Economic Sociology Unit 2 বিনিময়ৰ গঠন

Economic Sociology Unit 2 বিনিময়ৰ গঠন, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Economic Sociology Unit 2 বিনিময়ৰ গঠন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Sociology Unit 2 বিনিময়ৰ গঠন Question Answer can be of great value to excel in the examination.

Economic Sociology Unit 2 বিনিময়ৰ গঠন

Join Telegram channel

Economic Sociology Unit 2 বিনিময়ৰ গঠন Notes cover all the exercise questions in UGC Syllabus. Economic Sociology Unit 2 বিনিময়ৰ গঠন The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Forms of Exchange

ECONOMIC SOCIOLOGY

অৰ্থনৈতিক সমাজতত্ব

 অতি চমু প্রশ্নোত্তৰঃ

১। শুদ্ধ উত্তৰটো ৰাছি উলিওৱা : (Choose the correct answers:)

(ক) কোনটো তত্ত্বত কোৱা হৈছে যে আন লোকৰ সৈতে হোৱা বাৰ্তালাপত মানুহ স্বাৰ্থৰ দ্বাৰা অনুপ্ৰাণিত হয়? (Which theory states that people are motivated by self interest in the interactions with other people?)

(a) বিবাদ (Conflict)

(b) বিনিময় (Exchange) 

(c) আন্তঃক্রিয়া (Interaction)

(d) গাঁথনিমূলক (Structural)

উত্তৰঃ (b) বিনিময়।

(খ) সামাজিক বিনিময় তত্ত্ব কোনে প্ৰৱৰ্তন কৰিছিল? (Who introduced the Social exchange theory?)

(a) জি. হোমানচ (G. Homans)

(b) জি.এইচ.মীড (G. H. Mead)

(c) গফমেন (Goffman)

(d) পিটাৰ ব্লাউ (Peter Blau)

উত্তৰঃ (a) জি. হোমানচ।

(গ) এজন আমেৰিকান সমাজবিজ্ঞানীৰ নাম লিখা, যাক আচৰণগত সমাজবিজ্ঞান আৰু বিনিময় তত্ত্বৰ প্ৰতিষ্ঠাপক বুলি জনা যায়। (Name one American sociologist, who is known as the founder of behavioral sociology and exchange theory.)

(a) টি, পাৰচন্স (T.Parsons)

(b) বি.এফ.স্কিনাৰ (B.F.Skinner)

(c) এইচ.ব্লমাৰ (H.Blumer)

(d) জি.চি.হোমানচ (G.C.Homans)

উত্তৰঃ (d) জি.চি.হোমানচ।

(ঘ) ‘সম্পত্তি কি’ এইটো লিখিছে— (“What is Property’ is written by-)

(a) মেক্স ৱেবাৰ (Max Weber)

(b) লকে (Locke)

(c) পি.জে.প্রাউডহোন (P.J.Proudhon)

(d) মাৰ্ক্স (Marx)

উত্তৰঃ (c) পি. জে. প্রাউডহোন।

(ঙ) চাহলিনৰ মতে, কিমান প্ৰকাৰৰ পাৰস্পৰিকতা আছে? (According to Sahlins, how many types of Reciprocity are there?)

(a) চাৰি (Four) 

(b) পাঁচ (Five)

(c) তিনি (Three)

(d) ছয় (Six)

উত্তৰঃ (c) তিনি।

(চ) কোন বছৰত ট্ৰব্ৰিয়াণ্ড দ্বীপপুঞ্জ আৰু মাউছৰ কালজয়ী প্রৱন্ধ ‘দ্য গিফ্‌ট’ প্রকাশিত হৈছিল ? (In which year Trobriand Islanders and Mauss’s classic essay ‘The Gift’ was published?)

(a) ১৯২২ (1922)

(b) ১৯২৩ (1923)

(c) ১৯৪২ (1942)

(d) ১৯৪৪ (1944)

উত্তৰঃ (a) ১৯২২ (1922)।

(ছ) কিমান প্ৰকাৰৰ পাৰস্পৰিকতা আছে য’ত উপহাৰ দিয়া হয়? (How many types of reciprocity are there where gifts are given?)

(a) দুই (Two) 

(b) তিনি (Three)

(c) চাৰি (Four)

(d) পাঁচ (Five)

উত্তৰঃ (b) তিনি।

(জ) বিনিময় প্ৰণালীৰ ত্রুটি কি? (What is the defect of the barter system?) 

(a) বিচৰাবোৰৰ দ্বৈত কাকতালীয় অভাৱ (Lack of double coincidence of wants)

(b) মূল্যৰ জোখত অসুবিধা (Difficulty in the measurement of value)

(c) মূল্য ৰখাত অসুবিধা (Difficulty in store of value)

(d) ওপৰৰ গোটেই কেইটা(All of the above) 

উত্তৰঃ (d) ওপৰৰ গোটেই কেইটা

(ঝ) নিম্নলিখিত কোনটো ক্রেডিট মুদ্রা? (Which of the following is the credit money?)

(a) চেক আৰু খচৰা (Cheque and draft)

(b) প্ৰমিছৰী টোকা (Promissory note)

(c) বিনিময় টোকা (Exchange note)

(d) ওপৰৰ গোটেই কেইটা ( All of the above note)

উত্তৰঃ (ঘ) ওপৰৰ গোটেই কেইটা।

২। পাৰস্পৰিক লেন-দেন কাক বোলে? (What is Reciprocity?) 

উত্তৰঃ যেতিয়া দুই পক্ষৰ মাজত দ্ৰব্য আদি বা পৰিসেৱাৰ প্ৰায় সমমূল্যৰ বিনিময় হয় তেতিয়া তাক পাৰস্পৰিক লেন-দেন বোলে।

৩। নেতিবাচক লেন-দেন বুলিলে কি বুজায়? (What does Negative Reciprocity mean?)

উত্তৰঃ যেতিয়া কোনো বিনিময়কাৰী গ্ৰাহক হিচাপে অতিৰিক্ত সুবিধা পোৱাৰ চেষ্টা কৰি থাকে তেতিয়া তাক নেতিবাচক লেন-দেন বোলা হয় ৷

৪। পুনৰ্বিতৰণ কাক বোলে? (What is Redistribution?) 

উত্তৰঃ যেতিয়া এটা একেলগে কৰা হয় আৰু পিছত আকৌ বিতৰণ কৰা হয় তেতিয়া তাক পুনৰ্বিতৰণ বোলে।

৫। কোন উপজাতি সমাজত পটলেচ প্রথা দেখা যায়? (In which tribal society is the practice of potlatch seen?) 

উত্তৰঃ কোয়াকিউলৈ ইণ্ডিয়ান সমাজত পটলেচ প্রথা দেখা যায়।

৬। “সমতা বিধানৰ কৌশল” ধাৰাটো কোন প্ৰকাৰৰ লেন-দেনৰ লগত সম্পর্কিত? (What type of transaction is the concept of “equity strategy” related to?) 

উত্তৰঃ ভাৰসাম্যকৃত লেন-দেনৰ লগত সম্পর্কিত। 

৭। নেতিবাচক পাৰস্পৰিকতাৰ এটা উদাহৰণ লিখা। (Write a example of negative Reciprocity.)

উত্তৰঃ নেতিবাচক পাৰস্পৰিকতাৰ এটা উদাহৰণ হ’ল— জুৱা খেল।

৮। বিনিময় পদ্ধতি কেই প্ৰকাৰৰ? (How many modes of exchange?)

উত্তৰঃ বিনিময় পদ্ধতি তিনি প্ৰকাৰৰ।

৯। বিনিময়ৰ তিনিটা পদ্ধতিক কোনে চিনাক্ত কৰিছিল? (Who identified the modes of exchange?)

উত্তৰঃ কাৰ্ল পোলানাই বিনিময়ৰ তিনিটা পদ্ধতিক চিনাক্ত কৰিছিল।

১০। পাৰস্পৰিকতা বুলিলে কি বুজা? (What do you mean by reciprocity?)

উত্তৰঃ পাৰস্পৰিকতা ক্রিয়াকলাপ হৈছে পণ্য বা সেৱাৰ বিনিময়ত জড়িত দায়বদ্ধ আৰু পৰিচয়ৰ এক পাৰস্পৰিক ধাৰণা।

১১। পাৰস্পৰিকতা কেই প্ৰকাৰৰ? (How many types of Reciprocity?) 

উত্তৰঃ পাৰস্পৰিকতা তিনি প্ৰকাৰৰ।

১২। সাধাৰণীকৰণ পাৰস্পৰিকতা কাক বোলে? (What is generalized Reciprocity?) 

উত্তৰঃ সাধাৰণীকৰণ পাৰস্পৰিকতা এক ধৰণৰ বিনিময়ক বুজায়, যাক মূল্য আৰু দ্ৰব্য বা সেৱাৰ তাৎক্ষণিক পুনৰ পৰিশোষৰ গণনা নকৰে।

১৩। ভাৰসাম্য পাৰস্পৰিকতা কাক বোলে? (What is balanced Reciprocity?)

উত্তৰঃ ভাৰসাম্য পাৰস্পৰিকতা হ’ল এক প্ৰত্যক্ষ বিনিময় যাৰ মাধ্যমত কিছুমান বাণিজ্য বা প্ৰত্যাশাৰ লগত নিৰ্দিষ্ট সময়ৰ মাধ্যমত সমান মূল্যৰ কোনো বস্তু ঘুৰাই পোৱা দেখা যায়।

১৪। ভাৰসাম্য পাৰস্পৰিকতাৰ এটা উদাহৰণ লিখা। (Write a example of balanced Reciprocity.) 

উত্তৰঃ ভাৰসাম্য পাৰস্পৰিকতাৰ এটা উদাহৰণ হ’ল— যদি কোনো বন্ধুৰ পৰা জন্মদিনৰ উপহাৰ পাওঁ তেতিয়া আমি ভাবি লওঁ যে সেই বন্ধুজনৰ জন্মদিনত উপহাৰ দিব লাগিব।

১৫। সাধাৰণতে মুদ্ৰা বুলিলে কি বুজা? (What do you mean by money in general?)

উত্তৰঃ মুদ্ৰা হৈছে সাধাৰণভাৱে গ্ৰহণযোগ্য বিনিময়ৰ মাধ্যম। মুদ্ৰাৰ জৰিয়তে বিক্রেতাই সামগ্ৰী কৰে আৰু সেই মুদ্ৰাৰ জৰিয়তে তেওঁৰ প্ৰয়োজনীয় সামগ্রী ক্রয় কৰে।

১৬। মুদ্ৰাৰ যিকোনো এটা কাৰ্য লিখা। (Write a function of money.)

উত্তৰঃ মুদ্ৰাৰ যিকোনো এটা কাৰ্য হ’ল— ই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে।

১৭। মাৰ্ছাল চাহলিনচ কোন আছিল? (Who was Marshall Sahlins?)

উত্তৰঃ মাৰ্ছাল চাহলিনচ আমেৰিকাৰ সাংস্কৃতিক নৃতত্ত্ববিদ আছিল।

১৮। কোনে সামাজিক বিনিময় তত্ত্ব গঠন কৰিছিল? (Who introduced Social exchange theory?)

উত্তৰঃ জৰ্জ হোমানচে (George Homans) সামাজিক বিনিময় তত্ত্ব গঠন কৰিছিল।

১৯। পাৰস্পৰিকতাৰ তিনিটা প্ৰকাৰ কোনে চিহ্নিত কৰিছিল? (Who identified the three types of reciprocity?) 

উত্তৰঃ পাৰস্পৰিকতাৰ তিনিটা প্ৰকাৰ মাৰ্ছাল চাহলিনচে চিহ্নিত কৰিছিল।

২০। সমাজতত্ত্বত উপহাৰ তত্ত্বটো কোনে আগবঢ়াইছিল? (Who gave the gift theory in sociology?)

উত্তৰঃ উপহাৰ সমাজতত্ত্ব মাৰ্ছেল মাউচে (Marcel Mauss) গঠন কৰিছিল।

২১। মাৰ্ছেল মাউচক কিহৰ বাবে জনা যায়? (What is Marcel Mauss known for?)

উত্তৰঃ মাৰ্ছেল মাউচক এজন ফৰাছী সমাজবিজ্ঞানী আৰু নৃতত্ত্ববিদ বুলি জনা যায়।

২২। কোনখন দেশত উপহাৰ বিনিময় আৰম্ভ হৈছিল? (In which country started gift exchange?)

উত্তৰঃ ইটালীত উপহাৰ বিনিময় আৰম্ভ কৰিছিল। 

২৩। মাৰ্ছেল মাউচৰ কেতিয়া জন্ম হৈছিল? (When was Marcel Mousse born?) 

উত্তৰঃ মাৰ্ছেল মাউচৰ জন্ম ১৮৭২ চনত হয়।

২৪। জর্জ হোমানচ (George Homans) কোন হয়? (Who was George Homans?) 

উত্তৰঃ জৰ্জ হোমানচ এজন আমেৰিকান সমাজতত্ত্ববিদ আছিল।

২৫। মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা। (Mention a main function of money?)

উত্তৰঃ মুদ্ৰাৰ এটা মুখ্য কাৰ্য হ’ল — মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে।

২৬। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। (Give an example of unclaimed money?) 

উত্তৰঃ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল চেক মুদ্ৰা ।

২৭। পণ্য বিনিময় প্রথা কি? (What is the practice of barter?)

উত্তৰঃ সামগ্ৰীৰ সলনি সামগ্ৰীবোৰৰ প্ৰত্যক্ষ বিনিময়েই হ’ল পণ্য বিনিময় প্রথা। যেতিয়া মুদ্ৰাৰ ব্যৱহাৰ মানুহে জনা নাছিল, তেতিয়া মানুহে পণ্য বিনিময় প্রথাৰ আশ্ৰয় লৈছিল।

২৮। প্রকৃত মুদ্রা কি? (What is real money?) 

উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহৃত আৰু দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্রকৃত মুদ্ৰা বোলে। যেনেঃ- ভাৰতবৰ্ষত বিভিন্ন মূল্যৰ কাগজী মুদ্ৰাবোৰ।

চমু প্রশ্নোত্তৰঃ

১। পাৰস্পাৰিক লেন-দেনৰ ধৰণসমূহ কি কি? (What are the types of Reciprocity?) 

উত্তৰঃ পাৰস্পৰিক লেন-দেনৰ ধৰণসমূহ হ’ল— (ক) সাধাৰণীকৃত লেন-দেন, (খ) ভাৰসাম্যকৃত লেন-দেন, (গ) নেতিবাচক লেন-দেন।

২। সাধাৰণীকৃত লেন-দেনৰ এটা কাৰ্যকৰী উদাহৰণ দিয়া। (Give an example of a Generalized Reciprocity.) 

উত্তৰঃ সাধাৰণীকৃত লেন-দেনৰ এটা কাৰ্যকৰী উদাহৰণ হ’ল খাদ্য ভাগ কৰা, য’ত নিজৰ কোনোধৰণৰ স্বাৰ্থ জড়িত হৈ নাথাকে।

৩। পাৰস্পৰিক আদান-প্ৰদানৰ এটা উদাহৰণ দিয়া। (Give an example of reciprocity?)

উত্তৰঃ এজন বিক্রেতাই এজন সম্ভাব্য গ্রাহকক বিনামূলীয়া কিবা দিয়ে, আশা কৰে যে ই তেওঁলোকক কিবা ক্ৰয় কৰি অনুগ্ৰহ ঘূৰাই দিব। এজন নেতাই আনুগত্যৰ বিনিময়ত অনুসৰণকাৰীসকলক মনোযোগ আৰু পৰামৰ্শ আগবঢ়ায়।

৪৷ হিচাপৰ মুদ্ৰা বুলিলে কি বুজা? (What do you mean by money in the account?)

উত্তৰঃ যি মুদ্ৰাৰ যোগেদি এখন দেশৰ সকলো কিনা-বেচা আৰু লেন-দেনৰ হিচাপ প্ৰকাশ কৰা হয় তাকে হিচাপৰ মুদ্ৰা বোলে। যেনে— ভাৰতবৰ্ষত “টকা”, আমেৰিকাৰ “ডলাৰ” ইত্যাদি। এই মুদ্ৰা সাধাৰণতে স্থায়ী।

৫। পৰিৱৰ্তনীয় কাগজী মুদ্রা কি? (What is a convertible paper money?) 

উত্তৰঃ যেতিয়া কাগজী মুদ্ৰাৰ পৰিৱৰ্তে ধাতুৰ মুদ্ৰা দিয়া হয় তাকেই পৰিৱৰ্তনীয় কাগজী মুদ্রা বোলে। এই ব্যৱস্থা মতে কাগজী মুদ্রা থকা লোকে ইচ্ছামতে কাগজী মুদ্রা ধাতুৰ মুদ্ৰাৰ লগত সলনি কৰি ল’ব পাৰে।

৬। অ-পৰিৱৰ্তনীয় কাগজী মুদ্রা কি? (What is an immutable paper money?)

উত্তৰঃ যেতিয়া কাগজী মুদ্ৰাৰ পৰিৱৰ্তে ধাতুৰ মুদ্ৰা দিয়া নহয়, তেতিয়া তাক অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা বোলে। সাধাৰণতে এই বিধ মুদ্ৰা চৰকাৰে নিজে তৈয়াৰী কৰে। কেতিয়াবা পৰিবৰ্তনীয় কাগজী মুদ্রাও ধাতুৰ মুদ্ৰাৰ লগত পৰিবৰ্তন কৰিব নোৱাৰাৰ বাবে অপৰিবৰ্তনীয় কাগজী মুদ্ৰা হৈ পৰে।

৭। প্রতীক মুদ্ৰা কাক বোলে? (What is the symbol money?)

উত্তৰঃ যদি মুদ্ৰাৰ ওপৰত লিখা মূল্য প্রকৃত ধাতু বা সামগ্ৰীৰ আৰ্ন্তনিহিত মূল্যতকৈ বেছি হয়, তেনেহলে তাক প্রতীক মুদ্ৰা বোলে। প্রতীক মুদ্ৰাৰ মুদ্রিত মূল্য তাৰ আৰ্ন্তনিহিত মূল্যতকৈ অধিক। বৰ্ত্তমানৰ পাঁচ টকা, দুই টকা, এটকা, ৫০ পইচা, ২৫ পইচা আদি ধাতুমুদ্ৰা সকলোৱেই প্রতীক মুদ্রা।

৮। আদেশ মুদ্রা কি? (What is the order money?)

উত্তৰঃ এই মুদ্ৰাক ‘আৰ্দিষ্ট মুদ্ৰা’ বুলিও জনা যায়। যি মুদ্ৰা চৰকাৰী আদেশৰ কাৰণে মানুহে গ্ৰহণ কৰে তাক আদেশ মুদ্রা বোলে। কাগজী নোটবোৰ আদেশ মুদ্রা। কাগজী নোটৰ নিজা মূল্য নাই। চৰকাৰৰ আদেশ থকাৰ বাবেহে ইয়াক মানুহে গ্ৰহণ কৰে। প্ৰতীক মুদ্ৰাকো আদেশ মুদ্ৰা বুলিব পাৰি। কাৰণ এইবোৰ মুদ্ৰাৰ মুদ্রামূল্য ধাতৱ মূল্যতকৈ কম হোৱা সত্বেও চৰকাৰী আদেশ থকাৰ বাবে মানুহে তাক গ্ৰহণ কৰে। যেনে:- ৫ পইচা, ১০ পইচা, ৫০ পইচা ইত্যাদি ধাতু মুদ্রা।

৯। বিহিত মুদ্রা কি? (What is the prescribed money?) 

উত্তৰঃ আইন (Law) সন্মতভাৱে গ্রহণযোগ্য মুদ্ৰাক বিহিত মুদ্রা বোলে। এই মুদ্ৰাৰ গ্রহণযোগ্যতা আইনৰ দ্বাৰা স্বীকৃত। বিনিময়ৰ মাধ্যম হিচাবে বিহিত মুদ্ৰা গ্ৰহণ কৰিবলৈ কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু যদি কৰে তেনে ক্ষেত্ৰত তেওঁ আইনমতে দণ্ডণীয় হ’ব পাৰে। ভাৰতবৰ্ষত প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাবোৰ বিহিত মুদ্ৰাৰ উদাহৰণ।

১০। অবিহিত মুদ্রা কি? (What is unclaimed money?)

উত্তৰঃ যিবোৰ মুদ্ৰা লেন-দেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিন্তু আইনৰ স্বীকৃতি লাভ নকৰে তেনে মুদ্ৰাক অবিহিত মুদ্রা বোলে। বৰ্ত্তমান যুগত ব্যাপকভাৱে ব্যৱহাৰ হোৱা বেংকৰ চেক্‌ (Cheque) অবিহিত মুদ্ৰাৰ উদাহৰণ। অবিহিত মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা বাধ্যতামূলক নহয়। মানুহে এইবোৰ মুদ্ৰা গ্ৰহণ কৰিবও পাৰে, নকৰিবও পাৰে।

১১ । ঋণ মুদ্রা কি? (What is a loan money?) 

উত্তৰঃ ঋণ মুদ্ৰাক ‘আমনত মুদ্ৰা’ বুলিও জনা যায়। বাণিজ্যিক বেংকবোৰে সৃষ্টি কৰা আমানতক ঋণ মুদ্রা বোলে। ঋণ প্রদানৰ যোগেদি বেংকবোৰে আমানত সৃষ্টি কৰে। আমানত মুদ্ৰা বিহিত মুদ্রা বা প্রকৃত মুদ্রা নহয়। কিন্তু দেশৰ মুদ্ৰা সৃষ্টিৰ ক্ষেত্ৰত আমানত মুদ্ৰাৰ ভূমিকা যথেষ্ট বেছি। যদি কোনোৱে বেংকত মুদ্রা থয় বা যদি বেংকে কোনো মানুহক ঋণ প্ৰদান কৰে, তেনে ক্ষেত্রত আমানত মুদ্ৰাৰ সৃষ্টি হয়।

১২। ধনাদেশ বা চেক্ মুদ্রা হয়নে? (Is it a money order or a check?) 

উত্তৰঃ ধনাদেশ বা চেক্‌ প্ৰকৃততে মুদ্ৰা নহয়, ই মুদ্ৰাৰ ওপৰত এটা দাবী মাত্ৰ। কিন্তু চেকৰ তাৰল্য গুণ সর্বাধিক, অর্থাৎ চেক্ এখন তৎক্ষাণিকভাৱে মুদ্ৰালৈ ৰূপান্তৰ বা পৰিৱৰ্তন কৰিব পাৰি, সেই বাবে ধনাদেশক ‘নিকট মুদ্রা’ বুলিও জনা যায়।

১৩। পণ্য বিনিময় প্রথাৰ দুটা অসুবিধা উল্লেখ কৰা। (Mention two disadvantages of barter?)

উত্তৰঃ দুটা অসুবিধা হ’ল— 

(ক) অভাৱৰ পাৰস্পৰিক সংগতিহীনতা।

(খ) দ্ৰৱ্য সঞ্চয়ৰ অসুবিধা।

১৪। অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলিলে কি বুজায়? (What does lack of mutual incompatibility mean?) 

উত্তৰঃ অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্রথা কার্যকৰী নহয়। এই প্রথাত অতি আৱশ্যক যে দুজন লোকৰ যদি নিজৰ উৎপাদিত বস্তু বিনিময় কৰিব খোজে, তাৰ বাবে তেওঁলোকৰ অভাৱৰ মাজত সংগতি থাকিব লাগিব। অর্থাৎ, দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্ৰহণযোগ্য হ’ব লাগিব।

১৫। মুদ্ৰাৰ চাৰিটা কাৰ্য্য কি কি। (What are the four functions of money?)

উত্তৰঃ কাৰ্য্য চাৰিটা হ’ল—

(ক) মুদ্রা বিনিময়ৰ মাধ্যম, (খ) মুদ্রা মূল্যৰ মাপকাঠী, (গ) মুদ্ৰা মূল্যৰ ভাণ্ডাৰ আৰু (ঘ) মুদ্রা স্থগিত দেনা-পাওনাৰ মানদণ্ড।

১৬। পাৰস্পৰিক আদান-প্ৰদানৰ তাৎপৰ্য কিয় ইমান শক্তিশালী? (Why is the significance of reciprocal exchange so strong?) 

উত্তৰঃ ‘The Give and Take’ পৰীক্ষাটোৱে পাৰস্পৰিকতা হিচাপে জনাজাত শক্তিশালী সাংস্কৃতিক শক্তি প্ৰদৰ্শন কৰে। সমাজতাত্ত্বিকসকলে কয় যে সকলো মানৱ সমাজত এই সিদ্ধান্তক গ্ৰহণ কৰে যে আমি অনুগ্রহ, উপহাৰ আৰু আমন্ত্ৰণ পৰিশোধ কৰিবলৈ বাধ্য। পাৰস্পৰিকতা ইমানে শক্তিশালী যে ইয়াৰ ফলত সম্পূৰ্ণৰূপে আনৰ বিনিময় হ’ব পাৰে।

১৭। পাৰস্পৰিকতাই সামাজিক সম্পর্ক গঢ়ি তোলা আৰু বজাই ৰখাত কেনেদৰে কাম কৰে? (How does reciprocity serve to build and maintain social ties?) 

উত্তৰঃ পাৰস্পৰিক তাৎপর্যই সামাজিক জীৱনক সহজ কৰি তোলে। কিয়নো পাৰস্পৰিক কাৰ্যকলাপ গঠন কৰা আচৰণবোৰে সামাজিক সম্পর্ক গঢ়ি তোলা ব্যক্তিসকলৰ পৰিচয় বহন কৰে। স্পষ্টকৈ ক’বলৈ গ’লে আমি ‘বাধ্যবাধকতা’ৰ দ্বাৰা এইটো কৰিব লাগিব বুলি নুবুজা এজনৰ অস্বীকাৰ কৰাৰ বিকল্প আছে।

১৮। মুদ্রা বিনিময় কেনেদৰে কাম কৰে? (How does the money exchange work ? )

উত্তৰঃ যদি স্থানীয় মুদ্ৰাৰ মূল্য হ্রাস হয়, বেংকে ইয়াৰ ডলাৰ স্থানীয় মুদ্ৰাৰ বাবে বিক্ৰী কৰে। ই বজাৰত যোগান হ্ৰাস কৰে, ইয়াৰ মুদ্ৰাৰ মূল্য বৃদ্ধি কৰে। ই ডলাৰৰ যোগান বৃদ্ধি কৰে আৰু মূল্য হ্ৰাস কৰে। যদি ইয়াৰ মুদ্ৰাৰ চাহিদা বৃদ্ধি হয়, ই বিপৰীত কাম কৰে।

১৯। ধনৰ বিনিময় কি? (What is exchange of money?)

উত্তৰঃ মুদ্ৰা বিনিময় হৈছে এক ব্যৱসায় যাৰ গ্ৰাহকসকলক এটা মুদ্ৰা আন এটাৰ বিনিময় কৰাৰ আইনী অধিকাৰ আছে। ভৌতিক ধনৰ মুদ্রা বিনিময় (মুদ্ৰা আৰু কাগজৰ বিল) সাধাৰণতে কথকৰ স্থাপন কৰা সম্পূৰ্ণ বিপৰীত গণনাৰ ওপৰত কৰা হয় ৷

২০। অর্থনীতিত বিনিময় তত্ত্ব কি? (What is exchange theory in economics?)

উত্তৰঃ অর্থনৈতিক বিনিময় তত্ত্বই পৰামৰ্শ দিয়ে যে যদি অনুভৱ কৰা লাভালাভবোৰ অনুভৱ কৰা ব্যয়ৰ সমান অথবা অতিক্ৰম কৰে তেনেহ’লে নমুনা লোৱা উত্তৰদাতাক অংশগ্ৰহণৰ বাবে ইতিবাচকভাৱে নিষ্পত্তি কৰা হ’ব। কিয়নো তেওঁ অনুভৱ কৰিব যে গৱেষকসকলে তেওঁক সমান ব্যৱহাৰ কৰিছে।

২১। তিনিপ্ৰকাৰৰ বিনিময় পদ্ধতি কি কি? (What are the three types of exchange modes?) 

উত্তৰঃ তিনিপ্ৰকাৰৰ বিনিময় পদ্ধতি হ’ল—

(ক) পাৰস্পৰিক (Reciprocity),

(খ) পুনৰ বিতৰণ (Redistribution) আৰু

(গ) বজাৰ বিনিময় (Market Exchange)।

২২। তিনি প্ৰকাৰৰ পাৰস্পৰিকতা কি কি? (What are the three types of Reciprocity?)

উত্তৰঃ তিনিপ্ৰকাৰৰ পাৰস্পৰিকতা হ’ল— 

(ক) সাধাৰণীকতা পাৰস্পৰিকতা,

(খ) ভাৰসাম্য পাৰস্পৰিকতা আৰু

(গ) নেতিবাচক পাৰস্পৰিকতা।

২৩। সাধাৰণীকৰণ পাৰস্পৰিকতাৰ এটা উদাহৰণ লিখা। (Write a example of generalized Reciprocity.) 

উত্তৰঃ সাধাৰণীকৰণ পাৰস্পৰিকতাৰ এটা উদাহৰণ হ’ল— যদি কোনো বন্ধুৰ সৈতে বজাৰ কৰিবলৈ যোৱা হয় আৰু তাক এটা কফি কাপ কিনি দিয়ে, তেতিয়া সেইটো ভৱিষ্যতে তাৰ

পৰিৱৰ্তে কোনোসময়ত তেওঁ আপোনাক কিনি দিব পাৰে।

২৪। ভাৰসাম্য পাৰস্পৰিকতাৰ তিনি প্ৰকাৰৰ স্বতন্ত্ৰ পৰ্যায় কি কি? (What are the three types of distinct Stages of balanced reciprocity?)

উত্তৰঃ ভাৰসাম্য পাৰস্পৰিকতাৰ তিনি প্ৰকাৰৰ স্বতন্ত্ৰ পৰ্যায় হ’ল— উপহাৰ দিব লাগিব, ইয়াক গ্ৰহণ কৰিব লাগিব আৰু এক পাৰস্পৰিক উপহাৰ ঘূৰাই দিব লাগিব।

২৫। নেতিবাচক পাৰস্পৰিকতা কাক বোলে? (What is negative Reciprocity?) 

উত্তৰঃ নেতিবাচক পাৰস্পৰিকতা হৈছে কিবা নোপোৱাৰ বাবে কিছু পোৱাৰ চেষ্টা কৰা হয়। নেতিবাচক পাৰস্পৰিকতা তেতিয়া ঘটে যেতিয়া কোনোবাই যিকোনো বিনিময় কৰাৰ বাবে চেষ্টা কৰে বা দিব নোখোজে বা যেতিয়া আপোনাক তাৰ পৰিৱৰ্তে মূল্যৱান বস্তু দিব খোজে।

২৬। ‘নেতিবাচক পাৰস্পৰিকতা হ’ল এক বাণিজ্য’ বুজাই লিখা। (“Negative Reciprocity is trade” Explain this.)

উত্তৰঃ নেতিবাচক পাৰস্পৰিকতা হ’ল এক বাণিজ্য। ই একে সমান বা আনৰ বাবে দ্ৰৱ্য বা সেৱাৰ তৎক্ষণাত বিনিময় কৰে। বাণিজ্যৰ বিৰোধী বা সম্পূৰ্ণ বেনামীৰ দ্বাৰা চিহ্নিত কৰা হয়। লেন-দেন কোনোধৰণে বিশ্বাস বা বিনিময়ত জড়িত ব্যক্তিৰ ঘনিষ্ঠতাৰ ওপৰত নিৰ্ভৰ নকৰে। তাৎপর্যপূর্ণ এক সম্পৰ্ক হ’ল দ্ৰৱ্য বা সেৱাৰ মাধ্যমত বিনিময়ৰ মূল্যৰ সমীকৰণ।

২৭। পাৰস্পৰিকতা আৰু পুনৰ বিতৰণৰ মাজৰ পাৰ্থক্য লিখা। (Write the difference between Reciprocity & Redistribution.) 

উত্তৰঃ পাৰস্পৰিকতা আৰু পুনৰ বিতৰণৰ মাজৰ পাৰ্থক্য হ’ল— পাৰস্পৰিকতা ক্রিয়াকলাপ দ্ৰৱ্য বা সেৱাৰ পুনৰ বিতৰণৰ প্ৰত্যক্ষ আদান-প্ৰদান কৰা। আনহাতে পুনৰ বিতৰণ এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সমাজৰ সদস্যৰ বাবে দ্ৰৱ্য আৰু সেৱাৰ চলাচল কৰা।

২৮। সাধাৰণীকৰণ পাৰস্পৰিকতা আৰু ভাৰসাম্য পাৰস্পৰিকতাৰ মাজত এটা পাৰ্থক্য লিখা। (Write a difference between generalised reciprocity & balanced reciprocity.) 

উত্তৰঃ সাধাৰণীকৰণ পাৰস্পৰিকতা আৰু ভাৰসাম্য পাৰস্পৰিকতাৰ মাজৰ এটা পাৰ্থক্য হ’ল— সাধাৰণীকৰণ পাৰস্পৰিকতা তাৎক্ষণিকভাৱে প্ৰত্যাৱৰ্তনৰ প্ৰত্যাশাৰ অবিহনে উপহাৰ দিয়া হয়। আনহাতে ভাৰসাম্য পাৰস্পৰিকতাত লগে লগে তাৎক্ষণিকভাৱে ঘূৰাই দিয়াৰ প্ৰত্যাশা আশা কৰা হয় ৷

২৯। সমাজতত্ত্বত উপহাৰ বুলিলে কি বুজা? (What do you understand by Gift in Sociology?) 

উত্তৰঃ উপহাৰ বুলিলে দিয়া আৰু লোৱা দুয়োটা বুজো। মাৰ্ছাল চাহলিনচে বিভিন্ন সমাজে উপহাৰ দিয়া সম্পর্কে এটি টাইপলজী তৈয়াৰ কৰিছে। য’ত এক মেৰুত কৃতজ্ঞ উপহাৰৰ পৰা আন শোষণকাৰী সম্পৰ্কে ৰচিছে।

৩০। বিখ্যাত সমাজতত্ত্ববিদ হার্বার্ট মিডে মুদ্রা সম্পর্কে কি কৈছিল? (What did the famous sociologist Herbert Mead say about money?)

উত্তৰঃ হার্বাট মিডে মুদ্রা সম্পর্কে কৈছে যে— ই প্ৰতীক সম্পদৰ গণমাধ্যম, তেতিয়া বিনিময়ৰ  এই প্ৰক্ৰিয়াত এনেকুৱা ভংগী বা প্ৰতীকৰ ৰূপত হয় যেনেকৈ অন্য ভাষাৰ ক্ষেত্ৰত হয়। (The media of these tokens of wealth are, then, in this Process of exchange just such gestures or symbols as language is in other fields.) 

৩১। বিনিময় প্রথা কি?(What is exchange?)

উত্তৰঃ বিনিময় হ’ল মানুহৰ সকলো পার্থিব অৱস্থানৰ মূল উপাদান। পুৰণিকালত মানুহে জীৱন ধাৰণৰ প্ৰয়োজনীয় সামগ্রীসমূহ নিজেই উৎপাদন কৰি লৈছিল আৰু কিছুমান সামগ্রী নিজৰ উৎপাদিত বস্তুৰ লগত বিনিময়ৰ যোগেদি সংগ্ৰহ কৰিছিল।

৩২। মুদ্রা কি? (What is money?)

উত্তৰঃ সাধাৰণতে মুদ্ৰা বুলিলে মানুহে ধাতু নির্মিত মুদ্রা বা কাগজী মুদ্রাকে বুজায়। কিন্তু অৰ্থনীতিৰ ভাষা মতে যি বিধ সামগ্ৰীক সকলোৱে গ্ৰহণ কৰে আৰু আইনৰ দ্বাৰা স্বীকৃত আৰু যাৰ সহায়ত কিনা-বেচা আৰু দেনা-পাওনা ঋণ পৰিশোধ কৰিব পাৰি, তাকে মুদ্ৰা বোলে।

৩৩। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি? (What is a representative paper money?)

উত্তৰঃ যি কাগজী মুদ্রা বিনিময়ৰ মাধ্যম হিচাপে সম মূল্যৰ ধাতুগত মুদ্ৰালৈ পৰিৱৰ্তিত হৈছিল, সেইবোৰ কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্রা বোলে। উদাহৰণস্বৰূপেঃ পূৰ্বৰ কালত ১০০ টকাৰ কাগজী মুদ্ৰা ১০০ টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল ।

৩৪। সংগতিবিহীনৰ অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে। (How do exchange practices cause problems in the absence of inconsistencies?)

উত্তৰঃ অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্রথা কাৰ্যকৰী নহয়। যিকোনো গতিশীল সমাজত অভাৱৰ পাৰস্পৰিক সামঞ্জস্য উলিওৱাটো কাঠিন। বিনিময় প্ৰথা কার্যকৰী হোৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰৰ পৰিপূৰক হ’ব লাগে। অর্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্ৰহণযোগ্য হ’ব লাগিব। পৰস্পৰৰ পৰিপূৰক বা সংগতিপূর্ণ এনে অভাৱৰ ক্ষেত্ৰত বিনিময় কাৰ্য সংঘটিত হ’ব পাৰে। উদাহৰণস্বৰূপে— এজন ব্যক্তিয়ে কাপোৰৰ বিনিময়ত চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ বিনিময়ত কাপোৰ বিচাৰে তেনেস্থলত দুয়োৰে মাজত বিনিময় হোৱা সম্ভৱ। এই ক্ষেত্ৰত ব্যক্তি দুজন পৰস্পৰ নিৰ্ভৰশীল আৰু তেওঁলোকৰ অভাৱ পৰিপূৰক কিন্তু কাপোৰৰ গৰাকীজনে কাপোৰৰ পৰিৱৰ্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰিলে এই ব্যক্তি দুজনৰ অভাৱ সামঞ্জস্যহীন হ’ব আৰু এনে অৱস্থাত বিনিময় প্রথা কার্যকৰী নহ’ব ।

৩৫। মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? (What do you mean by a store of value?) 

উত্তৰঃ বিনিময় প্রথাত মূল্যৰ ভাণ্ডাৰ বুলি ক’লে সা-সামগ্রীকে বুজাইছিল। বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিছিল। কিন্তু সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয়। কিছুমান বস্তু আছে যেনে শাক-পাচলি, ফল-মূল, গাখীৰ আদি বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি। এইবোৰ অতি সহজে বিনষ্ট হ’ব পাৰে। কিন্তু বৰ্তমান অৱস্থাত মূল্যৰ ভাণ্ডাৰ বুলি ক’লে মুদ্ৰাক বুজায়। যেতিয়াই প্রয়োজন হয় তেতিয়াই সঞ্চয় কৰি থোৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰি ল’ব পাৰি।

৩৬। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? (Which money feature is most important and why?) 

উত্তৰঃ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নহ’লে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্য মুদ্ৰা এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তু আৰু সেৱাকাৰ্যৰ মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয়। মুদ্ৰাৰ অকল সাধাৰণ গ্রহণযোগ্য গুণেই নাই, ই বিনিময়ৰ মাধ্যম,আৰু লগতে মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে। আধুনিক যুগত মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা আইনৰ মাধ্যমেৰে নিৰ্ধাৰণ কৰা হয়।

৩৭। মুদ্ৰাৰ তাৰল্য গুণ কি? (What is the liquidity value of a money?)

উত্তৰঃ যিকোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হোৱাকে মুদ্ৰাৰ তাৰল্য গুণ থকা বুলি কোৱা হয়। মুদ্রা সামগ্ৰীলৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়। বিনিময় প্রথাত সামগ্ৰীৰ তাৰল্য গুণ নাথাকে কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সামগ্ৰীলৈ ৰূপান্তৰ হ’লেও সামগ্ৰীবোৰ বেছিদিন সঞ্চয় কৰি ৰাখিব নোৱাৰি।

৩৮। “মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’— ব্যাখ্যা কৰা। (Explain “the overall measure of the value of a commodity”?) 

উত্তৰঃ মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপ-কাঠী। মুদ্ৰাই মূল্যৰ মাপকাঠী হিচাপে কাৰ্য সম্পাদনা কৰে। সকলো আর্থিক সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ মূল্য নিৰূপণ কৰা হয়। কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়। অর্থাৎ মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময় মূল্যই হ’ল বস্তুৰ দাম। সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰায়েই মূল্যৰ মাপকাঠী।

৩৯। সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি? (What is the difference between finite prescribed and infinite prescribed currency?) 

উত্তৰঃ সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হ’ল—

(ক) যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেন-দেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্রাকে সসীম বিহিত মুদ্রা বোলে। আনহাতে, যি মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেন-দেন সম্পাদন কৰিব পাৰি, সেই মুদ্রাকে অসীম বিহিত মুদ্রা বোলে।

(খ) সসীম মুদ্রা নাথাকিলে কিছুমান লেন-দেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব পাৰে। কিন্তু অসীম মুদ্ৰাৰ তেনেকুৱা কোনো অসুবিধা দেখা নাযায়।

(গ) কম মূল্যৰ কাগজী বা ধাতু মুদ্ৰা সসীম মুদ্ৰাৰ ক্ষেত্ৰত প্ৰযোজ্য। আনহাতে, অধিক  মূল্যৰ মুদ্ৰা যেনে চেক মুদ্ৰা অসীম মুদ্ৰা হ’ব পাৰে।

৪০। চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। (Is a check a coin? Argue your answer?)

উত্তৰঃ প্ৰকৃততে চেক মুদ্ৰা নহয়, মুদ্ৰা পৰিশোধন এটা আদেশহে মাথোন। চেক একোখনৰ সাধাৰণ গ্রহণযোগ্যতা নাথাকে। বর্তমান যুগত বিভিন্ন লেন-দেনৰ ক্ষেত্ৰত চেকৰ বহল ব্যৱহাৰ দেখিবলৈ পোৱা যায়। কিন্তু তথাপিও চেক মুদ্রা প্রকৃত মুদ্ৰা নহয়। উদাহৰণস্বৰূপে আমি বজাৰত ২০০ টকাৰ কোনো বস্তু ক্ৰয় কৰোঁতে আমি দোকানীজনক ২০০ টকাৰ চেক এখন লিখি দিলে দোকানীয়ে সেয়া গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে। চেক মুদ্ৰা বিহিত মুদ্রা বা প্রকৃত মুদ্ৰা নহয়। অৱশ্যে প্রকৃত মুদ্ৰা নহ’লেও অতি কম সময়ৰ ভিতৰত চেক এখনক মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পৰা যায়। সেই কাৰণে চেক মুদ্ৰাক ধনাদেশ বা নিকট মুদ্রা বুদ্ধি বুলিও কোৱা হয়। 

৪১। বণ্টন আৰু বিনিময়ৰ শ্ৰেণীবিন্যাস সম্পর্কে লিখা। (Write about the classification of distribution and exchange? 

উত্তৰঃ অৰ্থনীতিৰ প্ৰধান কাৰ্য হৈছে উৎপাদন, বন্টন আৰু ভোগ। প্ৰতিখন সমাজৰ ফালে লক্ষ্য কৰিলেই বুজা যায় উৎপাদন ব্যৱস্থাত যিসমূহ উৎপাদিত হয় সেয়া পাৰস্পৰিক বিনিময়ৰ মাধ্যমেদি মানুহৰ ভোগৰ ব্যৱস্থা কৰা হৈ থাকে। পাৰস্পৰিক লেন-দেনৰ মাজেদি বিনিময় ব্যৱস্থা বর্তি থাকে। সামগ্রিক অর্থনৈতিক প্রক্রিয়াত বিনিময় ব্যৱস্থা সক্রিয় ভূমিকা পালন কৰে। বিনিময় ব্যৱস্থা কেনেকৈ কাৰ্যকৰী কৰা হ’ব সেয়া বিভিন্ন সমাজৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত হয়। বন্টন আৰু বিনিময়ৰ শ্ৰেণীবিন্যাস কৰিবলৈ গৈ অৰ্থনৈতিক নৃবিজ্ঞানী কার্ল পোলানীয়ে ইয়াক তিনিটা ভাগত ভাগ কৰিছে—

(ক) পাৰস্পৰিক আদান-প্রদান (Reciprocity)।

(খ) পূণৰ্বণ্টন (Redistribution )।

(গ) বজাৰ ব্যৱস্থা (Market System)।

৪২। পাৰস্পৰিক লেন-দেনৰ বিষয়ে চমুকৈ লিখা। (Write briefly about mutual Reciprocity.) 

উত্তৰঃ যেতিয়া দুটা পক্ষৰ মাজত দ্রব্যাদি বা পৰিসেৱাৰ প্ৰায় সমমূল্যৰ বিনিময় হয় তেতিয়া তাক পাৰস্পৰিক লেন-দেন বোলে। ইয়াত সামাজিক মান-মর্যাদাৰ বিষয় কেন্দ্ৰীয়ভাৱে গুৰুত্বপূৰ্ণ। কিছুমান বৈশিষ্ট্যৰ ভিত্তিত পাৰস্পৰিক লেন-দেনৰ তিনিধৰণৰ চিহ্নিত কৰা হৈছে। সেইসমূহ হ’ল — সাধাৰণীকৃত লেন-দেন, ভাৰসাম্যকৃত লেন-দেন আৰু নেতিবাচক লেন-দেন। সাধাৰণীকৃত লেন-দেনৰ আটাইতকৈ কাৰ্যকৰী উদাহৰণ হৈছে খোৱাৰ বস্তু ভাগ কৰা য’ত নিজৰ কোনোধৰণৰ স্বাৰ্থ নাথাকে। এইটো এনে এটা লেন-দেন য’ত প্ৰদত্ত বস্তুৰ মূল্য হিচাপ কৰা নহয়, ঘূৰাই পোৱাৰ বাবে কোনো ধৰণৰ সময়কাল নিৰ্দিষ্ট কৰা নাথাকে। অষ্ট্ৰেলীয় চিকাৰী সম্প্ৰদায়ে যেতিয়া কোনো পশু হত্যা কৰে তেতিয়া চিকাৰীসকলৰ পৰিয়ালে আৰু অন্যান্য পৰিয়ালে মিলি ভাগ কৰি লয়। কোনে কিমান ভাগ পাব সেয়া চিকাৰীৰ লগত আত্মীয়তাৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। যিসকল নৃতাত্ত্বিক অষ্ট্ৰেলীয় এই সমাজ পর্যবেক্ষণ কৰিছে তেওঁলোকৰ বক্তৱ্য অনুসৰি সেয়া হৈছে এই সমাজৰ নিয়ম।

ভাৰসাম্যকৃত লেন-দেন বুলিলে বুজায় য’ত দিয়া নিয়া মূল্যৰ হিচাপ আৰু ঘূৰাই লোৱাৰ সময়কাল নিৰ্দিষ্ট কৰে। এইধৰণৰ লেন-দেনৰ উদাহৰণ হৈছে মালিনোস্কি বর্ণিত নিউ গিনিৰ ট্ৰব্রিয়াণ্ড দ্বীপপুঞ্জৰ কুলা চক্ৰ। ইয়াৰোপৰি কোনো কোনাৱে এইটোক আকৌ প্ৰাথমিক পৰ্যায়ৰ বাৰ্টাৰ ভিত্তিক বাণিজ্য বুলি আখ্যায়িত কৰিছে। ভাৰসাম্যকৃত লেন-দেনৰ ধৰণ হিচাপে সমতা বিধানৰ কৌশল উল্লেখ কৰা হয়।

যেতিয়া কোনো বিনিময়কাৰী গ্ৰাহক হিচাপে অতিৰিক্ত সুবিধা পোৱাৰ চেষ্টা কৰে তেতিয়া তাক নেতিবাচক লেন-দেন বোলে। নেতিবাচক লেন-দেনৰ উদাহৰণ হিচাপে লুণ্ঠন বা চুৰিৰ কথা উল্লেখ কৰা হয়।

৪৩। বিনিময় ব্যৱস্থা সম্পৰ্কে টেইলাৰে কি বক্তব্য প্ৰদান কৰিছে? (What did Taylor say about the exchange system?) 

উত্তৰঃ নৃবিজ্ঞানী টেইলৰে কৈছে যে, বেণ্ড আৰু জনজাতি সমাজত পাৰস্পৰিক আদান-প্রদানেই আছিল প্রধান বিনিময় ব্যৱস্থা। আনফালে যিবোৰ প্রাচীন সমাজত সহজ সৰল ৰাজনৈতিক ব্যৱস্থাৰ সূত্ৰপাত হয় তাত পুনর্বণ্টনে আছিল প্ৰধান বিনিময় ব্যৱস্থা। পুনর্বন্টন ৰীতিত সমাজৰ কেন্দ্ৰীয় কোনো প্রধান ব্যক্তিৰ নিকট সমাজ কর্তৃক জমাকৃত দ্রব্য-সামগ্রী বন্টনৰ বেপাৰত প্ৰধানৰ ক্ষমতা আৰু বিচাৰ-বিশ্লেষণৰ বা বিবেচনাৰ প্ৰশ্ন দেখা দিয়ে। এইবোৰ সমাজ প্রাচীন হোৱা সত্বেও ইয়াত সহজ-সৰল ৰাষ্ট্ৰীয় তথা ৰাজনৈতিক চেতনাৰ সৃষ্টি হয়। বিনিময় ব্যৱস্থাৰ ক্ৰমধাৰাত পৰৱৰ্তীকালত মুদ্ৰা বজাৰ ব্যৱস্থাৰ আৱিৰ্ভাৱ ঘটে। তেওঁৰ 

মতে মুখ্য বক্তব্য হৈছে—

(ক) একে সমাজত একে লগত দ্রব্য বিনিময় বা বন্টনত একাধিক ব্যৱস্থা থাকিব পাৰে।

(খ) পাৰস্পৰিক আদান-প্রদান হৈছে সাৰ্বজনীন এক ৰীতি যি সকলো সমাজত কম-বেছি দেখা পোৱা যায়। পাৰস্পৰিক আদান-প্ৰদানৰ অৱশ্যে অর্থনৈতিক গুৰুত্বও আছে।

(গ) পাৰস্পৰিক আদান-প্ৰদানৰ আটাইতকৈ বেছি সমাজত বৰ্তমান। বিশেষ কৰি জ্ঞাতি সম্পর্ক নিৰ্ভৰ সমাজত ইয়াৰ প্ৰচলন আটাইতকৈ বেছি।

(ঘ) পুনৰ্বন্টন ৰীতিৰ প্ৰচলন অকল কিছু সংখ্যক সমাজতে কেৱল প্ৰধান বন্টন আৰু বিনিময় ব্যৱস্থা আছিল। পুনর্বণ্টনৰ গুৰুত্ব আৰু প্ৰকৃতি সমাজ ভেদে বিভিন্ন আছিল। 

(ঙ) বজাৰ ব্যৱস্থা আধুনিক সভ্যতাৰ অন্যতম বৈশিষ্ট্য আৰু সম্ভৱত খুবেই কম সংখ্যক সমাজত বজাৰ ব্যৱস্থা দেখা গৈছে।

৪৪। মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা। (Explain any four main features of a money?) 

উত্তৰঃ মুদ্ৰা হ’ল বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদনা কৰা যিকোনো সামগ্রীকে বুজায়।

মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল—

(ক) মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিবঃ মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা গুণ নাথাকিলে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। মুদ্ৰাৰ অকল সাধাৰণ গ্রহণযোগ্য গুণ থকাই নহয়, ই বিনিময়ৰ মাধ্যম আৰু লগতে মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে।

(খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিবঃ মুদ্ৰা আন সকলোবোৰ সামগ্ৰীতকৈ বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্ৰী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব। মুদ্ৰাৰ চিনাক্তকৰণ কৰাৰ সুবিধা থকা বাবে বজাৰত পোৱা প্ৰত্যেকটো সামগ্ৰীয়ে একো অসুবিধা নোহোৱাকৈ কিনা-বেচা কৰিব পৰা যায় ৷

(গ) মুদ্রা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰেঃ মুদ্ৰাৰ আন এটা বৈশিষ্ট্য এই যে মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে। মুদ্রা ধাতুৰে নিৰ্মিত আৰু কাগজেৰে তৈয়াৰ কৰা হয় যিবোৰ সোনকালে নষ্ট হৈ নাযায়। মাছ, কণী, গাখীৰ আদি মুদ্ৰা হ’ব নোৱাৰে কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্ৰাক যিহেতু সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে ৰাখিব পাৰি সেয়েহে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব।

(ঘ) মুদ্রা বিভাজনীয়ঃ মুদ্রা বিভাজনীয় হ’ব লাগে। অধিক মূল্যৰ মুদ্ৰা কম মূল্যৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব পাৰি। বিনিময় প্রথাত সামগ্ৰীবোৰ বিভাজনীয় নোহোৱাত বিনিময় ক্ষেত্ৰত অসুবিধা দেখা দিছিল। মুদ্ৰা ব্যৱস্থাত এই অসুবিধাটো আঁতৰি গৈছে। ৫০ পইচাৰ লেনদেন বা ৫ কোটিৰ লেন-দেনৰ বাবেও প্রয়োজনীয় মুদ্ৰা উভৈনদী।

৪৫। মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। (Explain the four functions of performing money?) 

উত্তৰঃ মুদ্ৰাৰ কাৰ্য্যৱলীসমূহ তলত আলোচনা কৰা হ’ল—

(ক) বিনিময়ৰ মাধ্যমঃ সকলো সামগ্ৰী আৰু সেৱা কাৰ্য্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্রাক ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ যোগেদি বজাৰত ক্ৰেতা আৰু বিক্রেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। মুদ্ৰা সকলোৱে গ্ৰহণ কৰিবলৈ ৰাজী, সেইবাবে মুদ্ৰাৰ সহায়ত প্ৰয়োজনীয় বস্তু সংগ্ৰহ কৰিবলৈ কোনো অসুবিধা নহয় । মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থকা বাবে যিকোনো সামগ্ৰীৰ সেৱাকাৰ্য্য বা বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সম্পন্ন কৰাটো সহজসাধ্য হৈ উঠিছে।

(খ) মূল্যৰ মাপকাঠিঃ মুদ্ৰাৰ দ্বাৰা বস্তু আৰু কামৰ মূল্য নিৰূপণ কৰা হয় আৰু প্ৰকাশ কৰা হয়, অর্থাৎ মুদ্ৰাই মূল্যৰ পৰিমাপক হিচাপে কাৰ্য্য কৰে। মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময় মূল্যই হ’ল বস্তুৰ দাম। সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰাই মূল্যৰ মাপকাঠি।

(গ) সঞ্চয়ৰ বাহনঃ মুদ্ৰাৰ এটা অংশ জমা কৰি ৰখা হয়। যিহেতু মুদ্ৰাৰ স্থায়ীত্ব অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰাখিব সহজ; সেইবাবে মুদ্ৰাৰ যোগেদি এটা সঞ্চয় কাৰ্য্য সম্পাদন কৰা হয়। মানুহে ভৱিষ্যতৰ নিৰাপত্তা, ভৱিষ্যতৰ লেন-দেন আৰু ভৱিষ্যতৰ উপাৰ্জনৰ বাবে সঞ্চয় কৰিব বিচাৰে। সঞ্চয়ৰ যোগেদি মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। সেই কাৰণে ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে মুদ্ৰাৰ সঞ্চয় অধিক সুবিধাজনক।

(ঘ) স্থগিত দেনা-পাওনাৰ মানদণ্ডঃ মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্রদান আদি সকলো স্থগিত লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে। বৰ্ত্তমান কালত মুদ্ৰা ধাৰ কৰি ভৱিষ্যতে মুদ্ৰাৰ মাপকাঠিত ধাৰ শোধ কৰা হয়। এখন দেশৰ বেংক আৰু আন আন বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰধান কাৰ্য্য ঋণ আগবঢ়োৱা। এইবোৰ প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি উৎপাদন কাৰ্য্যত অর্থ বিনিয়োগ কৰা হয়। ব্যক্তি বা সংগঠনেও বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰে। মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্ৰদান আৰু ঋণ পৰিশোধৰ কাৰ্য্য সহজ কৰি তুলিছে।

৪৬। মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্যাখ্যা কৰা। (Explain the four main disadvantages that money can cause?) 

উত্তৰঃ মুদ্ৰাৰ উল্লেখযোগ্য কু-ফলসমূহ হ’ল—

(ক) মুদ্ৰাৰ প্ৰতি অতি লোভ ব্যক্তি আৰু সমাজ উভয়ৰ বাবে হানীকৰ। মুদ্ৰাৰ লোভত পৰি লোক দুৰ্নীতিৰ আশ্ৰয় লয় আৰু কেতিয়াবা সামাজিক মূল্যবোধো হেৰুৱাই পেলায়।

(খ) মুদ্ৰাৰ প্ৰচলন হেতু অধিক লাভৰ বাবে ব্যৱসায়ীসমূহৰ মাজত ফটকা বজাৰৰ উদ্ভৱ হয়। ভৱিষ্যতৰ দূৰ কল্পনা, অনিশ্চয়তা ইত্যাদি উৎপাদন বিকাশৰ মনোযোগ বিঘ্নিত কৰে।

(গ) মুদ্ৰাৰ মূল্যৰ স্থিৰতা বস্তু সেৱাৰ চাহিদা যোগানৰ পৰিপ্ৰেক্ষিতাত অতি স্পৰ্শকাতৰ। ফটকা বজাৰেও মুদ্ৰাৰ মূল্যক অস্থিৰ কৰি তোলাত সহায় কৰে।

(ঘ) মুদ্ৰাৰ মূল্য কমি গলে মুদ্রাস্ফীতি আৰু মুদ্ৰাৰ মূল্য বৃদ্ধি পালে মুদ্ৰাৰ অৱস্ফিতিয়ে দেখা দিয়া হেতু বিভিন্ন জনগোষ্ঠীৰ আয়ৰ পুনৰ বিচৰণ হোৱাত অৰ্থনীতিয়ে ভাৰসাম্য অৱস্থা হেৰুৱাই পেলায়।

৪৭। পাৰস্পৰিক আদান-প্রদান বুলিলে কি বুজা লিখা ৷ (What do you mean by reciprocity?)

উত্তৰঃ ইংৰাজী Reciprocity শব্দৰ অসমীয়া অৰ্থ হৈছে পাৰস্পৰিক অধিকাৰ আৰু সুযোগ- সুবিধা, পাৰস্পৰিক লেন-দেন। ইয়াক পাৰস্পৰিক শুভেচ্ছা বিনিময়ো ক’ব পৰা যায়। কিন্তু এই শব্দটো ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতে বেছি প্ৰয়োগ কৰা হয়। কিয়নো এইক্ষেত্ৰত পাৰস্পৰিক লেন-দেনৰ বিষয় জড়িত। যেতিয়া কোনো ব্যক্তি তেওঁৰ আত্মীয় নহয় এনে কোনো ব্যক্তিক নিবিচাৰিলে বা প্রত্যাশা নকৰিলে বিনা পইচাৰ কোনো সমৰ্থন বা উপহাৰ দিয়ে। তেতিয়া এই উপহাৰক নৃবিজ্ঞানত Gift বুলি চিহ্নিত কৰা হয়। এইটো পৰস্পৰৰ মাজত সুহৃদ আৰু সংহতি বৃদ্ধি কৰে। দুটা বেলেগ সামাজিক গোষ্ঠীৰ সদস্য যিসকল সম্পর্কত আত্মীয় আকৌ বেলেগ পৰম্পৰাও হ’ব পাৰে, যিসকল একে প্রত্যয় পাৰস্পৰিক ব্যৱহাৰ কৰে তাক Gift বোলে। এইটোক পাৰস্পৰিক উপহাৰ, বিনিময়ো কোৱা হয় ।

কিন্তু নৃবিজ্ঞানীসকল ইয়াতে আদিম সমাজৰ লেন-দেন সম্পৰ্কত আলোচনা কৰিছে। আদিম সমাজত যি উপহাৰ দিয়াৰ আৰু লোৱাৰ ব্যৱস্থা আছিল তাকে আদান-প্রদান ৰীতি (Reciprocity) হিচাপে গণ্য কৰা হয়। এই বিনিময়ৰ মাধ্যমেদি দাতা আৰু গ্ৰহণকাৰীৰ মাজত এটা সুসম্পর্ক গঢ়ি উঠে। এই পদ্ধতিত গ্ৰহণকাৰী কেৱল গ্ৰহণ কৰিয়েই ক্ষান্ত নহয় ওলোটাকৈ তেওঁ দাতাক সমমূল্যৰ বস্তু নিৰ্দিষ্ট সময়ত বা তাৰ পিছত ঘূৰাই দিয়ে। এনেদৰে বিনিময় প্রথাৰ মাধ্যমেদি এটা অর্থনৈতিক ব্যৱস্থা গঢ়ি উঠে। শ্রম, পুঁজি আৰু প্ৰাকৃতিক সম্পদক এনেদৰে বিনিময়ৰ কামত ব্যৱহাৰ কৰা হয়। আদান-প্ৰদানৰ পৰিমাণ ধাৰ্য কৰা হয় পাৰস্পৰিক চাহিদা অনুপাতত।

পাৰস্পৰিক আদান-প্রদান সম্পর্কে Carol R. Ember আৰু Melvin Ember এ কৈছে “Reciprocity consists of giving and taking without the use of money” অর্থাৎ টকা-পইচা ব্যৱহাৰ নকৰি যি লেন-দেন তাকেই আদান-প্রদান ৰীতি কোৱা হয়। Conrad Phillip Kottak 47, “Reciprocity is exchange between social equals, who are normally related by kinship marriage or another close personalities” অর্থাৎ “আদান-প্রদান সম্পৰ্ক হৈছে সামাজিকভাৱে সমকক্ষসকলৰ মাজত বিনিময়, যিসকল স্বজনসম্পর্ক, বিবাহ অথবা অন্যান্য ব্যক্তিগত ঘনিষ্ঠ বন্ধনত আৱদ্ধ”।

৪৮। মুদ্ৰাৰ কাৰ্য্যৱলীসমূহ বৰ্ণনা কৰা। (Describe the functions of money?) 

উত্তৰঃ মুদ্ৰাৰ কাৰ্য্যৱলীসমূহ তলত আলোচনা কৰা হ’ল—

(ক) বিনিময়ৰ মাধ্যমঃ সকলো সামগ্ৰী আৰু সেৱাকাৰ্য্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ যোগেদি বজাৰত ক্ৰেতা আৰু বিক্রেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। মুদ্ৰা সকলোৱে গ্ৰহণ কৰিবলৈ ৰাজী, সেইবাবে মুদ্ৰাৰ সহায়ত প্রয়োজনীয় বস্তু সংগ্ৰহ কৰিবলৈ কোনো অসুবিধা নহয়। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থকা বাবে যিকোনো সামগ্ৰীৰ সেৱাকাৰ্য্য বা বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সম্পন্ন কৰাটো সহজসাধ্য হৈ উঠিছে।

(খ) মূল্যৰ মাপকাঠিঃ মুদ্ৰাৰ দ্বাৰা বস্তু আৰু কামৰ মূল্য নিৰূপণ কৰা হয় আৰু প্ৰকাশ কৰা হয়, অর্থাৎ মুদ্রাই মূল্যৰ পৰিমাপক হিচাপে কাৰ্য্য কৰে। মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময় মূল্যই হ’ল বস্তুৰ দাম। সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰাই মূল্যৰ মাপকাঠি।

(গ) সঞ্চয়ৰ বাহনঃ মুদ্ৰাৰ এটা অংশ জমা কৰি ৰখা হয়। যিহেতু মুদ্ৰাৰ স্থায়ীত্ব অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰাখিব সহজ; সেইবাবে মুদ্ৰাৰ যোগেদি এটা সঞ্চয় কাৰ্য্য সম্পাদন কৰা হয়। মানুহে ভৱিষ্যতৰ নিৰাপত্তা, ভৱিষ্যতৰ লেন-দেন আৰু ভৱিষ্যতৰ উপাৰ্জনৰ বাবে সঞ্চয় কৰিব বিচাৰে। সঞ্চয়ৰ যোগেদি মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। সেই কাৰণে ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে মুদ্ৰাৰ সঞ্চয় অধিক সুবিধাজনক।

(ঘ) স্থগিত দেনা-পাওনাৰ মানদণ্ডঃ মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্রদান আদি সকলো স্থগিত লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে। বৰ্ত্তমান কালত মুদ্ৰা ধাৰ কৰি ভৱিষ্যতে মুদ্ৰাৰ মাপকাঠিত ধাৰ শোধ কৰা হয়। এখন দেশৰ বেংক আৰু আন আন বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰধান কাৰ্য্য ঋণ আগবঢ়োৱা ৷ এইবোৰ প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি উৎপাদন কাৰ্য্যত অর্থ বিনিয়োগ কৰা হয়। কোনো ব্যক্তি বা সংগঠনেও বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰে। মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্ৰদান আৰু ঋণ পৰিশোধৰ কাৰ্য্য সহজ কৰি তুলিছে।

৪৯। আধুনিক অর্থব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব আলোচনা কৰা। (Discuss the importance of money in modern life?) 

উত্তৰঃ আধুনিক অর্থব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ববোৰ হ’ল—

(ক) অর্থনৈতিক লক্ষ্য নিৰ্দ্ধাৰণঃ এখন অর্থনীতিয়ে কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব, আৰু কেনেকৈ এইবোৰ বিতৰণ কৰিব, মুদ্ৰাৰ ব্যৱহাৰে গোটেইবোৰ সহজসাধ্য কৰি তোলে। এই লক্ষ্যসমূহ পূৰণ কৰিবলৈ সম্পদৰাজিৰ প্ৰয়োজন আৰু মুদ্ৰাৰ মাধ্যমেৰে সম্পদৰাজিৰ মূল্য প্ৰকাশ কৰা হয় ।

(খ) বিত্তীয় ব্যৱস্থাতঃ মুদ্ৰাই সঞ্চয় আৰু ঋণ ব্যৱস্থাৰ আনুষ্ঠানিক সুবিধা আগবঢ়াই প্রত্যেক দেশৰে বেংক আদি বিভিন্ন বিত্তীয় প্রতিষ্ঠান গঢ়ি তোলাত সহায় কৰিছে। চৰকাৰী আয় ব্যয় নিৰ্দ্ধাৰণ, চৰকাৰী কৰ সংগ্ৰহ আৰু চৰকাৰী ঋণ পৰিচালনাৰ বাহন হিচাপে মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰৰ বছৰেকীয়া বাজেটত মুঠ আয় ব্যয়ৰ হিচাপ, কৰ আৰু ঋণ সংগ্ৰহৰ পৰিমাণ মুদ্ৰাৰ মাধ্যমেৰে উত্থাপিত হয়। চৰকাৰে বিত্তীয় লক্ষ্যসমূহ মুদ্ৰাৰ মাধ্যমেৰেই নিৰ্দ্ধাৰণ কৰে।

(গ) অৰ্থনৈতিক উন্নয়নতঃ পৰিকল্পনাৰ বিভিন্ন প্রকল্পসমূহ ৰূপায়ণৰ বাবে সম্পদ সংগ্রহ কৰিব লাগে। পৰিকল্পনাৰ সম্পদৰাজি মুদ্ৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰা হয়। সঞ্চয় বৃদ্ধি কৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে দ্রুতহাৰত মূলধন গঠন কৰিব পাৰিছে। মূলধন গঠনে ঔদ্যোগিক উন্নয়নৰ বৃদ্ধি আৰু অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰাত সহায় কৰিছে।

(ঘ) দৰ নিৰ্দ্ধাৰণঃ বজাৰত উপভোক্তা আৰু বিক্ৰেতাৰ মাজত বস্তুৰ দৰ নিৰ্দ্ধাৰণ হৈ থাকে। মুদ্ৰা ব্যৱস্থাত মুদ্ৰাৰ মাধ্যমেৰেই বস্তুৰ দৰ নিৰ্ণয় হয়। মুদ্ৰাৰ পৰিমাণেৰে স্থিৰ কৰা বস্তুৰ দৰে বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত ভাৰসাম্য স্থাপন কৰে।

(ঙ) বিতৰণৰ ক্ষেত্ৰতঃ উৎপাদন কাৰ্য্যৰ বিভিন্ন সামগ্ৰী বা উপাদানৰ মূল্য মুদ্ৰাৰ ৰূপত পৰিমাপ কৰা হয়। মজুৰি বা দৰমহা ইত্যাদিও মুদ্ৰাৰ পৰিমাণেৰে প্ৰদান কৰা হয়। উৎপাদকৰ আয়-ব্যয়ৰ হিচাপেও মুদ্ৰাৰ যোগেদি কৰা হয়। ব্যৱসায়-বাণিজ্যৰ লাভ লোকচান আদিও মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয় ।

৫০। মুদ্ৰাৰ কু-ফলসমূহ কি কি? (What are the evils effect of money?) 

উত্তৰঃ মুদ্ৰাৰ উল্লেখযোগ্য কু-ফল সমূহ হ’ল—

(ক) মুদ্ৰাৰ প্ৰতি অতি লোভ ব্যক্তি আৰু সমাজ উভয়ৰ বাবে হানীকৰ। মুদ্ৰাৰ লোভত পৰি লোক দুৰ্নীতিৰ আশ্ৰয় লয় আৰু কেতিয়াবা সামাজিক মূল্যবোধো হেৰুৱাই পেলায়।

(খ) মুদ্ৰাৰ প্ৰচলন হেতু অধিক লাভৰ বাবে ব্যৱসায়ীসমূহৰ মাজত ফটকা বজাৰৰ উদ্ভৱ হয়। ভৱিষ্যতৰ দূৰ কল্পনা, অনিশ্চয়তা ইত্যাদি উৎপাদন বিকাশৰ মনোযোগ বিঘ্নিত কৰে।

(গ) মুদ্ৰাৰ মূল্যৰ স্থিৰতা বস্তু-সেৱাৰ চাহিদা যোগানৰ পৰিপ্ৰেক্ষিতাত অতি স্পৰ্শকাতৰ। ফটকা বজাৰেও মুদ্ৰাৰ মূল্যক অস্থিৰ কৰি তোলাত সহায় কৰে ৷

(ঘ) মুদ্ৰাৰ মূল্য কমি গ’লে মুদ্রাস্ফীতি আৰু মুদ্ৰাৰ মূল্য বৃদ্ধি পালে মুদ্ৰাৰ অৱস্ফীতিয়ে দেখা দিয়া হেতু বিভিন্ন জনগোষ্ঠীৰ আয়ৰ পুনৰ বিচৰণ হোৱাত অর্থনীতিয়ে ভাৰসাম্য অৱস্থা হেৰুৱাই পেলায়।

(ঙ) অতি সোকালে মুদ্ৰা অৰ্জনৰ লালসাত দুৰ্নীতি, চোৰাং ব্যৱসায়, অবৈধ লেনদেন ইত্যাদিৰ জৰিয়তে কলা মুদ্ৰা আৰু সমান্তৰাল অবৈধ অর্থনীতি গা কৰি উঠে আৰু ইয়াৰ যাৱতীয় কুফল সমাজৰ সৰ্বস্তৰত দেখা দিয়ে।

ৰচনাধর্মী প্রশ্নোত্তৰঃ  

১। বজাৰৰ নেটৱৰ্ক দৃষ্টিভংগীটো বিশ্লেষণ কৰা। (Analyze the market network perspective.) 

উত্তৰঃ অনিশ্চয়তাৰ সন্মুখীন হৈ গাঁথনিবাদীসকলৰ বাবে সামাজিক নেটৱৰ্ক হৈছে সহযোগিতামূলক আচৰণ আৰু বিশেষাধিকাৰপ্ৰাপ্ত তথ্য আৰু প্ৰাসংগিক জ্ঞান ভাগ-বতৰা কৰা, বিশ্বাস সৃষ্টি কৰা আৰু বিপদাশংকা হ্ৰাস কৰা আৰু অনিশ্চয়তা তথ্যৰ বিপৰীতে জ্ঞানত এক সামাজিক প্রেক্ষপট অনুসৰি ব্যাখ্যা অন্তর্ভুক্ত থাকে। যদিও তথ্যবোৰ সাধাৰণতে সহজে স্পষ্ট আৰু স্থানান্তৰ কৰা বুলি বৰ্ণনা কৰা হয়, বস্তুনিষ্ঠভাৱে ‘সামাজিক সত্য’ হিচাপে থিয় হৈ থকা, প্রাসংগিক বা মৌন জ্ঞান কেৱল মানুহৰ মাজত সামাজিক আদান প্ৰদানৰ দ্বাৰা স্থানান্তৰিত হয় আৰু ‘উদ্দেশ্যমূলক’ সংহিতাকৰণ প্ৰতিৰোধ কৰে। জ্ঞান হৈছে বজাৰৰ এটা নিৰ্মাণ খণ্ড। উদাহৰণস্বৰূপে উদীয়মান প্ৰযুক্তিৰ বাবে বজাৰত এক আন্তঃসাংগঠনিক নেটৱৰ্ক থাকে, য’ত সামগ্ৰীবোৰ সম্পূৰ্ণৰূপে অনুকূলিত কৰা হয়। অধিক মানক গণবজাৰৰ ভিতৰত এটা নেটৱৰ্কৰ সৈতে তুলনা কৰে। তেওঁলোকে দেখিলে যে প্রাসংগিক আৰু অ-মানক জ্ঞান স্থানান্তৰৰ সৈতে সম্পর্কিত অন্তর্নিহিত সমস্যাটোৱে সূক্ষ্ম স্তৰৰ সম্পৰ্কৰ গাঁথনি কঠোৰ কৰি তুলিছে, যাৰ ফলত প্রযুক্তি বিশেষজ্ঞসকল যোগাযোগৰ কেন্দ্ৰত আছে।

নেটৱৰ্ক বিশ্লেষকসকলে প্ৰায়ে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে যে বিভিন্ন প্ৰেক্ষাপটত সামাজিক সম্পৰ্কৰ জৰিয়তে বজাৰৰ অনিশ্চয়তা হ্ৰাস বা পৰিচালনা কৰা হয়। তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছিল যে সামাজিক নেটৱৰ্কৰ জৰিয়তে আধা একত্ৰীকৰণে কেনেদৰে স্কেল আৰু কাৰ্যকৰী নমনীয়তা দুয়োটা অর্থনীতি উপভোগ কৰে, যিবোৰ বজাৰৰ অনিশ্চয়তাৰ সন্মুখীন হ’বলৈ প্ৰয়োজনীয়। এক সাধাৰণ উদাহৰণ হৈছে বিনিয়োগ বেংকবোৰৰ মাজত সম্পৰ্কীয় ব্যৱস্থাপনা সম্পর্কে পোডলনিৰ অধ্যয়ন। তেওঁ কয় যে সংগঠনবোৰে বিনিময় অংশীদাৰ বাছনি কৰাত বিশেষত্বৰ নীতি গ্ৰহণ কৰি বজাৰৰ অনিশ্চয়তাৰ সমস্যাটো দূৰ কৰে। বজাৰৰ অনিশ্চয়তা যিমানে বেছি হৈছিল, সংগঠনবোৰে অতীতত যিসকলৰ সৈতে লেন-দেন কৰিছিল তেওঁলোকৰ সৈতে একে স্থিতিৰ লোকসকলৰ সৈতে সম্পৰ্ক বিনিময়ত লিপ্ত হ’ব।

সামাজিক নেটৱৰ্কবোৰে প্ৰায়ে এক প্রতিষ্ঠানগত পৰিৱেশৰ সমতুল্য আংশিক কার্য হিচাপে কাম কৰে। গুচেভা আৰু ৰোনা-টাছে দেখিলে যে ৰাছিয়াৰ বেংকবোৰত অনিশ্চয়তাক গণনামূলক সম্ভাৱ্য বিপদাশংকালৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰতিষ্ঠানগত ভিত্তিৰ অভাৱ আছে। ফলস্বৰূপে, বেংকবোৰে উচ্চ পৰিমাণৰ অনিশ্চয়তাৰ সন্মুখীন হয়। ফলস্বৰূপে তেওঁলোকে বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকৰ বিদ্যমান সামাজিক সম্পর্ক সম্প্ৰসাৰিত কৰি, আন সম্পর্ক গঢ়ি তোলে আৰু আনকি তেওঁলোকৰ গ্ৰাহকৰ নিজা নেটৱৰ্ক ব্যৱহাৰ কৰে ।

ৰাষ্ট্ৰীয় ঔদ্যোগিক আৰু ব্যৱসায়িক কামৰ গাঁথনি নাটকীয়ভাৱে পৃথক হয়, এনেদৰে নেটৱৰ্ক ৰণনীতিৰ চৰ্তসাপেক্ষ নির্ধাৰণৰ বাবে সমৃদ্ধ প্ৰসংগ প্ৰদান কৰে।

নেটৱৰ্কৰ গাঁথনি সামাজিক অন্তর্ভুক্তিৰ একমাত্ৰ প্ৰাসংগিক দিশ নহয় যি মূল্যক প্ৰভাৱিত কৰে। মূল্যবোধ মূল্যাংকন কৰাৰ ক্ষেত্ৰত অংশীদাৰী জ্ঞান হৈছে এক মূল্যৱান সামাজিক সম্পদ, বিশেষকৈ যেতিয়া মূল্যাংকনৰ একাধিক উৎস বিদ্যমান থাকে, যেতিয়া নৈতিক অনুশীলনৰ দ্বাৰা সীমা নিৰ্ধাৰণ কৰা হয় বা যেতিয়া বিপদাশংকাৰ মূল্যবোৰ অস্পষ্ট হয়। ইয়াৰ অৰ্থ হৈছে যে কিছুমান বজাৰত, নির্দশনবোৰক অর্থনৈতিক মূল্য নিৰ্ধাৰণ কৰাৰ বাবে সামগ্ৰী বা অভিনেতাসকলৰ অন্তৰ্নিহিত বা প্ৰাসংগিক জ্ঞানৰ প্ৰয়োজন।

২। বজাৰৰ সাংস্কৃতিক দৃষ্টিভংগীটো বিশ্লেষণ কৰা। (Analyze the cultural perspective of the market.) 

উত্তৰঃ বজাৰৰ সাংস্কৃতিক দৃষ্টিভংগীৰ পৰা নৈতিক বজাৰলৈকে অর্থনৈতিক সমাজবিজ্ঞানীসকলে এই ধাৰণাটো অস্বীকাৰ কৰে যে অর্থনীতিবিদসকলে তেওঁলোকৰ বিকল্পৰ পৰিণামৰ বিষয়ে নিখুঁত আৰু সম্পূৰ্ণ জ্ঞান আৰু তথ্যৰ ওপৰত আধাৰিত কৰি নিখুঁত যুক্তিসংগত বাছনি কৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে দাবী কৰে যে অর্থনৈতিক কার্যকলাপ, বিশেষকৈ অনিশ্চয়তাৰ পৰিস্থিতিত, প্ৰতিষ্ঠানিক সন্মিলন, ৰীতি-নীতি, নিয়ম ভাগ-বতৰা কৰা জ্ঞান, অভিব্যক্তিপূৰ্ণ চিহ্ন আৰু ‘টুলকিট’ হিচাপে ব্যৱহৃত স্বীকৃত স্ক্রিপ্ট বা কাৰ্যৰ প্ৰৱন্ধিত সংগ্ৰহৰ দ্বাৰা গঢ় লৈ উঠে। তদুপৰি এই সাংস্কৃতিক সংগ্রহবোৰে বিপদাশংকা বা এক অনিশ্চিত ভৱিষ্যতৰ বিৰুদ্ধে সুৰক্ষামূলক সামাজিক সঁজুলি হিচাপে কাম কৰে। এই অর্থনৈতিক মানসিক আৰ্হি, প্রথা বা অভ্যাসবোৰে প্ৰয়োজনীয়তা নাইকীয়া কৰে ।

জটিল গণনাৰ বাবে যিকোনো সামাজিক কাৰ্য হৈছে বিৰল সম্পদ। নিশ্চিতভাৱে সাংস্কৃতিক ব্যাখ্যা আৰু আইন অর্থনীতিবিদসকলৰ সামাজিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, ব্যৱসায়িক লোকসকলে মধ্যমীয়া লোকৰ লাভজনক ভূমিকা উপভোগ কৰা উদ্যোগীসকলৰ ভূমিকা পালন কৰিবলৈ অভ্যস্ত হ’ব পাৰে, ঠিক যেনেদৰে কিছুমান অনুপ্ৰৱেশকাৰী বা জাতিগত গোটত অভ্যস্ত হ’ব পাৰে। ইয়াৰ বিপৰীতে, নিম্ন শ্ৰেণীৰ লোকসকলে শ্রমিক শ্ৰেণীৰ সংস্কৃতি বা তেওঁলোকৰ স্থিতি গোট প্ৰকাশ কৰিবলৈ ব্যৱহৃত সাংস্কৃতিক সোৱাদ আৰু শৈলী অনুসৰণ কৰিব পাৰে। অৰ্থনৈতিক মানসিকতা বা অভ্যাস সামাজিকভাবে সংগঠিত আৰু নিৰ্ধাৰিত আৰু সেয়েহে সীমাবদ্ধ। ই পৰিস্থিতিত আৰু সীমিত স্বতঃস্ফূর্ততা যি পৰম্পৰাগত, চর্তসাপেক্ষ উদ্দীপনাৰ দ্বাৰা প্ৰভাৱিত হয়। ধাৰণা কৰিব পাৰি সাংস্কৃতিক প্রদর্শনবোৰে বিশেষকৈ অনিশ্চয়তাৰ অধীনত অধিক গুৰুত্বপূৰ্ণ স্থান দখল কৰে। বান্দেলজে সমাজতান্ত্ৰিক পৰৱৰ্তী স্লোভেনিয়াত বিদেশী বিনিয়োগক লৈ হোৱা ৰাজহুৱা বিতৰ্কৰ সাংস্কৃতিক বস্তুবোৰৰ ঘটনা ব্যৱহাৰ কৰি এই বিষয়টো বৰ্ণনা কৰে, য’ত প্ৰতিষ্ঠানগত পৰিস্থিতিৰ আমূল ৰূপান্তৰ হৈছিল। অর্থনৈতিক পৰিণাম অনিশ্চিত আৰু ‘একাধিক আনকি বিৰোধী’ স্ক্রিপ্ট ব্যৱহাৰ কৰা সামাজিক অর্থনীতিবিদসকলৰ দ্বাৰা ধাৰণা কৰা হ’ব পাৰে, ৰাজহুৱা বিতৰ্কবোৰ অৰ্থনীতিবিদসকলৰ সামাজিক পৰিচয় আৰু সমাজবাদৰ পিচৰ ঐতিহাসিক আৰু বৃহত্তৰ গাঁথনিগত পৰিস্থিতিৰ দ্বাৰা গঢ় লৈ উঠে।

সংস্কৃতি এক বিমূর্ত প্রণালী নহয়, কিন্তু সামাজিকভাৱে আৱদ্ধ প্রদর্শন। অর্থনৈতিক জীৱনৰ ওপৰত সংস্কৃতিৰ প্ৰভাৱ প্ৰতিষ্ঠানগত আৰু সামাজিক আদান-প্ৰদানৰ জৰিয়তে হ্ৰাস কৰা হয় কিয়নো অর্থনৈতিক সংস্কৃতি প্রতিষ্ঠানগত সজুঁলিৰ দ্বাৰা সুৰক্ষিত, চলিত ফ্ৰেমৰ জৰিয়তে পৰিচালিত হয়, যিবোৰ ব্যক্তি আৰু সংগঠিত গোটৰ সামাজিক সম্পৰ্কৰ দ্বাৰা শক্তিশালী হয় যিয়ে যুটীয়াভাৱে বজাৰৰ ক্ষেত্ৰত তেওঁলোকৰ সাংস্কৃতিক সঁজুলি নিৰ্মাণ কৰে। এক অধিক শেহতীয়া সাংস্কৃতিকতাবাদীয়ে দাবী কৰিছে যে, বজাৰখন কেৱল এক ‘বিনিময় ক্ষেত্ৰ’ নহয়, এক সাংস্কৃতিক আৰু প্ৰতিষ্ঠানগত প্রকল্প যি কেৱল অর্থনৈতিক কার্যক সংজ্ঞায়িত নকৰে, লগতে সমাজৰ সামূহিক পৰিচয়কো আকাৰ দিয়ে। এই দৃষ্টিভংগীৰ এটা মুখ্য উদাহৰণ হৈছে বজাৰ সমাজৰ নৈতিক দৃষ্টিভংগীৰ ওপৰত ফোৰকেড আৰু হিলিৰ সংবাদপত্র। ফোৰকেড আৰু হিলিয়ে সাংস্কৃতিকতাবাদী গাঠনিটো অধিক মৌলবাদী দৃষ্টিভংগীলৈ স্থানান্তৰিত কৰে ৷ তেওঁলোকে বজাৰবোৰক সাংস্কৃতিক পৰিঘটনা আৰু নৈতিক প্ৰকল্প হিচাপে চিত্ৰিত কৰে, এনে প্রকল্পবোৰ ব্যৱহাৰিকভাৱে উপলব্ধি কৰা প্ৰণালী আৰু কৌশলবোৰ অধ্যয়ন কৰাৰ বাবে এক কাৰ্যসূচী নিৰ্ধাৰণ কৰে। তেওঁলোকে ব্যক্তি বা সমাজৰ মাজত নৈতিক সীমা সৃষ্টিত বজাৰৰ ভূমিকা দেখুৱাই বজাৰ সমাজৰ নৈতিক উপাদানবোৰ প্ৰদৰ্শন কৰে আৰু ‘আদর্শব্যক্তি’ৰ নৈতিক গুণ নিৰ্ধাৰণ কৰে। বজাৰ সমাজৰ নীতি-নিৰ্দেশ আৰু গণনামূলক সংস্থাৰ অন্যান্য প্রতিষ্ঠান সম্পর্কেও নিয়মীয়া দিশ আছে, যি ‘দক্ষতা’ৰ দৰে মহামাৰী ধাৰণাবোৰক এক নৈতিক গুণলৈ উঠায়। ইয়াৰ উপৰিও অর্থনৈতিক নীতি আৰু আলোচনা নিয়মগতভাৱে পৰিপূৰ্ণ। তেওঁলোকৰ উমৈহতীয়া আৰু অধিক বিস্তৃত দুয়োটা ৰূপত, ন্যায্য মূল্য, ন্যায্য মজুৰি, নিৰপেক্ষ প্রতিযোগিতা আৰু এতিয়া ন্যায্য বাণিজ্যৰ বিষয়ে নৈতিক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰা হৈছে যে বস্তুবোৰৰ প্ৰকৃত মূল্য কি বা কিমান শক্তিশালী আৰু অত্যাধিক। পৰিৱেশ প্ৰদূষণ সম্পর্কে তিনিটা মুখ্য আইনী গোচৰৰ বিষয়ে মেৰিয়ন ফোৰকেডৰ অধ্যায়নত এই পদ্ধতিটো প্ৰদৰ্শিত হৈছে। ফোৰকেডে সেই পৰিস্থিতিবোৰৰ সৈতে সম্পর্কিত কৰে যাৰ অধীনত ক্ষতিকাৰক নৈতিক পদক্ষেপ আর্থিক মূল্যাংকনৰ সৈতে সম্পর্কিত। তেওঁ সমাজত ব্যক্তিগত মূল্যৰ মাপ হিচাপে ধনৰ সাধাৰণ স্থিতিৰ ফালে আঙুলিয়ায় আৰু আকৃতি নিৰ্মাণকাৰীসকলে আর্থিক মূল্য আহৰণ কৰাৰ বাবে ব্যৱহাৰ কৰে আকৰ্ষণীয় সঁজুলিবোৰ য’ত মূল্যৰ মান নিশ্চিত কৰা কঠিন হয়।

৩। প্রখ্যাত নৃবিজ্ঞানী মেলিনস্কিৰ ‘কুলাচক্র’ (Kularing) তত্ত্ব সম্পর্কে বহলাই আলোচনা কৰা। (Discuss in detail the famous anthropologist Melinowski’s theory of Kularing.)

উত্তৰঃ মেলিনস্কি তেওঁৰ বিখ্যাত ‘এথনোগ্রাফিক’ গ্ৰন্থত কুলাচক্র সম্পর্কে আলোচনা কৰিছে। ১৯২২ চনত মেলিনস্কিয়ে প্রথম এটা পাশ্চাত্য সমাজ ব্যতীত আন সমাজৰ অৰ্থনৈতিক বিনিময় ব্যৱস্থাৰ পূৰ্ণাঙ্গ বর্ণনা দাঙি ধৰিছে। কিন্তু ১৯২২ চনৰ পিছৰ পৰা বহু নৃবিজ্ঞানী পাৰস্পৰিক আদান-প্ৰদানৰ ব্যাখ্যা প্ৰসঙ্গত কুলাচক্ৰৰ অৱতাৰণা কৰিছে। ভাৰসাম্যপূৰ্ণ পাৰস্পৰিক আদান প্রদান (Balance Reciprocity) ৰ ব্যাখ্যা দিব গৈ নৃবিজ্ঞানী মেলিনস্কি কুলাচক্ৰৰ বিশদ বিৱৰণ দিছে।

কুলা হৈছে এটা লেন-দেন ব্যৱস্থা যি কাৰ্যকৰী কৰা হয় বৃত্তাকাৰত সজোৱা কিছুমান দ্বীপত বসবাসকাৰী বিভিন্ন গোষ্ঠীৰ মাজত। এইটো এটা ট্ৰাবিয়াণ্ড শব্দ। শব্দটোৰ দ্বাৰা এই প্ৰথাৰ  ক্রিয়াসমূহ, বিনিময় হোৱা দ্রব্যাদি সকলোকে বুজায়। কুলাচক্ৰ বুজাৰ হৈ Carol R Ember আৰু Melvin Ember তেওঁলোকৰ “Anthropology” গ্ৰন্থত কৈছে “Kula Ring is a ceremonial exchange of value shell ornaments in the Trobriand island, in which white shell armbands are traded around the islands in a counter clockwise direction and red shell necklaces are traded clockwise” অৰ্থাৎ কুলাচক্ৰ ট্ৰাবিয়াণ্ড দ্বীপপুঞ্জৰ শামুক দ্বাৰা নিৰ্মিত মূল্যবান অলংকাৰৰ এটা আনুষ্ঠানিক বিনিময় ব্যৱস্থা য’ত বগা শামুকৰ দ্বাৰা তৈয়াৰ হাতৰ খাৰু ব্যৱসায়ৰ নিমিত্তত দ্বীপপুঞ্জৰ চাৰিওফালে ঘড়ীৰ কাঁটাৰ বিপৰীত ক্ৰম অনুসৰি ঘূৰে আৰু ৰঙা শামুকৰ নিৰ্মিত ডিঙিৰ হাৰ যি ঘড়ীৰ কাটা যিফালে ঘূৰে ঠিক সেইদৰে ঘূৰে। গতিকে কুলা হৈছে এটা আনুষ্ঠানিক ব্যৱসায় যি বিভিন্ন দ্বীপত বসবাসকাৰী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ। এইবোৰ জনগোষ্ঠী যি অঞ্চলত বাস কৰে সেইবোৰ মিলি এটা বৃত্তৰ দৰে দেখা যায়। গতিকে এইটোক এটা চক্ৰ কোৱা হৈছে।

কুলাচক্ৰ দুটা দ্ৰব্য সামগ্ৰীক কেন্দ্ৰ কৰি আৱৰ্তিত। এটা হৈছে ৰঙা শামুকৰ মালা আৰু আনটো বগা শামুকৰ হাতবন্ধ (Armband)। এই গহণাবোৰ সামাজিকভাৱে স্বীকৃত আৰু খুবেই মূল্যৱান। হাতবন্ধ ডাঙৰ শামুকৰ মোটা প্রান্থ কাটি বনোৱা হয়। ইয়াৰ দ্বাৰা বনোৱা গহণাবোৰ খুবেই মৰ্যাদাপূর্ণ। যিটো বেছি কাৰুকাৰ্য সমৃদ্ধ সেইটো বেছি মূল্যৱান। ট্রাবিয়াণ্ডবাসীসকল হাতবন্ধক পুৰুষৰ লগত আৰু কণ্ঠহাৰক নাৰীৰ ঘৰৰ লগত তুলনা কৰি থাকে। এটা দ্ৰৱ্যৰ লগত আনটো পূৰ্ণ বিনিময় দিয়াৰ লগত তুলনা কৰা হয়।

দ্বীপত বসবাসকাৰীসকলৰ মনোনীত আৰু প্ৰচলিত গহণা ৰঙা শামুকৰ কণ্ঠহাৰ আৰু বগা শামুকৰ হাতবন্ধ (Mwali) সিহঁতৰ পৰস্পৰৰ মাজত প্ৰদান কৰি থাকে। যিবোৰ ব্যক্তি কুলাচক্ৰৰ লগত জড়িত তেওঁলোক সকলোৱে মর্যাদাবান হিচাপে স্বীকৃত। এইবোৰ ব্যক্তিৰ আকৌ কিছুমান বেলেগ বৈশিষ্ট্য থাকে। তেওঁলোক ব্যৱসায় সংক্রান্তীয় নিয়ম-কানুন অৱহিত থাকে আৰু তেওঁলোকে যাদু সম্পর্কে জ্ঞান লাভ কৰে। গহণাবোৰ চক্ৰকাৰে ঘূৰাৰ সময়ছোৱাত যেতিয়া হাত বদলি কৰা হয় তেতিয়া অৱশ্যেই চক্ৰৰ নিয়ম সঠিকভাৱে মানি চলা হয়।

কুলা সংক্রান্তীয় কৰ্ম-কাণ্ডৰ প্ৰধান উদ্দেশ্য পৰিৱেশগত আৰু সামাজিকভাৱে ভিন্ন দ্বীপবোৰৰ মাজত বিভিন্ন উৎপন্ন দ্ৰব্য সৰবৰাহ কৰে। বাহ্যিকভাৱে এইবোৰ লেন-দেনৰ লগত আন বহুতো যোগাযোগ, ক্রিয়া-কৰ্ম আৰু আচৰণ আদি সম্পর্কিত থাকে। কুলাৰ এটা চক্ৰ ঘূৰি আহোতে বহুদিন সময় লাগে। কিন্তু বিনিময় ব্যৱস্থা সদায় অব্যাহত থাকে। কিয়নো কুলাচক্ৰৰ লগতে তেওঁলোক উৎপাদিত দ্রব্য সামগ্ৰীৰ আদান-প্রদানো কৰি থাকে। নৃবিজ্ঞানীসকলৰ মতে কুলাচক্ৰৰ প্রকাশ্য উদ্দেশ্য হৈছে কোনো ব্যক্তিৰ নাম আৰু খ্যাতি সৃষ্টি কৰা। মেলিনস্কিৰ মতে কুলা বিনিময়ৰ সন্তুষ্টি বৰ্তাই আছে তেওঁলোকৰ মৰ্যাদা আৰু অনুভূতিক কেন্দ্ৰ কৰি আৰু ইয়াক সমাজ সংহতিৰ এটা প্ৰক্ৰিয়া হিচাপে দেখা উচিত। এই প্ৰক্ৰিয়াত যিসকল লেন-দেন চলি থাকে তাত অংশীদাৰসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় হয়। কুলাৰ মূল্য দ্রব্যাদিৰ লগতে অন্যান্য দ্রব্যাদিৰ বিনিময় হৈ থাকে। যাৰ ফলত ব্যৱসায়-বাণিজ্যৰ এটা পথ উন্মোচিত হয়। পৰিৱেশগত কাৰণত ভিন্ন ভিন্ন দ্বীপত উৎপন্ন দ্ৰব্য  আৰু ভিন্ন হৈ থাকে। কুলাৰ পৰিভ্ৰমণত তেওঁলোকৰ প্ৰয়োজনীয় বস্তু-বাহানিৰ আদান-প্রদান ঘটে। মেলিনস্কি আৰু তেওঁৰ অনুসৰণকাৰী নৃবিজ্ঞানীসকলৰ ব্যাখ্যাত কুলা প্ৰথাৰ গুৰুত্ব হৈছে এখন সমাজৰ মানুহসকলৰ মাজত পাৰস্পৰিক সৌন্দৰ্য আৰু মৰ্যাদাক উন্নত কৰা। কিয়নো এই প্ৰথাৰ এফালে যেনেকৈ মানুহৰ মর্যাদা বৃদ্ধি পায় আনফালে এটা সহানুভূতিশীল মানৱ সমাজৰ সৃষ্টি হয়।

৪। নৃতাত্ত্বিকৰ মতে পাৰস্পৰিক আদান-প্রদান কেই প্ৰকাৰৰ আৰু কি কি আলোচনা কৰা। (According to anthropologists, how many types of reciprocity and what are they? Discuss.) 

উত্তৰঃ নৃবিজ্ঞানীসকলে তিনিধৰণৰ পাৰস্পৰিক আদান-প্ৰদানৰ কথা উল্লেখ কৰিছে। সেইবোৰ হ’ল—

(ক) সাধাৰণ পাৰস্পৰিক আদান-প্রদান (Generalized reciprocity)। 

(খ) ভাৰসাম্যপূৰ্ণ পাৰস্পৰিক আদান-প্রদান (Balanced reciprocity)।

(গ) নেতিবাচক পাৰস্পৰিক আদান-প্রদান (Negative reciprocity)।

(ক) সাধাৰণ পাৰস্পৰিক আদান-প্রদান (Generalized reciprocity): সাধাৰণ পাৰস্পৰিক আদান-প্ৰদান ৰীতিত কোনো ব্যক্তিয়ে আন কোনোবাক তেওঁৰ প্ৰয়োজনত দ্রব্য সামগ্ৰী প্ৰদান কৰি থাকে। এইক্ষেত্ৰত উপহাৰ প্ৰদান কৰা হয় তাক যাৰ লগত ঘনিষ্ঠ আত্মীয়তাৰ সম্পর্ক আছে। কিন্তু দাতা সেই দানৰ কোনো প্রতিদানৰ আশা নকৰে এই প্ৰসংগত Carol R. Ember আৰু Melvin Ember এ কৈছে, “This is gift giving without any immediate or planned return” অর্থাৎ “সাধাৰণ পাৰস্পৰিক আধান-প্রদান সম্পর্কিত উপহাৰ হৈছে সেই দান যিটোৰ শীঘ্ৰে আৰু পৰিকল্পিত কোনো প্রতিদান নাথাকে।”

আনকি যদি কোনোবা দানৰ উপহাৰ গ্ৰহণ কৰি দাতাক প্ৰতিদান দিবলৈ অক্ষম হয় তথাপিও  দাতাৰ পৰা তেওঁ পুনৰাই দান লাভত বঞ্চিত নহয়। সন্তান-সন্ততি, স্বামী-স্ত্রী, ভাই-ভনী, নাতি- নাতিনী আনকি অতি ঘনিষ্ঠ বন্ধুজনৰ মাজতো এইধৰণৰ পাৰস্পৰিক লেন-দেন ঘটি থাকে।

(খ) ভাৰসাম্যপূৰ্ণ পাৰস্পৰিক আদান-প্রদান (Balanced reciprocity): ভাৰসাম্যপূর্ণ আদান-প্রদান সংঘটিত হয় অলপ দূৰ সম্পৰ্কৰ মানুহসকলৰ লগত বিশেষকৈ যিসকল নিজৰ গোট বা বসতিৰ বাহিৰত অৱস্থান কৰে। ভাৰসাম্য আদান-প্রদান ৰীতি সাধাৰণ আদান-প্ৰদান ৰীতিতকৈ ব্যতিক্ৰম। কিয়নো ভাৰসাম্যপূৰ্ণ পাৰস্পৰিক আদান-প্ৰদানৰ ক্ষেত্ৰত দাতা অৱশ্যে নিৰ্দিষ্ট সময়ত বা পিছলৈ হ’লেও প্রতিদান আশা কৰে। প্ৰতিদান নাপালেও দাতা পুনৰাই কোনো বিশেষ গ্রহীতাক দান উপহাৰ নিদিবও পাৰে। দাতা গ্রহীতাৰ পৰা প্ৰতিদান নাপালেও ক্ষুণ্ণ হয় আৰু গ্ৰহীতা সম্পৰ্কে বেয়া মন্তব্য কৰে। পৰৱৰ্তী কালত দাতা সেই গ্ৰহীতাক আৰু কোনো উপহাৰ দিব নিবিচাৰে।

(গ) নেতিবাচক পাৰস্পৰিক আদান-প্রদান (Negative reciprocity): নেতিবাচক আদান-প্ৰদানত গ্রহীতাৰ পৰা অধিক বিনিময় পাবলৈ আশা কৰে। এইক্ষেত্ৰত লেন-দেনৰ 

সময়ত দাতা আৰু গ্ৰহীতাৰ মাজত নিলাম সৃষ্টি হয়। আধুনিক কালৰ বজাৰ ব্যৱস্থাত এইধৰণৰ লেন-দেনৰ পৰিচয় ঘটে। দাতা সদায় মুনাফাৰ প্ৰতি লক্ষ্য ৰাখিহে দান কৰি থাকে। আধুনিক কালৰ বিনিময় ব্যৱস্থা হৈছে মুদ্রা। কিন্তু তৎকালীন সমাজত বিনিময়ৰ মাধ্যম আছিল দ্রব্য সামগ্রী। নেতিবাচক আদান-প্ৰদানৰ ক্ষেত্ৰত দাতা চেষ্টা কৰে গ্ৰহীতাৰ পৰা বিনিময়ত অলপ বেছি পৰিমাণ বা বেছি দ্রব্য সামগ্ৰী পাবলৈ। 

৫। পাৰস্পৰিক আদান-প্ৰদানৰ গুৰুত্ব আৰু উদ্দেশ্য সম্পর্কে আলোচনা কৰা। (Discuss the importance and purpose of reciprocity.) 

উত্তৰঃ মানুহ সামাজিক জীৱ। সমাজক বাদ দি মানুহক কল্পনা কৰা নাযায়। সমাজত বসবাস কৰিবলৈ গৈ মানুহে পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলে। কিয়নো মানুহ অকলশৰীয়া হৈ থাকিব নোৱাৰে। স্বাভাৱিক প্ৰয়োজনতেই এজন আনৰ ওপৰত নিৰ্ভৰশীল হয়। কোনোবাই কাৰোবাক দিয়ে আৰু কোনোবাই কাৰোবাৰ পৰা গ্ৰহণ কৰে। এই লেন-দেনৰ মাধ্যমেদি মানুহৰ জীৱনৰ গতি অব্যাহত থাকে। পাৰস্পৰিক আদান-প্ৰদানৰ গুৰুত্ব আৰু উদ্দেশ্যসমূহ  হৈছে—

(ক) সামাজিক সংহতি ৰক্ষাৰ বাবেঃ কোনো মানুহ অকলশৰীয়া কৈ বসবাস কৰিব নোৱাৰে। এজনক আনজনৰ সান্নিধ্যত আহিবই লাগে। বিভিন্নভাৱে পাৰস্পৰিক আদান-প্ৰদানৰ মাধ্যমত মানুহ এজনে আনজনৰ নিকটত আহিবলৈ সুযোগ পায় আৰু এনেকে গঢ়ি তোলে পাৰস্পৰিক আন্তৰিক সম্পৰ্ক। যাৰ ফলত সামাজিক সংহতি দৃঢ় হয়।

(খ) পাৰস্পৰিক সম্পৰ্ক উন্নয়নঃ পাৰস্পৰিক আদান-প্ৰদান ৰীতিত দাতা দান কৰে আৰু আনফালে গ্ৰহণকাৰী সেই দান গ্ৰহণ কৰে। দান গ্ৰহণৰ পিচত গ্ৰহীতাই সময়ত সেয়া ঘূৰাই দিয়াৰ বাবে মানসিকভাৱে প্ৰস্তুত থাকে আৰু নৈতিক দায়িত্ব বুলিও ভাবে। পাৰস্পৰিক লেন-দেন প্ৰক্ৰিয়াত কাৰোৰ ক্ষতিৰ সম্ভাৱনা নাথাকে। দাতা গ্রহীতাৰ পৰা অৱশ্যে প্ৰতিদান পাব পাৰে। এনেদৰে সমাজত পাৰস্পৰিক আদান-প্রদান সম্পৰ্কৰ উন্নয়ন ঘটে।

(গ) সামাজিক মর্যাদা বৃদ্ধিঃ যি সমাজত আদান-প্রদান ৰীতি সচল থাকে সেই সমাজত দান কৰাৰ প্ৰৱণতা বৃদ্ধি পায়। যিসকল দান প্রদান কৰিবলৈ সিদ্ধহস্ত সমাজত তেওঁলোকক সন্মানৰ দৃষ্টিত দেখা যায় আকৌ যি ব্যক্তি দান প্ৰদানত কুণ্ঠাবোধ কৰে সমাজত কৃপণ বুলি আখ্যা দিয়া হয়। গতিকে উপহাৰ প্ৰদান আৰু গ্ৰহণ সামাজিক মর্যাদা বৃদ্ধি কৰি থাকে ।

(ঘ) পাৰম্পৰিক সহমর্মিতাৰ সৃষ্টি হয়ঃ পাৰস্পৰিক লেন-দেনৰ মাধ্যমেদি মানুহ এজন আনৰ সান্নিধ্যত অনেক সুযোগ পায়। পাৰস্পৰিক হিংসা-বিদ্বেষ লোপ পায়। কোনো ভাল দ্রব্য পোৱাৰ বাবে সকলোৰে ইচ্ছা থাকে আৰু বিনিময়ৰ মাধ্যমেদি এজনে তেওঁৰ ইন্সিত দ্রব্য পাই থাকে। গতিকে হিংসাৰ বিলোপ হৈ তাত সহমর্মিতাৰ সৃষ্টি হয়।

(ঙ) সামাজিক সম্পর্কৰ উন্নয়নঃ দান-প্রতিদান ব্যৱস্থাত দাতা আৰু গ্ৰহণকাৰী উভয়ে উপকৃত হ’ব পাৰে। যি সমাজত এই ব্যৱস্থা চালু আছে তাত সামাজিক সম্পর্কৰ উন্নয়ন ঘটিছে। এই ক্ষেত্ৰত এজনে দান কৰে আনজনে গ্ৰহণ কৰে আকৌ গ্ৰহণকাৰীয়ে তেওঁৰ দানৰ প্রতিদানো দি থাকে। এনেকৈ দ্রব্য-সামগ্ৰী সকলৰ মাজত আৱৰ্তিত হয় আৰু সকলোৱে ভোগ কৰাৰ সুযোগ পাই থাকে। ইয়াত দ্রব্য ভোগ কৰাত আৰু ব্যৱহাৰত বৈচিত্র্য আহে। খাদ্য সংগ্রহ যুগত খাদ্য বণ্টন সুন্দৰভাবে নিয়ন্ত্ৰিত হৈছিল। আদিম সমাজত কোনো বজাৰ ব্যৱস্থা নথকাৰ কাৰণে বিনিময়ৰ বাবে কোনো স্থান নিৰ্ধাৰিত নাছিল। বিশেষ বিশেষ স্থানত তেওঁলোক বিনিময়ৰ বাবে একত্ৰিত হৈছিল। নৃবিজ্ঞানী বোহাননে কৈছে যে, পশ্চিম আফ্ৰিকাৰ বহু অঞ্চলত বজাৰ বহিছিল। এই বজাৰত অকল লেন-দেনেই নহয় তাত পৰস্পৰৰ লগত সাক্ষাৎ, সংবাদ আদান-প্ৰদান কামবোৰ হৈছিল। অকল সেয়াই নহয় বজাৰত একলগ হৈ তেওঁলোকে পাৰস্পৰিক আলোচনাৰ মাধ্যমেদি ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। এনেদৰে পাৰস্পৰিক আদান-প্ৰদানৰ মাধ্যমেদি সামাজিক সম্পর্ক সুদৃঢ় হয় আৰু তাৰ লগতে ব্যক্তিগত চাহিদাও পূৰ্ণ হৈ থাকে ।

৬। পুনর্বন্টন ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা। (Discuss the redistribution system.) 

উত্তৰঃ ইংৰাজী Redistribution শব্দৰ অৰ্থ হ’ল পুনর্বণ্টন। Carol R. Ember আৰু Melvin Ember এ কৈছে “পৰৱৰ্তী কালত বন্টনৰ উদ্দেশ্য কোনো ব্যক্তিৰ দ্বাৰা অথবা কোনো স্থানত দ্রৱ্য-সামগ্ৰী জমা কৰি ৰখাই পুনর্বণ্টন”। 

সম্পদ পুনর্বণ্টন ৰীতি শিল্প পূৰ্ব সমাজৰ প্ৰধান বৈশিষ্ট্য আছিল। উপজাতি সমাজত পুনর্বন্টন ৰীতি অনুসৰি তেওঁলোকৰ উৎপাদিত দ্রৱ্য-সামগ্ৰীৰ উদ্ধত অংশটো গোত্ৰ প্ৰধানৰ নিকট জমা ৰাখিছিল। গোত্র প্রধান আকৌ এই জমাকৃত দ্রব্য গোত্ৰৰ সদস্যসকলৰ প্ৰয়োজনত পুনর্বণ্টন কৰি দিছিল। এই কাৰ্যত গোত্ৰ প্ৰধানৰ ক্ষমতা, কৰ্তৃত্ব আৰু মৰ্যাদাৰ পৰিচয় প্রকাশ পায়। কিয়নো গোত্র প্রধান বা জনজাতি প্রধান জনগণৰ সম্পদ জমা ৰাখি তেওঁলোকৰ বিপদৰ সময়ত আকৌ তেওঁলোকৰ মাজত বণ্টন কৰি দিয়ে। পুনর্বণ্টন সম্পর্কিত ধাৰণা স্বচ্ছ নহয়। কিয়নো সমাজৰ সকলোবোৰ কেন্দ্ৰীয়ভাবে প্ৰধানৰ নিকট জমা ৰখা হয়। জমা ৰখা সম্পদৰ এটা অংশ পুনর্বণ্টনৰ সময়ত প্ৰধান ইচ্ছা কৰিলে নিজৰ ব্যৱহাৰৰ বাবে ৰাখি দিব পাৰে। ইয়াৰ বাহিৰে জমা ৰখা দ্রব্য সামগ্ৰী আৰু প্ৰসাধনৰ নিজস্ব দ্রব্য-সামগ্রী একে গুদামত ৰখা হয়। তাত কোনটো দ্ৰব্য জনগণৰ, কোনটো নিজৰ বুজা সম্ভৱ নহয় ৷ এটা জনজাতিৰ প্রতিনিধিয়ে হৈছে ট্রাইব প্রধান। মেলিনস্কিৰ মতে ট্ৰাইব প্ৰধান পৰ্যায়ক্ৰমে ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী হয়। তেওঁৰ অধীনস্থ আমোলাসকলক লৈ ট্ৰাইবক শাসন কৰে। কাৰ্ল পোলানীৰ মতে বেবিলন আৰু মিচৰৰ বৃহৎ ৰাজ্যসমূহত পুনর্বণ্টন ব্যৱস্থা চলিছিল। আধুনিক কালত যি পুনর্বণ্টন প্রচলিত আছে তাৰ উদাহৰণ হিচাপে ভিক্টৰ বাৰ্ণাও কৈছে যে, চৰকাৰ সাধাৰণ জনগণৰ পৰা যি ৰাজহ আদায় কৰে সেয়া আকৌ সিহঁতৰ সেৱাৰ বাবে ব্যয় হৈ থাকে। এই দৃষ্টিভংগীতেও সম্পদৰ পুনৰ্বণ্টন হৈ থাকে ।

অৰ্থনৈতিক নৃবিজ্ঞানৰ আলোচনাত পুনর্বণ্টন ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে ফ্রানজ বোৱাচ ককিৱটল পোটলাচে ইয়াৰ বৰ্ণনা দাঙি ধৰিছে। সাধাৰণভাৱে পোটলাচ হৈছে এটা ভোজসভা। সমাজৰ বিভিন্ন অনুষ্ঠান যেনে— ছোৱালীৰ মাহেকীয়া, বিবাহ-মৃতৰ সৎকাৰ আৰু অন্যান্য উৎসৱত পোটলাচ ব্যৱস্থা কৰা হয়।

মূলত পোটলাচ হৈছে সমাজৰ প্ৰধান ব্যক্তিসকলৰ মৰ্যাদাৰ প্ৰতীক আৰু ই এটা অৰ্থনৈতিক পুনর্বণ্টন ব্যৱস্থা। উত্তৰ আমেৰিকাৰ উত্তৰ-পশ্চিম উপকূলৰ অধিবাসীসকলৰ সম্পদৰ বৃদ্ধি ঘটিলে এটা বিশেষ ভোজৰ মাধ্যমত আগত অতিথিসকলৰ আপ্যায়ন আৰু উপহাৰ প্ৰদান কৰি সম্পদ বন্টন কৰা হৈ থাকে। কেৱল মাত্ৰ যিসকলে এটা ভোজ অনুষ্ঠান কৰাৰ দৰে সম্পদ উপাৰ্জন কৰিব পাৰিছিল তেওঁলোকেই ভোজ পাতিছিল। এই অনুষ্ঠানত অতিথিসকলক নিৰ্দিষ্ট সময়ৰ মাজত আপ্যায়নৰ ব্যৱস্থা কৰা হয়। যাৰ ফলত উপহাৰ প্ৰদান অনুষ্ঠান সুন্দৰভাৱে অনুষ্ঠিত হ’ব পাৰে। প্ৰচলিত নিয়ম অনুসৰি এইৰূপ অনুষ্ঠানৰ আয়োজনক তেওঁৰ আত্মীয় স্বজনসকল সুষ্ঠভাৱে অনুষ্ঠানটো পৰিচালনাৰ বাবে বিভিন্নভাৱে সহায় কৰি থাকে। উপহাৰ প্ৰদান অনুষ্ঠানটো এটা জাকজমকপূর্ণ অনুষ্ঠান। এই অনুষ্ঠানৰ মাধ্যমেদি মানুহ তাৰ সম্পদৰ প্ৰদৰ্শন কৰে আৰু মৰ্যাদা বজাই ৰাখে। ইয়াৰ লগতে উপহাৰ গ্ৰহণকাৰীসকলে কৃতজ্ঞতাৰ সৈতে দাতাৰ মঙ্গল কামনা কৰে। গতিকে পোটলাচ এফালে জীৱনৰ বিশেষ সময়ক স্মৰণ কৰি ৰখাৰ ব্যৱস্থা কৰে আনফালে সমাজৰ সংহতি ৰক্ষা কৰে। ইয়াৰ লগত বৃদ্ধি পায় ট্রাইব প্ৰধানৰ মৰ্যাদা আৰু প্ৰতিপত্তি। পোটলাচ উৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে বিত্তবানৰ হাতৰ পৰা বিত্তহীনসকলৰ মাজত সম্পদৰ বণ্টন। এইধৰণৰ উৎসৱৰ আয়োজন কৰাই হৈছে কোনো এজনৰ ধন-সম্পদ খৰচ কৰাৰ উদ্দেশ্য। ধন-সম্পদ যাতে ব্যক্তিৰ হাতত পঞ্জিভূত হৈ নাথাকে সেইবাবেই ভোজ আৰু উপহাৰ প্ৰদানৰ মাধ্যমেদি সম্পদবানৰ সম্পদ খৰচ কৰা হয়। সম্পদৰ পুনর্বন্টন হৈছে এই ব্যৱস্থাৰ প্ৰধান  কাৰ্য। 

৭। বিনিময় প্রথাত বজাৰ ব্যৱস্থাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। (Discuss the role of market system in exchange system.) 

উত্তৰঃ বজাৰ ব্যৱস্থা কেৱলমাত্ৰ দ্ৰব্যৰ বিনিময় অথবা বিক্ৰয় আৰু ক্ৰয় নহয়। এইটো শ্রম, ভূমি, ৰাজহ আৰু ঋণদানৰ মাজত নিহিত হৈ থাকে। অর্থনীতিবিদ আৰু অৰ্থনৈতিক নৃবিজ্ঞানীসকলৰ ধাৰণা মতে পৰিৱৰ্তন অথবা লেন-দেন নিৰ্ভৰ কৰে দ্ৰব্যৰ মূল্যৰ ওপৰত যি নিৰ্ধাৰিত হয় সৰবৰাহ আৰু চাহিদাৰ ভিত্তিত।

শিল্প পূৰ্ব সমাজত কোনো প্ৰকাৰ বজাৰ ব্যৱস্থাৰ কথা শুনা যোৱা নাছিল। কিয়নো চিকাৰ, পশু- পালন আৰু কৃষি সমাজত বজাৰ ব্যৱস্থাৰ প্ৰমাণ নাছিল। কোনো পৰিয়াল যদি স্বয়ংসম্পূর্ণ হয় তেন্তে তাক বজাৰৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে। দ্রব্য বিনিময়ৰ মাধ্যমেদি লেন-দেনৰ কাৰ্য সমাপ্ত কৰিব পাৰে। ভাৰতীয় সমাজত কাৰ্যৰ পাৰিশ্রমিক জজমানী (পৌৰহিত্য) ব্যৱস্থাত পৰিশোধন কৰা হৈছিল। যেনে— এজন নাপিত গোটেই বছৰ চুলি কটাৰ কাম কৰিব, বছৰৰ এটা সময়ত বিশেষকৈ ফচল কটাৰ সময়ত প্ৰয়োজনীয় ফচল দি মজুৰি পৰিশোধ কৰি থাকে।

কামৰ দক্ষতা বৃদ্ধিৰ লগে লগে শ্রম বিভাগৰ প্ৰসাৰতা বাঢ়ি যায়। যাৰ ফলত বিনিময় ব্যৱস্থা বিলুপ্ত হয়। এই প্রেক্ষাপটত পৃথিৱীৰ বিভিন্ন সমাজত বিভিন্ন সময়ত বজাৰ ব্যৱস্থা আৰু মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন হয়। ইউৰোপ, আমেৰিকা আৰু অন্যান্য নাগৰিক সমাজত আধুনিক বজাৰ ব্যৱস্থাৰ সূত্ৰপাত ঘটে। বজাৰ আৰু বজাৰ অৰ্থনীতি এক নহয়। বহু আদিম সমাজত বজাৰ থাকিলেও বজাৰ অৰ্থনীতি গঢ়ি উঠিব পৰা নাছিল। বজাৰ বুলিলে আমি কোনো স্থানক বুজি পাওঁ আৰু মুদ্ৰাৰ বিনিময়ত দ্রব্য কিনা-বেচাক (ক্রয়-বিক্রয়) বুজো।

‌বজাৰ হৈছে সেই স্থান য’ত ক্রয়-বিক্রয় হৈ থাকে। সাধাৰণতে দ্রব্যসামগ্রী কিনা-বেচাৰ উদ্দেশ্যত মানুহ যেতিয়া একত্রিত হয় তেতিয়া সেই স্থানক আমি বজাৰ বুলি কওঁ। বজাৰত দ্ৰব্যৰ চাহিদা আৰু যোগানৰ ওপৰত মূল্য নিৰ্ভৰ কৰে। ইয়াত বিক্ৰেতাই বিচাৰে বেছি দামত বিক্ৰি কৰিব আৰু ক্রেতাই বিচাৰে কম দামত কিনিব। এইদৰে এটা দৰ-দামৰ পৰিৱেশ সৃষ্টি হয়। বজাৰ ব্যৱস্থাৰ বাবে প্ৰয়োজন গ্রহণযোগ্য বিনিময় মাধ্যম মুদ্রা। বার্ণাও কৈছে শিল্প পূর্ব যুগত বজাৰ ব্যৱস্থা নাছিল। কিন্তু তেওঁ এই কথাও কৈছে যে, খ্রীষ্টপূর্ব পঞ্চম শতিকাত এথেন্সৰ আগোৰা নগৰত বজাৰ ব্যৱস্থা আৰু মুদ্ৰাৰ প্ৰচলন আছিল।

ৰবাৰ্ট টেইলৰে কৈছে যে, বজাৰ ব্যৱস্থাৰ উদ্দেশ্য অৰ্থৰ লগত সম্পর্কযুক্ত। ইয়াৰ অৰ্থ এইটো নহয় যে, অৰ্থ সকলো ধৰণৰ দ্ৰব্য আৰু সেৱা কৰ্ম কৰিবলৈ ব্যৱহৃত হয়। ইয়াৰ অৰ্থ হ’ল ‘অর্থ’ একাধিক উদ্দেশ্যত ব্যৱহৃত হয়। যেনে তেওঁ কয়—

(ক) অৰ্থ ক্ৰয়-বিক্ৰয় মাধ্যম হিচাপে ব্যৱহৃত হয়।

(খ) দায়মুক্ত হোৱাৰ কামত যেনে— ঋণ পৰিশোধ, জৰিমনা আদি প্ৰদানৰ কাৰ্যত অর্থ ব্যবহৃত হয়।

(গ) অৰ্থ বিভিন্ন দ্ৰব্যৰ আপেক্ষিক মূল্য নিৰ্ধাৰণ কৰে। অৰ্থাৎ কোনটোতকৈ কোনটো দামী সেয়া মুদ্ৰাৰ মাপকাঠীত বিচার্য। তেওঁৰ মতে, অৰ্থৰ অন্যান্য কার্যৰ মাজত এই তিনিটা প্ৰধান ৷ বজাৰত চাহিদা আৰু যোগানৰ ওপৰত মূল্য নিৰ্ভৰ কৰিব। ক্রেতা-বিক্ৰেতাৰ লগত জ্ঞাতি সম্পৰ্কৰ বন্ধন আছে নে নাই সেইটো বিবেচ্য নহয়। বজাৰ প্ৰতিযোগিতাত দৰ-দামৰ পৰিৱেশ সৃষ্টি হয়। গতিকে বজাৰ ব্যৱস্থাৰ বাবে প্রয়োজন এক বিনিময় মাধ্যম মুদ্রা। মাইক্রোনেচিয়াত সামুদ্রিক প্রাণীৰ চামৰা বিনিময় মাধ্যম হিচাপে ব্যৱহৃত হয়।

৮। পোটলাচ সম্পর্কে লিখা। (Write about Potlatch.)

উত্তৰঃ এজন বিশ্ববিখ্যাত নৃবিজ্ঞানী ফ্রানজ বোৱাচ ককিৱটল পোটলাচ (Kwakiutl Potlatch) সম্পর্কে ব্যাখ্যা দিছিল। ফ্ৰানজ বোৱাচ জাৰ্মানৰ পশ্চিম পালিয়াত জন্মিছিল। তেওঁ আমেৰিকান নৃবিজ্ঞানৰ জনক বুলি খ্যাতি অৰ্জন কৰিছিল। বিংশ শতিকাৰ প্ৰথম দুই দশক ব্যাপী বোৱাচ তেওঁৰ নাম, কৰ্ম, দৰ্শন আৰু ব্যক্তিত্বৰ বাবে আমেৰিকান নৃবিজ্ঞানত একক প্রভুত্ব কৰিছিল। ১৮৯৭ চনত বোৱাচ উত্তৰ আমেৰিকাৰ উত্তৰ-পশ্চিম উপকূলৰ অধিবাসীসকলৰ মাজত এক ব্যাপক গৱেষণা পৰিচালনা কৰিছিল। এই গৱেষণাত তেওঁ ককিউটল ট্রাইব সম্পর্কে ব্যাখ্যা দিছিল ।

অৰ্থনৈতিক নৃবিজ্ঞানৰ আলোচনাত পুনর্বণ্টন ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে ফ্রানজ বোৱাচ ককিউটন পোটলাচৰ বৰ্ণনা দাঙি ধৰিছিল। সাধাৰণভাৱে পোটলাচ হৈছে এটা ভোজ সভা। ককিউটল সমাজত বিভিন্ন অনুষ্ঠানত ভোজ সভাৰ আয়োজন কৰা হৈ থাকে। বিশেষ কৰি ছোৱালীৰ প্ৰথম গাভৰু হোৱা কাল, বিবাহ, মৃত সৎকাৰ আৰু অন্যান্য উৎসৱত পোটলাচৰ ব্যৱস্থা কৰা হয়।

মূলত পোটলাচ হৈছে সমাজৰ প্ৰধান ব্যক্তিসকলৰ মৰ্যাদাৰ প্ৰতীক। সেয়েহে ককিউটল সমাজৰ এই জাকজমকপূর্ণ ভোজ প্রদানক পোটলাচ নামত অভিহিত কৰা হয়। এই প্ৰসংগত Conrad Phillip Kottak এ কৈছে, “Potlatch is a competitive feast among indians on the North Pacific Coast of North America” অর্থাৎ “পোটলাচ হৈছে উত্তৰ আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উত্তৰ উপকূলৰ ভাৰতীয়সকলৰ মাজত এটা প্ৰতিযোগিতামূলক ভোজ অনুষ্ঠান”।

মুঠতে পোটলাচ এটা অর্থনৈতিক পুনর্বণ্টন ব্যৱস্থা। উত্তৰ আমেৰিকাৰ উত্তৰ-পশ্চিম উপকূলৰ অধিবাসীসকলৰ সম্পদৰ বৃদ্ধি ঘটিলে এটা বিশেষ ভোজৰ মাধ্যমেৰে আগত অতিথিসকলৰ আপ্যায়ন আৰু উপহাৰ প্ৰদান কৰি সম্পদৰ বন্টন কৰা হৈ থাকে। কেৱলমাত্ৰ যিসকলে উপাৰ্জন বেছি কৰিছিল তেওঁলোকেই ভোজ অনুষ্ঠান পাতিছিল। প্ৰচলিত নিয়ম অনুসৰি অনুষ্ঠানৰ আত্মীয়-স্বজনসকলে অনুষ্ঠানটো সুষ্ঠভাৱে পৰিচালনাৰ বাবে বিভিন্নভাৱে সহায় কৰি থাকে। এই উপহাৰ প্ৰদান অনুষ্ঠানটো জাকজমকপূর্ণ অনুষ্ঠান। এই অনুষ্ঠানৰ মাধ্যমেদি অনুষ্ঠানকাৰী নিজৰ সম্পদৰ প্ৰদৰ্শন কৰে আৰু নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখে ইয়াৰ লগতে উপহাৰ গ্ৰহণকাৰীসকলে কৃতজ্ঞতাৰ সৈতে অনুষ্ঠানকাৰীক জয়গান কৰে। 

আকৌ কোনো ব্যক্তিৰ মৰ্যাদা ক্ষুণ্ণ হ’লে পোটলাচ অনুষ্ঠানৰ মাধ্যমেদি তেওঁ তেওঁৰ মৰ্যাদাৰ পুনৰুদ্ধাৰৰ চেষ্টা কৰে। সম্পদৰ প্ৰবৃদ্ধিৰ কাৰণেও আত্মীয়-স্বজনৰ মাজত উপহাৰ প্ৰদান উপলক্ষে পোটলাচ অনুষ্ঠিত হৈছিল। আমন্ত্রিত অতিথিসকল নিজৰ নিজৰ সামাজিক মর্যাদাৰ লগত সামঞ্জস্য সাপেক্ষে উপহাৰ পাইছিল। অতিথিসকলক যিসকলে উপহাৰ দিয়া হৈছিল। তাৰ ভিতৰত হৈছে কম্বল, কাঠৰ বাক্‌চ, নাওঁ, মাছৰ তেল ইত্যাদি। ১৮৪৯ ৰ ১৯২৫ চনৰ মধ্যৱৰ্তী সময়ছোৱাত পোটলাচ প্ৰথাৰ পৰিৱৰ্তন সাধিত হয়। নৃবিজ্ঞানীসকলৰ মতে উপহাৰ প্ৰদান অনুষ্ঠান সম্পদ ধ্বংসৰ অনুষ্ঠান হিচাপে বিবেচিত হয়। পৰৱৰ্তী কালত মার্কিন চৰকাৰে এই প্রথা নিষিদ্ধ কৰে। পৰ্যবেক্ষকসকলৰ মতে ককিউটল বা অন্যান্য আমেৰিকান ইণ্ডিয়ান সমাজত অর্থ, সম্পদ মর্যাদাৰ ভিত্তি নহয়। পোটলাচ উৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে সম্পদশালীৰ হাতৰ পৰা সম্পদহীনসকলৰ মাজত সম্পদ বন্টন। এই ধৰণৰ উৎসৱৰ আয়োজন কৰাই হ’ল কোনো এজনৰ ধন-সম্পদ হ্ৰাস কৰাৰ উদ্দেশ্য। ধন-সম্পদ যাতে ব্যক্তিৰ হাতত পুঞ্জিভূত হৈ নাথাকে সেইবাবেই ভোজ আৰু উপহাৰ প্ৰদানৰ মাধ্যমেদি সম্পদশালীৰ সম্পদ খৰচ কৰা হয়। সম্পদৰ পুনৰ্বন্টন এই ব্যৱস্থাৰ প্ৰধান কাম।

৯। মাৰ্চেল মছৰ উপহাৰ তত্ত্ব সম্পৰ্কে বহলাই আলোচনা কৰা। (Discuss in detail the gift theory of Marcel Mauss.) 

উত্তৰঃ মাৰ্চেল মছ (Mauss) ৰ ‘দি গিফট’ৰ ভূমিকাত নৃবিজ্ঞানী ইভান্স-প্রিচার্ডে লিখিছিল যে মছৰ তুলনাত দুৰ্খেইম বহু বেছি দার্শনিক আছিল। তেওঁৰ সকলো প্ৰবন্ধত মছ প্ৰথমতে মনোনিৱেশ কৰে বাস্তৱ ঘটনাৰ প্ৰতি। সেইবোৰক তেওঁ ভালদৰে নিৰীক্ষণ কৰে। মছ বৃহৎৰ পৰিৱৰ্তে সীমিত শাৰীৰ বাস্তৱ ঘটনা জানিবলৈ বা বুজিবলৈ চেষ্টা কৰিছিল আৰু দুৰ্খেইমৰ পদ্ধতি অনুসৰী সদায় ঘটনাক সমগ্ৰতাৰ সৈতে স্থাপন কৰিছিল। “দি গিফট’ত তেওঁ প্ৰাচীন সমাজৰ বিনিময় নিৰীক্ষণ কৰিছিল সামগ্রিক সামাজিক চলন অথবা কার্যকলাপ হিচাপে। মছৰ মতে, এই বিনিময়বোৰ একেলগতে অৰ্থনৈতিক, ৰিচাৰ সম্বন্ধীয়, নৈতিক, নন্দনতাত্ত্বিক, ধর্মীয়, পৌৰাণিক আৰু সামাজিক অংগবিদ্যাগত প্রপঞ্চ। এই কাৰণত এইবোৰৰ অৰ্থ কেৱলমাত্ৰ তেতিয়াই ধৰিব পৰা সম্ভৱ যেতিয়া এইবোৰক এটা জটিল মূর্ত বাস্তৱতা হিচাপে দেখা হ’ব। এই প্ৰসংগত এইটো উল্লেখ কৰা প্ৰাসংগিক নহ’ব যে মছৰ যুক্তি হৈছে যদি কোনো প্রতিষ্ঠানক বুজিবলৈ আমি বিমূৰ্তায়ন (abstraction) কৰি থাকো, তেন্তে সেইটোৰ আলোচনাৰ শেষত সেইটোক আকৌ সম্পূৰ্ণ কৰাৰ বাবে আমাৰ মূৰ্ত বাস্তৱ বিষয়ে ঘূৰি আহিব লাগিব।

‘দি গিফট’ উপহাৰ বিনিময়ৰ বিস্তৃত প্ৰথাৰ সৰ্বপ্ৰথম সুসংহত আৰু তুলনামূলক নিৰীক্ষণ, সামাজিক বিন্যাস প্রকাশত উপহাৰৰ কাৰ্যকাৰিতা বুজিবৰ বাবে এইটো প্রথম প্রয়াস। বহু নৃবিজ্ঞানীৰ নিকট, মেলানেছিয়া আৰু অন্যান্য সমাজত বিনিময়ৰ বিশ্লেষণত মছৰ প্ৰস্তাৱিত বক্তব্য পথ-নির্দেশনাকাৰী। মছ মেলিনস্কিৰ কুলাপ্রথা বর্ণনা আৰু কিছুমান অন্যান্য লেখনিৰ দ্বাৰা উদ্বুদ্ধ হৈ এটা তত্ত্ব গঢ়ি তোলে যিটো তেওঁৰ দৃষ্টিত, সকলো আদিম অথবা প্রাচীন সমাজত প্ৰযোজ্য। তেওঁ দান-প্রতিদানৰ (reciprocity) এক ধৰণৰ মৌলিক নৈতিকতাৰ অস্তিত্বৰ কথা কৈছে। পিচত লেভি-ষ্ট্ৰছ তেওঁৰ মৈত্রী বন্ধন তত্ত্বত এই থিমটোক বিস্তৃত কৰে । অর্থনৈতিক নৃবিজ্ঞানতো এইটোই বহুতো প্ৰভাৱ বিস্তাৰ কৰে। মছৰ ধ্ৰুপদী প্ৰস্তাৱনা অনুসৰি উপহাৰ বিনিময়ত যি পক্ষবোৰ সম্পর্কিত তেওঁলোক উপহাৰ দিবলৈ, ল’বলৈ আৰু সঠিক উপায়ত সেইবোৰৰ প্ৰতিদান দিবলৈ বাধ্য। এই অৰ্থত উপহাৰ দায়বদ্ধতা বিহীন বা মুক্ত নহয়। মছে কৈছে এইধৰণৰ সম্পৰ্কত যি বস্তুটো সম্প্ৰদান কৰা হয় সেইটো দানকাৰীৰ সত্তা (identity) বহন কৰে আৰু উপহাৰ গ্ৰহণকাৰী এটা, উপহৃত বস্তুসহ অৰ্জন কৰে। এই বিষয়টোৰ ওপৰত মছ বিশেষ জোৰ দিয়ে, বিশেষ কৰি ‘মাৱৰি হাউ’ আলোচনা প্ৰসংগত। তেওঁ কৈছে, উপহাৰৰ আত্মাই দাবী কৰে যে উপহাৰটো তাৰ মালিকৰ নিকট ঘূৰাই দিয়া হ’ব। 

বিনিময় বিষয়ক অধ্যায়নত মছৰ কাৰ্যই গুৰুত্ব বহন কৰে। এইটোলৈ বহু তর্ক-বিতৰ্কৰ সূত্ৰপাত হৈছিল। ই বিনিময় সাহিত্যত এটা সম্পর্কযুক্ত দৃষ্টিভংগী হিচাপে পৰিচিত। মেৰিলিন ষ্টৰ্থনে মেলানেছিয়া অঞ্চলত এই দৃষ্টিভংগী অনুসৰণ কৰি গৱেষণা কৰিছে। তেওঁ এই যুক্তি-তর্ক কৰে যে মেলানেছীসকল বিনিময়ৰ সম্পৰ্কত জড়িত বস্তু অথবা মানুহক, স্বতন্ত্র সত্তা হিচাপে নেদেখে। বিপৰীতে যি সম্পৰ্কত মানুহ আৰু বস্তু বিনিময় হয় সেইটোৰ পৰা তেওঁলোক পৰিচিতি অৰ্জন কৰে। এই ধৰণৰ কাৰ্য বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত প্রধান হৈছে সামাজিক অনুশীলনৰ পৰিৱৰ্তে সাংস্কৃতিক নীতিমালাৰ ওপৰত অত্যাধিক মনোযোগী হোৱা। সমালোচকসকলৰ মতে ইয়াৰ ফলত মানুহে কি কৰে তাৰ পৰিৱৰ্তে তেওঁলোকে কেনেকৈ এই সম্পৰ্কত বিশাল সাধাৰণীকৰণ কৰা হৈ থাকে। সমালোচকসকলে মন কৰে, বিনিময়ৰ সামাজিক অনুশীলনৰ প্ৰতি মনোনিৱেশ কৰিলে এয়া বুজিবলৈ সম্ভৱ হ’ব কেতিয়া বিমূৰ্ত ধাৰণা প্ৰযোজ্য আৰু কেতিয়া প্ৰযোজ্য নহয়। ই ভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন সম্ভৱ কৰি তোলে যেনে, কোনধৰণৰ পৰিস্থিতি বিনিময়, সত্তা আৰু সম্পৰ্ক প্ৰসংগত মানুহসকলৰ ভাৱনা-চিন্তাক প্ৰভাৱিত কৰে আৰু ইয়াৰ ফলাফল কি হ’ব পাৰে সেই বিষয়ে আলোচনা কৰে।

১০। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা। (Explain the four disadvantages of the exchange system?) 

উত্তৰঃ যি ব্যৱস্থাত দ্ৰব্যৰ লগত দ্ৰব্যৰ বিনিময় হয় তাকে বিনিময় প্রথা বোলে। এই বিনিময় প্ৰথাত প্ৰত্যক্ষভাৱে দ্ৰব্যৰ লগতে দ্ৰব্যৰ বিনিময় সংঘটিত হয় জনসংখ্যা বৃদ্ধি আৰু মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগত বিনিময় প্রথাৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছিল।

সেইবোৰ তলত আলোচনা কৰা হ’ল—

(ক) সংগতিবিহীন অভাৱঃ অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্রথা কাৰ্যকৰী নহয়। যিকোনো গতিশীল সমাজত অভাৱৰ পাৰস্পৰিক সামঞ্জস্য উলিওৱাটো কঠিন। বিনিময় প্ৰথা কাৰ্যকৰী হোৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱে পৰস্পৰৰ পৰিপূৰক হ’ব লাগে। অর্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্রহণযোগ্য হ’ব লাগিব। উদাহৰণস্বৰূপে— এজন ব্যক্তিয়ে কাপোৰৰ বিনিময়ত কাপোৰ বিচাৰে। এই ক্ষেত্ৰত ব্যক্তি দুজন পৰস্পৰ নিৰ্ভৰশীল আৰু তেওঁলোকৰ অভাৱ পৰস্পৰৰ পৰিপূৰক। পৰস্পৰৰ পৰিপূৰক বা সংগতিপূর্ণ এনে অভাৱৰ ক্ষেত্ৰত বিনিময় কাৰ্য সংঘটিত হ’ব পাৰে। কিন্তু কাপোৰৰ গৰাকীজনে কাপোৰৰ পৰিৱৰ্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰিলে এই ব্যক্তি দুজনৰ অভাৱ সামঞ্জস্যহীন হ’ব আৰু এনে অৱস্থাত বিনিময় প্রথা কাৰ্যকৰী নহ’ব। এইদৰেই অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় প্রথাটো ক্রমশঃ নোহোৱা হ’ল।

(খ) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱ ঃ বিনিময় প্রথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। বিনিময় ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ উমৈহতীয়া একক নাথাকে। এনে অৱস্থাত সকলো সামগ্ৰীক এটা সাধাৰণ মূল্যৱানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে। দ্ৰব্যৰ মূল্য নির্ধাৰণ সাধাৰণতে অভাৱ তীব্ৰতৰ ওপৰতেই নিৰ্ভৰ কৰে। যিহেতু সকলো সামগ্ৰীৰ মূল্য একে নহয়। গতিকে বস্তু এটাৰ কিমান পৰিমাণৰ বিপৰীতে আনটো বস্তুৰ কিমান পৰিমাণ সংগ্ৰহ কৰা যাব তাৰ কোনো নির্দিষ্ট মাপকাঠী বিনিময় প্রথাত নাছিল। কোনো বস্তুৰ মূল্যাংকনৰ নিৰ্দ্দিষ্ট মাপকাঠী নথকাৰ বাবে বিনিময় কার্যত জটিলতাৰ সৃষ্টি হৈছিল। যেনে এটা আপেলৰ বিপৰীতে তিনিটা মধুৰিআমৰ বিনিময় হৈছে। গতিকে ১ আপেল = ৩ মধুৰিআম । কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই হ’ব জানো?

(গ) বিভাজনীয়তাৰ অসুবিধাঃ সামগ্ৰীসমূহৰ অবিভাজ্যতাই বিনিময় প্রথাৰ সমস্যাৰ সৃষ্টি কৰে। কিছুমান সামগ্ৰী অবিভাজনীয়। কিছুমান সামগ্রী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। বিনিময় প্রথাত এনেবোৰ সামগ্ৰীয়ে আহুকালৰ সৃষ্টি কৰে। অবিভাজনীয় সামগ্ৰীৰ লগত আন বস্তুৰ বিনিময় লাভজনক নহ’ব পাৰে। উদাহৰণস্বৰূপে হাতীৰ সলনি কিছু পৰিমাণ চাউলৰ বিনিময় লাভজনক নহয় কাৰণ চাউলৰ পৰিমাণ অনুযায়ী হাতীক ভাগ কৰিব নোৱাৰি। বিভাজনীয়তা গুণ নথকাৰ বাবে বিনিময় প্রথাত বিনিময় কাৰ্য কঠিন হৈ পৰিছিল। মুদ্ৰা ব্যৱস্থাত এই অসুবিধা দূৰ হ’ল কাৰণ মুদ্ৰা বিভাজনীয়।

(ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱঃ মূল্য বুলিলে সা-সামগ্ৰীৰ মূল্য বুজিব লাগিব। সামগ্ৰীবোৰ যেনে— মাছ, গাখীৰ আদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি কাৰণ সেইবোৰ সোনকালে নষ্ট হৈ যায়। সঞ্চয় হ’ল আয়ৰ অংশ। ভৱিষ্যতৰ নিৰাপত্তা, লেন-দেন বা উপাৰ্জনৰ বাবে মানুহে সঞ্চয় কৰিব বিচাৰে। কিন্তু বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। আনহাতে, সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয়। সঞ্চয়ৰ অসুবিধা বিনিময় প্ৰথাৰ এটা প্ৰধান সমস্যা আছিল। মুদ্ৰা ব্যৱস্থাত সামগ্ৰী সঞ্চয় কৰি থ’ব নালাগে। মুদ্ৰাৰ ৰূপত সঞ্চয় হয়। মুদ্ৰা হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top