Assam Jatiya Bidyalay Class 8 Science Chapter 15 ভূমিকম্প – এটা প্রাকৃতিক দুর্যোগ

Assam Jatiya Bidyalay Class 8 Science Chapter 15 ভূমিকম্প – এটা প্রাকৃতিক দুর্যোগ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 15 ভূমিকম্প – এটা প্রাকৃতিক দুর্যোগ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 15 ভূমিকম্প – এটা প্রাকৃতিক দুর্যোগ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 15 ভূমিকম্প – এটা প্রাকৃতিক দুর্যোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্রকৃতি সম্পদ

Chapter – 15

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। অতি চমুকৈ উত্তৰ দিয়া-

(ক) প্রাকৃতিক দুর্যোগ কাক বােলে ?

উত্তৰঃ  ধন-জন, সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰি মানুহ আৰু পশু-পক্ষীৰ জীৱনলৈ আভাৱনীয় দুর্যোগ কঢ়িয়াই অনা প্রাকৃতিক ঘটনাকেই প্রাকৃতিক দুর্যোগ বােলা হয়।

(খ) প্লেট বা ফলক কি ?

উত্তৰঃ ফলক বিৱর্তন অমতে পৃথিৱীখনৰ উপৰিভাগ একেখন পৃষ্ঠৰে গঠিত নহয়। ই কেইবাটাও অংশত বিভক্ত। প্ৰতিটো অংশকে প্লেট বা ফলক বােলা হয়।

(গ) ফলক একোখন কিমান ডাঠ ?

উত্তৰঃ  একোখন ফলক 110 কি.মি. বা তাতােকৈও অধিক ডাঠ।

(ঘ) ভূমিকম্পৰ উৎপত্তি সম্পর্কে আগবঢ়োৱা তত্ত্ববােৰৰ ভিতৰত সবাতােকৈ গ্রহণযােগ্য তত্ত্বটো কি ?

উত্তৰঃ ভূমিকম্পৰ উৎপত্তি সম্পর্কে আগবঢ়োৱা তত্ত্ববােৰৰ ভিতৰত সবাতোকৈ গ্রহণযােগ্য তত্ত্বটো হৈছে “ফলক বিৱৰ্তন তত্ত্ব”।

(ঙ) ভাৰতীয় উপমহাদেশখন অৱস্থিত ফলকখনৰ নাম কি ?

উত্তৰঃ ভাৰতীয় উপমহাদেশখন অৱস্থিত ফলকখনৰ নাম হৈছে “ভাৰত-আষ্ট্রলীয় ফলক”।

(চ) ভূমিকম্প প্ৰৱণ বলয় দুটা কি কি ?

উত্তৰঃ ভূমিকম্প প্রৱণ বলয় দুটা হৈছে – 

(i) প্রশান্ত পৰিধীয় বলয়।আৰু 

(ii) আল্পছ হিমালয় বলয়।

(ছ) ভূমিকম্পৰ কেন্দ্ৰ আৰু অধিকেন্দ্র কি ?

উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগৰ যি ঠাইত ভূমিকম্পৰ সৃষ্টি হয় তাক নাভি বা কেন্দ্র বােলা হয়। কেন্দ্ৰৰ উলম্ব দিশত থকা ভূ-পৃষ্ঠৰ ঠাইখিনিক উপকেন্দ্র বা অধিকেন্দ্র বােলা হয়।

(জ) ভূ-পৃষ্ঠৰপৰা ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা বঢ়াৰ লগে লগে ভূমিবলৰ প্রাবল্য, কিদৰে সলনি হয় ?

উত্তৰঃ ভূ-পৃষ্ঠৰপুৰা ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা বঢ়াৰ লগে লগে প্রাবল্য কমি যায়।

(ঝ) ভূকম্পন বিজ্ঞান কি ?

উত্তৰঃ ভূমিকম্পৰ প্রাবল্য নির্ণয় কৰি অধ্যয়ন কৰা শাখাক ভূকম্পবিজ্ঞান বােলে।

(ঞ) ভূমিকম্পৰ প্রাবল্য জোখা যন্ত্রবিধৰ নাম কি ?

উত্তৰঃ ভূমিকম্পৰ প্রাবল্য জোখা যন্ত্রবিধৰ নাম হ’ল ৰিখটাৰ স্কেল।

(ট) ভূকম্পনলেখৰ প্রধান অংশ তিনিটা কি কি ?

উত্তৰঃ ভূকম্পনলেখৰ প্রধান অংশ তিনিটা হ’ল-

(i) এটা দোলক।

(ii) এটা লিখন সঁজুলি।আৰু 

(iii) তৰংগ লিপিবদ্ধ কৰিবলৈ এখন কাগজ।

(ঠ) ৰিখটাৰ স্কেল কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰঃ 1935 চনত মার্কিন ভূতত্ত্ববিদ ছালছ ফ্রান্সিছ ৰিখটাৰে ৰিখটাৰ স্কেল উদ্ভাৱন কৰিছিল।

(ড) ভূমিকম্পৰ আগজাননী দিয়াৰ বাবে অৱলম্বন কৰা পদ্ধতি দুটা কি কি ?

উত্তৰঃ ভূমিকম্পৰ আগজাননী দিয়াৰ বাবে অৱলম্বন কৰা পদ্ধতি দুটা হ’ল

(i) পাৰিসাংখিক।

(ii) ভূভৌতিক।

(ঢ) পানত সঘনে ভূমিকম্প হৈ থাকে কিয় ?

উত্তৰঃ জাপান প্রশস্ত পৰিধীয় বলয়ৰ অন্তৰ্গত বাবে এই দেশত সঘনে ভূমিকম্প হৈ থাকে।

(ণ) ৰিচাৰ স্কেলত এই পর্যন্ত লিপিবদ্ধ হােৱা সর্বোচ্চ প্রাবল্যৰ ভূমিকম্পটো ক’ত হৈছিল ?

উত্তৰঃ ৰিটাৰ স্কেলত এই পর্যন্ত লিপিবুদ্ধ হােৱা সর্বোচ্চ প্রাবল্যৰ ভূমিকম্পটো 1960 চনতাছিলিত হৈছিল। ৰিটাৰ স্কেলত ইয়াৰ মান আছিল 9.5।

২। ভূ-পৃষ্ঠ গঠন হােৱা যি কোনাে চাৰিখন প্রধান ফলকৰ নাম লিখা।

উত্তৰঃ ভূ-পঠি গঠন হােৱা যি কোনাে চাৰিখন প্রধান ফলকৰ নাম হ’ল– 

(ক)আফ্রিকীয় ফাক।

(খ) ইউবেছীয় ফলক। 

(গ) ভাৰত অষ্ট্রেলীয় ফলক।আৰু 

(ঘ)প্রশান্তীয় ফলক।

৩। ভূমিকম্পৰ উৎপত্তিৰ কাৰণ সম্পর্কে থকা ফলক ৰিৱর্তন তত্ত্বটো ব্যাখ্যা কৰাঁ।

উত্তৰঃ ভূমিকম্প উৎপত্তিৰ কাৰণ সম্পর্কে থকা “ফলক বিৱৰ্তন তত্ত্ব’ মতে পৃথিৱীখনৰ উধৰিভাগ একেখন পৃষ্ঠৰে গঠিত নহয়। ই কেইবাটাও অংশত বিভক্ত। প্ৰতিটো অংশকে প্লেট বা ফলক বােলা হয়। একোখন ফলক 110 কি. মি. বা তাতােকৈও অধিক ডাঠ।

এই ফলকবােৰৰ উপৰিও 20 খনতকৈও অধিক সৰু সৰু ফলক চিহ্নিত কৰা হৈছে। ফলকবােৰ ভূগৰ্ভত থকা গলিত পদাৰ্থৰ ওপৰত ওপঙি আছে। ফলকবােৰ গতিশীল। গতিশীল হলেও এইবােৰৰ গতিবেগ যথেষ্ট কম। উদাহৰণ স্বৰূপে, ভাৰতীয় উপমহাদেশখন অৱস্থিত ভাৰত- অষ্ট্রেলিয় ফলকখন ইউৰেছীয় ফলকৰ দিশত বছৰি 5 ছে.মি. বেগত গতি কৰি আছে। গতিৰ ফলত ফলকবােৰৰ সীমাত প্রবল চাপৰ সৃষ্টি হয়। সঞ্চিত চাপ ক্রমান্বয়ে বৃদ্ধি হৈ গৈ থাকিলে এটা সময়ত ই ভূ-পৃষ্ঠৰ কোনাে দুর্বল অংশইদি তৰংগৰূপে নির্গত হয়। নির্গত শক্তিৰ মাত্রা অনুপাতে ভূ-পৃষ্ঠৰ মাজে সময়ে দুর্বল বা প্রচণ্ড জোকাৰণিৰ সৃষ্টি হয়। এনে জোকাৰণিকে আমি ভূমিকম্প বুলি কওঁ।

৪। কোনবােৰ অঞ্চলত ভূমিকম্প হােৱাৰ সম্ভাৱনা বেছি ? ভূমিকম্প প্রৱণ অঞ্চলসমূহক কি কি বলয়ত ভাগ কৰা হৈছে ?

উত্তৰঃ পৃথিৱীৰ সকলাে অঞ্চলতে সমানে ভূমিকম্পনহয়। যিবােৰ অঞ্চলত শিলাত্তৰ দুর্বল, সেইবােৰ অঞ্চলত ভূমিকম্প হােৱাৰ সম্ভাৱনা বেছি।

অধিক ভূমিকম্প প্ৰৱণ অঞ্চলসমূহক দুটা প্রধান বলয়ত ভাগ কৰা হৈছে। যেনে – 

(ক) প্রশান্ত পৰিধীয় বলয়।আৰু 

(খ) আল্পছ হিমালয় বলয়।

৫। সৰল ভূকম্পনলেখৰ গঠন আৰু কার্যনীতি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা

উত্তৰঃ সৰল ভূকম্পনলেখৰ গঠন আৰু কাৰ্য্যনীতি তলত বর্ণনা কৰা হ’ল 

ভূকম্পনলেখৰ তিনিটা প্রধান অংশ থাকে :– 

(ক) এটা দোলক।

(খ) এটা লিখন সঁজুলি।আৰু 

(গ) তৰংগ লিপিবদ্ধ কৰিবলৈ এখন কাগজ কাগজখন ঘূৰি থকা চুঙা এটাৰ লগত সংলগ্ন কৰা থাকে। 

চুঙাটো ঘূৰাৰ লগে লগে কাগজখনাে ঘূৰি থাকে। ভূমিকম্প আহিলে পৃথিৱীৰ উপৰিভাগৰ কম্পন দোলকটোলৈ বিয়পে আৰু দোলকটো সেই আনুসাৰে দুলিবলৈ ধৰে। লিখন সঁজুলিটোৱে কাগজখনত দোলনৰ লেখ আকেঁ। এই লেখ অধ্যয়নৰ জৰিয়তে হৈ যােৱা ভূমিকম্পটোৰ বিষয়ে সবিশেষ জানিব পাৰি। ভূমিকম্পৰ প্রাবল্য জোখা হয় ৰিখটাৰ স্কেলত।

৬। ভূমিকম্পৰ আগজাননী দিবলৈ নিৰীক্ষণ কৰা চাৰিটা ভূভৌতিক পৰিৱৰ্তন উল্লেখ কৰাঁ।

উত্তৰঃ ভূমিকম্পৰ আগজাননী দিবলৈ নিৰীক্ষণ কৰা চাৰিটা ভূ-ভৌতিক পৰিৱর্তন হল-

(ক) ভূমিৰ বিকৃতি (যেনে, মাটিত ফাট মেলা)।

(খ) কোনাে অংশ বহি যােৱা।

(গ) মৃদুকম্পন।আৰু

(ঘ) ভূগর্ভীয় জলপৃষ্ঠৰ পৰিৱর্তন।

৭। ভূমিকম্পৰ ফলত হ’র পৰা ক্ষয়-ক্ষতিৰ ওপৰত এটা চমুটোকা প্রস্তুত কৰাঁ।

উত্তৰঃ ভূমিকম্পৰ পৰা বিভিন্ন ধৰণৰ ক্ষয়-ক্ষতি হ’ব পাৰে। তাৰ ভিতৰত কেইটামান হ’ল –

(ক) মানুহ আৰু পশু-পক্ষী মৃত্যুমুখত পৰে বা আহত হয়।

(খ) ধৰ দুৱাৰ, দলং, উৰণীয়া সেঁতুআদি ভাগে, পাহাৰৰ মাটি খহি (ভূমিস্খলন হৈ), গছ-গছনি উভালি পৰি বাট-পথ বন্ধ হৈ পৰে বিজুলীৰ যোগন ব্যাহত হয়; জুই লাগে। আৰু সা-সম্পত্তি নষ্ট হয়।

(গ) নদ-নদীৰ তলি উঠি আহি বানপানীৰ সৃষ্টি হ’ব পাৰে,নদনদীৰ গতিপথ সলনি হ’ব পাৰে।

(ঘ) মাটিত ফাট মেলি সেই ফাটেদি ভূগৰ্ভৰ পৰা বালি আৰু পানী ওলাই আহি বাট-পথ, পথাৰ-সমাৰ নষ্ট কৰিব পাৰে।

(ঙ) সাগৰত প্ৰকাণ্ড ঢৌৰ সৃষ্টি হ’ব পাৰে। চুনামি নামে পৰিচিত এই ঢৌৱে উপকূল অঞ্চলত বানপানীৰ সৃষ্টি কৰে। ঘৰ-দুৱাৰ, সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিব পাৰে। হাজাৰ হাজাৰ মানুহক মৃত্যুমুখত পেলাব পাৰে।

৮। ভূমিকম্পৰ অর্থনৈতিক গুৰুত্ব ব্যাখ্যা কৰাঁ।

উত্তৰঃ ভূমিকম্পৰ অর্থনৈতিক গুৰুত্ব-ভূমিকম্পৰ ফলত সৃষ্টি হোৱা তৰংগ অধ্যয়ন কৰি পৃথিৱীৰ অন্তভাগত থকা শিলৰংগঠনৰ বিষয়ে জানিব পাৰি। শিলৰ মাজত আবদ্ধ হৈ থকা পেট্রলিয়ামৰ সন্ধানাে পাব পাৰি। ভূ-কম্পনবিজ্ঞানৰ অধ্যয়নে ভূমিকম্প প্ৰতিৰােধী ঘৰ-নিৰ্মাণ, নদ-নদীত বান্ধ নিৰ্মাণ কৰা কাৰ্য বর্তমান সম্ভব কৰি তুলিছে।

৯। ভূমিকম্পৰ ফলত ইৰ পৰা ক্ষয়ক্ষতিৰ পৰিমাণ কমাবলৈ চাৰিটা উপায় উল্লেখ কৰাঁ।

উত্তৰঃ আগতীয়াকৈ কিছু সাৱধানতা অৱলম্বন কৰি ভূমিকম্পত হােৱা ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট কমাব পাৰি। যেনে-

(ক) নিৰাপদ নির্মাণ পদ্ধতি প্রয়ােগ কৰিব লাগে।

(খ) স্কুল-কলেজ, চিকিৎসালয়, হােটেল, চিনেমা হল আদি ভূমিকম্প প্ৰতিৰােধী হােৱা উচিত।

(গ) সম্ভৱ হ’লে দুর্বল আৰু আপুৰণি ঘৰবােৰ ভাঙি পেলাব লাগে। সম্ভৱ নহ’লে সেইবােৰ শক্তিশালী কৰিব লাগে।

(ঘ) অসামৰিক প্ৰতিৰক্ষা সংগঠন বা অন্য কোনাে নিৰ্ভৰযােগ্য স্বেচ্ছাসেৱী সংগঠনে আয়ােজন কৰা ভূমিকম্প সম্পর্কীয় প্রশিক্ষণত অংশ গ্রহণ কৰিব লাগে।

১০। ভূমিকম্পৰ গজাননীৰ ভিত্তিত ল’বলগীয়া সাৱধানতাসমূহ কি কি ?

উত্তৰঃ আগজাননীৰ ভিত্তিত ল’বলগীয়া সাৱধানতা চৰকাৰীভাৱে ভূমিকম্প সম্পর্কীয় আগতীয়া জার্ননী জাৰি কৰিলে কিছুমান ব্যৱস্থা লােৱা উচিত।

(ক) আতংকিতনহৈ পৰিস্থিতিৰ সম্মুখীন হ’বলৈ সাহস গােটাব লাগে।

(খ) দাহ্য আৰু বিস্ফোৰক পদার্থ নিৰাপদ দূৰত্বত রাখিব লাগে।

(গ) গেছ, হিটাৰ, পানীৰ টেপ আদি বন্ধ কৰি ৰাখিব লাগে।

(ঘ) বিশুদ্ধ পানী আৰু পৰিষ্কাৰ খাদ্যৰ ব্যৱস্থা কৰি থ’ব লাগে যাতে এইবােৰ ব্যৱহাৰ কৰি ভূমিকম্পৰ পিছত হ’ব পৰা মহামাৰী ৰােধ কৰিব পৰা যায়।

(ঙ) বিপদৰ সময়ত কি কৰিব লাগিব, পৰিয়ালৰ সকলােকে সেই সম্পর্কে আগতীয়া শিক্ষা দি ল’ব লাগে।

১১। ভূমিকম্প হৈ থকা সময়ত আৰু হৈ যােৱাৰ পিছত ল’বলগীয়া সাৱধানতা সমূহ কি কি ?

উত্তৰঃ ভূমিকম্প হৈ থকাৰ সময়ত ল’বলগীয়া সাৱধানতা –

(ক) ধৈর্য্য ধৰি সাহস গােটাব লাগে।

(খ) ঘৰৰ ভিতৰত থাকিলে মজবুত ডেক্স-বেঞ্চ, বিছনা, টেবুল আদিৰ 

তলত আশ্রয় ল’ব লাগে। থিয় হৈ থাকিব নালাগে ।

(গ) নিৰাপদ বুলি নিশ্চিত নােহােৱালৈকে অযথা বাহিৰলৈ দৌৰিব নালাগে।

(ঘ) ইটা, প্লাষ্টাৰ, ছিলিং বা অন্য কিবা বস্তু খহি পৰিব পাৰে নেকি তাক লক্ষ্য কৰি সাৱধান হ’ব লাগে।

(ঙ) দাহ্য গেছ বা বস্তুৰ অনুপস্থিতি নিশ্চিত নােহােৱালৈকে জুইশলা কাঠি, গেছ উভ, মমবাতি আদি জ্বলাব নালাগে।

(চ) লিফট ব্যৱহাৰ কৰিব নালাগে।

ভূমিকম্প হৈ যােৱাৰ পাছত ল’বলগীয়া সাৱধানতা –

(ক) ভূমিকম্পই সৃষ্টি কৰা ধ্বংসস্তুপৰ মাজত আবদ্ধ ব্যক্তিয়ে ধৈর্য ধৰি শান্তভাৱে থাকিব লাগে। পাৰিলে শব্দ কৰিব লাগে যাতে সাহায্যকাৰী দলে ততালিকে জীৱিত ব্যক্তি থকাৰ উমান পায়।

(খ) নিজে আহতনহ’লে নিজৰ পৰিয়ালৰ বা ওচৰ-চুবুৰীয়াৰ পৰিয়াল ব্যক্তিক পার্যমানে সহায়ৰ হাত আগবঢ়াব লাগে।

(গ) গেছষ্ট’ড, পানীৰ টেপ, বৈদ্যুতিক চুইছ আদি বন্ধ কৰি ৰাখিব লাগে যেতিয়ালৈকে এইবােৰ ব্যৱহাৰ কৰাটো নিৰাপদ বুলি জনা নাযায়।

(ঘ) জুইৰ পৰা হােৱা ক্ষতিৰ পৰিমাণ ৰােধ কৰিবলৈ অগ্নিনির্বাপক যন্ত্র ব্যৱহাৰ কৰিব লাগে।

(ঙ) ৰেডিঅ’ বা অন্য কোনাে মাধ্যমযােগে চৰকাৰীভাৱে প্ৰচাৰ কৰা ঘােষণা মন দি শুনিব লাগে।

(চ) নিজকে হালি থকা গছ-গছনি, বেৰ আদিৰপৰা আঁতৰাই ৰাখিব লাগে।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১।  চমু উত্তৰ দিয়া –

(ক) অসমকে ধৰি উত্তৰ পূর্বাঞ্চলত সঘনে ভূমিকম্প হৈ থকাৰ কাৰণ কি ?

উত্তৰঃ অসমকে ধৰি উত্তৰ পূব ভাৰত আছ হিমালয় বলয়ৰ অন্তৰ্গত বাবে অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলত সঘনে ভূমিকম্প হােৱাৰ সম্ভাৱনা আছে।

(খ) জাপানত অতি সঘনে ভূমিকম্প হৈ থাকে কিয় ?

উত্তৰঃ জাপান প্রশান্ত পৰিধীয় বলয়ৰ অন্তৰ্গত বাবে এই দেশত সঘনে ভূমিকম্প হৈ থাকে।

(গ) ছুনামি কি ?

উত্তৰঃ  ভূমিকম্পৰ ফলত সাগৰত প্ৰকাণ্ড ঢৌৰ সৃষ্টি হয়। এই ঢৌৱে উপকূল অঞ্চত বানপানীৰ সৃষ্টি কৰে। ইয়াকে ছুনামি বােলে।

(ঘ) গুজৰাটৰ ভূজত হােৱা ভূমিকম্পটো কোন চনত হৈছিল ?

উত্তৰঃ 2001 চনৰ 26 জানুৱাৰীত গুজৰাটৰ ভূজত ভূমিকম্প হৈছিল।

(ঙ) কোনটো ভূকম্পবলয়ত আটাইতকৈ বেছি ভূমিকম্প হয় ?

উত্তৰঃ প্রশান্ত পৰিধীয় বলয়ত আটাইতকৈ বেছি ভূমিকম্প হয়।

(চ) জাপান, ফিলিপাইন আদি দেশ কোনটো ভূকম্পবলয়ত অৱস্থিত ?

উত্তৰঃ জাপান, ফিলিপাইন আদি দেশ প্রশান্ত পৰিধীয় বলয়ত অৱস্থিত।

(ছ) ভূমিকম্পৰ আগজাননী দিবলৈ কি দুটা পদ্ধতি অবলম্বন কৰা হয় ?

উত্তৰঃ  পদ্ধতি দুটা হ’ল- 

(ক) পাৰিসাংখিক।আৰু 

(খ) ভূভৌতিক।

২। খালী ঠাই পূৰােৱা –

(ক) ফলকবােৰ  গৰ্ভৰ গলিত ………… ওপৰত ওপঙি থাকে।

(খ) ভাৰত-অষ্ট্রেলীয় ফলকখন ……….. ফলকৰ দিশত 

বছৰি 5 ছেণ্টিমিটাৰ বেগত গতি কৰি আছে।

(গ) অসম ………….. ভূকম্প বলয়ত অৱস্থিত।

(ঘ) কেন্দ্র গভীৰ হ’লে ভূমিকম্পৰ প্ৰাব্যলতা……………..।

(ঙ) ভূমিকম্পৰ প্রাবল্য…………… স্কেলত জোখা হয়।

(চ) ভূমিকম্প হােৱাৰ আগেয়ে ভূ-গর্ভৰ পৰা …………… গেছ নির্গত হয়।

(ছ) ভূমিকম্পৰ ফলত হােৱা সাগৰৰ প্রচণ্ড টৌক ………….. বােলে।

(জ) 1993 চনৰ 30 চেপ্তেম্বৰত ভাৰতৰ ………….. এটা ডাঙৰ ভূমিকম্প হৈছিল।

(ঝ) 1950 চনত অসমত হােৱা প্রলয়ংকাৰী ভূমিকম্পটোৰ প্রাবল্য আছিল………………।

উত্তৰঃ (ক) পদার্থ,(খ) ইউৰেছীয়,(গ) আল-হিমালয়,(ঘ) কমে,(ঙ) ৰিটাৰ,(চ) ৰেডন,(ছ) ছুনামি,(জ) লাতুৰত,(ঝ) 8.7

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top