SEBA Class 9 Science Important Chapter 8 গতি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Science Important Chapter 8 গতি Solutions and select need one. Class 9 General Science Additional Notes in Assamese Medium Download PDF. SEBA Class 9 General Science Important Question Answer.
SEBA Class 9 Science Important Chapter 8 গতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Class 9 Science Additional Solutions for All Chapters, You can practice these here.
গতি
Chapter: 8
| অতিরিক্ত প্রশ্নোত্তর |
১। গতি কি?
উত্তৰঃ স্থানৰ পৰিৱৰ্তন সময়ৰ সৈতে একেলগে হ’লে তাক গতি বোলে।
২। ত্বৰণ কি?
উত্তৰঃ বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বোলে।
৩। ত্বৰণৰ SI একক কি?
উত্তৰঃ ত্বৰণৰ SI একক হ’ল- m/s-2।
৪। সমভেদ ত্বৰণ কাক বোলে?
উত্তৰঃ যেতিয়া বেগ সমান হাৰে বৃদ্ধি বা হ্রাস পায় তাক সমভেদ ত্বৰণ বোলে।
৫। বেগ আৰু গতিৰ ভিতৰত পাৰ্থক্য কি?
উত্তৰঃ বেগ হৈছে ভেক্টৰ ৰাশি, গতি স্কেলাৰ ৰাশি।
৬। বেগ-সময় গ্ৰাফৰ অধীনৰ এলাকা কি দেখুৱায়?
উত্তৰঃ বস্তুটোৱে চলাৰ সময়ত অতিক্ৰম কৰা দূৰত্ব।
৭। বস্তুৰ ত্বৰণ কি?
উত্তৰঃ বস্তুৰ ত্বৰণ হ’ল প্ৰতি একক সময়ৰ বেগৰ পৰিৱৰ্তন।
৮। গড় গতিৰ সূত্র কি?
উত্তৰঃ গড় গতি = মুঠ দূৰত্ব/মুঠ সময়।
৯। গতিৰ SI একক কি?
উত্তৰঃ গতিৰ SI একক হ’ল- m/s.
১০। স্থিতিশীল বস্তুৰ বেগ কিমান?
উত্তৰঃ স্থিতিশীল বস্তুৰ বেগ শূন্য (0 m/s)।
দীঘলীয়া প্রশ্ন উত্তৰ:
১। গতি কাক বোলে? গতিৰ প্ৰধান প্ৰকাৰসমূহ বর্ণনা কৰা।
উত্তৰঃ যদি কোনো বস্তু সময়ৰ সৈতে নিজৰ অৱস্থান সলনি কৰে, তেন্তে সেই বস্তুটোক গতিশীল (moving) বুলি কোৱা হয়। এই ধৰণৰ স্থান পৰিৱৰ্তনকেই গতি (Motion) বোলে। গতি হৈছে তুলনামূলক এটা বস্তু এজন ব্যক্তি বা বস্তুৰ বাবে চলি থাকিলেও, আন এজনৰ বাবে বৈ থকা যেন অনুভৱ হ’ব পাৰে।
গতিৰ প্ৰধান প্ৰকাৰসমূহ:
(i) সৰল ৰৈখিক গতি (Rectilinear Motion): যেতিয়া কোনো বস্তুয়ে সোজা এটা ৰেখা সমানভাৱে গতি কৰে, তেতিয়া সেই গতিক সৰল ৰৈখিক গতি বুলি কোৱা হয়। উদাহৰণ- এজন মানুহে সিধা ৰাস্তাটোৰে খোজ কাঢ়িলে তেওঁ সৰল ৰৈখিক গতিত চলিছে বুলি কোৱা হয়।
(ii) বৃত্তীয় গতি (Circular Motion): যেতিয়া বস্তু এটাই বৃত্তাকাৰ পথেৰে গতি কৰে। উদাহৰণ- ফেনচা ঘূৰা, চন্দ্ৰৰ গতি।
(iii) দোলন গতি (Oscillatory Motion): বস্তু এটাই একেদিশেদি আগ-পাত কৰে। উদাহৰণ- ঘড়ীৰ দোল।
(iv) ঘূর্ণন গতি (Rotational Motion): বস্তু নিজ দণ্ড বা অক্ষৰ চাৰিওফালে ঘূৰে। উদাহৰণ- পৃথিৱীৰ ঘূর্ণন।
২। দূৰত্ব আৰু সৰণৰ মাজত পাৰ্থক্য দাঙি ধৰা।
উত্তৰঃ দূৰত্ব আৰু সৰণৰ মাজত পাৰ্থক্য তলত আলোচনা কৰা হৈছে-
| দূৰত্ব | সৰণ |
| বস্তুটোৱে অতিক্রম কৰা মুঠ পথ | প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ সৰল দিশ-সহ দূৰত্ব |
| দিশ নাথাকে | দিশ থাকে |
| সদায় ঋণাত্মক | ধনাত্মক, ঋণাত্মক বা শূন্য হ’ব পাৰে |
| সৰু বা ডাঙৰ হ’ব পাৰে | নির্দিষ্ট সীমাৰ ভিতৰত থাকে |
| এটা স্কেলাৰ ৰাশি | এটা ভেক্টৰ ৰাশি |
৩। সুষম গতি আৰু বিষম গতিৰ মাজত পার্থক্য লিখা।
উত্তৰঃ সুষম গতি আৰু বিষম গতিৰ মাজত পার্থক্য তলত আলোচনা কৰা হৈছে-
| সুষম গতি | বিষম গতি |
| বস্তু এটাই সমান সময়ত সমান দূৰত্ব অতিক্রম কৰে। | বস্তু এটাই সমান সময়ত বিভিন্ন দূৰত্ব অতিক্রম কৰে। |
| স্থিৰ। | পৰিৱৰ্তনশীল। |
| খালী ৰাস্তাৰে সৰলভারে চলি থকা বাহন। | ভিৰ থকা ৰাস্তাত চলি থকা বাহন। |
| ট্রেনে যদি প্রতি মিনিটত 1 km গৈ থাকে। | এটা বাছে ভিন্ন সময়ত কেতিয়াবা বেছি, কেতিয়াবা কম দূৰত্ব অতিক্রম কৰে। |
৪। গতিৰ তিনিটা সমীকৰণ লিখি ব্যাখ্যা কৰা।
উত্তৰঃ যদি কোনো বস্তু সৰল ৰৈখিকভাৱে সুষম ত্বৰণেৰে গতি কৰে, তেতিয়া তলত দিয়া তিনিটা সমীকৰণ গঠন হয়- এইবোৰক গতিৰ সমীকৰণ (Equations of Motion) বোলে।
সমীকৰণসমূহ:
(i) v = u + at
(ii) sut = ut + ½at2
(iii) v² = u² + 2as
য’ত:
১। u = প্ৰাৰম্ভিক বেগ।
২। ৮ = অন্তিম বেগ।
৩। ৫ = ত্বৰণ।
৪। ৫ = সময়।
৫। ৪ = অতিক্ৰম কৰা দূৰত্ব।
ব্যাখ্যা:
(i) 1ম সমীকৰণে বেগৰ সৈতে ত্বৰণ আৰু সময়ৰ সম্পৰ্ক বুজায়।
(ii) 2য় সমীকৰণে গতি চলাকালীন সময়ত বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে, সেইটো দেখুৱায়।
(iii) 3য় সমীকৰণে বেগ আৰু অতিক্ৰম কৰা দূৰত্বৰ সম্পৰ্ক স্থাপন কৰে।
৫। সুষম বৃত্তীয় গতি কাক বোলে? তাত দিশ কেনেকে সলনি হয়? উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ যদি বস্তু এটাই একেই বেগ (constant speed) ৰে বৃত্তাকাৰ পথ লৈ গতি কৰে, তেন্তে তাক সুষম বৃত্তীয় গতি (Uniform Circular Motion) বোলে।
এই গতিত বেগৰ মান সলনি নহয়, কিন্তু দিশ সদায় সলনি হৈ থাকে। বেগ হৈছে এক ভেক্টৰ ৰাশি, গতিকে যেতিয়া দিশ সলনি হয়, তেতিয়া বেগো সলনি হয়। এইদৰে, যদিও বস্তুটোৰ দ্রুতি স্থিৰ, তাৰ বেগ সলনি হৈ থাকিবলৈ গতি ত্বৰিত হয়।
উদাহৰণ:
১। পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি।
২। চন্দ্ৰৰ পৃথিৱীৰ ফালে কক্ষপথত গতি।
৩। পাথৰ এখন দড়িত বান্ধি ঘূৰোৱা।
খালী ঠাই পূৰ কৰা-
১। গতি হৈছে বস্তুৰ __________ৰ পৰিৱর্তন।
উত্তৰঃ গতি হৈছে বন্ধৰ অৱস্থানৰ পৰিৱৰ্তন।
২। সৰল ৰেখাৰে গতি কৰা বস্তুৰ গতিক ____________ গতি হিচাপে জনা যায়।
উত্তৰঃ সৰল ৰেখাৰে গতি কৰা বস্তুৰ গতিক ৰৈখিক গতি হিচাপে জনা যায়।
৩। বেগৰ পৰিৱৰ্তনৰ হাৰক ___________ বোলে।
উত্তৰঃ বেগৰ পৰিবৰ্তনৰ হাৰক ত্বৰণ বোলে।
৪। যদি বস্তুটো ঘূৰি ঘূৰি একে বেগেৰে চলে, তেন্তে তাক _____________ গতি বোলে।
উত্তৰঃ যদি বস্তুটো ঘূৰি ঘূৰি একে বেগেৰে চলে, তেন্তে তাক সুষম বৃত্তীয় গতি বোলে।
৫। সমান সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে তাক _____________ গতি বোলে।
উত্তৰঃ সমান সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে তাক সুষম গতি বোলে।
সত্য/অসত্য বিচাৰ কৰা-
১। দূৰত্বৰ সৈতে দিশ থাকিবই লাগে।
উত্তৰঃ অসত্য।
২। বেগ মানে দ্রুতিৰ লগত দিশ থকা।
উত্তৰঃ সত্য।
৩। ত্বৰণ ধনাত্মক বা ঋণাত্মক হ’ব পাৰে।
উত্তৰঃ সত্য।
৪। গতিৰ লেখচিত্রত সময় Y-অক্ষত দেখুৱাই।
উত্তৰঃ অসত্য।
৫। গতিৰ সমীকৰণত ‘v’ মানে অন্তিম বেগ।
উত্তৰঃ সত্য।
‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
| ‘ক’ অংশ | ‘খ’ অংশ |
| গতি | বেগৰ পৰিৱৰ্তনৰ হাৰ |
| বেগ | সমান সময়ত সমান দূৰত্ব |
| ত্বৰণ | বন্ধ পথত গতি |
| সুষম গতি | স্থানৰ পৰিৱৰ্তন |
| বৃত্তীয় গতি | দ্রুতিৰ সৈতে দিশ |
উত্তৰঃ
| ‘ক’ অংশ | ‘খ’ অংশ |
| গতি | স্থানৰ পৰিৱৰ্তন |
| বেগ | দ্রুতিৰ সৈতে দিশ |
| ত্বৰণ | বেগৰ পৰিৱৰ্তনৰ হাৰ |
| সুষম গতি | সমান সময়ত সমান দূৰত্ব |
| বৃত্তীয় গতি | বন্ধ পথত গতি |

