SEBA Class 9 Science Important Chapter 12 শব্দ

SEBA Class 9 Science Important Chapter 12 শব্দ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Science Important Chapter 12 শব্দ Solutions and select need one. Class 9 General Science Additional Notes in Assamese Medium Download PDF. SEBA Class 9 General Science Important Question Answer.

SEBA Class 9 Science Important Chapter 12 শব্দ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Class 9 Science Additional Solutions for All Chapters, You can practice these here.

Chapter: 12

অতিরিক্ত প্রশ্নোত্তর

১। শব্দ বুলিলে কি বুজা যায়?

উত্তৰঃ শব্দ হৈছে এনে এটা শক্তি যি আমাৰ কাণত শ্ৰৱণৰ অনুভূতি সৃষ্টি কৰে।

২। কম্পন বুলিলে কি বুজা যায়?

উত্তৰঃ কোনো বস্তুৰ অগা-পিছা বা ইফাল-সিফাল কৰা গতিকেই কম্পন বোলে।

৩। সুৰ-শলাকা কেনেদৰে শব্দ উৎপন্ন কৰে?

উত্তৰঃ সুৰ-শলাকাৰ এটা বাহু কঠিন বস্তুত আঘাত কৰিলে বাহু দুটা কম্পিত হয় আৰু শব্দ সৃষ্টি কৰে।

৪। তৰংগ কি?

উত্তৰঃ এটা মাধ্যমত কণাবোৰৰ পুনৰাবৃত্ত কম্পনৰ বাবে সৃষ্টি হোৱা আলোড়নে গতি কৰা ঘটনাটোক তৰংগ বোলে।

৫। যান্ত্রিক তৰংগ কি?

উত্তৰঃ যিবোৰ তৰংগৰ সঞ্চালনৰ বাবে ভৌতিক মাধ্যমৰ প্ৰয়োজন হয়, সেইবোৰক যান্ত্রিক তৰংগ বোলে।

৬। অনুদৈর্ঘ্য তৰংগ কাক বোলে?

উত্তৰঃ যি তৰংগত কণাবোৰ তৰংগৰ দিশত দোলন কৰে, সেই তৰংগক অনুদৈর্ঘ্য তৰংগ বোলে।

৭। অনুপ্রস্থ তৰংগ কাক বোলে?

উত্তৰঃ যি তৰংগত কণাবোৰ তৰংগৰ দিশৰ লগত লম্বভাৱে দোলন কৰে, সেই তৰংগক অনুপ্রস্থ তৰংগ বোলে।

৮। সংকোচন আৰু প্ৰসাৰণ বুলিলে কি বুজা যায়?

উত্তৰঃ শব্দ তৰংগত কণাবোৰৰ ওচৰ চাপক সংকোচন আৰু আঁতৰি যোৱাক প্ৰসাৰণ বোলে।

৯। তৰংগ দৈর্ঘ্য কাক বোলে?

উত্তৰঃ একে পৰ্যায়ৰ দোলনৰ দুটা নিকটতম বিন্দুৰ মাজৰ দূৰত্বক তৰংগ দৈর্ঘ্য বোলে।

১০। শব্দৰ তীব্রতা কাক বোলে?

উত্তৰঃ শব্দই কাণত উৎপন্ন কৰা সংবেদনৰ মাত্ৰাটোক শব্দৰ তীব্রতা বোলে।

দীঘলীয়া প্রশ্ন উত্তৰ:

১। শব্দ তৰংগৰ সংকোচন আৰু তনুভৱনৰ সংজ্ঞা লিখা।

উত্তৰঃ যেতিয়া কণিকাবোৰ পৰস্পৰৰ ওচৰ চাপি থাকে আৰু অঞ্চলটোত ঘনত্ব বেছি হয়, সেই অংশক সংকোচন (Compression) বোলা হয়।

যেতিয়া কণিকাবোৰ পৰস্পৰৰ পৰা আঁতৰি যায় আৰু অঞ্চলটোত ঘনত্ব কম হয়, সেই অংশক তনুভৱন বা প্ৰসাৰণ (Rarefaction) বোলা হয়।

২। তৰংগৰ সংজ্ঞা লিখা।

উত্তৰঃ যেতিয়া এটা মাধ্যমৰ কণাই পুনৰাবৃত্ত কম্পন কৰে আৰু এই কম্পনৰ ফলত সৃষ্টি হোৱা আলোড়নে কণাবোৰৰ স্থানান্তৰ নঘটাই মাধ্যমটোৰ অন্য অংশলৈ আগবাঢ়ে, তেতিয়া সেই গতিশীল আলোড়নক তৰংগ বোলা হয়।

৩। শ্রৱণ নির্বন্ধ কাক বোলে?

উত্তৰঃ কোনো ব্যক্তিয়ে কোনো শব্দ শুনিলে, সেই শব্দৰ শুনাৰ অনুভূতিটো তেওঁৰ মগজুত প্রায় 0.1 ছেকেণ্ডলৈকে থাকে। গতিকে, যদি 0.1 ছেকেণ্ডতকৈ কম সময়ৰ ভিতৰত দুটা শব্দ শুনা যায়, তেন্তে মানুহৰ কাণে সেই শব্দবোৰ পৃথককৈ চিনাক্ত কৰিব নোৱাৰে আৰু সিহঁতক এটা শব্দ হিচাপেই অনুভৱ কৰে। এই 0.1 ছেকেণ্ড সময়ৰ অন্তৰালকেই “শ্রৱণ নির্বন্ধ” (auditory persistence) বোলা হয়।

৪। (কাৰণ দর্শোৱা): অনিলে ৰে’লৰ ছিৰিৰ একেবাৰে কাষত কাণ ৰাখিছিল। তেওঁৰ বন্ধুৱে অলপ আঁতৰত থকাৰ সময়ত শিল এখন লৈ ৰে’লৰ ছিৰিত আঘাত কৰিলে। অনিলে দুবাৰ শব্দ শুনিলে – এই ঘটনাৰ বৈজ্ঞানিক কাৰণ কি?

উত্তৰঃ শব্দতৰংগ বিভিন্ন মাধ্যমৰ মাজেৰে ভিন্ন বেগত গতি কৰে। শব্দ লোহাৰ দৰে কঠিন বস্তুৰ মাজেদি বায়ুতকৈ বহুগুণ বেছি বেগেৰে পাৰ হয়। বন্ধুৱে যেতিয়া শিলখন ৰে’লৰ ছিৰিত মাৰে, তেতিয়া শব্দ তৰংগ দুটা পৃথক মাধ্যম- লোহাৰ ছিৰি আৰু বায়ুৰ মাজেৰে অনিলৰ কাণলৈ গতি কৰে। লোহাৰ ছিৰিৰ মাজেদি অহা শব্দ তাড়িতকৈ আহে, আৰু কিছু মুহূর্ত পিছত বায়ুৰ মাজেদি অহা শব্দ পোনে পোনে কাণত পৰে। ফলত, অনিলে একেটা শব্দ দুবাৰ শুনে।

৫। শব্দ তৰংগৰ তীক্ষ্ণতা ব্যাখ্যা কৰা।

উত্তৰঃ শব্দৰ তীক্ষ্ণতা হৈছে শব্দৰ কম্পনাংকৰ সৈতে জড়িত এটা গুণ, যাৰ দ্বাৰা মস্তিষ্কে কোনো শব্দ কিমান “পাতল” বা “উচ্চ” বুলি অনুভৱ কৰে। কম্পনাংক যিমান বেছি, শব্দ সিমান তীক্ষ্ণ বুলি অনুভূত হয়। অর্থাৎ, প্রতি একক সময়ত যিমান বেছি কম্পন হয়, শব্দৰ কম্পনাংক সিমান বৃদ্ধি পায়, আৰু সেই শব্দতত বেশি তীক্ষ্ণ হৈ মস্তিষ্কে গ্ৰহণ কৰে। উদাহৰণস্বৰূপে, মহিলাৰ কণ্ঠস্বৰ সাধাৰণতে পুৰুষৰ কণ্ঠস্বৰতকৈ অধিক তীক্ষ্ণ হয়, কাৰণ তাত কম্পনাংক বেছি থাকে।

উদাহৰণস্বৰূপে:

(ক)

(খ)

খালী ঠাই পূৰ কৰা-

১। তীব্রতা আৰু প্রাবল্য একে __________।

উত্তৰঃ তীব্রতা আৰু প্রাবল্য একে নহয়।

২। __________ বস্তুৱে শব্দ উৎপন্ন কৰে।

উত্তৰঃ স্পন্দনশীল বস্তুৱে শব্দ উৎপন্ন কৰে।

৩। শব্দ তৰংগই বায়ুশূন্য স্থানৰ মাজেৰে গতি কৰিব ___________।

উত্তৰঃ শব্দ তৰংগই বায়ুশূন্য স্থানৰ মাজেৰে গতি কৰিব নোৱাৰে।

৪। উষ্ণতা বৃদ্ধি পালে শব্দৰ ___________ বৃদ্ধি পায়।

উত্তৰঃ উষ্ণতা বৃদ্ধি পালে শব্দৰ বেগ বৃদ্ধি পায়।

৫। শব্দ তৰংগৰ দ্রুতি সংৰ্বোচ্চ ___________ হয়।

উত্তৰঃ শব্দ তৰংগৰ দ্রুতি সংর্বোচ্চ লোত হয়।

সত্য/অসত্য বিচাৰ কৰা-

১। তৰংগৰ বেগ মাধ্যমৰ কণিকাবোৰৰ বেগৰ সমান।

উত্তৰঃ অসত্য।

২। পর্যায়কাল আৰু কম্পনাংকৰ পূৰণফল এক।

উত্তৰঃ সত্য।

৩। এটা কম্পনাংকৰ শব্দক সুৰ বুলি কোৱা হয়।

উত্তৰঃ অসত্য।

৪। তিমিমাছ আৰু হাতীয়ে অৱশব্দ উৎপন্ন কৰে।

উত্তৰঃ অসত্য।

৫। উষ্ণতা বৃদ্ধি পালে শব্দৰ বেগ বৃদ্ধি পায়।

উত্তৰঃ সত্য।

“ক” অংশৰ লগত “খ” অংশ মিলোৱা-

“ক” অংশ“খ” অংশ
এলুমিনিয়াম (গোটা)6040
নিকেল (গোটা)6420
তীখা (গোটা)1531
পানী (সামুদ্রিক) (তৰল)5960
ইথানল (তৰল)1207

উত্তৰঃ

“ক” অংশ“খ” অংশ
এলুমিনিয়াম (গোটা)6420
নিকেল (গোটা)6040
তীখা (গোটা)5960
পানী (সামুদ্রিক) (তৰল)1531
ইথানল (তৰল)1207

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top