Assam Jatiya Bidyalay Class 5 Social Science Chapter 2 আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ

Assam Jatiya Bidyalay Class 5 Social Science Chapter 2 আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 2 আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 2 আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ

Chapter – 2

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটা সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া।

(ক) কৃষি বা খেতি বুলিলে কি বুজা লিখা।

উত্তৰঃ মাটিত গছ বা শস্যৰ বীজ বা গুটি গজিব পৰা গুণটোকে মানুহে নিজৰ প্ৰয়োজন পূৰণ হোৱাকৈ ব্যৱহাৰ কৰাকেই খেতি বা কৃষি বোলা হয়।

(খ) মানৱ সভ্যতাৰ কোনটো যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি-কাষৰীয়া সমতল অঞ্চললৈ আহে ?

উত্তৰঃ নৱপ্ৰস্তৰ যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি-কাষৰীয়া সমতল অঞ্চললৈ আহে।

(গ) কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ কৃষিকাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ শিলৰ সঁজুলি, গছৰ ডাল, জন্তুৰ শিং, হাড় আদি ব্যৱহাৰ কৰিছিল।

(ঘ) কেতিয়া আৰু ক’ত পোনপ্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল ?

উত্তৰঃ ইতিহাসবিধসকলৰ মতে খ্ৰীঃপূঃ ৪০০০ চনত মেচোপটেমিয়াত  প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল।

(ঙ) কিমান খ্ৰীষ্টাব্দৰ পৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে ?

উত্তৰঃ অনুমান কৰা হৈছে খ্ৰীষ্টপূৰ্ব ৯০০০ বছৰ মানৰপৰা সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য কৰা আৰম্ভ হৈছিল।

(চ) কিমান খ্ৰীষ্টাব্দৰ পৰা গৰু, মহ আদি জন্তু পোহপাল কৰা হৈছিল বুলি কোৱা হয় ?

উত্তৰঃ প্ৰায় ৬০০০ খ্ৰীষ্টপূৰ্ব মানত গৰু, ম’হ আদি জন্তু মানুহে পালন কৰিবলৈ লৈছিল বুলি কোৱা হয়।

(ছ) কেতিয়া আৰু কোন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল ?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ৫০০ চনত চিনদেশত ধান খেতি আৰম্ভ হৈছিল আৰু বেলেগ বেলেগ সময়ত পোনপ্ৰথম কৃষিকাৰ্য আৰম্ভ হোৱা দেশ বোৰ হল- চিৰিয়া, পেলেষ্টাইন, বেলুস্তান আদি।

২। শুদ্ধ নে অশুদ্ধ লিখা।

(ক) সঁজুলিৰ ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা নহয়।

উত্তৰঃ অশুদ্ধ।

(খ) মাটিৰ বুকুত গছ গছনি অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা কৃত্ৰিম কথা।

উত্তৰঃ অশুদ্ধ।

(গ) কৃষি কাৰ্যত জন্তুক ব্যৱহাৰ কৰা কামটো বহুত পিছতহে আৰম্ভ হয়।

উত্তৰঃ শুদ্ধ।

(ঘ) গাঁৱৰ উৎপত্তিৰ লগে লগে আদিম মানুহৰ জীৱন সু-সংগঠিত হৈ পৰিল।

উত্তৰঃ শুদ্ধ।

(ঙ) কুমাৰৰ চাকত লো, পিতল ইত্যাদি ধাতুৰ বাচন- বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

৩। যথাযথভাৱে উত্তৰ দিয়া।

(ক) আদিম মানুহে মাটিৰ বুকুত গছ গছনি উঠাৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছিল লিখা।

উত্তৰঃ আদিম মানুহে নিজে আশ্ৰয় লোৱা ঠাইৰ ওচৰত এনেয়ে পেলাই দিয়া ফল-মূলৰ গুটিৰ পৰা নতুন গছ গজি উঠা দেখা পাইছিল। নৱপ্ৰস্তৰ যুগত মানুহ যেতিয়া অৰণ্য এৰি নদী, হ্ৰদ আদিৰ দাঁতি-কাষৰীয়া অঞ্চললৈ নামি আহিছিল, সেই ঠাইৰ পলসুৱা মাটিত গছ-বনৰ গুটি পৰি তাৰ পৰা পুনৰ গছ গজা দেখা পাইছিল। এই ঘটনাবোৰৰ পৰা আদিম মানুহে কালক্ৰমত বীজ সিঁচি খেতি কৰাৰ জ্ঞান লাভ কৰিলে।

(খ) আদিম মানুহে কেনে ধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল ?

উত্তৰঃ বছৰৰ নিৰ্দিষ্ট সময়তহে গছবোৰত ফল-মূল বা গুটি ধৰিছিল। তাতে আকৌ মানুহৰ সংখ্যাও ক্ৰমাৎ বাঢ়ি গৈছিল। গতিকে হাবিৰ মাজত খাদ্য আৰু চিকাৰ পোৱাটো টান হৈ পৰিছিল। এনে পৰিস্থিতিত খাদ্য সংগ্ৰহৰ নতুন উপায় বিচাৰি কৃষিকাৰ্যৰ আৱিষ্কাৰ কৰিলে।

(গ) আদিম মানুহে কৃষি কাৰ্যত সঁজুলি ব্যৱহাৰ কৰা বিষয়ে চমুৱাই লিখা।

উত্তৰঃ মাটি চহাবলৈ আদিম মানুহে প্ৰথম অৱস্থাত শিলৰ সঁজুলি, গছৰ ডাল, জন্তুৰ শিং, হাড় আদি ব্যৱহাৰ কৰিছিল। নাঙলৰ ব্যৱহাৰ আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব ৪০০০ চনত মেচ’ পটেমিয়াত। প্রথম অৱস্থাত নাঙল টনা কামটো মানুহে কৰিছিল। বহুকাল পাছতহে জন্তুক মাটি চহোৱা কামত ব্যৱহাৰ কৰিবলৈ শিকিছিল।

(ঘ) আদিম মানুহে কিয় স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ? ইয়াৰ ফলত তেওঁলোকে কিদৰে উপকৃত হৈছে লিখা।

উত্তৰঃ আদিম মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ প্ৰধান কাৰণ তিনিটা – 

১। হিংস্ৰ জন্তু, বিষাক্ত কীত-পতংগ, সাপ আদিৰ আক্ৰমণ পৰা ৰক্ষা পৰা।

২। অৰণ্যত খাদ্য সংগ্ৰহত পোৱা অসুবিধা।আৰু 

৩। কৃষিকাৰ্যৰ প্ৰৱৰ্তন হোৱাত শস্য ৰক্ষা কৰাৰ বাবে খেতিপথাৰৰ ওচৰত আশ্রয়স্থলৰ প্ৰয়োজন হোৱা। এনেবোৰ কাৰণতে আদিম মানুহে অঘৰী জীৱন এৰি স্থায়ীভাৱে নদী বা হ্ৰদৰ পাৰত বাস কৰিবলৈ ল’লে। স্থায়ীভাৱে এঠাইত বসবাস কৰিবলৈ লোৱাৰে পৰা গাঁৱৰ সৃষ্টি হ’ল । মানুহৰ নিৰাপত্তা নিশ্চিত হল; খাদ্যৰ অভাৱ দূৰ হ’ল। লগে লগে আদিম মানুহে প্ৰকৃতিৰ ঘটনাৱলী পৰ্যবেক্ষণ কৰাৰ সুযোগ পালে। ঈশ্বৰ বা অলৌকিক শক্তিৰ ধাৰণাৰ সৃষ্টি হ’ল।

(ঙ) গাঁৱৰ উৎপত্তি কিদৰে হল বৰ্ণনা কৰা।

উত্তৰঃ কৃষিৰ আৱিষ্কাৰৰ লগে লগে আদিম মানুহে অঘৰী জীৱন ত্যাগ কৰিলে আৰু নদী বা হ্ৰদৰ দাঁতি-কাষৰীয়া ঠাইত বসতি স্থাপন কৰিলে। এনেদৰে একেখন ঠাইত বা একেটা অঞ্চলত বহু লোকে বসবাস কৰাৰ ফলত একোটা জনবসতিপূৰ্ণ অঞ্চল গঢ়ি উঠিল। গাঁৱৰ উৎপত্তিৰ এনেকৈয়ে সূত্ৰপাত হ’ল।

(চ) চকাৰ আবিষ্কাৰ আৰু গুৰুত্ব অতি বিৱৰণ লিখা।

উত্তৰঃ কৃষিকাৰ্য আৰু স্থায়ী বসতিৰ লগতে চকাৰ ব্যৱহাৰ মানৱ সভ্যতা বিকাশৰ এক উল্লেখযোগ্য বিষয়। প্ৰথমতে গছৰ টুকুৰা বগৰাই নিয়া হৈছিল। পাছত চকা সাজি উলিওৱা হৈছিল। দুটা চকা এটা কাঠেৰে লগ লগাই গাড়ী সজা কৌশল বহুবছৰ পাছতহে মানুহে আবিষ্কাৰ কৰিছিল। চকাৰ উদ্ভাৱনে গধুৰ আৰু বৃহৎ পৰিমাণৰ বস্তু কম শক্তি আৰু সময় খৰছ কৰিয়েই অনা-নিয়া কৰিব পৰা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top