Perspectives on International Relations and World History Unit 2 Theoretical Perspectives Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on International Relations and World History Unit 2 Theoretical Perspectives to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on International Relations and World History Unit 2 Theoretical Perspectives Question Answer can be of great value to excel in the examination.
Perspectives on International Relations and World History Unit 2 Theoretical Perspectives
Perspectives on International Relations and World History Unit 2 Theoretical Perspectives Notes cover all the exercise questions in UGC Syllabus. The Perspectives on International Relations and World History Unit 2 Theoretical Perspectives provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Theoretical Perspectives
POLITICAL SCIENCE
PERSPECTIVES ON INTERNATIONAL RELATIONS And World History
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্ব ইতিহাসৰ ধাৰণাসমূহ
Very Objective Type Questions
1. দুজন উদাৰ চিন্তাবিদৰ নাম লিখা। (Name any two Liberal Thinkers.)
Ans: Norman Anzel, Alfred Zimmarn.
2. ‘Politics Among Nations’-গ্ৰন্থকাৰ কোন? Who Wrote the book ‘Politics Among Nations?
Ans: Hans Morgenthau & Kenneth W. Thompson.
3. এজন নব্য আদর্শবাদীৰ নাম লিখা।(Name one Neo-Realists.)
Ans: Hans Morgenthau.
4. Who wrote The End of History?
Ans: Francis Fukuyama.
5. Who Wrote the book Fragment on War?
Ans: John Duigan.
6. উদাৰ দৃষ্টিভংগীৰ প্ৰধান পৃষ্ঠপোষক কোন আছিল?
(Who was the Chief Exponent of the Liberal approach in the study of International Relations?)
Ans: John Locke.
Short Type Questions
1. মৰগেনথোৰ ৰাজনৈতিক বাস্তৱবাদৰ চাৰিটা নীতি উল্লেখ কৰা। [Explain four principles of Morgenthau’s Political Realism.]
Ans: (ক) মানৱ প্ৰকৃতিৰ চিৰন্তন বিধি : ৰাজনীতি এনে কেতবোৰ উপ্দেশ্যধর্মী আইনৰ দ্বাৰ। নিয়ন্ত্ৰিত যাৰ গুৰি মানৱ প্ৰকৃতিৰ লগত জড়িত। মানুহ কেতবোৰ চিৰন্তন আইনৰ দ্বাৰা পৰিচালিত হয়। এই আইনসমূহৰ ব্যৱহাৰ অগ্ৰাধিকাৰ ভিত্তিত কৰা হয়। গতিকে আমাৰ প্রচেষ্টাসমূহ তথ্য নিৰ্ভৰশীল হ’ব লাগিব আৰু আমাৰ যুক্তিৰ জৰিয়তে সেই তথ্যসমূহৰ বিশ্লেষণ কৰিব লাগিব। ৰাজনৈতিক কার্যাৱলী আৰু কাৰ্যাৱলীসমূহৰ সম্ভাৱ্য ফলশ্ৰুতিৰ আধাৰত বৈদেশিক নীতিসমূহ প্রস্তুত হয়। এজন ৰাষ্ট্ৰনেতাই প্ৰকৃততে কি কৰিলে আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো এজন আলোচকে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব লাগিব যে ৰাষ্ট্ৰনেতাজনৰ উক্ত কাৰ্যৰ উদ্দেশ্য কি?
(খ) ক্ষমতাৰ মাধ্যমত ৰাষ্ট্ৰীয় স্বার্থনিৰূপণ : ৰাজনৈতিক বাস্তৱবাদৰ মূল উপাদান হ’ল ৰাষ্ট্ৰীয় স্বাৰ্থ, যাক মৰগেনথোৱে ক্ষমতাৰ জৰিয়তে ব্যাখ্যা কৰিব বিচাৰে। তেওঁৰ মতে, ৰাজনীতিক কোনো নৈতিক বা ধর্মীয় দিশৰ ব্যাখ্যাৰে বুজিব পৰা নহয়। ইয়াক বুজিবলৈ হ’লে ৰাষ্ট্ৰখনৰ প্ৰকৃত স্বাৰ্থক বুজিব লাগিব। গতিকে বাস্তৱবাদে ৰাষ্ট্ৰীয় স্বার্থক ক্ষমতাৰ মাধ্যমেৰে ব্যাখ্যা কৰি যুক্তিপূর্ণ তত্ত্বত উপনীত হোৱাৰ ওপৰত গুৰত্ব দিছে।
(গ) ৰাষ্ট্ৰীয় স্বার্থ পৰিৱৰ্তনশীল : মগেৰনথোৱে যুক্তি দৰ্শাইছে যে, ৰাষ্ট্ৰীয় স্বার্থ সদায় নির্দিষ্ট হ’ব নোৱাৰে। আন কথাত ক’বলৈ হ’লে, ৰাষ্ট্ৰীয় স্বাৰ্থৰ কোনো সর্বজনীন সংজ্ঞা নাই। কিয়নো, প্রত্যেক ৰাষ্ট্ৰৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে স্বাৰ্থৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে। সময়ৰ লগে লগে সিবিলাকৰ পৰিৱৰ্তন ঘটিলে স্বাৰ্থৰো পৰিৱৰ্তন হয়।
স্বাৰ্থৰ লগে লগেই ক্ষমতাৰ পৰিসৰো পৰিৱৰ্তন ঘটে। সেয়েহে তেওঁ যুক্তি দৰ্শাইছে যে, পাৰিপাৰ্শ্বিক উপাদানৰ ভূমিকাই ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰকৃতি আৰু ৰাজনৈতিক কার্যকলাপ নিৰ্ধাৰণ কৰে।
(ঘ) ৰাষ্ট্ৰ নৈতিক অভিলাষ : বাস্তৱবাদে সর্বজনীন নৈতিক প্ৰমূল্যৰাশিৰ লগত ৰাষ্ট্ৰবোৰে নিজ অভিলাষ পূৰণৰ উদ্দেশ্যে পালন কৰা নৈতিক বিধিৰ মাজত মিল নাই বুলি কৈছে। কিয়নো ৰাষ্ট্ৰৰ কর্মকতাসকলে ৰাষ্ট্ৰীয় স্বাৰ্থ পূৰণৰ বাবে সেই কাৰ্য-কলাপবোৰ নৈতিকতা সম্পন্ন বুলি দাবী কৰে। বাস্তববাদে তেনে নৈতিকতাৰ দাবীক গুৰুত্ব নিদিয়ে আৰু ৰাষ্ট্ৰবোৰৰ কাৰ্যকলাপ স্বাৰ্থ আৰু ক্ষমতাৰ মাধ্যমত বিশ্লেষণ কৰে।
2. নৱ্য বাস্তৱবাদৰ বিষয়ে এটা টোকা যুগুত কৰা।[Write a short note on Neo-Realism.]
Ans: শীতল যুদ্ধৰ কালছোৱাত আৰু শীতল যুদ্ধৰ চনাকালীন অৱস্থাত বাস্তৱবাদী তত্ত্ব আৰু আদৰ্শবাদী তত্ত্বত বহু নতুন নতুন বিশ্লেষণ আৰু চিন্তা-চৰ্চা তথা গৱেষণা আৰম্ভ হ’ল। এই নতুন ধৰণৰ চিন্তা চৰ্চা, আলোচনা আৰু বিচাৰধাৰাক নব্য বাস্তৱবাদ আৰু নৱ্য আদর্শবাদ বুলি কোৱা হয়। নৱ্য বাস্তৱবাদীসকলৰ ভিতৰত Kenneth Waltz. অন্যতম। তেওঁ নব্য বাস্তৱ বাদক ধ্রুপদী বাস্তববাদৰ পৰা কিছু পৃথককৈ ব্যাখ্যা আগবঢ়াইছে।
বাস্তৱবাদীসকলে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ব্যৱহাৰিক সমস্যাসমূহৰ পৰিপ্ৰেক্ষিতত বাস্তৱবাদৰ গুৰুত্ব অনুধাৱন কৰিবলৈ বিভিন্ন ৰাষ্টলৈ আনি জনাইছিল। বাস্তৱবাদৰ পৰম্পৰাগত বিশ্লেষকসকলে ক্ষমতাৰ ব্যৱহাৰৰ ওপৰত আলোচনা কৰিছিল। বাস্তৱবাদীসকলে সংঘাত বা সংঘৰ্ষৰ এৰাব নোৱৰা ব্যৱহাৰৰ ন্যায়সংগতা বা যুক্তিযুক্ততাৰ ব্যাখ্যা কৰিছিল। বিশেষকৈ উচ্চ ক্ষমতাশালী ৰাষ্ট্ৰবোৰে ধাৰাবাহিকভাৱে অধিকৰ পৰা অধিকতৰ ক্ষমতা আহৰণত ব্ৰতী হৈ আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ইংলেণ্ড, আমেৰিকাৰ দৰে দেশে বাস্তৱবাদী তত্ত্বকে আধাৰ হিচাপে লৈ তেওঁলোকৰ কাৰ্যৰ ন্যায়সংগতা দাবী কৰিছিল। নাজি আৰু ফেচিষ্ট শক্তিৰ বিৰুদ্ধে সংগ্ৰামত আন্তঃৰাষ্ট্ৰীয় আইন আৰু সংগঠন অকাৰ্যকৰী হৈ পৰাটোৱে ক্ষমতাক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰাসংগিক কৰি তুলিলে। ইউৰোপীয় ভাৰসাম্যক ৰাষ্ট্ৰ-পতন আৰু আমেৰিকা যুক্তৰাষ্ট বিশ্ব ক্ষমতাৰ কেন্দ্ৰ হৈ পৰাত আৰু আমেৰিকাই ভাৰসাম্যক ৰাষ্ট্ৰ হিচাপে নিজকে প্রতিষ্ঠা কৰিব বিচৰা প্ৰৱণতাৰ ফলত বাস্তৱবাদী তত্ত্বটোৱে এক নতুন মাত্রা লাভ কৰিলে। বিশ্বযুদ্ধ চলি থকাৰ সময়ত আৰু যুদ্ধৰ ঠিক সামৰণিৰ লগে লগে ক্ষমতা ৰাজনীতিৰ বিষয়টোৱে আমেৰিকা যুক্তৰাষ্ট্ৰক নতুনকৈ প্ৰতিষ্ঠা কৰিলে । John Hurz, George Hennan, Walter Lippmann আৰু মৰগেনথোৱে ৰাজনৈতিক বাস্তৱবাদক কাল্পনিকতাবাদ, আইনগতবাদ আৰু আদৰ্শবাদৰ বিপৰীতে এক নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে৷ ছোভিয়েট ৰাছিয়াৰ প্ৰভাৱ বিস্তাৰৰ ৰাজনীতিক প্রতিহত কৰিবলৈ মার্কিন বৈদেশিক নীতিৰ নিৰ্দ্ধাৰকসকলে বাস্তৱবাদৰ নতন দৃষ্টিভংগীৰে আমেৰিকাৰ বৈদেশিক নীতিক গঢ়ি তুলিলে। আমেৰিকাৰ নীতি নিৰ্দ্ধাৰকসকলে অকলশৰে থকা নীতি পৰিহাৰ কৰি বিশ্ব ৰাজনীতিত নিজকে জড়িত কৰি অধিক ক্ষমতা আহৰণৰ পৰম্পৰা আৰম্ভ কৰে।
এনেদৰে বাস্তৱবাদী চিন্তাবিদসকলে নতুন দৃষ্টিভংগীৰে আৰম্ভ কৰা বাস্তৱবাদী আলোচনাৰ প্ৰভাৱ সকলো আন্তঃৰাষ্ট্ৰীয় চিন্তাবিদৰ ওপৰত পৰিবলৈ ধৰে। কিন্তু মৰগেনথোৱে ব্যাপক পৰিসৰত বাস্তৱবাদৰ আলোচনা কৰি আমেৰিকাৰ সমসাময়িক বৈদেশিক নীতি আৰু কাৰ্যক ৰাষ্ট্ৰীয় স্বাৰ্থৰ মাধ্যমেৰে আলোচনা কৰি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক নতুন ধৰণৰ বাস্তৱবাদী তত্ত্ব সৃষ্টিৰ প্ৰচেষ্টা আৰম্ভ কৰে। এনে কৰিবলৈ যাওঁতে বিশ্ব ৰাজনীতিক ক্ষমতাৰ কাৰণে কৰা সংগ্ৰাম বুলি মৰগেনথোৱে অভিহিত কৰিছে, য’ত ৰাষ্ট্ৰই ক্ষমতা আহৰণ কৰি নিজৰ স্বাৰ্থ আদায় কৰিবলৈ বিচাৰে আৰু ক্ষমতাক মাধ্যম আৰু উপায় হিচাপে ব্যৱহাৰ কৰি নিজ ৰাষ্ট্ৰৰ অনুকূলে ক্ষমতাৰ ভাৰসাম্য প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পৰাই তেওঁৰ যুক্তিসংগত ব্যৱহাৰ ধাৰণাও গঢ় লৈ উঠিছে। অৱশ্যে মৰগেনথোৰ বাস্তৱবাদৰ সম্পৰ্কত এক সন্দেহো ৰাজনীতিবিদসকলে কৰা দেখা যায়। কাৰণ, আন্তঃৰাষ্টীয় ৰাজনীতিৰ বিজ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মৰগেনখোৱে ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় স্বাৰ্থ ক্ষমতা আৰু ক্ষমতাৰ ভাৰসাম্য নামৰ ধাৰণাকেইটা অস্পষ্ট আৰু অসম্পূৰ্ণ। পৰৱৰ্তী সময়ত মৰটন কাপলান, Stanley Hoffman আৰু Richard Rosecrance আদি লেখকসকলে অধিক গ্রহণযোগ্য এক বাস্তববাদী তত্ত্ব সৃষ্টিৰ প্ৰয়াস কৰিছে। বিশেষকৈ কেনেথ ৱাল্টজৰ প্ৰণালীৱদ্ধ তত্ত্বৰ আধাৰত ৰাষ্ট্ৰ ব্যৱহাৰ ব্যাখ্যা কৰিব বিচাৰিছিল।
নৱ্য বাস্তৱবাদী তত্ত্বৰ নতুন কথা কি? প্রথমতে, ধ্রুপদী বাস্তৱবাদীসকলে মানৱ প্ৰকৃতি স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক বুলি অভিহিত কৰিছিল আৰু এনে মানৱ প্ৰকৃতিৰ বাবেই স্বাৰ্থৰ সংঘাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়ো ক্ষেত্ৰত দেখা যায়। কিন্তু নৱ্য্য বাস্তৱবাদীসকলে মানৱ প্ৰকৃতিৰ পৰিৱৰ্তে আন্তঃৰাষ্ট্ৰীয় গাঁথনিক আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱহাৰৰ ভিত্তি হিচাপে অভিহিত কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি হ’ল পৰিপূৰ্ণভাৱে আৱশ্যকীয় আৰু এৰাব নোৱৰা সংঘাতৰ স্থলী। ধ্রুপদী বাস্তৱবাদত সংঘাতৰ মূল কাৰণ হিচাপে মানৱ চৰিত্ৰৰ কথা কোৱা হৈছিল। নৱ্য বাস্তৱবাদত মানৱ চৰিত্ৰৰ কাৰণে কিদৰে আন্তঃৰাষ্ট্ৰীয় সমাজ গঠন হয় সেই বিষয়ে ব্যাখ্যা কৰা হৈছিল। অৱশ্যে নৱ্য্য বাস্তবাদী তত্ত্ব সৃষ্টি হোৱাৰ পূৰ্বেই পদ্ধতি তত্ত্বৰ সমৰ্থক হিচাপে ষ্টেনলী হফমেন, মৰটন কাপলন আৰু ৰিছাৰ্ড ৰোজেক্ৰেন্স প্ৰমুখ্যে ৰাজনৈতিক দার্শনিকসকলে আন্তঃৰাষ্ট্ৰীয় পদ্ধতি সম্পর্কে আলোচনা কৰিছিল। এই পদ্ধতি তত্ত্বকো আকৌ কেনেথ বাল্টজৰ দৰে দাৰ্শনিকে সমালোচনা কৰি কৈছিল যে পদ্ধতি তত্ত্বইও আন্তঃৰাষ্ট্ৰীয় ব্যৱহাৰৰ সঠিক ব্যাখ্যা দাঙি ধৰিব পৰা নাছিল ৷ পদ্ধতি তত্ত্বৰ এনে ধৰণৰ দুৰ্বলতাসমূহ স্বীকাৰ কৰি লৈছে আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি ব্যাখ্যাৰ ভেটি হিচাপে প্ৰতিষ্ঠা কৰিছে। এই পদ্ধতিগত বাস্তৱতাই হ’ল আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ এৰাব নোৱৰা সংঘাতৰ মূল কাৰণ, যি সংঘাত আত্মস্বাৰ্থ আৰু ক্ষমতাৰ প্ৰতি হাবিয়াসৰ ফলত সৃষ্টি হয়। নব্য বাস্তৱবাদীসকলে আন্তঃৰাষ্টীয় পদ্ধতিৰ গাঁথনিৰ মাজত এনে সংঘাতসমূহৰ ব্যাখ্যা আগবঢ়াইছিল। ধ্রুপদী বাস্তৱবাদীসকলে গুৰুত্ব আৰোপ কৰা মানৱ প্ৰকৃতিৰ ব্যাখ্যাৰ পৰা নৱ্য বাস্তৱবাদীসকলৰ দৃষ্টিভংগীৰ মূল পার্থক্য হ’ল আন্তঃৰাষ্ট্ৰীয় গাঁথনিৰ ওপৰত আৰোপ কৰা গুৰত্ব।
উল্লিখিত মূল পার্থক্যটোৰ বাহিৰে অন্য সকলো দিশ, যেনে ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৰ্বস্বতা, সংঘাতৰ আৱশ্যকতা, ৰাষ্ট্ৰীয় ৰীতিৰ উপায় হিচাপে ক্ষমতা আৰু নৈতিকতাৰ ভূমিকাৰ অপ্ৰাসংগিকতা আদি বিষয়বিলাক ধ্রুপদী বাস্তৱবাদীসকলৰ দৰেই নব্য বাস্তৱবাদীসকলেও আলোচনা কৰিছিল।
ধ্রুপদী বাস্তৱবাদী আৰু নৱ্য বাস্তববাদী এই দুয়োধৰণৰ দৃষ্টিভংগীয়েই বিৱৰ্তনৰ নীতিক বিশ্বাস কৰিলে আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি ক্ষমতাৰ কাৰণে কৰা সংগ্ৰাম হিচাপে অভিহিত কৰিছিল। এনে পটভূমিতেই শীতল যুদ্ধৰ সময়ছোৱাত আৰু যুদ্ধোত্তৰ যুগত বাস্তৱবাদীসকলে বিশেষকৈ মৰগেনথো আৰু অন্যান্য নব্য বাস্তৱবাদীসকলে কেৱল ছোভিয়েট ৰাছিয়া বা সাজাজ্যবাদৰ প্ৰসাৰ আৰু প্ৰভাৱ বোধ কৰিবলৈ এনেধৰণৰ বাস্তৱবাদী দৃষ্টিভংগীক ব্যৱহাৰ কৰিছিল। এনে কৰিবলৈ যাওঁতে নৱ্য বাস্তৱবাদীসকলে গোষ্ঠী নিৰপেক্ষতাবাদ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ধাৰণাসমূহৰ বৰ্ধিত গুৰুত্বক উপেক্ষা কৰিছিল, যিসমূহ হয়তো বিশ্বশান্তি আৰু নতুন বিশ্ব-শৃংখলাৰ একোটা উপাদান হ’ব পাৰে।
হেনচ মৰগেনথোৱে ১৯৫৭ চনত আমেৰিকাক বিশ্ব ৰাজনীতিত অধিক জড়িত কৰি ভাৰসাম্যক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যাওঁতেই যিদৰে ধ্রুপদী বাস্তৱবাদৰ সৃষ্টি হৈছিল। ঠিক একেদৰেই ১৯৭৯ চনত ছোভিয়েট ৰাছিয়াই আফগানিস্তানত হস্তক্ষেপ কৰি সমাজবাদৰ প্ৰসাৰ ঘটাবলৈ চেষ্টা কৰাৰ বেলিকা কেনেথ ৱাল্টজৰ দৰে নৱ্য বাস্তৱবাদীসকলে আমেৰিকাক বিশ্ব ৰাজনীতিত অধিক জড়িত কৰি ক্ষমতা বৃদ্ধি কৰিবলৈ যাওঁতেই নৱ্য বাস্তববাদী দৃষ্টিভংগীৰ জন্ম হয়।
নৱ্য বাস্তৱবাদ হ’ল ধ্রুপদী বাস্তৱবাদৰ প্ৰগতিশীল বৈজ্ঞানিক আলোচনা। নতুন আৰু প্ৰত্যাহথানমূলক পৰিস্থিতিৰ মোকাবিলা কৰাত ধ্রুপদী বাস্তৱবাদক নৱ্য বাস্তৱবাদী দৃষ্টিভংগীয়ে সহায় কৰিছিল। আত্মস্বার্থমূলক মানৱ প্ৰকৃতিৰ পৰা আন্তঃৰাষ্ট্ৰীয় গাঁথনি অন্তর্নিহিত সংঘাতপূৰ্ণ প্ৰকৃতিলৈ পৰিৱৰ্তনৰ বাদে বৰ বিশেষ বিশেষণৰ দিশ বৰ বিশেষ পৰিৱৰ্তন হোৱা নাছিল। আন্তঃৰাষ্ট্ৰীয় সমাজত স্বাৰ্থৰ সংঘাত হ’ল স্বাভাৱিক পৰিণতি। শক্তিশালী ৰাষ্ট্ৰসমূহে স্বাৰ্থৰ কাৰণে যুদ্ধৰ নীতি গ্ৰহণ কৰে। শান্তি আৰু সহযোগিতাৰ গুৰব ৰাষ্টীয় উদ্দেশ্য সিদ্ধিৰ বাবে অপ্রাসংগিক হৈ পৰে। গতিকে নৱ্য বাস্তৱবাদ হ’ল ধ্রুপদী বাস্তৱবাদৰ আধুনিক সংস্কৰণ। বাস্তৱবাদী দৃষ্টিভংগীৰে বিচাৰ কৰিলে নৱ্য বাস্তববাদ হ’ল প্রাসংগিক মতবাদ। নৱ্য বাস্তববাদ মতে কেৱল ক্ষমতা সম্পৰ্কৰ জৰিয়তেহে আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠা কৰিব পাৰি।
3. আদর্শবাদ বা উদাৰতাবাদৰ চাৰিটা বৈশিষ্ট্য ব্যাখ্যা কৰা। [Explain four features of Idealism or Liberalism.]
Ans: (ক) অস্ত্র-শস্ত্র : আদর্শবাদীসকলে অস্ত্রশস্ত্র সীমিতকৰণৰ ওপৰত গুৰুত্ব দিয়ে। দেশবিলাকৰ অস্ত্র-শস্ত্ৰৰ পৰিমাণ বৃদ্ধি পালে যুদ্ধৰ আশংকা থাকে। গতিকে দেশবিলাকে নিৰস্ত্রীকৰণৰ ওপৰত গুৰুত্ব দিব লাগে।
(খ) নৈতিক নীতি পালন : প্রত্যেক ৰাষ্ট্ৰই কিছুমান প্রমূল্য পালন কৰি চলিব লাগে। প্রত্যেক ৰাষ্ট্ৰই ক্ষমতাৰ ৰাজনীতি পৰিহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় সম্পর্ক স্থাপনৰ কিছুমান নীতি-নিয়ম পালন কৰি চলিব লাগে। সেইদৰে ৰাষ্ট্ৰবিলাকে শক্তি প্ৰয়োগৰ ৰাজনীতিৰ সলনি এক শান্তিপূর্ণ সহঅৱস্থানৰ ওপৰত গুৰুত্ব দিব লাগে।
(গ) সংগঠন গঠন : আদর্শবাদীৰ মতে সংগঠন গঠন কৰিও বিশ্বশান্তি স্থাপন কৰিব পাৰি। এই ক্ষেত্ৰত জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘৰ ভূমিকা উল্লেখ কৰিব পাৰি।
(ঘ) গণতান্ত্রিক চৰকাৰ : আদর্শবাদীসকলে সর্বাত্মক চৰকাৰৰ পৰিৱৰ্তে গণতান্ত্রিক চৰকাৰৰ পোষকতা কৰে। কাৰণ সৰ্বাত্মক চৰকাৰৰ কাৰণেই গণতান্ত্রিক চৰকাৰৰ লগত যুদ্ধ সংঘটিত হয়। এতিয়ালৈকে বিশ্বত যিমান যুদ্ধ সংঘটিত হৈছে সেই যুদ্ধ এই দুটা আদৰ্শৰ মাজত সংঘাত হোৱাৰ কাৰণেই সংঘটিত হৈছে।
4. নৱ্য উদাৰতাবাদৰ সম্পর্কে চমুৱাই লিখা। (Write in brief about Neoliberalism).
Ans: নৱ্য বাস্তৱবাদৰ দৰে নৱ্য উদাৰতাবাদ ধ্রুপদী উদাৰতাবাদৰ নতুন সংস্কৰণ মাত্র। ধ্রুপদী আদর্শবাদক সংশোধিত ৰূপত প্ৰতিষ্ঠা কৰি বাস্তৱবাদৰ মুখামুখি হ’ব পৰাকৈ গঢ়ি তোলাৰ প্ৰয়াসেই হ’ল নব্য আদর্শবাদ। শীতল যুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত বিশ্ব-ৰাজনীতিত দেখা পোৱা পৰিৱৰ্তনসমূহৰ ফলত সৃষ্টি হোৱা নতুন আন্তঃৰাষ্ট্ৰীয় বাস্তৱতাৰ লগত ফেৰ মাৰিবলৈ আৰু ধ্রুপদী আদৰ্শবাদৰ প্ৰাসংগিকতা বিনষ্ট নহ’বলৈ নৱ্য আদর্শবাদী তত্ত্ববৰ সৃষ্টি কৰা হয়। মহেন্দ্ৰ কুমাৰৰ ভাষাত – ‘পূৰ্বৰ উদাৰতাবাদৰ ভিত্তিত নতুনকৈ প্ৰস্তুত কৰা মতবাদেই হ’ল নৱ্য উদাতাবাদ।’ নৱ্য উদাৰতাবাদৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি অৱশ্যেই ধ্রুপদী উদাৰতাবাদৰ সৈতে থকা ইয়াৰ পাৰ্থক্যসমূহৰ বিষয়ে সততে দৃষ্টি ৰখাটো বেছি ফলদায়ক হ’ব।
নৱ্য বাস্তৱবাদক যেনেদৰে ধ্রুপদী বাস্তবাদৰ আধুনিক সংস্কৰণ বোলা হয়। নৱ্য উদাৰতাবাদক ঠিক তেনেকৈ ধ্রুপদী আদর্শবাদৰ আধুনিক সংস্কৰণ বুলিব পাৰি। এইখিনিতে আমি ধ্রুপদী আদর্শবাদৰ মূল উপাদনকেইটাৰ বিষয়ে পুনৰ উল্লেখ কৰাটো প্ৰাসংগিক হ’ব।
(১) মানৱ চৰিত্ৰ সাধাৰণতেই ভাল।
(২) বেয়া অনুষ্ঠানৰ পৰা বেয়া ব্যৱহাৰ সৃষ্টি হয়।
(৩) সামাজিক কল্যাণেই হ’ল মানুহৰ প্ৰাথমিক দায়িত্ব।
(৪) যুদ্ধ আৱশ্যকীয় নহয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনে যুদ্ধ নির্মূল কৰিব পাৰে।
(৫) মানৱ প্ৰগতি সম্ভৱপৰ। আৰু
(৬) ৰাষ্ট্ৰীয় নীতিৰ আধাৰত বৈদেশিক নীতি প্রস্তুত হয় আৰু ৰাষ্ট্ৰই অনুসৰণ কৰা আইনৰ শাসনে আন্তঃৰাষ্ট্ৰীয় আইনকো মানি চলিবলৈ ৰাষ্টসমূহক বাধ্য কৰে আৰু এনে কাৰ্যই শেষত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু ঐক্য প্রতিষ্ঠাত সহায় কৰে।
উদাৰতাবাদে মুক্ত বাণিজ্য, আন্তৰাষ্টীয় আইনৰ শাসন, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ গুৰুত্বপূর্ণ ভূমিকা আৰু গণতান্ত্রিক ৰাষ্ট ব্যৱস্থাৰ সম্প্ৰসৰণ আদি কাৰকসমূহক আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বিশ্ব নিৰাপত্তাব কাৰণেই অতি প্রয়োজন বুলি অনুভৱ কৰে। এই সকলোখিনি উড়ো উইলচনে ১৪ দফীয়া নীতিত সন্নিবিষ্ট কৰিছিল আৰু ইয়াৰ ভিত্তিতেই প্রথম আন্তঃৰাষ্ট্ৰীয় সংগঠন জাতিসংঘ প্রতিষ্ঠা হৈছিল। আদর্শবাদৰো তাত্ত্বিক ভেটি উইলচনৰ ১৪ দফীয়া নীতিৰ মাজতেই সন্নিবিষ্ট আছিল। এই নীতিসমূহক বাস্তববাদীসকলে কাল্পনিক মতবাদ হিচাপে অভিহিত কৰিছিল। কাৰণ এই মতবাদে যুদ্ধৰ সময়ছোৱাত জাম্নী, জাপান আৰু ইটালী আদি ৰাষ্ট্ৰৰ আগ্ৰাসনমূলক কার্যক বাধা দিব পৰা আন্তঃৰাষ্টীয় সহযোগিতাৰ পৰিপ্ৰেক্ষিতত জাপানৰ পুনৰগঠন, ইউৰোপীয় সময়ত ধ্রুপদী বাস্তৱবাদৰ নতুনকৈ বিশেষণ কৰাৰ প্ৰয়োজন হৈ পৰিল।
উদাৰতাবাদৰ পৰম্পৰাগত দৃষ্টিভংগীক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত নতুনকৈ বিশ্লেষণ কৰাটো জৰুৰী হৈ পৰিল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত পৰিৱৰ্তিত বিশ্ব ৰাজনীতিত আদর্শবাদীসকলে নিজৰ দৃষ্টিভংগীক পৰিৱৰ্তিত বাস্তৱতাৰ লগত খাপ খুৱাই বিশ্লেষণ কৰিবলগীয়া হয়। গতিকে বাস্তববাদী আদর্শবাদ তাত্ত্বিক বিতর্ক হৈ পৰিল বিজ্ঞান আৰু পৰম্পৰা সম্পৰ্কীয় বিতর্ক। আনুষ্ঠানিকভাৱে বাস্তৱবাদী বিতৰ্কৰ ওৰ পৰিল আৰু দুয়ো মতবাদৰ সমৰ্থকসকলে নিজৰ নিজৰ মতবাদৰ সমৰ্থনত নতুন নতুন যুক্তি আগবঢ়াবলৈ ধৰিলে।
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আদর্শবাদী দৃষ্টিভংগীক নতুনকৈ চোৱাৰ বা বিশ্লেষণ কৰাৰ ব্যৱস্থাকে নৱ্য আদর্শবাদ বুলি কোৱা হয়। যিদৰে বাস্তৱবাদক নতুনকৈ বিশ্লেষণ কৰাৰ ব্যৱস্থাক নব্য বাস্তৱবাদ বুলি কোৱা হয়। এই প্রসংগত নৱ্য্য বাস্তৱবাদী দৃষ্টিভংগীৰ লগত ধ্রুপদী বাস্তববাদৰ প্রভেদ থকাৰ বাবে নব্য আদর্শবাদৰ লগত ধ্রুপদী আদর্শবাদৰো পাৰ্থক্য দেখা যায়। আদর্শবাদ বুলি কোৱা হয়। যিদৰে বাস্তৱবাদক নতুনকৈ বিশ্লেষণ কৰাৰ ব্যৱস্থাক নব্য বাস্তৱবাদ বুলি কোৱা হয়। এই প্রসংগত নৱ্য্য বাস্তৱবাদী দৃষ্টিভংগীৰ লগত ধ্রুপদী বাস্তববাদর প্রভেদ থকাৰ বাবে নব্য আদর্শবাদৰ লগত ধ্রুপদী আদর্শবাদৰো পাৰ্থক্য দেখা যায়।
Essay Type Questions
1. উদাৰতাবাদৰ এটি সমালোচনা কৰা [Criticisms of Liberalism or Liberal Approach.]
Ans: উদাৰতাবাদৰ সমালোচনা: আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত যিবোৰ নৈতিক আদৰ্শৰ ওপৰত ভিত্তি কৰি উদাৰতাবাদী তত্ত্বই গা কৰি উঠিছে, সেইবোৰ তৎকালীন কার্যক্ষেত্ৰত সদায় প্রয়োগ কৰিব নোৱাৰি। সেয়েহে প্রশ্ন হয় উদাৰতাবাদী তত্ত্বটো কিমানদূৰ গ্রহণযোগ্য? এই প্ৰসংগতে উদাৰ্তাবাদী তত্ত্বটোৰ বিৰুদ্ধে কেতবোৰ সমালোচনা আগবঢ়োৱা দেখা যায়।
১) ভৱিষ্যতৰ আশাত নৈতিক আদৰ্শৰ প্ৰমূল্যৰাজি পালন কৰিলে বর্তমান সমস্যাবোৰ সমাধান হ’বনে সেই কথা নিশ্চিত কৰাত অসুবিধা আছে। আদর্শবাদে ভবাৰ দৰে কেৱল ভৱিষ্যতৰ আদৰ্শগত ৰাষ্ট্ৰবোৰে বৰ্তমানৰ সম্পৰ্ক নৈতিক নিয়মৰ ভিত্তিত ৰক্ষা কৰি সদায় আগবাঢ়িব নোৱাৰে। কিয়নো বৰ্তমানৰ জটিল সমস্যাৱলী সমাধান কৰাত নৈতিক বিধি আৰু আদৰ্শ কিমানদূৰ প্ৰয়োগ কৰিব পৰা হ’ব সেই কথা সন্দেহৰ পৰা মুক্ত নহয়।
২) উদাৰতাবাদে আন্তৰাষ্ট্ৰীয় ৰাজনীতিত ৰাষ্ট্ৰবোৰৰ মাজত সৃষ্টি হোৱা সংঘাতবোৰ কৃত্রিম বুলিছে। কিন্তু প্ৰকৃততে সিবিলাক কৃত্রিম নে ৰাষ্টবোৰৰ মাজত থকা স্বার্থ ভাবাদর্শ, গোষ্ঠীগত পার্থক্য আদিৰ পৰা সৃষ্টি হৈছে, সেই ক্ষেত্ৰতো সন্দেহৰ স্থল নথকা নহয়।
৩) উদাৰতাবাদীসকলে মত প্রকাশ কৰাৰ দৰে জাতীয় ৰাষ্ট্ৰ সীমা বিলুপ্তি সাধন কৰি বিশ্ব ৰাষ্ট আৰু বিশ্ব চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থাটোও কিমানদূৰ সম্ভৱ হ’ব সেই বিষয়েও সন্দেহৰ স্থল নথকা নহয়। কিয়নো জাতীয় ৰাষ্ট্ৰবোৰৰ জাতীয় স্বাৰ্থৰ চিন্তাধাৰা ইমান বেছি দৃঢ় যে সিবিলাকে কেতিয়াও অতিৰাষ্ট্ৰৰ ব্যৱস্থা সৃষ্টি কৰিবলৈ নিদিয়ে।
৪) আনহাতে উদাৰতাবাদে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ জাতীয় ৰাষ্ট্ৰবোৰক স্থায়ী গোট বুলি বিবেচনা নকৰে। কিন্তু জাতীয় ৰাষ্ট্ৰবোৰ আন্তঃৰাষ্ট্ৰীয় জগতত স্থায়ী গোট হিচাপে থাকিলেহে এই বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলগীয়া হয়। নহ’লে এনে অধ্যয়ন বিশ্ব ৰাষ্ট্ৰলৈ গতি কৰিব। কিন্তু তেনে এক অৱস্থা অসম্ভৱ।
৫) আকৌ উদাৰতাবাদীসকলে ভবাৰ দৰে ৰাষ্টসমূহে দৈনন্দিন আচৰণত নৈতিক নিয়মবোৰ কিমানুদূৰ মানি চলে বা চলা উচিত সেই বিষয়ে চালিজাৰি চোৱা প্ৰয়োজন। নৈতিক নিয়মবোৰ মালি চলোঁতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথাও আহে। কাৰণ ৰাষ্ট্ৰবোৰে সকলো সময়তে ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰিবলৈ যাওঁতে নৈতিক নিয়মবোৰ মানি চলাত অসুবিধাও হ’ব পাৰে।
৬) উদাৰতাবাদ এক গণতান্ত্রিক আদর্শ। এনে গণতান্ত্রিক আদর্শ ৰক্ষা কৰাত অত্যাচাৰী শাসন, সাম্রাজ্যবাদ আৰু সৰ্বাত্মক শাসন অন্তৰায় হ’ব পাৰে। ইয়াৰ উদাহৰণ দুই বিশ্বযুদ্ধৰ মাজৰ সময়ছোৱাত দেখা গৈছিল। সেই সময়ৰ জাৰ্মানী, ইটালী আদি ৰাষ্ট্ৰৰ শাসকগই এনে উদাৰতাবাদী নৈতিক প্ৰমূল্যসমূহৰ প্ৰতি ন্যূনতম সৌজন্যও দেখুওৱা নাছিল আৰু এইসমূহ ৰাষ্ট্ৰ বিৰুদ্ধে উদাৰতাবাদী ৰাষ্টসমূহ এঁক্যবদ্ধ হৈ এনে শক্তিক প্রতিহত কৰাত বহু অসুবিধাৰ সন্মুখীন হৈছিল।
উদাৰতাবাদক প্রায়োগিক দিশত ব্যৱহাৰ কৰাত থকা অসুবিধাবিলাক উল্লিখিত সমালোচনাসমূহে স্পষ্ট কৰিছে। কাৰণ বাস্তৱ বিশ্ব ৰাজনীতিত আদৰ্শবাদৰ প্ৰয়োগ বহুক্ষেত্ৰত অসম্ভৱ যেন বোধ হয়। ৰাষ্টসমূহ কোনো সময়তে ৰাষ্ট্ৰীয় স্বার্থক বিসর্জন দিবলৈ সাজু নহয়। ৰাষ্ট্ৰীয় স্বাৰ্থক আগত ৰাখিহে ৰাষ্টসমূহে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষা কৰে। অৱশ্যে এইটোও স্পষ্ট যে আন্তঃৰাষ্টীয় সম্পৰ্কত সৃষ্টি হোৱা তৎকালীন সমস্যাসমূহ সমাধান কৰোঁতে উদাৰতাবাদ সদায়েই গ্ৰহণ সম্ভৱ নহয়। কিয়নো ইয়াৰ প্ৰায়োগিক দিশৰ অসুবিধাসমূহ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ।
তথাপিও, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত উদাৰতাবাদী দৃষ্টিভংগীৰ গুৰুত্ব নথকা নহয়। এক গণতান্ত্রিক বিশ্ব সমাজ প্রতিষ্ঠাত এই দৃষ্টিভংগীয়ে সহায় কৰিব পাৰে। এই দৃষ্টিভংগীত প্ৰকাশ পোৱা নৈতিক প্ৰমূল্যৰাশি, বিধি-বিধান আৰু বিশ্ব-ৰাষ্ট, বিশ্ব-মানৱ সমাজ আদি ধাৰণাসমূহ সমগ্ৰ মানৱ জাতিৰ বাবেই অতি মূল্যৱান বুলি ক’ব পাৰি। তদুপৰি এই দৃষ্টিভংগীত প্ৰকাশ পোৱা উচ্চমান বিশিষ্ট মানৱীয় ধাৰণাসমূহে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কলৈ অমূল্য বৰঙনি আগবঢ়াইছে। উদাৰতাবাদী দৃষ্টিভংগীত নিহিত থকা প্ৰমূল্যসমূহে বিশ্ব-মানৱ সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।