ASOS Class 12 Economics Chapter 22 মুদ্ৰাৰ যোগান আৰু বিনিময় অথবা নিয়মানুকৰণ

ASOS Class 12 Economics Chapter 22 মুদ্ৰাৰ যোগান আৰু বিনিময় অথবা নিয়মানুকৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 22 মুদ্ৰাৰ যোগান আৰু বিনিময় অথবা নিয়মানুকৰণ and select needs one.

ASOS Class 12 Economics Chapter 22 মুদ্ৰাৰ যোগান আৰু বিনিময় অথবা নিয়মানুকৰণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 22 মুদ্ৰাৰ যোগান আৰু বিনিময় অথবা নিয়মানুকৰণ Solutions for All Subject, You can practice these here.

মুদ্ৰাৰ যোগান আৰু বিনিময় অথবা নিয়মানুকৰণ

Chapter : 22

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনীৰ ভিতৰত দিয়া উপযুক্ত শব্দেৰে খালী ঠাই পূৰ কৰাঃ

(i) মুদ্ৰাক নিজৰ বাবে (বিচৰা হয়, বিচৰা নহয়)।

উত্তৰঃ মুদ্ৰাক নিজৰ বাবে বিচৰা হয়।

(ii) নগদ টকা ______ (সময়, চাহিদা) জমাৰ পৰা ধনাদেশ লিখি উলিয়াব পাৰি।

উত্তৰঃ নগদ টকা চাহিদা জমাৰ পৰা ধনাদেশ লিখি উলিয়াব পাৰি।

(iii) কাগজী নোট ধাতুমুদ্ৰা দ্বাৰা কৰা পৰিশোধেই _______ (একমাত্র পৰিশোধ, একমাত্র পৰিশোধ নহয়)।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ কাগজী নোট আৰু ধাতুমুদ্রা দ্বাৰা কৰা পৰিশোধেই একমাত্র পৰিশোধ নহয়।

(iv) চাহিদা জমা বিধিগত মুদ্রা ______ (হয়, নহয়)।

উত্তৰঃ চাহিদা জমা বিধিগত মুদ্ৰা নহয়।

2. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) কাগজী মুদ্ৰাবিলাক ছপা কৰে —

(ক) বাণিজ্যিক বেঙ্কবিলাকে।

(খ) কেন্দ্রীয় বেঙ্কে।

(গ) চৰকাৰে।

(ঘ) ওপৰৰ সকলোৱে।

উত্তৰঃ (খ) কেন্দ্ৰীয় বেঙ্কে।

(ii) ধাতুমুদ্ৰা বিলাক উলিয়ায়—

(ক) বাণিজ্যিক বেঙ্কবিলাকে।

(খ) কেন্দ্ৰীয় বেঙ্কে।

(গ) চৰকাৰে।

(ঘ) ওপৰৰ সকলোৱে।

উত্তৰঃ (গ) চৰকাৰে।

(iii) দেশৰ মুদ্ৰাৰ মজুতত অন্তৰ্ভুক্ত হোৱা বিষয়সমূহহ’ল—

(ক) জনসাধাৰণ আৰু বেঙ্কৰ হাতত থকা কাগজী নোট আৰু ধাতুমুদ্রাবিলাক।

(খ) বাণিজ্যিক বেঙ্কৰ চাহিদা জমাবিলাক।

(গ) বাণিজ্যিক বেঙ্কবিলাকৰ কেন্দ্ৰীয় বেঙ্কত থকা জমাসমূহ।

(ঘ) ওপৰৰ সকলোবোৰ।

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।

(iv) দেশৰ মুদ্ৰাৰ যোগানত অন্তৰ্ভূক্ত—

(ক) কেৱল জনসাধাৰণ আৰু বেঙ্কৰ হাতত থকা কাগজী নোট আৰু ধাতুমুদ্ৰাবিলাক৷

(খ) কেৱল বাণিজ্যিক বেঙ্কবিলাকৰ চাহিদা জমাবিলাক।

(গ) (ক) আৰু (খ) দুয়োটাই।

(ঘ) (ক) ও নহয় (খ) ও নহয়।

উত্তৰঃ (ক) কেৱল জনসাধাৰণ আৰু বেঙ্কৰ হাতত থকা কাগজী নোট আৰু ধাতুমুদ্ৰাবিলাক।

1. মুদ্ৰাৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ আধুনিক অর্থনৈতিক ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈছে মুদ্রা। এনে অৰ্থনীতিত মুদ্ৰাৰ ব্যৱহাৰ সৰ্বত্ৰ। উপভোগ, উৎপাদন, বিনিময়, বিতৰণ আৰু চৰকাৰী ৰাজহ ব্যৱস্থাত মুদ্ৰাৰ ব্যৱহাৰৰ ব্যাপকতা পৰিলক্ষিত হয়। মুদ্ৰাৰ ব্যৱহাৰৰ এনে ব্যাপকতাৰ কাৰণেই কোৱা হয় যে মুদ্ৰাক কেন্দ্ৰ কৰিয়েই অৰ্থবিজ্ঞানৰ ক্রমবিকাশ ঘটিছে। মুদ্ৰাৰ ব্যৱহাৰৰ অবিহনে আধুনিক অর্থনৈতিক ব্যৱস্থাৰ সকলো কাম-কাজ অচল হৈ পৰিব। আৰু সেই কাৰণেই অৰ্থবিজ্ঞানত মুদ্ৰাৰ কাৰ্যাৱলী আৰু ইয়াৰ ব্যৱহাৰৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে প্ৰধানকৈ আলোচনা কৰা হয়। এখন দেশৰ প্ৰতিটো অৰ্থনৈতিক কাম-কাজেই মুদ্ৰাৰ লগত জড়িত হৈ আছে। মুদ্ৰাৰ ব্যৱহাৰৰ ফলত মানুহে নিজৰ অভাৱ নিৰ্ধাৰণ সহজভাৱে কৰাৰ উপৰিও সীমিত সম্পদেৰে কোনবোৰ দ্ৰব্য উৎপাদন কৰিব সেই বিষয়েও সিদ্ধান্ত সহজে গ্ৰহণ কৰিব পৰা হৈছে।

আধুনিক ঔদ্যোগিক অর্থনীতিত মূল ভিত্তি হৈছে মুদ্রা। পণ্যবিনিময় ব্যৱস্থাৰ সকলো অসুবিধা দূৰ কৰাৰ লগতে মুদ্ৰাই উৎপাদন, উপভোগ, বিতৰণ ইত্যাদি ব্যৱস্থাৰ সহজ পৰিচালনাৰ সম্ভৱপৰ কৰি তুলিছে। বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ হোৱা মুদ্রাই উপভোক্তাসকলক নিজ প্রয়োজনীয় দ্রব্যসামগ্ৰী আহৰণ আৰু উপভোগ কৰাত সহায় কৰাৰ লগতে উপভোক্তাৰ স্বাধীনতা ৰক্ষা কৰাৰ ক্ষেত্ৰতো উল্লেখযোগ্য বৰঙণি যোগাইছে।

মুদ্ৰাৰ ব্যৱহাৰৰ কাৰণেই সাম্প্রতিক কালছোৱাত বৃহৎ আকাৰৰ উৎপাদন ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাটো সম্ভৱপৰ হৈছে। উপযুক্ত শ্রমবিভাজনৰ প্রয়োগ আৰু উৎপাদন ব্যৱস্থাৰ পৰিচালনা উদ্যোক্তাৰ কাৰণে সহজ হৈ পৰাৰ মূলতে হৈছে মুদ্ৰাৰ ব্যৱহাৰ। মুদ্ৰাৰ ব্যৱহাৰৰ কাৰণেই উৎপাদন ব্যৱস্থাৰ কাৰণে প্রয়োজনীয় পুঁজি আৰু আহৰণ আৰু মুনাফা আহৰণৰ বিষয়সমূহ সহজ হৈ পৰিছে।

মুদ্ৰাৰ ব্যৱহাৰে বিভিন্ন উৎপাদিত দ্রব্যসামগ্ৰীৰ বিনিময় ব্যৱস্থাটো অতি সহজ কৰি তুলিছে। ক্ষিপ্ৰভাৱে বিনিময়কার্য সম্পাদন ব্যৱসায়-বাণিজ্যৰ উন্নতি আৰু সম্প্ৰসাৰণৰ মূল ভিত্তি। মুদ্ৰাৰ ব্যৱহাৰে ক্ষিপ্ৰভাৱে বিনিময়কার্য সম্পাদনত সহায় কৰি ব্যৱসায়-বাণিজ্যৰ প্ৰখৰ উন্নয়ন আৰু সম্প্ৰসাৰণত ইন্ধন যোগাইছে।

উৎপাদনৰ উপাদানসমূহৰ মাজত ৰাষ্ট্ৰীয় উপাৰ্জনৰ বিতৰণ ব্যৱস্থা সহজ কৰি তোলাৰ ক্ষেত্ৰতো মুদ্ৰাৰ বৰঙণি উল্লেখযোগ্য। উৎপাদনৰ চাৰিটা উপাদানৰ যুটীয়া প্ৰচেষ্টাত উৎপাদন হোৱা দ্ৰব্যসামগ্ৰীৰ মূল্যৰপৰা মজুৰি হিচাপে শ্ৰমিকাৰ অংশ, খাজনা হিচাপে ভূমিৰ অংশ, সুত হিচাপে মূলধনৰ অংশ আৰু মুনাফা হিচাপে উদ্যোক্তাৰ অংশ নিৰ্ধাৰণৰ ক্ষেত্ৰত মুদ্ৰাৰ বৰঙণি উল্লেখযোগ্য। মুদ্ৰাৰ ব্যৱহাৰৰ অবিহনে যুক্তভাৱে উৎপাদন কৰা দ্রব্যসামগ্ৰী মূল্যৰপৰা উৎপাদনকার্যত নিযুক্ত থকা বিভিন্ন উপাদানৰ আপেক্ষিক অংশ নিৰ্ধাৰণ কৰাটো সম্ভৱপৰ নহয়।

2. বাণিজ্যিক বেঙ্কৰ চাহিদা জমা আৰু সময় জমাৰ পাৰ্থক্য উলিওৱা। এই দুটাৰ মাজত কোনটো মুদ্ৰা বুলি ধৰা হয় আৰু কিয়?

উত্তৰঃ আমি মুদ্ৰা নিজৰ হাত, নিৰাপদ স্থানত আৰু বেঙ্কত ৰাখো। সেইদৰে অনুষ্ঠান, ব্যৱসায়িক প্রতিষ্ঠান আদিয়েও কাউণ্টাৰ অথবা এনে স্থানতেই অথকা নিজৰ হাততেই মুদ্ৰা ৰাখে। ইবিলাকক সাজুৰ ৰখা মুদ্ৰা বা অৰ্থ বুলি কোৱা হয়। এনেধৰণৰ মুদ্ৰাক আমি কোনো দ্ৰব্য আৰু সেৱা ক্ৰয় কৰা অথবা ধাৰে দিয়া কাৰ্যত ব্যৱহাৰ কৰো। যিবোৰ মুদ্রা বা টকা আমাৰ হাতত থাকে অথবা ঢুকি পোৱা স্থানতে থাকে, তেনেবিলাক মুদ্ৰা কাগজী নোট বা খুচুৰা ধাতু মুদ্ৰা ৰূপত থকে। আনহাতে বেঙ্কত ৰখা মুদ্ৰাক বেঙ্ক জমা বুলি কোৱা হয়।

বেঙ্কত মুদ্ৰা ৰাখিবলৈ আমাৰ নামত এটা হিচাপ খোলে। ইয়াকে বেঙ্ক হিচাপ বুলি কোৱা হয়। বেঙ্কিং সমছোৱাত বেঙ্কে এনেবিলাক মুদ্রা বা টকা পইচা হিচাপব পৰা উলিয়াই অনাত সুবিধা কৰি দিয়ে। বেঙ্কে কিছুসংখ্যক ধনাদেশ থকা এখন বহী দিয়ে। এনে ধৰণৰ ধনাদেশৰ সহায়ত আমি বেঙ্কৰ হিচাপৰ পৰা আনি নিজে টকা উলিয়াই আনিব পাৰো। তৎকালীনভাৱে বেঙ্কৰ পৰা উলিয়াই আনিব পৰা সুবিধা থকা জমাক চাহিদা জমা বুলি কোৱা হয়। এই কাৰণেই যে চাহিদা অনুসৰিয়েই এনেবিলাক জমাৰ টকা উলিয়াই আনিব পাৰি। যিবিলাক জমাৰ পৰা থিতাতে টকা উলিয়াই আনিব নোৱাৰি, সিবিলাকক সময় জমা বুলি কোৱা হয়। ইয়াৰ কাৰণ হ’ল এনেবিলাক হিচাপৰ পৰা টকা উলিয়াই আনিব পাৰি কেৱল জমাকাৰী আৰু বেঙ্কৰ মাজত থকা চুক্তিখনত থকা সময় উকলি যোৱাৰ পিছতহে। কেৱল চাহিদা জমা থকা টকাহে সাজু হৈ থকা অথবা হাতত থকা টকা বুলি কব পাৰি।

এই দুটাৰ ভিতৰত চাহিদা জমাক মুদ্ৰা বুলি ধৰিব পাৰি।

3. মুদ্রা সংক্রান্তীয় পৰিশোধবিলাক কৰাৰ বিভিন্ন পদ্ধতিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ মুদ্রা সংক্রান্তীয় পৰিশোধবিলাক কৰাৰ দুটা পদ্ধতি হ’ল—

(ক) কাগজী নোট আৰু ধাতু মুদ্ৰা। আৰু

(খ) এখন ধনাদেশ।

ধৰি লোৱা তুমি কিতাপ বিক্রেতা এজনৰ ওচৰলৈ যোৱা আৰু এখন কিতাপ কিনা। কিতাপ দামটো মুদ্ৰা হিচাপ প্ৰকাশ কৰা হয়। কিতাপখনৰ দাম 100 টকা। তুমি এখন 100 টকা মূল্যৰ কাগজী নোট উলিয়াই বিক্রেতাজনক পৰিশোধ কৰা৷ এইটো হ’ল পৰিশোধ কৰাৰ এটা ব্যৱস্থা। কিতাপৰ দোকানীজনে এই 100 টকীয়া নোটখন গ্ৰহণ কৰিলে, কাৰণ এই নোটখন কিতাপৰ প্ৰকাশকজনক পৰিশোদ কৰিলে তেওঁৱো গ্ৰহণ কৰে। প্ৰশ্নটো হ’ল কিতাপ বেচা মানুহজনৰ এই বিশ্বাস। এই বিশ্বাসটো দেশৰ আইনৰ দ্বাৰা বিধিগতভাবে প্রত্যেকজন লোকক প্ৰদান কৰা হৈছে। আইনমতে কোনো লোকেই এইদৰে দ্ৰব্য আৰু সেৱা ক্রয় কৰাৰ বাবদ পৰিশোধ কৰা নোটখন ল’বলৈ অস্বীকাৰ কৰিব নোৱাৰে। এনেদৰে বিধিগতভাৱে যিবিলাক মুদ্ৰাৰ প্ৰচলন কৰা হয় সিবিলাক বিধিগত মুদ্ৰা বুলি কোৱা হয়। দেশৰ বিধিগত টকা ৰূপত থকা কাগজী নোট আৰু মুদ্ৰাবিলাক বিধিগত মুদ্রা।

আনহাতে কোনো লোকৰ টকা পৰিশোধ কৰিবৰ বাবে কাগজী নোট নাই। কিন্তু তৎক্ষণাত টকা উলিয়াই আনিব পৰা বেঙ্ক আছে আৰু বেঙ্কত টকাও আছে। বেঙ্কলৈ গৈ টকা উলিয়াই আনি পৰিশোধ কৰিব পাৰে। অৱশ্যে এই কাম কৰোতে সময় খৰচ হ’ব। তেতিয়া ধনাদেশৰ দ্বাৰা এই কামটো সমাধান কৰিব পাৰি।

4 . দেশৰ কোনে কাগজী মুদ্ৰা আৰু ধাতুৰ মুদ্ৰা ছপা কৰি উলিয়ায়?

উত্তৰঃ দেশৰ কাগজী মুদ্ৰাআৰু ধাতৰ মুদ্ৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে ছপা কৰি উলিয়ায়।

5. বাণিজ্যিক বেঙ্কবিলাক ঋণদান কাৰ্য আৰু জমাকাৰীৰ স্বাৰ্থ এই দুয়োটাৰ মাজত থকা সংঘাত চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ কোনো এখন দেশত মুদ্রা মজুত প্ৰসঙ্গত বাণিজ্যিক বেঙ্কবিলাকৰ ঋণদান কাৰ্য অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আমি বাণিজ্যিক বেঙ্কবিলাকৰ ঋণদান কার্যৰ বিষয়ে জানিব লাগিব। ঋণদানৰ বাবে বাণিজ্যিক বেঙ্কবিলাকে পুঁজি গঠন কৰিব লাগিব। এই পুঁজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস হ’ল জনসাধাৰণ আৰু অনুষ্ঠানবিলাকে ৰখা জমাবোৰ। ভাৰতৰ জনসাধাৰণে সঞ্চয় হিচাপ জমা ৰাখে। আনহাতে অনুষ্ঠান আৰু উৎপাদন প্রতিষ্ঠানসমূহে চলিত হিচাপত জমা ৰাখে। চলিত হিচাপত জমাৰ বাবদ সুদ পৰিশোধ কৰা নহয়। আনহায়ে সঞ্চয় হিচাপত জমা ৰাখিলে সুদ দিয়ে। এই দুই ধৰণৰ হিচাপত থাউকতে টকা উলিয়াই আনিব পৰা সুবিধা থাকে। ইয়াৰ উপৰিও বেঙ্কবিলাকে হিচাপৰক্ষকসকলক এটা বেঙ্কৰ পৰা আনটো বেঙ্কলৈ পুঁজি সংগ্রহ, স্থানান্তৰ কৰাৰো সুবিধা দিয়ে৷ বেঙ্কবিলাকে জমাকাৰী সকলক তেওঁলোকে বিছৰামতে সময়ে সময়ে হিচাপৰ পৰিস্থিতি জানিবলৈ দিয়ে। এনেবিলাক সেৱা প্ৰদান কৰাৰ বাবে বেঙ্কে কোনো মাচুল দাবী নকৰে।

বেঙ্কে সুদ আৰু মুক্ত সেৱাৰ বাবে কৰা ব্যয় খৰচ বহন কৰিবলৈ উপাৰ্জন কৰিব লাগিব। এই উপাৰ্জন কৰিবলৈ হ’লে গ্ৰাহকক ঋণ দি পুঁজিৰ যোগান ধৰে আৰু তাৰ বাবদ গ্ৰাহকৰ পৰা সুদ পায়। এই কাৰ্যই গ্ৰাহকক বিমোৰত পেলাইছে। বেঙ্কে গ্রাহকক অথবা জমাকাৰীক তেওঁলোকে টকা বিচৰামতে তাৎক্ষণিকভাৱে টকা উলিয়াই নিয়াৰ সুবিধা প্ৰদান কৰে। অৰ্থাৎ বেঙ্ক গ্ৰাহকৰ চাহিদা পূৰ কৰিবলৈ সমৰ্থ হৈ থাকে অৰ্থাৎ তেওঁলোকে বিচৰামতে টকা গ্ৰাহকক ঘূৰাই দিব লাগে৷ যদি বেঙ্কে জমাকাৰীক তেওঁলোকৰ হাতত থকা ধাৰলৈ দি দিয়ে, তেন্তে ইবিলাক কেনেকৈ গ্ৰাহকক বিচৰামতে টকাখিনি ঘূৰাই দিব বা পৰিশোধ কৰিব। আনহাতে যদি বেঙ্কে কোনো লোককে ধাৰলৈ নিদিয়ে অথবা টকাখিনি জমা হিচাপত ৰাখি থয়, তেন্তে ইবিলাকে কোনো ধৰণৰ উপাৰ্জন কৰিব নোৱাৰিব আৰু তেনেক্ষেত্ৰত বেংকে কেনেকৈ ব্যয় বহন কৰিব অথবা গ্ৰাহকক মুক্ত সেৱা আগবঢ়াব?

6. কেনেকৈ বিধিগত সংৰক্ষণ প্রয়োজনীয়তাই বাণিজ্যিক বেঙ্কৰ ঋণদান ৰোধ কৰিব পাৰে বৰ্ণনা কৰা।

উত্তৰঃ বিধিগত সংৰক্ষণ হ’ল জমাকাৰীসকলৰ জমাৰ এটা নিম্নতম শতাংশ যিটো বাণিজ্যিক বেঙ্কবিলাকে বিধিগতভাৱে সংৰক্ষণ কৰিব লাগে। বাকী অংশ তেওঁলোকে ঋণ হিচাপে আগবঢ়ায়। যিমানে বিধিগত সংৰক্ষণৰ অনুপাত বেছি হ’ব, সিমানে বেঙ্কৰ ঋণদান ক্ষমতা কমি যাব।

যদি বেঙ্ক বিলাকে নতুন জমাৰ পৰা এটকাও ঋণ নিদিয়ে, তেন্তে নতুন কোনো জমাৰ উদ্ভৱ নহয়। যদি তেওঁলোকে জমাৰ এটা অংশ ঋণ দিয়ে তেন্তে নতুন জনাৰ সপৰিমাণৰ ঋণ সৃষ্টি কৰা হয়। অৱশ্যে এই কথা নিৰ্ভৰ কৰিব সমগ্ৰ ঋণদান পৰিমাণটো যদিহে বেঙ্কলৈ ঘূৰি আহে। যদি কিছুমান লোকৰ বেঙ্কিং অভ্যাস নাই আৰু তেওঁলোকক পৰিশোধ কৰা টকা বেঙ্কত নাৰাখে, তেন্তে এই ঋণ সৃষ্টিৰ কাৰ্য সীমিত হৈ পৰে।

আকৌ বাণিজ্যিক বেঙ্কত মুদ্ৰা সৃষ্টি কৰিব পৰা ক্ষমতা অথবা জমা সৃষ্টি কৰিব পৰা ক্ষমতাটো নিৰ্ভৰ কৰি বিধিগত সংৰক্ষণ প্রয়োজনীয়তাৰ ওপৰত। যিমানে বিধিগত সংৰক্ষণ হ’ব সিমানে বাণিজ্যিক বেঙ্কবিলাকত মুদ্ৰাৰ সৃষ্টি কৰিব পৰা ক্ষমতা অথা ঋণদান ক্ষমতা কমি যাব। এই বিধিগত সংৰক্ষণ অনুপাতটো কেন্দ্ৰীয় বেঙ্কৰ দ্বাৰা নিৰ্ধাৰিত হয়।

7. দেশৰ মুদ্ৰা মজুতৰ উপাংশসমূহ বৰ্ণনা কৰা।

উত্তৰঃ কোনো এটা অৰ্থনৈতিক ব্যৱস্থাত মুদ্ৰাৰ মুঠ মজুতটো চাৰিটা উপাংশৰে গঠিত।

(ক) জনসাধাৰণৰ হাতত কাগজী নোট আৰু ধাতু মুদ্ৰা।

(খ) বাণিজ্যিক বেঙ্কৰ হাতত থকা কাগজী নোট আৰু ধাতুমুদ্রা।

(গ) বাণিজ্যিক বেঙ্কবিলাকৰ কেন্দ্ৰীয় বেঙ্কত থকা জমাৰ পৰিমাণ।

(ঘ) বাণিজ্যিক বেঙ্কবিলাকৰ হাতত থকা চাহিদা জমাবিলাক।

৪. দেশৰ মুদ্ৰা যোগানৰ উপাংশসমূহ বৰ্ণনা কৰা।

উত্তৰঃ দেশৰ মুদ্ৰা যোগানৰ উপাংশসমূহ হ’ল— 

(ক) জনসাধাৰণৰ হাতত থকা কাগজী নোট আৰু ধাতুমুদ্রা।

(খ) বাণিজ্যিক বেঙ্কবিলাকৰ চাহিদা জমাসমূহ। 

9. মুদ্ৰাৰ যোগান ৰোধ কৰাৰ প্ৰয়োজনীয়তা বাখ্যা কৰা।

উত্তৰঃ মুদ্ৰাৰ যোগানৰ ভিতৰত বেঙ্কৰ বাহিৰত থকা কাগজী নোট আৰু ধাতুমুদ্ৰা আৰু বেঙ্কৰ থকা চাহিদা জমা অন্তর্ভুক্ত। কাগজী নোট, ধাতুমুদ্ৰা আৰু চাহিদা জমা আদি প্রত্যেক মহূর্ততে বিশেষ ব্যক্তি, উৎপাদন প্রতিষ্ঠান আদিৰ হাতত থাকিব লাগে। মুদ্রাই দ্ৰব্য আৰু সেৱাৰ ওপৰত কৰ্তৃত্ব চলায়। যিমানে মুদ্ৰা হাতত থাকিব, সিমানে দ্ৰব্য আৰু সেৱা পাবলৈ সক্ষম হ’ব। মুদ্রা হাতত নাৰাখিলে অথবা খৰচ নকৰিলে তেওঁ দ্ৰব্য আৰু সেবা পৰা পৰা ক্ষেত্ৰসমূহৰ পৰা বঞ্চিত হৈ সন্তুষ্টি লাভ কৰিব নোৱাৰিব। সেয়ে ব্যক্তি অথবা উৎপাদন প্রতিষ্ঠানে সকলো পৰিমাণৰ মুদ্ৰা হাতত পৰিলে ৰাখি থবলৈ নিবিচাৰে। সাধাৰণতে প্রত্যেক ব্যক্তিয়েই মুদ্ৰাৰ এটা নিৰ্দিষ্ট অংশ এটা সময়ত হাতত ৰাখি থবলৈ বিচাৰে। কিমান পৰিমাণৰ মুদ্ৰা বা টকা হাতত ৰাখি থব সেই কথা নিৰ্ভৰ কৰে ব্যক্তিজনৰ আয়ৰ পৰিমাণ, দৈনন্দিন লেন-দেন ইত্যাদিৰ ওপৰত। যিমানে মানুহৰ আয় বেছি হ’ব অথবা ক্রয় বিক্রয়বিলাক বেছি পৰিমাণে কৰিব, তেওঁলোকে বেছি পৰিমাণৰ অৰ্থ বা টকা পইচা হাতত ৰাখিব। সেইবাবেই আমি প্রত্যেকেই এটা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ হাতত ৰখাৰ অথবা চাহিদা জমা কৰাৰ অভ্যাস আছে।

দেশত যেতিয়া মুদ্ৰাৰ যোগান বৃদ্ধি হয় আৰু মানুহৰ হাতত যেতিয়া অতিৰিক্ত অর্থ বা টকা পইচা থাকে, তেওঁলোকে হয় উপভোগত নহয় বিনিয়োগত ব্যয় কৰে। ইয়াৰ ফলত দ্ৰব্য আৰু সেৱাবিলাকৰ চাহিদা বৃদ্ধি পায় আৰু দেশৰ সাধাৰণ মূল্যস্তৰ বৃদ্ধি হয়।

আনহাতে যদি মানুহৰ হাতত থকা মুদ্রা অথবা অৰ্থৰ পৰিমাণ গড় প্রয়োজনীয়তাতকৈ কম হয় মুদ্ৰাৰ যোগান হ্রাস পায় আৰু তেওঁলোকে প্রাপ্ত মুদ্রা ব্যয় কৰাৰ পৰা আঁতৰি থাকে আৰু মুদ্ৰা হাতত ৰখা পৰিমাণটো গড় পৰ্যায়লৈ উলটি যায়। ইয়াৰ ফলত দ্ৰব্য আৰু সেৱাৰ চাহিদা হ্রাস পায় আৰু ইয়াৰ ফলত দাম কমি যায়। গতিকে মুদ্ৰাৰ যোগান হ্রাস পালে দ্ৰব্যৰ দাম কমি যায়। 

কোনো এটা অৰ্থনীতিত দাম বেছি হ্রাস বৃদ্ধি, দামৰ অবিৰতভাৱে বৃদ্ধি, অথবা অবিৰতভাৱে হ্রাস আকি কাৰ্যবিলাক অর্থনৈতিক প্ৰগতিত পৰিচায়ক নহয়। মুদ্ৰাৰ যোগানে দামক প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে মুদ্ৰাৰ যোগানৰ প্ৰতি দৃষ্টি ৰাখি দামৰ ওপৰত হ’ব পৰা বৃহৎ পৰিতৰ্কনবিলাক ৰোখ দৰিব পাৰে।

10. মুকলি বজাৰ কিনাবেচাই কেনেকৈ মুদ্ৰাৰ যোগান ৰোধ কৰে?

উত্তৰঃ যেতিয়া কেন্দ্ৰীয় বেঙ্কে প্রতিভূতি বিক্ৰী কৰে, বাণিজ্যিক বেঙ্কবিলাকত থকা জমাবিলাক উলিয়াই অনা হয় আৰু কেন্দ্ৰীয় বেঙ্কত জমা দিয়া হয়। যিহেতু বাণিজ্যিক বেঙ্কবিলাকত জমা হ্রাস পাব, ইবিলাকৰ ঋণদান ক্ষমতাও কমি যাব। যদি এটকা জমাও কমে তেন্তে বেংকত জমা সৃষ্টি কৰাৰ ক্ষমতা বহু টকালৈকে কমি যায়। সেইদৰে কেন্দ্ৰীয় বেংঙ্কে যদি মুদ্ৰাৰ যোগান বৃদ্ধি কৰিবলৈ বিচাৰে, তেতিয়া ই জনসাধাৰণৰ পৰা প্ৰতিভূতি ক্ৰয় কৰে আৰু বিক্ৰেতাৰ নামত ধনাদেশ লিখি তেওঁলোকক পৰিশোধ কৰে। জনসাধাৰণে এই পৰিমাণটো বেঙ্কত জমা দিয়ে। কেন্দ্রীয় বেঙ্কে এই কৌশলৰ সহায়ত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰা কাৰ্যক মুকলি বজাৰত কিনাবেচা বুলি কোৱা হয়। ইয়াক মুকলি বজাৰ মানে কেন্দ্ৰীয় বেঙ্কে মুকলি বজাৰত প্ৰতিভূতি কিনাবেচা কৰাটোকে বুজায়।

11. বেঙ্কৰ হাৰ কি? মুদ্ৰাৰ যোগান ৰোখ কৰিবলৈ ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ বেংকৰ হাৰ হ’ল কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকবিলাকক ঋণ দিয়াৰ বাবদ ইবিলাকৰ ওপৰত আৰোপ কৰা সুদ। যেতিয়া বেঙ্কৰ হাৰ বৃদ্ধি কৰা হয়, তেতিয়া বাণিজ্যিক বেংকেবোৰেও আগবঢ়োৱা ঋণৰ বাবে সুদৰ পৰিমাণ বৃদ্ধি কৰে। তেতিয়া ঋণ লোৱাটো ব্যয়বহুল হৈ পৰে আৰু জনাসাধাৰণে কমকৈ ঋণ গ্ৰহণ কৰে।

যদি কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকক ধাৰে দিয়ে আৰু বাণিজ্যিক বেঙ্কবিলাকে জনাসাধাৰণক ধাৰি দেয়ি, তেন্তে বাণিজ্যিক বেঙ্কবিলাকে জন্যসাধাৰণৰ পৰা দাবী কৰা সুদ, কেন্দ্ৰীয় বেঙ্কে বাণিজ্যিক বেংকক দাবীক কৰা বেংকৰ সুদতকৈ অধিক হ’ব। যদি কেন্দ্রীয় বেংকে বিচাৰে যে বাণিজ্যিক বেংকবিলাকে কমকৈ ঋণ দিয়া উচিত, তেন্তে ই নিজা বেংকৰ হাৰ বৃদ্ধি কৰে অর্থাৎ বাণিজ্যিক বেঙ্কক অধিক সূদ বাকী কৰে। ইয়াৰ ফলত বাণিজ্যিক বেঙ্কবিলাকেও তেওঁলোকে আগবঢ়োৱা ঋণৰ বাবদ অধিক সুদ জনসাধাৰণক দাবী কৰে। এতিয়া ধৰুৱাসকলে অধিক সুদ ভৰিবলগীয়া হয়। ইয়াৰ ফলত তেওঁলোকৰ ঋণটো ব্যয়বহুল হৈ পৰে অৰ্থাৎ বেছিকৈ সুদ ভৰিব লাগে। ফলত তেওঁলোকে কমকৈ ঋণ ল’বলৈ বাধ্য হয়। তেনে অৱস্থাত বাণিজ্যি‍ক বেঙ্কবিলাকে ঋণদান কার্য হ্রাস পাই যায়। ইয়াৰ ফলত মুদ্ৰাৰ যোগান হ্রাস পায়। সেইদৰে যদি কেন্দ্রীয় বেংকে বেঙ্কৰ হাৰ হ্ৰাস কৰে, বাণিজ্যি‍ক বেঙ্কবিলাকেও ইবিলাকৰ ঋণৰ বাবে দাবী কৰা সুদৰ হাৰ কমাই দিয়ে। ইয়াৰ ফলত ঋণদান কার্যৰ বৃদ্ধি হয় আৰু মুদ্ৰাৰ যোগানো বৃদ্ধি পায়।

গতিকে দেখা যায় যে কেন্দ্রীয় বেংকে ইয়াৰ কৌশলসমূহৰ দ্বাৰা মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰে। কেই কৌশলকেইটা হ’ল—

(ক) বিধিগত সংৰক্ষণৰ প্রয়োজনীয়তা।

(খ) মুকলি বজাৰৰ কিনাবেচা। আৰু

(গ) বেংকৰ হাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top