা প্ৰদানৰ ক্ষেত্ৰত বণিক পুঁজিবাদৰ বিশেষ গুৰুত্ব পৰিলক্ষিত হয়। 

ষষ্ঠদশ শতিকাৰপৰা অষ্টাদশ শতিকাৰ সময়ছোৱাত ইউৰোপীয় অৰ্থনৈতিক নীতি আৰু আলোচনাসমূহত বণিকবাদে বিশেষ প্রাধান্য লাভ কৰিছিল।

(ট) সামাজিক পুঁজিবাদঃ সামাজিক পুঁজিবাদে দৰিদ্ৰ জনগণৰ ক্ষেত্ৰত এক শক্তিশালী সামাজিক সমর্থনৰ নেটৱৰ্ক গঢ় তুলি মূলধন উপপাদ বৃদ্ধি কৰে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী Kevin Rudd-এ “সামাজিক পুঁজিবাদ” অভিধাটোৰে এখন সক্ৰিয় ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত এক মুক্ত বজাৰ ব্যৱস্থাক বুজোৱাৰ প্ৰসংগক সুচাইছিল। সমাজবাদৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পুঁজিবাদী ব্যৱস্থা যে প্ৰত্যাহ্বান স্বৰূপ এই ধাৰণাটোক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত সামাজিক পুঁজিবাদ হৈছে ৰাজনৈতিক অৱস্থানৰ এক মতবাদ। 

দার্শনিক Var Kersbergen-এ সামাজিক পুঁজিবাদক ইউৰোপীয় জনকল্যাণকামী ৰাষ্ট্ৰৰ এক উমৈহতীয়া সাৰমৰ্ম হিচাপে চিনাক্ত কৰাৰ লগতে সামাজিক পুঁজিবাদক সমাজবাদী সামুহিকতাবাদ আৰু নব্য উদাৰনৈতিক ব্যক্তিবাদ ৰ মাজত এক মধ্যম পন্থা হিচাপে অৱস্থান কৰিছে। সামাজিক পুঁজিবাদে সূচায় যে দৰিদ্ৰ সকলৰ প্ৰতি এক শক্তিশালী সামাজিক সমর্থনে মূলধন উৎপাদনক উৎসাহিত কৰে।

(ঠ) চিৰাচত পুঁজিবাদঃ চিৰাচত পুঁজিবাদে ৰাজহুৱা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। চিৰাচত পুঁজিবাদৰ অভিধাটো নিগমীয় কল্যাণৰ সৈতে পৰিপূৰকভাৱে ব্যৱহৃত কৰা হয় । চিৰাচত পুঁজিবাদৰ ধাৰণাটো অত্যাধিক ক্ষতিকাৰক চৰকাৰী হস্তক্ষেপসমূহৰ সৈতে সংযুক্ত নম চমস্কি (Noam Chomsky)-এ পুঁজিবাদক বাখ্যাকৰণৰ বেলিকা ‘চিৰাচত’ (Crony) শব্দটো অতিশয় অতিৰঞ্জিত বুলি যুক্তি দর্শাইছে। Burton-এ চিৰাচত পুঁজিবাদক চৰকাৰৰ পৰা কোনোধৰণৰ সাহাৰ্য অবিহনে বজাৰ এলেকাৰ প্ৰসংগত চিৰাচত পুঁজিবাদক পৃথকীকৰণ কৰিছে। ইয়াক তেওঁ বজাৰ প্ৰতিষ্ঠান হিচাপে নামকৰণ কৰিছে যি নেকি এক প্রতিযোগিতা মূলত দৰত এক গুণগত মানদণ্ড পণ্য উৎপাদনৰ জৰিয়তে সফলতা আৰ্জন কৰিছে।

(ড) পৰম পুঁজিবাদঃ পৰম পুঁজিবাদ হৈছে বিশ্বত ব্যাপ্ত এক প্ৰকাৰৰ অতিৰিক্ত পুঁজিবাদ। এই অৱধাৰণাটো ইটালীত উদ্ভৱ হৈছিল। ফেচীবাদী নেতা বেনিটো মুছোলিনীয়ে পৰম পুঁজিবাদক এক পুঁজিবাদী প্রতিষ্ঠান হিচাপে যুক্তি দৰ্শাইছিল। তেওঁৰ পুনৰ যুক্তি দৰ্শাইছিল যে ইটালীয়ান ফেচিবাদে গতিশীল আৰু বীৰত্বপূর্ণ পুঁজিবাদক সমৰ্থন কৰা নাছিল। মুছোলিনীয়ে পৰম পুঁজিবাদক ইয়াৰ অনুপ্ৰেৰণা আৰু বৈধতাক কাল্পনিক বুলি যুক্তি দৰ্শাই সজোৰে সমালোচনা কৰিছিল। তেওঁ গতিশীল আৰু বীৰত্বসূচক পুঁজিবাদক সমর্থন তথা প্ৰশংসা কৰা নাছিল; কিন্তু ঔদ্যোগিকীকৰণৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰিছিল।

১৪। সমাজবাদৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পর্কে আলোচনা কৰা। (Discuss about the Original and Development of socialism.) 

উত্তৰঃ কার্লমার্ক্সক বৈজ্ঞানিক সমাজবাদৰ পিতৃ হিচাপে অভিহিত কৰা হয় যদিও সমাজবাদী দর্শন সম্পূৰ্ণৰূপে কার্লমার্ক্সৰ নিজা সৃষ্টি নহয়। কার্লমার্ক্সৰ পূর্বেও ভালেসংখ্যক ইউৰোপীয় চিন্তাবিদৰ লেখনীত সমাজবাদী ভাৱধাৰাৰ প্ৰতিফলন ঘটিছিল। এই সকলৰ ভিতৰত চেইণ্ট চাইমন, উলিয়াম গুডউইন, গুইজট পি. জে. প্রউধন, চালচ্ ফউৰিয়াৰ, চিচমনদি আৰু ৰবাৰ্ট অৱেন নাম বিশেষভাৱে উল্লেখনীয়।

উল্লেখ্য যে চৰম ব্যক্তিস্বাতন্ত্র্যবাদৰ বিপৰীতে হোৱা প্ৰতিক্ৰিয়াৰ ফলস্বৰূপেই সমাজবাদী দর্শনে জন্ম লাভ কৰিছিল। কিন্তু সমাজবাদৰ বুৰঞ্জী কেতিয়া আৰু কোনখিনিৰ পৰা আৰম্ভ কৰিব লাগিব সেয়া স্থিৰ কৰা জটিল। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে, সমাজবাদী চিন্তাধাৰা ৰাজনৈতিক দৰ্শনৰ সমানেই পুৰণি৷ প্ৰায় সকলোবিলাক ধর্মীয় গ্রন্থতে সমাজবাদী চিন্তাধাৰাৰ প্ৰতিফলন পৰিলক্ষিত হৈছিল। আলেকজেণ্ডাৰ গ্ৰেৰ ম’তে “ধৰ্মীয় গুৰু সকলৰ ক্ৰোধ বা ৰোষ, গ্ৰীক ৰাজনৈতিক দাৰ্শনিকসকলৰ কল্পনা আৰু আগৰ দিনৰ গীৰ্জাৰ শিকনিৰ মাজত সমাজবাদী চিন্তাৰ বীজ নিহিত হৈ আছে।

পঞ্চম শতিকাত গ্রীক দার্শনিক প্লেটোৰ ৰিপ্লাবিক’ শীৰ্ষক গ্ৰন্থখনত সমাজবাদী চিন্তাধাৰাৰ উন্মেষ ঘটিছিল। তেওঁ অনমনীয় আৰ্হিৰ সমাজবাদৰ পোষকতা কৰিছিল। ইয়াত প্লেটোৱে ৰাষ্ট্ৰৰ জনসাধাৰণক তিনিটা শ্ৰেণীত ভাগ কৰিছে। এই তিনিটা শ্ৰেণীৰ ভিতৰত তেওঁ ৰাষ্ট্ৰৰ অভিভাৱক আৰু প্ৰতিপালক শ্ৰেণীৰ ব্যক্তিগত সম্পত্তি আৰু পৰিয়াল থকাটো নিবিচাৰিছিল। প্লেটোৰ মতে, ব্যক্তিগত সম্পত্তি আৰু পৰিয়াল ব্যৱস্থাৰ সমাজৰ সকলো অনৰ্থৰ মূল কাৰণ। অৱশ্যে তেওঁ ৰাষ্ট্ৰৰ উৎপাদন কার্যত জড়িত সাধাৰণ শ্ৰেণী জনসাধাৰণৰ ব্যক্তিগত সম্পত্তি আৰু পৰিয়াল থকাটো বিচাৰিছিল। প্লেটোৱে আগবঢ়োৱা সাম্যবাদৰ ধাৰণাক সম্পত্তি আৰু পৰিয়ালৰ সাম্যবাদৰ ৰূপত প্লেটোৰ সাম্যবাদৰ তত্ত্ব নামেৰে নামাকৰণ কৰা হয়।

সমাজবাদী চিন্তাই প্ৰধানকৈ ফৰাচী বিপ্লৱৰ সময়ৰে পৰা প্ৰসাৰতা লাভ কৰিছিল। আর্থ সামাজিক অন্যায় আৰু ৰাজনৈতিক অত্যাচাৰৰ প্ৰতিবাদকল্পে ফৰাচী বিপ্লৱৰ সূত্ৰপাত হৈছিল। সমাজবাদে সকলোবিলাক সামাজিক অন্যায় আৰু অসমতা মষিমূৰ কৰি সামাজিক সমতা স্থাপন কৰাৰ পোষকতা কৰিছিল।

উল্লেখ্য যে ঊনবিংশ শতিকাৰ আগলৈকে ‘সমাজবাদ’ অভিধাটো মূলতঃ এক আদর্শগত অৱধাৰণা হিচাপে ব্যৱহৃত কৰা হৈছিল। ৰাজনৈতিক দৰ্শনত খুব কমেইহে এই অভিধাটো ব্যৱহাৰ কৰা হৈছিল। ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে ‘সমাজবাদ’ অভিধাটো অধিক জনপ্ৰিয় হৈ পৰে। ঔদ্যোগিক বিপ্লৱে সমাজত দ্ৰুত পৰিৱৰ্তন সাধন কৰিছিল। ই নতুন নতুন চহৰ আৰু উদ্যোগ, কল-কাৰখানাসমূহ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উদ্‌গণি যোগাইছিল। বৃহৎ উদ্যোগ কল-কাৰখানাসমূহৰ উন্নয়নৰ লগে লগে বৃহৎ বৃহৎ বস্তি এলেকাসমূহৰো বিকাশ হ’ল। শ্ৰমৰ সমস্যাৰাজিয়ে ৰাষ্ট্ৰীয় হস্তক্ষেপৰ প্ৰয়োজনীয়তা আনি দিছিল। সেয়েহে চেইণ্ট চাইমন, ৰবাৰ্ট অৱেৰ, চাৰ্লছ ফউৰিয়া, পি. জে. প্রউধন প্ৰমুখ্যে নেতৃত্বই প্রকৃত সমাজবাদী তত্বৰ উদ্ভাৱনৰ প্ৰয়াস কৰিছিল। এই চিন্তাবিদসকল ঊনবিংশ শতিকাৰ আগভাগৰ সমাজবাদী চিন্তাবিদ আছিল। আৰু তেওঁলোকে শান্তিপূর্ণ উপায়েৰে সমাজবাদ প্ৰতিষ্ঠাৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰিছিল।

ফৰাচী সমাজবাদী দার্শনিক চেইণ্ট চাইমন ৰ ১৮১৪ চনত “A Reorganisation of European Society” শীর্ষক গ্ৰন্থখনে ফ্ৰান্সত সমাজবাদী চিন্তাধাৰাৰ বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাইছিল। চাইমনৰ চিন্তাধাৰাই ঊনবিংশ শতিকাৰ ভালেসংখ্যক মহান ব্যক্তি যেনে—বিচমার্ক, আগষ্ট কট লুইচ ব্লাংক, জন ষ্টুৱাৰ্ট মিল আৰু ৰবাৰ্ট অৱেন ৰ লেখনীৰাজীক বাৰুকৈয়ে প্রভাৱিত কৰিছিল। চাইমনে তেওঁৰ গ্ৰন্থখনত ব্যক্তিগত সম্পত্তিৰ উচ্ছেদকৰণকে আদি কৰি বহুতো সামাজিক সংস্কাৰৰ পোষকতা কৰিছিল। চাইমনৰ মতে, প্রচলিত সমাজব্যৱস্থাক এনেদৰে পুনঃ সংগঠিত কৰিব লাগে যাতে শ্রমিক আৰু মূলধন বিনিয়োগকাৰী মালিকৰ মাজত সহযোগিতা স্থাপিত হয়, উদ্যোগসমূহৰ উৎপাদন শ্রমিকসকলে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু শ্ৰমিকসকলৰ মাজত সংগঠন কৰাৰ সুবিধা বৃদ্ধি পায়। তেওঁৰ মতে, মজুৰি নিৰ্ধাৰণ কৰোঁতে দক্ষতাক বা যোগ্যতাক আগস্থান দিব লাগে। চাইমনৰ মতে, দার্শনিক চৰকাৰৰ পৰিৱৰ্তে বিজ্ঞানীৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগে। তাৰোপৰি এখন নতুন সমাজবাদী সমাজ গঠনৰ কাৰণে সম্পত্তিৰ উত্তৰাধিকাৰ অধিকাৰ বিলোপ সাধন কৰিব লাগে। চাইমনে জনপ্রিয় সার্বভৌমত্বৰ বিৰোধিতা কৰিছিল আৰু সাম্যবাদীসকলৰ একনায়কত্ববাদক সমৰ্থন কৰিছিল।

ফৰাটী সমাজবাদী দার্শনিক চাৰ্লচ ফউৰিয়াৰৰ লেখনীৰাজীয়েও সমাজবাদী চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছিল। ফউৰিয়াৰৰ ম’তে, সমাজবাদ পুনঃগঠন কৰিবলৈ হ’লে শ্রমিক সকলৰ অৱস্থা উন্নত কৰি তুলিব লাগিব। তেওঁ পুঁজিপতি, শ্রমিক, বনুৱা, বুদ্ধিজীৱী সকলোকে লৈ এনে এখন সমাজ গঢ়াৰ কল্পনা কৰিছিল, প্ৰত্যেকজন কর্মীয়েই নিজৰ সামর্থ্য অনুসৰি অৰিহণা আগবঢ়াব আৰু প্ৰত্যেকেই নিজৰ প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিব আৰু দৰমহা বা মুজৰিৰ কোনো ব্যৱস্থা নাথাকিব। ফউৰিয়াৰৰ মতে, এনেকুৱা এখন সমাজ স্থাপন কৰিব পাৰিলেহে দৰিদ্ৰতাৰ অৱসান হ’ব। তেওঁ মতে, সকলো উদ্যোগ, কল-কাৰখানাৰ ৰাষ্ট্ৰীয়কৰণ আৰু ব্যক্তিগত সম্পত্তি বাতিলকৰণৰ যোগেদি সামাজিক সমতা আৰু বাস্তৱিক স্বতন্ত্রতা প্রতিষ্ঠা কৰা সম্ভৱপৰ হ’ব।

উল্লেখ্য যে ফউৰিয়াৰে উৎপাদন পদ্ধতিত দক্ষতা সুস্থিৰতা আৰু মিতব্যয়িতা অনাৰ উদ্দেশ্যেৰে কৰ্মীসকলৰ স্বতন্ত্ৰৰীয় গোট হিচাপে পুনঃ গঠন কৰি তোলাৰ হকে পৰামৰ্শ আগবঢ়াইছিল। তেওঁ কৰ্মক মুনাফাৰ উৎসৰ পৰিৱৰ্তে সমষ্টিৰ এক অংশ হিচাপেহে গণ্য কৰিছিল। যি কি নহওঁক, ফউৰিয়াৰ সমাজবাদী নীতি সমূহৰ জৰিয়তে সাম্প্রতিক বিশ্বৰ বাস্তৱিক সামস্যাৰাজি সমাধান কৰা সম্ভৱ নহয় যদিও তেওঁৰ লেখনীৰাজীয়ে সেই সময়ৰ সমস্যাৰাজিৰ ওপৰত আলোকপাত কৰাত সফল হৈছিল আৰু ভৱিষ্যতৰ সমাজবাদী চিন্তাবিদ সকলক চিন্তাৰ খোৰাক যোগাইছিল।

আন এগৰাকী সমাজবাদী চিন্তাবিদ জন গ্রে এ সমাজবাদৰ বিজ্ঞানসন্মত তত্ত্ব উদ্ভাৱনৰ পথ প্রশস্ত কৰি তুলিছিল। তেওঁ পুঁজিপতিসকলৰ দাবীসমূহৰ বিপৰীতে শ্রমিকসকলক সুৰক্ষা প্ৰদান কৰিছিল।

উল্লেখ্য যে কার্লমার্ক্সৰ পূৰ্বৰ সমাজবাদী চিন্তাবিদ সকলক কাল্পনিক সমাজবাদী বুলি অভিহিত কৰা হৈছিল। কাল্পনিক সমাজবাদে মানৱ বুদ্ধিমত্তা, সদ আচৰণ আৰু সদিচ্ছাৰ ওপৰত গভীৰভাৱে বিশ্বাস কৰিছিল তেওঁলোকে পুঁজিবাদৰ বিৰোধীতা কৰি যুক্তি দর্শাইছিল যে পুঁজিবাদে কেৱল আর্থ সামাজিক অসমতাৰে যে সৃষ্টি কৰে এনে নহয়, বৰং নৈতিকতাৰো অৱক্ষয় ঘটায়। এনেদৰে তেওঁলোকে সম্পূৰ্ণৰূপে পুঁজিবাদৰ অৱসান ঘটাই সমাজবাদ প্রতিষ্ঠা কৰিব বিচাৰিছিল। অৱশ্যে তেওঁলোকে বিশ্বাস কৰিছিল যে সমাজবাদ সদিচ্ছা আৰু শান্তিপূর্ণ উপায়েৰে প্ৰতিষ্ঠা উচিত। কাল্পনিক সমাজবাদীসকলৰ পদ্ধতি ভুল প্রমাণিত হৈছিল। কাল্পনিক সমাজবাদীসকলৰ চিন্তাধাৰাত বাস্তৱতাৰ পয়োভৰ নিচেই কম আছিল বৰং আদর্শবাদেহে অধিক প্ৰাধান্যতা বিৰাজ কৰিছিল।

কাৰ্লমার্ক্স আৰু ফ্ৰেডিৰক এঞ্জেলচৰ লেখনী ৰাজিতহে সমাজবাদী চিন্তাধাৰাই এক সজীৱ ৰূপ পৰিগ্ৰহ কৰিছিল আৰু ইয়াৰ বাস্তবায়িতকৰণ সম্ভৱপৰ হৈ উঠিছিল। কার্লমার্ক্সৰ সমাজবাদ বিজ্ঞানসন্মত আৰু বাস্তৱভিত্তিক আছিল। সেয়েহে কার্লমার্ক্সক বৈজ্ঞানিক সমাজবাদৰ পিতৃ বুলি কোৱা হয়। আনহাতে, মার্ক্সৰ সমাজবাদক সাম্যবাদ নামেৰে জনা যায়। অৱশ্যে কার্লমার্ক্স ঊনবিংশ শতিকাৰ সমাজবাদী চিন্তাধাৰাৰ দ্বাৰা গভীৰভাৱে প্রভাৱিত হৈছিল। ঊনবিংশ শতিকাত উদ্ভাসিত সমাজবাদী চিন্তাধাৰাৰ আলম লৈয়েই মার্ক্সে তেওঁৰ বৈপ্লৱিক সমাজবাদী ধ্যান ধাৰণাৰ বিকাশ সাধন কৰিছিল। অৱশ্যে তেওঁ পূৰ্বৰ সমাজবাদী চিন্তাধাৰাত বিস্তৰ পৰিৱৰ্তন সাধন কৰিছিল।

১৫। সমাজবাদৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention about the basic features of socialism.) 

উত্তৰঃ সমাজবাদৰ উল্লেখযোগ্য বৈশিষ্ট্যবোৰ হ’ল—

(ক) উৎপাদনৰ আহিলাৰ সামূহিক মালিকীস্বত্বঃ সমাজবাদত উৎপাদনৰ আহিলাসমূহৰ কোনো ব্যক্তিগত মালিকীস্বত্ব নাথাকে, বৰং সামূহিক মালিকীস্বত্ব বিদ্যামান। অর্থাৎ সমাজবাদত কল-কাৰখানা, খনি, ভূমি আৰু সকলো প্ৰকাৰৰ মূলধন আৰু প্ৰাকৃতিক সম্পদ সামূহিক মালিকীস্বত্বৰ অধীন কৰা হয়। সামূহিক মালিকীস্বত্বই ৰাষ্ট্ৰীয়কৰণক নুবুজায়। কিছুমান মূল উৎপাদনী ক্ষেত্ৰ ৰাষ্ট্ৰীয়কৰণ কৰি বাকীবোৰ ব্যক্তিৰ সমবায় সংগঠনৰ দ্বাৰা পৰিচালিত হ’ব পাৰে। ব্যক্তিৰ দ্বাৰা পৰিচালিত হ’লেও ইয়াৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে। সেয়েহে সমাজবাদত ব্যক্তিগত মালিকীস্বত্বৰ অৱসান ঘটে।

(খ) আয় বিতৰণৰ সমতাঃ সমাজবাদৰ মূল মন্ত্ৰ হ’ল আয়ৰ সমতা। আয় বিতৰণৰ অসমতাক সামাজিকভাৱে ন্যায়বিহীন, ৰাজনৈতিকভাৱে অনাকাংক্ষিত আৰু অৰ্থনৈতিকভাৱে অশুভ বুলি বিবেচনা কৰা হয়। আয় বিতৰণৰ অসমতা দূৰীকৰণক মূলমন্ত্ৰ হিচাপে লৈ অৰ্থনৈতিক পৰিকল্পনাৰ সহায়ত অর্থনৈতিক কাৰ্যাৱলী পৰিচালনা কৰা হয়। অৱশ্যে আয় বিতৰণৰ সমতাই পৰম সমতাক নুবুজায়। বৰং সামর্থ অনুযায়ী লাভ কৰা সমতাকহে বুজায়। সমান সামর্থ থকা ব্যক্তিৰ মাজত যাতে আয় বিতৰণৰ অসমতা নাথাকে তাৰ চেষ্টা চলোৱা হয়।

(গ) সুযোগৰ সমতাঃ সমাজবাদত প্রতিজন ব্যক্তিকে কৃতিত্ব লাভৰ বাবে সমান সুযোগ প্ৰদান কৰা হয়। ধনীয়েও হওক বা দুখীয়াই হওক প্রতিজন ব্যক্তিয়েই যাতে উন্নতি লাভ কৰিব পাৰে তাৰ সু-শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। সুযোগ প্ৰদানৰ ক্ষেত্ৰত কোনো বিভেদমূলক বস্থা গ্ৰহণ কৰা নহয়।

(ঘ) অর্থনৈতিক পৰিকল্পনাঃ সমাজবাদত সামাজিকভাৱে অর্থনৈতিক কার্যকলাপ ৰূপায়ণ কৰিবলৈ কেন্দ্রীয় অর্থনৈতিক পৰিকল্পনাৰ সহায় লোৱা হয়। পুঁজিবাদত অর্থনৈতিক সিদ্ধান্ত গ্রহণত মূল্য ব্যবস্থাপনাই বিশেষ ভূমিকা গ্ৰহণ কৰে। কিন্তু সমাজবাদত মূল্য ব্যৱস্থাক অৱদমিত কৰি ৰখা হয়। সেয়েহে উৎপাদন বিতৰণ আৰু ভোগৰ সামূহিক সিদ্ধান্তবোৰ পৰিকল্পনাৰ সহায়ত গ্ৰহণ কৰা হয়। পৰিকল্পনা প্ৰস্তুত কৰিবলৈ পৰিকল্পনা আয়োগ থাকে।

(ঙ) সামাজিক কল্যাণ অভিপ্রায়ঃ সমাজবাদত অর্থনৈতিক পৰিকল্পনাৰ মূল লক্ষ্য হল সর্বাধিক সামাজিক কল্যাণ সাধন কৰা। পুঁজিবাদী ব্যৱস্থাৰ ব্যক্তি স্বাৰ্থৰ পৰিৱৰ্তে সমাজবাদত সামূহিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। অর্থনৈতিক সম্পদসমূহৰ এনেদৰে বণ্টন কৰা হয় যাতে সমাজৰ কল্যাণ বৃদ্ধি পায়। অর্থনৈতিক উন্নয়নৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিলেও সমসাময়িকভাৱে অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠাৰ ওপৰতো লক্ষ্য ৰখা হয়।

(চ) শ্রেণীবিহীন সমাজঃ সমাজবাদী ব্যৱস্থাত সমাজৰ শ্ৰেণী বিভাজন নাথাকে। ধর্ম, সম্প্রদায় জাতি নির্বিশেষে ইয়াত সকলোৱে সমানে সুবিধা লাভ কৰে। সেয়েহে এই ব্যৱস্থাত ধনী আৰু দুখীয়াৰ মাজত শ্রেণী সংঘৰ্ষৰ উদ্ভৱ নহয়।

১৬। সমাজবাদৰ শ্ৰেণীবিভাগসমূহ আলোচনা কৰা। (Mention the classification of socialism.) 

উত্তৰঃ সমাজবাদৰ সংজ্ঞা বিভিন্ন লেখকে বিভিন্ন ভাৱধাৰাৰে দাঙি ধৰা বাবে সমাজবাদৰো বিভিন্ন ৰূপ দেখা যায়। এই বিভিন্ন ৰূপৰ ওপৰত ভিত্তি কৰিয়েই সমাজবাদৰ শ্ৰেণী-বিভাজন কৰা হৈছে। সাধাৰণতে সমাজবাদৰ শ্ৰেণীবিভাগ তলত দিয়া ধৰণেৰে কৰিব পাৰি—

(ক) কাল্পনিক সমাজবাদঃ চেণ্ট চাইমন, চাৰ্লছ ফুৰিয়ে’, ৰবাৰ্ট অঁৱেন, লুইব্লাঁক কাল্পনিক সমাজবাদৰ পৃষ্ঠপোষক আছিল। সমাজবাদ আছিল এওঁলোকৰ এক নতুন সভ্যতাৰ স্বপ্ন। কার্লমাৰ্ক্স আৰু ফ্ৰেডৰিক এঞ্জেলছৰ ৰচনাৱলীতেই এই নতুন বিজ্ঞানে তাৰ পৰিণত  আৰু তাত্ত্বিক ৰূপ লাভ কৰিছিল। তথাপি তেওঁলোকৰ পূর্বৱর্তী এদল চিন্তানায়কৰ মনোজগতত সমাজবাদে প্রথমে জন্ম লাভ কৰে। তেওঁলোকৰ সপোনৰ ধাৰণাক মার্ক্স আৰু এঞ্জেলছে বাস্তৱত ৰূপ দিয়ে। কাল্পনিক সমাজবাদীসকলৰ বহু কথাই অবৈজ্ঞানিক হ’ব পাৰে তথাপি তেওঁলোকক উপেক্ষা কৰাৰ প্ৰশ্ন নুঠে। এওঁলোকৰ সপোনৰ সমাজ আছিল স্বর্গভূমি। এওঁলোকে সমাজৰ দুখীয়া নিচলা সংখ্যাগৰিষ্ঠ লোকসকলৰ মঙ্গলৰ বাবে। তেওঁলোকে এখন ক্ষমতা আৰু ন্যায়ৰ সমাজ প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে কাম কৰাৰ অধিকাৰৰ (Right to Work) ওপৰত বিশেষভাৱে গুৰুত্ব দিছিল।

(খ) বৈজ্ঞানিক সমাজবাদঃ কাল্পনিক সমাজবাদীসকলে পুঁজিবাদী সমাজ ব্যৱস্থাৰ ৰুগ্ন দিশবোৰৰ ওপৰত যথেষ্ট সন্ধানী আলোকপাত কৰিছিল। কিন্তু তেওঁলোকে সমাজবাদী আন্দোলনক এক সুসংহত বিজ্ঞানৰ পৰ্যায়লৈ উন্নীত কৰিব পৰা নাছিল। মার্ক্স আৰু এঞ্জেলছে সমাজবাদক বাস্তৱ ৰূপ দিয়ে। ১৮৪৮ চনত তেওঁলোকৰ “Communist Manifesto” শীর্ষক গ্রন্থখনি প্রকাশিত হৈছিল। বৈজ্ঞানিক সমাজবাদৰ জনকৰূপে মার্ক্সে ৫ টা মূলনীতি দাঙি ধৰে।

(১) সভ্যতাৰ ইতিহাসত শ্ৰেণী-সংগ্ৰামৰ ইতিহাস।

(২) উৎপাদনৰ লগত ধনী-দুখীয়া শ্ৰেণীৰ সম্পৰ্ক। 

(৩) বুৰ্জোৱা শ্ৰেণীটোৱে আৰ্থিক লাভৰ বাবে সৰ্বহাৰাসকলৰ দেহৰ শ্ৰম শোষণ কৰে। 

(৪) সমাজবাদী সমাজ প্ৰতিষ্ঠাৰ জৰিয়তে উৎপাদনৰ সকলো সামগ্ৰীৰ সামাজিকীকৰণ ৷

(৫) সৰ্বহাৰাৰ সংগ্ৰামৰ জৰিয়তে বুৰ্জোৱা শক্তি উচ্ছেদ।

এই ৫ টা মূল তত্বকথা কেন্দ্ৰ কৰি গঢ় লৈ উঠা ‘সাম্যবাদীৰ ইস্তাহাৰ’ সাম্যবাদী আন্দোলনৰ সুস্পষ্ট কৰ্মস্পৃহা আৰু ইয়ে সমাজবাদক বৈজ্ঞানিক আৰু বাস্তৱমুখী কৰি তোলে। বৈজ্ঞানিক সমাজবাদৰ শ্ৰেণীসমূহ তলত দিয়া ধৰণৰ।

(ক) ফেৰিয়ান সমাজবাদঃ বাৰ্ণাডশ্ব, চিড়নিৱেৰ, গ্রাহাম ৱালছ, চিড়নি অলিভায়াব, উইলিয়াম ক্লার্ক, এনি ৰেচাল্ট আৰু হিউবার্ট ব্লাণ্ড ফেৰিয়ান সমাজবাদৰ মূল হোতা। এওঁলোকৰ মতে সমাজবাদ হ’ল অর্থনৈতিক গণতন্ত্ৰৰ নামাস্তৰ। ৰাষ্ট্ৰযন্ত্ৰ যিমানে অধিক গণতান্ত্ৰিক হৈ উঠিব সমাজবাদৰ পথো সিমানে সুগম হৈ পৰিব। এওঁলোকৰ মতে, বিপ্লবৰ আশ্ৰয় নোলোৱাকৈ সংস্কাৰৰ মাজৰে সমাজবাদ প্রতিষ্ঠা কৰিব পাৰি। এওঁলোক ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণৰ সমৰ্থক আছিল। ব্ৰিটেইনৰ শ্ৰমিকসকলে ফেবিয়ান সমাজবাদৰ আদৰ্শৰ ভিত্তিতেই তেওঁলোকৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিছিল।

(খ) নৈৰাষ্ট্ৰবাদঃ নৈৰাষ্ট্রবাদীসকলে ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা স্বীকাৰ নকৰে। তেওঁলোকৰ মতে, ৰাষ্ট্ৰই হ’ল সকলোবোৰ অকল্যাণৰ মূল উৎস। ক্ৰপ্টকিনৰ মতে, ৰাষ্ট্ৰ হ’ল “ভূমিপতি, সামৰিক সেনাধক্ষ্য, ন্যায়াধীশ আৰু পুঁজিপতিসকলৰ স্বাৰ্থৰক্ষী অনুষ্ঠান”। নৈৰাষ্ট্ৰবাদীসকলৰ আদি গুৰু পীয়েৰ জোচেফ প্রুধোৰ মতে “মানুহৰ দ্বাৰা মানুহৰ প্ৰশাসন যি কোনো ৰূপতেই উৎপীড়নৰ নামান্তৰ। সমাজৰ চূড়ান্ত পৰিপূৰ্ণতা পোৱা যায় মাথোন শৃঙ্খলাবোধ আৰু নৈৰাষ্ট্ৰিক পৰিস্থিতিৰ সমন্বয়ত।” নৈৰাষ্ট্ৰবাদীসকলে ব্যক্তিগত সম্পত্তি সম্পর্কে বিৰোধিতা কৰে। নৈৰাষ্ট্ৰবাদীসকলৰ ভিতৰত মাইকেল বাকুনিনে নৈৰাষ্ট্ৰবাদৰ স্বৰূপটো সুন্দৰকৈ বাখ্যা কৰিছিল।

(গ) সামুহিকতাবাদঃ সমাজবাদৰ আন এটা ভাগ হ’ল সামুহিকতাবাদ। সামুহিকতাবাদে ব্যক্তিস্বাতন্ত্র্যবাদৰ ঘোৰ বিৰোধিতা কৰি যুক্তিদৰ্শাই যে সমাজৰ জনসাধাৰণৰ সমূহীয়া উন্নয়ন সাধনেই হ’ল সামুহিকতাবাদৰ প্ৰধান লক্ষ্য। সামুহিকতাবাদে ৰাষ্ট্ৰৰ কাৰ্যৰ পৰিসীমা অধিক হ’ব লাগে বুলি মত পোষণ কৰে। ৰাষ্ট্ৰই জনসাধাৰণৰ সকলো প্ৰকাৰৰ উন্নতিৰ বাবে দায়িত্ব লোৱা উচিত। সামুহিকতাবাদে জনসাধাৰণৰ অৰ্থনৈতিক স্বাধীনতা মানি ল’লেও ব্যক্তিগত সম্পত্তি আৰু পুঁজিবাদৰ ঘোৰ শত্ৰু। সামুহিকতাবাদৰ মতেও উৎপাদন আৰু বিতৰণ-পদ্ধতিও ৰাষ্ট্ৰৰ নিয়ন্ত্রণাধীন হোৱা উচিত।

(ঘ) শ্রমিকসংঘবাদঃ নৈৰাষ্ট্ৰবাদীসকলৰ দৰেই শ্রমিকসংবাদীসকলো ৰাষ্ট্ৰৰ প্ৰতি প্রতিকূল মনোভাৱাপন্ন উগ্র বিপ্লৱৰ সমৰ্থক। জর্জেছ ছৰেল, হিউৱার্ট লাগাৰডেল আৰু হার্ডে সমাজবাদৰ শ্রমিকসংঘবাদৰ প্ৰৱৰ্তক। শ্রমিকসংঘবাদৰ বিপুল বিস্তাৰ ঘটিছিল স্পেইন আৰু লেটিন আমেৰিকাৰ দেশবিলাকত। “শ্রমিকসংঘবাদ হ’ল এক বাওঁপন্থী শোধনবাদ” (ছৰেল)। শ্রমিকসংঘবাদৰ মূল কথা হ’ল শ্রেণী-সংঘৰ্ষই সমাজবাদৰ প্ৰথম আৰু শেষ সত্য। সংসদীয় ৰাজনীতিত তেওঁলোকৰ অকণো বিশ্বাস নাই। শ্রমিকসংঘবাদ পুঁজিবাদৰ ঘোৰ শত্ৰু। এওঁলোক গণতন্ত্ৰৰো বিৰোধী। এওঁলোকৰ মতে গণতন্ত্র হ’ল দুৰ্নীতিপৰায়ণ আৰু ৰাষ্ট্ৰ হ’ল দক্ষতাহীন অনুষ্ঠান। শ্রমিকৰ প্ৰধান অস্ত্ৰ হ’ল ধর্মঘট। কুটাঘাতমূলক কাৰ্যপন্থা শ্রমিকসংঘবাদৰ চৰম পর্যায়।

(ঙ) সংঘীয় সমাজবাদঃ ফৰাচী শ্রমিক সংঘবাদৰ ব্ৰিটিছ প্ৰতিধ্বনিটোৱেই হ’ল সংঘীয় সমাজবাদ। সংঘীয় সমাজবাদে ৰাষ্ট্ৰৰ ভূমিকা সংকুচিত কৰি বিভিন্ন বৃত্তিভিত্তিক সংঘসমূহৰ সহযোগিতাত ৰাষ্ট্ৰক সজীৱ কৰি ৰখাৰ যুক্তি দাঙি ধৰে। সংঘীয় সমাজবাদে শ্ৰমজীৱিৰ সমস্যা উৎপাদনকাৰীৰ দৃষ্টিভংগীৰে লক্ষ্য কৰাৰ পক্ষপাতিত্ব কৰিছিল। সংঘীয় সমাজবাদৰ প্ৰধান প্ৰবক্তা আছিল জি ডি এইচ কোল।

হমচন টেইলৰ আৰু পেন্টি আছিল কোলৰ সমৰ্থক। লাস্কিৰ লিখনিটো সংঘীয় সমাজবাদৰ প্রভাৱ দেখা যায়। মধ্যযুগৰ বৃত্তিভিত্তিক সংঘ বুলিলে সোণাৰী, কঁহাৰ, কমাৰ, কুমাৰ প্রভৃতি বিভিন্ন বৃত্তিজীৱি লোকৰ উমৈহতীয়া স্বাৰ্থৰক্ষী অনুষ্ঠানকেই বুজায়। এওঁলোকৰ প্ৰধান লক্ষ্য হল শিল্প ক্ষেত্ৰত গণতন্ত্র প্রতিষ্ঠা কৰা।

(চ) সাম্যবাদঃ সৰ্বহাৰাৰ একনায়কত্ববাদ সাম্যবাদৰ মূল লক্ষ্য। বিপ্লৱৰ দ্বাৰা পুঁজিবাদৰ অবসান ঘটাই সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰাই হ’ল সাম্যবাদৰ উদ্দেশ্য। সাম্যবাদৰ শেষ লক্ষ্য হ’ল সমাজবাদী সমাজ প্রতিষ্ঠা কৰা যি সমাজ ব্যৱস্থাত ধনী দুখীয়াৰ বৈষম্য নাথাকিব। সাম্যবাদৰ পিতৃস্বৰূপ কার্লমার্ক্স, এঞ্জেলছ আৰু লেনিনে সাম্যবাদৰ ধাৰণাক বাস্তৱ আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে বিশ্লেষণ কৰিছিল। সাম্যবাদীসকলৰ ঘোৰ শত্ৰু হ’ল পুঁজিবাদীসকল। সেয়েহে সাম্যবাদীসকলে পুঁজিবাদৰ বিৰুদ্ধে অবিৰাম যুদ্ধ চলাই যাবলৈ দৃঢ় প্রতিজ্ঞ। সৰ্বহাৰাৰ স্বাৰ্থ ৰক্ষাই হ’ল সাম্যবাদৰ উদ্দেশ্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top