Class 9 Science Chapter 5 জীৱৰ মৌলিক একক

Class 9 Science Chapter 5 জীৱৰ মৌলিক একক, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science Chapter 5 জীৱৰ মৌলিক একক Question Answer can be of great value to excel in the examination.

Class 9 Science Chapter 5 জীৱৰ মৌলিক একক

Join Telegram channel

SEBA Class 9 General Science Chapter 5 জীৱৰ মৌলিক একক Notes cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science Chapter 5 জীৱৰ মৌলিক একক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱৰ মৌলিক একক

Chapter – 5

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল?

উত্তৰঃ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কোষ আবিস্কাৰ কৰিছিল। ৰবাৰ্ট হুকে যেতিয়া এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰিছিল তেতিয়া তেখেতে মৌকোহৰ নিচিনা কিছুমান কোঠালি দেখা পাইছিল। তেখেতে সেই কোঠালিবোৰকে “কোষ” নাম দিছিল।

2. কোষত কিয় গঠনৰ আৰু কাৰ্য্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ জীৱৰ দেহ কোষেৰে গঠিত। এককোষী জীৱৰ ক্ষেত্ৰত কোষটোৱেই জীৱটোৰ পৰিচয় । এনে এককোষী জীৱৰ যাৱতীয় জীৱন প্ৰক্ৰিয়া সেই একেটা মাত্র কোষতেই সম্পন্ন কৰি জীৱন সঞ্চাৰ কৰে। উচ্চ শ্ৰেণীৰ বহুকোষী জীৱৰ দেহৰ গঠন আৰু জৈৱিক প্ৰক্ৰিয়া কিছু জটিল যদিও মূল একক কোষ। জীৱৰ প্ৰত্যেকটো কোষত জীৱনৰ প্ৰয়োজনীয় বিভিন্ন জৈৱিক প্ৰক্ৰিয়াসমূহ অহর্নিশে সম্পন্ন হৈয়ে থাকে। জীৱৰ সমূদায় কোষৰ এনে সক্ৰিয়তাৰ ফলতেই জীৱন সঞ্চাৰ হয়। অর্থাৎ জীৱৰ গঠন সঞ্চাৰ কৰিব পৰা গুণ বা ধৰ্ম বিলাক প্ৰতিটো কোষতে বিদ্যামান।

প্রশ্নাৱলী

1. CO₂ আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। 

উত্তৰঃ CO₂ আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে। কোষৰ বাহিৰৰ পৰিবেশত CO₂ ৰ গাঢ়তা কোষটোৰ ভিতৰৰ CO₂ ৰ গাঢ়তাতকৈ কম। যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO₂ৰ গাঢ়তাতকৈ কম। যেতিয়া কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO₂ৰ গাঢ়তাৰ তাৰতম্য ঘটে তেতিয়াই কোষটোৰ ভিতৰৰ CO₂ উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্যাপন প্ৰক্ৰিয়াৰে ওলাই আহে। পানীৰ ক্ষেত্ৰত অৰ্ধভেদ্য আবৰণৰ মাজেদি পানীৰ অণুৰ একেদৰে সংঘটিত হোৱা সঞ্চলন বা চলাচলক আসৃতি বোলে। কোষাবৰণৰ মাজেদি পানীৰ চলাচল হোৱাটো পানীত দ্রবীভূত হৈ থকা পদাৰ্থৰ পৰিমাণে প্রভাম্বিত কৰে। অৰ্থাৎ আসৃতি হ’ল এখন অর্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্রবাহিত হোৱা পানীৰ গতি।

2. কোষাবৰণখনক কিয় অর্ধভেদ্য আবৰণ বুলি আখ্যা দিয়া হয়? 

উত্তৰঃ কোষাবৰণখনে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ যোৱাত বা ভেদ কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্যক সৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে। সেই বাবে কোষাবৰণখনক অৰ্ধভেদ্য আবৰণ বুলি কোৱা হয়।

প্রশ্নাৱলী

1. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

উত্তৰঃ (2) সু-সংগঠিত কোষকেন্দ্ৰ বা কেন্দ্ৰাৱৰণেৰে আবৃত প্রকৃত কেন্দ্ৰাঞ্চল নাথাকে। 

(4) আৱৰণী বিশিষ্ট কোষ অংগানু যেনে— মাইট্ৰ’কন্দ্ৰীয়, গলাগিবড়ি,কুৰপ্লাষ্ট আদি থাকে।

প্রশ্নাৱলী

1. তুমি অধ্যয়ন কৰি অহা কোষ অংগানুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগানুৰ নাম উল্লেখ কৰা যি দুটাৰ আনুবংশিক পদার্থ (Genetic material) থাকে। 

উত্তৰঃ প্লাষ্টিড আৰু মাইট্ৰ’কন্দ্ৰিয়া।

2. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠন ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ কোষটোৱে তাৰ প্ৰাথমিক কাম কৰিবলৈ বন্ধ কৰি দিব। ফলত কোষটোৰ মৃত্যু হ’ব আৰু তেতিয়া লাইছ’ছমে সিহঁতৰ ভিতৰত থকা পৰিপকীয় উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে৷

3. লাইছছ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়? 

উত্তৰঃ কোষৰ বিপাকীয় কাৰ্য্যতকিবা বিসংগতি হ’লে উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইছমে সিহঁতৰ ভিতৰত থকা পৰিপকীয় উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইছছমক কোষক আত্মঘাটি মোনা বুলি কোৱা হয়।।

4. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰটিন সংশ্লেষণ সংঘটিত হয়? 

উত্তৰঃ ৰাইব’জ মত প্রটিন সংশ্লেষণ সংগটিত হয় যিবোৰ খহটা অন্তঃপ্ৰৰসীয় জালিকাৰ গাত লাগি থাকে। ৰাইব’জম বিলাকক প্ৰটিন উৎপাদকৰ কাৰখানা বুলি কোৱা হয়।

অনুশীলনী

1. উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্রাণী কোষতকৈ পৃথক উল্লেখ কৰা। 

উত্তৰঃ উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজৰ পাৰ্থক্য :

বৈশিষ্ট্যউদ্ভিদকোষপ্রাণীকোষত
1. কোষবেৰকোষবেৰ চেলুলজৰ দ্বাৰা গঠিতকোষবেৰ নাথাকে

2. ৰসাধানী
এটা বা তাতকৈ অধিক ৰসাধানী থাকেসাধাৰণতে ৰসাধানী নাথাকে
3. প্লাষ্টিডপ্লাষ্টিড থাকেপ্লাষ্টিড নাথাকে
4. লাইছজমলাইছ’জম নাথাকেলাইছ’জম তেজৰ লোহিত কণাক বাদে আন সকলো প্রাণীকোষত থাকে।
5. মাইক্ৰ’বডিমাইক্রবডি থাকেসাধাৰণতে মাইক্ৰবডিনাথাকে।
6. নিৰ্জীৱ পদার্থ।কেতবোৰ নিৰ্জীৱপদার্থও থাকেকোনো নিৰ্জীৱ পদাৰ্থনাথাকে।

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্রীয় কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ 

বৈশিষ্ট্যপ্রকোষকেন্দ্রীয় কোষসংকোষকেন্দ্রীয় কোষ
1. কোষবেৰকোষবেৰ সাধাৰণতে এমিন শৰ্কৰা আৰু মিউৰামিক এচিডৰে গঠিতপ্ৰাণীদেহৰ কোষত কোষবেৰ খন নাথাকে যদিও উদ্ভিদৰ কোষত থাকে। ই সাধাৰণতে ছেলুলজেৰে গঠিত।
2. কোষাবৰণকোষাবৰণখনত বিভিন্ন উৎসেচক থাকে। এইবিলাকৰ কাৰ্য্য সমাধান কৰে। কিছুমানৰ ভিতৰফালে ভাঁজ লৈ মেছ ছ’ম নামৰ অংগানু গঠন হয়। ইয়াতেই শ্বসনক্রিয়া সম্পন্ন হয়।কোষাবৰণখনে বিপাকীয় কাৰ্য্যত অংশ নলয়। এই দ্বাৰা বিভিন্ন বিপাকীয় | বিলাক কোষত শ্বসনক্রিয়া মাইটকন্ড্রিয়াত সম্পন্ন হয়।
3. কোষকেন্দ্রপ্রকৃত কোষকেন্দ্র নাথাকেসুস্পষ্ট কোষকেন্দ্র থাকে।
4. শ্বসনমেছছ’ম নামৰ বিশেষ ধৰণৰ কোষ অংগানুত | শ্বসন কার্য সম্পন্ন হয়।মাইট’কন্ড্রিয়াত শ্বসন কাৰ্য্য সম্পন্ন হয়।
5. কোষবিভাজনকোষ বিভাজন দ্বিবিভাজন পদ্ধতিৰে সম্পন্ন হয়কোষ বিভাজন এমাইট’ছিছ,  মাইট ‘ছিছ আৰু মিঅ ‘ছিছ পদ্ধতিৰে সম্পন্ন কৰে।
6. ৰসাধানীকোষত ৰসাধানী নাথাকেউদ্ভিদ কোষত ডাঙৰ ৰসাধানী থাকে।

3.  কোষৰ কোষাবৰণখন ফাটি গ’লে কি হ’ব?

উত্তৰঃ কোষাবণখন ফাটি গ’লে কোষস্থ পদার্থখিনি বাহিবলৈ ওলাই আহিব। ফলত কোষস্থ পদাৰ্থখিনিৰ সুৰক্ষা তথা দৃঢ়তাত বাধাৰ সৃষ্টি হ’ব আৰু কোষবিলাকৰ মাজত দ্ৰব্যৰ আদান-প্রদানত বাধা জন্মির।

4. কোষ একোটাত যদি গলগি সংঘ নাথাকে তেন্তে 

উত্তৰঃ গলগি সংঘই

(i) জৈৱিক ক্ৰিয়াৰ বাবে প্রয়োজনীয় প্রটিয়েইজ, লাইপেইজ, আদি উৎসেচক আৰু চেলুল’জ, পেকটিন আদি দ্রব্য নিঃসৰণ কৰে।

(ii) কোষৰ অন্যান্য নিঃসৰণীয় দ্রব্য সাঁচি ৰাখে।

(iii) কাৰ্বহাইড্ৰেট আৰু গ্লাইক ‘প্ৰটিন সংশ্লেষণ কৰে, উদ্ভিদৰ কোষবিভাজনৰ সময়ত এটা অপত্য কোষৰ মাজত কোষবেৰ গঠনত সহায় কৰে আৰু লাইছ’জ’ম নামৰ অংগিকাও গঠন কৰে।

গতিকে যদি গলগি সংঘ নাথাকে তেতিয়াহ’লৈ কোষ এটাৰ ওপৰত উল্লেখিত কামবোৰত প্রভাব পৰিব।

5. কোনটো কোষ অংগানুক কোষৰ শক্তিৰ ভৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰঃ মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়।

শ্বসনত প্ৰয়োজন হোৱা এনজাইম প্ৰস্তুত কৰাৰ লগতে খাদ্য বস্তুত নিহিত হৈ থকা শক্তি জাৰণ ক্ৰিয়াৰ দ্বাৰা মুক্ত কৰি মাইটকন্ড্রিয়াই সিহঁতৰ দেহত থকা ATP নামৰ কণাবোৰত সঞ্চয় কৰি ৰাখে। সেইবাবে মাইটকন্ড্রিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়।

6. কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক’ত সংশ্লেষিত হয় ?

উত্তৰঃ (i) প্ৰটিনবোৰ ৰাইব’জমত সংশ্লেষিত হয়।

(ii) লিপিডবোৰ মিহি অন্তঃগ্ৰৰসীয় জালিকাত সংশ্লেষিত হয়।

7.এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে? 

উত্তৰঃ কোষাবৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃপৰিবেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে।

8. আসৃতি কি?

উত্তৰঃ আসৃতি হ’ল এখন অৰ্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰ নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি।

9. আসৃতিৰ বাবে তলৰ পৰীক্ষাটো কৰি চোৱা। বাকলি গুচোৱা আলুগুটি চাৰিফাল লোৱা আৰু প্ৰত্যেক টুকুৰাৰ মাজৰ অংশটো এৰুৱাই একোটা পিয়লাৰ নিচিনা কৰি লোৱা। ইয়াৰে এটুকুৰা সিজাই লোৱা আলুৰ পৰা লবা (ক, খ, গ, ঘ নামাংকিত কৰি লবা)

(ক) ‘ক’ পিয়লাটো খালী কৰি ৰাখিবা।

(খ) খ’ পিয়লাটোত এচামুচ (শৰ্কৰা বা চেনী দি দিয়া)

(গ) ‘গ’ পিয়ালটোত এচামুচ শৰ্কৰা বা নিমখ দি দিয়া।

(ঘ) ‘ঘ’ পিয়লাটো যিটো সিজোৱা আলুৰ পৰা তৈয়াৰ কৰিছিলা সেইটোতও চেনী এচামুচ দি দিয়া।

আটাইকেইটা প্রায় দুই ঘণ্টামান ৰাখি পিছত নিৰীক্ষণ কৰি তলৰ প্রশ্নকেইটাৰ উত্তৰ দিয়া।

(i) ‘খ’ আৰু ‘গ’ পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি পৰিল।

(ii) ‘এই’ পৰীক্ষটোৰ বাবে ‘ক’পিয়লাটো কিয় প্রয়োজন?

(iii) ‘ক’ আৰু ‘ঘ’ পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি নপৰিল কাৰণ দৰ্শাই বর্ণনা দিয়া।

উত্তৰঃ (i) ‘খ’ আৰু ‘গ’ পিয়লাটো আসৃতিৰ বাবে পানীৰে ভৰি পৰিল। 

(ii) আলুৰ পৰা যে পানী নিৰ্গত হোৱা নাই তাক চাবলৈ ‘ক’ পিয়লাটোৰ প্রয়োজন।

(iii) ‘ক’ পিয়লাটোত অত্যাচাৰী দ্ৰৱ নাই সেইবাবে পিয়লাটো খালী হৈ থাকে। ‘ঘ’ পিয়লাটো সিজোৱা কোষৰ দ্বাৰা তৈয়াৰী বাবে মৃত আৰু সেই বাবে আসৃতি প্রক্রিয়া সংঘটিত নহয়।

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. কোষ কি? ইয়াক কোনে আবিস্কাৰ কৰিছিল?

উত্তৰঃ কোষ জীৱৰ দেহ গঠনৰ একক আৰু কৰ্ম সম্পাদনকো একক অর্থাৎ কোষ জীৱৰ মৌলিক একক।1665 খ্ৰীত ৰবাৰ্ট হুকে কোষ আবিস্কাৰ কৰিছিল। 

2. জীবকোষৰ ঘাই কোষাংগ এটাৰ নাম লিখা।

উত্তৰঃ নাইটকণ্ডিয়া।

3. নির্দিষ্ট আকৃতি নোহোৱা এবিধ জীৱৰ নাম লিখা।

উত্তৰঃ এমিবা।

4. প্লাষ্টিডৰ বৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে? 

উত্তৰঃ প্লাষ্টিডৰ ভিতৰত থকা বিভিন্ন ৰঞ্জক দ্ৰব্যৰ ওপৰত ইয়াৰ বৰণ নিৰ্ভৰ কৰে।

5. লিউক প্লাষ্টিড সাধাৰণতে ক’ত পোৱা যায় ?

উত্তৰঃ ইয়াক ঘাইকৈ মাটিৰ তলত থকা শিপা আৰু মৃদগত কাণ্ডৰ কোষত পোৱা যায়। কাণ্ডৰ সঞ্চয় কলাতো ই থাকে।

6. পানীত দ্ৰৱণীয় ৰঞ্জক পদাৰ্থ এবিধৰ নাম লিখা।

উত্তৰঃ এন্থ ‘চায়ানিন।

7. খাদ্যৰ পৰা মুকলি হোৱা শক্তি ক’ত সঞ্চিত থাকে?

উত্তৰঃ ATP (Adenosine triphosphate)ত।

8. ক্রম জমে কি কাম কৰে?

উত্তৰঃ ক্ৰম’জমে পুৰুষানুক্রমে বংশগত চৰিত্ৰসমূহ বহন কৰে।

9. চমুটোকা লিখা :

(i) ৰসাধানী বা বিক্তিকা।        

(ii) কোষকেন্দ্র।

(iii) ৰাইব ‘জম।                     

(iv) মাইটকন্ড্রিয়া।

(v) গলগি সংঘ।                 

(vi) লাইছ’জ’ম।

(vii) প্লাস্টিড।                    

(viii) মাইক্রবডি।

(ix) চেন্ট্রিওল।

উত্তৰঃ (i) ৰসাধানী বা ৰিক্তিকা : উদ্ভিদ কোষপ্ৰৰসত এক বা একাধিক কটকটীয়া পিণ্ড দেখা যায়। ইয়াক খালী যেন লাগিলেও ইয়াত পানী, দ্রবীভূত শৰ্কৰা আৰু খনিজ পদার্থ থাকে। কোষ বুঢ়া হ’লে সৰু সৰু ৰসাধানী বা ৰিক্তিকাবোৰ লগ লাগি একোটা ডাঙৰ বিক্তিকাৰ সৃষ্টি কৰে। তেতিয়া ই কোষৰ মাজভাগত থিতাপি লয়। ৰিক্তিকাক ‘টনপ্লাষ্ট’ নামৰ পাতল আৱৰণ এখনে কোষপ্ৰৰসৰ পৰা পৃথক কৰি ৰাখে। কিছুমান ভেকুৰ আৰু প্ৰটিষ্টৰ কোষতো ৰিক্তিকা থাকে।

(ii) কোষকেন্দ্র : কোষকেন্দ্ৰ সাধাৰণতে ঘূৰণীয়া বা ডিম্বাকৃতিৰ। কোষ প্ৰৰসতকৈ এই স্বচ্ছ, সজীৱ গঠনটো সচৰাচৰ কোষৰ মাজভাগত কোষপ্ৰসত ডুবগৈ থাকে। অৱশ্যে ডাঙৰ ৰসধানী থকা কোষত ই কোষৰ দাঁতিৰ ফালে যায়। কোষকেন্দ্ৰৰ বিভিন্ন অংশকেইটা হ’ল –

(a) কেন্দ্ৰাবৰণ।

(b) কেন্দ্ৰপ্ৰস।

(c) কোষকেন্দ্রীয় জালিকা।

(d) অতিকেন্দ্র বা উপকেন্দ্র।

(iii) ৰাইব ‘জম : কোষ প্ৰৰসত ৰাইব’জমক কিছুমান ঘন কণিকা আকাৰে দেখা যায়। ক্লৰ’প্লাষ্ট আৰু মাইটকন্ড্রিয়াতো ৰাইব’জম থাকে। কিছুমান ৰাইব ‘জম কণিকা অন্তঃপ্ৰৰসীয় জালিকাৰ গাত লাগি থাকে আৰু আন কিছুমান কোষপ্ৰৰসত সিঁচৰতি হৈ থাকে। ৰাইব’জম কণিকাবোৰ প্ৰটিন আৰু RNA কণিকাৰ দ্বাৰা গঠিত। ইহঁত প্রটিন সংশ্লেষণ কাৰ্য্যত জড়িত। কোষৰ গঠন আৰু জৈৱিক ক্ৰিয়াত প্রয়োজন হোৱা সকলো প্ৰকাৰৰ প্ৰটিন ৰাইব’জমেই সংশ্লেষণ কৰে। সেইবাবে ৰাইব’জমক কোষৰ প্ৰটিন কারখানা বুলি কোৱা হয়।

(iv) মাইটকন্ড্রিয়া : এইবোৰ ঘুৰণীয়া, দণ্ডাকৃতি অথবা সুতাৰ দৰে দীঘলীয়া গঠন আৰু কোষত হোৱা শ্বসন ক্ৰিয়াৰ কেন্দ্ৰস্থল। সচৰাচৰ মাইটকণ্ডিয়াৰ ব্যাস 1 মাইক্ৰমিটাৰ হয়। শ্বসনত প্ৰয়োজন হোৱা এনজাইম মাইটকণ্ডিয়াই নিঃসৰণ কৰে। গতিকে কোষীয় শ্বসন কাৰ্য্য মাইটকণ্ডিয়াৰ দ্বাৰাই নিয়ন্ত্রিত। শ্বসনত প্ৰয়োজন হোৱা এনজাইম প্ৰস্তুত কৰাৰ লগতে খাদ্য বস্তুত নিহিত হৈ থকা শক্তি জাৰণ ক্ৰিয়াৰ দ্বাৰা মুক্ত কৰি মাইট’কণ্ডিয়াই সিহঁতৰ দেহত থকা ATP নামৰ কণাবোৰত সঞ্চয় কৰি ৰাখে।

(v) গলগি সংঘ : এইবোৰ পাতল মিহি আৱৰণযুক্ত আৰু সমান্তৰালভাৱে এটাৰ ওপৰত আন এটাকৈ সজ্জিত কেতবেৰ নলীকা অথবা মালৰ দৰে মোনাৰে গঠিত অংগিকা। নলী সদৃশ অংশটোক চিষ্টার্ণি বোলে। সংঘটোৰ পূৰঠ চিস্টাৰ্নিৰ পৰা কেতবোৰ খণ্ড ছিগি আহি ডাঙৰ মোনা বা ৰিক্তিকাৰ সৃষ্টি কৰে। গলগি সংঘৰ উৎপত্তি অন্তঃপ্ৰৰসীয় জালিকাৰ পৰাই হয়। এইবিধ অংগিকা মানুহৰ তেজৰ থকা লোহিত কণাক বাদে সকলো সংকোষ কেন্দ্রীয় কোষতে পোৱা যায়। অমেৰুদণ্ডী প্রাণী আৰু উদ্ভিদৰ কোষত ইসিঁচৰতি হৈ থাকে, কিন্তু মেৰুদণ্ডী প্ৰাণীৰ কোষত কোষকেন্দ্ৰক আগুৰি থাকে।

(vi) লাইছ’জম : ই প্ৰাণী আৰু উদ্ভিদৰ কোষ প্ৰৰসত সিঁচৰিত হৈ থকা অতি ক্ষুদ্ৰ আৰু পাতল মোনা আকৃতিৰ অংগিকা। তেজৰ লোহিত কণাত লাইছ জম নাথাকে। লাইছ’জমে কোষৰ আভ্যন্তৰীণ পাচন কাৰ্য্য আৰু জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় এনজাইম সঞ্চয় কৰে, প্ৰাণীদেহত সোমোৱা বীজাণু আৰু মৃত কোষ ধ্বংস কৰে। উভচৰ প্ৰাণীৰ লালুকী অবস্থাৰ অংগবোৰ বিনষ্ট কৰি তাক পূৰ্ণাংগ প্ৰাণীলৈ পৰিবৰ্তিত হোৱাত সহায় কৰে। আনহাতে খাদ্যৰ অভাব হ’লে লাইছ’জয়ে কোষৰ অন্য অত্যাবশ্যকীয় কোষাংগ যেনে মাইটকন্ড্রিয়াক ধ্বংস কৰি খাদ্য আৰু শক্তি আহৰণ কৰে। ফলত আনক ধ্বংস কৰি নিজেও ধ্বংসপ্রাপ্ত হয়। সেয়ে লাইছ’জমক “আত্মঘাতী মোনা” বুলি কোৱা হয়।

(vii) প্লাষ্টিড : উদ্ভিদ কোষৰ কোষ প্ৰৰসত ডুবগৈ থকা এইবিধ কোষাংগিকা ডিম্বাকৃতি অথবা সৰু টেমা একোটাৰ দৰে। প্লাষ্টিডৰ ভিতৰত বিভিন্ন ৰঞ্জক দ্ৰব্য পোৱা যায়। বং থকা বা নথকা অনুযায়ী প্লাষ্টিড তিনি প্ৰকাৰৰ

(a) সেউজীয়া ৰং থকা ক্লৰ’প্লাষ্ট বা হৰিকণা। 

(b) ৰং নথকা লিউক’ প্লাষ্ট বা অবৰ্ণ কণা।আৰু

(c) সেউজীয়াৰ বাহিৰে অন্যান্য ৰঙ থকা ক্ৰম’প্লাষ্ট বা বৰ্ণকণা। 

দীঘলীয়া সময়ৰ কাৰণে একেৰাহে সূৰ্য্যৰ পোহৰ পোৱা নোপোৱাৰ ওপৰত নিৰ্ভৰ কৰি প্লাষ্টিড কেইবিধক এবিধৰ পৰা অন্য এবিধলৈ পৰিবৰ্তিত হোৱা দেখা যায়।

(viii) মাইক্রবডি : লাইছ’জমৰ নিচিনা আৰু তিনি প্ৰকাৰৰ অংগিকা কোষপ্ৰৰসত পোৱা যায়। এইকেইবিধ হ’ল – 

(a) পেৰক্সিজম।

(b) গ্লাইঅক্সিজম।

(c) স্ফেস্কিঅজম—এই তিনিবিধ কোষাংগিকাক একেলগে মাইক্রবডি বুলি কোৱা হয়।

(a) পেৰক্সিজম উদ্ভিদকোষত, বিশেষকৈ সালোক সংশ্লেষণকাৰী কোষত পোৱা যায়। ইয়াক যকৃতকোষ আৰু বৃক্ক কোষতো পোৱা যায়। ইয়াত থকা উৎসেচকে হাইড্রজেন পেৰক্সাইড ভাঙি পানী আৰু অক্সিজেন উৎপন্ন হোৱাত সহায় কৰে।

(b) গ্লাইঅক্সিজ’ম অত্যন্ত ক্ষুদ্ৰ আৰু গোলাকাৰ অংগিকা। ইয়াক কেৱল উদ্ভিদ কোষত পোৱা যায়। ই চৰ্বীক কার্বহাইড্রেটলৈ পৰিবৰ্তিত কৰে। 

(c) স্কেৰ ‘ক্সিজম উদ্ভিদ কোষত থকা অত্যন্ত ক্ষুদ্র মোনাকৃতি অংগিকা। লিপিড দ্ৰব্যৰ বিপাক আৰু সঞ্চয়ণ ইয়াৰ মুখ্য কাম।

(ix) চেন্ট্রিওল : কোষকেন্দ্রৰ নিচেই কাষতে বা গাতে লাগি এযোৰ অতি ক্ষুদ্র অংগিকা থাকে। ইহঁতৰ প্ৰত্যেককে কেন্দ্ৰকশা বোলে। প্ৰতিটো কেন্দ্ৰকণা কিছুমান অণুনলিকাৰ সমষ্টি। কেন্দ্ৰকণাই কোষবিভাজনত সহায় কৰে। ইয়াৰ পৰাই কেন্দ্ৰীয় মহুৰাৰ সৃষ্টি হয়। তাৰ ফলত অপত্য কোষলৈ ক্ৰম ‘জমৰ সমবিতৰণ ঘটে। এযোৰ কেন্দ্ৰকণাক একেলগে চেন্দ্ৰজম বোলে। সাধাৰণতে প্ৰাণীৰ ক্ষেত্ৰতহে কেন্দ্ৰকণা দেখা যায়।

10. খালী ঠাই পূৰ কৰা :

(i) ৰঙীন ফুলৰ পাহি আৰু পকা ফলত —— নামৰ কোষাংগ থাকে।

উত্তৰঃ প্লাষ্টিড।

(ii) কেতবোৰ ফুল আৰু ফলত ——  নামৰ পানীত দ্রবণীয় ৰঞ্জক পদার্থ পোৱা যায়।

উত্তৰঃ এন্থচায়নিন।

(iii) কোষকেন্দ্রীয় জালিকা —— বা ক্ৰমেটিনৰ পাক খোৱা সূতাৰে তৈয়াৰী। 

উত্তৰঃ নিউক্লেইন।

(iv) কোষ প্ৰৰসত থকা জালিকাসদৃশ গঠনক —— বোলে।

উত্তৰঃ অন্তপ্ৰৰসীয় জালিকা।

(v) ক্ৰমজমত বংশগতিৰ বাহক পদাৰ্থ ——  থাকে। 

উত্তৰঃ জীন।

(vi) লাইছজমক ——  বুলি কোৱা হয়। 

উত্তৰঃ আত্মঘাটি মোনা।

(vii) কোষাবৰণ  —— ভেদ্য আৱৰণ । 

উত্তৰঃ অর্ধ।

(viii) গলগি সংঘৰ ঘাই অংশত তল ওপৰকৈ ঠাই খাই থকা বহল আৰু চেপেটা মোনাজাখনক —— বোলে।

উত্তৰঃ চিষ্টাণ‌‌‌‌।

11. সপক্ষে যুক্তি দিয়া।

(i) ৰাইব ‘জমক কোষৰ ‘প্ৰটিন কাৰখানা’ বুলি কোৱা হয়।

উত্তৰঃ ৰাইব ‘জম কণিকাবোৰ প্ৰটিন আৰু RNA ৰ দ্বাৰা গঠিত। ইহঁত প্ৰটিন সংশ্লেষণ কাৰ্য্যত জড়িত। কোষৰ গঠন আৰু জৈৱিক ক্ৰিয়াত প্রয়োজন হোৱা সকলো প্ৰকাৰৰ প্ৰটিন ৰাইব’জমেই সংশ্লেষণ কৰে। সেইবাবে ৰাইব ‘জমক কোষৰ ‘প্ৰটিন কাৰখানা’ বুলি কোৱা হয়।

(ii) মাইটকন্ড্রিয়াক কোষৰ শক্তিৰ ভৰাল বোলে।

উত্তৰঃ খাদ্য বস্তুত নিহিত হৈ থকা শক্তি জাম ক্ৰিয়াৰ দ্বাৰা মুক্ত কৰি মাইট’কণ্ড্ৰিয়াই সিহঁতৰ দেহৰ থকা ATP নামৰ কণাবোৰত সঞ্চয় কৰি ৰাখে। সেইবাবে মাইটকণ্ডিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়।

(iii) ক্রম’জম বংশগতিৰ বাহক।

উত্তৰঃ পিতৃ মাতৃৰ পৰা আনুবংশিক দ্ৰব্যবোৰ ক্ৰম’জমৰ যোগেদি সতি-সন্ততিলৈ যায়। ক্রম’জমত থকা জিনবিলাকে বংশগত চৰিত্ৰ ৰূপায়ন কৰে। সেই বাবে ক্রম ‘জমক বংশগতি চৰিত্ৰৰ বাহক বুলি কোৱা হয়।

(iv) লাইছজম আত্মঘাতী মোনা।

উত্তৰঃ খাদ্যৰ অভাব হ’লে লাইছজমে কোষৰ অন্য অত্যাৱশ্যকীয় কোষাংগ যেনে মাইটকণ্ডিয়াক ধ্বংস কৰি খাদ্য আৰু শক্তি আহৰণ কৰে। ফলত আনক ধ্বংস কৰি নিজেও ধ্বংসপ্রাপ্ত হয়। সেয়ে লাইছ’জমক আত্মঘাতী মোনা বুলি কোৱা হয়।

12. শুদ্ধ উত্তৰ বাচি উলিওৱা :

(i) প্ৰটপ্লাজমত / কোষ প্ৰৰসত / কোষকেন্দ্ৰীয় ৰসত ক্ৰম’জম পোৱা যায়।

উত্তৰঃ  কোষকেন্দ্ৰীয় ৰসত। 

(ii) ৰাইব’জমে / মাইটকন্ড্রিয়াই / লাইছ’জমে খাদ্যত নিহিত শক্তি মুকলি কৰে।

উত্তৰঃ মাইটকণ্ডিয়াই।

(iii) চেণ্ট্ৰজ’মে / ৰাইব’জমে / লাইছজমে কোষ বিভাজনত অংশ গ্রহণ কৰে।

উত্তৰঃ টেণ্ট্ৰজমে।

(iv) মাইটকন্ড্রিয়া / গলগি সংঘ / ৰাইব’জম কোষীয় শ্বসনৰ কেন্দ্ৰস্থল। 

উত্তৰঃ মাইটকন্ড্রিয়া।

(v) কোষৰ ‘প্ৰটিন কাৰখানা’আখ্যা দিয়া হয় ৰাইব ‘জমক / গলগি সংঘক / মাই টকন্ড্রিয়াক।

উত্তৰঃ ৰাইজমক।

(vi) চেণ্ট্ৰজমে / ৰাইব ‘জমে / লাইছজমে প্রটিন সংশ্লেষণ কৰে।

উত্তৰঃ ৰাইব ‘জমে।

(vii) কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয় গলগি সংঘত / ৰাইজমক/ মাইটকণ্ডিয়াক। 

উত্তৰঃ মাইটকন্ড্রিয়াক।

(viii) প্রাণীদেহত সোমোৱা বীজাণুক ধ্বংস কৰে লাইছজমে / চেণ্ট্ৰজ’মে / ৰাইজমে।

উত্তৰঃলাইছ জমে।

(ix) “আত্মঘাতী মোনা” আখ্যা দিয়া হয় মাইক্ৰবডিক / গলগি সংঘত / লাইছ’জমক ।

উত্তৰঃ লাইছ’জমক।

13. এটা আদৰ্শ কোষৰ ঘাই অংশকেইটা কি কি ?

উত্তৰঃ কোষাবৰণ, কোষপ্ৰৰস আৰু কোষকেন্দ্র। 

14. প্রকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্রীয় কোষ কাক বোলে?

উত্তৰঃ সংসংগঠিত কোষকেন্দ্র নথকা কোষক প্রকোষকেন্দ্রীয় কোষ আৰু সু সংগঠিত কোষকেন্দ্র থকা কোষক সংকোষকেন্দ্রীয় কোষ বোলে। 

15. প্ৰাণীকোষ আৰু উদ্ভিদকোষ উভয়তে থকা মুখ্য কোষাংগ আৰু কোষাঙ্কিা কেইটা লিখা।

উত্তৰঃ কোষাংগঃ– কোষাবৰণ, কোষপ্ৰৰস আৰু কোষকেন্দ্ৰ 

কোষাঙ্কিকা : — অন্তপ্ৰৰসীয় জালিকা, ৰাইব’জম বা মাইক্রজম,মাইটকন্ড্রিয়া, গলগি সংঘ, লাইছজম, মাইক্রবডি।

16. কেৱল উদ্ভিদ কোষত থকা অংগিকাকেইটা কি কি? 

উত্তৰঃ প্লাষ্টিড, কোষবেৰ, ৰসধানী বা ৰিত্তিকা।

17. কেৱল প্ৰাণীকোষত থকা অংগিকাকেইটা কি কি? 

উত্তৰঃ বিক্তিকা, চেন্ট্রিওল।

18. তলত দিয়াবোৰৰ আবিস্কাৰকৰ নাম লিখা। কোষ, কোষকেন্দ্র, প্রটপ্লাজম, কোষ মতবাদ।

উত্তৰঃ কোষ — ৰবাৰ্ট হুক (1665)

কোষকেন্দ্ৰ — বৰাৰ্ট ব্রাউন (1885)

পটপ্লাজম —  পার্কিনজি (1839)

কোষ মতবাদ —  শ্লেইডেন আৰু স্বোৱান (1838-39)

19. কোষ মতবাদৰ মূলতত্ব লিখা। 

উত্তৰঃ (i) সকলো জীৱৰ দেহ এক বা একাধিক কোষ আৰু কোষস্থ দ্ৰব্যৰ দ্বাৰা গঠিত।

(iii) সকলো জীৱৰ কোষৰ গঠন মূলতঃ একে। অর্থাৎ কোষবিলাক প্ৰট’প্লাজমীয় দ্রব্যৰে পৰিপূৰ্ণ।

(iii) সকলো জীৱৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জৈৱিক ক্রিয়াসমূহ।

যেনে – শ্বসন, পুষ্টি, বৃদ্ধি, প্ৰজনন, আদি কোষ আৰু কোষস্থ দ্ৰব্যতেই সমাধান হয়

(iv) কোষ সদায় পূর্ববর্তী কোষৰ পৰাহে সৃষ্টি হয়। বহুকোষী জীৱৰ ক্ষেত্ৰত সিহঁতৰ জীৱন প্ৰক্ৰিয়া এটা কোষৰ পৰাই আৰম্ভ হয়।

(v) কোনো এটা জীৱৰ সক্রিয়তা মানে সেই জীৱটোৰ প্ৰতিটো কোষৰ গাইগুটীয়া সক্ৰিয়তাৰ সন্মিলিত অৱদান। 

20. প্রকোষকেন্দ্রীয় কোষৰ চাৰিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ (i) কোষত প্ৰকৃত কোষকেন্দ্র নাথাক।

(ii) মাইটকণ্ডিয়ন, গলজিবতি, প্লাষ্টিড, অন্তঃপ্ৰৰসীয় জালিকা, লাইছজম প্রভৃতি কোষ অংগানুসমূহ নাথাকে।

(iii) কোষ বিভাজন দ্বিবিভাজন পদ্ধতিৰে সম্পন্ন কৰে।

(iv) মেছছ’ম নামৰ বিশেষ ধৰণৰ কোষ অংগানুত শ্বসনকাৰ্য্য সন্ন হয়। 

21. সংকোষকেন্দ্রীয় কোষৰ বৈশিষ্ট্য চাৰিটা লিখা। 

উত্তৰঃ (i) কেন্দ্ৰাবৰণৰ সৈতে সুস্পষ্ট কোষকেন্দ্র থাকে।

(ii) প্রায় সকলোবিলাক কোষ অংগানুয়েই থাকে।

(iii) মাইটকন্ড্রিয়াত শ্বসন কাৰ্য্য সম্পন্ন হয়।

(iv) কোষ বিভাজন এমাইট”ছিছ, মাইটছিছ আৰু মিঅ’ছিছ পদ্ধতিৰে সম্পন্ন কৰে।

22. সকলো ধৰণৰ কোষৰ মাজত থকা চাৰিটা মৌলিক সাদৃশ্য লিখা।

উত্তৰঃ (i) কোষ সদায় কোষৰ পৰাই সৃষ্টি হয়। অর্থাৎ পূর্ববর্তী এটা কোষৰ পৰাহে নতুন কোষৰ সৃষ্টি হ’ব পাৰে। 

(ii) সকলোধৰণৰ কোষত থকা বংশগতি নির্ণায়ক পদার্থ হ’ল নিউক্লিক এচিড। প্রধানকৈ DNA। কিছুমান বেক্টেৰিয়াৰ RNAT

(iii) সকলোধৰণৰ কোষ কোষাৱৰণেৰে আবৃত কৰি ৰাখে। কোষাবৰণে আগুৰি থকা পদার্থখিনিক প্রট’প্লাজম বোলে।

(iv) DNAৰ অনুকৃত্যায়ন, প্রটিন সংশ্লেষণ, শ্বসন আদি কোষীয় ক্রিয়া সকলোবোৰ কোষত একেদৰেই সম্পন্ন

23. কোষবেৰৰ তিনিটা কাম উল্লেল্লখ কৰা। 

উত্তৰঃ (i) কোষক আকৃতি প্ৰদান কৰা।

(ii) কোষস্থ পদার্থক বিভিন্ন কাৰকৰ পৰা ৰক্ষা কৰাৰ উপৰি কোষক দৃঢ়তা প্ৰদান কৰা।

(iii) দুটা নিকটবর্তী সংলগ্ন কোষৰ মাজত কোষপ্ৰৰসীয় যোগসূত্র স্থাপন কৰা।

24. কোষাবৰণৰ দুটা কাম উল্লেখ কৰা।

উত্তৰঃ (i) কোষস্থ পদার্থখিনিক সুৰক্ষা তথা দৃঢ়তা প্ৰদান কৰা।

(ii) কোষবিলাকৰ মাজত যোগসূত্ৰ ৰক্ষা কৰি দ্ৰব্যৰ আদান-প্রদানত সহায় কৰা।

25. কোষপ্ৰৰস কি ? ইয়াৰ প্ৰধান উপাদানকেইটা কি কি?

উত্তৰঃ কোষৰ কোষাবৰণৰ পৰা কোষকেন্দ্ৰ পর্যন্ত বিস্তৃত হৈ থকা অৰ্ধতৰল, স্বচ্ছ, দানাকাৰ, সান্দ্ৰতা বৈশিষ্ট্য সম্পন্ন পদার্থখিনিকে কোষপ্ৰৰস বোলে। ইয়াৰ প্রধান উপাদান কেইটা হ’ল–

(a) আধাৰ দ্ৰব্য।

(b) কোষ অংগানু।

(c) কোষস্থ নিৰ্জীৱ পদার্থ।

(d) ৰসধানী।

26. কোষপ্ৰৰস আৰু কোষকেন্দ্ৰ প্ৰৰসৰ মাজৰ প্ৰভেদ লিখা।

উত্তৰঃ

কোষপ্ৰৰসকোষকেন্দ্ৰ প্ৰৰস
1. কোষাবৰণ আৰু কোষকেন্দ্ৰাবৰণ মাজৰ অংশখিনিয়েইহ’ল কোষপ্ৰৰস হ’ল কোষকেন্দ্ৰ প্ৰৰস1. কোষকেন্দ্ৰাবৰণেৰে আবৃত অংশটোহ’ল কোষকেন্দ্ৰ প্ৰৰস
2. অপেক্ষাকৃতভাৱে ইয়াৰ গাঢ়তা আৰু সান্দ্ৰতা কম2. ইয়াৰ গাঢ়তা আৰু সান্দ্ৰতা বেছি
3. ব্রাউনীয় চলন দেখা যায়3. কোনোধৰণৰ চলন দেখা নাযায়।
4. ৰসাধানী থাকে।4. ৰসাধানী নাথাকে।

27. উদ্ভিদকোষৰ পাঁচবিধ বৰ্জিত পদাৰ্থৰ নাম লিখা।

উত্তৰঃ (i) কুইনাইন।

(ii) ৰেফাইড।

(iii) ঘৃণা।

(iv) টাৰটাৰিক এচিড।

(v) টেনিন।

28. তলত দিয়াবোৰ মিলোৱাঃ

1. কোষকেন্দ্র(a) কোষৰ কংকাল
2. অন্তপ্ৰৰসীয় জালিকা(b) কোষৰ প্ৰটিন সংশ্লেষণৰ ভৰাল
3. ৰাইব’জম(c) কোষৰ মগজু
4. মাইটকন্ড্রিয়ন(d) আত্মঘাটী মোনা
5. লাইছজ্জম(e) কোষৰ শক্তিৰ ভঁৰাল

উত্তৰঃ (1) —  (c)

(2) — (a)   

(3) — (b)

(4) — (e)

(5) — (d)

29. ATP ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ Adenosine Triphosphate.

30. প্লাষ্টিডৰ ভাগ কেইটা কি কি?

উত্তৰঃ (i) অবর্ণকণা বা লিউক’পাষ্ট।

(ii) বর্ণকণা বা ক্ৰম’প্লাষ্ট।

(iii) হৰিকণা বা ক্লৰ’পাষ্ট।

31. কোষগ্ৰৰসৰ দুটা কাম লিখা।

উত্তৰঃ (i) কোষৰ সকলোবোৰ জৈবিক ক্রিয়া ইয়াতেই সম্পন্ন হয়। 

(ii) বিভিন্ন জৈৱ ৰাসায়নিক প্রক্রিয়াৰ বাবে প্রয়োজনীয় উৎসেচক আৰু দ্রব্য ইয়াতেই থাকে।

32. প্লাষ্টিডৰ তিনিটা কাৰ্য্য উল্লেক কৰা।

উত্তৰঃ (i) সালোক সংশ্লেষণ সম্পন্ন হয়।

(ii) বিভিন্ন ৰঞ্জক পদার্থবিলাক সঞ্চয় কৰি ৰাখে। 

(iii) কোষীয় উৎপাদন যেনে – শ্বেতসাৰ, প্ৰটিন, তৈল বা চৰী আদি সঞ্চিত কৰি ৰাখে।

33. মাইটকণ্ডিয়নৰ দুটা কাম উল্লেখ কৰা। 

উত্তৰঃ (i) কোষীয় শ্বসন ইয়াতেই সম্পন্ন হয়। 

(ii) ATP সংশ্লেষণ হয়।

34. লাইছ’জমৰ দুটা কাম উল্লেখ কৰা।

উত্তৰঃ (i) কোষীয় বৰ্জিত পদাৰ্থ সঞ্চয় কৰি পচন ঘটায়। 

(ii) কোষৰ ভিতৰত প্ৰবেশ কৰা অনুজীৱক ধ্বংস কৰিব পাৰে।

35. ৰসাধানীৰ তিনিটা কাম উল্লেখ কৰা।

উত্তৰঃ (i) কোষস্থ বৰ্জিত পদাৰ্থ সঞ্চিত কৰে। 

(ii) কোষৰ অতিৰিক্ত পানী, নিঃসৰিত পদার্থ আদি সঞ্চয় কৰে।

(iii) কোষৰ ৰসাসৃতি নিয়ন্ত্ৰন কৰে।

36. কোষকেন্দ্ৰৰ চাৰিটা কাম উল্লেখ কৰা।

উত্তৰঃ (i) কোষৰ সকলোবিলাক কাৰ্য্য নিয়ন্ত্ৰণ কৰে। 

(ii) ইয়াৰ কেন্দ্ৰাবৰণে কোষগুৰস আৰু কেন্দ্ৰপ্ৰৰসৰ মাজত যোগসূত্ৰ ৰক্ষা কৰে।

(iii) ইয়াত থকা ক্ৰ’ম’জমবিলাকে জীৱৰ বংশগতিমূলক চৰিত্ৰ বহন কৰে।

(iv) কোগুৰসতেই নিউক্লিক এচিডৰ সংশ্লেষণ হয়। 

39. ৰৈখিক চিত্ৰৰে এটা আদর্শ সংকোষকেন্দ্রীয় উদ্ভিদ কোষৰ বিভিন্ন অংশ দেখুওৱা।

উত্তৰঃ

38. উদ্ভিদকোষৰ চাৰিবিধ নিৰ্জীৱ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ (i) শ্বেতসাৰ।

(ii) প্রটিন।

(iii) স্নেহপদার্থ। 

(iv) গ্লাইক’জেন।

39. উদ্ভিদকোষৰ দুটা নিঃসৰণীয় পদাৰ্থৰ নাম লিখা।

উত্তৰঃ (i) মধু বা মেৰিস।

(ii) বিভিন্ন ৰঞ্জক পদার্থ।

40. উদ্ভিদৰ কোষবেৰখন কিহেৰে গঠিত?

উত্তৰঃ চেলুলজেৰে গঠিত।

41. প্ৰটপ্লাজমৰ সংকোচন কি?

উত্তৰঃ উদ্ভিদকোষৰ পৰা পানী আসৃতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গ’লে কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচি হৈ আহে। এই পৰিঘটনাক প্ৰটপ্লাজমৰ সংকোচন বোলে।

42. ক্ৰম’জম কিহেৰে গঠিত? 

উত্তৰঃ DNA আৰু প্ৰটিনেৰে।

43. অন্তঃপ্ৰৰসীয় জালিকাৰ প্ৰকাৰ দুটা কি কি?

উত্তৰঃ (i) অমসৃণ অন্তঃপ্ৰৰসীয় জালিকা (RER)

(ii) মসৃণ অন্তঃপ্ৰৰসীয় জালিকা (SER)

44. অন্তঃপ্ৰৰসীয় জালিকাৰ তিনিটা কাম লিখা। 

উত্তৰঃ (i) অন্তঃআৰু আন্তঃকোষীয় সৰবৰাহত সহায় কৰে।

(ii) কেন্দ্ৰাবৰণ গঠনত সহায় কৰে। 

(iii) বিভিন্ন উৎসেচক পদাৰ্থ সঞ্চয় কৰি ৰাখে।

45. অন্তঃপ্ৰৰসীয় জালিকাক কোষৰ কংকাল বুলি কোৱা হয় কিয়?

উত্তৰঃ কাৰণ ইহঁতে কোষটোক আকাৰ আৰু দৃঢ়তা প্ৰদান কৰে। 

46. মাইটকণ্ডিয়াই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি লয়। কিয়?

উত্তৰঃ কাৰণ ইহঁতৰ নিজৰ DNA আৰু ৰাইব জম থাকে।

47. ব্যাপন কাক বোলে?

উত্তৰঃ উচ্চ গাঢ়তাৰ অঞ্চলৰ xxv পৰা নিম্ন গাঢ়তাৰ অঞ্চললৈ পদাৰ্থৰ চলনকে ব্যাপন বোলে।

48. লিউক’প্লাষ্ট কি?

উত্তৰঃ এইবিধ প্লাষ্টিড শেঁতা বগা। ইয়াক ঘাইকৈ মাটিৰ তলত থকা শিপা আৰু মৃদগত কাণ্ডৰ কোষত পোৱা যায়। কাণ্ডৰ সঞ্চয় কলাতো ই থাকে। উদ্ভিদৰ সঞ্চয় কলাৰ কোষত থকা ডাঙৰ লিউক’প্লাষ্টত শ্বেতসাৰ সঞ্চিত হৈ থাকে। এইবিধ লিউক’প্লাষ্টক এমাইল’প্লাষ্ট বোলে।

49. ক্রম’প্লাষ্টত থকা ৰঞ্জক পদার্থ দুবিধ কি? ইহঁতৰ বৰণ কেনেকুৱা? 

উত্তৰঃ কেৰোটিন আৰু জেহু ফিল।

কোৰোটিন — ৰঙা।

জেহফিল —  হালধীয়া।

50. মানুহৰ দেহত থকা ক্ৰমজমৰ সংখ্যা কিমান?

উত্তৰঃ 46 ডাল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top