ASOS Class 12 Economics Chapter 29 পৰিবহণ আৰু যোগাযোগ

ASOS Class 12 Economics Chapter 29 পৰিবহণ আৰু যোগাযোগ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 29 পৰিবহণ আৰু যোগাযোগ and select needs one.

ASOS Class 12 Economics Chapter 29 পৰিবহণ আৰু যোগাযোগ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 29 পৰিবহণ আৰু যোগাযোগ Solutions for All Subject, You can practice these here.

পৰিবহণ আৰু যোগাযোগ

Chapter : 29

29.1 পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. সঁচা নে মিছা লিখাঃ

(i) ৰে’লপথ,পথ, বেংক আদি হৈছে আন্তঃগাঁথনিমূলক সুবিধা৷

উত্তৰঃ সঁচা।

(ii) ব্রীফকেছ, টুথপেষ্ট, ছেভিং ক্রীম আদি আন্তঃগাঁথনিমূলক সুবিধাৰ উদাহৰণ৷

উত্তৰঃ মিছা।

(iii) আন্তঃগাঁথনিমূলক সুবিধা কেৱল উদ্যোগকহে লাগে, কৃষিক নালাগে।

উত্তৰঃ মিছা।

(iv) ডাক, টেলিফোন, ফেক্স, কৃত্রিম উপগ্রহ আদি যোগযোগৰ মাধ্যম। 

উত্তৰঃ সঁচা।

29.2 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. সঁচা নে মিছা লিখাঃ

(i) পৰিবহণ ব্যৱস্থাই উৎপাদন সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণত সহায় কৰে।

উত্তৰঃ সঁচা।

(ii) পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ প্ৰত্যক্ষভাৱে ঔদ্যোগিকৰণৰ সহায়ক।

উত্তৰঃ সঁচা।

(iii) ভাৰতত পাঁচ প্ৰকাৰৰ পৰিবহণ সেয়া আছে।

উত্তৰঃ মিছা।

(iv) যাত্ৰী আৰু দ্ৰব্য সৰবৰাহৰ বাবে পৰিবহণৰ মাধ্যমৰ প্ৰয়োজন।

উত্তৰঃ সঁচা।

(v) পথ পৰিবহণৰ বাবে যান-বাহনসমূহ প্রয়োজনীয় উপাদান নহয়।

উত্তৰঃ মিছা।

29.3 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. সঁচা নে মিছা লিখাঃ

(i) পথ পৰিবহণ দুৰণিবটীয়া ঠাইৰ বাবেহে অধিক উপযুক্ত।

উত্তৰঃ মিছা।

(ii) ভাৰতত মাথোঁন এটাই ৰাষ্ট্ৰীয় ঘাইপথ আছে।

উত্তৰঃ মিছা।

(iii) ভিতৰুৱা তথা পাহাৰীয়া ঠাইবোৰৰ বাবে পথেই একমাত্ৰ পৰিবহণৰ মাধ্যম।

উত্তৰঃ সঁচা।

(iv) ৰাষ্ট্ৰীয় ঘাইপথসমূহ চোৱাচিতা কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ।

উত্তৰঃ সঁচা।

29.4 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ কথাবোৰ সঁচা নে মিছা লিখাঃ

(i) ৰে’ল পৰিবহণৰ উন্নয়নৰ লগে লগে শ্ৰমিকৰ চলনশীলতা বাঢ়িছে।

উত্তৰঃ সঁচা।

(ii) ভাৰতয় ৰে’লৰ পথসমূহ একেধৰণৰ।

উত্তৰঃ মিছা।

(iii) ভাৰতীয় ৰে’লপথৰ ব্ৰডগজতকৈ নেৰ’গজ পথত কঢ়িওৱা দ্রব সামগ্ৰীৰ অংশ বেছি।

উত্তৰঃ মিছা।

(iv) দবা আৰু ইঞ্জিন হৈছে ৰে’ল পৰিবহণৰ আৱশ্যকীয় উপাদান।

উত্তৰঃ সঁচা।

29.5 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. খালী ঠাই পূৰণ কৰাঃ

(i) জল পৰিবহণক ______ টা ভাগত ভগাব পাৰি।

উত্তৰঃ দুটা।

(ii) আভ্যন্তৰীণ জল পৰিবহণ দেশৰ ______ চলে।

উত্তৰঃ ভিতৰত।

(iii) সকলো পৰিবহণ ব্যৱস্থাৰ ভিতৰত জল পৰিবহণ সবাতোকৈ ______।

উত্তৰঃ সস্তীয়া।

2. তলত দিয়া কথাবোৰ সঁচানে মিছা লিখা।

(i) ভাৰতৰ বন্দৰসমূহত সা-সুবিধা যথেষ্ট কম।

উত্তৰঃ মিছা।

(ii) যিবোৰ যান-বাহন পানীত চলাচল কৰে, সেইবোৰকে লৈ জল পৰিবহণ গঠিত হৈছে।

উত্তৰঃ সঁচা।

(iii) জল পৰিবহণৰ মাধ্যমেৰে ভাৰতৰ অন্য ৰাষ্ট্ৰৰ সৈতে দ্রব্য সামগ্ৰীৰ লেন-দেন হয়।

উত্তৰঃ সঁচা।

29.6 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. সঁচানে মিছা লিখা।

(i) ইণ্ডিয়ান এয়াৰ লাইন্সে আকাশী পৰিবহণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ সুবিধা প্ৰদান কৰে।

উত্তৰঃ মিছা।

(ii) এয়াৰ ইণ্ডিয়াই আভ্যন্তৰীণ পথত উৰণ চলায়।

উত্তৰঃ মিছা।

(iii) ভাৰতত সম্প্ৰতি 85টা বিমান বন্দৰ আছে।

উত্তৰঃ সঁচা। 

(iv) পর্যটন বিকাশত আকাশী পৰিবহণ সফল হৈছে।

উত্তৰঃ সঁচা।

(v) আকাশী পৰিবহণৰ জৰিয়তে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অতি কম সময়ৰ ভিতৰতে ক্ষণস্থায়ী সামগ্ৰীবোৰ পঠিয়াব পাৰি।

উত্তৰঃ সঁচা।

29.7 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়াবোৰ সঁচানে মিছা লিখা।

(i) টেলিফোনৰ বৰ্ধিত ব্যৱহাৰৰ বাবে ডাক চিঠিৰ সংখ্যা কমিছে।

উত্তৰঃ মিছা।

(ii) ভাৰতত প্ৰায় দহ হাজাৰ ডাকঘৰ আছে।

উত্তৰঃ মিছা। 

(iii) স্বাধীনতৰ পিছতেই দ্রুত ডাকসেৱা আৰম্ভ কৰা হৈছিল।

উত্তৰঃ মিছা।

(iv) PIN ব্যবস্থাই ডাক চিঠিসমূহ সোনকালে বিতৰণ কৰাত সহায় নকৰে।

উত্তৰঃ মিছা।

(v) কেৱল মনোৰঞ্জনৰ বাবেহে টেলি যোগাযোগ ব্যৱস্থাৰ ব্যৱহাৰ কৰা গৈছে।

উত্তৰঃ মিছা।

(vi) বাতৰি কাকতসমূহে উদ্যোগ আৰু ব্যৱসায় খণ্ডলৈও তথ্য যোগান ধৰে।

উত্তৰঃ সঁচা।

(vii) গাড়ীত বহি থাকিও ম’বাইল ফোনেৰে বাৰ্তা প্ৰেৰণ / গ্ৰহণ কৰিব পাৰি।

উত্তৰঃ সঁচা,

(viii) ভাৰতত ইণ্টাৰনেট সেৱাৰ প্ৰচলন নাই।

উত্তৰঃ মিছা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. ভাৰতৰ পৰিবহণ ব্যৱস্থাৰ ভিন্ন উপাদানবোৰ কি কি?

উত্তৰঃ ভাৰতত পৰিবহণৰ চাৰিটা মাধ্যম আছে—

1. পথ পৰিবহণ।

2. ৰে’ল পৰিবহণ।

3. জল পৰিবহণ।

4. আকাশী পৰিবহণ।

পথ, ৰে’ল আৰু জল পৰিবহণক ভূ-পৃষ্ঠৰ পৰিবহণ বুলি কোৱা হয় আৰু আকাশী পৰিবহণৰ পৰা পৃথকে আলোচনা কৰা হয়। ভূপৃষ্ঠৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ বাবে সংশ্লিষ্ট পৰিবহণবিধৰ পথ নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰে। পথ পৰিবহণৰ বাবে পথ নিৰ্মাণ কৰা প্রয়োজন। পথ পৰিবহণৰ সংযোগী পথবোৰ নির্মিত হ’লেহে পথ পৰিবহণৰ সম্প্ৰসাৰণ হ’ব পাৰে। পৰিবহণৰ সা-সুবিধা বৃদ্ধিৰ বাবে যান-বাহন বৃদ্ধি কৰাৰো প্ৰয়োজন হয়।

একেদৰেই ৰে’ল চলাচল কৰাৰ বাবে ৰে’লপথৰ প্ৰয়োজন হয়। কেৱল ৰে’লপথৰ দৈৰ্ঘ্য বৃদ্ধি কৰিলেও ৰি’ল পৰিবহণৰ উন্নতি নহয়, তাৰ বাবে পৰ্যাপ্ত সংখ্যক ৰে’লৰো প্রয়োজন হয়।

খাল, নদী আৰু সাগৰৰ মাজেৰে জল পৰিবহণ সম্ভব হয়। এনে জলপথত যাত্ৰী আৰু দ্ৰব্য কঢ়িওৱাৰ বাবে নাও আৰু জাহাজ ব্যৱহাৰ কৰা হয়। এনেদৰে সংশ্লিষ্ট পথ আৰু যান-বাহন— এই দুই উপাদান ভূপৃষ্ঠৰ পৰিবহণৰ বাবে অতি লাগতিয়াল। ভূপৃষ্ঠৰ পৰিবহণৰ উন্নয়নৰ বাবে উক্ত দুয়োবিধ উপাদানেই সম্প্ৰসাৰণৰ প্ৰয়োজন। উদাহৰণস্বৰূপে, ৰে’লপথ থাকিলেও পর্যাপ্ত পৰিমাণে ৰে’ৰ দবা নাথাকিলে ৰে’লেৰে বয়বস্তু সৰবৰাহত সমস্যাৰ সৃষ্টি হ’ব।

2. ভাৰতত কেইপ্ৰকাৰৰ পথ আছে?

উত্তৰঃ ভাৰতত চাৰি প্ৰকাৰৰ পথ আছে।

(ক) ৰাষ্ট্ৰীয় ঘাইপথ।

(খ) ৰাজ্যিক ঘাইপথ।

(গ) জিলা ঘাইপথ।

(ঘ) গাঁও পথ।

4. জল পৰিবহণ সংজ্ঞা দিয়া। ই কিমান প্ৰকাৰৰ?

উত্তৰঃ জল পৰিবহণ হৈছে পৰিবহণৰ প্ৰাচীন মাধ্যম। যেতিয়া বাছ অথবা ৰে’ল নাছিল, তেতিয়া ই অতি গুৰুত্বপূৰ্ণ আছিল। জল পৰিবহণ বুলিলে জলযান, যেনে— নাও, জাহাজ আদিকো সামৰি লোৱা হয়। ভাৰতীয় জল পৰিবহণৰ দুটা ভাগ আছে।

(ক) আভ্যন্তৰীণ জলপথ।

(খ) জাহাজ পৰিবহণ আৰু বন্দৰ পৰিবহণ।

5. ভাৰতৰ দহটা প্রধান বন্দৰৰ নাম লিখা। 

উত্তৰঃ ভাৰতৰ দহটা প্রধান বন্দৰ হৈছে—

১। মুম্বাই।

২। কলকাতা।

৩। কোচিন।

৪। কান্দলা।

৫। চেন্নাই।

৬। মামাগাঁও।

৭। পাৰদ্বীপ।

৮। মাংগালোৰ।

৯। বিশাখাপট্ৰনম।

১০। তুতিকোৰিণ।

6. ভাৰতৰ অৰ্থনীতিৰ বাবে আকাশী পৰিবহণ অতি গুৰুত্বপূৰ্ণ – ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ অৰ্থনীতিৰ বাবে আকাশী পৰিবহণৰ গুৰুত্ব অধিক। ই হৈছে সবাতোকৈ আধুনিক, খৰতকীয়া আৰু ব্যয়বহুল পৰিবহণ মাধ্যম, গতিকে, ই হৈছে আকাশী পৰিবহণৰ উল্লেখযোগ্য দিশ। ই দেশৰ পৰিচালনা, কাৰিকৰী আৰু প্ৰশাসনীয় দিশৰ সৈতে জড়িত লোকসকলৰ বাবে যথেষ্ট সহায়কাৰী। যিখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ ৰে’ল পৰিবহণক দুটা দিনৰ প্ৰয়োজন হয়, আকাশী পৰিবহণে কেইঘণ্টামানৰ ভিতৰতে সেই দূৰত্ব অতিক্ৰম কৰিব পাৰে। অৱশ্যে ইয়াৰ বাবে অধিক ধনৰ প্ৰয়োজন হয়।

আকাৰী পৰবিহণৰ কামকাসমূহক তিনিটা বহল এলেকাত ভগোৱা হৈছে— অভিযান বা উৰণ সংক্রান্তীয়, আন্তঃগাঁথনিমূলক আৰু নিয়ন্ত্রণ তথা উন্নয়নমূলক। উৰণ সংক্রান্তীয় এলেকাত ইণ্ডিয়ান এয়াৰ লাইন্স আৰু ব্যক্তিগত খণ্ডৰ এয়াৰ লাইন্স (যেনে— জেট এয়াৰৱেজ, কিংফিচাৰ ইত্যাদি) সমূহে আভ্যন্তৰীণ সেৱা আগবঢ়ায়। এয়াৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেৱা আগবঢ়ায়। ইণ্ডিয়ান এয়াৰ লাইন্সে অৱশ্যে ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈও সেৱা আগবঢ়ায়।

7. যোগাযোগৰ বাবে ডাক নেটৱৰ্কৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ যোগাযোগৰ প্রধান মাধ্যম হৈছে— ডাক আৰু টেলি যোগাযোগ। 

স্বাধীনতাৰ পিছৰে পৰাই ভাৰতত ডাকসেৱা বৃদ্ধি পাবলৈ ধৰে। এতিয়া আমাৰ দেশত 150 হাজাৰটা ডাকঘৰ আছে। স্বাধীনতাৰ সময়ত এই সংখ্যা আছিল 23 হাজাৰটা। সম্প্ৰতি 17 হাজাৰটা ডাকঘৰ নগৰাঞ্চলত আৰু 133 হাজাৰটা গাঁও অঞ্চলত আছে।

1988 চনৰ পৰা দ্রুত ডাকসেৱা আৰম্ভ হয়। এই ব্যৱস্থাৰ অধীনত নির্দিষ্ট সময়সীমাৰ ভিতৰত চিঠিপত্র পৌচাই দিয়াৰ নিয়ম কৰা হৈছে। ভাৰতত 67 খন প্রধান এই ব্যৱস্থাই সামৰি লৈছে।

ডাকসেৱাই চাৰিপ্ৰকাৰৰ ডাকঘৰক সামৰি লয় — প্রধান ডাকঘৰ, উপ-ডাকঘৰ, বিভাগীয় অতিৰিক্ত উপ-ডাকঘৰ, বিভাগীয় অতিৰিক্ত শাখা ডাকঘৰ। উদ্যোগীকৰণৰ ফলত ডাকযোগে প্রেৰিত চিঠিপত্ৰৰ সংখ্যা বাঢ়িছে। জনসংখ্যা বৃদ্ধি আৰু সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ ফলতো ডাকযোগে প্ৰেৰিত চিঠিৰ সংখ্যা বাঢ়িছে। ডাকবিভাগৰ সম্প্ৰসাৰিত কাৰ্যক্ষেত্ৰৰ বাবে যিবোৰ ঠাইলৈ টেলিফেন বা যোগাযোগৰৰ আন মাধ্যমসমূহ প্ৰৱেশ কৰিব পৰা নাই, সেইবোৰতো ডাকসেৱা আগবঢ়াবলৈ সক্ষম হৈছে।

৪. আন্তঃগাঁথনি বুলিলে কি বুজা?

উত্তৰঃ সাম্প্রতিক বিশ্বৰ কোনো অর্থনীতিতেই বিদ্যুৎ, পানী, পৰিবহণ, যোগাযোগ, বেংক ইত্যাদিবোৰ অবিহনে চলিব নোৱাৰি। কৃষি, উদ্যোগ তথা সেৱা খণ্ডত উন্নয়নৰ হাৰ বৃদ্ধি কৰিবলৈ এই সাধাৰণ সা-সুবিধাসমূহ লাগিবই। এই সুবিধাবোৰকেই আর্থিক আন্তঃগাঁথনি বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top