🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 6 Science Chapter 16 পোহৰ

Assam Jatiya Bidyalay Class 6 Science Chapter 16 পোহৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 পোহৰ Class 6 Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 6 Science Chapter 16 পোহৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 16 পোহৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰ

Chapter – 16

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

(i) তলৰ কোনবিধ দীপ্তিমান বস্তু ?

(a) কাঠ ।

(b) আয়না ।

(c) চন্দ্ৰ ।

(d) বাল্ব ।

উত্তৰঃ (c) চন্দ্ৰ ।

(ii) ৰামধেনুত থকা ৰঙৰ সংখ্যা

(a) 5 টা ।

(b) 3 টা ।

(c) 10 টা ।

(d) 7 টা ।

উত্তৰঃ (d) 7 টা ।

(iii) পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হ’ল ―

(a) চন্দ্ৰ ।

(b) বিজুলীবাতি ।

(c) সূর্য ।

(d) জুই ।

উত্তৰঃ (c) সূৰ্য ।

(iv) তলৰ কোনবিধ ঈষৎ স্বচ্ছ বস্তু ?

(a) কলম ।

(b) তেলসনা কাগজ ।

(c) দাপোণ ।

(d) কাচ ।

উত্তৰঃ (b) তেলসনা কাগজ ।

(v) ছাঁ সৃষ্টি কৰা বস্তুটোৰ উৎসৰ ওচৰ চপাই আনিলে, ছাঁৰ আকাৰ—

(a) সৰু হয় ।

(b) ডাঙৰ হয় ।

(c) একেই থাকে ।

(d) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (b) ডাঙৰ হয় ।

২। আমি বস্তু এটা কেনেদৰে দেখা পাওঁ ?

উত্তৰঃ আন্ধাৰত আমি বস্তু দেখা নাপাওঁ। গতিকে পোহৰত থকা বস্তু এটা যেতিয়া আমি চাওঁ, তেতিয়া বস্তুটোৰ পৰা পোহৰৰ ৰশ্মি আমাৰ চকুত পৰে, তেতিয়া আমি বস্তুটো দেখা পাওঁ।

৩। দীপ্তিমান বস্তু কাক বোলে ? এটা উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ বস্তুৱে পোহৰ দিয়ে বা যাৰ পোহৰ আছে, সেইবোৰ বস্তুক দীপ্তিমান বস্তু বোলে। যেনে—সূর্য, জ্বলি থকা বাল্ব ইত্যাদি।

৪। বগা পোহৰত কেইটা ৰং আছে ? ৰং কেইটা কি কি ?

উত্তৰঃ বগা পোহৰত সাতটা ৰং আছে। সেইবোৰ হ’ল— বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা । 

৫। স্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কাক বোলে? প্রতিবিধৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায়, সেইবোৰ বস্তুক স্বচ্ছ বস্তু বোলে। যেনে— স্বচ্ছ কাচ, ফট্‌ফটীয়া পানী। যিবোৰ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যায়, সেইবোৰ বস্তুক ঈষৎ স্বচ্ছ বস্তু বোলে। যেনে— কলা ৰঙৰ কাচ, তৈল সনা কাগজ।

৬। ছাঁ কি ? ছাঁ কেনেদৰে সৃষ্টি হয় ?

উত্তৰঃ অস্বচ্ছ বস্তুৰ ওপৰত পোহৰ পৰিলে বস্তুটোৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। তেতিয়া বস্তুটোৰ পিছফালে বস্তুটোৰ নিচিনা আকৃতিৰ ক’লা আন্ধাৰ দেখা যায়। এইটোৱে ছাঁ। অস্বচ্ছ বস্তুৰ ক্ষেত্ৰত সম্পূৰ্ণ ক’লা ছাঁ পৰে। কিন্তু ঈষৎ স্বচ্ছ বস্তুৰ ক্ষেত্ৰত আংশিক ছাঁ পৰা দেখা যায়।

৭। ছাঁ গঠন হ’বলৈ প্ৰয়োজনীয় দুটা চৰ্ত উল্লেখ কৰাঁ।

উত্তৰঃ ছাঁ গঠন হ’বলৈ দুটা প্ৰয়োজনীয় চৰ্ত হ’ল—

(ক) বস্তুটোৰ এফালে পোহৰৰ উৎস থাকিব লাগিব।

(খ) বিপৰীতফালে ছাঁ গঠন হ’ব পৰা এখন পৃষ্ঠ থাকিব লাগিব।

৮। ছাঁৰ আকাৰ কেনেদৰে সৰু বা ডাঙৰ কৰিব পাৰি ? 

উত্তৰঃ পোহৰৰ উৎসটোৰ পৰা বস্তুটোৰ দূৰত্ব কমাই দিলে ছাঁ ডাঙৰ হ’ব আৰু উৎসটোৰ পৰা বস্তুটোৰ দূৰত্ব বঢ়াই দিলে ছাঁ সৰু হ’ব। 

৯। পিনহ’ল কেমেৰাত প্ৰতিবিম্ব কেনেদৰে গঠন হয় চিত্ৰ আঁকি বৰ্ণনা কৰা। 

উত্তৰঃ ইয়াৰ বাবে এটা অস্বচ্ছ বস্তুৰে (ডাঠ কাগজ) তৈয়াৰী বাকচ লাগিব। বাকচটোৰ এখন বেৰ কাটি আঁতৰোৱা হ’ল। তাৰ ঠাইত এখন ট্রেচিং কাগজ (বা তেল সনা কাগজ) লগাই দিয়া হ’ল। কাগজ লগোৱা ফালটোৰ বিপৰীত বেৰখনত এটা সৰু ফুটা কৰা হ’ল।

এতিয়া কোনো লক্ষ্যবস্তুৰ সন্মুখত বাকচটোৰ ফুটা থকা বেৰখন ৰখা হ’ল। কেমেৰাটো সুবিধাজনক ঠাইত ৰাখিলে ট্রেচিং কাগজখনত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা পোৱা যাব। কেমেৰাটোৰ ভিতৰফালে ক’লা ৰং দিলে বা ক’লা কাগজ লগাই দিলে প্রতিবিম্ব বেছি স্পষ্ট হ’ব। কিন্তু পিনহল কেমেৰাত প্ৰতিবিম্বটো সদায় লক্ষ্যবস্তুৰ ওলোটা হয়।

১০। দাপোণত কিহৰ বাবে প্ৰতিবিম্বৰ সৃষ্টি হয় ?

উত্তৰঃ দাপোণত পোহৰৰ প্ৰতিফলন হয়, সেইবাবে দাপোণত প্ৰতিৱিম্বৰ সৃষ্টি হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পোহৰৰ আটাইতকৈ ডাঙৰ উৎস কি ?

উত্তৰঃ সূর্য।

২। প্রতিবিম্ব কি ?

উত্তৰঃ দাপোণত লক্ষ্যবস্তুৰ ছবি দেখা পোৱা যায়, এয়াই প্রতিবিম্ব। 

৩। অস্বচ্ছ বস্তু কাক বোলে ?

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে পোহৰ একেবাৰে পাৰ হ’ব নোৱাৰে, সেইবোৰ বস্তুক অস্বচ্ছ বস্তু বোলে। যেনে— শিল, মাটি, কাগজ ইত্যাদি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Assam Jatiya Bidyalay Class 6 Science Chapter 16 পোহৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top