সৰ্বানন্দ সোণোৱাল জীৱনী | Sarbananda Sonowal Biography

সৰ্বানন্দ সোণোৱাল | Sarbananda Sonowal Essay in Assamese | Biography of Sarbananda Sonowal in Assamese | সৰ্বানন্দ সোণোৱাল বিষয়ে জীৱনী | সৰ্বানন্দ সোণোৱাল বিষয়ে ৰচনা | সৰ্বানন্দ সোণোৱালৰ চমু পৰিচয়।

Join Telegram channel

সৰ্বানন্দ সোণোৱাল এজন সু- প্ৰতিভাশালী ৰাজনৈতিকবিদ আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) এজন নিষ্ঠাবান চৰিত্ৰৰ ৰাজনীতিবিদ তথা প্ৰতিশ্ৰুতিসম্পন্ন , শক্তিশালী আৰু কৰ্মনিপুন ব্যক্তি। তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বচিত ভাৰত গণৰাজ্যৰ যুৱ কাৰ্যক্ৰম আৰু খেল – মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ (Bharatiya Janata Party) অসম প্ৰদেশৰ সভাপতি আছিল। বৰ্তমান তেওঁ মাজুলী বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।

Sarbananda Sonowal

সৰ্বানন্দ সোণোৱাল জীৱনী | Sarbananda Sonowal Biography

নামসৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal
জন্ম31 অক্টোবৰ, 1961 (58 বছৰ)
জন্মস্থানমুকুল গাঁও, ডিব্ৰুগড়, অসম (Mukul Gaon, Dibrugarh, Assam) 
অভিভাৱকস্বৰ্গীয় জীৱেশ্বৰ সোণোৱাল (পিতৃ /Father), স্বৰ্গীয় দিনেশ্বৰী সোণোৱাল (মাতৃ /Mother)
শিক্ষাপ্রাৰ্থমিক শিক্ষা (Primary Education):  মুকুল গাঁও প্ৰাৰ্থমিক বিদ্যালয়। (Mukul  Gaon Primary school) 
হাইস্কুল শিক্ষা (Highschool Education): ডিব্ৰুগড় ডনবস্কো স্কুল (Dibrugarh Don Bosco Higher secondary School) 
স্নাতক শিক্ষা (Graduation): ডিব্ৰুগড় হনুমানবক্স সূৰজমল  কানৈ মহাবিদ্যালয় (Dibrugarh Hanumanbox Surajmal kanoi College) 
স্নাতকোত্তৰ শিক্ষা (Postgraduate): ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University) 
আইনৰ স্নাতক শিক্ষা (L.L.B): গুৱাহাটী বিশ্ববিদ্যালয়  (Guwahati University)
সাংবাদিকতা আৰু মাছ কমিউনিকেচন ডিগ্ৰী (Degree in journalism Mass communication): গুৱাহাটী বিশ্ববিদ্যালয় (Guwahati University) 
ৰাজনৈতিক দলভাৰতীয় জনতা পাৰ্টী (BJP)

সৰ্বানন্দ সোণোৱাল ব্যক্তিগত জীৱন 

১৯৬২ চনৰ ৩১ অক্টোবৰত ডিব্ৰুগড় জিলাৰ মুকুল গাঁৱত একোটা সোণোৱাল কছাৰী পৰিয়ালত সৰ্বানন্দ সোণোৱালৰ জন্ম হয়। তেওঁৰ  নাম হ’ল স্বৰ্গীয় জীৱেশ্বৰ সোণোৱাল আৰু মাতৃৰ নাম হ’ল দিনেশ্বৰী সোণোৱাল। তেওঁ ঘৰখনৰ সৰু পুত্ৰ আছিল আৰু তেওঁৰ ছয় জনকৈ ককায়েক আৰু দুজনী ভনীয়েক আছিল।

সৰ্বানন্দ সোণৱালে শৈশৱ শিক্ষা ডিব্ৰুগড়ৰ মুকুল গাঁও প্ৰাৰ্থমিক বিদ্যালয়ৰ পৰা প্ৰাৰ্থমিক  শিক্ষা সমাপ্ত কৰি বিন্ধাকাটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ স্কুলীয়া শিক্ষা ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা সমাপ্ত কৰে। শ্ৰদদ্ধেয়  সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় হনুমানবক্স সূৰজমল  কাণৈ  মহাবিদ্যালয় পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তাৰোপৰি শ্ৰদ্ধেয়  সৰ্বানন্দ সোণোৱালে গুৱাহাটী বিশ্ববিদ্যালয় পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰিও সাংবাদিকতা (Journalism) আৰু মাছ কমিউনিকেচন ডিগ্ৰী (Mass-communication Degree) লাভ কৰে।

এজন সুদক্ষ খেলুৱৈ হিচাপে ফুটবল, ক্ৰিকেট আৰু বেডমিন্টনৰ প্ৰতি সৰ্বানন্দ সোণোৱাল অতি উৎসৃষ্ট।

জীৱনৰ কৃতিস্তম্ভ 

সৰ্বানন্দ সোণোৱাল কলেজীয়া জীৱনৰ পৰাই তেওঁ নিজকে সমাজৰ কল্যাণৰ কাম – কাজৰ লগত নিজকে জড়িত কৰি ৰাখিছিল। বৰ্তমান মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত শ্রদ্ধেয়  সৰ্বানন্দ সোণোৱাল এক সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য হৈ ৰাইজৰ আৰু নিজ ৰাজ্য অসমৰ উন্নতিৰ হকে যুঁজ দিছিল। তেখেত ১৯৯২ চনৰ পৰা ১৯৯৯ চনৰলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। তেওঁ ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈ উত্তৰপূৰ্ব ছাত্ৰ সন্থা (Northeast Student Union) -ৰ চেয়াৰমেন পদত অধিষ্ঠিত আছিল। 

সৰ্বানন্দ সোণোৱালে  ১৯৯৯ চনত অসম গণ পৰিষদ দলত যোগদান কৰি প্ৰত্যক্ষ ৰাজনীতিত নামে। ২০০১ চনৰ মৰাণ বিধানসভা সমষ্টিৰ পৰা শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল বিধায়ক ৰূপে নিৰ্বাচিত হয়। ইয়াৰ পিছত তেওঁ ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ (Paban Singh Ghatowar) -ক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে সাংসদত প্ৰৱেশ কৰে। 

সৰ্বানন্দ সোণোৱালে বিতৰ্কিত আই . এম . ডি . টি আইন (IMDT Act) -ৰ বিৰুদ্ধে আদালতত যুঁজ চলাই আৰু আইনখন  বাতিল কৰিবলৈ সক্ষম হয়। 

সৰ্বানন্দ সোণোৱালে ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে ডিব্ৰুড়ত সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত সৰ্বানন্দ সোণোৱালে ভাৰতীয় জনতা পাৰ্টি((Bharatiya Janata Party / B.J.P) দলত যোগ দিয়ে। ইয়াৰ পিছত ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ (Bharatiya Janata Party / B.J.P) সাংসদ পদত নিৰ্বাচিত হয়। একোটা বছৰতে তেখেতে কেন্দ্ৰীয় যুৱ কাৰ্যক্ৰম আৰু ক্ৰিয়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।  তেওঁ যুৱ কল্যাণ আৰু ক্ৰিয়া বিভাগৰ দায়িত্ব পালন কৰি থকা সময়ত অসমত ছাফ গেমছ আৰু অনান্য ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিয়া আৰু মহোৎসৱ আয়োজন কৰাৰ কৃতিত্ব সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰে। 

উল্লেখনীয় ২০১৬ চনৰ বিধানভা নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগু(Rajib Lochan Pegu)ক পৰাস্ত কৰি ১৮৯২৩ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী পদভাৰ গ্ৰহণ কৰে। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে ভাৰতীয় জনতা পাৰ্টিয়ে (Bharatiya Janata Party / B.J.P) অসমত অভূতপূৰ্ব ফলাফল লাভ কৰে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰীৰ আসন লাভ কৰা পঞ্চদশ ব্যক্তি হৈছে শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল।

ছাত্ৰনেতাৰ পৰা  মুখ্যমন্ত্ৰী পদলৈ পদোন্নতি হোৱালৈকে সৰ্বানন্দ সোণোৱলে অসমৰ ৰাইজ তথা অসম ৰাজ্যৰ উন্নতি বিকাশৰ হকে অগণন কাৰ্য্যভাৰৰ দায়িত্ব পালন কৰি সুপৰিচালক  ব্যক্তিত্বৰ কৃতিত্ব অৰ্জন কৰিছে।

ব্যাখ্যা 

ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰী পদলৈ অধিষ্ঠিত হোৱালৈকে এক বিশেষ ব্যক্তিত্বৰ নেতা হিচাপে জনসমাজত প্ৰতিষ্ঠিত হৈ আহিছিল মাননীয় সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ডাঙৰীয়া। জাতিয়বাদি শিবিৰৰ পৰা সোঁপন্থী গেৰুৱা শিবিৰলৈ আহিও তেওঁ নিজৰ ব্যতিক্ৰমী ব্যক্তিত্বৰ পৰিচয় বজাই ৰাখিবলৈ সক্ষম হৈছিল। 

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অসম ৰাজ্যৰ উন্নতিৰ  হকে গ্ৰহণ কৰা অগণন লক্ষ্য সমূহত উপনীত হবলৈ অহৰহ প্ৰচেষ্টা কৰি আহিছে। বিদেশীমুক্ত, দুৰ্নীতিমুক্ত, প্ৰদূষণমুক্ত আৰু সন্ত্ৰাসবাদ মুক্ত অসম   গঢ়াৰ  লক্ষ্যৰে আৰম্ভণিৰে পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আহিছে। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰধান লক্ষসমূহৰ অন্যতম এটা লক্ষ্য হৈছে অসমক প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি  তোলা। শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল পৰিচালিত চৰকাৰে পৰিৱেশ সংৰক্ষণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ লগতে পৰ্য্যটক সকলৰ বাবে পৰিৱেশ পৰ্য্যটনৰ মূল কেন্দ্ৰ হিচাবে গঢ়ি তুলিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে। 

অসমক প্ৰদূষণমুক্ত হিচাপে গঢ়ি  তুলিবলৈ কৰা এই প্ৰচেষ্টাৰ অংশ হিচাপে ৰাজ্য চৰকাৰে “অসমৰ শ্ৰেষ্ঠ প্ৰদূষণমুক্ত সেউজ জিলা ” শীৰ্ষক এক প্ৰতিযোগিতাৰ  আয়োজন কৰিছে। প্ৰতিখন জিলাই অংশ লবলগীয়া এই প্ৰতিযোগিতাৰ জৰিয়তে ৰাজ্যৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধিৰ লগতে সংশ্লিষ্ট জিলা সমূহত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে।

সৰ্বানন্দ সোণোৱালৰ পৰিচালিত ৰাজ্য চৰকাৰে ৰাজ্যখনক  দেশৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়া, ৰাজ্যখনৰ সম্পদ আৰু সম্ভাৱনিয়তাৰ অধিকাৰ, অৰ্থনৈতিক ভেটি শক্তিশালীকৰণ, প্ৰশাসনযন্ত্ৰ সম্পূৰ্ণ নিকা কৰা। চৰকাৰী কাম – কাজলৈ স্বচ্ছতা অনা, উগৰপন্থীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰে কাৰ্য ব্যৱস্থা  গ্ৰহণ কৰিছে, যাতে জনসাধাৰণৰ আশা আৰু আকাংক্ষা বাস্তবায়িত হয় আৰু ৰাজ্যখন উন্নয়নৰ গতি ত্বৰাম্বিত  হয়। 

সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে ৰাজ্যখনৰ সৰু – বৰ সকলোজন গোষ্ঠীৰ ভাষা, কলা, কৃষ্টি – সংস্কৃতিয়ে বৃহত্তৰ অসমৰ কৃষ্টি – সংস্কৃতিৰ বৰপথাৰখন জিপাল কৰি তুলিছে। সেইবাবে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ নিৰাপত্তা, সমবিকাশ, সম- উন্নয়ন আৰু তেওঁলোকৰ চিন্তাধাৰাই যাতে অসমীয়া জাতিৰ চিন্তাধাৰাক উৰ্বৰ কৰিব পাৰে তাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁৰ পৰিচালিত চৰকাৰে কৃষিখণ্ডৰ লগতে উদ্যোগখণ্ডৰ বিকাশৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে। সামগ্ৰী আৰু সেৱা কৰৰ সাংবিধানিক বিধেৱকখন  অনুমোদন কৰাৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত সৰ্বপ্ৰথম ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। 

আমাৰ সংস্কৃতি হ’ল মহামিলনৰ সংস্কৃতি, ই আমাৰ জাতীয় জীৱনৰ পৰিচয়। ইয়াক শক্তিশালীকৰণৰ বাবে নিৰলস প্ৰয়াস আৰু নিৰ্দিষ্ট সংস্কৃতিক কৰ্মসূচীৰ প্ৰয়োজন। নতুন প্ৰজন্মই যাতে ৰাজ্যৰ ইতিহাস জানিবলৈ সুযোগ লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে জাতীয় জীৱনক শক্তিশালী কৰা মহাপুৰুষ, মহানবীৰ মনীষীসকলক  স্মৰণ কৰাৰ বাবে জাতীয় দায়বদ্ধতাৰে কাম কৰিছে। তদুপৰি প্ৰতিটো জনগোষ্ঠীয়ে যাতে মাৰ্যাদা  সহকাৰে জীয়াই থাকি ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত নতুন মাত্ৰা সংযোজন কৰিব পাৰে তাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

Read Also: কিৰণ বেদী জীৱনী | Kiran Bedi Biography

সামৰণি 

ছাত্ৰনেতাৰ পৰা মুখ্যমন্ত্ৰী পদলৈ পদোন্নতি হোৱালৈকে সৰ্বানন্দ সোণোৱালে নিজ জনসমাজৰ কল্যাণ আৰু নিজ ৰাজ্য অসমৰ উন্নতিৰ বাবে কৰ্মনিষ্ঠাৰে কাম কৰি আহিছে। নিজ ৰাজনৈতিক জীৱনত সন্মুখীত হোৱা ঘাট – প্ৰতিঘাট, সমালোচনা নেওঁচি  তেওঁ কৰ্মনিপুন ব্যক্তিত্বৰ পৰিচয় বহন কৰিবলৈ সক্ষম হয়। তেওঁৰ এই চাৰিত্ৰিক বিশেষত্বই এয়া প্ৰমাণ কৰে যে আগন্তুক সময়টো অসম আৰু অসমৰ জনসাধাৰণৰ হকে তেওঁ নিজৰ দায়িত্বভাৰ নিষ্ঠাৰে পালন কৰি যাব।

FAQ

১) সৰ্বানন্দ সোণোৱাল কোন দলৰ?

উঃ- ভাৰতীয় জনতা দলৰ (BJP)। 

২) সৰ্বানন্দ সোণোৱাল কোন কলেজৰ ছাত্ৰ আছিল? 

উঃ- ডিব্ৰুগড় হনুমানবক্স সূৰজমল  কানৈ মহাবিদ্যালয়ৰ।

৩) সৰ্বানন্দ সোণোৱালৰ জন্ম কেতিয়া হৈছিল?

উঃ- ৩১ অক্টোবৰ, ১৯৯২ চনত।

৪) সৰ্বানন্দ সোণোৱালে সাংবাদিকতাৰ ডিগ্ৰী কʼৰ পৰা লৈছিল?

উঃ- গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা।

৫) সৰ্বানন্দ সোণোৱালৰ জন্ম কʼত হৈছিল?

উঃ- মুকুল গাঁও, ডিব্ৰুগড়, অসম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top