Assam Jatiya Bidyalay Class 6 Social Science Chapter 18 আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

Assam Jatiya Bidyalay Class 6 Social Science Chapter 18 আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 18 আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 18 আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 18 আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

Chapter – 18

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ বতৰ মানে কি ?

উত্তৰঃ কোনো এটা অঞ্চলত এক নিৰ্দিষ্ট সময়ত তাপ, চাপ, বৰষুণ, সূৰ্যৰ পোহৰ, বতাহ আদিয়ে যি এক পৰিৱেশৰ সৃষ্টি কৰে তাকেই সেই অঞ্চলৰ বতৰ বুলি কয়।

২৷ জলবায়ু কাক বোলে ?

উত্তৰঃ জলবায়ু হ’ল কোনো এখন নির্দিষ্ট ঠাইত এটা দীর্ঘ ম্যাদী সময়ত তাপ, চাপ, বৰষুণ সূৰ্যৰ পোহৰ বতাহ আদিয়ে যি পৰিবেশৰ সৃষ্টি কৰে, তাকেই সেই ঠাইৰ জলঝয়ু বোলে।

৩৷ অসমত ঋতু কেইটা আৰু কি কি ?

উত্তৰঃ অসমৰ ঋতু ছয়টা। সেইকেইটা হ’ল— গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

৪৷ অসমৰ কিমান লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল ?

উত্তৰঃ ৭০ ভাগ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। 

৫৷ ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসম কৃষিৰ ক্ষেত্ৰত পিছপৰা কিয় ? কাৰণ দৰ্শাই লিখা।

উত্তৰঃ ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমখন কৃষিৰ ক্ষেত্ৰত পিছপৰা। অসমত কৃষিত অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰা নহয়। অকল বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৃষকসকলে বহি থাকে। উন্নত বীজৰ অভাৱ। মাটিত প্রয়োজনীয় ৰাসায়নিক সাৰ আদি ব্যৱহাৰ কৰা নহয়। মূলধন আৰু মূলধন বিনিয়োগৰ অভাৱ। আঁসোবাহপূর্ণ ভূমি ব্যৱস্থা। ইয়াৰ উপৰি কৃষিত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা নহয়। অসমৰ কৃষকে এতিয়াও কৃষিটো উদ্যোগ হিচাপে লোৱা নাই। এইবিলাক কাৰণতে অসমখন কৃষিৰ ক্ষেত্ৰত অইন ৰাজ্যৰ তুলনাত পিছপৰা।

৬৷ অসমৰ কৃষি উৎপাদন বঢ়াবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰো। 

উত্তৰঃ অসমৰ কৃষি উৎপাদন বঢ়াবলৈ হ’লে কিছুমান ব্যৱস্থা হাতত ল’ব লাগিব। 

(ক) কৃষিত অত্যাধুনিক যন্ত্রপাতি আৰু উন্নত বীজ ব্যৱহাৰ কৰিব লাগিব।

(খ) উন্নত বীজৰ ব্যৱহাৰ।

(গ) জলসিঞ্চন ব্যৱস্থাৰ সু-প্ৰয়োগ কৰিব লাগিব।

(ঘ) কৃষিটো অসমৰ কৃষকে উদ্যোগ হিচাপে গ্ৰহণ কৰিব লাগিব। ইত্যাদি। 

৭৷ অসমৰ গাওঁ অঞ্চলৰ প্ৰায়ভাগ মানুহে কৃষিক কিয় প্রধান বৃত্তি হিচাপে লয় ?

উত্তৰঃ অসম এখন কৃষি প্রধান ৰাজ্য। ইয়াৰ শতকৰা ৭০ ভাগ মানুহে কৃষি কৰ্মৰ লগত জড়িত। কাৰণ অসমত পর্যাপ্ত পৰিমাণে উদ্যোগ গঢ়ি উঠা নাই। তদুপৰি অসমৰ মানুহৰ ঔদ্যোগিক মনোভাব গঢ়ি উঠা নাই। বহুলোক পৰম্পৰাগত ভাবে কৃষিৰ লগত জড়িত হৈ আছে। আনহাতে অসমত অন্য বৃত্তিৰ সুবিধা সীমিত বাবে ইয়াৰ মানুহে কৃষিকে মুখ্য বৃপ্তি হিচাপে গ্ৰহণ কৰিছে। 

৮৷ শিক্ষাগুৰুৰ সহায় লৈ জলবায়ুৰ লগত সম্পৰ্ক ৰাখি অসমত কি কি শস্য উৎপাদন কৰা হয়, তাৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ অসমৰ জলবায়ুত সাধাৰণতে তলত উল্লেখ কৰা শস্য উৎপাদন হয়।

(ক) আহুধান।

(খ) শালি ধান।

(গ) বড়ো ধান।

(ঘ) গোমধান।

(৫) মাকৈ।

(চ) সৰিয়হ।

(ছ) তিচি।

(জ) ধনীয়া।

(ঝ) ফলমূল।

(ঞ) বিভিন্ন ধৰণৰ শাকপাচলি। 

৯৷ বতৰ আৰু জলবায়ুৰ দুটা পার্থক্য লিখা।

উত্তৰঃ বছৰ আৰু জলবায়ুৰ দুটা পার্থক্য হ’ল―

(ক) বৰ পৰিৱৰ্তনশীল বা সলনি হৈ থাকে। কিন্তু জলবায়ুৰ পৰিবৰ্তন সীমিত। 

(খ) বতৰৰ হিচাপ নিৰ্ভৰ কৰে এটা চুটি সময়ৰ তাপ, চাপ, বৰষুণ, সূৰ্যৰ পোহৰ বতাহ আদিৰ ওপৰত। জলবায়ুৰ হিচাপ এটা দীৰ্ঘম্যাদী সময়ক লৈ কৰা হয়। এই সময়ত ৩০ বা ৩৫ বছৰো হ’ব পাৰে। яндекс

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top