🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 5 Social Science Chapter 3 ইতিহাস অধ্যয়ন

Assam Jatiya Bidyalay Class 5 Social Science Chapter 3 ইতিহাস অধ্যয়ন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 ইতিহাস অধ্যয়ন Class 5 Social Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Social Science Chapter 3 ইতিহাস অধ্যয়ন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 3 ইতিহাস অধ্যয়ন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ইতিহাস অধ্যয়ন

Chapter – 3

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটি বাক্যত উত্তৰ দিয়া।

(ক) বুৰঞ্জী শব্দৰ অৰ্থ কি আৰু ই কোন ভাষাৰ শব্দ লিখা।

উত্তৰঃ বুৰঞ্জী মানে নজনা কথাৰ ভঁৰাল। ঘটনাবোৰ চন, তাৰিখ অনুসৰি একাদিক্ৰমে যি পুথিত লিখি থোৱা হয়, সেইবোৰেই বুৰঞ্জী। বুৰঞ্জী টাই ভাষাৰ শব্দ।

(খ) কোনটো ৰজাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল ?

উত্তৰঃ প্রথমজনা আহোম স্বৰ্গদেউ চুকাফাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল।

(গ) ‘ইতিহাস’ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে ?

উত্তৰঃ ইতিহাস শব্দটো সংস্কৃত ভাষাৰ পৰা অনা হৈছে।

(ঘ) ‘ইতিহাস’ শব্দৰ অৰ্থ লিখা।

উত্তৰঃ ইতিহাস শব্দৰ অৰ্থ হল ‘এই ঘটনাবিলাক নিশ্চিয় হৈছিল’।

(ঙ) ছপাশাল ( প্ৰিণ্টিং মেচিন) কোন চনত আবিষ্কাৰ হৈছিল ?

উত্তৰঃ  ছপাশাল ( প্ৰিণ্টিং মেচিন) ১৪৪০ চনত আবিষ্কাৰ হৈছিল।

(চ) দ্বিতীয় মহাশ্বযুদ্ধৰ সময়ত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ দুখনৰ নাম কি ?

উত্তৰঃ দ্বিতীয় মহাযুদ্ধত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা নগৰ দুখনৰ নাম হল হিৰোশ্বিমা আৰু নাগাচাকি।

(ছ) ইতিহাস পঢ়িলে আমি কি বিষয়ে জানিব পাৰো ?

উত্তৰঃ ইতিহাস পঢ়িলে আমি পৃথিৱীৰ বিভিন্ন মানৱ সভ্যতাৰ বিষয়ে জানিব পাৰো।

২। খালি ঠাই পূৰ কৰা:

(ক) অসমৰ মধ্যযুগৰ বিষয়ে জানিবলৈ আহোম ৰাজত্ব কালত লিখা ________ পুথিবোৰ পঢ়া দৰকাৰ।

উত্তৰঃ অসমৰ মধ্যযুগৰ বিষয়ে জানিবলৈ আহোম ৰাজত্ব কালত লিখা বুৰঞ্জী পুথিবোৰ পঢ়া দৰকাৰ।

(খ) _______ত ঘটনাবোৰ চন, তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।

উত্তৰঃ বুৰঞ্জীত ঘটনাবোৰ চন, তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।

(গ) ________ ত বুৰঞ্জীৰ ঘটনাবোৰৰ কাৰণ আৰু  _______ ৰ বিষয়ে বহলাই আলোচনা কৰা হয়।

উত্তৰঃ ইতিহাস ত বুৰঞ্জীৰ ঘটনাবোৰৰ কাৰণ আৰুফলাফল ৰ বিষয়ে বহলাই আলোচনা কৰা হয়।

(ঘ) পৃথিৱীৰ ইতিহাসত _________ ৰ কথা চালি-জাৰি চায়।

উত্তৰঃ পৃথিৱীৰ ইতিহাসত  পৰিবৰ্তন ৰ কথা চালি-জাৰি চায়।

(ঙ) ইতিহাসে সমাজৰ _________ ৰ চালি-জাৰি চায়।

উত্তৰঃ ইতিহাসে সমাজৰ পৰিবৰ্তনৰ চালি-জাৰি চায়।

৩। অসমৰ ইতিহাসত কোনখিনি সময় মধ্যযুগ হিচাপে জনা যায় ?

উত্তৰঃ অসমৰ ইতিহাসত আহোমৰ ৰাজত্বকালতো ( ১২২৮-১৮২৬ খ্ৰীষ্টাব্দ) মধ্যযুগ হিচাপে জনা যায়।

৪। আহোমৰ প্রথম জন স্বৰ্গদেউ কোন আছিল ?

উত্তৰঃ চাইলুং চুকাফা আহোমৰ প্রথম জন স্বৰ্গদেউ আছিল।

৫। ইতিহাসে মানুহক সাৱধান আৰু সচেতন হোৱাত কেনেদৰে সহায় কৰে লিখা।

উত্তৰঃ ইতিহাকে অতীতৰ কথা কয়। ঘটনাৰ বিশ্লেষণ কৰি অতীতৰ ভুলবোৰ আঙুলিয়াই দিয়ে। যি কামে মানৱ জাতিলৈ সংকট নমাই আনিছিল, তেনে কামৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে। উদাহৰণ স্বৰূপে দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই জাপানৰ দুখন চহৰত পাৰমাণৱিক বোমা পেলোৱাৰ কথা উল্লেখ কৰিব পাৰি। এই বোমাৰ প্ৰভাৱত জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমা নামৰ চহৰ দুখনত ১,৫০,০০০ লোকৰ মৃত্যু হৈছিল চহৰ দুখন নিশ্চিহ হৈছিল। চুবুৰীয়া ঠাইবোৰত তাৰ প্ৰতিক্ৰিয়া হৈছিল আৰু সি এতিয়াও শেষ হোৱা নাই। বৰ্তমান ইতিহাসৰ পাতত ঠাই পোৱা এই ঘটনাই পাৰমাণৱিক বোমাৰ ধ্বংসাত্মক দিশটো উদঙাই দিলে। মানৱ জাতি সাৱধান আৰু সচেতন হল। এনে ধ্বংকাৰী অস্ত্ৰ নিৰ্মাণত আন্তৰ্জাতিক বাধা-নিষেধ আৰোপ কৰা হল। ফলত এতিয়ালৈ তৃতীয়টো পাৰমাণৱিক বোমা বিস্ফোৰণ হোৱা নাই।

৬। ইতিহাস কাক বোলে ? (২০-৩০ টা শব্দৰ ভিতৰত )

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে অতীতৰ ঘটনাৱলীক বুজাবলৈ ইতিহাস শব্দটো ব্যৱহাৰ কৰা হয়। অতীতৰ ঘটনাৱলীক খৰচী মাৰি অধ্যয়ন কৰি ভাল-বেয়া, উচিত-অনুচিত আদি ফলাফল পর্যবেক্ষণেই হ’ল ইতিহাস।

৭। বুৰঞ্জীৰ সংজ্ঞা লিখা । (২০-৩০ টা শব্দৰ ভিতৰত)

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলত কিছুমান ঘটনা ঘটে। সেই ঘটনাবিলাক চন, তাৰিখৰ সৈতে একাদিক্ৰমে য’ত লিখা হয় সেয়ে বুৰঞ্জী। অতীতৰ কাহিনীৰ বা কাম-কাজৰ বৰ্ণনাই বুৰঞ্জী।

৮। বুৰঞ্জী আৰু ইতিহাসৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে লিখা। (৫০- ১০০ টা শব্দৰ ভিতৰত) 

উত্তৰঃ বুৰঞ্জী শব্দটো অকল অসমতহে ব্যৱহাৰ কৰা হয়। আহোম স্বৰ্গদেউ চুকাফাৰ দিনৰপৰা বুৰঞ্জী লিখা প্ৰথা প্ৰচলিত হয়। প্ৰথমজন স্বৰ্গদেউ চুকাফাই লগত অহা পণ্ডিতসকলক বাটত ঘটা ঘটনা লিখি যাবলৈ আদেশ দিছিল। সেই বৰ্ণনা বোৰেই বুৰঞ্জী নামেৰে জনা যায়। বুৰঞ্জীত ঘটনাবোৰ চন, তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়। বুৰঞ্জী শব্দৰ অৰ্থ হল ‘নজনা কথাৰ ভঁৰাল। ইতিহাস শব্দৰ অৰ্থ হৈছে ‘এই ঘটনাবিলাক নিশ্চয় ঘটিছিল’। শব্দটো সংস্কৃত ভাষাৰ। বুৰঞ্জী আৰু ইতিহাস দুয়োটা শব্দ একে অৰ্থতে ব্যৱহাৰ হয়। দুয়োটাৰ মাজত পাৰ্থক্য এই যে বুৰঞ্জীৰ চন, তাৰিখ অনুসৰি ঘটনাবিলাক একাদিক্ৰমে লিখি থোৱা হয়। কিন্তু ইতিহাসত ঘটনাৰ লগতে তাৰ কাৰণ আৰু ফলাফলৰ বৰ্ণনা কৰা হয়।

৯। ইতিহাস অধ্যয়ন কিয় প্ৰয়োজনীয় বৰ্ণনা কৰা। (কমেও ২৫০- ৩০০ টা শব্দৰ ভিতৰত)

উত্তৰঃ আদিম যুগৰ পৰা নানা পৰিবৰ্তনৰ মাজেদি মানৱ জাতিয়ে বৰ্তমানৰ অৱস্থা পাইছে। মানৱ জীৱনৰ এই ক্ৰমোন্নতিৰ কাহিনীবোৰ ইতিহাকে আমাক জানিবলৈ দিয়ে। সেইবোৰ জানিলে মানুহৰ মনত দেশৰ প্ৰতি আনুগত্য বাঢ়ে আৰু ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। 

সমাজৰ ৰীতি -নীতি, আচাৰ ব্যৱহাৰ , বিশ্বাস অন্ধবিশ্বাস, ধৰ্ম-সংস্কৃতি আদি কেনে পৰিবৰ্তনৰ মাজেদি বৰ্তমানৰ স্তৰত উপনীত হৈছে, সেই কথা ইতিহাসে আমাক জনায়। 

ইতিহাসে চিন্তা আৰু বুদ্ধিৰ বিকাশৰ বিৱৰণ দিয়ে। ইতিহাস পঢ়ি মানুহ নতুন চিন্তাৰ প্ৰতি আকৃষ্ট হয়। মানৱ সভ্যতাৰ বিকাশ আৰু পৰিবৰ্তনৰ বিষয়ে ইতিহাসৰ অধ্যয়নৰ যোগেদি মানুহ জ্ঞাত হয়। বিভিন্ন মানৱ সভ্যতাৰ বিষয়ে আমি ইতিহাস অধ্যয়নৰ যোগেদি জানিব পাৰো।

ইতিহাসে মানুহক অতীতত কৰা ভুলবোৰ আঙুলিয়াই দিয়ে। তাৰপৰা শিক্ষা গ্ৰহণ কৰি মানুহে সেই ভুলৰ পুনৰাবৃত্তি কৰাৰ পৰা বিৰত থাকে। মানুহৰ মাজত সাৱধানতা আৰু সচেতনতা সৃষ্টি ইতিহাসৰ এক মহৎ অৱদান।

এখন দেশৰ একোটা জাতিৰ খাদ্য-বস্ত্ৰ আৰু বাসস্থান সম্পৰ্কে বিষদভাৱে জানিব পৰা যায় ইতিহাস অধ্যয়নৰ যোগেদি । পুৰণি কালত বেলেগ বেলেগ সময়ৰ মানুহৰ সাজ-পাৰ, খাদ্যৰ অভ্যাস আৰু ঘৰ নিৰ্মাণৰ প্ৰণালী বেলেগ বেলেগ আছিল। ইতিহাসে সেইবোৰ তথ্য স্পষ্ট ভাৱে আমাৰ সন্মুখত দাঙি ধৰে। ইয়াৰ জৰিয়তে পুৰণি সমাজ আৰু আধুনিক সমাজৰ ।মাজত থকা মিল অমিলবোৰ ওলাই পৰে।

ৰাজনৈতিক দিশটোকো সমৃদ্ধ কৰি ইতিহাসে পুৰণি কালৰ শাসন- পদ্ধতি, সাধাৰণ মানুহৰ অৱস্থা, শাসকসকলৰ আচাৰ-আচৰণ, শাসন কাৰ্যত মানুহৰ অংশগ্ৰহণ ইত্যাদি সকলো কথা জনাই ইতিহাসে আমাক সহায় কৰে। পুৰণি শাসন ব্যৱস্থা আৰু বৰ্তমানৰ শাসনব্যৱস্থা ৰিজাই চাই নতুন ব্যৱস্থাক উন্নত কৰাত ইতিহাসে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। ইতিহাসৰ পৰা আমি ভূগোলৰ জ্ঞান লাভ কৰিব পাৰো। বিভিন্ন অঞ্চলত বেলেগ বেলেগ সময়ত ঘটনা বৰ্ণনা কৰোতে সেই ঠাইৰ নদ-নদী, পাহাৰ-পৰ্বত আদিৰ বিষয়েও ইতিহাসত উল্লেখ থাকে। ইয়াৰ যোগেদি ঠাই এখনৰ ভৌগোলিক অৱস্থিত সম্পৰ্কে উমান পাব পাৰি।

ইতিহাসে মানুহক কৌতূহলি আৰু অধ্যয়ন প্রিয় কৰি তোলে। ফলত মানুহৰ অধ্যয়নৰ পৰিসৰ বাঢ়ে আৰু মানুহ সচেতন তথা জ্ঞানী হয়। ইতিহাসে মানুহৰ মাজত একতা আৰু মৰম-চেনেহৰ ভাৱৰ সৃষ্টি কৰে। উন্নতিৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায় ইতিহাসত লিপিবদ্ধ নানা ঘটনা আৰু অভিজ্ঞতাই।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top