ASOS Class 12 Economics Chapter 30 শক্তি

ASOS Class 12 Economics Chapter 30 শক্তি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 30 শক্তি and select needs one.

ASOS Class 12 Economics Chapter 30 শক্তি

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 30 শক্তি Solutions for All Subject, You can practice these here.

শক্তি

Chapter : 30

30.1 পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়াবোৰ সঁচানে মিছা লিখা।

(i) শক্তি কেৱল ঘৰুৱা খণ্ডতহে ব্যৱহৃত হয়, উদ্যোগ আৰু কৃষিত নহয়।

উত্তৰঃ মিছা।

(ii) কয়লা, তেল, গেছ হৈছে নৱীকৰণ কৰিব পৰা শক্তিৰ উৎস।

উত্তৰঃ মিছা।

(iii) সূর্য, বতাহ আৰু জোৱাৰৰ শক্তি হৈছে অপৰম্পৰাগত শক্তিৰ উৎস।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ সঁচা।

(iv) ভাৰতত প্ৰচুৰ পৰিমাণে পোৱা নাযায় বাবে চৰকাৰে সৌৰশক্তি ব্যৱহাৰত উৎসাহ প্ৰদৰ্শন কৰা নাই।

উত্তৰঃ মিছা।

30.2 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়াবোৰ সঁচানে মিছা লিখা।

(i) ভাৰতীয় কয়লাত সাধাৰণতে ছাইযুক্ত উপাদানৰ পৰিমাণ কম হোৱা হেতুকেই ই গুণগতভাৱে উচ্চমানৰ।

উত্তৰঃ মিছা।

(ii) পঞ্চাৰ, জম্মু আৰু কাশ্ৰমীৰ আৰু হাৰিয়ানাতেই অধিকসংখ্যক কয়লা ভাণ্ডাৰ আছে।

উত্তৰঃ মিছা।

(iii) তীখা উদ্যোগেই হৈছে কয়লাৰ বৃহৎ উপভোক্তা।

উত্তৰঃ মিছা।

(iv) ভাৰতত তেল আৰু প্ৰাকৃতিক গেছৰ পৰিমাণ অধিক নহয়।

উত্তৰঃ 20 সঁচা।

(v) ভাৰতত পেট্ৰ’লিয়ামৰ দৰ বজাৰেই নিৰ্ণয় কৰে।

উত্তৰঃ মিছা।

(vi) ভাৰতত উৎপাদিত মুঠ বিদ্যুতৰ অধিক অংশই তাৰ বিদ্যুৎ প্ৰকল্পৰ পৰা পোৱা যায়।

উত্তৰঃ সঁচা।

(vii) ভাৰতত থ’ৰিয়ামৰ সঞ্চিত পৰিমাণ কম, কিন্তু ইউৰেণিয়ামৰ সঞ্চিত পৰিমাণ বেছি।

উত্তৰঃ মিছা।

(viii) আমি সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰিব নোৱাৰো।

উত্তৰঃ মিছা।

(ix) জৈৱ গেছ প্ৰকল্পবোৰে সাৰ আৰু গেছ দুয়োটা উৎপাদন কৰে। 

উত্তৰঃ সঁচা।

30.3 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনীৰ ভিতৰৰ দিয়া শব্দ বাছি উলিয়াই খালী ঠাই পূৰণ কৰা।

(i) যিবোৰ দিশৰ জনমূৰি আয় বেছি, সেইবোৰ দেশৰ শক্তিৰ উপভোগ ______ স্তৰৰ। (উচ্চ, নিম্ন, শূন্য)

উত্তৰঃ উচ্চ।

(ii) সময়ৰ লগে লগে তেল, কয়লা আৰু বিদ্যুতৰ ব্যৱহাৰ ______। (বাঢ়িছে, কমিছে, সমান হৈ আছে)

উত্তৰঃ বাঢ়িছে।

(iii) গাঁও অঞ্চলৰ তুলনাত নগৰাঞ্চলৰ বাণিজ্যক শক্তি উপভোগৰ পৰিমাণ ______।(কম, বেছি, সমান)

উত্তৰঃ অধিক।

(iv) উদ্যোগসমূহে মুঠ বাণিজ্যিক শক্তি ______ (ব্যৱহাৰ কৰে)। (50%, 20%, 75%)

উত্তৰঃ 50%।

(v) প্রথম পঞ্চ বার্ষিক পৰিকল্পনাৰ তুলনাত সম্প্ৰতি শক্তি শিতানৰ বাবে নিৰ্ধাৰণ কৰা ব্যয়স পৰিমাণ ______। (বাঢ়িছে, কমিছে, একেই আছে।)

উত্তৰঃ বাঢ়িছে।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. শক্তিৰ উৎসবোৰৰ তালিকা প্ৰস্তুত কৰা। শক্তিৰ উৎসসমূহ কিদৰে শ্রেণীবিভাজন কৰিব পাৰি, উদাহৰণৰ সৈতে দেখুওৱা।

উত্তৰঃ শক্তিৰ বিভিন্ন উৎস আধুনিক সমাজত শক্তিৰ বিভিন্ন উৎস ব্যৱহাৰ কৰা হয়—

(ক) কয়লা।

(খ) তেল আৰু প্ৰাকৃতিক গেছ।

(গ) বিদ্যুৎ— আণৱিক, থাৰ্মেল আৰু জলবিদ্যুৎ।

(ঘ) খৰি, পাচলিৰ অৱশিষ্ট, শুকান গোবৰ, জৈৱ গেছ।

(ঙ) সৌৰশক্তি, বতাহৰ শক্তি, জোৱাৰ-ভাটা শক্তি ইত্যাদি।

শক্তিৰ উৎসসমূহৰ শ্ৰেণীবিভাজনঃ শক্তিৰ উৎস হৈছে কেবাপ্ৰকাৰৰো। বহল অৰ্থত শক্তিক নৱীকৰণ কৰিব পৰা আৰু নৱীকৰণ কৰিব নোৱাৰা — এই দুই ভাগত ভাগ কৰিব পাৰিব— 

নৱীকৰণ কৰিব পৰা কৰিব নোৱাৰা শক্তিৰ উৎসঃ

(ক) নৱীকৰণ কৰিব পৰা উৎসঃ এনে উৎসৰ পৰা বাৰে বাৰে শক্তি আহৰণ কৰিব পাৰি। জলবিদ্যুৎ শক্তি, গোবৰৰ পিঠা, কৃষি সামগ্ৰীৰ অৱশিষ্ট অংশ, সৌৰশক্তি, বতাহৰ শক্তি, জোৱাৰ-ভাটাৰ শক্তি আদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত।

(খ) নৱীকৰণ কৰিব নোৱাৰা উৎসঃ কয়লা, তেল আৰু প্ৰাকৃতিক গেছ আদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই উৎসসমূহৰ ভাণ্ডাৰ সীমিত। এনে শক্তিৰ উৎসবসমূহে আমাৰ দেশৰ শক্তিৰ দীৰ্ঘকালীন চাহিদা পূৰণ কৰিব নোৱাৰে। আনহাতে, নৱীকৰণ কৰিব পৰা শক্তিৰ উৎসসমূহো যথেষ্ট সীমিত।

(গ) নৱীকৰণ কৰিব পৰা শক্তিৰ সপক্ষে যুক্তিঃ পুনৰ নৱীকৰণ কৰিব পৰা শক্তিৰ উৎসবোৰৰ সপক্ষে তিনিটা যুক্তি আছে। প্ৰথমতে, শক্তিৰ উৎসবোৰৰ দূৰত্ব আৰু সৰবৰাহৰ অত্যথিক ব্যয়ৰ কথা চিন্তা কৰি স্থানীয়ভাৱে পাব পৰা সৌৰশক্তি, বতাহৰ শক্তি, জৈৱ গেছ শক্তি আদিক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। দ্বিতীয়তে, এই সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰিলেই শেষ হৈ নাযায়। তৃতৃীয়তে, এইবোৰ শক্তিৰ ব্যৱহাৰ প্ৰায় প্ৰদূষণ শূন্য।

(ঘ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎসঃ কয়লা, বিদ্যুৎ, তেল, গেছ, খৰি শুকান গোবৰ ইত্যাদি হৈছে পৰম্পৰাগত শক্তিৰ উৎস। কিয়নো বহু বছৰ ধৰি এইবোৰক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। সৌৰশক্তি, বতাহ, জোৱাৰ-ভাটা শক্তি ইত্যাদিৰ পৰা মানুহে নতুনকৈ শক্তি আহৰণ কৰি ৱহাৰ কৰিবলৈ লৈছে বাবে এইবোৰক অপৰম্পৰাগত শক্তিৰ উৎস বোলা হয়।

2. পুনৰ নৱীকৰণযোগ্য শক্তিৰ উৎসবোৰ ব্যৱহাৰৰ সুবিধাবোৰ আলোচনা কৰা।

উত্তৰঃ পুনৰ নৱীকৰণ কৰিব পৰা শক্তিৰ উৎসবোৰৰ সপক্ষে তিনিটা যুক্তি আছে। প্ৰথমতে, শক্তিৰ উৎসবোৰৰ দূৰত্ব আৰু সৰবৰাহৰ অত্যথিক ব্যয়ৰ কথা চিন্তা কৰি স্থানীয়ভাৱে পাব পৰা সৌৰশক্তি, বতাহৰ শক্তি, জৈৱ গেছ শক্তি আদিক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। দ্বিতীয়তে, এই সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰিলেই শেষ হৈ নাযায়। তৃতৃীয়তে, এইবোৰ শক্তিৰ ব্যৱহাৰ প্ৰায় প্ৰদূষণ শূন্য।

3. ভাৰতত কয়লা আৰু তেল সম্পদ ভাণ্ডাৰৰ বিষয়ে লিখা।

উত্তৰঃ কয়লাঃ ৰন্ধন আৰু তাপ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা শক্তিৰ উৎসবোৰৰ ভিতৰত কয়লা হৈছে অন্যতম। কয়লা ইন্ধন আৰু বিদ্যুৎশক্তি উভয়ৰে আধাৰ। কয়লা নৱীকৰণ অযোগ্য শক্তিৰ উৎস। তথাপি আমাৰ দেশৰ আৰ্থিক বিকাশত কয়লাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। 1970 চনত ক’ল ইণ্ডিয়া লিমিটেড গঠন কৰি জাতীয়কৰণ কৰাৰ আগলৈ কয়লা উদ্যেগ ব্যক্তিগত খণ্ডতেই আছিল। কয়লা খনিসমূহত ব্যক্তিগত উদ্যোক্তাসকলৰ অনিয়ন্ত্ৰণৰ অৰ্থে এনে কৰা হৈছিল। অৱশ্যে বিত্তৰ অভাৱৰ বাবে আৰু প্ৰতিযোগিতাক উৎসাহিত কৰিবৰ বাবে কয়লা উদ্যোগত ব্যক্তিগত খণ্ডৰ বিনিয়োগ বাহাল ৰাখিবলৈ 1990 চনত কয়লা খনি আইন এখন গ্ৰহণ কৰা হয়।

কয়লা সম্পদঃ 1992 চনৰ আৰম্ভণিতে আমাৰ দেশত 196 বিলিয়ন টন কয়লা সংৰক্ষিত আছে বুলি তথ্য পোৱা গৈছিল। অৱশ্যে, মুঠ 196.02 বিলিয়ন টন কয়লাৰ 144 বিলিয়ন টনহে উদ্ধাৰ কৰিব পৰা অৱস্থাত আছিল বুলি কোৱা হৈছে। আকৌ মাথো 70 বিলিয়ন টন কয়লাহে যুক্তসংগত ব্যয়ত সম্প্রতি প্রচলিত প্রযুক্তি মতে উদ্ধাৰ কৰিব পৰা হ’ব বুলি কোৱা হৈছে।

কয়লা উদ্যোগৰ সমস্যাঃ 1950-51 চনত ভাৰতত 3 কোটি 23 লাখ টন কয়লা উৎপাদন কৰা হৈছিল। 1995-96 চনত এই পৰিমাণ 27 কোটি 1 লাখ টালৈ বৃদ্ধি পাইছে। অৱশ্যে এই সময়ছোৱাত কয়লাৰ চাহিদা যথেষ্ট বৃদ্ধি পায়, ফলত আমদানিৰ প্ৰয়োজনীয়তা আহি পৰে। অষ্ট পৰিকল্পনাৰ শেষত ভাৰতত কয়লাৰ চাহিদা 31 কোটি 1 লাখ টনৰ বিপৰীতে 30 কোটি 4 লাখ টনহে উৎপাদন কৰিব পৰা গৈছিল। ইয়ে প্ৰমাণ কৰে যে ভাৰতত কয়লাৰ পৰিমাণ পর্যাপ্ত নহয়।

নিম্ন মানসম্পন্নঃ ভাৰতত পোৱা আটাইখিনি কয়লাই উচ্চ মানসম্পন্ন হয়। ভাৰতীয় কয়লা অধিক ছাইযুক্ত (পেলনীয়া বস্তু) আৰু কম ইন্ধনযুক্ত। হাই উৎপাদনৰ পৰিমাণ 25 ৰ পৰা 40 শতাংশ আৰু কোনো ক্ষেত্ৰত তাতোকৈ অধিক। ইয়াৰ ফলত কয়লাৰ দক্ষতা হ্রাস হয় আৰু অধিক প্ৰদূষণৰ সৃষ্টি কৰে। গুণসম্পন্ন কয়লাৰ চাহিদা পূৰণৰ অৰ্থে দেশৰ তীখা উদ্যোগৰ বাবে কয়লা আমদানি কৰিবলগীয়া হয়। ফলত বৈদেশিক মুদ্ৰাৰ ব্যয় হয়।

নিম্ন উৎপাদনশীলতাঃ উন্নত দেশৰ তুলনাত ভাৰতৰ কয়লা উদ্যোগৰ উৎপাদনশীলতা কম। ভাৰতত কয়লা উদ্যোগে প্রায় 7 লাখ লোকক নিয়োগৰ সুবিধা দিছে। ভূগর্ভস্থ খনিসমূহৰ অৱস্থানৰ বাবে কয়লাৰ উৎপাদনশীলতা কম। ভূগর্ভস্থ খনিসমূহে প্ৰায় ৪০ শতাংশ মানৱ সম্পদ ব্যৱহাৰ কৰে, কিন্তু মুঠ উৎপাদনৰ 30 শতাংশহে অৰিহণা যোগায়।

তেল আৰু প্ৰাকৃতিক গেছঃ 18 আৰু 19 শতিকাৰ ঔদ্যোগিক উন্নয়নৰ ভিত্তি আছিল কয়লা শক্তি। 19 শতিকাৰ শেষৰ ফালে কয়লাৰ পৰিৱৰ্তে খনিজ তেল ইন্ধনৰ প্ৰধান উৎস হিচাপে পৰিগণিত হয়। স্বৰাজোত্তৰ কালত দেশৰ আৰ্থিক বিকাশৰ বাবে ভাবতেও খনিজ তেল অধিক পৰিমাণত আমদানি কৰিবলৈ লয়।

উৎপাদনঃ বোম্বে হাই, মহানদী ব-দ্বীপ, অসম, গুজৰাটৰ আঙ্কলেশ্বৰ আৰু কমবে আৰু অৰুণাচল প্রদেশ, ত্ৰিপুৰা আদিত তেল আৰু প্ৰাকৃতিক গেছ আছে। 1950 চনত ভাৰতত খনিজ তেলৰ প্ৰমাণ 2.5 লাখ টন আছিল যদিও 1952 চনত গুজৰাট আঙ্কলেশ্বৰ তৈলক্ষেত্ৰ আৰু অসমত অধিক পৰিমাণে উৎপাদন কৰাৰ পিছত 10 লাখ টনতকৈও অধিক হয়গৈ বুলি তথ্যত প্ৰকাশ। 1974 চনত বোম্বাই তৈলক্ষেত্র উদঘাটনৰ পিছত 1977 চনত খনিজ তেলৰ উৎপাদন 100 লাখ টন হয়গৈ। বোম্বে হাই আৰু পশ্চিম উপকূলৰ তৈলক্ষেত্ৰসমূহত উদঘাটন চলাৰ পিছত 1989-90 চনত ভাৰতৰ তেল উৎপাদন 341 লাখ টন হোৱা বুলি কোৱা হৈছে। অৱশ্যে 1989-90 চনৰ পিছত তেলৰ উৎপাদনৰ হাৰ লেহেমীয়া হোৱা দেখা গৈছে। 1995-96 চনত মাথো 351 লাখ টন উৎপাদন কৰাহে দেখা যায়।

ভাৰতত খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভৱিষ্যৎ স্থিতি সন্তোষজনক নহয়। এইবাবেই পৰিকল্পনাৰ নীতি নিৰ্ধাৰণকাৰীসকল চিন্তিত হৈছে।

ভাৰতত তেলৰ ভোগ হ্ৰাস কৰাৰৰ বাবে বিভিন্ন ব্যৱস্থা লোৱা হৈছে। তথাপি ই বাঢ়িহে গৈ আছে। 1995-96 চনত খাৰুৱা তেল, পেট্ৰ’লিয়াম আৰু অন্যান্য লুব্রিকেন্ট আমদানিৰ পৰিমাণ আছিল মুঠ আমদানিৰ 21 শতাংশ। তেলৰ বৰ্ধিত আৰু দেশত তেলৰ প্ৰতি বর্ধিত চাহিদাই তেলৰ আমদানি পৰিশোধ মূল্য বঢ়াই তুলিছে। দেশত ক্রমহ্রাসমান খাৰুৱা তেল উৎপাদন আৰু বর্ধিত চাহিদাই ভৱিষ্যতেও আমদানি পৰিশোধ মূল্য বঢ়োৱাৰ সম্ভাৱনাই অধিক।

4. ভাৰতত বিদ্যুৎ শক্তিৰ স্থিতি সম্পর্কে ব্যাখ্যা কৰা। বিদ্যুৎ খণ্ডৰ সমস্যাবোৰ বাছি উলিওৱা।

উত্তৰঃ সম্প্ৰতি বিদ্যুৎ হৈছে শক্তিৰ অন্যতম উৎস। বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ, যেনে— কয়লা, ডিজেল, খনিজ তেল, পানী ইত্যাদিৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়। বিদ্যুতক শক্তিৰ গৌণ বা দ্বিতীয় উৎস বুলি কোৱা হয়।

ভাৰতত বিদ্যুতৰ যথেষ্ট চাহিদা আছে আৰু ই বাঢ়িয়েই আছে। অৰ্থনীতিৰ প্ৰতিটো খণ্ডতেই বিদ্যুতৰ চাহিদা অতিপাত ধৰণে বৃদ্ধি পাইছে। আনকি কৃষি খণ্ডয়ো বিদ্যুতৰ বৰ্ধিত ব্যৱহাৰ দেখুৱাইছে। গাঁওবোৰত বিদ্যুতৰ যোগান দিয়াৰ পিছত জলসিঞ্চন ততা পাম্পছেটৰ ব্যৱহাৰ বৃদ্ধি পাইছে, ফলত কৃষি খণ্ডত বিদ্যুত চাহিদা বাঢ়িছে।

বিভিন্ন উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়। সেইবোৰ হ’ল—

(ক) তাপ বিদ্যুৎঃ তাপ বিদ্যুৎ উৎপন্ন কৰাৰ বাবে কয়লা আৰু কয়লা খনিত পোৱা অন্যান্য দ্রব্য ব্যৱহাৰ কৰা হয়। সেইবাবেই তাপ বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহ কয়লা খনিৰ ওচৰত স্থাপন কৰা হয়। তাপ বিদ্যুৎ ডিজেলৰ পৰাও উৎপন্ন কৰা হয়। কয়লা অথবা ডিজেল উভয়কে পুনৰ নৱীকৰণ কৰিব নোৱাৰি। গতিকে, এনে উৎসৰৰ ওপৰত দীৰ্ঘদিনৰ বাবে ভৰসা কৰিব নোৱাৰি। ভাৰতৰ কোনো কোনো ঠাইত পানীৰ নাটনি হোৱা দেখা যায়। যিখিনি পানী পোৱা যায়, সেইখিনি জলসিঞ্চনত ব্যৱহাৰ কৰা হয়। গতিকে, তেনে ঠাইত বিদ্যুৎ উৎপাদনৰ বাবে পানী ব্যৱহাৰ কৰিব নোৱাৰি। তেনে ঠাইৰ বাবে তাপ বিদ্যুৎ প্রকল্প উপযোগী।

(খ) জল বিদ্যুৎঃ বিদ্যুৎ উৎপাদনৰ উৎসবোৰৰ ভিতৰত পানী হৈছে পুনৰ নৱীকৰণযোগ্য সম্পদ। বান্ধ বান্ধি নদীৰ পানীৰ দ্বাৰা বৃহৎ টাৰবাইনবোৰ চলোৱা হয়। এনেদৰে উৎপাদিত বিদ্যুতক জলবিদ্যুৎ বোলা হয়।

এনে জলবিদ্যুৎ প্রকল্প স্থাপনত বহুতো সময় আৰু ধনৰ ব্যয় হয়। তৎসসত্ত্বেও বিদ্যুতৰ এই উৎস সবাতোকৈ সস্তীয়া।

(গ) আণৱিক বিদ্যুৎঃ আণৱিক বিদ্যুৎ হৈছে শক্তি আহৰণৰ শেহতীয়া উৎস। ই ক্ৰমান্বয়ে বিদ্যুৎ আহৰণৰ প্ৰধান উৎসৰূপে পৰিগণিত হ’ব ধৰিছে। এনে বিদ্যুৎ ইউৰেণিয়াম আৰু থ’ৰিয়ামৰ পৰা উৎপন্ন কৰা হয়। ভাৰতত প্ৰায় 2000 টন ইউৰেণিয়াম ভাণ্ডাৰ আছে, যিটো অতি সীমিত পৰিমাণ বুলি বিবেচিত হৈছে। কিন্তু বিশ্বৰ ভিতৰতে ভাৰতত সৰ্বাধিক থ’ৰিয়াম ভাণ্ডাৰ সংৰক্ষিত হৈ আছে। ভাৰতত থ’ৰিয়ামৰ পৰিমাণ 5,00,000 টন বুলি থাৱৰ কৰা হৈছে। অন্যান্য উৎসৰ পৰা আহৰণ কৰা বিদ্যুততকৈ আণৱিক উৎসৰ পৰা অধিক বিদ্যুৎ আহৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে 10 বা 11 হাজাৰ টন কয়লাৰ পৰা যিমান বিদ্যুৎ উৎপাদন কৰিব পাৰি, মাথোঁ এক টন ইউৰোণিয়ামৰ পৰাই সিমান বিদ্যুৎ উৎপাদন কৰিব পাৰি। তদুপৰি, আণৱিক খনিজৰ পৰা বিদ্যুৎ আহৰণ কৰি তাৰ বিদ্যুৎ প্রকল্প স্থাপনৰ ক্ষেত্ৰত হোৱা ব্যয় হ্ৰাস কৰিব পাৰি।

সম্প্ৰতি ভাৰতৰ মুঠ বিদ্যুৎ উৎপাদনত আণৱিক উৎসৰ পৰা অৰিহণা অতি কম। নৱম পৰিকল্পনাৰ আৰম্ভণি কালত ভাৰতত 2225 মেগাৱায় বিদ্যুৎ উৎপাদনৰ ক্ষমতা থকা বুলি কোৱা হৈছিল। 

যদিও আমাৰ দেশত ইউৰেণিয়ামৰ সীমিত ভাণ্ডাৰ আছে, তথাপি উপযুক্ত বৈজ্ঞানিক উপায়েৰে থ’ৰিয়ামৰ দ্বাৰা অধিক আণৱিক বিদ্যুৎ আহৰণৰ সম্ভাৱনা অতি উজ্জ্বল।

সীমিত সম্পদৰ বাবে বিদ্যুৎ উৎপাদন বঢ়োৱাটো কঠিন। সেইবাৰে পূৰ্বতে যিবোৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত বিদ্যুৎ উৎপাদন কৰা হৈছিল, এতিয়া সেইবোৰ ব্যক্তিগত খণ্ড আৰু বিদেশী বিনিয়োগকাৰী কোম্পানীৰ হাতলৈ হস্তান্তৰ কৰা হৈছে।

5. ভাৰতৰ আৰ্থিক বিকাশত শক্তি সম্পদৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ বিভিন্ন দিশত শক্তিৰ ভূমিকা তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি।

(ক) জীৱনৰ মান উন্নয়নঃ শক্তিয়ে মানুহৰ জীৱনৰ মান উন্নত কৰিছে। পোহৰ আহৰণ, ৰন্ধন, পৰিবহণ, তাপ উৎপাদন, শীত উৎপাদন, যান্ত্ৰিকীকৰণ ইত্যাদি কৰিব পৰাৰ ফলত মানুহৰ জীৱন অধিক সুখকৰ হৈছে। উন্নত দেশৰ মানুহবোৰৰ উচ্চমানৰ জীৱন ধাৰণৰ মূলতেই আছে শক্তি। শক্তি কেৱল মানুহৰ জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধিৰ বাবেই নহয়, গাঁৱৰ মানুহৰ জীৱনৰ আৰ্থ-সামাজিক বিকাশৰ বাবেও শক্তিৰ প্ৰয়োজন।

(খ) বিভিন্ন খণ্ডৰ উৎপাদনশীলতাৰ স্তৰ বৃদ্ধিঃ কৃষি খণ্ডৰ বিকাশত শক্তিৰ অৱদান সর্বজনবিদিত। কৃষি খণ্ডত ট্ৰেক্টৰ, দমকল আদি শক্তিচালিত আহিলাসমূহ ব্যৱহাৰৰ ফলস্বৰূপে পণ্যদ্রব্য, শাক-পাচলি, ফলমূল, গোটা শস্যকে ধৰি অন্যান্য শস্যৰ উৎপাদন বাঢ়ি গৈছে। বর্ধিত শস্য তথা উৎপাদনশীলতাৰ বাবে কৃষকৰ আয়ৰ পৰিমাণো বাঢ়িছে।

(গ) কৰ্মস্থাপনৰ সৃষ্টিঃ শক্তিৰ বৰ্ধিত ব্যৱহাৰে আৰ্থিক কাম-কাজ বৃদ্ধি কৰে বাবে অধিক কৰ্মসংস্থাপনৰো সৃষ্টি হয়। আকৌ শক্তি খণ্ডই নিজেও নিয়োগৰ সুবিধা আগবঢ়াইছে। ভাৰতত কয়লা উদ্যেগে অকলেই প্রায় 7 লাখ মানুহক নিয়োগৰ সুবিধা নিশ্চিত কৰি দিছে। তদুপৰি এনে বহুতো চৰকাৰী সংস্থা বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে, যিবোৰে শক্তি উৎপাদন বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে। এইবোৰেও কেবানিযুতো মানুহক নিযুক্তি দিছে। ভাৰতত উদাৰীকৰণৰ নীতিৰ পৰিপ্ৰেক্ষিতত যেতিয়া শক্তিৰ বিকাশৰ বাবে ব্যক্তিগত খণ্ডসমূহকো আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হৈছে, তেনেক্ষেত্ৰত ব্যক্তিগত খণ্ডয়ো অধিক কৰ্মসংস্থান সৃষ্টি কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

6. ভাৰতৰ শক্তিখণ্ডৰ বিভিন্ন সমস্যাবোৰৰ তালিকা প্ৰস্তুত কৰা। এই সমস্যাবোৰ দূৰ কৰাৰ বাবে কি কি ব্যৱস্থা লোৱা হৈছে?

উত্তৰঃ ভাৰতৰ শক্তিখণ্ডৰ বিভিন্ন সমস্যাবোৰ হ’ল—

(ক) অপর্যাপ্ত উৎপাদনঃ তেলৰ চাহিদা আৰু যোগানৰ ভাৰসাম্যহীনতাই ভাৰতৰ শক্তিখণ্ডৰ একমাত্র সমস্যা নহয়। বৰঞ্চ, চাহিদা আৰু যোগানৰ এই অসমতা বিশেষকৈ বাণিজ্যিক ইন্ধনৰ ক্ষেত্ৰত আধিক পৰিমাণে বাঢ়ি গৈ আছে। ভাৰতত সকলোপ্ৰকাৰৰ বাণিজ্যিক ইন্ধনৰ উৎপাদন বাঢ়িছে যদিও প্রয়োজন অনুপাতে বৃদ্ধি পোৱা নাই। শক্তি উৎপাদনৰ উন্নয়ন আৰু খাৰুৱা তেলৰ উৎপাদন বৃদ্ধিৰ পৰিমাণ নিৰ্ধাৰিত লক্ষ্যতকৈ বহুত কম।

(খ) বিত্তীয় সম্পদৰ অভাৱঃ শক্তি সম্পদৰ বিকাশৰ বাবে অধিক পৰিমাণৰ ধনৰ প্ৰয়োজন। কিন্তু কেৱল বাজেটৰ সমৰ্থনেৰে এই ক্ষেত্ৰসমূহত বিশাল ধন বিনিয়োগ কৰিব নোৱাৰি।

(গ) গভীৰ অসমতাঃ প্ৰথম কথা হ’ল যে আমাৰ দেশত তেল, গেছ আদিৰ সংৰক্ষণ কম। আনহাতে, দুয়োবিধৰে ভোগৰ পৰিমাণ অধিক। দ্বিতীয়তে, নগৰাঞ্চলত মুঠ বাণিজ্যিক শক্তিৰ ৪০ শতাংশ ভোগ কৰা হয়, যদিও নগৰৰ জনসংখ্যা কম। তৃতীয়তে, পুনৰ নবীকৰণযোগ্য শক্তি আহৰণত অধিক সফলতা লাভ কৰিব পৰা নাই।

(ঘ) দক্ষতাৰ অভাৱঃ শক্তিৰ ক্ষেত্ৰত দেখা দিয়া অদক্ষতাসমূহ হৈছে— প্ৰথমতে, যিবোৰ আহিলা বা সা-সঁজুলি ব্যৱহাৰ কৰা হয়, সেইবোৰৰ দক্ষতা কম। দ্বিতীয়তে, বিদ্যুৎ বিতৰণৰ সময়ত বহুতো অপচয় হয়। তৃতীয়তে, শক্তি প্রকল্প, কয়লা খনি, তেল খনন আদিত দক্ষতা কম।

সমস্যা সমাধানৰ বাৰে লোৱা প্ৰয়োজনীয় ব্যৱস্থাসমূহঃ

(ক) তেলৰ অনুসন্ধানত গুৰুত্ব দিয়া আৰু তেলৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা লোবা।

(খ) ইন্ধন-অনুকূল আহিলা-পাতিৰ উন্নয়ন সাধন কৰা।

(গ) বিদ্যুৎ বিতৰণত হোৱা লোকচান হ্ৰাস কৰাৰ ব্যৱস্থা লোৱা।

(ঘ) পেট্ৰ’লিয়ামৰ বিকল্প ইন্ধনৰ গৱেষণা কৰা। 

(ঙ) পুনৰ নৱীকৰণযোগ্য শক্তিসম্পদ ব্যৱহাৰ উন্নত কৰা।

(চ) শক্তি সংৰক্ষণৰ সৈতে জড়িত লোকসকলক শিক্ষা প্ৰদান কৰা৷

(ছ) পুনৰ নৱীকৰণ অযোগ্য শক্তিৰ উৎস উন্নয়ন আৰু ব্যৱহাৰৰ বাবে ৰাজসাহায্য প্ৰদান কৰা।

(জ) অপৰম্পৰাগত শক্তিৰ উৎসবোৰৰ অধিক ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা।

(ঝ) বিদ্যুৎ উৎপাদনৰ বাবে ব্যক্তিগত আৰু বিদেশী বিনিয়োগকাৰীক আহ্বান কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top