বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয় আৰু প্ৰশ্নোত্তৰ

বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয় আৰু প্ৰশ্নোত্তৰ is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয় আৰু প্ৰশ্নোত্তৰ

Join Telegram channel

বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয়

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয় আৰু প্ৰশ্নোত্তৰ of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয়

ASSAMESE LANGUAGE

বিভক্তি

অসমীয়াত বিক্তিভক্তি দুবিধ- (ক) শব্দ বিভক্তি আৰু (খ) ক্ৰিয়া বিভক্তি।

(ক) যিবিলাক প্ৰত্যয় শব্দৰ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত তাৰ স্থান নিৰূপণ কৰে তাক শব্দ বিভক্তি বোলা হয়।

(খ) যিবিলাক প্ৰত্যয় ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে তাকে ক্ৰিয়া বিভক্তি বোলা হয়।

(ক) শব্দ বিভক্তি :- অসমীয়াত শব্দ বিভক্তি সাতবিধ। সেইবোৰ হ’ল প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী বিভক্তি।

বিভক্তি যোগ কৰি কাৰকবোৰ সিদ্ধ কৰা হয়। বিভক্তিৰ পিছত অনুসৰ্গ প্ৰয়োগ কৰিও কাৰক সিদ্ধ কৰা হয়। শব্দ বিভক্তিৰ অনুসৰ্গবোৰ হ’ল-

প্ৰথমা – এ, ই

দ্বিতীয়া – অক

তৃতীয় – ৰে, দি, দ্বাৰা

চতুৰ্থী – লৈ

পঞ্চমী – পৰা

ষষ্ঠী – ৰ

সপ্তমী – ত

প্ৰথমা বিভক্তি কৰ্তাকাৰকত যোগ হয়। যেনে- অকণে ভাত খালে।

দ্বিতীয়া বিভক্তি কৰ্মকাৰকত যোগ হয়। যেনে- ৰামে তাক মাতিছে।

তৃতীয়া বিভক্তি কৰণকাৰকত যোগ হয়। যেনে- তৰোৱালেৰে যুদ্ধ কৰে।

চতুৰ্থী বিভক্তি নিমিত্ত অৰ্থত সম্ৰদানকাৰকত যোগ হয়। যেনে- ই স্কুললৈ গ’ল।

পঞ্চমী বিভক্তি অপদানকাৰকত বিভক্তিৰ পৰিৱৰ্তে পৰসৰ্গ যোগ হৈ সিদ্ধ হয়। যেনে- গছৰ পৰা আমটো সৰিল।

ষষ্ঠী বিভক্তি সম্বন্ধবাচক শব্দত যোগ হয়। কাৰকৰ পৰিৱৰ্তে ইয়াত সম্বন্ধ পদহে ব্যৱহাৰ হয়। যেনে- মোৰ ঘৰ।

সপ্তমী বিভক্তি অধিকৰণকাৰকত সিদ্ধ হয়। যেনে- পুখুৰীত মাছ থাকে।

(খ) ক্ৰিয়া বিভক্তি

ধাতুত ক্ৰিয়া বিভক্তি যোগ দিয়া হয়। প্ৰত্যয় যোগ হোৱাৰ পিছত ই কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে। অসমীয়াত কালবোৰ হ’ল-

(i) নিত্য বৰ্তমান কাল : এই কালৰ প্ৰথম পুৰুষৰ বিভক্তি ও, (তুচ্ছাৰ্থত) অ, (আদৰ অৰ্থত) আ। তৃতীয় পুৰুষত এ যোগ হয়।

(ii) স্বৰূপ বৰ্তমান কাল : ইয়াত প্ৰথম পুৰুষত ইছো, দ্বিতীয় পুৰুষত ইছ (তুচ্ছাৰ্থত), ইছা (আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছে ব্যৱহাৰ হয়।

(iii) স্বৰূপ ভূত কাল : এই কালৰ প্ৰথম পুৰুষত ইলো, দ্বিতীয় পুৰুষত ইলি (তুচ্ছাৰ্থত), ইলা (আদৰ অৰ্থত), তৃতীয় পুৰুষত ইলে ব্যৱহাৰ হয়।

(iv) অপূৰ্ণ ভূত কাল : ইয়াত যোগ হোৱা বিভক্তিৰ অনুসৰ্গবোৰ এনেধৰণৰ: প্ৰথম পুৰুষ- ইছিলো, দ্বিতীয় পুৰুষ- ইছিলি (তুচ্ছাৰ্থত),ইছিলা (আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছিল।

(v) সাম্ভাব্য ভূত কাল : ইয়াত যোগ হোৱা বিভক্তিবোৰ হ’ল- প্ৰথম পুৰুষত ইলোহেতেন, দ্বিতীয় পুৰুষত ইলিহেতেন (তুচ্ছাৰ্থত), ইলিহেতেন (মান্যাৰ্থত), তৃতীয় পুৰুষত ইলেহেতেন।

ভৱিষ্যৎ কাল : ইয়াত যোগ হোৱা বিভক্তিবোৰ এনেধৰণৰ- প্ৰথম পুৰুষত ইম, দ্বিতীয় পুৰুষত ইবি (তুচ্ছাৰ্থত), ইবা (মান্যাৰ্থত), তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।

ইয়াৰ উপৰি আদেশ বা অনুৰোধ বুজাবলৈ অনুজ্ঞাৰ ব্যৱহাৰ হয়। অনুজ্ঞাৰ পুৰুষ দুটা- দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। কালো দুবিধ- নিত্য বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল। নিত্য বৰ্তমান কালৰ অনুজ্ঞাত দ্বিতীয় পুৰুষত অ (তুচ্ছাৰ্থত), আ (আদৰ অৰ্থত), তৃতীয় পুৰুষত অক আৰু ওক ব্যৱহাৰ হয়। ভৱিষ্যৎ কালৰ অনুজ্ঞাৰ অৰ্থত দ্বিতীয় পুৰুষত ইবি (তুচ্ছাৰ্থত), ইবা (আদৰ অৰ্থত), আৰু তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।

প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। অসমীয়াত শব্দ বিভক্তি কেইবিধ ?

(ক) সাত।

(খ) তিনি।

(গ) পাচ।

(ঘ) চাৰি।

উত্তৰ : (ক) সাত।

প্ৰশ্ন ২। তৃতীয়া বিভক্তিৰ অনুসৰ্গ কি ?

(ক) এ।

(খ) ত।

(গ) ক।

(ঘ) দ্বাৰা।

উত্তৰ :(ঘ) দ্বাৰা।

প্ৰশ্ন ৩। সম্বোধনত কি বিভক্তি যোগ হয় ?

(ক) প্ৰথমা।

(খ) সপ্তমী।

(গ) চতুৰ্থী।

(ঘ) পঞ্চমী।

উত্তৰ :(ক) প্ৰথমা।

প্ৰশ্ন ৪। পৰস্পৰৰ প্ৰতি পৰস্পৰে কাৰ্য কৰা বুজালে কি বিভক্তি যোগ হয় ?

(ক) দ্বিতীয়া।

(খ) তৃতীয়া।

(গ) সপ্তমী।

(ঘ) প্ৰথমা।

উত্তৰ :(ঘ) প্ৰথমা।

প্ৰশ্ন ৫। পদৰ আগত কি শব্দ থাকিলে দ্বিতীয়া বিভক্তিৰ চিন লোপ পায় ?

(ক) কৰা।

(খ) প্ৰণাম।

(গ) ধিক।

(ঘ) ধন্য।

উত্তৰ : (গ) ধিক।

প্ৰশ্ন ৬। কাল কেইবিধ ?

(ক) ছয়বিধ।

(খ) তিনিবিধ।

(গ) দুইবিধ।

(ঘ) পাচবিধ।

উত্তৰ : (খ) তিনিবিধ।

প্ৰশ্ন ৭। নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত যোগ হোৱা ক্ৰিয়া বিভক্তিটো হ’ল-

(ক) এ।

(খ) আ।

(গ) ক।

(ঘ) ও।

উত্তৰ : (ঘ) ও।

প্ৰশ্ন ৮। মই ভাত খাইছো- এই বাক্যটোৰ তলত আচমৰা শব্দত কি শব্দ বিভক্তিৰ প্ৰয়োগ হৈছে ?

(ক) প্ৰথমা বিভক্তি।

(খ) দ্বিতীয়া বিভক্তি।

(গ) তৃতীয়া বিভক্তি।

(ঘ) চতুৰ্থী বিভক্তি।

উত্তৰ : (খ) দ্বিতীয়া বিভক্তি।

প্ৰশ্ন ৯। মই কাইলৈ গুৱাহাটীলৈ যাম- আচমৰা শব্দটোত তলৰ কোনটো শব্দ বিভক্তি শুদ্ধ ?

(ক) দ্বিতীয়া বিভক্তি।

(খ) পঞ্চমী বিভক্তি। 

(গ) চতুৰ্থী বিভক্তি।

(ঘ) ষষ্ঠী বিভক্তি।

উত্তৰ :(গ) চতুৰ্থী বিভক্তি।

প্ৰশ্ন ১০। অসমীয়াত কৰণ-কাৰকত কি বিভক্তিৰ প্ৰয়োগ হোৱা বুলি কোৱা হয় ?

(ক) তৃতীয়া বিভক্তি।

(খ) চতুৰ্থী বিভক্তি।

(গ) দ্বিতীয়া বিভক্তি।

(ঘ) সপ্তমী বিভক্তি।

উত্তৰ :(ক) তৃতীয়া বিভক্তি।

প্ৰশ্ন ১১। মোৰ ঘৰ গুৱাহাটীত- ‘মোৰ’ শব্দত কি বিভক্তিৰ প্ৰয়োগ হৈছে ?

(ক) পঞ্চমী বিভক্তি।

(খ) তৃতীয়া বিভক্তি।

(গ) চতুৰ্থী বিভক্তি।

(ঘ) ষষ্ঠী বিভক্তি।

উত্তৰ : (ঘ) ষষ্ঠী বিভক্তি।

প্ৰশ্ন ১২। অসমীয়া ভাষাত বৰ্তমানে নিমিত্ত অৰ্থত প্ৰয়োগ হোৱা বিভক্তিটো কি ?

(ক) প্ৰথমা বিভক্তি।

(খ) দ্বিতীয়া বিভক্তি।

(গ) তৃতীয়া বিভক্তি।

(ঘ) চতুৰ্থী বিভক্তি।

উত্তৰ :(ঘ) চতুৰ্থী বিভক্তি।

প্ৰশ্ন ১৩। তলৰ কোনটো বিভক্তি চিন অসমীয়া ভাষাত কেতিয়াবা কেতিয়াবা কৰ্তাকাৰকত প্ৰয়োগ হয় ?

(ক) -ক।

(খ) -লৈ।

(গ) -০।

(ঘ) -ত।

উত্তৰ : (গ) -০।

প্ৰশ্ন ১৪। তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা-

(ক) তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা।

(খ) তোমাৰ মা এগৰাকী সাদৰী মহিলা।

(গ) তোমাৰ মাক এগৰাকী সাদৰী মহিলা।

(ঘ) তোমাৰ মাৰাই এগৰাকী সাদৰী মহিলা।

উত্তৰ : (ক) তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা।

প্ৰশ্ন ১৫। অসমীয়া ভাষাৰ নিত্য-বৰ্তমান কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি হৈছে-

(ক) -ও।

(খ) -অ।

(গ) -অক।

(ঘ) -এ।

উত্তৰ : (ঘ) -এ।

প্ৰশ্ন ১৬। অসমীয়া স্বৰূপভূতকালৰ দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থৰ ক্ৰিয়াবিভক্তি-

(ক) -ইলো।

(খ) -ইলা।

(গ) -ইলি।

(ঘ) -ইলে।

উত্তৰ : (গ) -ইলি।

প্ৰশ্ন ১৭। অসমীয়া স্বৰূপ বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে-

(ক) -ইছ।

(খ) -ইছা।

(গ) -ইছো।

(ঘ) -ইছে।

উত্তৰ : (গ) -ইছো।

প্ৰশ্ন ১৮। অসমীয়া ভবিষ্যত কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি হৈছে-

(ক) -ইম।

(খ) -ইবি।

(গ) -ইবা।

(ঘ) -ইব।

উত্তৰ :(ঘ) -ইব।

প্ৰশ্ন ১৯। অসমীয়াত অনুজ্ঞাৰ পুৰুষ আৰু কাল কেইটা ?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) এটা।

উত্তৰ : (ক) দুটা।

লিঙ্গ

যিহৰ দ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ সূচিত হয় তাকে লিঙ্গ বোলা হয়। পুৰুষক বুজোৱা শব্দক পুলিঙ্গ, স্ত্ৰীক বুজোৱা শব্দক স্ত্ৰীলিঙ্গ, স্ত্ৰী আৰু পুৰুষৰ ভেদ ধৰিব নোৱাৰিলে ক্লীৱলিঙ্গ আৰু স্ত্ৰী-পুৰুষ উভয়কে বুজোৱা শব্দক উভয় লিঙ্গ বোলা হয়। কালিৰাম মেধি ডাঙৰীয়াই অসমীয়া ভাষাত লিঙ্গ দুটাহে বুলি কৈছে। “অচেতন পদাৰ্থ বা যাৰ স্ত্ৰী-পুৰুষ চিনিব নোৱাৰি তেনে প্ৰাণীক ক্লীৱলিঙ্গ ধৰা হয়। কিন্তু সেই বস্তু বুজোৱা শব্দৰ কোনো বিশেষ আকৃতি নাই, পুলিঙ্গ ৰূপে তাৰ ৰূপ।”

সাধাৰণতে অসমীয়া ভাষাত লিঙ্গ পৰিৱৰ্তন এনেদৰে হয়।

(ক) ঈ, অনী, নী, উনী, আৰু ৰী প্ৰত্যয়ৰ যোগত স্ত্ৰীলিঙ্গ কৰা হয়।

ঈ প্ৰত্যয়

পুংলিঙ্গস্ত্ৰীলিঙ্গ
নিলাজনিলাজী
অজলাআজলী
কণাকাণী

                                   

অনী প্ৰত্যয়

পুংলিঙ্গস্ত্ৰীলিঙ্গ
কহাৰকহাৰণী
কমাৰকমাৰণী
ফুকনফুকননী
বামুণবামুণনী
ভকতভকতনী

                             

নী প্ৰত্যয়

পুংলিঙ্গস্ত্ৰীলিঙ্গ
কলিতাকলিতানী
গৃহস্থগৃহস্থানী
নাতিনাতিনী

                                                   

ইনী প্ৰত্যয়

পুংলিঙ্গস্ত্ৰীলিঙ্গ
নাগনাগিনী
পিশাচপিশাচিনী
বাঘবাঘিনী
মিতামিতিনী

                               

ৰী প্ৰত্যয়

পুংলিঙ্গস্ত্ৰীলিঙ্গ
কলাকালৰী
বেঙাবেঙেৰী
ডেকাডেকেৰী

(খ) শব্দৰ আগত মতা আৰু মাইকী শব্দ ব্যৱহাৰ কৰি

পুংলিঙ্গস্ত্ৰীলিঙ্গ
মতা কুকুৰমাইকী কুকুৰ
মতা মানুহমাইকী মানুহ
মতা গড়মাইকী গড়
মতা গৰুমাইকী গৰু

(গ) পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বেলেগ শব্দ ব্যৱহাৰ কৰি

পুংলিঙ্গস্ত্ৰীলিঙ্গ
আতাআবু
এই
ককাআইতা
ককাই বাই/নবৌ
কোৱাকাউৰী
গগৈ গোহাঁইআইচু
গোলামবান্দী
ঘৰিয়ালজলগুই
চপনীয়াচাপনী
চাহাববিবি, মেম
ছাৰবাইদেউ, মেডাম
জনকজননী

                                                  প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। স্বভাৱতে হোৱা পুংলিঙ্গ হ’ল-

(ক) ব্ৰহ্মপুত্ৰ।

(খ) অজলা।

(গ) পেটুলা।

(ঘ) বিহুৱা।

উত্তৰ :(ক) ব্ৰহ্মপুত্ৰ।

প্ৰশ্ন ২। তলৰ শব্দবোৰৰ পুংলিঙ্গ কোনটো ?

(ক) ডাফলী।

(খ) নিছলী।

(গ) মেমেৰী।

(ঘ) সাধু।

উত্তৰ :(ঘ) সাধু।

প্ৰশ্ন ৩। দুটা দুটা স্ত্ৰীলিঙ্গ ৰূপ থকা শব্দ এটা হ’ল-

(ক) বিড়ালী।

(খ) ডুমুনী।

(গ) গৰাকিনী।

(ঘ) ভবানী।

উত্তৰ : (ক) বিড়ালী।

প্ৰশ্ন ৪। গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰীলিঙ্গত কি প্ৰত্যয় হয়

(ক) ৰী।

(খ) অনী।

(গ) ঈ।

(ঘ) আ।

উত্তৰ : (গ) ঈ।

প্ৰশ্ন ৫। সংস্কৃত অভিধান মতে দেৱতাৰ লিঙ্গ হ’ল

(ক) পুংলিঙ্গ।

(খ) ক্লীৱলিঙ্গ।

(গ) স্ত্ৰীলিঙ্গ।

(ঘ) উভয়লিঙ্গ।

উত্তৰ :(গ) স্ত্ৰীলিঙ্গ।

প্ৰশ্ন ৬। অসমীয়া স্ত্ৰী প্ৰত্যয়ৰ এটা হ’ল

(ক) ঈ।

(খ) জন।

(গ) অনট্।

(ঘ) ঘঞ।

উত্তৰ : (ক) ঈ।

প্ৰশ্ন ৭। শৰ শব্দৰ স্ত্ৰীলিঙ্গ হ’ল

(ক) শৰী।

(খ) শৰ।

(গ) ভেলেঙ্গী।

(ঘ) শৰাণী।

উত্তৰ : (গ) ভেলেঙ্গী।

প্ৰশ্ন ৮। ক্লীৱলিঙ্গক স্ত্ৰীলিঙ্গ কৰা ৰূপ এটা হ’ল

(ক) নাগিনী।

(খ) গোলাপী।

(গ) কাড়লী।

(ঘ) লাহৰী।

উত্তৰ : (গ) কাড়লী।

প্ৰশ্ন ৯। পুংলিঙ্গ নোহোৱা শব্দ কোনটো ?

(ক) ৰাংঢালী।

(খ) কদমী।

(গ) মাখুন্দী।

(ঘ) জা।

উত্তৰ : (ক) ৰাংঢালী।

প্ৰশ্ন ১০। আইচু স্ত্ৰীলিঙ্গটোৰ পুলিঙ্গ কি ?

(ক) গোসাই।

(খ) গোহাঁই।

(গ) ৰজা।

(ঘ) কোৱৰ।

উত্তৰ: (খ) গোহাঁই।

প্ৰশ্ন ১১। সংস্কৃত ভাষাত স্ত্ৰী প্ৰত্যয় কেইটা ?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰ :(গ) তিনিটা।

প্ৰশ্ন ১২। তলৰ কোনটো বিপৰীত লিঙ্গ শুদ্ধ নহয় ?

(ক) অভিনেতা-অভিনেত্ৰী।

(খ) শ্ৰীমান-শ্ৰীমতী।

(গ) ক’লা-কালৰী।

(ঘ) বগা-বগী।

উত্তৰ : (গ) ক’লা-কালৰী।

প্ৰশ্ন ১৩। তলৰ কোনটো শব্দৰ পুংলিঙ্গ-স্ত্ৰীলিঙ্গ বুজাবলৈ আগত বেলেগ বেলেগ শব্দৰ প্ৰয়োগ হয় ?

(ক) নাতি।

(খ) অজলা।

(গ) ককা।

(ঘ) গড়।

উত্তৰ :(ঘ) গড়।

প্ৰশ্ন ১৪। তলৰ কোনটো শব্দৰ পুংলিঙ্গ ৰূপৰ প্ৰয়োগ নাই ?

(ক) কোৱা।

(খ) বাঘ।

(গ) শিপিনী।

(ঘ) মিতা।

উত্তৰ : (গ) শিপিনী।

প্ৰশ্ন ১৫। তলৰ কোনটো শব্দৰ স্ত্ৰীলিঙ্গৰ ৰূপটো অশুদ্ধ কৰি দেখুওৱা হৈছে ?

(ক) তাৱৈ-তাৱৈনী।

(খ) দতুৱা-দাতিনী।

(গ) গগৈ-আইচু।

(ঘ) গিৰী-ঘৈণী।

উত্তৰ :(ক) তাৱৈ-তাৱৈনী।

প্ৰশ্ন ১৬। অসমীয়াত উপাধিবাচক বিশেষ্য শব্দৰ পাছত ব্যৱহাৰ হোৱা এটা স্ত্ৰী প্ৰত্যয় হৈছে ?

(ক) -ৰী।

(খ) -আ।

(গ) -ঈ।

(ঘ) -নী।

উত্তৰ : (ঘ) -নী।

প্ৰশ্ন ১৭। তলৰ কোনটো বিপৰীত লিঙ্গবাচক ৰূপ অশুদ্ধ ?

(ক) বেঙেৰী-বেঙা।

(খ) ফুকননী-ফুকন।

(গ) ৰচকী-ৰচক।

(ঘ) কাণী-কণা।

উত্তৰ : (গ) ৰচকী-ৰচক।

প্ৰশ্ন ১৮। বিপৰীত লিঙ্গবাচক কোনযোৰ শব্দ অশুদ্ধ লিখা:

(ক) সখি-সখিয়নী।

(খ) ৰান্ধনি-ৰান্ধনী।

(গ) মঙ্গলতি-মঙ্গলতী।

(ঘ) বাঘ-বাঘিনী।

উত্তৰ :(ক) সখি-সখিয়নী।

প্ৰশ্ন ১৯। তলৰ লিঙ্গবাচক কোনযোৰ শব্দ শুদ্ধৰূপে লিখা হোৱা নাই ?

(ক) অকৰা-আকৰী।

(খ) ঘোঁৰা-ঘুৰী।

(গ) মেনা-মেনী।

(ঘ) বুঢ়া-বুঢ়ী।

উত্তৰ :(খ) ঘোঁৰা-ঘুৰী।

বচন

যাৰ দ্বাৰা পদাৰ্থৰ এক বা বহুতৰ বোধ জন্মে তাকে বচন বোলে। অসমীয়া ভাষাত বিশেষ্য আৰু সৰ্বনাম পদৰ ভেদ ৰূপভেদ হোৱা দেখা যায়। এই ভাষাৰ বচন দুটা- একবচন আৰু বহুবচন।

এটাক বুজালে একবচন আৰু এটাতকৈ অধিকক বুজালে বহুবচন বোলে।

পদৰ বহুবচন বুজাবলৈ কেতবিলাক শব্দ বা প্ৰত্যয় ব্যৱহাৰ হয়। যেনে, বোৰ, বিলাক, হত, সকল, লোক আৰু মখা। বহুবচনৰ প্ৰত্যয় পদৰ শেষত যোগ হয়। যেনে, ল’ৰাহত, মানুহবিলাক।

বহুবচন পদত, বিভক্তি বহুবচন প্ৰত্যয়ৰ পাচত যোগ হয়। যেনে, ল’ৰাহতে, ল’ৰাহতক, মানুহবিলাকে, মানুহবিলাকক, ইত্যাদি।

বস্তুৰ পৰিমাণ আৰু সংখ্যা দুয়োকো বুজাবলৈ বহুবচনত বোৰ আৰু বিলাক ব্যৱহাৰ হয়। যেনে, (পৰিমাণত) পানীবোৰ বা পানীবিলাক, চাউলবোৰ বা চাউলবিলাক, (সংখ্যাত) ল’ৰাবোৰ বা ল’ৰাবিলাক, ঘৰবোৰ বা ঘৰবিলাক।

মানুহ বুজোৱা শব্দৰ বহুবচনত, অনাদৰত, অৰ্থাৎ তুচ্ছ ভাব থকাত বা নথকাত বোৰ ব্যৱহাৰ হয়, অৰ্থাৎ তুচ্ছ কৰা ভাব নাথাকিলে, মানুহবোৰ, কিন্তু (আদৰত) ল’ৰাবিলাক, মানুহবিলাক, কুলিবিলাক, বামুণবিলাক, পণ্ডিতবিলাক, চোৰ-ডকাইতবিলাক অসঙ্গত।

হত কেৱল মানুহ বুজোৱা শব্দৰ বহুবচনত অনাদৰত ব্যৱহাৰ হয় আৰু তেতিয়া বিশেষ কেইটামান মানুহক বুজায়‌। যেনে, ল’ৰাহত, ছোৱালীহত, কুলিহত। ইয়াত কিছুমান বিশেষ ল’ৰা, ছোৱালী বা কুলিক বুজাইছো বা সিহতক সম্বোধন কৰা বুজাইছে। মানুহহত সম্বোধনত বাজে, অন্য সময়ত অসঙ্গত।

গালি স্বৰূপে জন্তুৰ নাম মানুহত ব্যৱহাৰ কৰিলে সেই জন্তুৰ নামতো বহুবচনত হত ব্যৱহাৰ হয়। যেনে, গৰুহত, কুকুৰহত।

সম্বন্ধ বুজোৱা শব্দ বহুবচনত সম্ৰমাৰ্থতো হত ব্যৱহাৰ হয়। যেনে, দেউতাহত, ককাইদেউহত, ককাইহত।

সকল কেৱল মানুহ বুজোৱা শব্দৰ বহুবচনত সম্ৰমত ব্যৱহাৰ হয়। যেনে, দেউতাসকল, ডাঙৰীয়াসকল, গোসাইসকল।

লোক, সকলৰ নিচিনা সম্ৰমত মাথোন ব্যৱহাৰ হয়। যেনে, চাহাবলোক।

বিশেষ্য পদৰ বহুবচনৰ চিন স্বৰূপে লোক শব্দৰ ব্যৱহাৰ অতি বিৰল।

বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ বহুবচনত কেতিয়াবা মখা শব্দ ব্যৱহাৰ হয়। যেনে, ল’ৰামখা, পানীমখা।

বহুবচনৰ চিন স্বৰূপে মখা শব্দৰ ব্যৱহাৰ মৌখিক, লিখিত পৰিমাৰ্জিত ভাষাত ব্যৱহাৰ নাই। কিন্তু মাউখ অৰ্থত মাৰ্জিত ভাষাতো মখা ব্যৱহাৰ হয়। যেনে, সান্দহৰ মখা।

প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। সম্ৰমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়

(ক) একবচন।

(খ) বহু বচন।

(গ) বচন ব্যৱহাৰ কৰা নহয়।

(ঘ) প্ৰত্যয়ৰ ব্যৱহাৰ হয়।

উত্তৰ :(খ) বহু বচন।

প্ৰশ্ন ২। গালি স্বৰূপে জন্তুৰ নাম মানুহত ব্যৱহাৰ হ’লে তলৰ কি ৰূপ ব্যৱহাৰ হয় ?

(ক) হত।

(খ) লোক।

(গ) জাক।

(ঘ) মখা।

উত্তৰ:(ক) হত।

প্ৰশ্ন ৩। মখা শব্দৰ ব্যৱহাৰ হয়

(ক) বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ।

(খ) সম্ৰমবোধ অৰ্থত।

(গ) অনাদৰত ব্যৱহাৰ হয়।

(ঘ) গালি অৰ্থত।

উত্তৰ : (ক) বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ।

প্ৰশ্ন ৪। সম্ৰমত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ হ’ল

(ক) হত।

(খ) সকল।

(গ) লোক।

(ঘ) মখা।

উত্তৰ:(গ) লোক।

প্ৰশ্ন ৫। তলৰ কোনটোত স্বাভাৱিক ক্ষেত্ৰত বচন ভুলকৈ ব্যৱহাৰ কৰা হৈছে-

(ক) গৰুহত।

(খ) চোৰবিলাক।

(গ) পানীমখা।

(ঘ) চাহাবলোক।

উত্তৰ : (খ) চোৰবিলাক।

প্ৰশ্ন ৬। বহুবচন কৰাৰ নিয়মবোৰৰ কোনটো ব্যাকৰণ সন্মত নহয়

(ক) বিশেষ্য পদৰ পাছত বহুবচনাত্মক প্ৰত্যয় যোগ কৰি।

(খ) বিশেষণক দ্বিৰুক্তি কৰি।

(গ) সংখ্যাবাচক শব্দৰ যোগত।

(ঘ) সংখ্যা বুজাবলৈ নিৰ্দিষ্টবাচক প্ৰত্যয় ব্যৱহাৰ নকৰি।

উত্তৰ :(ঘ) সংখ্যা বুজাবলৈ নিৰ্দিষ্টবাচক প্ৰত্যয় ব্যৱহাৰ নকৰি।

প্ৰশ্ন ৭। অলপ পৰিমাণ বুজোৱা এটা প্ৰত্যয় হ’ল

(ক) পালি।

(খ) পদ।

(গ) পট।

(ঘ) ফেৰা।

উত্তৰ : (ঘ) ফেৰা।

প্ৰশ্ন ৮। কোনটো শব্দত ‘দিয়েক’ প্ৰত্যয়টো সঙ্গত হৈছে ?

(ক) গুটিদিয়েক চিন্তা।

(খ) পাহদিয়েক ফুল।

(গ) ৰূপদিয়েক অলংকাৰ।

(ঘ) মখাদিয়েক গৰু।

উত্তৰ : (ক) গুটিদিয়েক চিন্তা।

প্ৰশ্ন ৯। ‘দোঙা’ তলৰ কোনটো শব্দৰ লগত সঙ্গত হ’ব ?

(ক) জাবৰ দোঙা।

(খ) পানী ডোঙা।

(গ) গোবৰ ডোঙা।

(ঘ) তামোল দোঙা।

উত্তৰ : (খ) পানী ডোঙা।

প্ৰশ্ন ১০। অসমীয়া ভাষাত বচন কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) মাত্ৰ এক প্ৰকাৰৰ।

উত্তৰ :(ক) দুই প্ৰকাৰৰ।

প্ৰশ্ন ১১। তলৰ কোনটো প্ৰত্যয় অসমীয়াত এক বচনবাচকৰ অৰ্থত ব্যৱহাৰ হয় ?

(ক) বোৰ।

(খ) বিলাক।

(গ) টো।

(ঘ) হত।

উত্তৰ :(গ) টো।

প্ৰশ্ন ১২। বস্তুৰ পৰিমাণ বুজাবলৈ বহুবচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এটা প্ৰত্যয় হৈছে-

(ক) হত।

(খ) মখা।

(গ) জাক।

(ঘ) সকল।

উত্তৰ : (খ) মখা।

প্ৰশ্ন ১৩। ‘আদৰ’ অৰ্থত তুচ্ছ কৰা ভাৱ নাথাকিলে অসমীয়া ভাষাত ব্যৱহৃত বহুবচনৰ প্ৰত্যয়-

(ক) জাক।

(খ) মখা।

(গ) বোৰ।

(ঘ) বিলাক।

উত্তৰ : (ঘ) বিলাক।

প্ৰশ্ন ১৪। তলৰ কোনটো অসমীয়া ভাষাৰ একবচনবাচক প্ৰত্যয় ?

(ক) খন।

(খ) বোৰ।

(গ) সোপা।

(ঘ) হত।

উত্তৰ :(ক) খন।

প্ৰশ্ন ১৫। সম্বোধনৰ ক্ষেত্ৰত ‘ডাঙৰীয়া’ শব্দৰ সৈতে ব্যৱহৃত বহুবচনৰ প্ৰত্যয় কোনটো ?

(ক) হত।

(খ) বিলাক।

(গ) সকল।

(ঘ) বোৰ।

উত্তৰ :(গ) সকল।

প্ৰশ্ন ১৬। মানুহ বুজোৱা শব্দৰ অনাদৰত ব্যৱহৃত বহুবচনৰ প্ৰত্যয়টো হৈছে-

(ক) বিলাক।

(খ) মখা।

(গ) বোৰ।

(ঘ) হত।

উত্তৰ : (গ) বোৰ।

প্ৰশ্ন ১৭। তলৰ কোনটো বহুবচনৰ প্ৰত্যয় নহয় ?

(ক) জাউৰি।

(খ) বোৰ।

(গ) বিলাক।

(ঘ) হত।

উত্তৰ :(ক) জাউৰি।

প্ৰশ্ন ১৮। তলৰ কোনটো একবচনবাচক প্ৰত্যয় নহয় ?

(ক) টো।

(খ) খন।

(গ) ডাল।

(ঘ) বোৰ।

উত্তৰ : (ঘ) বোৰ।

প্ৰশ্ন ১৯। বিশেষ্য পদৰ বহুবচনৰ চিনস্বৰূপে তলৰ কোনটো শব্দৰ ব্যৱহাৰ অতি বিৰল ?

(ক) সকল।

(খ) বিলাক।

(গ) লোক।

(ঘ) হত।

উত্তৰ : (গ) লোক।

প্ৰশ্ন ২০। বহুবচনৰ প্ৰয়োগৰ ক্ষেত্ৰত তলৰ কোনটো অসঙ্গতিপূৰ্ণ ?

(ক) কুকুৰহত।

(খ) ডকাইতবিলাক।

(গ) পণ্ডিতসকল।

(ঘ) চৰাইমখা।

উত্তৰ : (খ) ডকাইতবিলাক।

প্ৰশ্ন ২১। মানুহজাক আহিছে- ইয়াক ‘জাক’ বহুবচনৰ প্ৰত্যয় কি অৰ্থত ব্যৱহাৰ হৈছে ?

(ক) সম্ৰম অৰ্থত। 

(খ) আদৰ অৰ্থত।

(গ) তুচ্চাৰ্থত।

(ঘ) সম্বোধন অৰ্থত।

উত্তৰ : (গ) তুচ্চাৰ্থত।

নিৰ্দিষ্টতাবাচক প্ৰত্যয়

নিৰ্দিষ্টকৈ বুজাবলৈ যিবোৰ প্ৰত্যয় বিশেষ্য, বিশেষণ, সংখ্যাবাচক শব্দ আৰু কোনো কোনো সৰ্বনামৰ পিছত যোগ হৈ কোনো বস্তু বা প্ৰাণীৰ আকৃতি-প্ৰকৃতি, পৰিমাণ আৰু লিঙ্গাদি নিৰ্দেশ কৰে তাকে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে। নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ যোগ অসমীয়া ভাষাৰ এটা বৈশিষ্ট্য। তলত এই প্ৰত্যয়ৰ কেতবোৰ উল্লেখ কৰা হ’ল-

১- আষি: (সমস্তিবাচক প্ৰত্যয়) কল আষি

২- আটি: (দীঘল সৰু বস্তুৰ গোট বুজোৱা) খৰি আটি

৩- কঠা: (পৰিমাণ বাচক) চাউল কঠা

৪- কণ, কণি: (মৰম আৰু ক্ষুদ্রতা বাচক) ল’ৰা কণ, ছোৱালীকণ, 

লোণকণ, ল’ৰাকণি, ছোৱালীকণি।

৫- কন্ধা: (দীঘল বস্তুৰ সমস্তিবাচক) খৰিকন্ধা

৬- কুৰা: (জ্বলি থকা বস্তু বুজোৱা) জুই কুৰা

৭- কোছা: (দীঘল, সৰু বস্তুৰ সমষ্টি বুজোৱা) চুলিকোছা

৮- খন, খনি: (বহল আৰু চেপেটা বস্তু বুজোৱা, ক্ষুদ্রাৰ্থত) কাকতখন, 

নাওখন, কিতাপখনি, নৈখনি।

৯- খিনি: (ক্ষুদ্রাৰ্থত ব্যৱহাৰ) এইখিনি, মাটিখিনি

১০- খিলা: (চেপেটা আৰু পাতল বস্তুবাচক) কাগজখিলা, পাতখিলা

১১- গছ, গছি: (দীঘল আৰু ভাজ কৰিব পৰা বস্তুৰ দ্যোতক) জৰীগছ, 

বটিয়া গছ, (ক্ষুদ্রাৰ্থত), বন্তি গছ, শলিতা গছ, জৰীগছ, শলিতা গছি।

১২- গৰাকী: (সন্মানাৰ্থত) নেতাগৰাকী, শিক্ষকগৰাকী, মহিলাগৰাকী

১৩- গাল: (পৰিমাণ দ্যোতক) ভাতগাল, মাহগাল।

১৪- গোট: (প্ৰাণীবাচক শব্দৰ পিছত পুৰণি সাহিত্যত ব্যৱহৃত) মানুহগোট, পশুগোট।

১৫- চকল: (পাতল চেপেটা বস্তুবাচক) আমচকল, মাছচকল

১৬- চটা, চটি: (দীঘল, বহল আৰু পাতল বস্তুবাচক) কাঠচটা, বাহচটা (ক্ষুদ্রাৰ্থত) খৰিচটি, বাহচটি।

১৭- চপৰা: (ক্ষুদ্র গোট দ্যোতক) এচপৰা, মাটিচপৰা

১৮- চলা, চলি: (বহল আৰু পাতল বহুত্ববাচক, বাহচলা, পাটচলা (ক্ষুদ্রাৰ্থত), পাটচলি, বাহচলি।

১৯- চলু: (জুলীয়া পৰিমাণ বাচক) পানীচলু

২০- চেলেকা: (জুলীয়া পৰিমাণবাচক) অমৃতচেলেকা, গাখীৰচেলেকা

২১- ছালি: তামোলছালি

২২- ছোৱা: (অংশ দ্যোতক) এছোৱা, কালছোৱা

২৩- ছোপ, ছোপা: (সমষ্টিবাচক) কলছোপ, বাহছোপ, কলছোপা, বাহছোপা

২৪- জন, জনা, জনী (মানুহ বুজোৱা শব্দৰ পিছত স্ত্ৰীলিংগত- জনী) ইজন, পুৰুষজন, মানুহজন, গোসাইজনা, দেৱজনা, দেৱীজনী, তিৰোতাজনী।

২৫- জাউৰি: (সমষ্টি অৰ্থত) এজাউৰি, গালিজাউৰি

২৬- জোপা, জুপি: (সমষ্টি অৰ্থত) আমজোপা, গছজোপা, (ক্ষুদ্রাৰ্থত) আমজুপি কঠালজুপি।

২৭- টো, টা, টি: (সংখ্যাবাচক শব্দ আৰু সংজ্ঞা শব্দৰ পিছত বহা) এটা, দুটা, মানুহটো, গৰুটো, (ক্ষুদ্রাৰ্থত) এটি, ল’ৰাটি, ভাইটি।

২৮- টাৰ, টাৰি: (দীঘল আৰু থূপ হৈ থকা বস্তু দ্যোতক) চুলিটাৰ চুলিটাৰি।

২৯- টুকুৰা, টুকুৰি: (গোটা আৰু দীঘলীয়া বস্তুৰ খণ্ড দ্যোতক) কাঠটুকুৰা, বাহটুকুৰা; কাঠটুকুৰি, বাহটুকুৰি।

৩০- টোপা, টুপি: (জুলীয়া বস্তুদ্যোতক) পানীটোপা, পানীটুপি।

৩১- ডৰা: (বহু ঠাই আগুৰি থকা বুজোৱা ক্ষেত্ৰত) মাটিডৰা।

৩২- ডাল, ডালি: (দীঘল বস্তু দ্যোতক) কাঠডাল, বাহভাল, কাঠডাল, বাহডালি।

৩৩- ডোখৰ, ডোখোৰা, ডুখৰি (কোন বস্তুৰ অংশ বুজোৱা ক্ষেত্ৰত) খৰিডোখৰ, মাছডোখৰ, মাছডোখৰা মাংসডুখৰি।

৩৪- থান: (দীঘল-বহল চেপেটা বস্তু বুজোৱা ক্ষেত্ৰত) কাপোৰথান ইত্যাদি।

৩৫- থোক-থোক: (গছত একেলগে লগা বস্তু বুজোৱা ক্ষেত্ৰত) কলথোক, তামোলথোক।

৩৬- থোপা-থুপি: (সৰু বস্তুৰ সমষ্টি বুজাবলৈ) ফুলথোপা, ফুলথুপি।

৩৭- দল: (সমষ্টি সূচক) এদল, ডেকাদল।

৩৮- ডোঙা: (বন্ধ পানীৰ ক্ষেত্ৰত) পানীডোঙা।

৩৯- ধাৰ, ধাৰি: (এটাৰ পিছত আন এটা গাঠি দীঘলীয়া কৰা বস্তুৰ 

ক্ষেত্ৰত) মণিধাৰ, মালাধাৰ, মণিধাৰি, মালাধাৰী।

৪০- পদ: (সংখ্যাসূচক) এপদ, দুপদ, অলংকাৰ পদ।

৪১- পাব: (দীঘলীয়া বস্তুৰ দুটা গাঠিৰ মাজত অংশ বুজোৱা ক্ষেত্ৰত) কুহিয়াৰপাব, বাহপাব, এপাব।

৪২- পাট: (চেপেটা পাতল বস্তু বুজোৱা ক্ষেত্ৰত) এপাট, বঠাপাট।

৪৩- পালি: (ক্ষুদ্রাৰ্থত) এপালি, ঔষধপালি।

৪৪- পাহ: (সমষ্টিভাৱে থকা বস্তুৰ এটা) এপাহ, ফুলপাহ।

৪৫- পোহা: (পৰিমাণসূচক) এপোহা, চাউলপোহা।

৪৬- ফেৰা, পেৰি: (অলপ পৰিমাণৰ বস্তু বুজাবলৈ) চূণফেৰা, লোফেৰা, 

চূণফেৰি, লোণফেৰি।

৪৭- ভাগ, ভাগি: (অলপ পৰিমাণৰ বস্তু বুজোৱা ক্ষেত্ৰত) পূজাভাগ, পূজাভাগি।

৪৮- মখা: (সমষ্টি সূচক) গৰু মখা, ধানমখা।

৪৯- মুঠা, মুঠি: (একেলগে থকা দীঘল বস্তুসূচক) চাউলমুঠা, খৰিমুঠা, সূতামুঠা, চাউলমুঠি, ভাতমুঠি।

৫০- যোৰ, যুৰি: (যুগল বস্তু বুজোৱা ক্ষেত্ৰত) জোতাযোৰ, পাৰযোৰ, পাৰযুৰি।

৫১- লদা: (গোট মাৰি থকা বস্তুৰ অংশ বুজাবলৈ) গোবৰলদা, সোণলদা।

৫২- ষাৰ, ষাৰি: (পৰিমাণসূচক) এষাৰ, দুষাৰ, মাতষাৰ

৫৩- সাজ: (পৰিমাণসূচক) এসাজ, জুসাজ, ভাতসাজ।

       সূত: (পৰিমাণসূচক) বেতসূত।

৫৪- হাল, হালি (সমষ্টি সূচক) এহাল গৰু, বুঢ়া-বুঢ়ীহাল, বেঙেনাহালি।

প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। বহুবচন বাচক প্ৰত্যয়ৰ ব্যৱহাৰ হয়

(ক) মান্যাৰ্থ বুজাবলৈ।

(খ) নিৰ্দিষ্টকৈ বুজাবলৈ।

(গ) সমষ্টিক বুজাবলৈ।

(ঘ) তুচ্ছাৰ্থ বুজাবলৈ।

উত্তৰ : (গ) সমষ্টিক বুজাবলৈ।

প্ৰশ্ন ২। ‘খিনি’ প্ৰত্যয় ব্যৱহাৰ হয়

(ক) ক্ষুদ্রাৰ্থ বুজাবলৈ।

(খ) বহুবচন বুজাবলৈ।

(গ) চেপেটা বস্তুক বুজাবলৈ।

(ঘ) গোটা বস্তুক বুজাবলৈ।

উত্তৰ : (ক) ক্ষুদ্রাৰ্থ বুজাবলৈ।

প্ৰশ্ন ৩। সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ’ল

(ক) গৰাকী।

(খ) কণ।

(গ) গাল।

(ঘ) সকল।

উত্তৰ : (ক) গৰাকী।

প্ৰশ্ন ৪। জুলীয়া বস্তুৰ পৰিমাণবাচক প্ৰত্যয় হ’ল

(ক) ছালি।

(খ) চলু।

(গ) টাৰি।

(ঘ) মখা।

উত্তৰ : (খ) চলু।

প্ৰশ্ন ৫। সমষ্টিসূচক এটা প্ৰত্যয় হ’ল

(ক) মখা।

(খ) পোহা।

(গ) পালি।

(ঘ) টুকুৰা।

উত্তৰ : (ক) মখা।

প্ৰশ্ন ৬। নিৰ্দিষ্টতাবাচক প্ৰত্যয়ক ‘অন্য এবিধ তদ্ধিত প্ৰত্যয়’ হিচাপে কোন ব্যাকৰণবিদে আলোচনা কৰিছে ?

(ক) ড° উপেন্দ্র নাথ গোস্বামীয়ে।

(খ) ড° গোলোক চন্দ্ৰ গোস্বামীয়ে।

(গ) সত্যনাথ বৰাই।

(ঘ) ড° ভগৱান চন্দ্ৰ মৰলে।

উত্তৰ : (গ) সত্যনাথ বৰাই।

প্ৰশ্ন ৭। নিৰ্দিষ্টতাবাচক প্ৰত্যয়ক কোনো বৈয়াকৰণে নাম দিছে-

(ক) অনুকাৰ শব্দ।

(খ) উপশব্দ।

(গ) ধ্বন্যাত্মক শব্দ।

(ঘ) যুৰীয়া শব্দ।

উত্তৰ: (খ) উপশব্দ।

প্ৰশ্ন ৮। তলৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ বাছি উলিওৱা-

(ক) বহুতফুল।

(খ) অলেখ চৰাই।

(গ) লোণজেবা।

(ঘ) শুৱলা সংগীত।

উত্তৰ : (গ) লোণজেবা।

প্ৰশ্ন ৯। পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ উভয়তে সম্ভম অৰ্থত তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় প্ৰয়োগ হয় ?

(ক) টো।

(খ) জনা।

(গ) খন।

(ঘ) ডাল।

উত্তৰ : (খ) জনা।

প্ৰশ্ন ১০। পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ উভয়তে ব্যৱহৃত এটা  নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে-

(ক) খন।

(খ) ডাল।

(গ) গৰাকী।

(ঘ) ফেৰা।

উত্তৰ : (গ) গৰাকী।

প্ৰশ্ন ১১। অনাদৰত ব্যৱহাৰ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো হৈছে-

(ক) খন।

(খ) ডাল।

(গ) জন।

(ঘ) টো।

উত্তৰ :(ঘ) টো।

প্ৰশ্ন ১২। নিৰ্দিষ্টতাবাচক অৰ্থত দীঘল লেহুকা বস্তু বুজাবলৈ ব্যৱহাৰ হয়-

(ক) খন।

(খ) ডাল।

(গ) গছ।

(ঘ) কণ।

উত্তৰ : (গ) গছ।

প্ৰশ্ন ১৩। পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ উভয়তে সৰু বা আদৰ বুজাবলৈ প্ৰাণীবাচক শব্দৰ পাছত ব্যৱহৃত নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো হৈছে-

(ক) খন।

(খ) কণ।

(গ) গছি।

(ঘ) ডাল।

উত্তৰ :(খ) কণ।

প্ৰশ্ন ১৪। কেতিয়াবা কেতিয়াবা প্ৰাণীবাচক শব্দৰ পাছত ব্যৱহৃত এটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে-

(ক) গছ।

(খ) খন।

(গ) ফেৰা।

(ঘ) খিলা।

উত্তৰ : (গ) ফেৰা।

প্ৰশ্ন ১৫। তলৰ আচমৰা শব্দৰ কোনটো প্ৰকৃতভাৱে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ?

(ক) মানুহবোৰ।

(খ) পানীচলু।

(গ) মাছসোপা।

(ঘ) ল’ৰাজাক।

উত্তৰ : (খ) পানীচলু।

প্ৰশ্ন ১৬। তলৰ কোনটো নিদিষ্টতাবাচক প্ৰত্যয় ?

(ক) মই গ’লোহেতেন।

(খ) মানুহখিনি।

(গ) গোবৰলদা।

(ঘ) ল’ৰাসোপা।

উত্তৰ : (গ) গোবৰলদা।

প্ৰশ্ন ১৭। তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় পাতল চেপেটা বস্তবাচক ?

(ক) কোছা।

(খ) চকল।

(গ) ছোৱা।

(ঘ) ডোখৰ।

উত্তৰ :(খ) চকল।

প্ৰশ্ন ১৮। তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয়ে বহু ঠাই আগুৰি থকা অৰ্থ প্ৰকাশ কৰে ?

(ক) ভাগ/ভাগি।

(খ) পালি।

(গ) ডৰা।

(ঘ) কুৰা।

উত্তৰ :(গ) ডৰা।

প্ৰশ্ন ১৯। অলপ পৰিমাণৰ বস্তু বুজাবলৈ কোনটো প্ৰত্যয় প্ৰয়োগ কৰা হয় ?

(ক) যোৰ/যুৰি।

(খ) ফেৰা/ফেৰি।

(গ) চকল।

(ঘ) চটা/চটি।

উত্তৰ : (খ) ফেৰা/ফেৰি।

প্ৰশ্ন ২০। তলৰ কোনটো প্ৰত্যয়ে পৰিমাণ বুজায় ?

(ক) খন।

(খ) টো।

(গ) কঠা।

(ঘ) দল।

উত্তৰ :(গ) কঠা।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising