Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব

Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব, HS 1st year Anthropology notes, প্রাগঐতিহাসিক নৃতত্ত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

( খ ) চমু প্রশ্নোত্তৰ : 

১। সজুঁলি বুলিলে কি বুজা ? 

উত্তৰঃ প্রাকঐতিহাসিক যুগত সেই সময়ৰ মানব গোষ্টী সমুহে পৰিৱেশৰ পৰা খাদ্য সংগ্ৰহ কৰিবৰ কাৰণে তথা দৈনন্দিন জীৱণৰ মানদণ্ড উন্নত কৰিবলৈ সেইসময়ত পৰিবেশত পোৱা , বিভিন্ন সামগ্রী সমুহক নানা কৌশল প্রয়োগ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল । এইদৰে বিভিন্ন ধৰণে প্ৰয়োগ কৰিব পৰাকৈ বিভিন্ন বস্তক আহিলাৰ আকাৰত তৈয়াৰ কৰা সা সজুলিবোৰক একেলগে সজুলি বোলা হয় । প্রত্ন প্রস্তৰ যুগত মানুহে শিলেৰে তৈয়াৰী সজুলি ব্যৱহাৰ কৰিছিল ৷ বিভিন্ন প্ৰকাৰৰ শিলৰ সজুঁলিসমুহ হৈছে হস্তকুঠাৰ , ৰুকণি , জোঙাল অস্ত্র , ক্ষুদ্রনাস্ত্র , শিলৱ কাচি আদি । 

২। মানুহৰ সজুঁলি নিৰ্মাণকাৰী প্ৰাণী বুলি কিয় কোৱা হয় ? 

উত্তৰঃ মানুহে যেতিয়া পোণ হৈ দুই ভৰিৰ ওপৰত থিয় হৈ খোজ কাঢ়িব পাৰা হ’ল তেতিয়া মানুহৰ হাত দুখন মুকলি হৈ গ’ল । ফলত মগজুৰ বিকাশ ঘটাৰ ফলস্বৰূপে মানুহৰ প্ৰকৃতিৰ ওপৰত থকা নিৰ্ভৰশীলতা কিছু পৰিমাণে কমি আহিল ৷ আন সকলো প্ৰণীৰ ভিতৰত মানুহেই হৈছে একমাত্ৰ জীৱ , যি আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰিব পাৰে । বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত জীৱনধাৰণাৰ বাবে প্ৰায়াজনীয় সা – সজুলিসমুহ মানুহে তৈয়াৰ কৰি লৈ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পৰা হ’ল । উক্ত কাৰণতেই মানুহৰ সস্কৃতি সম্পন্ন জীৱ বা সজুলি নির্মাতা সংস্কৃতি সম্পন্ন সামাজিক জীৱ বুলিও আখ্যা দিয়া হয় । 

৩। স্থল সজুঁলি কাক বোলে ? 

উত্তৰঃ প্ৰত্ন প্রস্তৰ যুগৰ মানুহে শিলাথণ্ড , শিলগুটি অথবা ফ্লিন্ট জাতীয় শিলাখণ্ডৰ টেমুনা এটাক সজুলি তৈয়াৰ কৰা কাৰণে আৱশ্যকীয় গঢ় দিবলৈ চলিয়ান প্ৰক্ৰিয়াৰে চলি নিৰ্গত কৰি অনাবশ্যকীয় অংশ বোৰ এৰুৱাই পেলায় অর্থাৎ এনেদৰে চকলা একৱাৰ ফলত শিলাখণ্ডৰ মাজৰ বা মধ্য অংশৰ পৰা তৈয়াৰ কৰা সজুলিকে স্থূল সজুলি বোলে । স্থূল সজুঁলিসমুহ হ’ল – হস্তকুঠাৰ , বহল মুখৰ হস্তকুঠৰ বা ক্লিভাৰ , চপাৰ ইত্যাদি ।

৪। চলি সজুঁলি কাক বোলে ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ স্কুল সজুলি তৈয়াৰ কৰোতে নিৰ্গত হোৱা চলিব পৰা মিহি চলি উঠাই চিকুণ কাম কৰি সজুলি তৈয়াৰ কৰাকে চলি সজুলি বোলা হয় । চলি সজুলিবোৰ আকাৰত সৰু আৰু মিহি হয় । বিভিন্ন চলি সজুঁলিসমুহ হ’ল বিভিন্ন প্ৰকাৰৰ বকণি , জোঙাল অস্র , ক্ষুদনাস্ত্র ইত্যাদি । 

৫। নিয়াবি পদ্ধতি কাক বোলে ? 

উত্তৰঃ সজুলি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা শিলাখণ্ড আন এটা স্থিৰ ডাঙৰ শিলৰ ওপৰত থৈ আন এটা শিলেৰে খুন্দিয়াই গঢ় দিয়া পদ্বতিকে নিয়াবি পদ্ধতি বোলা হয় । এই পদ্ধতিৰে এৰুৱা শিলৰ চকলাবোৰ সাধাৰণতে আকৃতিত ডাঙৰ হয় । আদিম অবস্থাত নিম্ন প্ৰত্ন প্রস্তৰ যুগৰ ক্লেকটনীয়ান নামে চলি প্রস্তৰ শিল্পত এনেকোৱা শিলৰ চকলা ব্যৱহৃত হৈছিল ।

৬। হস্ত কুঠাৰ কাক বোলে ? ইয়াৰ ব্যৱহাৰ কি ? 

উত্তৰঃ নিম্ন প্রস্তৰ যুগৰ সময়ত মানুহে প্রথম হস্তকুঠাৰ নিৰ্মাণ কৰিবলৈ লৈছিল ৷ এইবোৰ হৈছে স্কুল সজুলি । ইংৰাজীত হস্তকুঠাৰ নিৰ্মাণ কৰিবলৈ লৈছিল । ইংৰাজীত হস্তকুঠীৰক ( Hand Axe ) আৰু ফ্ৰান্স ভাষাত কুদাপু ( coup – de – poing ) বুলি কোৱা হয় । দক্ষিণ -পুব এছিয়া আৰু চিনৰ বাহিৰে পৃথিৱীৰ প্ৰায় আটাইবোৰ দেশত এইবিধ শিল্পৰ আৱিস্কাৰ হৈছিল । আদি প্ৰত্ন প্রস্তৰ যুগত এইবিধ অস্ত্ৰৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এই যুগক হস্তকুঠাৰ সংস্কৃতি সম্পন্ন যুগ বুলিও কোৱা হয় । হস্তকুঠাৰ শিল্পৰ প্রধান বিশেষত্ব হল এই যে- মুল শিলাখণ্ডৰ দুই পিঠিৰ পৰা হাতুৰীৰে খুন্দিয়াই চলি নিৰ্গত কৰি সজুলি তৈয়াৰ কৰা হয়।সেইকাৰণে ইয়াৰ দুমুখীয়া সজুলি বুলিও কোৱা হয় । 

ইয়াৰ ব্যৱহাৰ :- হস্তকুঠাৰবোৰ সাধাৰণতে সকলো কাৰ্য্য সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল । হাবিৰ পৰা আলু – কচু , ফলমুল আৰু অনান্য আহাৰ সংগ্ৰহ কৰিবলৈ , গাঁত খান্দিবলৈ , মাংস টুকুৰা টুকুৰ কৰিবলৈ , ফান্দ পাতি জন্তু মাৰিবলৈ , জন্তুৰ চাল আৰু হাড়ৰ পৰা মাংস গুচোৱা আদি বিভিন্ন কামৰ কাৰণে এইবিধ সজুলি ব্যৱহাৰ হৈছিল। 

৭। ৰুকণি কাক বোলে ? ইয়াৰ ব্যৱহাৰ কি ? 

উত্তৰঃ ৰুকণিবোৰ হৈছে চলি সজুলি । মুল সজুলিৰ পৰা নিৰ্গত হোৱা চলিসমুহৰ পৰা চলিয়ণ পদ্ধতিৰে সৰু সৰু চলি নিৰ্গত কৰি ৰুকণি তৈয়াৰ কৰা হয় । ৰুকণিবোৰ আদি প্ৰত্ন প্রস্তৰ যুগৰ পৰা আৰম্ভ কৰি নৱপ্রস্তৰ যুগলোক ব্যৱহাত হৈছিল । আদি প্ৰত্ন প্রস্তৰ যুগৰ শেষৰ ফালে ইয়াৰ ব্যৱহাৰ কিছু পৰিমাণে হৈছিল যদিও মধ্য প্রত্নপ্রস্তৰ যুগৰ পৰাও ব্যাপকভাৱে ব্যৱহাৰ হ’বলৈ ধৰে । বিভিন্ন প্ৰকাৰৰ ৰুকণি দেখিবলৈ পোৱা যায় । যেনে- কাশৰীয়া বা এমুখীয়া ৰুকণী , এমুৰিয়া ৰুকণি , গোলাকাৰ ৰুকণি ইত্যাদি । মুস্তেৰিয়ান সংস্কৃতিৰ সময়ত পার্শ্ব ৰুকণি ব্যাপক ব্যৱহাৰ আছিল । 

ইয়াৰ ব্যৱহাৰ :- জীৱ জন্তুৰ চাল এৰুৱাবলৈ আৰু অনান্য সজুলিৰ ওপৰৰ মূৰটো জোঙাল কৰিবলৈ ব্যৱহাৰ কৰা হয় । 

৮। আঘাত স্ফীতি কি ? আঘাত স্ফীতি ক’ত দেখা যায় ?

উত্তৰঃ চলি সজুলি তৈয়াৰৰ বাবে মূল শিলাখণ্ডত তৈয়াৰ কৰা প্ৰহাৰ মঞ্চত হেলনীয়াকৈ প্ৰহাৰ কৰাৰ ফলত নিৰ্গত চলিত এটা টেমুনা সদৃশ অংশ দেখা যায় । ইয়াকে আঘাত স্ফীতি বোলা হয় । আঘাত স্ফীতি চলি সজুলিত দেখা যায় । 

৯। চাপ চলিয়াণ পদ্ধতিৰে তৈয়াৰ কৰা দুবিধ সজুলিৰ নাম কি ? 

উত্তৰঃ ল’ৰেল পত্ৰ সদৃশ জোঙাল অস্ত্র , উইল ’ পত্র সদৃশ জোঙাল অস্ত্র । 

১০। মুস্তেৰিয়ান সংস্কৃতিৰ দুবিধ আহিলাৰ নাম লিখা ? 

উত্তৰঃ মস্তেৰিয়ান জোঙাল অস্ত্র আৰু পার্শ্ব ৰুকণি।

১১। কুদাপু মানে কি ? এই শব্দৰ উৎপত্তি কৰ পৰা হৈছে ? 

উত্তৰঃ কুদাপু মানে হৈছে হস্তকুঠাৰ । এই শব্দটো ফৰাচী ভাষাৰ পৰা উৎপত্তি হোৱা । 

১২। ফলক – চুবী কোন সাংস্কৃতিক স্তৰৰ ? বিভিন্ন প্ৰকাৰৰ ফলক চুবীৰ নাম উল্লেখ কৰা ? 

উত্তৰঃ উচ্চ প্রত্ন প্রস্তৰ যুগৰ ‘ অবিৰ্গনেচিয়ান সংস্কৃতিৰ ’ সময়ত ফলক চুৰী কটাৰীৰ ব্যৱহাৰ হৈছিল । বিভিন্ন প্ৰকাৰ ফলক চুৰী সমূহ হ’ল – আদি ফলক – চুবী , চেটলপেন চুবী আৰু গ্রেভেচিয়ান ইত্যাদিয়েই প্রধান। 

১৩। উচ্চ প্রত্ন প্রস্তৰ যুগৰ সময়ত পোৱা বিভিন্ন হাড়ৰ আৰু শিলৰ অস্ত্ৰ বোৰৰ নাম লিখা ? 

উত্তৰঃ উচ্চ প্রত্ন প্রস্তৰ যুগৰ সময়ত শিলৰ হাতীয়াৰৰ ওপৰিও জন্তুৰ হাড় , শিং আৰু দাঁতৰ পৰাও বিভিন্ন প্ৰকাৰৰ আহিলা তৈায়ৰ কৰা হৈছিল । এইবোৰ হ’ল হাড়ৰ শেল , হাড়ৰ বল্লম , হাড়ৰ বেজি , বল্লম নিক্ষেপক আৰু শিঙৰ পৰা তৈয়াৰ কৰা ৰাজদণ্ড আদিয়েই প্রধান ৷ 

১৪। ক্ষুদ্ৰাস্ত্র কি ? ইয়াক কিদৰে ব্যৱহাৰ কৰা হৈছিল ? 

উত্তৰঃ মধ্যপ্রস্তৰ যুগৰ সজুঁলিমূহক ক্ষুদ্ৰাস্ত্ৰ বোলে । এই ক্ষুদ্ৰাস্ত্র সমূহ আকাৰত যথেষ্ট সৰু । আৰু বিভিন্ন আকৃতিৰ । এই অস্ত্ৰবোৰ ইমানেই আকাৰত সৰু যে ইয়াক হাতেৰে ধৰি কাম কৰিব নোৱাৰি । সেয়েহে এই ধৰণৰ হাতিয়াৰ একাধিক একেলগে শাৰী শাৰীকৈ সজাই হাড়ৰ বা কাঠৰ নালত সুমুৱাই ছুৰী , কটাৰী , কাচী , কাৰাস্ত্ৰ বা বল্লম হিচাপে ব্যৱহাৰ কৰা হৈছি । ইয়াৰ বিভিন্ন আকৃতিৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগোৱা হৈছে । 

( ক ) জ্যামিতিক ক্ষুদ্ৰাস্ত্ৰ । আৰু 

( খ ) অজ্যামিতিক ক্ষুদ্রাস্ত্র । 

ইয়াক মাছ তথা অনান্য সাগৰীয় মাছ জাতীয় প্রাণীৰ চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল । 

১৫। চমু টোকা লিখা –

( ক ) লেভালোৱা কৌশল ।

উত্তৰঃ এই কৌশলটো প্রথমে ফৰাচী দেশৰ লেভালোৱা নামে ঠাইত আৰম্ভ হোৱা বুলি জনা যায় । কাৰণ প্ৰথমে তাত এই কৌশলেৰে নিৰ্মিত শিলৰ সজুলি পোৱা গৈছিল । এই পদ্ধতি অনুযায়ী প্রথমে মূল শিলাখণ্ড বা স্থূলৰ পৰা চলি এৰুওৱা হয় আৰু পূর্ব পৰিকল্পিত ভাৱে সেইটোক প্রয়োজন অনুসৰি উপযুক্তভাৱে গঢ় দিয়া হয় । এই মূল শিলাখণ্ডৰ যিটো মূৰত আঘাত কৰি চলি এৰুৱা হয় সেয় মূৰটো সমান আৰু বহলকৈ সজাই লোৱা হয় । ইয়াক নির্মিত প্ৰহাৰ মঞ্চ বোলে । এই অঞ্চলৰ দাঁতিত হতুৰীৰে চলিয়ণ কোনটো প্ৰায় সমকোণৰ ( ৯০° ) ৰ সমান । প্রয়োজন অনুসৰি এই চলিটোৰ দাঁতিত বা আগমূৰৰ ফালে চিকূণ – কাম কৰি ইয়াৰ পৰা নানা প্রকাৰৰ অস্ত্ৰ বা হাতিয়াৰ তৈয়াৰ কৰা হয় । লেভালোৱাত এই কৌশলেৰে নির্মিত অস্ত্র প্রথম আৱিস্কৃত হোৱা বাবে ইয়াক লেভালোৱা কৌশল বোলে । 

( খ ) দ্বিমেক কৌশল ।

উত্তৰঃ শিলাখণ্ড এটাক সজুলিলৈ ৰূপান্তৰিত কৰিবলৈ প্রথমে শিলাখণ্ডটো আন এটা শিলৰ ওপৰত থৈ , এটা শিলৰ হাতুৰীৰে আঘাত কৰি চকলা নিৰ্গত কৰা হয় ৷ এনেকুৱাকৈ নিৰ্গত হোৱা চকলা বিলাকৰ তলপিনিৰ দুয়োমুৰে আঘাত স্ফীতি পৰিলক্ষিত হয় । ইয়াকে দ্বিমেৰু কৌশল বোলা হয় । চীন দেশত আৱিস্কৃত হোৱা পিকিং মানৱে এনে পদ্ধতিৰে অস্ত্ৰ তৈয়াৰ কৰিছিল ৷ 

( গ ) নিয়াৰি পদ্ধতি ।

উত্তৰঃ সজুলি নিৰ্মান কৰিবলৈ জোঙাল শিলাখণ্ড এটা আন স্থিৰ হৈ থকা শিলৰ ওপৰত খুন্দিয়াই খুন্দিয়াই চলি নিৰ্গত কৰা হয় । এই নিৰ্গত চলিবোৰক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াক নিয়াৰি পদ্ধতি বোলে । এই চলিবোৰ আকাৰত ডাঙৰ হয় । আদিম অৱস্থাত প্ৰত্নপ্রস্তৰ যুগৰ ক্লেক্টনিয়ান নামে চলি প্রস্তৰ শিল্পত এনেকোৱা শিলৰ চকলা ব্যৱহাৰ হৈছিল । 

( ঘ ) গোটা হাতুৰী কৌশল ।

উত্তৰঃ প্রত্নপ্রস্তৰ এচুলিয়ান সংস্কৃতিৰ সময়ৰ পৰা এইটো কাৰিকৰী কৌশলৰ প্ৰচলন হয় বুলি জনা যায় । সৰু , পাতল , মিহি আৰু মসৃণ হাতিয়াৰ তৈয়াৰ কৰিবলৈ শিলৰ গধুৰ হাতুৰী ব্যৱহাৰ কৰাৰ পৰিবৰ্ত্তে দীঘলীয়া , গোলাকৃত্তিৰ জন্তুৰ ভৰিৰ হাড় বা কতিৰ সাৰি হাতুৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল । এনে হাতুৰী প্ৰয়োগ কৰিলে চিকূণ চকলা উঠুৱাত সহজ হয় । ইয়াকে গোটা হাতুৰী কৌশল বোলে । ফ্লিড , অৰচিভিয়ান আদি শিলৰ পৰা অস্ত্ৰ তৈয়াৰ কৰিবলৈ এনে পদ্ধতি ব্যৱহাৰ কৰা হৈছিল । 

( ঙ ) নিয়ন্ত্রিত চলিয়াণ পদ্ধতি ।

উত্তৰঃ কেতিয়াবা কেতিয়াবা ক্ষুদ্র ক্ষুদ্র চলিবোৰ এৰুৱাতে হাতুৰীৰ আঘাতবোৰ নিয়ন্ত্ৰণ কৰিব লগা হয় । ফলত কেতিয়াবা কিছুমান চলি সম্পূর্ণভাৱে উঠি নগৈ ঠায়ে ঠায়ে ভাগি যায় আৰু ইয়াৰ ফলত অস্ত্ৰপাতৰ গাত খলপা খলপী চিহ্ন কিছুমানৰ সৃষ্টি হয় ৷ শিলাখণ্ডৰ দাঁতিভাগত হাতুৰীৰে আঘাত কৰি এইপ্ৰকাৰৰ চকলা নিৰ্গত কৰা হয় ৷ ইয়াকে চলিয়া পদ্ধতি বোলা হয় । এনে পদ্ধতিৰে চলি এৰুৱা সজুলিৰ ব্যৱহাৰিক ক্ষেত্ৰত সহজে পাতল আৰু ধাৰযুক্ত কৰিব পাৰি ।

( চ ) ক্লেকটনিয়ান কৌশল ।

উত্তৰঃ ক্লেকটানিয়ান চলি সাজিবৰ কাৰণে প্রাগৈতিহাসিক মানুহে সজুলি নির্মাণ কৰিবলগীয়া শিলাখণ্ড ডাঙৰ এটা স্থিৰ শিলাখণ্ডৰ ওপৰত দলি মাৰি খুন্দিয়াই চলি নিৰ্গত কৰিছিল ৷ এইদৰে এৰুওৱা চলি বা চকলাবোৰ সাধাৰণতে ডাঙৰ আছিল । এইদৰে খুন্দা মৰাৰ ফলত এটা চকলা চিহ্ন থকা প্ৰহাৰ মঞ্চৰে এটা চলি নির্গত হয় । বিশেষ মন কৰিব লগীয়া কথা যে ক্লেকটেনিয়ান কৌশলত প্ৰহাৰ মঞ্চ তৈয়াৰ কৰি লোৱা হয় । এই কৌশলত প্ৰহাৰ মঞ্চ আৰু মূল চলি সমতলৰ মাজৰ কোনটো লেভা লোৱা অৰ্থাৎ চলিয়ণ কোণটো প্রায় ১২০° হয় । কৌশলৰ দৰে ক্লেকটনিয়ান কৌশল দেখাত প্রায় কচ্ছপ সদৃশ মূল তৈয়াৰ নহয় । 

( ছ ) ফলক শিল্প কৌশল ।

উত্তৰঃ এই কৌশলটো উচ্চ প্রত্ন প্রস্তৰ যুগতহে প্রয়োগ কৰা হয় । ইয়াৰ দ্বাৰা সমান্তৰাল দাঁতি সম্পন্ন দীঘলীয়া পাতল চলি উঠোৱা হৈছিল । এনেকুৱা চলি একৱাবৰ বাবে প্রথম মূল শিলাখণ্ডক সজাই পৰাই লোৱা হয় আৰু প্ৰহাৰ মঞ্চখনৰ দাঁতিৰ ভোহৰ জাতীয় জোঙান অস্ত্ৰ এটাৰ দ্বাৰা হাতুৰীৰে প্ৰহাৰ কৰি ধাৰযুক্ত চলি উঠোৱা হয় । ওপৰোক্ত মূল শিলাখণ্ডৰ বৰ্হিভাগত ইমূৰৰ পৰা সিমূৰলৈ দীঘলীয়া চলি – চিহ্ন দেখা যায় । ইয়াক ফুটিং পদ্ধতি আৰু মূলটোক ফ্লটেড মূল বোলা হয় । 

( জ ) চাপ চলিয়াণ কৌশল ।

উত্তৰঃ সাধাৰণতে মিহি , ধাযুক্ত সৰু সৰু আটকধুনীয়া সজুলিবোৰ নিৰ্মাণ কৰিবলৈ চাপ চলিয়ণ পদ্ধতি উচ্চ প্রত্ন – প্রস্তৰ যুগৰ ছলুট্রিয়ান সংস্কৃতিৰ সময়ৰ পৰা প্ৰচলিত হয় । ইজিপ্তৰ নবপ্রস্তৰ যুগৰ সময়ত এই পদ্ধতিৰে নানা তৰহৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰা হৈছিল । 

( ঝ ) ঘঁহি পিহি মিহি কৰা পদ্ধতি ।

উত্তৰঃ এই কৌশল বা পদ্ধতিটো নব প্রস্তৰ যুগত আৰম্ভ হয় । নব প্রস্তুৰ যুগতেই মানুহে চিকাৰ জীৱিকা বাদ দি খাদ্য উৎপাদন কৰিবলৈ আৰম্ভ কৰে । খাদ্য উৎপাদন কৰাৰ উপৰিও আন বহুতো লক্ষ্যণীয় পৰিবৰ্তন হৈছিল । যেনে – কৃষি আৰু পশু পালনৰ জৰিয়তে খাদ্য উৎপাদন , ঘঁহি পিহি মিহি কৰা পদ্ধতিৰে শিলৰ সজুলি নিৰ্মাণ , মৃত পাত্ৰ তৈয়াৰ কৰা প্রথা প্রচলন , তাঁত শিল্প আৰু বাঁহ বেতৰ সজুলি তৈয়াৰ কৰাৰ কুটিৰ শিল্পৰ আৰম্ভ , স্থায়ী গাওঁ পাতি বাস কৰা সমাজ আৰম্ভ , বিনিময় প্রথাৰ জৰিয়তে বেহা বেপাৰ সূত্ৰপাত আদি প্ৰধান ৷ কিছুমান শিলক বিশেষকৈ কটু শিলৰ পৰা চলি উঠুৱা পদ্ধতিৰে প্রয়োজনী সজুলি তৈয়াৰ কৰিব নোৱাৰি । তেনে প্ৰকাৰৰ শিলক এটা শিলৰ হাতুৰীৰে ঠুকুচি সুক্ষ্ম চলি নিৰ্গত কৰি প্ৰয়োজনীয় আকৃতিলৈ নিয়া হয় । এই প্ৰথাৰে সজুলিৰ মুখখন ধাৰযুক্ত কৰিব নোৱাৰি । সেই কাৰণে বালি , শিল আদিৰ সহায়ত হাঁহি পিহি ক্ষয় কৰা কৰা হয় আৰু জন্তুৰ চালৰ সহায়ত ইয়াৰ ওপৰৰ পিঠিখন মসৃণ কৰা হয় ।

( ট ) হাড়ৰ শেল ।

উত্তৰঃ প্রত্ন প্রস্তৰ যুগৰ ‘মেগডালেনিয়ান’ কৃষ্টিৰ সময়ৰ পৰা সাগৰৰ জন্তু আৰু মাছ ধৰিবৰ কাৰণে এক প্ৰকাৰৰ হাড়ৰ শেল ব্যৱহাৰ কৰা হৈছিল । এটুকুৰা হাড়ৰ ওপৰত মূৰটো জোঙা কৰি ইয়াক দুয়ো দাঁতিত কিছুমান মাত কাটি একপ্ৰকাৰৰ শেল তৈয়াৰ কৰা হৈছিল । পিছৰ পৰ্য্যায়ৰ ক্ৰমন্বয়ে হাড়ৰ গাত কটা ঘাতবোৰ দ কৰি কিছুমান জোঙাল কাইট বা স্থূল কটা হয় ৷ এই হলবোৰ শেলৰ ওৰিৰ ফালে হেলনীয়া কৰি দিয়া হয় যাতে ইয়াৰ দ্বাৰা বিদ্ধ হ’লে মাছ আৰু সাগৰৰ জন্তু সহজে শুলাই যাব নোৱাৰে । শেষত কটা হলৰ সংখ্যা একে নহয় , কিছুমান শেলত এডাল হল থাকে , কিছুমানত এটা দাঁতিত তিনি বা চাৰিডাল হলৰ এটা শাৰী থাকে । শেলবোৰ ব্যৱহাৰ কৰোঁতে ইয়াৰ তৰিত এডাল ৰছী লগাই লোৱা হয় চেকাৰীয়ে শেলডাল নিক্ষেপ কৰি ৰছীডালস হাতেৰে ধৰি তাকে আৰু ইয়াৰ সহায়ত শেলবিদ্ধ চিকাৰক নাৱৰ ওপৰলৈ তুলি আনে । তুন্দ্ৰ অঞ্চলত বাস কৰা এদ্ধিস সকলে এতিয়াত সাগৰৰ জন্তু চিকাৰ কৰিবলৈ এনে শেল ব্যৱহাৰ কৰে । 

( ঠ ) হাড়ৰ ৰাজদণ্ড ।

উত্তৰঃ দুটা ফেৰেঙণি থকা বহুৰ শিঙৰ পৰা ইয়াক তৈয়াৰ কৰা হয় । প্রত্নপ্রস্তৰ যুগৰ মেগডেলেনিয়ান সাংস্কৃতিক স্তৰত ইয়াক ব্যৱহাৰ কৰা হৈছিল । ফেৰেঙণি থকা পহুৰ শিঙৰ শকত মূৰটোৰ ফালে এটা ছিদ্র থাকে । জন্তু বা মাছৰ চিত্ৰ খোদিত কৰি ইয়াক অলংকৃত কৰা হয় ৷ কিছুমান জন্তুৰ এটাতকৈ অধিক ছিদ্র তাকে । ইয়াৰ ব্যৱহাৰ সম্পর্কে নানা মত আছে । কোনো কোনোৱে কয় , ক্ষমতাত অধিষ্ঠিত প্রাগৈতিহাসিক যুগৰ দলপতিসকলে ইয়াক দণ্ড হিচাপে ব্যৱহাৰ কৰিছিল।আৰু কিছুমানে ইয়াক জন্তুৰ ছাল আঁৰি থবলৈ ব্যৱহাৰ কৰা হৈছিল বুলি মত পোষণ কৰে । এস্কিমসকলে এনে এটা ছিদ্ৰ থকা হাড়ৰ আহিলা কাঁড়ৰ পাল পোন কৰিবৰ বাবে ব্যৱহাৰ কৰে । সেই কাৰণে কিছুমান প্ৰত্নপ্ৰস্তবিদে ইয়াক ‘ কাড় পোনোৱা’ আহিলা বোলে । 

( ড ) ক্লিভাৰ ।

উত্তৰঃ ক্লিভাৰ বা বহল মুখৰ হস্তকুঠাৰ এবিধ স্থূল সঁজুলি । এইবিধ হস্তকুঠাৰৰ মুখখন বহল আৰু ধাৰাযুক্ত । দক্ষিণ আফ্রিকা , চাহৰা অঞ্চল আৰু ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ প্ৰচুৰ পৰিমাণে আছিল । কিন্তু ইউৰোপ আৰু পশ্চিম এছিয়াত ইয়াৰ ব্যৱহাৰ অতি বিৰল আছিল । ক্লিভাৰ সাধাৰণতে চাৰিকোণীয়া আকৃতিৰ । বহলমুখৰ হস্তখুঠাৰ সাধাৰণতে ডাঙৰ চলিৰ পৰা তৈয়াৰ কৰা হয় । ক্লিভাৰ কোনো গোটা বস্তুক দুফালে কৰিবলৈ ; মাংস টুকুৰা টুকুৰ কৰিবলৈ আৰু আন কটা কামত ব্যৱহৃত হৈছিল । 

( ঢ ) গোলাকাৰ ৰোকনী ।

উত্তৰঃ ৰুকনী হৈছে এবিধ চলি সঁজলি । মধ্য প্রত্নপ্রস্তৰ যুগৰ সময়ত ইয়াৰ ব্যৱহাৰ বহুল পৰিমাণে হৈছিল । এইবিধ ৰোকনী দেখাত ঘূৰণীয়া আৰু আকৃতিত থাল সদৃশ ৷ হাতিয়াৰ পাতৰ দুয়োপিঠিৰ চাৰিওপালে সমানে চলি এৰুৱাই ইয়াক তৈয়াৰ কৰা হয় ৷ ইয়াক সাধাৰণতে জন্তুৰ চাল এৰুৱাবলৈ ব্যৱহাৰ হয় । 

( ণ ) মুছটেৰিয়ান জোং ।

উত্তৰঃ মুছটেৰিয়ান সংস্কৃতিৰ সময়ত ইয়াক বহুল ভাবে ব্যৱহাৰ কৰা হৈছিল । ছিদ্ৰ কৰা , চিলাই কৰা আদি কামৰ কাৰণে জোং থকা আহিলাৰ প্ৰচলন মধ্য প্রত্নপ্রস্তৰ যুগৰ পৰা আৰম্ভ হয় । এই সময়ৰ জোঙাল অস্ত্রপাতক মূৰটো ‘ মুছটেৰিয়ান জোং’নামে জনা যায় ৷ ই এটা ত্ৰিভূজ আকৃতিৰ শিলৰ চকলা আৰু ইয়াৰ মূৰটো তীক্ষ্ণ জোঙাল । 

( ত ) বিন্ধনা বা ভোঁহৰ ।

উত্তৰঃ ভোঁহৰবোৰ মধ্য প্রত্নপ্রস্তৰ যুগৰ সময়ৰ সজুলি । এইবোৰ কাঠ , হাড়ৰ সজুলি আদি ফুটাবলৈ ব্যৱহাৰ কৰা হয় । ভোঁহৰ বোৰ সাধাৰণতে লম্বা আৰু পাতল হয় । এইবোৰ ফলক আৰু চলি দুয়োটা উদ্যোগতে পোৱা যায় । সাধাৰণতে বিন্ধনাবোৰ চলিব পৰা অতি সাবধানেৰে তৈয়াৰ কৰা হয় । 

( থ ) আঘাত বেদী ।

উত্তৰঃ চলি সজুলি সমূহ তৈয়াৰ কৰাৰ বাবে মূলশিলাখণ্ডৰ পৰা চলি এৰুৱাই লোৱা হয় । চলি এৰুৱাৰ সুবিধার্থে মূল শিলাখণ্ডৰ এটা মূৰ সমানকৈ সজাই লোৱা হয় । এই সজাইলোৱা মূৰাটোত আঘাট কৰি আৱশ্যকীয় চলি মূৰটোৰে পৰা বিচিন্ন কৰা হয় ৷ সেয়ে এই সমানকৈ সজাই লোৱা অংশ , যত আঘাত কৰি সঁজুলিৰ বাবে চলি নিৰ্গত কৰা হয় তাকে সজ্জিত প্ৰহাৰ মঞ্চ বা আঘাত বেদী বোলা হয় । বিশেষকৈ লেভালোৱা কৌশলৰে তৈয়াৰে কৰা সঁজুলিত আঘাত বেদী স্পষ্টকৈ দেখা যায় । 

( দ ) ক্ষোদ্রনাস্ত্র ।

উত্তৰঃ বোদনাস্ত্ৰবোৰ শিলৰ পৰা এটা বিশেষ কাৰু কাৰ্যৰ দ্বাৰা তৈয়াৰ কৰা হয় ৷ শিলৰ পাতল চলি এটা থিয়কৈ ধৰি তাক ওপৰৰ মূৰৰ দাঁতিত লম্বভাৱে হাতুৰীৰে আঘাত কৰিলে , দীঘলীয়াকৈ সূক্ষ্ম চলি এটা উঠি আহে আৰু এই চলিটোৰ শীৰ্ষত সৰু কিন্তু তীক্ষ্ণ ধাৰাযুক্ত মুখ এখন উৎপন্ন হয় । আকৃতি আৰু নিৰ্মাণ কৌশল অনুসৰি ক্ষুদ্ৰনাস্ত্ৰবোৰক কেইবাটাও ভাগত ভাগ কৰা হৈছে । যেনে সাধাৰণ খোদনাস্ত্র , কৌণিক যোদনাস্ত্র , বহুমুখীয়া যোদনাস্ৰ , চৰাই ঠুটীয়া যোদনাস্ত্র ইত্যাদি । হাড় , শিং বা হাতী দাঁতৰ সজুলিবোৰ ফুটা কৰিবলৈ , থাঁজ কটিবলৈ , হাড় বা শিলৰ হাতিয়াৰাবোৰৰ ওপৰত খোদাই কৰি বিভিন্ন চিত্র অংকন কৰিবলৈ , গুহাবোৰত চিত্ৰংকণ কৰিবলৈ ইত্যাদি বিভিন্ন কামত খোদনাস্ত্ৰবোৰ ব্যবহৃত হৈছিল । 

( ধ ) দ্বি – স্কন্ধ চেল্ট ।

উত্তৰঃ নবপ্রস্তৰ যুগৰ বিশেষ সজুলি । নৱপ্ৰস্তৰ যুগৰ কুঠাৰ বা বাচলাৰ দৰে স্বন্ধযুক্ত চেল্টবোৰো এই যুগৰ প্ৰধান আহিলা । এই সজুলিৰ বিশেষত্ব হ’ল ইয়াত থকা স্কন্ধ ৷ নাল নলগোৱাৰ সুবিধার্থে চেল্টত এই স্কন্ধবোৰ তৈয়াৰ কৰা হৈছিল । এই ধৰণৰ চেল্ট সাধাৰণতে দুই ধৰণৰ দেখা যায় যেনে এক প্ৰকাৰত মাত্ৰ এটাহে স্কন্ধ দেখা যায় । ইয়াকে এক স্কন্ধযুক্ত চেল্ট বোলা হয় আন বিধৃত দুটাকৈ স্কন্ধ দেখা যায় । ইয়াক দ্বি – স্কন্ধযুক্ত বোলা হয় । অ’লডাৱান কৃষ্টিঃ – আদি প্ৰত্নপ্রস্তৰ যুগৰ পৃথিৱীৰ বিভিন্ন ঠাইত শিলৰ সজুলি আবিস্কৃত হৈছে । ইউৰোপত আদিম যুগৰ সাংস্কৃতিক অৱশেষ আবিস্কাৰৰ প্রায় এক শতাব্দীৰ পাছত আফ্ৰিকাৰ টানজানিয়া দেশত প্রাগঐতিহাসিক যুগৰ অতি আদিম যুগৰ সংস্কৃতি আবিস্কৃত হয় । 

টানজানিয়াৰ অলডুভাই নামে দ গহ্ৰবৰ এটাত পৃথিৱীৰ আটাইতকৈ পুৰণি মানৱ সংস্কৃতিৰ অবেশেষ কিছুমান শিলৰ সজুলি পোৱা গৈছে । অ’লডুৱাইত পোৱা সজুলিবোৰ ভূতাত্ত্বিক নিম্নস্তৰত পোৱা গৈছিল আৰু এইবোৰ শিলৰ হাতিয়াৰ মানুহৰ অতি আদিম সংস্কৃতিৰ পৰিচায়ক । এই হাতিয়াৰবোৰ শিলগুটিৰ পৰা তৈয়াৰ কৰা হৈছিল । এই বিলাক চপাৰ জাতীয় অস্ত্ৰৰ পৰা কালক্ৰমত হস্তকুঠাৰৰ জন্ম হয় । অ’লডুৱাই গহ্বৰৰ চপাৰ জাতীয় অস্ত্ৰৰে গঠিত কৃষ্টিটোক অ’লডাৱান সংস্কৃতি বোলা হয় । এই সংস্কৃতিয়েই মানৱ ইতিহাসৰ আদিম কৃষ্টি । 

( ন ) মুছটেৰিয়ান সংস্কৃতি ।

উত্তৰঃ ফৰাছী দেশৰ ডৰডন – ৰাজ্যৰ লা মুছটিয়াৰ নামে গুহা এটাত এই কৃষ্টিৰ সামগ্ৰী পোৱা গৈছে । এই কৃষ্টিৰ বিশেষত্ব হ’ল- এই যে এই কৃষ্টিৰ সময়ত চলি শিল্পৰ প্ৰধান্য , জোঙাল শিলৰ অস্ত্ৰ আৰু পাৰ্শ্ব ৰোকনী । এই কৃষ্টি সামগ্ৰীবিলাকৰ স্তৰ এচুলিয়ান কৃষ্টিৰ সামগ্ৰীৰ স্তৰৰ ওপৰত আছিল । এই সামগ্ৰীবিলাকৰ অৱশেষৰ পৰা জনা যায় যে সেই সময়ত ইউৰোপৰ জলবায়ু – শীতপ্রধান আছিল । সেই সময়ৰ জন্তবিলাক হ’ল মেমথ , নোমাল গড় , আৰু বল্গা হৰিণ আদি । মুছাটৰিয়ান কৃষ্টি মধ্য এছিয়া , ইউৰোপ আৰু উত্তৰ আফ্ৰিকাৰ নানা ঠাইত প্ৰচলিত হৈ আছিল । 

( প ) কিছেন – মিডেন সংস্কৃতি ।

উত্তৰঃ ইউৰোপৰ বল্টিক অঞ্চলত বাস কৰা লোকসকলৰ ৰান্ধনী ঘৰৰ দমবোৰত এই সংস্কৃতিৰ সমলবোৰ পোৱা গৈছে ৷ এইবোৰত বহুতো- শামুকৰ খোলা আবিস্কৃত হৈছে । সেইকাৰণে দমাবাৰক শমুক খোলাৰ তিপ বুলিও কোৱা হয় । ইয়াৰ অধিবাসীসকলৰ শামুকেই প্রধান আহাৰ আছিল বুলি অনুমান হয় । ব্যৱহাত আহিলাবোৰ আছিল শিলৰ বহল মুখৰ কুঠাৰ , পথালিমুখীয়া ৰা , নানা তৰহৰ ৰোকনী , মিহিকৈ সজা জোঙাল অস্ত্র , ভোহৰ আদি । সেই সময়ত মাঢ়িৰ বাচন তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top