Assam Jatiya Bidyalay Class 8 Science Chapter 4 জীৱৰ প্ৰজনন

Assam Jatiya Bidyalay Class 8 Science Chapter 4 জীৱৰ প্ৰজনন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 জীৱৰ প্ৰজনন Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 4 জীৱৰ প্ৰজনন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 4 জীৱৰ প্ৰজনন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱৰ প্ৰজনন

Chapter – 4

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১।চমুকৈ উত্তৰ লিখা –

(ক) প্রজনন বুলিলে কি বুজা ?

উত্তৰঃ প্রত্যেক জীৱই নিজ নিজ শৰীৰৰ গঠন আৰু লক্ষণ বিশিষ্ট নতুন জীৱৰ সৃষ্টি কৰি বংশৰ ধাৰা অটুট ৰাখে।পূর্বরর্তী জীৱৰ পৰা নিজৰ অনুৰূপ নতুন জীৱৰ সৃষ্টি কৰি বংশবিস্তাৰ কৰা প্ৰক্ৰিয়াটোক প্রজনন বােলে। প্রজনন সকলাে জীৱৰে এক স্বাভাৱিক প্রক্রিয়া। প্রত্যেক জীৱই নিজৰ জীৱনকাল কেইটামান নির্দিষ্ট দশা, যেনে জন্ম, বৃদ্ধি, প্রজনন আৰু মৃত্যুৰ মাজেদি অতিবাহিত কৰে।

(খ) প্রজনন কেইপ্রকাৰৰ আৰু কি কি ?

উত্তৰঃ জীৱজগতত প্রজনন দুই প্রকাৰৰ –

(ক) অযৌন প্রজনন। 

(খ) যৌন প্রজনন।

(গ) চাৰিবিধ সপুষ্পক উদ্ভিদৰ অযৌন প্রজনন প্রক্রিয়াৰ নাম লিখ।

উত্তৰঃ সপুষ্পক উদ্ভিদৰ চাৰিবিধ অযৌন প্রজনন প্রক্রিয়াৰ নাম হ’ল –

(ক) ৰাইজমৰ দ্বাৰা।

(খ) স্ফীতকাণ্ডৰ দ্বাৰা। 

(গ) স্থূলকাণ্ডৰ দ্বাৰা।আৰু 

(ঘ) বাল্ব বা কন্দৰ দ্বাৰা।

(ঘ) কৃত্রিম প্রজনন বুলিলে কি বুজা ?

উত্তৰ কিছুমান উদ্ভিদৰ কৃত্রিমভাৱে অংগজ প্রজননৰ দ্বাৰা বংশ বিস্তাৰ কৰা হয়। এইবিধ প্রজননক কৃত্রিম প্রজনন বােলা হয়। কৃত্রিম প্রজননত কেতিয়াবা এটা কোষৰ পৰা এজোপা নতুন উদ্ভিদৰ বা কেতিয়াবা কিছুমান উদ্ভিদৰ পুৰঠ কাণ্ড বা ডালৰ অংশ কাটি মাটিত পুতি থৈ নতুন উদ্ভিদৰ সৃষ্টি কৰা হয়।

(ঙ) দুবিধ কৃত্রিম প্রজননৰ নাম লিখা।

উত্তৰঃ দুবিধ কৃত্রিম প্রজননৰ নাম হৈছে-

(ক) কলাকর্ষণ। 

(খ) কলম পদ্ধতি বা কলম দিয়া।

(চ) নিম্নশ্রেণীৰ উদ্ভিদত ঘটা দুবিধ অযৌন প্রজনন প্রণালীৰ নাম লিখা।

উত্তৰঃ নিম্নশ্রেণীৰ উদ্ভিদত ঘটা দুবিধ অযৌন প্রজননৰ নাম –

(ক) দ্বি বিভাজন। 

(খ) ৰেণু গঠন।

(ছ) যৌন প্রজনন কাক বােলে ?

উত্তৰঃ পুংজনন কোষ আৰু স্ত্রীজনন কোষৰ মিলনৰ ফলত যােজন কোষৰ সৃষ্টি হয়। যােজনকোষটোৰ পৰা ক্ৰণৰ সৃষ্টি হয়। ফ্ৰণটোৰ বৃদ্ধি আৰু বিকাশৰ ফলত নতুন জীৱৰ জন্ম হয়। ইয়াক যৌন প্রজনন প্রক্রিয়া (বা চমুকৈ যৌন প্রজনন) বােলে।

(জ) পৰাগ ৰেণুৰ উৎপত্তিস্থান কত ?

উত্তৰঃ পুংকেশৰ চক্ৰত এডাল বা একাধিক দীঘল, লাহী কেশৰ থাকে। প্রতিডাল কেশৰকে পুংকেশৰ বােলে। একোডাল পুংকেশৰ দুটা ভাগত বিভক্ত পুংদণ্ড বােলা এডাল ঠাৰি আৰু ইয়াৰ মূৰত থকা টেমুনা দুটা পৰাগধানী। পৰাগধানীত সাধাৰণতে দুখনকৈ থলী থাকে। ইহঁতক পৰাগথলী বােলে। এই পৰাগথলীতেই পৰাগৰেপুৰ সৃষ্টি হয় বা উৎপত্তি হয়।

(ঝ) পৰাগযােগ কাক বােলে ?

উত্তৰঃ পুংজনন কোষ বা শুক্রাণু আৰু স্ত্রীজনন কোষ বা ডিম্বাণুৰ মিলনক নিষেচন বা গর্ভধান বােলে পূৰঠ পৰাগৰেণু গর্ভমুণ্ডত পৰাকে পৰাগযােগ বােলে। সাধাৰণতে পৰাগৰেণু পূর্ণবিকশিত হােৱাৰ পিছত পুংকেশৰৰ পৰা আহি গর্ভকেশৰৰ গৰ্ভমুণ্ডত পৰে। কিছুমান উদ্ভিদৰ ক্ষেত্ৰত পৰাগযােগৰ পিছতহে পৰাগৰেণু পূর্ণবিকশিত হয়।

(ঞ) পৰাগযােগৰ পিচত পৰাগৰেণুৰ কি কি পৰিৱৰ্তন ঘটে ?

উত্তৰঃ পৰাগযােগৰ পিছত গর্ভমুণ্ডৰপৰা ওলােৱা ৰসৰ সহায়ত পৰাগৰেণু অংকুৰিত হয়। এই পৰাগৰেণুৰ বেৰৰ ৰৰে ওলাই আহােতে নলিকাৰ ৰূপ লয়। এই নলিকাৰ নাম পৰাগনলিকা আৰুই গর্ভদণ্ডৰ মাজেৰে যায়। ইয়াৰ পূর্ণবিকাশ হয় আৰু ইয়াত এটা জনন কোষকেন্দ্ৰ আৰু এটা নলিকা কোষকেন্দ্র থাকে। তাৰ পিছত জননক্ষম কোষকেন্দ্ৰটো বিভাজিত হৈদুটা পুংজননকোষৰ সৃষ্টি কৰে আৰু নলিকা কোষকেন্দ্ৰটো বিনষ্ট হয়।

(ট) পুংজনন কোষ আৰু স্ত্রীজনন কোষৰ ক’ত উৎপন্ন হয় ?

উত্তৰঃ পুংজনন কোষৰ পৰাগমলীকাত উৎপন্ন হয় আৰু স্ত্রীজনন কোষৰ গৰ্ভাশয়ত উৎপন্ন হয়।

(ঠ) নিষেচন বা গর্ভাধান বুলিলেকি বুজা ?

উত্তৰঃ  যৌন প্রজনন প্রক্রিয়াটো জটিল। যৌন প্রজননত প্রজননৰ বাবে দেহত বিশেষ কিছুমান কোষৰ সৃষ্টি হয়। এই কোষবােৰক জনন কোষ বলে। পুংজননকোষক শুক্রাণু আৰু স্ত্রীজনন কোষক ডিম্বাণু বােলে। শুক্রাণু আৰু ডিম্বাণুৰ মিলনক নিষেচন বােলে। দুটা জননকোষ একত্ৰিত হৈ গঠন হােৱা কোষটোক যােজন কোষ বােলা হয়।

(ড) নিষেচনৰ পিছত জ্বণুণু, ণপােষ কোষকেন্দ্র, ডিম্বক আৰু গৰ্ভাশয়ৰ কি পৰিবর্তন ঘটে চমুকৈ লিখ।

উত্তৰঃ  নিষেচনৰ পিছত ভ্রণাণুটো শেষত বীজৰ ক্ৰণলৈ পৰিণত হয়। জ্বণপােষ কোষকেন্দ্ৰটো পিছলৈ ভ্রণপােষলৈ পৰিণত হয়। ডিম্বকৰ পৰা বীজৰ সৃষ্টি হয় আৰু বীজৰ অংকুৰণ ঘটি নতুন উদ্ভিদৰ সৃষ্টি হয়।

নিযেচনৰ পিছত গর্ভাশয়ত ভ্রণাপুৰপৰা জ্বণ, ণপােষ কোষকেন্দ্ৰৰ পৰা ভ্রণপােযলৈ, ডিম্বকৰ পৰা বীজৰ সৃষ্টি হয় আৰু শেষত ই বিলুপ্ত হৈ যায় ।

(ঢ) দ্বৈত নিষেচন বুলিলে কি বুজা যায় ?

উত্তৰঃ  সপুষ্পক উদ্ভিদৰ দুটা পুংজনন কোষৰ দ্বাৰা দুবাৰ নিষেচন ঘটে। এটা পুংজননকোষৰ ডিম্বাণুৰ সৈতে নিষেচন ঘটে আৰু আনটো পুংজননকোষৰু নিশ্চিত কোষকেন্দ্ৰৰ সৈতে নিষেচন ঘটে এই নিষেচনক দ্বৈত নিষেচন বােলা হয়।

২। চমুটোকা লিখা –

(ক) নিষেচন।

(খ) জোৰাকলম।

(গ) দ্বিবিভাজন।

(ঘ) দ্বৈত নিষেচন।

(ঙ) দ্রুণ।

(চ) পৰাগনলিকা।

(ছ) জ্বণকোষ।

(জ) পুংজনন কোষ।

(ঝ) স্ত্রীজনন কোষ।

উত্তৰঃ (ক) নিষেচন :- পুংজনন কোষ বা শুক্রাণু আৰু স্ত্রীজনন কোষ বা ডিম্বাণুৰ মিলনক নিষেচন বা গর্ভাধান বােলে। উচ্চখাপৰ সপুষ্পক উদ্ভিদ আৰু উন্নত প্রাণীবিলাকৰ প্ৰজনন প্রক্রিয়াত কিছুমান বিশেষ কোষ সৃষ্টি হয় আৰু এইকোষবােৰক জননকোষ বােলে। সপুষ্পক উদ্ভিদত দুটা পুংজননকোষৰ দ্বাৰা দুবাৰ নিষেচন ঘটে এবাৰ ডিম্বাণুৰ আৰু এবাৰ নিশ্চিত কোষকেন্দ্ৰৰ লগত। ইয়াক দ্বৈত নিষেচন বােলে। আনহাতে প্রাণীৰ ক্ষেত্ৰত দুই ধৰণৰ নিষেচন ঘটে – আভ্যন্তৰীণ নিষেচন বা অনন্ত নিষেচন আৰু বাহ্যিক নিষেচন। উচ্চ খাপৰ মেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত আভ্যন্তৰীণ নিষেচন ঘটে আৰু অমেৰুদণ্ডী প্রাণী, জলচৰ প্ৰাণী, মৎস্য আৰু উভচৰ আদি নিম্নমেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত বাহ্যিক নিষেচন ঘটে।

(খ) জোৰাকলম :- এজোপা উদ্ভিদৰ সৰু ডাল অথবা কলি বা মুকুল এটা একেজাতীয় উদ্ভিদৰ ডাল কাটি সুমুৱাই বান্ধি থলে কিছুদিনৰ মূৰত দুয়ােটা ডাল মিলি এক হৈ পৰে। এই একত্রিত ডালটো কাটি এঠাইত ৰুলে ইনতুন গছ এজোপাত পৰিণত হয়। ইয়াকে জোৰাকলম পদ্ধতি বােলে। জোৰাকলমত লগাই থােৱা ডালটোক কলম আৰু যিটো ডালত লগাই দিয়া হয় সেইটোক পােষক বােলে। এই পদ্ধতিৰে একেভাল গছতে ভিন ভিন ৰঙৰ ফুল আৰু ভিন ভিন সােৱাদৰ ফল পাব পাৰি। জোৰাকলম এবিধ কৃত্রিম অংগজ প্রজনন পদ্ধতি।

(গ) দ্বিবিভাজন :- দ্বিবিভাজন নিম্ন শ্রেণীৰ প্ৰাণীৰ এক প্ৰকাৰ অযৌন প্রজনন প্রক্রিয়া। এককোষী প্রাণীবােৰৰ পুৰুষ আৰু স্ত্রী নাথাকে। সেয়েহে সিহঁতৰ বাহ্যিক ভিন্নতা দেখা নাযায়। এনে ধৰণৰ প্রক্রিয়াত এটা প্রাণীহে জড়িত থাকে। এমিবা, পেৰামিছিয়াম আদি এককোষী প্রাণীয়ে দেহৰ একমাত্র কোষটো বিভাজিত কৰি অপত্য কোষৰ সৃষ্টি কৰে। প্ৰত্যেকটো অপত্য কোষ বিভাজিত হৈ একোটা একোটা প্রাণীত পৰিণত হয় আৰু পূর্ণাংগ অৱস্থা লাভ কৰি পুনৰ প্রজননক্ষম হৈ উঠে। এই বিভাজনকে দ্বিবিভাজন বােলে।

(ঘ) দ্বৈত নিষেচন :- দ্বৈত নিষেচন সপুষ্পক উদ্ভিদ প্রজনন প্রক্রিয়া প্রধান বৈশিষ্ট্য। পুংজনন কোষ কেন্দ্ৰৰ পৰা দুটা পুংজনন কোষৰ সৃষ্টি হয়। ইয়াৰ এটা পুংজনন কোষ ডিম্বাণুৰ সৈতে মিলিত হয় আৰু আনটো ভ্ৰণস্থলীৰ মাজভাগলৈ সােমাই গৈ নিশ্চিত কোষকেন্দ্ৰৰ সৈতে মিলিত হয়। এনেকৈয়ে ডিম্বাণু বা স্ত্রীজনন কোষ আৰু নিশ্চিত কোষকেন্দ্র নিষিক্ত হয় বা নিষেচিত হয়। নিষিক্ত স্ত্রীজনন কোষটোৰ কেউফালে এখন বেৰ গঠিত হয় আৰু ইয়াক ভ্রণাণু বােলে। ভ্রণাণুটো. শেষত বীজৰ ভ্ৰণলৈ পৰিণত হয়। দ্বিতীটো পুংজননকোষ আৰু নিশ্চিত কোষকেন্দ্ৰৰ মিলনৰ ফলত ভ্ৰণপােষ কোষকেন্দ্ৰৰ সৃষ্টি হয় আৰু ই পিছত ভ্রণপােষত পৰিণত হয়।

এনেদৰে দুটা পুংজনন কোষৰ প্রত্যেকৰে নিষেচন ঘটে।এটাৰ ডিম্বাণৰ লগত আৰু আনটোৰ নিশ্চিত কোষকেন্দ্ৰৰ লগত। এই নিষেচনক দ্বৈত নিযেটন বােলে।

(ঙ) ভ্রণ :- সপুষ্পক উদ্ভিদৰ বা উন্নত প্রাণীবিলাকৰ প্ৰজনন (যৌন) প্রক্রিয়াত ভ্ৰণৰ সৃষ্টি হয়। যৌন প্রজনন প্রক্রিয়াত জননকোষৰ সৃষ্টি হয় আৰু দুই বিপৰীত ধর্মী জনন কোষৰ (স্ত্রী জনন কোষ বা ডিম্বক আৰু পুংজনন কোষ বা শুক্রাণু) মিলনৰ ফলত  যােজন কোষৰ সৃষ্টি হয় আৰু সেই যােজন কোষৰ পৰা ক্ৰণৰ উৎপত্তি হৈ পৰ বৃদ্ধি আৰু বিকাশৰ ফলত নতুন উদ্ভিদৰ জন্ম হয়।

(চ) পৰাগনলিকা :- সপুষ্পক উদ্ভিদৰ গভধান বা নিষেচনৰ বাবে পূৰঠ পৰাগৰেণু আহি গর্ভমুণ্ডত পৰাকে পৰাগযােগ বােলে। সাধাৰণতে পৰাগৰেণু পূর্ণবিকশিত হােৱাৰ পিছত পুংকেশৰৰ পৰা আহি গর্ভকেশৰৰ গৰ্ভমুণ্ডত পৰে। কিছুমান উদ্ভিদৰ ক্ষেত্ৰত প্ৰাগযােগৰ পিছতহে পৰাগবােৰ পূর্ণবিকশিত হয়। পৰাগযােগৰ পিছত গর্ভমুণ্ডৰপৰা ওলােৱা ৰসৰ সহায়ত পৰাগৰেণু অংকুৰিত হয়। পৰাগৰেণুৰ দুখন বেৰ থাকে। ভিতৰৰ বেৰখনে আৱৰি ৰখা জৈৱপদার্থ বাহিৰৰ বেৰখনত থকা ৰৰ্জেৰে ওলাই আহে। ওলাই আহোঁতে নলিকাৰ ৰূপ লয় আৰু গৰ্ভদণ্ডৰ মাজেৰে যায়। এই নলীকাটোৱেই হ’ল পৰাগনলীকা।

(ছ) জ্বণকোষ :- সপুষ্পক উদ্ভিদৰ যৌন প্রজনন প্রক্রিয়াত দ্বৈত নিষেচন এটা প্রধান বৈশিষ্ট্য। এই প্রক্রিয়াত দুটা পুংজনন কোষৰ প্রত্যেকৰে নিষেচন ঘটে ? এটাৰ ডিম্বাণুৰ লগত আৰু আনটোৰ নিশ্চিত কোষকেন্দ্ৰৰ লগত নিষিক্ত স্ত্রীজননকোষ বা ডিম্বাণুৰ কেউফালে এখন বেৰ গঠিত হয় আৰু ইয়াক ভ্রণাণু বােলে। ভ্রণাণুটো পিচত ভ্ৰণলৈ আৰু নিষিক্ত নিশ্চিত কোষকেন্দ্ৰৰ পৰা ভ্রণপোেষ কোষকেন্দ্র সৃষ্টি হয়। ই পিছলৈ ভ্রণপােষক পৰিণত হয়। ভ্রণপােষক প্ৰাণকোষ বুলিও কোৱা হয়।

(জ) পুংজনন কোষ :- পৰাগযােগৰ পিছত গর্ভমুণ্ডৰ পৰা ওলােৱা ৰসৰ সহায়ত পৰাগৰেণু অংকুৰিত হয় আৰু পূর্ণবিকশিত হয়। পূর্ণবিকশিত পৰাগৰেণুত জননক্ষম কোষকেন্দ্ৰ আৰু এটা নলিকা কোষকেন্দ্র থাকে। দুয়ােটা কোষকেন্দ্ৰ পৰাগনলিকাৰ ভিতৰতে থাকি নলিকাৰ লগতে আগুৱাই যায়। তাৰ পিছত জননক্ষম কোষকেন্দ্ৰটো বিভাজিত হৈ দুটা পুংজনন কোষৰ সৃষ্টি হয়। এই পুংজনন কোষ দুটাই স্ত্রীজনন কোষৰ লগত নিষেচিত হৈ ভৱিষ্যত ভ্ৰণৰ সৃষ্টি হয়। পুংজনন কোষ বা শুক্রাণু হ’ল যৌন প্রজনন প্রক্রিয়াৰ এক অন্যতম উপাদান।

(ঝ) স্ত্রী জননকোষ :- উদ্ভিদৰ যৌন প্রজননত পুংজননকোষ আৰু স্ত্রীজননকোষৰ মিলনৰ ফলত এটা যােজন কোষৰ সৃষ্টি হয় আৰু ইয়াৰ পৰাই জ্বণৰ আৰু শেষত নতুন উদ্ভিদৰ জন্ম হয়। স্ত্রী জনন কোষটো স্ত্রীস্তৱকৰ গৰ্ভাশয় থাকে। স্ত্রীজনন কোষ বা ডিম্বাণুৰ বিকাশ গর্ভাশয়ৰ ভিতৰত হয় আৰু সম্পূর্ণ বিকাশ হােৱাৰ পিছত পুংজনন কোষৰ লগত নিষেচিত হয়। স্ত্রীজনন কোষে সপুষ্পক উদ্ভিদৰ প্ৰজননৰ ক্ষেত্ৰত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

পার্থক্য লিখা ।

(ক) যৌন আৰু অযৌন প্রজনন।

উত্তৰঃ যৌন প্রজননত জনন কোষৰ মিলনৰ ফলত জীৱৰ সৃষ্টি হয় আনহাতে অযৌন প্রজননত জনন কোষৰ মিলন নহয়।

যৌন প্রজনন এক জটিল প্রক্রিয়া। আনহাতে অযৌন প্রজনন এবিধ সৰল প্রক্রিয়া।

যৌন প্রজননত পুংজননকোষ আৰু স্ত্রীজননকোষৰ মাজত নিষেচন ঘটি যােজন কোষৰ সৃষ্টি হয় আৰু এই কোষটোৰ পুণঃ পুণঃ বিভাজন ঘটি পূর্ণাংগ জীৱৰ সৃষ্টি হয়। আনহাতে অযৌন প্রজনন দ্বি-বিভাজন, ৰেণু গঠন, কোষমুকুলােদ্গম, খণ্ডন আদিৰ দ্বাৰা নতুন জীৱৰ সৃষ্টি হয়।

(খ) বাহ্যিক আৰু আভ্যন্তৰীণ নিষেচন।

উত্তৰঃ বাহ্যিক নিষেচন শৰীৰৰ বাহিৰত ঘটে। আনহাতে আভ্যন্তৰীণ নিষেচন প্ৰাণীৰ শৰীৰৰ ভিতৰত হয়।

বাহ্যিক নিষেচনঅমেৰুদণ্ডী, জলচৰ, মৎস্য, উভচৰ আদি নিম্ন মেৰুদণ্ডী প্রাণীৰ ঘটে। আনহাতে উচ্চ শ্রেণীৰ প্ৰাণীৰ ক্ষেত্ৰত স্ত্রী প্রাণীৰ শৰীৰৰ ভিতৰত আভ্যন্তৰীণ নিষেচন ঘটে।

বাহ্যিক নিষেচন হােৱা প্ৰাণীৰ মতা আৰু মাইকীয়ে একেসময়তে পানীত শুক্রাণু আৰু ডিম্বাণু এৰি দিয়ে আৰুমিলিতহয়। আনহাতে আভ্যন্তৰীণ নিষেচনত ডিম্বাণু গর্ভাশয়ৰ ভিতৰত থাকে আৰু গর্ভাশয়ৰ ভিতৰত শুক্রাণু প্রৱেশ কৰি নিষেচন ঘটায়।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। উপযুক্ত শব্দ বহুৱাই খালী ঠাই পূৰণ কৰা –

(ক) গছত কলম দিয়াটো এক …………….. পদ্ধতি।

উত্তৰঃ কৃত্রিম।

(খ) ইষ্ট নামৰ ভেঁকুৰ বিধে কোষ মুকুলােদ্গম প্রণালীৰে …………… কৰে।

উত্তৰঃ বংশবৃদ্ধি।

(গ) বেক্টেৰিয়াৰ প্ৰজনন পদ্ধতি হল………………।

উত্তৰঃ দ্বিবিভাজন।

(ঘ) অস্থানিক মুকুলৰ পৰা হােৱা প্রজনন ………………।

উত্তৰঃ অযৌন।

(ঙ) বিপৰীত লিংগ বিশিষ্ট দুটা জননকোষৰ মিলনক……………… বােলে।

উত্তৰঃ নিষেচন।

(চ) গর্ভধানৰ বাবে প্রয়ােজনীয় …………….ৰ সৃষ্টি হয় পৰাগনলীকাত।

উত্তৰঃ পুংজনন কোষৰ ।

২। শুদ্ধ উত্তৰ বাছিউলিওৱা –

(ক) তলৰ কোনটো প্রজনন প্রক্রিয়া কৃত্রিম ?

(i) নিষেচন।

(ii) জোৰাকলম।

(iii) দ্বিবিভাজন।

(iv) দ্বৈত নিষেচন।

উত্তৰঃ জোৰা কলম।

(খ) তলৰ কোনটো প্রজনন প্রক্রিয়া অযৌন হয় ?

(i) নিষেচন।

(ii) ৰেণুগঠন।

(iii) খণ্ডন।

(iv) কোষমুকুললাম।

উত্তৰঃ নিষেচন।

(গ) পুংজনন কোষৰ উৎপত্তি হয় –

(i) পৰাগথলীত।

(ii) গর্ভমুণ্ডত।

(iii) পৰাগনলীকাত।

(iv) গর্ভাশয়ত।

উত্তৰঃ পৰাগনলীকাত।

৩। চমুটোকা লিখা –

(ক) প্ৰজন কন্দিকা।

(খ) কলাকৰ্ষণ।

(গ) খণ্ডন।

(ঘ) কোষমুকুলােম।

উত্তৰঃ (ক) প্রজনন কন্দিকা :- গা-গছত লাগি থকা পাতৰ গুৰি অংশটোত ওলােৱা কলিটোক কন্দিকা বােলেই ডাঙৰ হৈ প্ৰজননৰ বাবে পূৰঠ হয়। পূৰঠ কন্দিকাটোৰ পৰাও বংশবৃদ্ধি হয়। ই এবিধ অংগ প্রজনন পদ্ধতি। উদাহৰণ – কাঠআলু, মাটিকঁঠাল আদি।

(খ) কলাকৰ্ষণ :- উদ্ভিদ দেহৰ কোষ একোটাৰ পৰা নতুন এজোপা 

উদ্ভিদৰ সৃষ্টি কৰাকে কলাকর্ষণ বােলে। কলাকৰ্ষণৰ সহায়ত পৰীক্ষাগাৰত কৃত্রিম অৱস্থাত কোষৰ বিভাজন ঘটাব পাৰি। প্ৰক্ৰিয়াটোৰ বাবে এটা মাধ্যমৰ প্রয়ােজন। এই নির্দিষ্ট কোষবােৰ । মাধ্যমটোত ৰখা হয়। কিছুদিনৰ পিছত কোষবােৰ বিভাজন ঘটি.এটা কোষপিণ্ডৰ সৃষ্টি হয়। এনে একোটা কোপিণ্ড আঁতৰাই আনি বিশেষ ধৰণে প্ৰস্তুত কৰা ঘণীভূত খাদ্যত থােৱা হয়। খাদ্যত থকা বিশেষ কিছুমান হৰম’নৰ প্ৰভাৱত কোষপিত থকা প্রত্যেকৰে পৰা একোটা ভ্রণাণুৰ সৃষ্টি হ’ব পাৰে। ভ্রণাণুৰ পৰা অৱশেষত উদ্ভিদৰ পুলি ওলায়। পুলি ৰােপন কৰি নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰি।

(গ) খণ্ডন :- কিছুমান উদ্ভিদৰ দেহটুকুৰাটুকুৰ হৈ প্ৰতিটো টুকুৰাৰ পৰা পূর্ণাংগ উদ্ভিদৰ সৃষ্টি হয়। ইয়ে খণ্ডন প্রজনন প্রক্রিয়া। ই একপ্রকাৰ অযৌন প্রজনন প্রক্রিয়া। এই প্রকাৰৰ অযৌন প্রজনন শেলাই, ভেকুৰ আদিৰ ক্ষেত্ৰত দেখা যায়।

(ঘ) কোষমুকুলাের্গম :- কিছুমান নিম্নখাপৰ অপুষ্পক উদ্ভিদৰ পৈণত অৱস্থাত দেহৰপৰা একোটা সৰু টেমূনা ওলায়। এই টেমুনাবােৰে শেষত মাতৃ উদ্ভিদৰ পৰা পৃথক হৈ নতুন উদ্ভিদৰ সৃষ্টি কৰে। যেনে -ইষ্ট (ভেঁকুৰ)ৰ মুকুললাম। আনহাতে নিম্ন শ্রেণী প্রাণী কিছুমানৰ দেহৰ কোনাে অংশত মুকুলৰ সৃষ্টি হয় আৰু এই মুকুলে বৃদ্ধি হােৱাৰ পাছত দেহৰপৰা এৰাই নতুন প্রাণীৰ সৃষ্টি কৰে। যেনে-হাইড্রাই এক অযৌন প্রজনন পদ্ধতি।

৪। তলত দিয়া চিত্ৰবোৰ আঁকি চিহ্নিত কৰা । 

( ক ) ফুলৰ বিভিন্ন অংশ ।

( খ ) গর্ভকেশৰ ।

( গ ) পুংকেশৰ ।

( ঘ ) সপুষ্পক উদ্ভিদ , গর্ভধান । 

( ঙ ) এমিবাৰ অযৌন প্রজনন । 

( চ ) হাইড্ৰাৰ মুকুলোদ্‌গম । 

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top