Assam Jatiya Bidyalay Class 6 Social Science Chapter 14 ভূগোল অধ্যয়নৰ আহিলা আৰু সঁজুলি

Assam Jatiya Bidyalay Class 6 Social Science Chapter 14 ভূগোল অধ্যয়নৰ আহিলা আৰু সঁজুলি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 ভূগোল অধ্যয়নৰ আহিলা আৰু সঁজুলি Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

ভূগোল অধ্যয়নৰ আহিলা আৰু সঁজুলি

Chapter – 14

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ ভূগোল অধ্যয়নৰ বাবে প্ৰয়োজন হোৱা চাৰিবিধ আহিলাৰ নাম লিখা। 

উত্তৰঃ গোলক, স্কেল বা মাপনী, মানচিত্র, ছবি আৰু আৰ্হি বা ম’ডেল।

২৷ ভূচিত্রাবলী বুলিলে কি বুজা ?

উত্তৰঃ কেবাখনো মানচিত্র একেলগে চিলাই বা পিন মাৰি ল’লে তাক ভূচিত্ৰাৱলী বুলি কয়। ‘ভূচিত্ৰাৱালী হ’ল মানচিত্ৰ থকা কিতাপ।

৩৷ মানচিত্র কাক বোলে ?

উত্তৰঃ মানচিত্ৰ হ’ল নির্দিষ্ট জোখ-মাথ থকা ছবি। মান মানে হ’ল জোখ-মাখ আৰু চিত্র মানে হ’ল ছবি।

খালী ঠাই পূৰ কৰা :

(ক) পৃথিৱীৰ উপৰিভাগত ____খন মহাদেশ আৰু ___ খন মহাসাগৰ আছে। 

(খ) মানচিত্ৰত ____প্ৰকাৰৰ মাপনী ব্যৱহাৰ কৰা হয়।

(গ) মানচিত্রক ____বুলিও কয়।

উত্তৰঃ (ক) পৃথিৱীৰ উপৰিভাগত সাত খন মহাদেশ আৰু পাঁচ খন মহাসাগৰ আছে।

(খ) মানচিত্ৰত নির্দিষ্ট প্ৰকাৰৰ মাপনী ব্যৱহাৰ কৰা হয়। 

(গ) মানচিত্ৰক মেপ বুলিও কয়।

১৷ স্কেল বা মাপনীৰ সহায়ত কেনেকৈ বিদ্যালয়ৰ ছবি এখন আঁকিবা ? 

উত্তৰঃ স্কেল বা মাপনীৰ সহায়ত বিদ্যালয়ৰ ছবি আঁকিব পাৰি। ধৰাহ’ল বিদ্যালয়খন দীঘলে ১০০ মিটাৰ আৰু বহলে ৯০ মিটাৰ ঠাই আগুৰি আছে। বহীখনত ১০০ মিটাৰ বা ৯০ মিটাৰ আঁকিব অসুবিধা হ’ব। গতিকে ১০০ মিটাৰক ১০ ছেঃমিঃ আৰু ৯০ মিটাৰক ৯ ছেঃমিঃ বুলি ধৰি লৈ বহীখনত বিদ্যালয়ৰ ছবি এখন আঁকিব পৰা যাব। প্রয়োজন অনুসৰি ধৰি লোৱা মানটো ডাঙৰ বা সৰু কৰিব পাৰি। এনেকৈয়ে সকলো ডাঙৰ বস্তুৰ ছবি মাপনীৰ সহায়ত সৰুকৈ আঁকিব পাৰি। 

২৷ মানচিত্ৰৰ পৰা আমি কি কি জানিব পাৰো ?

উত্তৰঃ মানচিত্ৰৰ পৰা আমি দুখন ঠাইৰ দূৰত্ব পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ব যেনে— পর্বত, পাহাৰ, মৰুভূমি, নদ-নদী আদিৰ উপৰিও মহাদেশ, দেশ, ৰাজ্য, জিলা, মহকুমা আদিৰ বিষয়ে জানিব পাৰো। ইয়াৰ উপৰিও মহাসাগৰ, | সাগৰ, নদ-নদী আদি মানচিত্ৰত স্পষ্টভাৱে দেখুওৱা থাকে। মানচিত্ৰত বেলেগ বেলেগ বস্তুবোৰ বেলেগ বেলেগ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি অঁকা থাকে। সেয়েহে আমি বস্তুবোৰ ভালকৈ বুজি পাওঁ।

৩৷ আৰ্হি বা মডেলৰ সহায়ত কেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাটো দেখুৱাব পাৰি বুজাই লিখা।

উত্তৰঃ আৰ্হি বা মডেলৰ সহায়ত ব্ৰহ্মপুত্ৰ উপত্যকাটো দেখুৱাবলৈ হ’লে প্ৰথমে ডাঙৰ ব’ৰ্ড এখনৰ ওপৰত অসমৰ মেপ এখন আঁকি ল’ব লাগিব। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাটো চিহ্নত কৰিব লাগিব। এতিয়া মাটি বা থার্ম’কল আদিৰ যিকোনো এবিধেৰে ব্ৰহ্মপুত্ৰ উপত্যকাটো পৰিষ্কাৰকৈ বনাব লাগিব। ইয়াৰ পিছত বিভিন্ন চিহ্নৰে ৰেলপথ, ৰাষ্ট্ৰীয় পথ, পর্বত, নদী, বিল আদি দেখুৱাব লাগিব। বেলেগ বেলেগ চিহ্নবোৰত বেলেগ বেলেগ ৰঙ ব্যৱহাৰ কৰিলে সকলো ঠাই বা বস্তু স্পষ্ট হৈ ওলাই পৰিব।

Read Also: Assam Jatiya Bidyalay Class 6 Social Science Chapter 18 আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top