অসম বুৰঞ্জী [Part 2]
1. শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?
উত্তৰঃ নেপালৰ।
2. পালবংশৰ অন্ত পৰে কিমান চনত ?
উত্তৰঃ ১১১২ চনত।
3. পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ ব্রহ্মপাল।
4. পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?
উত্তৰঃ ৯৯০ চনত।
5. মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?
উত্তৰঃ ১২৫৭ চনত।
6. অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?
উত্তৰঃ চুকাফা
7. চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?
উত্তৰঃ মাওলুং
8. ‘মুনডুং চুনখাম’ মানে কি ?
উত্তৰঃ সোণৰ বাগিছাৰে ভৰা দেশ।
9. জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?
উত্তৰঃ নৰিয়া ৰজা
10. আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?
উত্তৰঃ ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।
11. কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?
উত্তৰঃ চুডাংফা
12. অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে ?
উত্তৰঃ চুডাংফা।
13. কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল ?
উত্তৰঃ চুকামফা।
14. ‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয় ?
উত্তৰঃ চুহুংমুং।
15. কোনজন আহোম ৰজাই অসমত প্রথম লোকপিয়ল কৰে ?
উত্তৰঃ চুহুংমুং।
16. কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয় ?
উত্তৰঃ চুক্লেংমুং।
18. অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?
উত্তৰঃ কাঁহৰ বাচন।
19. প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?
উত্তৰঃ মোমাই তামুলী বৰবৰুৱা
20. অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে ?
উত্তৰঃ চুচেনফা।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available