অলিম্পিক ক্রীড়া সমাৰোহ ৰচনা | Olympic Games Essay in Assamese

অলিম্পিক ক্রীড়া সমাৰোহ ৰচনা | Olympic Games Essay in Assamese

Join Telegram channel

অলিম্পিক বিশ্বৰ সবাতোকৈ মহান আৰু সাৰ্বজনীন ক্রীড়া সমাৰোহ। সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ ক্ৰীড়বিদ লক্ষ্য সাধনৰ দুৰ্বাৰ প্ৰচেষ্টাৰ অক্ষয় সংগ্রাম নিহিত হৈ আছে এই সমাৰোহত। গতি শক্তি আৰু ক্ৰীড়া নৈপুণ্যৰ গৌৰৱ-ৰঞ্জিত বিমূৰ্ত্ত প্রকাশে একোজন ক্রীড়াবিদক অনন্তকালৰ বাবে অবিস্মৰণীয় কৈ জিলিকাই ৰাখিছে অলিম্পিকৰ ইতিহাসৰ পাতত। বিশ্বৰ শ্ৰেষ্ঠ ক্রীড়াবিদসকলে নিজকে গৰিমামণ্ডিত কৰি প্ৰতিষ্ঠা কৰাৰ সবাতোকৈ শ্ৰেষ্ঠ মঞ্চ হৈছে অলিম্পিক ক্রীড়া সমাৰোহ। এই সমাৰোহত একো একোজন ক্রীড়াবিদ স্বমহিমাৰে ৰূপত উদ্ভাসিত হৈ বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হয়। ইতিহাস বচিত হয় অলিম্পিকত। সেই ইতিহাস মানুহৰ পৌৰুষৰ পৰম পৰাকাষ্ঠা প্ৰদৰ্শনৰ।

অলিম্পিক ক্রীড়া সমাৰোহ ৰচনা | Olympic Games Essay in Assamese

ইতিহাস

অলিম্পিকৰ ইতিহাস অতি পুৰণি৷ ইয়াৰ আৰম্ভণি গ্ৰীচ দেশৰ অলিম্পিয়া চহৰত ৭৭৬ খৃষ্ট পূর্বত। অলিম্পিয়াৰ অলিম্পিক পাহাৰত গ্ৰীক দেৱতা জিউচৰ মন্দিৰ অৱস্থিত। এই দেৱতাৰ সন্মানৰ অর্থেই মন্দিৰৰ সন্মুখৰ মুকলি পথাৰত আৰম্ভ হৈছিল জাতীয় খেল-ধেমালি প্ৰতিযোগিতা শান্তিৰ সময়ত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আৰম্ভ হোৱা এই প্রতিযোগিতা। এফালে আছিল দেৱতাৰ সন্মান প্ৰদৰ্শনৰ মহা মহোৎসৱ, আনফালে ই আছিল জাতীয় ঐক্য আৰু শান্তিৰ প্ৰতীক। বিজয়ী প্রতিযোগীসকলক বঁটা স্বৰূপে দিয়া হৈছিল জলফাই গছৰ একোটা ডাল আৰু শিৰ সুশোভিত কৰা হৈছিল জলফাই গছৰ পাতেৰে সজোৱা একোটা মুকুটেৰে। খৃঃপূঃ ৭৭৬ ৰ পৰা খৃষ্টাব্দ ৩৯৬লৈ একাদিক্রমে ১১৭২ বছৰ চলাৰ পাছত এই প্রতিযোগিতা সেই দেশৰ সম্রাট থিয়ড চিয়াছে কোনো কাৰণত নিষিদ্ধ কৰি দিয়ে।

Read Also: বিশ্বকাপ ক্রিকেট ৰচনা | World Cup Cricket Essay in Assamese

আধুনিক অলিম্পিক

কিন্তু মানুহৰ সুন্দৰৰ সাধনাৰ অনিৰুদ্ধ প্ৰেৰণাই অলিম্পিকৰ গৌৰৱময় ঐতিহ্যক চিৰদিনৰ বাবে কালৰ বুকুত বিলীন হৈ যাবলৈ নিদিলে। ইয়াৰ পুনৰুত্থান ঘটিল ১৮৯৬ খৃষ্টাব্দত। সেই বছৰৰ ৬ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ গ্ৰীচ দেশৰ ৰাজধানী এথেন্স চহৰত অনুষ্ঠিত হয় আধুনিক অলিম্পিক ক্রীড়া সমাৰোহ। এয়ে প্রথম বিশ্ব অলিম্পিক ক্রীড়া সমাৰোহৰ আৰম্ভণি ৷ এই বিশ্ব অলিম্পিকৰ প্ৰতিষ্ঠাতা আছিল ফ্ৰান্সৰ পিয়েৰ দা ফ্রেড্‌ আৰু গ্ৰীচৰ বেৰণ পিয়েৰ দা কুবাৰটিন। এই সমাৰোহত বিশ্বৰ ১৩ খন দেশৰ ৩১১ জন ক্রীড়া প্রতিযোগীয়ে বিশ্ব ইতিহাসৰ কষটি শিলত নাম খোদিত কৰিবলৈ আগবাঢ়ি আহিছিল। তেতিয়াৰে পৰা নিৰৱচ্ছিন্নভাৱে প্ৰতি ৪ বছৰৰ মূৰে মূৰে বিশ্বৰ বিভিন্ন মহানগৰীত এই সমাৰোহ অনুষ্ঠিত হৈ আহিছে। অৱশ্যে ১৯১৬ চনত প্ৰথম মহাসমৰ আৰু ১৯৪০ আৰু ১৯৪৪ চনত দ্বিতীয় মহা সমৰৰ বাবে সমাৰোহ অনুষ্ঠিত হোৱা নাছিল। ২৫তম অলিম্পিক ২০০৪ চনত আলিম্পিকৰ জন্মনগৰী গ্ৰীচৰ এথেন্স চহৰত মহাসমাৰোহেৰে অনুস্থিত হৈ যায়।

প্রতিযোগিতাৰ খেলসমূহ

বিশ্ব অলিম্পিক ক্রীড়া সমাৰোহত এইবোৰ খেল-সন্নিৱিষ্ট কৰা হৈছে : এথলেটিকছ, জিমনাষ্টিকছ, বেড্‌মিণ্টন, ফুটবল, ভলীবল, হেণ্ডবল, বে’ছ বল, বাস্কেট বল, হকী, টেনিছ, টেবুল টেনিছ, আচাৰী (ধনুর্বিদ্যা), মল্লযুদ্ধ, বক্সিং, চাইক্লিং, ছুইমিং (ডাইভিং আৰু ৱাটাৰ পল’সহ), ব’য়িং, শ্বুটিং, কেন’য়িং য়টিং, ওরেট লিফটিং, ইকুৱেষ্ট্রিয়ান, ফেন্সিং, জুডো, মর্ডান পেণ্টাপ্‌লন ।

মাৰাথন ৰেচ

অলিম্পিকৰ আটাইতকৈ সন্মানজনক আৰু সৰ্বশ্ৰেষ্ঠ দৌৰ প্ৰতিযোগিতা হৈছে মাৰাথান ৰেচ। ইয়াৰ ইতিহাসো বিচিত্ৰ। ইয়াত নিহিত আছে এজন গ্ৰীক যোদ্ধাৰ অফুৰন্ত দেশপ্ৰেমৰো নিদর্শন। খৃঃপূঃ ৪৯০ ত সংঘটিত হোৱা এখন যুদ্ধত গ্ৰীকসকলে জয়লাভ কৰাৰ গৌৰৱৰ বাতৰিটো মাৰাথান নামৰ ঠাইৰ পৰা এথেন্সলৈ কঢ়িয়াই আনিছিল ফাইডি স্পাইডিছ নামৰ এজন গ্ৰীক যোদ্ধাই। মাৰাৰ্থনৰ পৰা এথেন্সৰ দূৰত্ব ২৬ মাইল ৩৮৫ গজ। দৌৰি দৌৰি এই সুদীৰ্ঘ দূরত্ব অতিক্ৰম কৰি আহি এথেন্সত জয়ৰ বাতৰিটো দিয়াৰ পাছতেই যোদ্ধাজনৰ মৃত্যু হয়। তেওঁৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যেই এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ অৱতাৰণা কৰা হয়। মাৰাথান দৌৰৰ দূৰত্বও ২৬ মাইল ৩৮৫ গজ।

অলিম্পিক প্রতীক

অলিম্পিকৰ এটি অর্থপূর্ণ প্রতীক আছে। ই পাঁচটা আঙঠিৰ সমষ্টি। প্রথম শাৰীত ওচৰা উচৰিকৈ তিনিটা আৰু দ্বিতীয় শাৰীত দুটা আঙঠি আছে। দ্বিতীয় শাৰীৰ প্ৰথমটোৱে ওপৰৰ শাৰীৰ প্ৰথম আৰু দ্বিতীয় আঙুঠিক আৰু দ্বিতীয়টোৱে ওপৰৰ দ্বিতীয় আৰু তৃতীয় আঙুঠিক সাঙৰি ৰাখিছে। ওপৰৰ আঙুঠি তিনিটাৰ ৰং ক্ৰমে নীলা, ক’লা আৰু ৰঙা আৰু তলৰ দুটাৰ বং হালধীয়া আৰু সেউজীয়া ৷ প্ৰতীকটোৰ পাঁচটা আঙঠিয়ে পৃথিৱীৰ পাঁচখন মহাদেশক বুজাইছে। ১৯২০ চনত বেল্‌জিয়ামৰ আণ্টোয়াৰ্প চহৰত অনুষ্ঠিত অলিম্পিকত প্ৰথমবাৰৰ বাবে এই প্রতীক ব্যৱহাৰ কৰা হয়।

অলিম্পিক শিখা

অতি প্রাচীনকালৰে পৰা জুইক চূড়ান্ত শক্তিৰ প্ৰতীক ৰূপে গণ্য কৰা হৈ আহিছে। অলিম্পিকতো পৱিত্ৰ অগ্নিক সাক্ষী কৰি শপত গ্ৰহণ কৰাৰ প্ৰথা প্রচলিত আছিল। আধুনিক অলিম্পিকত ১৯২৮ চনত হলেণ্ডৰ আমষ্টাৰডাম ষ্টেডিয়ামত অনুষ্ঠিত সমাৰোহত ইয়াৰ প্ৰথম ব্যৱহাৰ কৰা হয়। ১৯৩৬ চনত জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত অলিম্পিকৰ পৰা গ্ৰীচৰ অলিম্পিয়াত ৰখা অনির্বাণ শিখা দৌৰবীৰসকলৰ দ্বাৰা ৰীলে যোগে সমাৰোহ স্থললৈ কঢ়িয়াই নিয়াৰ ৰীতি প্রচলিত হয় ।

অলিম্পিক সংগীত

১৮৯৬ খৃষ্টাব্দত এথেন্সত অনুষ্ঠিত হোৱা প্ৰথম আধুনিক বিশ্ব অলিম্পিকৰ সময়ত বিখ্যাত গ্রীক কবি কছাৰ্টছ পামছৰ এটি কবিতাৰ আলমত স্পাইৰ’ছ ছামাৰ’ছ নামৰ এজন গ্ৰীক প্ৰবন্ধকাৰে অলিম্পিক সংগীত এটি ৰচনা কৰে। এই সংগীতটিকে ১৯৬৪ খৃষ্টাব্দৰ টকিঅ’ অলিম্পিকৰ সময়ত বহা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে অলিম্পিক সংগীত হিচাপে অনুষ্ঠানিক স্বীকৃতি প্রদান কৰে।

অলিম্পিকত ভাৰতৰ ভূমিকা

অলিম্পিক ক্রীড়া সমাৰোহত ভাৰতৰ ভূমিকা নিৰাশজনক বুলিয়েই ক’ব পাৰি। ভাৰতে কেৱল হকীত ১৯২৮ খৃষ্টাব্দৰ পৰা ১৯৫৬ খৃষ্টাব্দলৈ একেবাৰে ৬ বাৰকৈ স্বর্ণ পদক অৰ্জন কৰি হকী খেলত একচ্ছত্রী সম্রাটৰূপে পৰিগণিত হ’বলৈ সক্ষম হৈছিল যদিও ১৯৬০ চনত ৰূপৰ পদকহে লাভ কৰিবলৈ সক্ষম হয়। ১৯৬৪ চনত পুনৰ স্বর্ণপদক জয় কৰে যদিও ১৯৬৮ আৰু ১৯৭২ চনত ব্ৰঞ্জৰ পদক লৈয়েই সন্তুষ্ট থাকিব লগা হয়। ১৯৭৬ চনত পদক লাভ দূৰৰ কথা ৭ম স্থানহে হয়। ১৯৮০ চনত পুনৰ স্বর্ণপদক লাভ কৰি হৃত গৌৰৱ ঘূৰাই আনিবলৈ সক্ষম হৈছিল যদিও তাৰ পাছৰ পৰা ভাৰতে একেৰাহে কেৱল ব্যৰ্থতাকেই প্ৰদৰ্শন কৰি আহিছে।

ভাৰতে ১৯৪৮ চনত অলিম্পিক ফুটবলত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে। ১৯৪৮ আৰু ১৯৫২ চনত প্ৰথম খেলতেই ভাৰতে বিদায় ল’ব লগা হয়। ১৯৫৬ চনত চতুর্থস্থান লাভ কৰে। ১৯৬০ চনত ভাৰতে পৰাজয় বৰণ কৰে যদিও চমকপ্রদ খেল প্ৰদৰ্শন কৰি, গৌৰৱ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পাছৰে পৰা ভাৰতে অলিম্পিক ফুটবলত যোগদানৰ যোগ্যতা অর্জন কৰিবলৈকে সক্ষম হ’ব পৰা নাই ।

ভাৰতে অলিম্পিকত লেখত লবগীয়া পাৰদৰ্শিতা দেখুৱাব পৰা নাই যদিও ২০০০ চনৰ চিডনিত অনুষ্ঠিত অলিম্পিকত টেনিচৰ শাখাত লিয়েণ্ডাৰ পেজে। ব্রোঞ্জৰ পদক আৰু ২০০৪ চনত শ্বুটিঙৰ শাখাত ৰাজ্যবর্ধনে কঢ়িয়াই অনা ৰূপৰ পদকে দেশলৈ গৌৰৱ বৃদ্ধি কৰিছে।

২০০৮ চনৰ বেইজিং অলিম্পিকত ছুটিং শাখাত স্বর্ণপদক জয় কৰি প্ৰথম বাৰলৈ অভিনৱ  বিন্দ্ৰাই আৰু মল্লযুদ্ধত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছিল।

দৌৰ প্ৰতিযোগিতাতো “উড়ন্ত শিখ” বুলি খ্যাতি অর্জন কৰা মিলখা সিং আৰু ভাৰতৰ সোণালী পখিলা পি.টি. ঊষা চতুর্থস্থান লৈয়ে সন্তুষ্ট থাকিব লগা হ’ল।

অৱশ্যে পূৰ্বৰ তুলনাত ২০১২ চনৰ লণ্ডন অলিম্পিক দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ১০ মিটাৰ ৰাইফল শাখাত গগণ নাৰঙে ব্ৰঞ্জ, ২৫ মিটাৰ ৰেগিড ফায়াৰ পিষ্টল শাথাত বিনয় কুমাৰে ৰূপ, বেডমিণ্টন ছিংগলছত ছাইনা নেহৱালে ব্ৰঞ্জ, বক্সিঙত মেৰি কৰে ব্ৰঞ্জ, মল্লযুদ্ধত যোগেশ্বৰ দত্তই ব্ৰঞ্জ আৰু ৬৬ কিলোগ্রাম শাখাৰ মল্লযুদ্ধত সুশীল কুমাৰে ৰূপৰ পদক লাভ কৰিছিল।

২০১৬ চনৰ ব্ৰাজিনৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ৩১তম অলিম্পিকত ভাৰতৰ পিঠি সিন্ধুৱে বেডমিণ্টনত ৰূপ আৰু সাক্ষী মালিকে ৰেষ্টিলিঙত ব্রঞ্জ মেডেলতে সীমাবদ্ধ হৈ ৰলৈ। অৱশে দীপা কর্মকাৰে প্ৰথম বাৰৰ বাবে জিম্নাষ্টিকত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল।

এশ কোটিতকৈ অধিক জনসংখ্যাৰ পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতৰ ক্ৰীড়বিদসকলে অলিম্পিকৰ কোনো প্রতিযোগিতাতে সফল প্রতি দ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ’ব নোৱাৰাটো অতিশয় দুর্ভাগ্যজনক কথা।

Read Also: Class 9 Assamese Solution

অসমৰ ভূমিকা

অলিম্পিক প্ৰতিযোগিতাৰ দৰে পৃথিৱীৰ উচ্চতম পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ দৰে অৱহেলিত এখন ৰাজ্যৰ খেলুৱৈয়ে দেশক প্রতিনিধিত্ব কৰাটো কল্পনা কৰিব নোৱৰা কথা ৷ তথাপি এইটো বৰ গৌৰৱৰ বিষয় যে, ১৯৪৮ চনত প্ৰথমবাৰৰ বাবে অলিম্পিক ফুটবলত ভাৰতক প্ৰতিনিধিত্ব কৰা ফুটবল দলটোৰ নেতৃত্ব বহন কৰিছিল অবিভক্ত অসমৰ ক্ৰীড়বিদ ডাঃ টেলিমেৰণ আৱে। ইয়াৰ ৪৪ বছৰৰ পাছত শ্রীদীপঙ্কৰ ভট্টাচাৰ্য্যই ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকত বেড্‌মিণ্টনত ভাৰতৰ হৈ প্ৰতি দ্বন্দ্বিতা আগবঢ়াই পদক অৰ্জন কৰিবলৈ সক্ষম নহ’লৈও উন্নত মানৰ খেল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। ইয়াৰ পাছত অৱশ্যে শিৱ থাপাই বক্সিঙত ভাল পাৰদৰ্শিতা দেখুৱাই দেশলৈ সুনাম কঢ়িয়াই আনিছে।

সামৰণি

পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ক্রীড়ানুষ্ঠান অলিম্পিক ক্রীড়া সমাৰোহত পদক লাভ কিয়, অংশগ্রহণ কৰিবলৈ সক্ষম হোৱাটোৱেই পৰম সৌভাগ্যৰ কথা। তাৰ কাৰণে লাগি নিৰলস প্রচেষ্টা আৰু প্ৰাণপণ অনুশীলন। আনহাতে ই বিশ্বভ্ৰাতৃত্ব গঢ়ি তোলাৰো সৰ্বশ্ৰেষ্ঠ মঞ্চ। এই মঞ্চই চিৰদিনৰ বাবে মহাসমৰৰ বিলুপ্তি ঘটাই “বসুধৈৱ কুটুম্বকম্” -আপ্ত বাক্যটিৰ মূৰ্ত্ত ৰূপায়ণ ঘটাওক আৰু বিশ্বত চিশান্তি প্রতিষ্ঠা হওক। সকলোৱে একমুখে ক’বলৈ প্ৰয়াস পাওক “বিশ্বব সকলো ভাই-ভনী আমি।”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top