Class 12 Swadesh Adhyayan Chapter 3 জৈৱবৈচিত্ৰ্য

Class 12 Swadesh Adhyayan Chapter 3 জৈৱবৈচিত্ৰ্য Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 3 জৈৱবৈচিত্ৰ্য Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 3 জৈৱবৈচিত্ৰ্য Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 3 জৈৱবৈচিত্ৰ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জৈৱবৈচিত্ৰ্য

Chapter – 3

প্রথম ভাগ: ভূগোল

অনুশীলনী প্রশ্নোত্তৰ

১। জৈৱ বৈচিত্র্য কাক বোলে ? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ? উদাহৰণসহ বর্ণনা কৰা । 

উত্তৰঃ জৈৱবৈচিত্র্য শব্দটো ‘ জীৱ ’ আৰু ‘ বিচিত্ৰতা ’ শব্দ দুটা লগ লগাই সৃষ্টি কৰা হৈছে । জৈৱ বৈচিত্র্যই পৃথিৱীত থকা বিভিন্ন জীৱ সমূহৰ বিচিত্ৰতা আৰু পৰিৱৰ্তনশীলতাক বুজায় । ই ক্ষুদ্ৰ অণুজীৱ সমূহ , জীৱ – জন্তু , গছ – গছনি তথা ঘাঁহনি , অৰণ্য আদিৰ দৰে পৰিস্থিতি তন্ত্ৰ সমূহকো সামৰি লয় । ইয়াৰ লগতে জৈৱবৈচিত্র্যই কোনো এখন ঠাইত কোনো এক শ্ৰেণীৰ জীৱ কিমান পৰিমাণে থাকে , সেইটোও বুজায় । 

বিজ্ঞানীসকলে জৈৱবৈচিত্র্যক মূলতঃ তিনিটা ভাগত বিভক্ত কৰিছে । সেইকেইটা হ’ল ―

( ক ) প্রজাতিগত বিচিত্রতা ( Species Diversity ) 

( খ ) আনুবংশিক বিচিত্রতা ( Genetic Diversity ) 

( গ ) পৰিস্থিতি তান্ত্রিক বিচিত্রতা ( Ecosystem Diversity ) 

তলত ইয়াৰ বিষয়ে বর্ণনা কৰা হ’ল— 

( ক ) প্ৰজাতিগত বিচিত্রতা ( Species Diversity ) : প্রজাতিগত বিচিত্ৰতা বুলি ক’লে কোনো এখন ঠাইৰ বিভিন্ন শ্রেণীৰ জীৱৰ মাজত থকা সাংখ্যিক পার্থক্যৰ কথা বুজায় । প্রজাতিগত বিচিত্রতা , প্রজাতিগত সমৃদ্ধি ( Species richness ) , বৰ্গীকৰণ বা বংশাৱলীক ভিন্নতা ( Taxonomic or phylogenetic diversity ) আৰু প্ৰজাতিগত সমতা ( Species evenness ) এই তিনিটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰে । ইয়াৰ ভিতৰত প্ৰজাতিগত সমৃদ্ধি হ’ল এক শ্ৰেণীৰ জীৱৰ সংখ্যা , বৰ্গীকৰণ তথা বংশাৱলীক ভিন্নতা হ’ল বিভিন্ন শ্রেণীৰ জীৱৰ মাজত থকা আনুবংশিক সম্পৰ্ক আৰু প্ৰজাতিগত সমতা হৈছে বিভিন্ন জীৱৰ মাজত থকা প্ৰচুৰতা অনুপাত ।

( খ ) আনুবংশিক বিচিত্রতা ( Genetic Diversity ) : আনুবংশিক বিচিত্রতাই একে শ্ৰেণীৰ জীৱৰ মাজত থকা পাৰ্থক্যৰ কথা বুজায় । প্রত্যেক প্ৰজাতিৰ জীৱই নিজৰ দেহত থকা জিনৰ দ্বাৰা কিছু বিশেষ গুণাগুণ কঢ়িয়াই ফুৰে । উদাহৰণস্বৰূপে , মানুহ মাত্রেই মুখমণ্ডল বেলেগ হোৱাটো এই জিনৰ ওপৰতেই নিৰ্ভৰ কৰে । আনুবংশিক বিচিত্রতাই আনহাতে একেটা প্ৰজাতিৰ ভিতৰত থকা ভিন্নতাৰ কথা বুজায় । উদাহৰণস্বৰূপে কুকুৰৰ বিভিন্ন প্রজাতি নাইবা গোলাপৰ বিভিন্ন প্ৰকাৰৰ কথা উল্লেখ কৰিব পাৰি। 

এটা প্ৰজাতিৰ মাজত আনুবংশিক বিচিত্রতা প্রজননৰ দ্বাৰা সৃষ্টি হয় । প্ৰাণীৰ জিনৰ গুণাগুণ প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানলৈ প্ৰৱহন হয় আৰু গুণাগুণৰ সৃষ্টি কৰে । আনুবংশিক বিচিত্ৰতাৰ ধাৰণাটো সাধাৰণতে কৃষি আৰু খাদ্য নিৰাপত্তাৰ বিষয়ৰ লগত সাঙোৰ দেখা যায়। 

( গ ) পৰিস্থিতি তান্ত্রিক বিচিত্রতা ( Ecosystem Diversity ) : পৰিস্থিতি তন্ত্ৰৰ বিচিত্ৰতা জৈৱবৈচিত্ৰ্যৰ এটি ৰূপ । এই বিচিত্ৰতা অঞ্চল বিশেষে নাইবা গোটেই পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰক সাঙুৰি বুজোৱা হয় । এই জৈৱবৈচিত্র্যই এই কাৰণেই দৰকাৰ যে ই আমাৰ বাবে পানী , জলবায়ুৰ পৰিৱৰ্তন আৰু খাদ্যৰ যোগান ধৰে । পৰিস্থিতি তান্ত্রিক বিচিত্ৰতাই স্থলজ আৰু জলজ উভয় পৰিস্থিতি তন্ত্ৰৰ কথাকে বুজায় । পৰিস্থিতি তান্ত্রিক বিচিত্ৰতাই ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ “ Niche ” পৌষ্টিকতাৰ স্তৰৰ ( Trophic level ) আৰু আন আন পৰিস্থিতিক প্ৰক্ৰিয়া বিলাকৰ কথাকে বুজায় । 

পৰিস্থিতি তান্ত্রিক বিচিত্ৰতাৰ এটা উদাহৰণ হ’ল— মৰুভূমি , অৰণ্য , তৃণভূমি , আদ্রভূমি নাইবা মহাসাগৰ ইত্যাদি । 

২। জৈৱবৈচিত্র্য কিদৰে জুখিব পাৰি ? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ বর্ণনা কৰা । 

উত্তৰঃ গাণিতিকভাৱে জৈৱবৈচিত্ৰ্যৰ দুটা উপাদান হৈছে- প্ৰাচুৰ্যতা আৰু সমতা । প্রাচুর্যতা হৈছে কোনো এটা নিৰ্দিষ্ট এলেকাত থকা জীৱৰ সমষ্টিৰ জোখ । সমতা হৈছে যিকোনো এটা সম্প্ৰদায়ৰ প্ৰত্যেক প্ৰজাতিয়ে প্ৰতিনিধিত্ব কৰা সমসংখ্যক ব্যক্তি অথবা এটা বা দুটা প্ৰজাতিৰ বৃহৎ জনসংখ্যা আৰু অন্য প্রজাতিসমূহৰ ক্ষুদ্ৰ জনসংখ্যাৰ মাজৰ অণুপাত । প্ৰজাতিৰ সংখ্যাৰ ফালৰ পৰা সম্প্ৰদায় দটা সমানে বিচিত্ৰতাপূৰ্ণ হ’ব পাৰে , কিন্তু সমতাৰ ক্ষেত্ৰত ই সহধর্মী হ’ব নোৱাৰে । বৰ্তমান সময়লৈকে বিভিন্ন ধৰণৰ গাণিতিক পদ্ধতিৰ বিকাশ হৈছে যদিও বিজ্ঞানীসকলে প্ৰজাতিৰ আনুপাতিক প্ৰাচুৰ্যতা যাৰ দ্বাৰা প্ৰজাতিৰ প্ৰচুৰতা আৰু প্ৰাচুৰ্যতা প্রতিফলিত কৰিব পাৰি তেনে এক সূচক ব্যৱহাৰ কৰিবলৈ পচন্দ কৰে । 

এনে সূচকবোৰৰ ভিতৰত বহুলভাৱে ব্যৱহাৰ হোৱা দুবিধ সূচক হৈছে – শ্বেনন সূচক ( Shannon Index ( H ) ) আৰু চিম্পচ’ন সূচক ( Simpson Index ( D ) ) । দুয়োটা সূচক ১৯৪০ চনত উদ্ভাৱন হৈছিল যদিও ১৯৫০ চনত মাৰ্গালেফ আৰু মেক আথাৰ নামৰ পৰিস্থিতিতন্ত্রবিদ দুজনে ইয়াক ব্যৱহাৰ কৰাৰ পিছত এই সূচক সমূহে জনপ্রিয়তা লাভ কৰে । 

প্ৰজাতিগত বিচিত্ৰতাৰ সূচকসমূহৰ পৰিস্থিতিতন্ত্ৰৰ অধ্যয়নত সাধাৰণভাৱে ব্যৱহাৰ কৰা হয় আৰু তেনে এক প্রয়োগেই হৈছে শ্বেনন উইনেৰ আৰু চিম্পচন সূচকৰ ব্যৱহাৰ । উল্লেখযোগ্য শ্বেনন উইনেৰ সূচক , প্ৰজাতিৰ প্ৰচুৰতা আৰু দুষ্প্রাপ্যতাৰ দ্বাৰা প্ৰভাৱান্বিত হয় । আনহাতে চিম্পচ’ন সূচক প্ৰজাতিৰ সমতা বা সমবিতৰণ তথা সাধাৰণতে পোৱা প্ৰজাতিৰ দ্বাৰা প্রভাৱান্বিত হয় । দুয়োটা সূচকৰ ক্ষেত্ৰতেই নমুনাৰ আকাৰৰ প্ৰভাৱ নগণ্য । 

বৈচিত্র্যৰ সূচক : এটা সম্প্ৰদায়ৰ প্ৰজাতিসমূহৰ গাণিতিকভাৱে কৰা জোখ বা মাপক বিচিত্ৰতাৰ সূচক বোলা হয় । এই সূচক প্ৰজাতিৰ প্ৰচুৰতাৰ ভিত্তিত ( যিমন সংখ্যক প্রজাতি উপলব্ধ ) আৰু প্ৰজাতিৰ অন্তৰ্গত প্ৰাণীৰ সাংখ্যিক প্ৰাচুৰ্যতাৰ ভিত্তিত ( প্রত্যেক প্ৰজাতিৰ ভিতৰত থকা প্ৰাণীৰ সংখ্যা ) নিৰূপণ কৰা হয় । যিমানেই প্রজাতি বেছি থাকিব , এটা অঞ্চল সিমানেই বিচিত্ৰতাপূৰ্ণ হ’ব।বিচিত্ৰতাসূচক সাধাৰণতে দুই প্ৰকাৰৰ — নিয়ন্ত্ৰণসূচক আৰু তথ্য পৰিসংখ্যা সূচক । নিয়ন্ত্রণসূচক বিচিত্ৰতা জুখিবলৈ চিম্পচ’ন সূচক আৰু তথ্য পৰিসংখ্যা সূচক বিচিত্রতা জুখিবলৈ শ্বেননসূচক ব্যৱহাৰ কৰা হয় ।

চিম্পচ’ন সূচক হৈছে এটা কাৰণ ই সাধাৰণতে সুলভ আৰু মুখ্য প্রজাতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে । এইক্ষেত্ৰত কিছু সংখ্যক দুর্লভ প্রজাতিৰ প্ৰতিনিধিয়ে জৈৱ বিচিত্ৰতাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ নেপেলায় । 

শ্বেনন সূচক হৈছে তথ্য পৰিসংখ্যাসূচক , য’ত সকলো প্ৰজাতিৰ নমুনাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হ’ব আৰু এই নমুনাসমূহ যাদুছিক ভাৱে ( Random ) সংগ্ৰহ কৰা হয় । শ্বেনন সূচকত ( n / n ) এটা বিশেষ প্রজাতিত পোৱা একক ( n ) ৰু সৰ্বমুঠ একক প্রজাতি ( N ) ৰ অনুপাত ।

উপৰোক্ত সূচক কেইটাৰ বাহিৰেও জৈৱবৈচিত্র্য বুজাবলৈ সাধাৰণতে আলফা বিচিত্রতা ( AI pha Diversity ) বিটা বিচিত্রতা ( Beta Diversity ) আৰু গামা বিচিত্ৰতা ( Gamma Diversity ) নামৰ সূচকৰ ব্যৱহাৰ কৰা হয় । পৰিস্থিতি বিজ্ঞানত , আলফা বিচিত্রতা ( α Diversity ) , বিটা বিচিত্ৰতা ( β Diversity ) আৰু গামা বিচিত্রতা ( γ Diversity ) নামৰ সূচক কেইটা আৰু এইচ হুইটেকাৰ ( R.H. Whittaker ) নামৰ জীৱ বিজ্ঞানীজনে আগবঢ়াইছিল । 

আলফা বিচিত্রতা ( Alpha Diversity ) : আলফা বিচিত্ৰতাই এটা নিৰ্দিষ্ট সময়ত একক সম্প্রদায়ত থকা বিভিন্ন প্রজাতিক বুজায় । আলফা বিচিত্ৰতাক প্ৰজাতিৰ প্ৰাচুৰ্যতা বুলি ক’বও পাৰি । আলফা বিচিত্ৰতা ভিন্ন ভিন্ন সম্প্ৰদায়ৰ ভিন ভিন প্ৰজাতিবোৰৰ মাজত তুলনা কৰিবলৈও ব্যৱহাৰ কৰা হয় । 

বিটা বিচিত্ৰতা ( Beta Diversity ) : এই জোখ হৈছে প্ৰজাতিৰ বিচিত্ৰতাৰ লগত প্ৰাকৃতিক ঢালৰ সলনিৰ হাৰ । উদাহৰণস্বৰূপে বিটা বিচিত্ৰতা বেছি হ’ব যদিহে এটা ডাঙৰ সম্প্ৰদায়ৰ প্ৰজাতিৰ বিচিত্ৰতা এক উচ্চতাপূর্ণ পৰ্বতীয়া ঢালত সফলতাৰে সলনি হয় । বিটা বিচিত্রতা কম হ’ব যদিহে একেই প্রজাতিটোৱে গোটেই পৰ্বতীয়া অঞ্চলটোত উপলব্ধ হয় । 

বিটা বিচিত্ৰতাৰ আন আন প্ৰক্ৰিয়াবোৰ হৈছে— প্রকৃত প্ৰজাতিয় ঘূৰণ ( Absolute species turnover ) , হুইটেকাৰ প্ৰজাতিয় ঘূৰ্ণ ( Whittakers species turnover ) আৰু আনুপাতিক প্রজাতিয় ঘূৰণ ( Proportional species turnover )

গামা বিচিত্রতা ( Gamma Diversity ) : গামা বিচিত্ৰতা সাধাৰণতে এটা ডাঙৰ ভৌগোলিক অঞ্চল সামৰি প্ৰয়োগ কৰা হয় । পৰিস্থিতি বিজ্ঞানত গামা বিচিত্রতা ( γ Diversity ) হৈছে এটা ভূদৃশ্যটপটৰ ( Landscape ) সৰ্বমুঠ প্ৰজাতিৰ বিচিত্ৰতা । হুইটেকাৰৰ ধাৰণামতে এখন ভূদৃশ্যপটৰ সৰ্বমুঠ প্রজাতিয়ে বিচিত্ৰতা দুটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে । স্থানীয় নিবাসস্থান সমূহত গড় প্ৰজাতিৰ বিচিত্ৰতা ( α ) আৰু নিবাসস্থান সমূহৰ ভিন্নতা ( β ) । এই যুক্তিটোৰ মতে আলফা বিচিত্ৰতা আৰু বিটা বিচিত্ৰতা হৈছে গামা বিচিত্ৰতাৰ স্বতন্ত্র উপাদান ।

৩। অসমৰ জৈৱবৈচিত্ৰ্যৰ সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ পূৱত অৱস্থিত ৰাজ্যসমূহৰ এখন অসম — পর্বত , পাহাৰ , মালভূমি , নদী উপত্যকা , অৰণ্য আদিৰে অনুপম , জৈৱবৈচিত্র্যত চহকী এখন ৰাজ্য । ভাৰতবৰ্ষৰ দুটা জৈৱবৈচিত্ৰ্যৰ হটস্পট ( Hotspot ) হৈছে পশ্চিমঘাট পর্বত আৰু উত্তৰ – পূৱ ভাৰত । আমাৰ অসমখন এই উত্তৰ – পূৱ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংগ । অদ্বিতীয় প্রকৃতি , বতৰৰ অৱস্থা , মাটিৰ ধৰণ আদিয়ে এই অঞ্চলটোক জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত উৎকর্ষ সাধনত সহায় কৰিছে ।

অসমৰ জৈৱবৈচিত্ৰ্যৰ কেইটামান বৈশিষ্ট্য হৈছে— 

১। অৰণ্য বা বনাঞ্চলৰ প্ৰাচুর্য । 

২। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জালিকা । 

৩। আৰ্দ্ৰভূমিৰ পৰিৱেশ তন্ত্র । 

৪। ঘাঁহনি পৰিৱেশ তন্ত্র ।

৫। ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ । 

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহৰ নাম তলত দিয়া হ’ল— 

ৰাষ্ট্ৰীয় উদ্যান : কাজিৰঙা , মানস , ডিব্ৰু – চৈখোৱা , নামেৰি , ওৰাং আদি । 

অভয়াৰণ্য : আমচাং , বৰাইল , বুঢ়াচাপৰি , চক্ৰশিলা , দীপৰ বিল , দিহিং পাটকাই , পূৱ কার্বি আংলং , গৰম পানী , হোলোংপাৰ গিবন , লাওখোৱা , মাৰাত লংৰি , নামবৰ দৈগুৰুং , নামবৰ , উত্তৰ কাৰ্বি আংলং , পানী দিহিং , পবিতৰা , সোণাই – ৰূপাই , বৰনদী , ভেৰজান – বৰজান , পদুমণি আদি । 

উদ্ভিদৰ বিচিত্ৰতা : অনুকূল ভৌগোলিক অৱস্থান , বিচিত্রময় ভূ – প্রকৃতি আৰু অনুকূল জলবায়বিক অৱস্থাই জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত অসমক চহকী কৰি তুলিছে । অসমৰ উদ্ভিদসমূহ বিশেষকৈ ক্রান্তীয় প্ৰকৃতিৰ সেইসমূহৰ ভিতৰত চিৰহৰিৎ , অৰ্ধ – চিৰহৰিৎ ( Semi Evergreen) , ঘাঁহনি , পর্ণপাতী , ঘাঁহনি আৰু জলাহ অৰণ্য দেখিবলৈ পোৱা যায় । অসমত গুৰুত্বপূৰ্ণ বিভিন্ন ধৰণৰ উদ্ভিদ প্রজাতি পোৱা যায় , তাৰে ভিতৰত হলোং ( Dipterocarpus Macrocarpus ) , গুৰুজান ( Dipterocarpus Turbinatus ) , মেকাই ( Shorea Assamica ) , কুর্তা ( Palaquium Polyanthum ) , নাহৰ ( Mesua Ferrea ) , চিয়া – নাহৰ ( Kayea Assamica ) , শিশু ( Dalbergia Sissoo), খৈয়েৰ ( Acacia Catechu ) আদি । 

বাসস্থান , কৃষিকাৰ্য আৰু আনধৰণৰ উৎপাদনৰ বাবে যি বৃহৎ পৰিমাণৰ অৰণ্যৰ শোষণ চলিছে সিয়ে ৰাজ্যৰ অৰণ্য অঞ্চল বৃহৎ হাৰত কমাই আনিছে । ৰাজ্যৰ বহুতো ঘন অৰণ্য অঞ্চল ক্রমান্বয়ে অৱক্ৰমিত অৰণ্যৰ তালিকালৈ অৱনমিত হৈছে । বহুতো পৰিৱেশজনিত সমস্যা , যিসমূহ মানুহে সাধাৰণতে ভুগিব লগা হৈছে যেনে— বানপানী , গৰাখহনীয়া ইত্যাদি । প্রত্যক্ষভাৱে অৰণ্য ধ্বংসৰ লগতে জড়িত বুলি ক’ব পাৰি । এই কাৰকসমূহেই ৰাজ্যৰ বিভিন্ন পৰিস্থিতি তন্ত্ৰৰ মহাদুৰ্যোগৰ কাৰণ হৈ পৰিব পাৰে । 

অসমত বহুতো পৰিমাণৰ ঔষধি উদ্ভিদ পোৱা যায় যিসমূহ মানুহে পৰম্পৰাগতভাৱে বিভিন্ন চিকিৎসা মহৌষধ হিচাপে ব্যৱহাৰ কৰি আহিছে । পৰম্পৰাগত আৰু আধুনিক চিকিৎসাৰ এখন সর্বাঙ্গীন তালিকা প্রস্তুত কৰা হৈছে । সেই তালিকাখনৰ মতে ৩৪৭ প্ৰকাৰৰ উদ্ভিদ চিকিৎসা প্ৰণালীৰ বাবে চিনাক্ত কৰা হৈছে । অসম বাঁহ গছৰ বিচিত্ৰতাৰ ক্ষেত্ৰত অতিকে চহকী ১০ প্ৰকাৰৰ গণ আৰু ৪২ প্ৰজাতিৰ বাঁহ এতিয়ালৈকে নথিযুক্ত কৰা হৈছে । 

অসমত পোৱা ৭১ গণৰ আৰু ১৯৩ প্ৰজাতিৰ কপৌ ফুল বিশেষকৈ সমতল আৰু পাহাৰীয়া অংশত সিঁচৰতি হৈ আছে । অধিক সংখ্যক বিশেষকৈ সংৰক্ষিত বনাঞ্চল আৰু পাহাৰীয়া জিলাকেইখনত বিচাৰি পোৱা যায় । 

সৰহসংখ্যক জলাহভূমিৰ অৱস্থিতিয়ে অসমত জলজ উদ্ভিদসমূহ বৈচিত্র্যময় আৰু বৈশিষ্ট্যপূৰ্ণ পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্গত কৰি তুলিছে । অসমত বিশেষকৈ ৩৪০ প্ৰকাৰৰ জলজ উদ্ভিদ ( hydrophytes ) পোৱা যায় । 

এই জলজ উদ্ভিদসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি— 

( a ) Tree floating hydrophytes. 

( b ) Suspended submerged hydrophytes. 

( c ) Anchored submerged hydrophytes. 

( d ) Anchored hydrophytes with floating schools. 

( e ) Anchored hydrophytes with floating leaves. 

( f ) Emergent amphibious hydrophytes. 

( g ) Wetland hydrophytes. 

এইসমূহৰ উপৰিও অসমত ১০২ প্ৰজাতিৰ স্থানিক উদ্ভিদ পোৱা যায় যিসমূহ ৭৫ গণৰ অন্তর্গত । 

পশু বৈচিত্র্য : সমগ্র দক্ষিণ – পূৱ এছিয়াৰ ভিতৰত উত্তৰ – পূৱ ভাৰত জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত অতিকে বৈচিত্র্যপূর্ণ । ইয়াৰ বনাঞ্চলসমূহ বিভিন্ন প্ৰজাতিৰ পশু – পক্ষীয়ে চহকী কৰি তুলিছে । অসমত মুঠ ৪০০ প্ৰজাতিৰ স্তন্যপায়ী জীৱৰ ভিতৰত ১৬৪ প্ৰজাতিৰ ৮৫ টা গণৰ স্তন্যপায়ী জীৱ নথিভুক্ত কৰা হৈছে । ঠিক তেনেদৰে ৯৫৮ প্ৰজাতিৰ আৰু উপ – প্ৰজাতিৰ চৰাই অসমত বিচাৰি পোৱা গৈছে । আনহাতে বান্দৰৰ প্ৰজাতিৰ ক্ষেত্ৰতো অসম বিশেষভাৱে চহকী । ১৫ টা প্ৰজাতিৰ ভিতৰত, অসমত ৯ টা প্ৰজাতিৰ বান্দৰ পোৱা যায় । সেই প্রজাতিসমূহ হৈছে লাজুকী বান্দৰ ( Slow Loris ) , হলৌ বান্দৰ ( Hoolock Gibbon ), সোণালী বান্দৰ ( Golden leaf monkey ) , কেপ লিফ বান্দৰ , ফেৰিছ লিফ বান্দৰ , ষ্টাম্প টেইল বান্দৰ ( Assamese Macaque ) ইত্যাদি ।

ইয়াৰে ভিতৰত এবিধ প্রজাতি অসুৰক্ষিত আৰু ৪ বিধ লুপ্তপ্রায় প্রজাতিৰ বুলি IUCN ( International Union of Conservation of Nature ) এ চিহ্নিত কৰিছে । 

পক্ষী বৈচিত্র্য : অসম বিশ্বৰ ভিতৰতে পক্ষীৰ ক্ষেত্ৰত এখন চহকী ৰাজ্য। অসমত ৯৫০ টা প্ৰজাতি চৰাই পোৱা যায় , এই প্ৰজাতিৰ চৰাইসমূহ ৩০২ টা গণ আৰু ৬৮ টা গোত্ৰৰ অন্তৰ্গত । এই ২৩ স্থানিক পক্ষী প্রজাতি ৫ টা পক্ষী গোত্ৰৰ অন্তৰ্গত সমূহ উত্তৰ পূৱ ভাৰতৰ ৰাজ্যসমূহত পোৱা যায় । ইয়াৰ বাহিৰেও প্ৰতি বছৰে যথেষ্ট সংখ্যক পৰিভ্ৰমী চৰাই আমাৰ অসমলৈ আহে । 

সৰীসৃপ বৈচিত্র্য : অসমৰ ভূ – প্রকৃতি , জলবায়ু , উদ্ভিদসমূহে সৰীসৃপ প্ৰজাতিৰ ক্ষেত্ৰতো চহকী কৰি তুলিছে । সৰীসৃপ সমূহৰ ভিতৰত ঘৰিয়াল ( Crocodylia ) , কাছ ( Chelonia ) আৰু সাপ আৰু জেঠী ( Squamuta ) অসমত বিচাৰি পোৱা যায় । ১ টা প্ৰজাতিৰ ঘৰিয়াল , ১৯ টা প্ৰজাতিৰ কাছ আৰু ৭৭ টা প্ৰজাতিৰ সাপ আৰু জেঠী অসমত সহজলভ্য । 

উভচৰ প্ৰাণীৰ তিনিটা আধুনিক বৰ্গ ( Order ) ৰ ভিতৰত Anura ( ভেকুলী আৰু চুক ভেকুলী ) Urodela ( চালামাণ্ডাৰ ) আৰু Apoda ( এপ’ডা ) অন্যতম । পৰিচিত উভচৰ প্ৰাণীসমূহৰ ভিতৰত ৯০ শতাংশই হৈছে ভেকুলী । ভাৰতত পোৱা সৰীসৃপ প্রজাতিসমূহৰ ভিতৰত ২১৫ বিধ মান প্রজাতি অসমত পোৱা যায় । 

মীন বৈচিত্র্য : ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ইয়াৰ উপনদীসমূহ , বৃহৎ প্লাৱনভূমি , জলাশয় পিটনিসমূহে মাছৰ কাৰণে বিশেষ বাসস্থানৰ ভূমিকা পালন কৰে । আমাৰ ৰাজ্যখন সতেজ পানী থকা মীন জৈৱ বৈচিত্র্যতাৰ বাবে এক উত্তম অঞ্চল । অসমত পোৱা প্ৰায় ১৮৫ বিধ প্ৰজাতিৰ ভিতৰত ৯৮ গণৰ ৩৪ টা গোত্ৰ এতিয়ালৈকে গণনা কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৩৩ টা হ’ল এই অঞ্চলৰ স্থানীয় । 

শামুকৰ বৈচিত্র্য : শামুক হ’ল পৰিস্থিতি তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰজাতি । যদিও এতিয়ালৈকে প্ৰায় ৮০০ প্ৰজাতিৰ শামুকৰ তথ্য পোৱা গৈছে তথাপিও অসমৰ ক্ষেত্ৰত এই তথ্যসমূহ অতি দুর্লভ । বিভিন্ন জনগোষ্ঠীয় খাদ্যাভ্যাসৰ ভিত্তিত কেৱল ১০ বিধ মান সতেজ পানীৰ শামুক চিনাক্তকৰণ কৰা হৈছে। 

পলু আৰু পখিলাৰ বৈচিত্র্য : ভাৰতবৰ্ষত এতিয়ালৈকে ১৫০০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে আৰু তাৰে ৫০ শতাংশই অসমত পোৱা যায়। সৰ্বমুঠ ৪০৫ বিধ পখিলাৰ প্ৰজাতি আৰু ৩৪৭ বিধ পলুৰ প্ৰজাতি গৱেষকসকলে বিভিন্ন সময়ত চিনাক্ত কৰিছে । ওপৰত উল্লেখিত বৰ্ণনাসমূহে ৰাজ্যখনৰ জৈৱবৈচিত্ৰ্যৰ বিষয়ে এটা সম্যক ধাৰণাহে আমাক প্ৰদান কৰিছে । উপৰোক্ত বিষয় সমূহৰ লগতে মৌ – মাখি , ম’হ তথা পতংগৰ বিচিত্ৰতা আদিও উল্লেখ কৰিব পাৰি । 

৪। অসমৰ জৈৱবৈচিত্ৰ্যৰ সমস্যা আৰু সম্ভাৱনীয়তাৰ সম্পৰ্কে বর্ণনা কৰা ।

উত্তৰঃ অসমখনক ইয়াৰ প্ৰাকৃতিক সম্পদসমূহৰ বাবে এক বৈচিত্র্যময় অঞ্চল হিচাবে চিহ্নিত কৰা হৈছে । তথাপিও অপৰিকল্পিত উন্নয়ন , মানুহৰ কাৰ্যকলাপ , নগৰীকৰণ ইত্যাদিৰ ফলত প্রাকৃতিক পৰিৱেশ আৰু সম্পদসমূহ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । জৈৱবৈচিত্ৰ্যৰ পৰম্পৰাগত জ্ঞানসমূহ আৰু সংৰক্ষণৰ প্ৰণালীসমূহ দ্ৰুতগতিৰে আমি হেৰুৱাই আহিছো । জৈৱবৈচিত্ৰ্যৰ এই অৱনমিত ধাৰাটোক নিয়ন্ত্ৰণ কৰিবলৈ যিমানদূৰ সম্ভৱ সংৰক্ষণৰ ধাৰাটোক অতি ক্ষিপ্ৰতাৰে আগবঢ়াব লাগিব । 

এই অঞ্চলত জৈৱবৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান সমস্যা তলত উল্লেখ কৰা হ’ল ― 

১। জনসংখ্যাৰ বৃদ্ধি আৰু ঘনত্ব । 

২। মানুহৰ কাৰ্যকলাপৰ দ্বাৰা বাসস্থান ধ্বংস । 

৩। অতিচাৰণ ভূমি । 

৪। চোৰাং চিকাৰ । 

৫। বান আৰু খহনীয়া সমস্যা ।

৬। কৃষিভূমিত অত্যাধিক ৰাসায়নিক দ্রব্যৰ প্ৰয়োগ। 

৭। জৈৱ লুণ্ঠন । 

৮। পৰম্পৰাগত প্রযুক্তি বিদ্যাৰ অৱনতি । 

উপৰোক্ত সমস্যাবোৰৰ অৱস্থিতি স্বত্বেও এই সমৃদ্ধ জৈৱবৈচিত্র্যময় অঞ্চলটোৱে ৰাজ্যখনক প্ৰদান কৰিছে অর্থনৈতিক সমৃদ্ধি আৰু উন্নয়ন । 

তলত কিছুমান সম্ভাবনাময় ক্ষেত্র উল্লেখ কৰা হ’ল— 

১। পৰিৱেশ অনুকূল পর্যটন । 

২। মৎস্য উৎপাদন ।

৩। আলংকাৰিক মাছ ।

৪। বাঁহ – বেতৰ উদ্যোগসমূহ । 

৫। পৰম্পৰাগত ঔষধ আৰু খাদ্যসমূহ ।

৬। পৰম্পৰাগত জ্ঞানৰ ওপৰত গৱেষণা । 

৭। পৰ্যটনৰ আন্তঃগাঁথনিৰ সম্ভাৱনীয়তা ।

৫। জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পর্কে এটি টোকা প্রস্তুত কৰা । 

উত্তৰঃ বিগত দুটা শতিকাত মানুহৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাই আহিছে । জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ দ্ৰুতগতিৰে হ্ৰাস পাই আহিছে । আমি বহু বছৰৰ আগতে পৃথিৱীৰ ধাৰণ ক্ষমতা ( Carrying Capacity ) পাৰ কৰি আহিলো । সেইবাবে গোলকীয় স্তৰত বন্যপ্ৰাণী আৰু সম্পদসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে । 

জৈৱবৈচিত্র্য সংৰক্ষণৰ বহুকেইটা দৃষ্টিভংগী আছে। ইয়াৰে প্ৰথমটো হ’ল মানৱ কেন্দ্ৰিক দৃষ্টিভংগী । যিহেতু মানৱ জাতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰি আহিছে খাদ্য সামগ্রী , বাসস্থান , পানীৰ যোগান ইত্যাদিৰ ওপৰত । আকৌ এই সম্পদসমূহৰ যোগান নিৰ্ভৰ কৰে জৈৱবৈচিত্ৰ্যৰ ওপৰত । তেনে পৰিপ্ৰেক্ষিতত জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ অনিবার্য । যিহেতু প্রত্যেক প্ৰজাতিৰ জীৱৰেই জীয়াই থকাৰ অধিকাৰ আছে গতিকে প্ৰত্যেকৰেই জীয়াই থকাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এই সম্পদসমূহ সংৰক্ষণ কৰাটো প্রয়োজনীয় । এইটো হ’ল সংৰক্ষণৰ নৈতিক দৃষ্টিভংগী । মনত ৰাখিবলগীয়া কথা হ’ল— আমি ধ্বংস কৰা সম্পদসমূহ পুনৰাই সৃষ্টি কৰিব নোৱাৰো । সেইবাবেই সংৰক্ষণৰ ধাৰণাটোৰ দৰকাৰ যাতে পৃথিৱীয়ে নিজৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱৰ সৃষ্টি পৰিবৰ্দ্ধন আৰু বিকাশ ঘটাব পাৰে আৰু ইয়াৰ দ্বাৰা বৈচিত্র্যতা ৰক্ষা কৰাৰ উপৰিও বিলুপ্তিকৰণ ৰোধ কৰিব পাৰে । 

সম্পদ সংৰক্ষণ আৰু আমাৰ প্ৰয়োজনসমূহ সদায় এটা আনটোৰ বিপৰীত মুখী । উদাহৰণস্বৰূপে কিছু লোকৰ বাবে বনাঞ্চলসমূহ হ’ব পাৰে কৃষিভূমি সমূহৰ প্ৰসাৰণৰ ঠাই , অন্যহাতে এটা উদ্যোগৰ বাবে উক্ত বনাঞ্চল কেঁচা সম্পদ ভাণ্ডাৰ হৈ উঠিব পাৰে । এটা ব্যৱসায়িক প্রতিষ্ঠানে নিৰ্মাণ কৰিব পাৰে এটা উদ্যোগ নাইবা এটা ৰাজপথ । এই প্রয়োজনবোৰ অর্থহীন নহয় যদিও বহুক্ষেত্ৰত আমাৰ প্ৰয়োজনসমূহৰ কাৰণে প্রাকৃতিক পৰিৱেশত বাস কৰা উদ্ভিদ আৰু জীৱ – জন্তুৰ অধিকাৰক অস্বীকাৰ কৰা দেখা যায় । সেয়ে উন্নয়নৰ পৰা হোৱা লাভৰ লগত জীৱ – জন্তুৰ বাসস্থান হেৰুৱাৰ ফলত হোৱা লোকচান , সম্পদ সমূহ চিৰদিনৰ বাবে বিলুপ্ত হোৱাৰ ফলত হোৱা লোকচান নাইবা আমাৰ খোৱা পানীৰ নাটনি হোৱাৰ ফলত হোৱা লোকচানৰ লগত তুলনা কৰা উচিত । উন্নয়ন আৰু সংৰক্ষণৰ সহাৱস্থান সম্ভৱ । সংৰক্ষণৰ মূলমন্ত্ৰই হ’ল প্ৰকৃতিৰ লগত সহাৱস্থান কৰি জীয়াই থকা । 

৬। প্ৰদূষণ কি ? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ বর্ণনা কৰা । 

উত্তৰঃ আমাৰ কাৰ্যকলাপৰ মাধ্যমেৰে বহু বেছি দূষিত পদার্থ প্রাকৃতিক পৰিৱেশৰ লগত মিহলি হয় যাক কোৱা হয় প্ৰদূষণ । উদাহৰণস্বৰূপে আমি আৱৰ্জনা জমা কৰো আৰু প্ৰদূষিত পানীক নৈ সমূহলৈ বৈ যাবলৈ দি প্ৰদূষণ কৰো । উদ্যোগসমূহৰ পৰা যান – বাহনসমূহৰ নিসৰিত বিবিধ গেছে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে । এই পানী , বায়ু , মাটি ইত্যাদি প্ৰদূষণে আমাৰ জীৱন অতিষ্ঠ কৰি তুলিছে । ইয়াৰ বাহিৰেও প্ৰদূষণে বিবিধ ৰোগৰ সৃষ্টি , মাটিৰ সাৰুৱা গুণৰ অৱনমন আৰু খাদ্যৰ উৎপাদন হ্রাস , জৈৱবৈচিত্ৰত আঘাত আদিত সহায় কৰিছে । আমি প্ৰদূষণ সমূহক বিভিন্ন ভাগত ভগাব পাৰো । 

তাৰে প্ৰধান ভাগসমূহ হ’ল— 

( ক ) বায়ু প্ৰদূষণ : বিবিধ ৰাসায়নিক পদাৰ্থৰ নির্গমন তথা ক্ষুদ্র কণাসমূহৰ বায়ুমণ্ডললৈ নির্গমন সচৰাচৰ গেছীয় প্ৰদূষণসমূহ হ’ল— কার্বন মনক্সাইড , ছালফাৰ ডাই অক্সাইড , চি এফ চি , নাইট্ৰ’জেন অক্সাইড । এই দূষিত গেছসমূহ উৎপাদন কৰে বিভিন্ন উদ্যোগ আৰু যান – বাহনসমূহে । ফ’টকেমীকেল অ’জন আৰু ধুঁৱলী সৃষ্টি হয় নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰকাৰ্বনৰ সূৰ্যৰ ৰশ্মিৰ সৈতে হোৱা বিক্ৰিয়াৰ ফলত। 

( খ ) শব্দ প্ৰদূষণ : শব্দ প্ৰদূষণ সংঘটিত হয় দৈনন্দিন পথৰ শব্দসমূহ , উৰাজাহাজৰ শব্দ , উদ্যোগৰ শব্দ , তীব্ৰ প্ৰাৱল্যৰ চনাৰ ( SONAR , Sound Navigation Ranging ) যন্ত্ৰৰ উচ্চ মাত্ৰাৰ শব্দৰ জৰিয়তে । 

( গ ) প্লাষ্টিক প্ৰদূষণ : ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশত প্লাষ্টিকেৰে তৈয়াৰী পদাৰ্থসমূহ আৰু অতি ক্ষুদ্র প্লাষ্টিকসমূহ জমা হৈ বন্যপ্ৰাণীৰ বাসস্থান , বন্যপ্রাণী তথা মানুহৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায় । 

( ঘ ) ভূমি প্ৰদূষণ : ভূমি প্রদূষণ সংঘটিত হয় যেতিয়া ভূগৰ্ভীয় নিঃসৰণৰ ফলত ৰাসায়নিক পদাৰ্থৰ নিসর্গন ঘটে । গুৰুত্বপূর্ণ ভূমি প্ৰদূষকসমূহ হ’ল – হাইড্ৰকাৰ্বন , গধূৰ ধাতৱ পদার্থসমূহ , অপতৃণনাশক, কীটনাশক আৰু ক্লৰিনেটেড হাইড্ৰ’কার্বন সমূহ । 

( ঙ ) আণৱিক প্ৰদূষণ : বিংশ শতিকাৰ আণৱিক ক্ষেত্ৰখনত ঘটা কার্যকলাপসমূহ যেনে— পাৰমাণৱিক শক্তি উৎপাদন আৰু আণৱিক যুদ্ধস্ত্ৰসমূহৰ গৱেষণা , পণ্য উৎপাদনৰ ক্ষেত্ৰখনৰ লগতে বিন্যস্তকৰণে তেজষ্ট্ৰীয় প্ৰদূষণত অৰিহণা যোগাইছে । 

( চ ) জল প্রদূষণ : জল প্ৰদূষণত অৰিহণা যোগাইছে ব্যৱসায়িক তথা ঔদ্যোগিক প্রতিষ্ঠানসমূহৰ পৰা নিৰ্গত অপৰিশোধিত পানীভাগৰ ভূ – পৃষ্ঠৰ পানী ভাগলৈ নিৰ্গসন , লগতে অপৰিশোধিত ঘৰুৱা নলাসমূহ আৰু ৰাসায়নিক আৱৰ্জনা বিলাকৰ দ্বাৰা । 

৭। বহনক্ষম উন্নয়ন কাক বোলে ? বহনক্ষম উন্নয়নৰ ধাৰণাটো কিদৰে বিকশিত হ’ল বর্ণনা কৰা । 

উত্তৰঃ বহনক্ষম উন্নয়নৰ মুখ্য উদ্দেশ্য হ’ল মানৱৰ জীৱনৰ মান উন্নত কৰা , বহনক্ষম উন্নয়নৰ দ্বাৰা মানুহৰ যোগ্যতাক অধিক বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হয় যাতে পৰিৱেশৰ বিনষ্ট অবিহনে আর্থ – সামাজিক প্রয়োজনীয়তাসমূহ তেওঁলোকে আহৰণ কৰিব পাৰে ।

কোনো এখন সমাজৰ উন্নয়নৰ তিনিটা মুখ্য উদ্দেশ্য হ’ল— 

( ক ) জীৱন ধাৰণৰ মান উন্নত কৰা । যেনে— উপার্জন আৰু উপভোগ, খাদ্যবস্তুৰ মান , স্বাস্থ্যসেৱা প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ মাজেৰে শিক্ষা । 

( খ ) আত্মসন্মানৰ সুবৃদ্ধি ঘটাকৈ কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰা যাতে সামাজিক , ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা তথা অনুষ্ঠানসমূহৰ প্ৰতিষ্ঠাৰ মাধ্যমেৰে মানৱীয় সম্ভ্রম তথা সন্মানৰ বিকাশ ঘটে । অভিৰুচিসমূহৰ প্ৰয়োজনীয় সামগ্ৰীৰ নিৰ্বাচনৰ পৰিসৰ বহল কৰিব পৰাকৈ জনসাধাৰণৰ স্বাধীনতা বৃদ্ধি কৰা , উদাহৰণস্বৰূপে বস্তু আৰু সেৱাৰ বৈচিত্র্যতা তথা বিচিত্রতা । 

উন্নয়নৰ প্ৰক্ৰিয়াই পৃথিৱীত পৰিস্থিতি তন্ত্ৰৰ ব্যৱস্থালৈ বিপদ কঢ়িয়াই আনিব নালাগিব । ১৯৭২ চনত ষ্টকহমত সম্পন্ন হোৱা বিশ্বসন্মিলনৰ পিছত বহনক্ষম উন্নয়নৰ ধাৰণাটোৱে গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে বৃদ্ধি হৈছে । ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশে অংশগ্ৰহণ কৰা এই সন্মিলনত পৰিৱেশৰ অৱস্থাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছিল । ব্রুগুলেণ্ডৰ অধ্যক্ষতাত গঠিত হোৱা সমিতি খনে ১৯৮৭ চনত এখন প্রতিবেদন প্রস্তুত কৰি উলিয়াইছিল , যাৰ শিৰোনামা আছিল , “ আমাৰ উমৈহতীয়া ভৱিষ্যত ” ( Our common future ) যাক “ ব্রুণ্ডলেণ্ড প্রতিবেদন ” নামেৰেও জনা যায় । উক্ত প্রতিবেদনখনত বহনক্ষম উন্নয়নৰ বাবে তলৰ ৰণকৌশলসমূহ চিনাক্ত কৰি উলিওৱা হৈছিল । 

সেইসমূহ হ’ল— 

( ১ ) উন্নয়নশীল দেশসমূহত নুন্যতম প্রয়োজনীয়তাসমূহ পূৰ্ণ কৰিব পৰাকৈ অৰ্থনৈতিক বৃদ্ধিক পুনৰুজ্জীৱিত কৰা । 

( ২ ) বিকাশৰ মানৰ পৰিৱৰ্তন সাধন কৰা যাতে উন্নয়ন সাধনৰ লগতে আহৰণ কৰিব পাৰে উপাৰ্জন , সমতাৰ বিতৰণৰ ক্ষেত্ৰত তথা অর্থনৈতিক স্থিতাৱস্থাৰ স্পৰ্শকাতৰতা হ্ৰাস কৰিব পাৰে আৰু কম বা বেছি পৰিমাণে শক্তি আৰু বৈষয়িক ক্ষেত্ৰত নিৰ্ভৰশীলতা কমাব পাৰে । 

( ৩ ) অত্যাবশ্যকীয় প্রয়োজনীয়তাসমূহ , যেনে— চাকৰি , খাদ্য , শক্তি বিতৰণ , জনস্বাস্থ্যৰ যতন , শিক্ষা আৰু অনাময় সুবিধাসমূহ পৃথিৱীৰ জনসংখ্যাৰ বেছিখিনিয়ে আয়ত্ত কৰিব পাৰে । 

( ৪ ) জনসংখ্যাৰ বহনক্ষম স্তৰটো লাভ কৰা । 

( ৫ ) পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা , বিশুদ্ধ প্রযুক্তি , বিকল্পৰ ব্যৱহাৰ যেনে শক্তিৰ বিকল্প উৎসসমূহৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰি প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ আৰু উন্নত কৰা ।

( ৬ ) প্রযুক্তিসমূহৰ পুনৰ সংগঠিত কৰা আৰু পাৰিৱেশিক স্পর্শকাতৰতাৰ ব্যৱস্থাপনা কৰা । সিদ্ধান্ত গ্ৰহণত পাৰিৱেশিক বিষয়সমূহ আৰু অৰ্থনীতিক সমান্তৰালকৈ ৰখা । পৰিৱেশ আৰু উন্নয়ন দীর্ঘসময়ৰ বাবে বিৰোধী হ’ব নোৱাৰে , দুয়ো পাৰস্পৰিকভাৱে সম্পর্কযুক্ত আৰু এটাক আনটোৰ পৰিপূৰক হিচাপে গ্ৰহণ কৰা উচিত । বহনক্ষম উন্নয়নৰ দ্বাৰা আমি আমাৰ বৰ্তমানৰ আৰ্থসামাজিক অৱস্থাৰ উন্নয়ন তথা বিকাশৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে সম্পদসমূহ সুৰক্ষিত কৰাৰ চেষ্টা কৰোঁ । 

অতিৰিক্ত প্রশ্নোত্তৰ

১। জৈৱবৈচিত্ৰ শব্দটো কোনে আগবঢ়াইছিল ? 

উত্তৰঃ ডব্লিউ . জি . ৰোছেন ( ১৯৮৫ ) । 

২। জৈৱ বৈচিত্র্য শব্দটো কোনে প্রথমতে ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ এডৱাৰ্ড . ও . উইলছন এ ( ১৯৮৮ ) । 

৩। কোনজনা জীৱবিজ্ঞানীয়ে ‘ জৈৱ বৈচিত্র্য উষ্ণ অঞ্চল ‘ নামাকৰণ কৰিছিল ? 

উত্তৰঃ নৰমান মীয়ৰচ এ ( ১৯৮৮ ) ।

৪। ভাৰতত কেইটা উষ্ণ অঞ্চল আছে ? 

উত্তৰঃ চাৰিটা ।

৫। ‘ Red Data Book ‘ নামৰ গ্ৰন্থখন কোনে প্ৰকাশ কৰিছিল ? 

উত্তৰঃ IUCN এ ‘

৬। IUCN ’ ৰ ফুল ফর্ম লিখা । 

উত্তৰঃ International Union for Conservation of Nature and Natural Re sources . 

৭। জৈৱ বৈচিত্ৰ্যৰ বিলুপ্তৰ এটা মুখ্য কাৰণ লিখা । 

উত্তৰঃ আবাসভূমিৰ ধ্বংস ।

৮। ভাৰতত বৰ্তমান কিমানখন মুখ্য জীৱমণ্ডল কেন্দ্র আছে ? 

উত্তৰঃ ১৮ খন ।

৯। ভাৰতত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ? 

উত্তৰঃ ৯০ খন । 

১০। চমুকৈ জৈৱ বৈচিত্র্যতা কি ? 

উত্তৰঃ কোনো এটা অঞ্চলৰ সমূহ জীৱ গোটৰ সমষ্টিকে সেই অঞ্চলৰ জৈৱ বৈচিত্র্যতা বোলে । 

১১। চমুকৈ আনুবংশিক বৈচিত্র্য বুলিলে কি বুজা ? 

উত্তৰঃ কোনো এটা প্ৰজাতিৰ যিকোনো উদ্ভিদ , প্রাণী আৰু অনুজীৱৰ মাজত থকা ‘ জিন’ৰ ভিন্নতাকেই আনুবংশিক বৈচিত্র্য বোলে । 

১২। চমুকৈ প্ৰজাতিগত বৈচিত্র্য কি ? 

উত্তৰঃ এটা অঞ্চলত থকা প্ৰজাতিসমূহৰ মাজত থকা ভিন্নতাকে প্রজাতিগত বৈচিত্র্য বোলে । 

১৩। চমুকৈ পৰিস্থিতি – তন্ত্র বৈচিত্র্য বুলিলে কি বুজা ? 

উত্তৰঃ কোনো এটা অঞ্চলত থকা বা এক নিৰ্দিষ্ট ভূমিখণ্ডত থকা ঘাঁহ , বননি স্থলখণ্ড আৰু জলমণ্ডলৰ বিচিত্ৰতাই হ’ল পৰিস্থিতি তন্ত্র বৈচিত্র্য। 

১৪। অসমত কিমান প্ৰকাৰ প্ৰজাতিৰ কপৌফুল পোৱা যায় ? 

উত্তৰঃ ১৯৩ প্ৰজাতিৰ । 

১৫। অসমত কিমান প্ৰজাতিৰ স্থানিক উদ্ভিদ পোৱা যায় ? 

উত্তৰঃ ১০২ প্ৰজাতিৰ । 

১৬। অসমত সৰ্বমুঠ কিমান প্ৰকাৰৰ স্তন্যপায়ী প্রাণী পোৱা যায় ? 

উত্তৰঃ ৪০০ প্রজাতিৰ । 

১৭। অসমত কিমান প্ৰজাতিৰ বান্দৰ পোৱা যায় ? 

উত্তৰঃ ৯ টা প্ৰজাতিৰ । 

১৮। অসমত পোৱা বান্দৰৰ প্ৰজাতিসমূহ কি কি ? 

উত্তৰঃ ( ক ) লাজুকী বান্দৰ ।

( খ ) হলৌ বান্দৰ ।

( গ ) সোণালী বান্দৰ ।

( ঘ ) কেপ লিফ বান্দৰ ।

( ঙ ) ফেরিচ লিফ বান্দৰ । আৰু 

( চ ) ষ্টাম্প টেইল বান্দৰ ইত্যাদি । 

১৯। অসমত কিমান প্ৰকাৰ প্ৰজাতিৰ চৰাই পোৱা যায় ? 

উত্তৰঃ ৯৫০ টা প্ৰজাতিৰ চৰাই পোৱা যায় ।

২০। অসমত কিমান প্ৰকাৰৰ সৰীসৃপ পোৱা যায় ? 

উত্তৰঃ ২১৫ বিধ প্ৰজাতিৰ । 

২১। অসমত কিমানবিধ প্ৰজিাতিৰ মীন পোৱা যায় ? 

উত্তৰঃ ১৮৫ বিধ প্ৰজাতিৰ মীন পোৱা যায় । 

২২। ভাৰতবৰ্ষত কিমান প্ৰকাৰ প্ৰজাতিৰ পখিলা পোৱা যায় ? 

উত্তৰঃ ১৫০০ বিধ পখিলাৰ প্ৰজাতি পোৱা যায় । 

২৩। কিমান চনত ৰাষ্ট্ৰসংঘই বহনক্ষম উন্নয়নৰ কাৰ্যসূচী হাতত লৈছিল ? 

উত্তৰঃ ২০১৫ চনত । 

২৪। কোন দুটা শব্দ লগ লগাই জৈৱবৈচিত্র্য শব্দটো সৃষ্টি হৈছিল ? 

উত্তৰঃ জৈৱবৈচিত্র্য শব্দটো ‘ জীৱ ’ আৰু বিচিত্ৰতা শব্দ দুটা লগ লগাই সৃষ্টি কৰা হৈছে । 

২৫। জৈববৈচিত্র্য শব্দটোৰ বহুল প্রচাৰ কেতিয়াৰ পৰা হ’ব ধৰে ? 

উত্তৰঃ বিভিন্ন ব্যক্তিয়ে বিভিন্ন সময়ত এই শব্দটোৰ ব্যৱহাৰ কৰি আহিছে যদিও ৮০ ৰ দশকৰ পৰা ইয়াৰ বহুল প্ৰচাৰ হ’বলৈ ধৰে । 

২৬। এখন ঠাইৰ জৈববৈচিত্ৰ্যৰ কাৰকসমূহ কাক বুজা যায় ? 

উত্তৰঃ কোনো এখন ঠাইৰ জৈৱবৈচিত্র্য বুলি ক’লে আমি এই সকলোবোৰ কাৰকৰ ফালে চকু দিবলগীয়া হয় । উদাহৰণস্বৰূপে সূৰ্যৰ তাপ , জলবায়ু , মাটিৰ প্ৰকাৰ , পৃথিৱীৰ উপৰিভাগৰ অৱয়ব ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি । 

২৭। আলফা বিচিত্ৰতাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ আলফা বিচিত্ৰতাই এটা নির্দিষ্ট সময়ত একক সম্প্রদায়ত থকা বিভিন্ন প্রজাতিক বুজায় । আলফা বিচিত্ৰতাক প্ৰজাতিৰ প্ৰাচুৰ্যতা বুলি ক’বও পাৰি । আলফা বিচিত্রতা ভিন ভিন সম্প্ৰদায়ৰ ভিন ভিন প্ৰজাতিবোৰৰ মাজত তুলনা কৰিবলৈও ব্যৱহাৰ কৰা হয় । 

২৮। বর্তমানলৈকে পৃথিৱীৰ বিলুপ্তিকৰণ কিমানবাৰ হৈছে ? 

উত্তৰঃ বৰ্তমানলৈকে পৃথিৱীৰ পাঁচবাৰকৈ সম্পূৰ্ণ বিলুপ্তিকৰণ তথা পুনৰ আবির্ভাব হৈছে । পৃথিৱীত মানুহৰ আৱিৰ্ভাবৰ পৰা এই বিলুপ্তিকৰণ প্ৰক্ৰিয়াটো পুনৰ খৰতকীয়া হৈ উঠিছে আৰু এক ষষ্ঠ বিলুপ্তিকৰণৰ সম্ভাৱনা জগাই তুলিছে । 

২৯। ১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ কোনখন অধিৱেশনত জৈৱবৈচিত্ৰ্যৰ সূত্ৰ উদ্ভাৱন কৰা হৈছিল আৰু সূত্ৰটো কি আছিল ?

উত্তৰঃ ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ ৰিঅ ‘ দি জেনেইৰোত বহা অধিৱেশনত ( Earth Summit ) জৈৱ বৈচিত্ৰ্যৰ এক সূত্ৰ উদ্ভাৱন কৰা হয় আৰু সৰ্ব সম্মতিক্রমে গ্ৰহণ কৰা হয় । এই সূত্র অনুসৰি , জৈৱবৈচিত্র্য হ’ল স্থলভাগৰ , জলভাগৰ বা উভচৰ জীৱসমূহৰ মাজত বিচিত্ৰতা আৰু যিকোনো পৰিস্থিতি তন্ত্ৰৰ অংশ স্বৰূপে এক শ্ৰেণীৰ জীৱৰ মাজত , বহু শ্ৰেণীৰ জীৱৰ মাজত নাইবা একাধিক পৰিস্থিতি তন্ত্ৰৰ মাজত থকা বিচিত্ৰতা । জৈৱবৈচিত্ৰ্যৰ ধাৰণাটো সৰ্বজন গ্রহণযোগ্য কৰাৰ ক্ষেত্ৰতে ১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ অধিবেশনে এক বিশেষ ভূমিকা পালন কৰি আহিছে । 

৩০। আনুবংশিক বিচিত্ৰতা বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা। 

উত্তৰঃ আনুবংশিক বিচিত্ৰতাই একে শ্ৰেণীৰ জীৱৰ মাজত থকা পাৰ্থক্যৰ কথা বুজায় । প্রত্যেক প্ৰজাতিৰ জীৱই নিজৰ দেহত থকা জিনৰ ( gene ) ৰ দ্বাৰা কিছু বিশেষ গুণাগুণ কঢ়িয়াই ফুৰে । উদাহৰণস্বৰূপে— মানুহ মাত্রেই মুখমণ্ডল বেলেগ হোৱাটো এই জিনৰ ওপৰতেই নিৰ্ভৰ কৰে। আনুবংশিক বিচিত্রতাই আনহাতে একেটা প্ৰজাতিৰ ভিতৰত থকা ভিন্নতাৰ কথা বুজায় । উদাহৰণস্বৰূপে কুকুৰৰ বিভিন্ন প্রজাতি নাইবা গোলাপৰ বিভিন্ন প্ৰকাৰৰ কথা উল্লেখ কৰিব পাৰি। 

৩১। আণৱিক বিচিত্ৰতাৰ বিষয়ে বুজাই লিখা । 

উত্তৰঃ প্রজাতিগত , আনুবংশিক আৰু পৰিস্থিতি তান্ত্রিক বিচিত্ৰতাৰ উপৰিও ২০০৩ চনত কেম্ববেল নামৰ বিজ্ঞানী এজনে আণৱিক বিচিত্রতা ( Molecular Diversity ) ৰ ধাৰণাটো প্ৰদান কৰিছিল । এই চতুৰ্থ প্ৰকাৰৰ জৈৱবৈচিত্ৰৰ কাৰণেই পৃথিৱীত জীৱৰ ক্ৰমবিকাশ ( Evo lution ) , নতুন প্ৰজাতিৰ সৃষ্টি , ইয়াৰ উত্তৰ জীৱিতা ( Survival ) , বিকাশ আৰু বিলুপ্তি হোৱাটো সম্ভৱ হয় । আণৱিক বিচিত্ৰতা সাধাৰণতে আনুবংশিক বিচিত্রতাতকৈ বেলেগ যদিও দুয়োটা প্ৰাণীৰ বংশানুক্রমিক ( DNA ) ৰ ওপৰত নিৰ্ভৰ কৰে । এইটো এবিধ প্ৰাণীৰ নিজৰ মাজত , একাধিক প্ৰাণীৰ মাজত , সম্বন্ধিত প্ৰাণীৰ মাজত নাইবা বিভিন্ন পৰিস্থিতি তন্ত্ৰৰ মাজত গোটেই ক্ৰমবিকাশৰ প্ৰক্ৰিয়াটোত জড়িত হৈ থাকে । 

৩২। অসমত কিমান প্ৰজাতিৰ কপৌফুল পোৱা যায় আৰু ক’ত পোৱা যায় ? 

উত্তৰঃ অসমত পোৱা ৭১ গণৰ আৰু ১৯৩ প্ৰজাতিৰ কপৌ ফুল বিশেষকৈ সমতল আৰু পাহাৰীয়া অংশত সিঁচৰতি হৈ আছে । অধিক সংখ্যক বিশেষকৈ সংৰক্ষিত বনাঞ্চল আৰু পাহাৰীয়া জিলাকেইখনত বিচাৰি পোৱা যায় ।

৩৩। গোলকীয় স্তৰত বন্যপ্রাণী আৰু সম্পদসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় আহি পৰিছে ? 

উত্তৰঃ বিগত দুটা শতিকাত মানুহৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাই আহিছে । জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ দ্রুত গতিৰে হ্ৰাস পাই আহিছে । আমি বহুবছৰ আগতে পৃথিৱীৰ ধাৰণ ক্ষমতা ( carrying capacity ) পাৰ কৰি আহিলো । সেইবাবে গোলকীয় স্তৰত বন্যপ্রাণী আৰু সম্পদসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে । 

৩৪। জলজ উদ্ভিদসমূহ কেইপ্ৰকাৰৰ কিমান প্রজাতি আৰু গণৰ অন্তৰ্গত ? 

উত্তৰঃ সৰহসংখ্যক জলাহভূমিৰ অৱস্থিতিয়ে অসমত জলজ উদ্ভিদসমূহ বৈচিত্র্যময় আৰু বৈশিষ্ট্যপূৰ্ণ পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্গত কৰি তুলিছে । অসমত বিশেষকৈ ৩৪০ প্ৰকাৰৰ জলজ উদ্ভিদ ( hydrophytes ) পোৱা যায় । তাৰোপৰিও অসমত ১০২ প্ৰজাতিৰ স্থানিক উদ্ভিদ পোৱা যায় যিসমূহ ৭৫ গণৰ অন্তৰ্ভুক্ত । 

৩৫। পশু বৈচিত্ৰ্যৰ বিষয়ে বুজাই লিখা । 

উত্তৰঃ সমগ্র দক্ষিণ – পূৱ এছিয়াৰ ভিতৰত উত্তৰ – পূৱ ভাৰত জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতিকৈ বৈচিত্র্যপূর্ণ । ইয়াৰ বনাঞ্চলসমূহ বিভিন্ন প্ৰজাতিৰ পশু – পক্ষীয়ে চহকী কৰি তুলিছে । অসমত মুঠ ৪০০ প্রজাতিৰ স্তন্যপায়ী জীৱৰ ভিতৰত ১৬৪ প্ৰজাতিৰ ৮৫ টা গণৰ স্তন্যপায়ী জীৱ নথিভুক্ত কৰা হৈছে । ঠিক তেনেদৰে ৯৫৮ প্ৰজাতিৰ আৰু উপ – প্ৰজাতিৰ চৰাই অসমত বিচাৰি পোৱা গৈছে । আনহাতে বান্দৰৰ প্ৰজাতিৰ ক্ষেত্ৰতো অসম বিশেষভাৱে চহকী । ১৫ টা প্ৰজাতিৰ ভিতৰত, অসমত ৯ টা প্ৰজাতিৰ বান্দৰ পোৱা যায় । সেই প্রজাতিসমূহ হৈছে লাজুকী বান্দৰ ( Slow loris ) , হলৌ বান্দৰ ( Hoolock gibbon ) , সোণালী বান্দৰ ( Golden leaf monkey ) , কেপ লিফ বান্দৰ , ফেৰিছ লিফ বান্দৰ , ষ্টাম্প টেইল বান্দৰ ( Assamese maccave ) আদি । 

৩৬। পক্ষী বৈচিত্ৰ্যৰ এটা চমুটোকা লিখা । 

উত্তৰঃ অসম বিশ্বৰ ভিতৰতে পক্ষীৰ ক্ষেত্ৰত এখন চহকী ৰাজ্য । অসমত ৯৫০ টা প্ৰজাতিৰ চৰাই পোৱা যায় , এই প্ৰজাতিৰ চৰাইসমূহ ৩০২ টা গণ আৰু ৬৮ টা গোত্ৰৰ অন্তৰ্গত । এই ১৩ স্থানিক পক্ষী প্রজাতি ৫ টা পক্ষী গোত্ৰৰ অন্তৰ্গত যিসমূহ উত্তৰ – পূব ভাৰতৰ ৰাজ্যসমূহত পোৱা যায় । ইয়াৰ বাহিৰেও প্ৰতিবছৰে যথেষ্ট সংখ্যক পৰিভ্ৰমী চৰাই আমাৰ অসমলৈ আহে । 

৩৭। সৰীসৃপ বৈচিত্ৰ্যৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ অসমৰ ভূ – প্রকৃতি , জলবায়ু , উদ্ভিদসমূহে সৰীসৃপ প্ৰজাতিৰ ক্ষেত্ৰতো চহকী কৰি তুলিছে । সৰীসৃপসমূহৰ ভিতৰত ঘৰিয়াল ( Crocodylia ) , কাছ ( Chelonia ) সাপ আৰু জেঠী ( Squamuta ) অসমত বিচাৰি পোৱা যায় । ১ টা প্ৰজাতিৰ ঘৰিয়াল , ১৯ টা প্ৰজাতিৰ কাছ আৰু ৭৭ টা প্ৰজাতিৰ সাপ আৰু জেঠী অসমত সহজলভ্য । 

উভচৰ প্ৰাণীৰ তিনিটা আধুনিক বৰ্গ ( Order ) ৰ ভিতৰত Anura ( ভেকুলী আৰু চুক ভেকুলী ) Urodela ( চালামাণ্ডাৰ ) আৰু Apoda ( এপ’ডা ) অন্যতম । পৰিচিত উভচৰ প্ৰাণীসমূহৰ ভিতৰত ৯০ শতাংশই হৈছে ভেকুলী । ভাৰতত পোৱা সৰীসৃপ প্ৰজাতিসমূহৰ ভিতৰত ২১৫ বিধ মান প্রজাতি অসমত পোৱা যায় । 

৩৮। মীন বৈচিত্র্য বুলিলে কি বুজা ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ইয়াৰ উপনদীসমূহ , বৃহৎ প্লাৱন ভূমি , জলাশয় পিটনিসমূহে মাছৰ কাৰণে বিশেষ বাসস্থানৰ ভূমিকা পালন কৰে । আমাৰ ৰাজ্যখন সতেজ পানী থকা মীন জৈৱ বৈচিত্র্যতাৰ বাবে এক উত্তম অঞ্চল । অসমত পোৱা প্ৰায় ১৮৫ বিধ প্ৰজাতিৰ ভিতৰত ৯৮ গণৰ ৩৪ টা গোত্ৰ এতিয়ালৈকে গণনা কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৩৩ টা হ’ল এই অঞ্চলৰ স্থানীয় । 

৩৯। শামুকৰ বৈচিত্ৰ্যৰ বিষয়ে লিখা । 

উত্তৰঃ শামুক হ’ল পৰিস্থিতি তন্ত্ৰৰ এক গুৰুত্বপূর্ণ প্রজাতি । যদিও এতিয়ালৈকে প্রায় ৮০০ প্ৰজাতিৰ শামুকৰ তথ্য পোৱা হৈছে তথাপিও অসমৰ ক্ষেত্ৰত এই তথ্যসমূহ অতি দুর্লভ । বিভিন্ন জনগোষ্ঠীয় খাদ্যাভ্যাসৰ ভিত্তিত কেৱল ১০ বিধ মান সতেজ পানীৰ শামুক চিনাক্তকৰণ কৰা হৈছে। 

৪০। পলু আৰু পখিলাৰ বৈচিত্ৰ্যৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষত এতিয়ালৈকে ১৫০০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে আৰু তাৰে ৫০ শতাংশই অসমত পোৱা যায় । সৰ্বমুঠ ৪০৫ বিধ পখিলাৰ প্ৰজাতি আৰু ৩৪৭ বিধ পলুৰ প্ৰজাতি গৱেষকসকলে বিভিন্ন সময়ত চিনাক্ত কৰিছে । 

উপৰোক্ত বর্ণনাসমূহে ৰাজ্যখনৰ জৈৱবৈচিত্র্যতাৰ বিষয়ে এটা সম্যক ধাৰণাহে আমাক প্ৰদান কৰে । এই তথ্যসমূহেই অন্তিম তথ্য নহয় । তালিকাখনত আন আন বহুতো ক্ষেত্র অন্তর্ভুক্ত কৰি ল’ব পাৰি , যেনে- মৌ – মাখি , ম’হ তথা পতংগৰ বিচিত্ৰতা আদি । 

৪১। জৈববৈচিত্ৰ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ কি কি ? 

উত্তৰঃ জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান সমস্যা তলত উল্লেখ কৰা হ’ল ― 

( ক ) জনসংখ্যাব বৃদ্ধি আৰু ঘনত্ব ।

( খ ) মানুহৰ কাৰ্যকলাপৰ দ্বাৰা বাসস্থান ধ্বংস । 

( গ ) অতিচাৰণ ভূমি । 

( ঘ ) চোৰাং চিকাৰ । 

( ঙ ) বান আৰু খহনীয়া সমস্যা । 

( চ ) কৃষিভূমিত অত্যাধিক ৰাসায়নিকৰ । 

( ছ ) জৈৱ লুণ্ঠন । 

( জ ) পৰম্পৰাগত প্ৰযুক্তি বিদ্যাৰ অৱনতি । 

৪২। জৈৱবৈচিত্র্য সমৃদ্ধি আৰু উন্নয়নৰ সম্ভাৱনাময় কাৰণসমূহ লিখা । 

উত্তৰঃ সমস্যা থকা স্বত্ত্বেও এই সমৃদ্ধ জৈৱবৈচিত্র্যময় অঞ্চলটোৱে ৰাজ্যখনক প্ৰদান কৰিছে অর্থনৈতিক সমৃদ্ধি আৰু উন্নয়ন । তলত কিছুমান সম্ভাবনাময় ক্ষেত্র উল্লেখ কৰা হ’ল— 

( ক ) পৰিৱেশ অনুকূল পর্যটন । 

( খ ) মৎস্য উৎপাদন । 

( গ ) আলংকাৰিক মাছ ।

( ঘ ) বাহঁ – বেতৰ উদ্যোগসমূহ । 

( ঙ ) পৰম্পৰাগত ঔষধ আৰু খাদ্যসমূহ । 

( চ ) পৰম্পৰাগত জ্ঞানৰ ওপৰত গৱেষণা ।

( ছ ) পৰ্যটনৰ আন্তগাঁথনিৰ সম্ভাৱনীয়তা । 

৪৩ । বিশ্বক সলনি কৰিব পৰা লক্ষ্য কেইটা আৰু কি কি ? 

উত্তৰঃ বিশ্বক সলনি কৰিব পৰা ১৭ টা লক্ষ্য হ’ল— 

লক্ষ্যঃ ১ – দৰিদ্ৰতা নির্মূল ।

লক্ষ্যঃ ২ – ভোকৰ নিবৃত্তি ।

লক্ষ্যঃ ৩ – সুস্বাস্থ্য আৰু সু – জীৱন প্ৰণালী ।

লক্ষ্যঃ ৪ – উন্নত শিক্ষা ।

লক্ষ্যঃ ৫ – লিংগ ক্ষমতা ।

লক্ষ্যঃ ৬ – বিশুদ্ধ পানী আৰু অনাময় ।

লক্ষ্যঃ ৭ – গ্রহণযোগ্য আৰু বিশুদ্ধ শক্তি ।

লক্ষ্যঃ ৮ – মর্যাদাপূর্ণ কৰ্ম আৰু অর্থনৈতিক উন্নয়ন ।

লক্ষ্যঃ ৯ – উদ্যোগ , উদ্ভাৱন আৰু আন্তঃগাঁথনি ।

লক্ষ্যঃ ১০ – অসমতা হ্রাস কৰা ।

লক্ষ্যঃ ১১ – বহনক্ষম চহৰ আৰু সম্প্রদায় ।

লক্ষ্যঃ ১২ – দায়বদ্ধ উপভোগ আৰু উৎপাদন । 

লক্ষ্যঃ ১৩ – জলবায়ুৰ সংৰক্ষণৰ ওপৰত কৰ্মসূচী ।

লক্ষ্যঃ ১৪ – পানীৰ তলৰ জীৱন ।

লক্ষ্যঃ ১৫ – ভূমি সাগৰ তীৰ ।

লক্ষ্যঃ ১৬ – শান্তি আৰু ন্যায় শক্তিশালী প্রতিষ্ঠান । 

লক্ষ্যঃ ১৭ – লক্ষ্য আহৰণৰ বাবে অংশীদাৰিত্ব । 

৪৪। বৈচিত্র্যৰ সূচকৰ বিষয়ে বুজাই লিখা । 

উত্তৰঃ এটা সম্প্ৰদায়ৰ প্ৰজাতিসমূহৰ গাণিতিকভাৱে কৰা জোখ বা মাপক বিচিত্ৰতাৰ সূচক বোলা হয় । এই সূচক প্ৰজাতিৰ প্ৰচুৰতাৰ ভিত্তিত আৰু প্ৰজাতিৰ অন্তৰ্গত প্ৰাণীৰ সাংখ্যিক প্ৰাচুৰ্যতাৰ ভিত্তিত নিৰূপন কৰা হয় । যিমানেই প্রজাতি বেছি থাকিব , এটা অঞ্চল সিমানেই বিচিত্ৰতাপূৰ্ণ হ’ব । বিচিত্ৰতা সূচক সাধাৰণতে দুই প্ৰকাৰৰ — নিয়ন্ত্ৰণসূচক আৰু তথ্য পৰিসংখ্যা সূচক । নিয়ন্ত্রণ সূচক বিচিত্ৰতা জুখিবলৈ শ্বেনন সূচক ব্যৱহাৰ কৰা হয় । 

চিম্পৰ্চন সূচক হৈছে এটা নিয়ন্ত্ৰণসূচক কাৰণ ই সাধাৰণতে সূলভ আৰু মুখ্য প্ৰজাতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে । এইক্ষেত্ৰত কিছুসংখ্যক দুর্লভ প্ৰজাতিৰ প্ৰতিনিধিয়ে জৈৱ বিচিত্ৰতাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ নেপেলায় । 

শ্বেনন সূচক হৈছে তথ্য পৰিসংখ্যাসূচক , য’ত সকলো প্ৰজাতিৰ নমুনাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয় এই নমুনাসমূহ যাদৃচ্ছিকভাৱে ( Random ) সংগ্ৰহ কৰা হয় । শ্বেনন সূচকত ( n / N ) এটা বিশেষ প্রজাতিত পোৱা একক ( m ) আৰু সৰ্বমুঠ একক প্রজাতি ( N ) ৰ অনুপাত । 

উপৰোক্ত সূচক কেইটাৰ বাহিৰেও জৈৱবৈচিত্র্য বুজাবলৈ সাধাৰণতে আলফা বিচিত্রতা ( Alpha Diversity ) , বিটা বিচিত্রতা ( Beta Diversity ) আৰু গামা বিচিত্রতা ( Gamma Diversity ) নামৰ সূচকৰ ব্যৱহাৰ কৰা হয় । পৰিস্থিতি বিজ্ঞানত , আলফা বিচিত্রতা ( Alpha Diversity ) , বিটা বিচিত্ৰতা ( Beta Diversity ) আৰু গামা বিচিত্রতা ( Beta Diversity ) নামৰ সূচক কেইটা আৰ এইচ হুইটেকাৰ ( R. H. Whittaker ) নামৰ জীৱ বিজ্ঞানীজনে আগবঢ়াইছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top