ASOS Class 12 Economics Chapter 23 ভাৰতবৰ্ষত পৰিকল্পনাৰ আৱশ্যকতা

ASOS Class 12 Economics Chapter 23 ভাৰতবৰ্ষত পৰিকল্পনাৰ আৱশ্যকতা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 23 ভাৰতবৰ্ষত পৰিকল্পনাৰ আৱশ্যকতা and select needs one.

ASOS Class 12 Economics Chapter 23 ভাৰতবৰ্ষত পৰিকল্পনাৰ আৱশ্যকতা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 23 ভাৰতবৰ্ষত পৰিকল্পনাৰ আৱশ্যকতা Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষত পৰিকল্পনাৰ আৱশ্যকতা

Chapter : 23

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i) 1950–51 চনত ভাৰতবৰ্ষত জনমুৰি আয় আছিল—

(ক) 2238 টকা।

(খ) 1238 টকা।

(গ) 238 টকা।

(ঘ) 38 টকা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (গ) 23 টিকা।

(ii) 1950–51 চনত ভাৰতবৰ্ষৰ তুলনাত আমেৰিকা যুক্তৰাষ্ট্ৰ জনমুৰি আয় আছিল—

(ক) 30 গুণতকৈ বেছি।

(খ) 23 গুণতকৈ বেছি।

(গ) 13 গুণতকৈ বেছি।

(ঘ) 3 গুণতকৈ বেছি।

উত্তৰঃ (ক) 30 গুণতকৈ বেছি।

(iii) ভাৰতবৰ্ষত অর্থনৈতিক পৰিকল্পনা হাতত লোৱা হৈছিল, কাৰণ—

(ক) বজাৰ অৰ্থনীতিতকৈ এইটো অধিক উপযুক্ত বুলি বিবেচনা কৰা হৈছিল।

(খ) বজাৰ অৰ্থনীতি ধাৰণাটো দূৰীকৰণৰ এটা আকাংক্ষা আছিল।

(গ) উন্নত দেশসমূহত প্রচলিত সেইটোৱেই একমাত্র পদ্ধতি আছিল।

(ঘ) মুক্ত বজাৰ অৰ্থনীতিত কিছুমান আসোঁৱাহ দূৰ কৰাটো প্ৰয়োজন আছিল।

উত্তৰঃ (ঘ) মুক্ত বজাৰ অৰ্থনীতিত কিছুমান আসোঁৱাহ দূৰ কৰাটো প্ৰয়োজন আছিল।

(iv) তলত উল্লেখ কৰাসমূহৰ ভিতৰত কোনটোক অর্থনৈতিক পৰিকল্পনাৰ এটা সুবিধা বুলি গণ্য কৰা হয়?

(ক) ই ভোক্তাৰ সন্তুষ্টি সৰ্বোচ্চ কৰাত সহায় কৰে।

(খ) ই উৎপাদনকাৰীৰ লাভ সৰ্বোচ্চ কৰাত সহায় কৰে।

(গ)ই দ্রুতগতিত উৎপাদনমূলক শক্তি আহৰণ বা প্ৰতিষ্ঠা কৰাত দেশখনক সহায় কৰে।

উত্তৰঃ (গ) ই দ্ৰুতগতিত উৎপাদনমূলক শক্তি আহৰণ বা প্ৰতিষ্ঠা কৰাত দেশখনক সহায় কৰে।

(v) নিম্নোক্ত কোনটো ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ এটা লক্ষ্য বা উদ্দেশ্য নহয়।

(ক) প্ৰযুক্তিৰ উন্নতি সাধন।

(খ) দৰিদ্ৰসকলৰ জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰা।

(গ) বাণিজ্যিক লেনদেনৰ ঘাটি।

উত্তৰঃ (গ) বাণিজ্যিক লেনদেনৰ ঘাটি।

2 . বন্ধনীৰ ভিতৰত দিয়াবোৰৰ পৰা উপযুক্ত শব্দেৰে খালী ঠাই পূৰ কৰাঃ

(সামান্যভাৱে, কম, অসমতা, অধিক উন্নত, পিছপৰা, সাক্ষৰতা, নিৰক্ষৰতা, উদ্দেশ্যসমূ, পৰিকল্পনা, নিয়ন্ত্ৰণ, বজাৰ পদ্ধতি)

(i) স্বাধীনতাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য আছিল অতি ______।

উত্তৰঃ স্বাধীনতাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য আছিল অতি অসমতা।

(ii) ভাৰতবৰ্ষত আয় কেৱল ______ নাছিল, লগতে সেইবোৰ অসমানভাৱে বিতৰণ কৰা হৈছিল।

উত্তৰঃ ভাৰতবৰ্ষত আয় কেৱল নিম্ন নাছিল, লগতে সেইবোৰ অসমানভাৱে বিতৰণ কৰা হৈছিল।

(iii) ভাৰতবৰ্ষত প্ৰযুক্তি আছিল ______।

উত্তৰঃ ভাৰতবৰ্ষত প্ৰযুক্তি আছিল অনগ্ৰসৰ।

(iv) ভাৰতবৰ্ষত 1951 চনত ______ হাৰ আছিল মাত্ৰ 16 শতাংশ।

উত্তৰঃ ভাৰতবৰ্ষত 1951 চনত সাক্ষৰতা হাৰ আছিল মাত্ৰ 16 শতাংশ। 

(v) চৰকাৰে দ্ৰুত অর্থনৈতিক উন্নয়ন সাধনৰ এটি কৌশল হিচাপে ______ গ্ৰহণ কৰে।

উত্তৰঃ চৰকাৰে দ্ৰুত অর্থনৈতিক উন্নয়ন সাধনৰ এটি কৌশল হিচাপে পৰিকল্পনা গ্ৰহণ কৰে।

(vi) ______ নিয়ন্ত্ৰণত ৰখাৰ লক্ষ্য ৰাখিয়েই অৰ্থনৈতিক পৰিকল্পনাৰ ধাৰণাটো বিবেচনা কৰা হৈছিল।

উত্তৰঃ বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণত ৰখাৰ লক্ষ্য ৰাখিয়েই অৰ্থনৈতিক পৰিকল্পনাৰ ধাৰণাটো বিবেচনা কৰা হৈছিল।

(vii) অর্থনৈতিক পৰিকল্পনাৰ ______ ফলৱতী কৰাৰ উদ্দেশ্যে পঞ্চবার্ষিক পৰিকল্পনাসমূহ প্ৰস্তুত কৰা হৈছিল।

উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনাৰ লক্ষ্য বা উদ্দেশ্য ফলৱতী কৰাৰ উদ্দেশে পঞ্চবার্ষিক পৰিকল্পনাসমূহ প্ৰস্তুত কৰা হৈছিল।

3. শুদ্ধ বিবৃতিটোত (√) চিন দিয়া।

(i) অর্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়নৰ সমাৰ্থক।

উত্তৰঃ শুদ্ধ।

(ii) অৰ্থনৈতিক বিকাশৰ ধাৰণাই অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো অন্তৰ্ভুক্ত কৰে।

উত্তৰঃ অশুদ্ধ।

(iii) অৰ্থনৈতিক উন্নয়নৰ ধাৰণাই অৰ্থনৈতিক বিকাশৰ ধাৰণা অন্তৰ্ভূক্ত কৰে।

উত্তৰঃ শুদ্ধ।

(iv) অর্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ ধাৰণা দুটাৰ ইটোৰ লগত সিটোৰ একেবাৰে সম্বন্ধ নাই।

উত্তৰঃ অশুদ্ধ।

(iV) এখন দেশত যদিহে অর্থনৈতিক উন্নয়ন সাধন হ’ব লাগে, তেন্তে অপৰিহাৰ্য দুটা পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰঃ এখন দেশত যদিহে অর্থনৈতিক উন্নয়ন সাধন হ’ব লাগে, তেন্তে অপৰিহাৰ্য দুটা পৰিৱৰ্তন হ’ল—

(ক) অসমতা হ্ৰাস কৰণ। আৰু

(খ) দৰিদ্ৰতা হাসকৰণ?

(V) এটা অঞ্চলত যদি জীৱন নিৰ্বাহৰ মানদণ্ড বৃদ্ধি পাব লাগে, তেনে ক্ষেত্ৰত নিশ্চয়কৈ হ্ৰাস পাবলগীয়া দুটা অনুপাত উল্লেখ কৰা।

উত্তৰঃ এটা অঞ্চলত যদি জীৱন নিৰ্বাহৰ মানদণ্ড বৃদ্ধি পাব লাগে, তেনে ক্ষেত্ৰত নিশ্চয়কৈ হ্ৰাস পাবলগীয়া দুটা অনুপাত হ’ল— শিশুৰ মৃত্যুৰ হাৰ আৰু নিৰক্ষৰতাৰ হাৰ।

1. স্বাধীনতাৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ অৱস্থাটোৰ সম্পৰ্কত এক বিৱৰণ দিয়া।

উত্তৰঃ (i) ব্যাপক দৰিদ্ৰতাঃ স্বাধীনতাৰ সময়ছোৱাত এজন ভাৰতীয়ৰ বছৰি জনমুৰি আয় সেই সময়ত প্ৰচলিত দামৰ ভিত্তিত আছিল 238 টকা। অন্য প্ৰকাৰে ক’বলৈ গ’লে এজন ভাৰতীয়ৰ এদিনত গড় আয় আছিল মাত্র 65 টকা। বহু সংখ্যক ভাৰতীয়ই এই গড় আয়তকৈ বহুত কম অৰ্জন কৰিছিল।

(ii) অপর্যাপ্ত বা তাকৰীয়া স্বাস্থ্য-সেৱাৰ সুবিধাঃ দেশখনে বহুবাৰ দুৰ্ভিক্ষৰ কবলত পৰিছিল। মানুহৰ প্ৰত্যাশিত গড় খুব কম আছিল। শিশুৰ মৃত্যুৰ হাৰো বেছি আছিল। সংক্ৰামক ৰোগৰো যথেষ্ট ভয়াবহতা আছিল।

(iii) উচ্চহাৰৰ জনসংখ্যা বৃদ্ধিঃ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাই আহিছিল। জন্মৰ হাৰ যথেষ্ট কম।

(iii) সাক্ষৰতা নিম্নহাৰঃ সাক্ষৰতা হাৰ যথেষ্ট কম আছিল।

(v) উদ্যোগিক বিকাশ আছিল অতি নগণ্যঃ দেশখনে অর্থনীতিয়ে ঘৰুৱা উৎপাদনৰ আধাতকৈ বেছি কৃষিৰ পৰাই লাভ কৰিছিল আৰু প্ৰায় 70 শতাংশ লোকে কেৱল কৃষিকাৰ্যৰ পৰাই আয় কৰিছিল। উদ্যোগিক বিকাশ আছিল অতিশয় পুতৌজনক।

(vi) অনগ্ৰসতাৰ প্ৰযুক্তিকৌশলঃ প্রযুক্তি আছিল অতি পিছপৰা। উৎপাদন কৌশল আছিল কোটিকলীয়া তথা পৰম্পৰাগত। সেয়েহে উৎপাদনশীলতাও আছিল তেনেই নিম্ন।

(vii) পৰম্পৰাগত ভাবধাৰা আৰু দৃষ্টিভংগীঃ অৰ্থনীতিত কঠোৰ আৰু পৰম্পৰাগত সামাজিক ভাবধাৰা তথা দৃষ্টিভংগীৰ যথেষ্ট প্ৰভাৱ আছিল। পৰম্পৰাই খাদ্যাভাসো পৰিচালিত কৰিছিল। প্ৰযুক্তি সম্পৰ্কীয় পৰিৱৰ্তনৰ প্ৰতি ভাবধাৰাও আছিল পৰম্পৰাগত।

(viii) দেশবিভাজনে সৃষ্টি কৰা সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰঃ স্বাধীনতাৰ লগতে আহিছিল দেশ বিভাজন। এই কৃত্ৰিম ৰাজনৈতিক বিভাজনে কেৱল সামাজিক অস্থিৰতাই সৃষ্টি কৰা নাছিল, ই কিছুমান সমস্যাকো গভীৰ কৰি তুলিছিল।

(ix) অন্যত দেশৰ তুলনাত জনমুৰি আয় অতি শোচনীয়।

(x) স্বাধীনতাই ভাৰতীয়ৰ মনত আশাৰ সঞ্চাৰ কৰিছিল।

2. বিভাজিত ভাৰতবৰ্ষৰ অৰ্থনীতিত দেখা দিয়া বিভাজনে কেনে ধৰণৰ প্রভাৱ পেলাইছিল তাৰে এক বর্ণনা দিয়া।

উত্তৰঃ স্বাধীনতাৰ লগতে আহিছিল দেশ বিভাজন। এই কৃত্ৰিম ৰাজনৈতিক বিভাজনে কেৱল সামাজিক অস্থিৰতাই সৃষ্টি কৰা নাছিল ই কিছুমান অর্থনৈতিক সমস্যাকো গভীৰ কৰি তুলিছিল। খাদ্য সামগ্ৰীৰ অনাটন বৃদ্ধি পাইছিল কাৰণ অধি খাদ্য শস্য উৎপাদনৰ কেইটামান অঞ্চল পাকিস্তানত অন্তৰ্ভুক্ত হৈছিল। সেইধৰণে, মৰাপাট উৎপাদন হোৱা অঞ্চলবোৰ পূৰ্ব পাকিস্তানত পৰিছিল। আনহাতে মৰাপাটৰ কাৰখানাবোৰ আছিল ভাৰতবৰ্ষত। ৰেল পৰিবহণ ব্যৱস্থা হঠাতে বন্ধ হৈ হৈছিল। অবিভক্ত ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা দেশ বিভাজন পাছত অন্য অঞ্চললৈ যি বৃহৎ সংখ্যক মানুহে প্ৰব্ৰজন কৰিছিল, তেওঁলোকৰ পুনৰ সংস্থাপন দিয়া বিষয়টোৱে ভীষণ সমস্যাৰ সৃষ্টি কৰিছিল।

3. অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত থকা পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ অৰ্থনৈতিক বিকাশ মানে হ’ল এটি দীঘলীয়া সময়সীমাৰ ভিতৰত কেৱল প্ৰকৃত জনমুৰি আয়ৰ ক্ষেত্ৰত হোৱা বৃদ্ধি। প্রকৃত আয় কথাটোৱে ইয়াত বস্তুগত উৎপাদন বুজাইছে। মুঠ উৎপাদনক মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমুৰি আয় পোৱা যায়। সেয়েহে, অর্থনৈতিক বিকাশ মানে এটি দীঘলীয়া সময়সীমাৰ ভিতৰত জনমূৰি হিচাপত মাত্ৰ বস্তু বা সেৱাৰ প্ৰচুৰতাৰ ক্ষেত্ৰত হোৱা বৃদ্ধি। আনহাতে অর্থনৈতিক উন্নয়ন অর্থনৈতিক বিকাশতকৈ বেছি। ই কেৱল জনমুৰি আয় বৃদ্ধিকেই নবুজায়, এইটোৱে অৰ্থনৈতিক সমতা আৰু দৰিদ্ৰতা হ্ৰাসকৰণকো বুজায়।

অর্থনৈতিক উন্নয়নৰ প্ৰক্ৰিয়াটো এবাৰ আৰম্ভ হ’লে অর্থনীতিত আনবোৰ গুণগত পৰিৱৰ্তনবোৰো আৰম্ভ হয়। প্রযুক্তি উন্নত হৈ আহে। উৎপাদনশীলতা বৃদ্ধি পায়। উদ্যোগৰো যথেষ্ট ভূমিকা আছে। অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত এয়া অর্থনীতিটোৰ এটা অংশতহে সংঘটিত হ’ব পাৰে। কিন্তু অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত, পৰিৱৰ্তনবোৰে অৰ্থনীতিটোৰ প্ৰায় সকলো অংশতে সমভাৱে প্ৰসাৰিত হয়। গ্রামাঞ্চলবোৰেও চহৰ অঞ্চলবোৰৰ দৰেই বিকাশ লাভ কৰে। যদিহে উৎপাদনশীলতা, প্রযুক্তি আদিৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনবোৰ কেৱল চহৰ অঞ্চলবোৰেহে লাভ কৰে, তেন্তে সেইটোক অৰ্থনৈতিক বিকাশ বুলিহে কোৱা হ’ব, অর্থনৈতিক উন্নয়ন নহয়।

4. স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষক অর্থনৈতিক বিকাশ নে অর্থনৈতিক উন্নয়নৰ প্ৰয়োজন আছিল ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষক অৰ্থনৈতিক উন্নয়ৰ প্ৰয়োজন আছিল। প্ৰকৃততে, আমাৰ অতিশয় প্ৰয়োজন আছিল জনসাধাৰণৰ আয় বৃদ্ধি কৰা, জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু গণ দৰিদ্ৰতা হ্ৰাস কৰি দেশত দূৰীকৰণ কৰোৱা। এইবোৰ হ’ল অৰ্থনৈতিক উন্নয়ন সাধন কৰা।

ভাৰতবৰ্ষীৰ নীতি নিৰ্দ্ধাৰকসকলৰ মনত এটা পৰিস্কাৰ ধাৰণা আছিল যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ অতিকে প্ৰয়োজন। যিহেতু অর্থনৈতিক উন্নয়ন মানে হ’ল জাতীয় সম্পদৰ নিৰৱচ্ছিন্ন বৃদ্ধিৰ উপৰিও আন যোগাত্মক পৰিৱৰ্তনবোৰো সংঘটিত কৰে।

জনসংখ্যা বৃদ্ধিৰ তুলনাত অধিক পৰিমাণে উৎপাদন বৃদ্ধি কৰাটো আছিল অতিকৈ প্রয়োজনীয়। যাতে জনমুৰি আয় বৃদ্ধি পায়। কেৱল তাৰ দ্বাৰাহে জনসাধাৰণে উন্নত জীৱন-যাপনত অভিজ্ঞতা লাভ কৰিব পাৰিব।

অৰ্থনৈতিক উন্নয়নৰ প্ৰক্ৰিয়াটো এবাৰ আৰম্ভ হ’লে অৰ্থনীতিত আনবোৰ গুণগত পৰিৱৰ্তনবোৰো আৰম্ভ হয়। প্ৰযুক্তি উন্নত হৈ আহে। উৎপাদনশীলতা বৃদ্ধি পায়। উদ্যোগৰো যথেষ্ট ভূমিকা আছে। অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত এয়া অর্থনীতিটোৰ এটা অংশতহে সংঘটিত হ’ব পাৰে। কিন্তু অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত, পৰিৱৰ্তনবোৰে অৰ্থনীতিটোৰ প্ৰায় সকলো অংশতে সমভাৱে প্ৰসাৰিত হয়। গ্রামাঞ্চলবোৰেও চহৰ অঞ্চলবোৰৰ দৰেই বিকাশ লাভ কৰে। যদিহে উৎপাদনশীলতা, প্রযুক্তি আদিৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনবোৰ কেৱল চহৰ অঞ্চলবোৰেহে লাভ কৰে, তেন্তে সেইটোক অৰ্থনৈতিক বিকাশ বুলিহে কোৱা হ’ব, অর্থনৈতিক উন্নয়ন নহয়।

5. ভাৰতবৰ্ষত অর্থনৈতিক পৰিকল্পনাৰ বিষয়টো ফঁহিয়াই চোৱা।

উত্তৰঃ বিভিন্ন কাৰ্যৰ দ্বাৰা চৰকাৰে সাধাৰণ মানুহে বিচৰা সামগ্ৰী বা সেৱাৰ উৎপাদনৰ বাবে সম্পদবোৰৰ বিতৰণৰ দিশ সলনি কৰিব পাৰে। চৰকাৰে আন্তঃগাঁথনিত বিনিয়োগ কৰিব পাৰে। চৰকাৰে আকৌ আয়ৰ অসমতা হ্রাস কৰিব পাৰে। গতিকে সকলোবোৰ মুক্ত বজাৰ অৰ্থনীতিত হাতত গতাই দিয়াটো উচিত নহয়।

চৰকাৰে অৰ্থনৈতিক পৰিকল্পনাকঅৰ্থনৈতিক উন্নয়নৰ উপায় বা আহিলা হিচাপে বাছি লয়। যাতে অর্থনৈতিক বিকাশৰ লগতে জীৱন-ধাৰণৰ মানদণ্ড উন্নত হয়, দৰিদ্ৰতা আৰু অসমতা হ্ৰাস পায়। অর্থনৈতিক পৰিকল্পনাই সম্প আহৰণ, আবণ্টন আৰু সম্পদৰ শ্ৰেষ্ঠতম ব্যৱহাৰক বুজায় যিবোৰে জনসাধাৰণৰ উপকাৰ কৰিব পাৰে।

মুক্ত বজাৰ অৰ্থনীতি, সম্পদবোৰক লাভ অৰ্জনৰ বাবেহে ব্যৱহাৰ কৰা হয়, জলকল্যাণৰ বাবে নহয়। সেই কাৰণে অর্থনৈতিক পৰিকল্পনাক মুক্ত বজাৰ অৰ্থনীতিতকৈ অধিক গুৰুত্ব দিয়া হয়। অর্থনৈতিক পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) ই অর্থনীতিত দ্রুতগতিত উৎপাদনমূলক শক্তি তৈয়াৰ কৰাত সহায় কৰে।

(খ) ই কেৱল চলিত উপভোগৰ বাবেই নহয়, ভৱিষ্যতৰ উৎপাদনৰ বস্তু সামগ্ৰী আৰু সোৱা উৎপাদন কৰাত সহায় কৰে।

(গ) এইটোৱেই উৎপাদনমূলক শক্তি বৃদ্ধি কৰাৰ বাবে অধিক সম্পদ আহৰণ কৰে।

(ঘ) এটা সময়ত এইটোৱেই অর্থনৈতিক অসমতা হ্ৰাস কৰাত সহায় কৰিব।

(ঙ) ই অৰ্থনীতিৰ অনগ্ৰসৰ অঞ্চলবোৰক উন্নত কৰাত সহায় কৰিব।

(চ) এইটোৱে অৰ্থনীতিৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিব আৰু দ্রুত অর্থনৈতিক উন্নয়নৰ বাবে চৰকাৰক নিৰ্দেশ দিব।

6. ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ মুখ্য লক্ষ্য বা উদ্দেশ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ মুখ্য লক্ষ্য বা উদ্দেশ্য সমূহ হ’ল—

(ক) অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাঃ ভাৰতৰ জনমুৰি আয় যথেষ্ট কম। এইটো বৃদ্ধি কৰিবলৈ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ উৎপাদন বৃদ্ধিৰ হাৰ অধিক হোৱাটো প্রয়োজনীয় আছিল।

(খ) অর্থনৈতিক অসমতা হ্ৰাস কৰাঃ ভাৰতীয় অৰ্থনীতিত কেৱল নিম্ন আয়েই নহয়, আয়ৰ বিতৰণৰ বৃহৎ অসমতাও ইয়াৰ এক বৈশিষ্ট্য। যিসকল ধনী তেওঁলোক ধনী। আনহাতে দৰিদ্ৰসকল ইমানেই দৰিদ্ৰ যে তেওঁলোকে আনকি তেওঁলোকৰ প্ৰয়োজনীয় খাদ্যখিনিও যোগাৰ কৰিব নোৱাৰে। তেওঁলোকে ভোকাতুৰে থাকিব লগীয়া হয়। দৰিদ্ৰসকলৰ আয়ৰ পৰ্যায় বৃদ্ধি কৰি আয়ৰ অসমতা হ্ৰাস কৰাতো অর্থনৈতিক পৰিকল্পনাৰ অন্যতম লক্ষ্য।

(গ) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য। ইয়াৰ অৰ্থ হ’ল সম্পদ আৰু কৃষিজাত কেঁচা সামগ্ৰীবোৰ ৰপ্তানী কৰাৰ পৰিৱৰ্তে আমাৰ দেশখনে সেইবোৰ আন দেশৰ পৰা আমদানি কৰা সামগ্ৰীবোৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব লাগিব। তেতিয়া অর্থনীতিটোৱে দেশৰ উদ্যোগিক উৎপাদন বঢ়াবলৈ সমৰ্থ হ’ব। আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা লক্ষ্যটোৱে দেশখনে আমাৰ বাবে ব্যয় কৰিবলৈ উৎপাদনমূলক সামর্থ্য বৃদ্ধি কৰাটোও বুজায়।

(ঘ) ভাৰসাম্য আঞ্চলিক উন্নয়ন নিশিত কৰাঃ বিভিন্ন অঞ্চলৰ উন্নয়নৰ পৰ্যায়ত থকা ভাৰসাম্যহীনতা হ্ৰাস কৰাটোও অৰ্থনৈতিক পৰিকল্পনাৰ অন্যতম লক্ষ্য। কিছুমান অঞ্চল উদ্যোগীকৰমৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল আৰু আনহাতে কিছুমান তেনেই অনগ্ৰসৰ। অৰ্থনৈতিক পৰিকল্পনাই সেয়েহে দেশৰ বিভিন্ন অঞ্চলৰ মাজত থকা অর্থনৈতিক বৈষম্য হ্ৰাস কৰিব বিচাৰে।

(ঙ) আধুনিকীকৰণঃ অৰ্থনীতিৰ আধুনিকীকৰণ হৈছে ভাৰতবৰ্ষৰ অর্থনৈতিক পৰিকল্পনাৰ অন্যতম লক্ষ্য বা উদ্দেশ্য। নতুন উদ্যোগ প্ৰতিষ্ঠা কৰা, উৎপাদন কৌশল বা পদ্ধতি উন্নত কৰা, উৎপাদন গোটবোৰৰ সাংগঠনিক দিশ উন্নত কৰাটোৱে দীৰ্ঘকাল জুৰি অৰ্থনৈতিক বিকাশ নিশ্চিত কৰে। আধুনিকীকৰণে সামাজিক দৃষ্টিভংগী, অভ্যাস পৰিৱৰ্তন কৰাটো এক লক্ষ্য হিচাপে গ্ৰহণ কৰে যাতে উৎপাদনশীলতা আৰু আয় বৃদ্ধি কৰিব পাৰি।

(চ) নিয়োগহীনতা বা কর্মসংস্থানহীনতা হ্ৰাস কৰাঃ পৰিকল্পনাকাৰী সকলে ভাবিছিল যে অর্থনৈতিক বিকাশে দেশখনত কৰ্মসংস্থানৰ সুবিধা সৃষ্টি কৰিব। তেওঁলোকে অর্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ বিচাৰিছিল। কাৰণ সেইটোৱেহে আয় বৃদ্ধি কৰাৰ লগতে নতুন কর্মসংস্থানৰ সৃষ্টি কৰি নিবনুৱা সংখ্যা হ্ৰাস কৰিব পাৰিব আৰু সংস্থাপনৰ বজাৰখনত নতুন প্রজন্মই সুবিধা পাব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top