Assam Jatiya Bidyalay Class 6 Assamese Chapter 1 বিহু আদৰণি

Assam Jatiya Bidyalay Class 6 Assamese Chapter 1 বিহু আদৰণি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 বিহু আদৰণি Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 1 বিহু আদৰণি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 1 বিহু আদৰণি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বিহু আদৰণি

Chapter – 1

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। কবিতাটিৰ সাৰাংশ লিখা।

উত্তৰঃ অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ ভিতৰত অন্যতম ৰঙালী বিহুক আদৰাৰ প্রস্তুতিক অতি সাৱলীল ৰূপত ‘বিহু আদৰণি’ কবিতাটোত দাঙি ধৰা হৈছে। সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰাই ৰঙালী বিহু অনুষ্ঠিত হয় বাবে কবিয়ে চ’ত মাহটোকেই পেঁপা বজাই ৰঙালী বিহুটিক আদৰি আনিবলৈ আহ্বান জনাইছে। ইফালে পদূলিমুখতে ৰৈ বৈ আমনি পােৱা কবিয়ে নিজেও ৰঙালীক আদৰি আনিবলৈ বিভিন্ন প্রস্তুতি চলাইছে। তেওঁ বিভিন্ন ৰং লগাবৰ বাবে জেতুকা, থেৰেজু, বৰ্হমথুৰি যােগাৰ কৰিছে। মাখিয়তী পাত, তৰাৰ পঘা, হালধি, থেকে, বেঙেনা, বাঁহৰ চাত আদি গৰু বিহুৰ বাবে যােগাৰ কৰিছে। বিহু মাৰিবৰ বাবে ঢােল, পেপা, টকা আদিত বিভিন্ন সুৰ তুলিছে। হুচৰি গাবলৈ অহা সলক আদৰিবৰ বাবে চোতাল বাট আদি সাৰি-পুচি পৰিস্কাৰ, কৰি থৈছে। কবিৰ মাকে ভমকা ফুলেৰে শালত গামােছা কাটিছে। বায়েকে খােপাত পিন্ধিবৰ বাবে ৰঙচুৱা কপৌফুল আনি থৈছে। পিকাকে নাহৰৰ ডাল আনি থৈছে পাতত মন্ত্র লিখিবলৈ। খুড়ীয়েকে তিল, গুৰেৰে মজিয়াত পিঠা বনাইছে। আইতাকে গোঁসাই ঘৰৰ থাপনাৰ আগ মছি থৈছে। গতিকে ইমানবােৰ প্রস্তুতিৰ মাজত চ’তাইক কবিয়ে ৰঙালী বিহুটিক লৈ আনিবলৈ কাবৌ কৰিছে।

২। কবিয়ে চতাই বুলি কাক সম্বােধন কমিছে ?

উত্তৰঃ কবিয়ে চ’ত মাহক তাই বুলি সম্বােধন কৰিছে।

৩। কবিয়ে চতই কি কৰিবলৈ অনুৰোধ কৰিছে ?

উত্তৰঃ কবিয়ে চ’তাইক ৰঙালী বিহুটিক লৈ আহিবলৈ অনুৰােধ কৰিছে।

৪। কবিয়ে পদূলিমুখত কাৰ কাৰণে বাট চাই থকাৰ কথা কৈছে ?

উত্তৰঃ কবিয়ে পদূলিমুখত ৰঙালী বিহুটিৰ বাবে বাট চাই থকাৰ কথা কৈছে।

৫। (ক) বিহুক আদৰিবৰ বাবে কবিয়ে নিজে কি কি কৰিছে ?

উত্তৰঃ বিহুক আদৰিবৰ বাবে কবিয়ে জেতুকা, থেৰেজু, বৰ্হমথুৰি আদি আনিছে। মাখিয়তী, তৰাৰ পঘা আনি আওলাৰ ওপৰত থৈছে। গৰুক গা ধুৱাৰৰ বাবে হালধি, থেকে, বেঙেনা আদিৰে বাঁহৰ চাত সাজিছে। গেল, পেঁপা, টক। আদিত সুৰ তুলি আখৰা কৰিছে। এই সকলােবােৰৰ উপৰিও কবিয়ে ঘৰৰ চোতাল বাট আদি সাৰি পৰিস্কাৰকৈ থৈছে।

(খ) কবিৰ মাকে কি কি কৰিছে ?

উত্তৰঃ কবিৰ মাকে আঁচলত ভমকা ফুল তুলি শালত গামােছা কাটিছে।

(গ) কবিৰ বায়েকে কি কি কৰিছে ?

উত্তৰঃ কবিৰ বায়েকে বিহুত খােপাত পিন্ধিবলৈ ৰঙীন কপৌফুল আনি থৈছে।

(ঘ) কবিৰ দেউতাকে কি কি কৰিছে ?

উত্তৰঃ কবিৰ দেউতাকে বহল পাতৰ নাহৰ গছৰ ডাল কাটি আনিছে।

(ঙ) কবিৰ খুড়ীয়েকে কি কি কৰিছে ?

উত্তৰঃ কবিৰ খুড়ীয়েকে মজিয়াত তিল গুড় আদিৰে বিভিন্ন পিঠা-পনা বণাইছে।

(চ) কবিৰ আইতাকে কি কি কৰিছে ?

উত্তৰঃ কবিৰ আইতাকে থাপনাৰ আগ সেন্দুৰীকৈ মছি থৈছে।

৬। বিহুত ব্যৱহাৰ কৰা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখ।

উত্তৰঃ বিহুত ব্যৱহাৰ কৰা বাদ্য-যন্ত্ৰ কেইবিধমান হ’ল- ঢােল, টকা, পেঁপা, গগণা, সুতুলি, তাল ইত্যাদি ।

৭। কবিয়ে জেতুকা, থেৰেজু আৰু বৰ্হমথুৰি যােগাৰ কৰাৰ কাৰণ কি ?

উত্তৰঃ কবিরে জেতুকাৰে হাতত, নখত ৰং লগাবৰ বাবে ; থেৰে খাৰ বাবে আৰু বৰ্হমথুৰিৰে ওঁঠত ৰং লগাবৰ বাবে যােগাৰ কৰিছে।

৮। বিহুত মাখিয়তী পাত, তৰা, হালধি, বেঙেনা, থেকেৰা আদি কিয় লাগে বাৰু ?

উত্তৰঃ বিহুত অর্থাৎ ৰঙালী বিহুৰ প্রথম দিনা গৰু বিহু পালন কৰা হয়। এই গৰু বিহুৰ দিনা গৰুক মাখিয়তী পাতেৰে কোবাই কোবাই গা ধুওরা হয়। হালধি, বেঙেনা, থেকেৰা পানীলাউ আদিৰে বাঁহৰ চাত সাজি গলত বান্ধি দিয়া হয়। এনে কৰিলে বছৰটোলৈ গাই-গৰুৰ বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। সন্ধিয়া তৰাৰ ন-পঘাৰে গাই-গৰুক বন্ধ হয়।

৯। কোনটো বিহুক ৰঙালী বিহু বুলি কোৱা হয় ? সেই বিহুটোক ৰঙালী বােলাৰ কাৰণ কি ?

উত্তৰঃ চ’ত মাহৰ সংক্ৰান্তিৰ দিনাৰপৰা ব’হাগ মাহৰ ছয় তাৰিখলৈ পালন কৰা বিহুটিক ৰঙালী বিহু বুলি কোৱা হয় ।

সাধাৰণতে ৰহালী বিহুৰ সময়ছােৱা বসন্ত ঋতুৰ ভিতৰত পৰে। এই সময়ত চাৰিওফালৰ ধূলি-ধূসৰিত পৰিবেশ আঁতৰাই চিকুণ কৰে ন-বৰষুণজাকে। শীতত ঠেৰেঙা লাগি থকা প্ৰকৃতিয়ে ন-ৰূপ পায়। চাৰিওফালে ফুল-ফলে জাতিষ্কাৰ হৈ উঠে। মানুহকে আদি কৰি সকলাে জীৱ-জন্তুৰ মনবোৰ ৰয়াল হয় এনে এক ৰাঙলী পৰিবেশত উদ্যাপিত ব’হাগ বিহুটোতাে ৰং-ৰহইচে বেছি প্রাধান্য পায় বাবে এই বিহুটোক ৰঙালী বিহু বােলা হয়।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

১। শব্দ কাক বােলে ?

উত্তৰঃ অর্থপূর্ণ বর্ণ বা বর্ণসমষ্টিকে শব্দ ঝেলে।

২। বর্ণবিন্যাস কাক বােলে ? উদাহৰণ কি ?

উত্তৰঃ কোনাে এটা শব্দ ভাঙি তাত থকা স্বৰবৰ্ণ আৰু ব্যঞ্জন বর্ণবােৰ ভাগ ভাগ কৰি দেখুৱাকে বর্ণ বিন্যাস বােলে। যেনে- পৰিষ্কাৰ- প্ + অ + ৰ + ই + ষ + ক + আ + ৰ।

৩। বিন্যাস শব্দৰ অৰ্থ কি ?

উত্তৰঃ বিন্যাস শব্দৰ অৰ্থ হ’ল- শৃংখলাবদ্ধভাৱে সজোৱা কাৰ্য।

৪। আখৰ জোটনি মানে কি ?

উত্তৰঃ আখৰ জেটনি মানে আখৰবােৰ লগ লগােৱা কার্য।

৫। তলৰ শব্দবােৰৰ বৰ্ণবিন্যাস কৰি দেখুওৱা-

প্রকাশ, বিশ্বাস, আদর্শ, বিদ্যালয়, মহাশয়, কমণ্ডলু

উত্তৰঃ প্রকাশ- প্ + ৰ + অ + ক + আ + শ।

বিশ্বাস – ব + ই + শ + ব + আ + স।

আদর্শ – আ + দ + অ + ৰ + শ + অ।

বিদ্যালয় – ব + ই + দ + য + আ + ল + অ + য়।

মহাশয় – ম + অ + হ + আ + শ + অ + য়।

কমণ্ডলু – ক + অ + ম + অ + ণ + ড + অ + ল + উ।

( অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ )

১। কবিয়ে চ’তাইক কি বজাই ৰঙালীক লৈ আহিবলৈ কৈছে ?

উত্তৰঃ কবিয়ে চ’তাইক পেঁপাটি বজাই ৰঙালীক লৈ আহিবলৈ কৈছে।

২। কবিয়ে ৰঙালী বিহুটিৰ বাবে ক’ত বাট চাই আছে ?

উত্তৰঃ কবিয়ে ৰঙালী বিহুটিৰ বাবে পদূলিমুখত বাট চাই আছে।

৩। অসম সাহিত্য সভাৰ উদ্বোধনী গীত ‘চিৰ চেনেহী মােৰ ভাষা জননীৰ ৰচয়িতা কোন ?

উত্তৰঃ অসম সাহিত্য সভাৰ উদ্বোধনী গীত ‘চিৰ চেনেহী মােৰ ভাষা জননীৰ ৰচয়িতা মিত্ৰদেৱ মহন্ত।

৪। মিত্ৰদেৱ মহন্ত কোনখন সত্ৰৰ সত্ৰাধিকাৰ আছিল ?

উত্তৰঃ লেটুগ্রাম সত্ৰৰ সত্ৰাধিকাৰ আছিল।

৫। কবিয়ে চ’তাই বুলি কওঁতে আমি কোৱা কোনটো সম্বােধন ব্যৱহাৰ হৈছে বুলি তুমি ভাবা ?

উত্তৰঃ আমি ডাঙৰক কোৱা ককাই সম্বােধনটোৰ আৰ্হিত ‘চ’ত ককাই’ অর্থাৎ ‘চ’আই” বুলি কোৱা যেন লাগে।

৬। ৰঙালী বিহু কেইদিন পালন কৰা হয় ?

উত্তৰঃ ৰঙালী বিহু সাতদিনীয়াকৈ পালন কৰা হয় ।

৭। ৰঙালী বিহুৰ আন এটা নাম কি ?

উত্তৰঃ ৰঙালী বিহুক ব’হাগ বিহু বুলিও কোৱা হয়।

1 thought on “Assam Jatiya Bidyalay Class 6 Assamese Chapter 1 বিহু আদৰণি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top