Assam Jatiya Bidyalay Class 6 Science Chapter 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য

Assam Jatiya Bidyalay Class 6 Science Chapter 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য

Chapter – 8

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰৰ নাম লিখাঁ আৰু সেইবোৰৰ কাম উল্লেখ কৰা।

উত্তৰঃ মানুহৰ নাক, হাঁওফাঁও (lungs) আৰু আন কেইটামান অংগ উশাহ নিশাহ কাৰ্যৰ সৈতে জড়িত। এই অংগকেইটাই আমাৰ শ্বাসতন্ত্র (respiratory system) গঠন কৰিছে।

মানুহৰ মুখ, পাকস্থলী, যকৃৎ, অন্ত্র আদি অংগবোৰে আমি খোৱা খাদ্যবস্তু হজম কৰে। এইবোৰ লগ হৈ পাচনতন্ত্ৰটো গঠন কৰিছে।

মানুহৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবোৰ ছেকি উলিয়াই দিবৰ বাবে দুটা বৃক্ক (kidney) ক লৈ ৰেচনতন্ত্ৰ (excretory system) গঠিত হৈছে। মানুহৰ দেহত থকা সকলোবোৰ হাড়ৰ সমষ্টিয়ে হ’ল কংকালতন্ত্র (skeletal system)। ই দেহৰ গঠনত সঠিক ৰূপ দিয়ে।

২। প্রাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ হ’ল— খাদ্য বিচাৰি যোৱা, বিপদমুক্ত হ’বলৈ পলায়ন কৰা অথবা শত্ৰুৰ পৰা নিজক ৰক্ষা কৰা আৰু বসবাসৰ কাৰণে নিৰাপদ আৰু উপযুক্ত স্থান বিচাৰি উলিওৱা।

৩। তলত দিয়া প্রাণীবোৰৰ বাসস্থান আৰু গমনাংগবোৰৰ নাম লিখি এখন তালিকা প্রস্তুত কৰাঁ।

শামুক, কেঁচু, পইতাচোৰা, মকৰা, পখিলা, মাছ, বেং, জেঠি, উট চৰাই, বাদুলি, নেউল।

উত্তৰঃ                     

৪। মানুহৰ কংকালতন্ত্ৰৰ প্ৰধান ভাগ দুটা কি কি ? ইয়াৰ অন্তৰ্গত হাড়বোৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ মানুহৰ কংকালতন্ত্ৰৰ প্ৰধান ভাগ দুটা হ’ল—

(ক) লাওখোলা, মেৰুদণ্ড আৰু কামিহাড়ক লৈ গঠিত অক্ষীয় কংকাল (axial skeleton),

(খ) হাত ভৰি আৰু আঙুলিৰ হাড়ক লৈ গঠিত উপাংগীয় কংকাল (appendicular skeleton

লাওখোলাটো মুঠ 22 টুকুৰা হাড়েৰে গঠিত। ইয়াৰে ৪ (আঠ) টুকুৰা চেপেটা হাড়ে মগজুটোক সুৰক্ষিত কৰি ধৰি ৰাখে। বাকীবোৰ হাড় দাঁতবোৰ লাগি থকা হনু, খুঁতৰি আদি মুখমণ্ডলৰ বিভিন্ন অংশক ধৰি ৰাখিছে। ডিঙিৰ পৰা কঁকাললৈকে এডাল দীঘল হাড় আছে। ইয়াক ৰাজহাড় বা মেৰুদণ্ড (back bone) বোলে। ইয়াত আকৌ মুঠ 31 টুকুৰা সৰু-সৰু হাড় মালাৰ দৰে জোৰা লাগি থাকে।

৫। সন্ধি বা গাঁঠি কি ? এইবোৰে মানুহৰ চলনত কিদৰে সহায় কৰে লিখাঁ। 

উত্তৰঃ একেলগ হৈ থকা দুডাল হাড়ৰ মাজৰ সংযোগক সন্ধি বা গাঁঠি বোলে। মানুহৰ চলনত দেহৰ অংগবোৰ ভাঁজ কৰিব লগা হয়। এই ভাঁজ কৰা কামটো সন্ধি বা গাঁঠিৰ বাবেহে সম্ভৱ হয়। 

৬। চমুকৈ উত্তৰ দিয়া।

(a) চলন আৰু গমনৰ মাজৰ মূল প্রভেদ কি ?

উত্তৰঃ চলন আৰু গমনৰ মাজৰ মূল প্রভেদ হ’ল চলনত অংগৰ লৰচৰ হয়, কিন্তু স্থানৰ পৰিৱৰ্তন নহ’ব পাৰে। আনহাতে গমনত অংগৰ লৰচৰ হোৱাৰ লগতে স্থানৰো পৰিৱৰ্তন হয়।

(b) কোনবোৰ প্ৰাণীয়ে চিলিয়া আৰু ফ্ৰেজেলাৰ সহায়ত গমন কৰে ? 

উত্তৰঃ অণুজীৱবোৰে (microorganism) বোৰে চিলিয়া আৰু ফ্ৰেজেলাৰ সহায়ত গমন কৰে।

(c) তিমিৰ গমনাংগ কি ?

উত্তৰঃ তিমিৰ গমনাংক ফান আৰু ফিছা।

(d) আমাৰ দেহত থকা পেশী তিনিবিধ কি কি ? 

উত্তৰঃ আমাৰ দেহত থকা পেশী তিনিবিধ হ’ল-

(ক) ইচ্ছানুযায়ী লৰচৰ কৰিব পৰা আৰু হাড়ৰ লগত লাগি থকা পেশী। 

(খ) ইচ্ছানুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হাড়ৰ লগত লাগি নথকা কোমল পেশী।

(গ) ইচ্ছানুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হৃদপিণ্ডটো গঠন কৰা পেশী। 

(e) আটাইতকৈ ক্ষুদ্ৰ আৰু আটাইতকৈ দীঘল হাড় দুডালৰ নাম লিখা।

উত্তৰঃ আমাৰ কাণৰ ভিতৰত থকা ষ্টেপিছ (stapes) হাড়ডাল হ’ল আটাইতকৈ ক্ষুদ্ৰ হাড়; আৰু কঁকালৰ পৰা আঠুলৈকে থকা উর্বাস্থি (femur) মৰ হাড়ডাল আটাইতকৈ দীঘল হাড়।

(f) জঁকাটোত হাড়ৰ বাহিৰে আৰু কি কি অংশ থাকে ?

উত্তৰঃ জঁকাটোত হাড়ৰ বাহিৰে আৰু লাওখোলা, মেৰুদণ্ড আৰু উৰ্বাস্থি থাকে।

৭। খালী ঠাই পূৰ কৰাঁ।

(a) একাধিক অংগ লগ হৈ একোটা ____ গঠন কৰে।

উত্তৰঃ একাধিক অংগ লগ হৈ একোটা তন্ত্র গঠন কৰে। 

(b) এক্সৰে-ফলিত দেখা পোৱা বগা ৰঙৰ চাপবোৰেই ____ ৰ ফটো।

উত্তৰঃ এক্সৰে-ফলিত দেখা পোৱা বগা ৰঙৰ চাপবোৰেই হাড়ৰ ফটো।

(c) মানুহৰ দেহত ____ টুকুৰা হাড় থাকে।

উত্তৰঃ মানুহৰ দেহত 206 টুকুৰা হাড় থাকে।

(d) কামিহাড়-বাকচটো ____ টুকুৰা হাড়েৰে গঠিত।

উত্তৰঃ কামিহাড়-বাকচটো 24 টুকুৰা হাড়েৰে গঠিত।

৮। তলৰ কোনটো প্ৰাণীৰ ছয়খন ঠেং থাকে ? 

(a) শামুক ।

(b) ভেকুলী ।

(c) পঁইতাচোৰা ।

(d) মকৰা।

উত্তৰঃ (c) পঁইতাচোৰা ।

৯। জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ ?

(a) উদ্ভিদৰ চলন আছে কিন্তু গমন নাই। 

(b) চলন ক্ৰিয়াত ৰেচন তন্ত্ৰই সহায় কৰে।

(c) প্ৰাণীৰ চলনত হাড় আৰু পেশীতন্ত্রই ব্যৱহাৰ হয়। 

(d) হাড়ৰ সন্ধিবোৰৰ বাবে অংগবোৰ ভাঁজ লগাব পাৰি।

উত্তৰঃ (b) চলন ক্ৰিয়াত ৰেচন তন্ত্ৰই সহায় কৰে। 

১০। মানুহৰ দেহত থকা আটাইতকৈ ক্ষুদ্র হাড়টুকুৰা থাকে— 

(a) আঙুলিত ।

(b) নাকত (।

c) কাণত ।

(d) ভৰিত ।

উত্তৰঃ (c) কাণত ।

১১। অমিল শব্দযোৰ বাছি উলিওৱাঁ।

(a) পৰুৱা ― ঠেং ।

(b) শামুক  ― পেশী ।

(c) মাছ  ― বাকলি ।

(d) বাদুলি ― ডেউকা ।

উত্তৰঃ (c) মাছ ― বাকলি

১২। মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ সংখ্যা হল—

(a) 30

(b) 31

(c) 32

(d) 33

উত্তৰঃ (b) 31

অতিৰিক্ত প্রশ্নোওৰ

১। তন্ত্র কাক বোলে ?

উত্তৰঃ একেটা কাৰ্যৰ সৈতে একাধিক অংগ জড়িত হৈ থাকে। কাৰ্যটোৰ সৈতে জড়িত অংগকেইটাক একেলগে একেটা তন্ত্র (system) বোলে।

২। আমাৰ দেহত থকা তন্ত্রকেইটাৰ নাম লিখা। প্রত্যেকৰে প্রক্রিয়া লিখা।

উত্তৰঃ আমাৰ দেহত থকা তন্ত্রকেইটা হ’ল ―

(ক) শ্বাসতন্ত্র (respiratory system),

(খ) পাচনতন্ত্র, 

(গ) ৰেচনতন্ত্র (excretory system) আৰু 

(ঘ) কংকালতন্ত্র ( skeletal system )

গঠন প্রক্রিয়া : (ক) শ্বাসতন্ত্র : নাক, হাঁওফাঁও আৰু আন কেইটামান অংগ লগ হৈ শ্বাসতন্ত্র গঠিত হৈছে। ইয়াক উশাহ-নিশাহ লোৱা কাৰ্যত ব্যৱহাৰ কৰা হয়। 

(খ) পাচনতন্ত্র : মুখ, পাকস্থলী, যকৃৎ, তন্ত্ৰ আদিৰে পাচনতন্ত্র গঠিত হৈছে। ইয়াক খাদ্য হজম কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়।

(গ) ৰেচনতন্ত্ৰ : দুটা বৃক্ক (kidney) ৰে ৰেচনতন্ত্র গঠিত। দেহত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবোৰ ছেকি উলিয়াই পঠিওৱাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। 

(ঘ) কংকালতন্ত্র : আমাৰ দেহত থকা সকলোবোৰ হাড়ৰ সমষ্টিয়েই হ’ল কংকালতন্ত্র। এই কংকালতন্ত্ৰৰ বাবে আমাৰ দেহটো থিয় হৈ থাকিব পাৰে আৰু সকলো কাম কৰিব পাৰো। 

৩। প্ৰাণীৰ চলন আৰু গমন কেনেকৈ হয় ?

উত্তৰঃ প্ৰাণীৰ দেহত অনবৰতে কিছুমান কাম চলি থাকে। যেনে– শ্বসন কাৰ্য। ইয়াক চলন বোলে।

প্ৰাণীয়ে যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ যাব, তেতিয়া তাক গমন হোৱা বুলি কোৱা হয়।

৪। উদ্ভিদৰ চলন আৰু গমন আছেনে ?

উত্তৰঃ উদ্ভিদে নিজে খাদ্য প্রস্তুত কৰে। মাটিৰ পৰা পানী কঢ়িয়াই লয়। এইবোৰ কাৰ্য কৰে। ইয়াকে উদ্ভিদৰ চলন হোৱা বুলি কোৱা হয়। 

কিন্তু উদ্ভিদৰ গমন নহয়। কাৰণ উদ্ভিদে কেতিয়াও লৰচৰ কৰিব নোৱাৰে।

৫। গমনাংক কি ?

উত্তৰঃ প্ৰাণীয়ে চলাচলৰ বাবে ব্যৱহাৰ কৰা অংগবোৰক গমনাংক (locomatory organ) বোলে।

৬। অণুজীৱবোৰে কিহেৰে গমন কৰে ?

উত্তৰঃ অণুজীৱবোৰে চুলিৰ দৰে অংশ যেনে চিলিয়া বা কেশৰ (cilia) অথবা ফ্রেজেলা (flagella) ৰ সহায়ত গমন কৰে।

৭। অমেৰুদণ্ডী প্রাণী তিনিবিধৰ নাম লিখা।

উত্তৰঃ মকৰা, মৌমাখি, শামুক, জোক, কুমজেলেকুৱা আদি অমেৰুদণ্ডী প্ৰাণী। ইহঁতৰ কংকালতন্ত্র নাথাকে। 

৮। মানুহৰ হাড়বোৰ কিহেৰে গঠিত ? 

উত্তৰঃ মানুহৰ হাড়বোৰ কেলছিয়াম ফছফেটযুক্ত এবিধ কঠিন কলাৰে (tissue) গঠিত।

৯। ৰঞ্জন ৰশ্মি কি ?

উত্তৰঃ ৰঞ্জন ৰশ্মি বা এক্সৰে (X-ray) ৰ সহায়ত মানুহৰ শৰীৰৰ ভিতৰৰ ফটো ল’ব পাৰি।

১০। মানুহৰ শৰীৰত মুঠ কিমানডাল হাড় আছে ?

উত্তৰঃ মানুহৰ শৰীৰত মুঠ 206 ডাল হাড় আছে।

১১। উর্বাস্থি হাড় কি ?

উত্তৰঃ মানুহৰ কঁকালৰ পৰা আঁঠুলৈকে থকা দীঘল, হাড়ডালক উর্বাস্থি (femur) বোলে।

১২। মানুহৰ আটাইতকৈ দীঘল হাড়ডাল কি ? 

উত্তৰঃ মানুহৰ আটাইতকৈ দীঘল হাড়ডাল হ’ল উৰ্বাস্থি (femur)

১৩। মানুহৰ আটাইতকৈ সৰু হাড় কি ?

উত্তৰঃ মানুহৰ কাণৰ ভিতৰত থকা ষ্টেপিছ (stapes) নামৰ হাড়ডাল মানুহৰ আটাইতকৈ সৰু হাড়।

১৪। লাওখোলাত মুঠ কিমানডাল হাড় আছে ?

উত্তৰঃ লাওখোলাটো মুঠ 22 ডাল হাড়েৰে গঠিত।

১৫। মগজুটোক কিমানডাল হাড়ে সুৰক্ষিত কৰি ৰাখে ?

উত্তৰঃ মগজুটোক ৪ (আঠ) ডাল হাড়ে সুৰক্ষিত কৰি ৰাখে।

১৬। কশেৰুকা মালা কাক বোলে ? 

উত্তৰঃ ৰাজহাড় বা মেৰুদণ্ডত মুঠ 31 টুকুৰা সৰু-সৰু হাড় মালাৰ দৰে জোৰা লাগি থাকে। ইয়াক কশেৰুকা মালা (vertebral column) বোলে। 

১৭। কামিহাড় কি ?

উত্তৰঃ বুকুৰ ভিতৰত থকা অতিশয় সক্রিয় অংগ হৃদপিণ্ড (heart) আৰু হাঁওফাঁও(lungs) দুটাক বাহ্যিক আঘাতৰ পৰা সুৰক্ষা দি ৰখা 12 যোৰ চেপেটা আৰু দীঘল হাড় বাকচৰ আকাৰত সজ্জিত হৈ থাকে। এইবোৰক কামিহাড় (ribs) বোলে।

১৮। চলন ক্ৰিয়াত কোন তন্ত্রই সহায় কৰে ?

উত্তৰঃ চলন ক্ৰিয়াত সুস্থ আৰু সবল পেশীতন্ত্ৰ আৰু কংকালতন্ত্রই মানুহক সহায় কৰে।

১৯। সন্ধি বা গাঁঠিৰ কাম কি ? 

উত্তৰঃ সন্ধি বা গাঁঠিয়ে হাড়বোৰক ইফাল-সিফাল কৰাত সহায় কৰে।

1 thought on “Assam Jatiya Bidyalay Class 6 Science Chapter 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top