জীৱনী: অমলেন্দু গুহ- ভাৰতীয় ইতিহাসবিদ | Amalendu Guha Biography

অমলেন্দু গুহ | Amalendu Guha Essay in Assamese | Biography of Amalendu Guha in Assamese | অমলেন্দু গুহ বিষয়ে জীৱনী | অমলেন্দু গুহ বিষয়ে ৰচনা | অমলেন্দু গুহৰ চমু পৰিচয়।

Join Telegram channel

জন্মসূত্ৰে অসমৰ নহ’লেও অসমৰ সমাজ ব্যৱস্থাৰ সৈতে একাত্ম হৈ অসমৰ সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা এজন ব্যক্তি হ’ল অমলেন্দু গুহ (Amalendu Guha)। উচ্চ স্তৰৰ মৌলিক প্রতিভাৰ অধিকাৰী ড০ অমলেন্দু গুহ সমাজতান্ত্রিক দৃষ্টিকোণৰ মাজেৰে ৰাইজৰ আপোন হৈ পৰিছিল।

অমলেন্দু গুহ Amalendu

অমলেন্দু গুহ জীৱনী | Amalendu Guha Biography

নাম (Name)অমলেন্দু গুহ (Amalendu Guha[1])
জন্ম চন (Date of Birth)৩০ জানুৱাৰী, ১৯২৪ চন (30th January, 1924)
জন্ম স্থান (Place of Birth)ইম্ফল, মণিপুৰ (Imphal, Manipur)
পিতৃ (Father)যামিনীসুন্দৰ গুহ
শিক্ষা (Education)১) ইম্ফলৰ বেঙ্গলী স্কুল
২) জুবিলী এংলো বেঙ্গলী স্কুলৰ পৰা (বৰ্তমান পল্টনবজাৰ বেঙ্গলী উঃমাঃ বিদ্যালয়)
৩) কটন কলেজ
৪) পূৰ্ববঙ্গৰ শ্ৰীকাইল কলেজ
৫) মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজ
৬) কলকাতাৰ প্ৰেচিডেন্সি কলেজ
৭) কলকাতা বিশ্ববিদ্যালয়          
বঁটা / সন্মান (Awards)অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য উপাধি‌ প্ৰদান
মৃত্যু (Death)৭ মে’, ২০১৫ চন

Also Read: জীৱনী: নোমল চন্দ্ৰ বৰা- অসমৰ চিকিৎসা জগতৰ তাৰকা | Nomal Chandra Borah Biography

অমলেন্দু গুহ প্ৰাৰম্ভিক জীৱন | Early Life of Amalendu Guha

১৯২৪ চনৰ ৩০ জানুৱাৰী তাৰিখে মণিপুৰৰ ইম্ফলত জন্ম হৈছিল অমলেন্দু গুহৰ ৷ তেওঁৰ পিতৃৰ নাম আছিল যামিনীসুন্দৰ গুহ। তেওঁলোকৰ প্ৰকৃততে পূর্ববংগৰ মৈমনসিংহ জিলাৰ টাংগাইল মহকুমাৰ বাসিন্দা আছিল। কিন্তু যামিনীসুন্দৰ গুহৰ জীৱিকাৰ সূত্ৰে ১৯০৫ চনত বংগ এৰি মণিপুৰলৈ গুচি আহিছিল তেওঁলোক। যামিনীসুন্দৰ গুহ আছিল মণিপুৰৰ চৰকাৰী জনষ্টন হাইস্কুলৰ শিক্ষক। কিন্তু পৰৱৰ্তী সময়ত অমলেন্দু গুহৰ পৰিয়ালটো গুৱাহাটীত বাস কৰিবলৈ লৈছিল। কাৰণ তেওঁৰ ভাতৃ জীৱিকাসূত্ৰে গুৱাহাটীৰ বাসিন্দা আছিল। সেইবাবে ১৯৩৭ চনত অমলেন্দু গুহৰ পিতৃ যামিনীসুন্দৰ গুহই স্কুলৰ প্রধান শিক্ষকৰ পদৰ পৰা অৱসৰ লৈ গুৱাহাটীৰ বাসিন্দা হৈছিলহি।

গুৱাহাটীলৈ অহাৰ সময়ত ১৩ বছৰীয়া কিশোৰ অমলেন্দু গুহে ইম্ফলৰ স্কুলত অধ্যয়ন কৰি আছিল। কিন্তু গুৱাহাটীলৈ অহাৰ পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ ছিলভাৰ জুবিলী এংলো বেংগলী হাইস্কুল (বর্তমানে পল্টন বজাৰ বেংগলী হায়াৰ ছেকেণ্ডাৰী স্কুল) ত নামভৰ্তি কৰে।

ছিলভাৰ জুবিলী এংলো বেংগলী হাইস্কুলৰ পৰাই ১৯৪১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্রৱেশিকা পৰীক্ষা উত্তীর্ণ হৈ কটন কলেজলৈ আই এ পঢ়িবলৈ আহে অমলেন্দু গুহ। কিন্তু এটা বছৰৰ পিছতেই তেওঁ শিক্ষা সাং নকৰাকৈয়ে পূৰ্ববঙ্গৰ শ্ৰীকাইল কলেজত নামভৰ্তি কৰে, কিন্তু শ্ৰীকাইল কলেজতো পঢ়া সম্পূৰ্ণ নকৰাকৈয়ে মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজত নামভৰ্তি কৰে। মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজৰ পৰাই অমলেন্দু গুহে সুখ্যাতিৰে আই এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেন্সি কলেজত অৰ্থনীতিক মুখ্য বিষয় নিৰ্বাচিত কৰে নামভৰ্তি কৰে। ১৯৪৫ চনত অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে কলিকতা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৪৭ চনত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 

Also Read: জীৱনী: সৰোজনী নাইডু- ভাৰতীয় নাইটিংগেল | Sarojini Naidu

কৰ্মজীৱন | Professional Life

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত একমাত্ৰ বামপন্থী আদৰ্শত বিশ্বাসী হোৱাৰ বাবে ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদৰ বাবে যোগ্যতা থকা স্বত্বেও তেওঁ বঞ্চিত হৈছিল। অৱশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বঞ্চিত হ’লেও তেওঁ ১৯৪৮ চনত তেজপুৰৰ দৰং মহাবিদ্যালয়ত অধ্যাপক হিচাপে  কৰ্মজীৱন আৰম্ভ কৰে আৰু ১৯৬৫ চনলৈকে দৰং মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অধ্যাপনাৰ মাজতে ১৯৫৯ চনৰ পৰা ১৯৬২ চনৰ ভিতৰত দিল্লীৰ স্কুল অৱ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা ‘Economic Transition in Afghanistan, 1929-1961’ শীৰ্ষক বিষয়ত গৱেষণা কৰি পি. এইচ. ডি. লাভ কৰিছিল। ১৯৬৯ – ৭০ চনত তেওঁ দিল্লী স্কুল অব ইকনমিক্সত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অমলেন্দু গুহে ১৯৬৫ চনৰ পৰা ১৯৭২ চনলৈকে পুনেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্সত প্ৰথমে ৰিচাৰ্জ ফেল’ আৰু পৰৱৰ্তী সময়ত ৰিডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৩ চনত কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল ছাইন্স (CSSS)-ত অধ্যাপক হিচাপে যোগদান কৰাৰ পাছত ১৯৯০ চনত এই অনুষ্ঠানৰ পৰাই অৱসৰ গ্ৰহণ কৰে।

অমলেন্দু গুহ আৰু বামপন্থী আন্দোলন | Amalendu Guha and the Leftist Movement

অমলেন্দু গুহ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ বিশ্বাসী ব্যক্তি আছিল। ছাত্র অৱস্থাতে তেওঁ ১৯৩৯ চনৰ পৰাই বাওঁপন্থী ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। সেইসময়ত তেখেতে All India Students’ Federation (Assam unit) ত যোগদান কৰিছিল। ইয়াৰ উপৰিও সেই সময়তে তেখেত মাৰ্ক্সবাদী অধ্যয়ন কেন্দ্ৰ Progressive Union জড়িত হৈ পৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে ১৯৪১ চনত কটন মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহাৰ সময়ত অমলেন্দু গুহৰ সহপাঠী আছিল নৱকান্ত বৰুৱা, পৰাগধৰ চলিহা, বীৰেন্দ্র কুমাৰ ভট্টাচার্য আদি। এইখিনি সময়তে অমলেন্দু গুহৰ মনত গভীৰ ভাৱে বিপ্লৱী চিন্তাধাৰাৰ বিকাশ সাধন হৈছিল। ১৯৪৭ চনত ছাত্ৰ ফেডাৰেচনৰ সৈতে সক্ৰীয় সদস্য ৰূপে কাৰ্য্যনিৰ্বাহ কৰা অমলেন্দু গুহই ভাৰতীয় কমিউনিষ্ট পাৰ্টিটো কেডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে জীৱনৰ অন্তিম সময়লৈকে বামপন্থী আন্দোলন তথা ৰাজনীতিৰ লগত জড়িত হৈ আছিল।

গুৰুত্বপূৰ্ণ কথা যে ১৯৬২ চনত ভাৰত-চীনৰ যুদ্ধৰ সময়ত Preventive Detention Act ৰ অধীনত ভাৰত চৰকাৰে অমলেন্দু গুহক গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে কেৱল অমলেন্দু গুহেই নহয় সেই সময়ত ভাৰত চৰকাৰে বিষ্ণু প্ৰসাদ ৰাভা, গৌৰী শংকৰ ভট্টাচাৰ্য্য সহ: আন ৫২ জন বামপন্থী নেতাক গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত ভাৰত চৰকাৰে অমলেন্দু গুহক উৰিষ্যাৰ বেহৰামপুৰ জেলত ৬ টা মাহৰ বাবে কাৰাবন্দী কৰি ৰাখিছিল। উল্লেখযোগ্য যে, গ্ৰেপ্তাৰ বৰণৰ সেই সময়ত অৰ্থাৎ ১৯৬২ চনত গুহই গৱেষণাৰ কাম শেষ কৰি পুনৰ দৰং কলেজত অধ্যাপক হিচাপে যোগদান কৰিছিল।

কীৰ্তিস্তম্ভ | Achievements

এগৰাকী ইতিহাসবিদ হিচাপেও প্ৰসিদ্ধ অমলেন্দু গুহ ১৯৭৭ চনত প্ৰকাশিত ‘Planters Raj to Swaraj: Freedom Struggle and Electoral Politics in Assam: 1826-1947’ গ্ৰন্থ খনৰ বাবে জনাজাত হৈছিল। এখন ক্লাছিক কিতাপৰ মৰ্যাদা পোৱা এই কিতাপখনত অমলেন্দু গুহে ঔপনিবেশিক অর্থনীতি, শ্রমিক আন্দোলন, কৃষক আন্দোলন, প্ৰৱজনৰ ৰাজনীতি, স্বাধীনতা আন্দোলন আদি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰিছিল।

প্রাক-ঔপনিবেশিক অসম-বিষয়ক ইতিহাস লিখাৰ ক্ষেত্ৰত অমলেন্দু গুহই এক গুণগত পৰিৱৰ্তনৰ সূচনা কৰিছিল। গুহই বস্তুনিষ্ঠভাৱে সকলো কথা বিশ্লেষণ কৰিছিল। ‘Medieval and Early Colonial Assam’, ‘বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ’, ‘অসমৰ ইতিহাস: অধ্যয়ন আৰু ৰচনা’, ‘গোৱালপাৰা জিলাৰ আৰ্থসামাজিক ব্যৱস্থা’ আদি হ’ল অমলেন্দু গুহে ৰচনা কৰা অসমৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থ।

কেৱল অসমেই নহয়, অমলেন্দু গুহে মোগল অৰ্থনীতি, ভাৰতৰ ঔপনিৱেশিক অৰ্থনীতি, আফগানিস্তানৰ অৰ্থনৈতিক ইতিহাস, পাৰ্চী সকলৰ ঐতিহাসিক ভূমিকা, ভাৰতৰ ৰাষ্ট্ৰীয়তা আদি বিষয়ৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰৱন্ধ লিখিছিল। তেখেতৰ কেইটামান উল্লেখযোগ্য প্ৰবন্ধ হৈছে- “Indian National Question: A Conceptual Frame” আৰু “Nationalism: Pan Indian and Regional in a Historical Perspective” ইত্যাদি।

গুৰুত্বপূৰ্ণ কথা যে গুহৰ “Indian National Question: A Conceptual Frame” প্ৰৱন্ধটোৰ বিষয়ে বিশিষ্ট মাৰ্ক্সবাদী পণ্ডিত প্ৰভাত পাটনায়কে ভাৰতীয় মাৰ্ক্সবাদৰ অন্যতম শ্ৰেষ্ঠ কীৰ্তি হিচাপে অভিহিত কৰিছে।

বামপন্থী আদৰ্শৰ এজন সক্ৰীয় নেতা, ইতিহাসবিদ হোৱাৰ সমান্তৰালকৈ অমলেন্দু গুহ আছিল ৰামধেনু যুগৰ প্ৰগতিবাদী ধাৰা আৰম্ভ কৰা কবি সকলৰ ভিতৰত অন্যতম এজন কবি। ১৯৫৫ চনত বাংলা ভাষাত লুইতপারের গাথা’ নামৰ এখন কবিতা পুথি প্ৰকাশ পাইছিল। লুইতপারের গাথা নামৰ কবিতা পুথি খনৰ বেটুপাত অংকিত কৰিছিল বিষ্ণু প্রসাদ ৰাভাই । ইয়াৰ উপৰিও ১৯৬০ চনত অমলেন্দু গুহৰ  অসমীয়া ভাষাত ৰচনা কৰা তোমালৈ নামৰ এখন কবিতা পুথি প্ৰকাশ পাইছিল। তোমালৈ নামৰ কবিতাপুথি খনত গুহই সন্নিবিষ্ট কৰিছিল মুঠ ২১ টা কবিতা। এই কবিতা পুথি খনত সন্নিবিষ্ট কবিতাৰ জৰিয়তে অমেলেন্দু গুহে  কবিতাৰ মাজেৰে অসমৰ প্ৰকৃতি, মানুহ আৰু ইতিহাসৰ কথা বৰ্ণিত কৰাৰ উপৰিও শ্ৰমজীৱি আৰু কৃষক বনুৱাৰ সংগ্ৰামৰ ছৱিও বৰ্ণনা কৰিছিল।  ড০ অমলেন্দু গুহে ৰচনা কৰা এটি জনপ্ৰিয় কবিতা হ’ল- ‘লুইত পাৰৰ চিৰযৌৱনা কটন কলেজ মোৰ’

মাৰ্ক্সবাদী হোৱা হেতুকেই অমলেন্দু গুহে খাটিখোৱা মানুহক যিদৰে ভাল পাইছিল সেইদৰে মাটিৰ লগত সাঙোৰ খাই থকা লোক-সংস্কৃতিকো দিছিল উচ্চা স্থান। যাৰ বাবেই তেওঁ লুইত পাৰেৰ গাথা নামৰ কবিতা পুথিখনত বিহুনামেৰে এটি কবিতা সন্নিৱিষ্ট কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে  যি সময়ত অসমৰ সভ্য সমাজত একাংশ লোকে ‘বিহু’ ৰ নাম ল’বলৈ অস্বীকাৰ কৰিছিল তেনে সময়তে এটি সম্পূৰ্ণ বাঙালী ঘৰুৱা পৰিবেশত ডাঙৰ-দীঘল হৈও বিহুৰ নিভাঁজ গ্ৰাম্য ৰূপক কবিতাৰ মাজেৰে তুলি ধৰিছিল অমলেন্দু গুহে।

জন্মভূমি ইম্ফল আৰু মূল কৰ্মভূমি কলকাতা হোৱা সত্ত্বেও আৰু অধ্যয়ন বা চাকৰি সূত্ৰে দীৰ্ঘকালজুৰি ভাৰতৰ বিভিন্ন ঠাইত থাকিলেও অসমৰ প্ৰতি তীব্ৰ আকৰ্ষণ আছিল অমলেন্দু গুহৰ। তেখেতে তেজপুৰত চাকৰি কৰি থকা সময়তে ভালদৰে শিকিছিল অসমীয়া ভাষা। অসমৰ প্ৰকৃতি, অসমৰ সভ্যতা-সংস্কৃতি, অসমৰ মানুহ আৰু সমাজ, অসমৰ জীৱন-ধাৰাৰ প্ৰতি তীব্ৰ আকৰ্ষণ বোধ থকা অমলেন্দু গুহে ১৯৬০  চনৰ ধুবুৰীৰ অনিমা দাস (বৰ্তমান ড০ অনিমা গুহ)-ৰ লগত বিবাহ পাশত আবদ্ধ হয়। ড০ অনিমা গুহ হ’ল অসমৰ এগৰাকী সমাদৃত লেখিকা।

ড° অমলেন্দু গুহে কোনো ধৰ্মক বিশ্বাস কৰা নাছিল, কোনো ধৰ্মাৱলম্বী লোকক প্ৰধান্য দিয়া নাছিল। তেওঁ কেৱল মানৱ ধৰ্মত বিশ্বাসী আছিল। গুৰুত্বপূৰ্ণ কথা যে তেওঁ নিজৰ উইলখনত তেওঁ লিখিও থৈ গৈছিল যে – “মোৰ মৃত্যুৰ পাছত যেন কোনোধৰণৰ ধৰ্মীয় আনুষ্ঠানিকতা কৰা নহয়”। উল্লেখযোগ্য কথা যে ইলোৰা বিজ্ঞান মঞ্চত দেহদান কৰা ব্যক্তিসকলৰ ভিতৰত ড০ অমলেন্দু গুহ আছিল প্ৰথম জন ব্যক্তি। ড° অমলেন্দু গুহে দেহদান কৰিছিল ২০০৫ চনৰ ১৬ জানুৱাৰী তাৰিখে।

Also Read: জীৱনী: তৰুণ ৰাম ফুকন | Biography of Tarun Ram Phukan

সামৰণি | Conclusion

ধৰ্মীয় পৰিধিৰ বাহিৰত বৈজ্ঞানিক চিন্তা-চৰ্চাক প্ৰাধান্য দিয়া ড° অমলেন্দু গুহ হ’ল অসমৰ গৌৰৱ। অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত অমলেন্দু গুহে  অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল। ড০ গুহে গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বুৰঞ্জী সন্মিলনত সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে শিৱসাগৰত অনুষ্ঠিত হোৱা কবি সন্মিলনতো সভাপতিৰ দায়িত্ব পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ২০১৫ চনৰ ৭ মে’ তাৰিখে বাৰ্ধক্যজনিত কাৰণত ৯১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা অমলেন্দু গুহৰ দেহটো গুৱাহাটী মেডিকেল কলেজত দান কৰা হয়। বিজ্ঞান ধৰ্মী চিন্তাক প্ৰাধান্য দিয়া, ধৰ্মীয় পৰিধিৰ বাহিৰত মানৱতা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা, খাটি খোৱা জনতাৰ বাবে চিন্তা কৰা ড০ অমলেন্দু গুহৰ আদৰ্শক নৱ-প্ৰজন্মই অনুকৰণ কৰাৰ লগতে আদৰ্শ হিচাপে গ্ৰহণ কৰাটো প্ৰয়োজন।

FAQ

১) অমলেন্দু গুহ কোন আছিল?

উঃ-  অমলেন্দু গুহ এজন ভাৰতীয় ইতিহাসবিদ, অৰ্থনীতিবিদ আৰু কবি আছিল।

২) অমলেন্দু গুহৰ জন্ম কʼত হৈছিল?

উঃ- ইম্ফল, মণিপুৰ।

৩) অমলেন্দু গুহৰ পিতৃৰ নাম কি আছিল?

উঃ- যামিনীসুন্দৰ গুহ।

৪) অমলেন্দু গুহ স্বাধীনতা আন্দোলনত কেনেকৈ জড়িত হৈ আছিল?

উঃ- অমলেন্দু গুহ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ বিশ্বাসী ব্যক্তি আছিল। ছাত্র অৱস্থাতে তেওঁ ১৯৩৯ চনৰ পৰাই বাওঁপন্থী ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। সেইসময়ত তেখেতে All India Students’ Federation (Assam unit)-ত যোগদান কৰিছিল। ইয়াৰ উপৰিও সেই সময়তে তেখেত মাৰ্ক্সবাদী অধ্যয়ন কেন্দ্ৰ Progressive Union জড়িত হৈ পৰিছিল।

৫) অমলেন্দু গুহ কোনখন গ্ৰন্থৰ বাবে জনাজাত? 

উঃ- Planters Raj to Swaraj: Freedom Struggle and Electoral Politics in Assam: 1826-1947’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top