Assam Jatiya Bidyalay Class 6 Social Science Chapter 7 মৌলিক প্রয়োজন

Assam Jatiya Bidyalay Class 6 Social Science Chapter 7 মৌলিক প্রয়োজন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 মৌলিক প্রয়োজন Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 7 মৌলিক প্রয়োজন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 7 মৌলিক প্রয়োজন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মৌলিক প্রয়োজন

Chapter – 7

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ মৌলিক প্রয়োজন কাক বোলে ?

উত্তৰঃ যিবোৰ সামগ্ৰী অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে, তেনে সামগ্ৰীবোৰকে মৌলিক প্রয়োজন বোলে।

২৷ মানুহৰ মৌলিক প্রয়োজন কেইবিধ আৰু কি কি ?

উত্তৰঃ মানুহৰ মৌলিক প্রয়োজন তিনিবিধ। সেইকেইবিধ হ’ল –

(ক) খাদ্য বা আহাৰ।

(খ) বাসস্থান বা ঘৰ।

(গ) সাজপাৰ বা কাপোৰ।

৩৷ পাৰিপার্শ্বিক অৱস্থা কাক বোলে ?

উত্তৰঃ পাৰিপাৰ্শ্বিক অৱস্থা হ’ল ভৌগোলিক পৰিৱেশ, জলবায়ু, মাটিৰ গুণ, উদ্ভিদ, খেতি-বাতি, সামাজিক অবস্থা আদিৰ সামূহিক অৱস্থা।

৪৷ মেৰু অঞ্চলৰ এস্কিম ‘সকলৰ প্ৰধান আহাৰ কি ? 

উত্তৰঃ মেৰু অঞ্চলৰ এস্কিম’সকলৰ প্ৰধান আহাৰ হ’ল মাছ, মঙহ।

৫৷ বেদুইনসকলৰ প্ৰধান খাদ্য আৰু প্ৰিয় পানীয় কি ? 

উত্তৰঃ বেদুইনসকলৰ প্ৰধান খাদ্য হ’ল উটৰ মঙহ আৰু প্রিয় পানীয় হ’ল উটৰ গাখীৰ।

৬৷ ঘৰ বা বাসস্থান কাক বোলে ?

উত্তৰঃ য’ত মানুহে নিৰাপত্তা, আশ্রয় আৰু বিশ্রাম গ্ৰহণ কৰে তাকেই ঘৰ বোলে।

৭৷ কোনখিনি সময়ক তাম্ৰপ্ৰস্তৰ যুগ বোলা হয় ? 

উত্তৰঃ প্ৰস্তবযুগ আৰু ধাতুৰ যুগৰ মাজৰ অৱস্থাটোক তাম্ৰপ্ৰস্তৰ যুগ বোলা হয়।

৮৷ মধ্য এছিয়াৰ কাজাকসকলৰ প্ৰধান বৃত্তি কি ?

উত্তৰঃ মধ্য এছিয়াৰ কাজাকসকলৰ প্ৰধান বৃত্তি হ’ল পশুপালন।

৯৷ ব্যক্তিগত প্রয়োজন কাক বোলে ? 

উত্তৰঃ মানুহৰ ব্যক্তিগত জীৱন-ধাৰণৰ বাবে যিবোৰ বস্তুৰ প্ৰয়োজন হয় তাকে ব্যক্তিগত প্রয়োজন বোলে।

১০৷ সামাজিক প্রয়োজন কাক বোলে ?

উত্তৰঃ মানুহে সামাজিক প্রাণী হিচাপে জীয়াই থাকিবলৈ যিবোৰ বস্তুৰ প্ৰয়োজন হয় তাকে সামাজিক প্রয়োজন বোলে।

১১৷ এক্সিম ‘সকলৰ প্ৰধান আহাৰ মাছ, মঙহ হোৱাৰ কাৰণ কি ? 

উত্তৰঃ এক্সিম ‘সকলৰ প্ৰধান আহাৰ মাছ-মঙহ হোৱাৰ কাৰণ হ’ল ভৌগোলিক অৱস্থান বা পাৰিপাশ্চিক অৱস্থা।

১২৷ মধ্য এছিয়াৰ কাজাকসকলে ক’ত বাস কৰে ?

উত্তৰঃ মধ্য এছিয়াৰ কাজাকসকলে চামৰাৰ সহায়ত তম্বু সাজি বসবাস কৰে। 

১৩৷ পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ খাদ্যৰ অভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ কি ?

উত্তৰঃ পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ খাদ্যৰ অভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ হ’ল –

(ক) পাৰিপার্শ্বিক অৱস্থা।

(খ) মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ।

(গ) ধর্ম বিশ্বাস, ঐতিহ্য, সংস্কাৰ আদি।

থালী ঠাই পূৰ কৰা :

(ক) এক্সিম সকলৰ প্ৰধান জীৱিকা হ’ল ___কৰা।

(খ) আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ ___৷

(গ) ___যুগৰ শেষত আৰম্ভ হৈছিল ধাতু যুগ।

(ঘ) মানুহে পোন প্রথমে অনুভৱ কৰা প্ৰয়োজন বিধ হ’ল ___৷

উত্তৰঃ (ক) এক্সিম ‘সকলৰ প্ৰধান জীৱিকা হ’ল চিকাৰ কৰা।

(খ) আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ নাৰিকল।

(গ) প্ৰস্তৰ যুগৰ শেষত আৰম্ভ হৈছিল ধাতু যুগ।

(ঘ) মানুহে পোন প্রথমে অনুভৱ কৰা প্রয়োজন বিধ হ’ল আহাৰ।

১৪৷ বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভাষ বেলেগ বেলেগ হোৱাৰ প্ৰধান কাৰণকেইটা কি কি ?

উত্তৰঃ বিভিন্ন ঠাইৰ মানুহৰ খাদ্যৰ অভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ হ’ল―

(ক) পাৰিপাৰ্শ্বিক অবস্থা।

(খ) মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ।

(গ) ধর্ম বিশ্বাস, ঐতিহ্য, সংস্কাৰ আদি।

১৫৷ সাজ পাৰ পৰিধান কৰাৰ যিকোনো তিনিটা প্রয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ সাজপাৰ পৰিধান কৰাৰ তিনিটা প্রয়োজনীয়তা হ’ল―

(ক) লাজ নিবাৰণ।

(খ) শিষ্টাচাৰ।আৰু 

(গ) শৰীৰ ৰক্ষা কৰা।

১৬৷ নৱপ্ৰস্থৰ যুগৰ মানুহে সাজি লোৱা ঘৰ দুবিধৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ নৱপ্ৰস্থৰ যুগৰ মানুহে তলত উল্লেখ কৰা ধৰণে ঘৰ সাজি লৈছিল— 

(ক) প্রথম বিধ ঘৰ সাজিবৰ বাবে ডাঙৰ বৃত্তকাৰ গাঁত এটা খান্দি লৈছিল।

গাঁতত মাটিবোৰৰ সহায়ত চাৰিওফালে বেবৰ নিচিনা কৰি লৈছিল। গীতটোৰ সোঁমাজত মজবুত খুঁটা এটা পুতি তাক কেন্দ্ৰ কৰি মাটিৰ বেৰৰ পৰা খুঁটাটোত কিছুমান গছৰ ডাল বান্ধি দিয়া হয়। তাৰ পিছত ডালবোৰৰ ওপৰত গছৰ বাকলি, পাত আদিৰ সহায়ত ছাল তৈয়াৰ কৰে। ওপৰত চাল থকা গাঁতটোৱে তেওঁলোকে ঘৰ হিচাপে ব্যৱহাৰ কৰিছিল।

(খ) দ্বিতীয় ঘৰ বিধ তেওঁলোকে পনীৰ ওপৰত সাজিছিল। পানীত দীঘল দীঘল বাঁহ পুতি তাৰ ওপৰত চাং সাজি ঘৰ সাজিছিল। ঘৰৰ পৰা বাহিৰলৈ অহা যোৱা কৰিবৰ বাবে বাঁহৰ সাকো আছিল।

১৭৷ উন্নত জীৱনধাৰা প্ৰক্ৰিয়াত প্ৰযুক্তি বিদ্যাই কেনেদৰে ভূমিকা গ্রহণ কৰিছে লিখা। 

উত্তৰঃ উন্নত জীৱনধাৰা প্ৰক্ৰিয়াত প্ৰযুক্তিবিদ্যাই অভূতপূর্ব ভূমিকা গ্রহণ কৰিছে। উদাহৰণ হিচাপে কৃষি ক্ষেত্ৰত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ,কীটনাশক দৰৱ, বাসায়নিক সাৰ, পানীযোগানৰ আঁচনি, উন্নত বীজৰ ব্যৱহাৰ হৈছে। ফলত কৃষকসকল অধিক লাভবান হৈছে। তেওঁলোকৰ জীৱন প্ৰণালী উন্নত হৈছে। যোগাযোগ ব্যৱস্থাত ৰেডিঅ’ টেলিভিছন, টেলিফ’ন, কম্পিউটাৰ, ইন্টারনেট, ফেক্স আদিৰ ব্যৱহাৰৰ ফলত গোটেই পৃথিৱীক সৰু কৰি পেলাইছে। উন্নত যোগাযাগ ব্যৱস্থাই আমাৰ আজৰি সময় বৃদ্ধি কৰিছে। চিকৎসা ব্যৱস্থাত প্ৰয়োগ হোৱা প্ৰযুক্তি বিদ্যাই দুৰাৰোগ্য ব্যাধি চিনাক্তকৰণ কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰি জীয়াই থকা সুবিধা দিছে। প্রযুক্তিৰ জ্ঞানে প্রকৃতিৰ বিভিন্ন উপাদানসমূহক মানুহৰ প্ৰয়োজনত লগাইছে।

গতিকে মানৱ সভ্যতাৰ বিকাশত বিজ্ঞান প্ৰযুক্তিৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে। 

১৮৷ বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্য বেলেগ বেলেগ হোৱাৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা ?

উত্তৰঃ বিভিন্ন ঠাইৰ মানুহৰ খাদ্যৰ অভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ হ’ল― 

(ক) পাৰিপাৰ্শ্বিক অৱস্থা।

(খ) মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ।

(গ) ধর্ম বিশ্বাস, ঐতিহ্য, সংস্কাৰ আদি।

(ক) পাৰিপাৰ্শ্বিক অৱস্থা :- সাধাৰণতে যিখন ঠাইত বিবিধ খাদ্য শস্য আটাইতকৈ বেছি উৎপাদন হয় সেইবিধ খাদ্য শস্যই সেই অঞ্চলৰ মানুহৰ প্ৰধান আহাৰ হয়। উদাহৰণ স্বৰূপে অসমত ধানখেতি অধিক হয় বাবে ইয়াৰ মানুহৰ প্ৰধান আহাৰ হ’ল ভাত। আনহাতে বিহাৰত প্ৰচুৰ পৰিমাণে ঘেঁহু হয় বাবে তাৰ মানুহৰ প্রধান খাদ্য হ’ল ৰুটি। পৃথিৱীৰ উত্তৰ মেৰু অঞ্চল বছৰৰ প্ৰায় সকলো সময়তে বৰফেৰে ঢাক খাই থাকে। ইয়াৰ এটা মানৱ জাতি হ’ল এক্সিম’। এওঁলোকে স্বীকাৰ কৰি জীৱন নিৰ্বাহ কৰে। অতিপাত ঠাণ্ডা বাবে সেই অঞ্চলত কোনো খেতি-বাতি নহয়। কেৱল তাত বৰফত বাস কৰা নোমাল জন্তু এবিধ পোৱা যায়। এক্সিম সকলে এইবোৰ স্বীকাৰ কৰি ইয়াৰ মাংস খায়। তদুপৰি সাগৰত ছিল, তিমি মাছ আদি ধৰি খায়।

আমাৰ ভাৰতবৰ্ষৰ আন্দামান নিকোৱৰ দ্বীপপুঞ্জত নাৰিকল অধিক পৰিমাণে হয় বাবে ইয়াৰ মানুহৰ মুখ্য খাদ্য হ’ল নাৰিকল। 

সেইদৰে আৰবৰ মৰুভূমি অঞ্চলত থকা বেদুইন নামৰ অঘৰী জাতিটোৰ প্ৰধান খাদ্য হ’ল উটৰ মঙহ আৰু গাখীৰ। গতিকে পাৰিপাৰ্শ্বিক পৰিৱেশৰ বাবে মানুহৰ খাদ্যও বেলেগ বেলেগ হয়।

(খ) মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ :- মানুহৰ খাদ্যৰ ভিন্নতাৰ আন এটা প্ৰধান কাৰণ হ’ল অভিজ্ঞতা আৰু ৰুচিবোধ। সকলোবোৰ খাদ্য শস্যই মানুহক সমানে সোৱাদ বা তৃপ্তি দিব নোৱাৰে আৰু উপকৃত কৰিব নোৱাৰে। গতিকে অভিজ্ঞতা আৰু ৰুচিবোধৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানুহে খাদ্য খায়।

(গ) ধর্ম বিশ্বাস, এতিহ্য, সংস্কাৰ :- ধর্মীয় বিশ্বাস, সংস্কাৰ বা ঐতিহায়ো মানুহৰ আহাৰৰ ভিন্নতাৰ এটা কাৰণ। ধৰ্মই মানুহৰ খাদ্যৰ ওপৰত বাধা আৰোপ কৰা দেখা যায়।

১৷ বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হয় কিয় ? 

উত্তৰঃ সাধাৰণতে বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হয়। ইয়াৰ প্ৰধান কাৰণ দুটা। এটা হ’ল পাৰিপাৰ্শ্বিক অৱস্থা আৰু আনটো হ’ল মানুহৰ পাৰদৰ্শিতা বা অজ্ঞতা। উদাহৰণ হিচাপে মেৰু অঞ্চলত বাস কৰা এক্সিম সকলৰ কথাকে ল’ব পাৰি। মেরু অঞ্চলত ঠাণ্ডাৰ বাবে কোনো গছ-গছনি নাই। গতিকে তাত কপাহী কাপোৰ ব্যৱহাৰ কৰাৰ আশা কৰিব নোৱাৰি। তেওঁলোকৰ বস্তুৰ প্ৰধান উৎস হ’ল জন্তুৰ নোমাল ছাল। জন্তুৰ ছালকে তেওঁলোকে বস্তু হিচাপে ব্যৱহাৰ কৰে। জন্তুৰ ছালৰ পৰাই বেলেগে বেলেগ সাজ-পাৰ তৈয়াৰ কৰি লয়।

দ্বিতীয় কাৰণ হ’ল পাৰদৰ্শিতাৰ অভাৱ বা অজ্ঞতা। সকলো মানুহে কেচামাল থাকিলেও সকলো ধৰণৰ কাপোৰ তৈয়াৰ কৰি ল’ব নোৱাৰে। উদাহৰণ হিচাপে অসমত এড়ি মুগা আৰু পাট সূতাৰ কাপোৰ তৈয়াৰ কৰা হয়। ইয়াৰ প্ৰধান কাৰণ হ’ল অসমৰ মানুহৰ উল্লেখিত কাপোৰ প্ৰস্তুতিৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতা। 

ইয়াৰ উপৰি বৃত্তিভেদেও মানুহৰ সাজপাৰ বেলেগ বেলেগ হয়। কাৰণ সাজপাৰৰ পৰা আমি সৈনিক, পুলিচ, চিকিৎসক, অধিবক্তা আদি বৃত্তিৰ মানুহক সহজে চিনি পাও।

২৷ মৌলিক প্রয়োজন হিচাপে ঘৰ বা বাসস্থানৰ গুৰুত্ব বুজাই লিখা। 

উত্তৰঃ মৌলিক প্রয়োজন হিচাপে ঘৰ বা বাসস্থানৰ গুৰুত্ব অতি বেছি। ঘৰ হ’ল সকলো বিপদ আপদৰ পৰা মুক্ত নিৰাপদ আশ্ৰয় আৰু বিশ্ৰামৰ ঠাই। ঘৰ অবিহনে মানুহৰ জীৱন কেতিয়াও নিৰাপদ নহয়। সেয়েহে ঘৰ বা বাসস্থানক মৌলিক প্রয়োজন হিচাপে অন্তৰ্ভুক্ত কৰিছে।

আদিম অৱস্থাত মানুহে ঘৰ সাজিব নোৱাৰিছিল। সেয়েহে গছৰ খোৰাং পর্বত পাহাৰৰ গুহাত আৰু ডাঙৰ গছৰ তলত আশ্রয় লৈছিল। 

কিন্তু মানৱ সভ্যতাৰ ধাৰাবাহিক উন্নতিৰ লগে লগে মানুহে নানা ধৰণৰ ধুনীয়া ঘৰ সাজি নিৰাপদ আশ্রয়স্থল আৰু বিশ্ৰামৰ ঠাই কৰি লৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top