Perspectives on International Relations and World History Unit 1 Studying International Relations

Perspectives on International Relations and World History Unit 1 Studying International Relations Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on International Relations and World History Unit 1 Studying International Relations Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on International Relations and World History Unit 1 Studying International Relations Question Answer can be of great value to excel in the examination.

Perspectives on International Relations and World History Unit 1 Studying International Relations

Join Telegram channel

Perspectives on International Relations and World History Unit 1 Studying International Relations Notes cover all the exercise questions in UGC Syllabus. The Perspectives on International Relations and World History Unit 1 Studying International Relations provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Studying International Relations

POLITICAL SCIENCE

PERSPECTIVES ON INTERNATIONAL RELATIONS And World History

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্ব ইতিহাসৰ ধাৰণাসমূহ

Very Objective Type Questions

1. Paul S. Reinsen’s অৰ গ্ৰন্থখনৰ নাম লিখা । [Give the name of the Paul S. Reinsen’s book.]

Ans: Philippians.

2. “আন্তৰাষ্ট্ৰীয় ৰাজনীতি হৈছে ৰাষ্ট্ৰবিলাকৰ মাজত ক্ষমতা আহৰণৰ বাবে চলা সংগ্রাম ।” কোনে কৈছিল? [International Politics is a struggle for the power among nations. Who remarked this?]

Ans: Hans Morgenthau.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

3. আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি বিভাগটো পোনপ্ৰথমবাৰৰ বাবে ক’ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? (When and the where the Department of International Politics was started?)

Ans: 1919. The Department of International Politics, the first of its kind in the world, is founded at the University College of Wales, Aberystwyth. The inaugural holder of the Woodrow Wilson Chair of International Politics is Alfred Zimmern.

4. কোনে কৈছিল— ‘আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি হৈছে ৰাষ্ট্ৰবিলাকৰ মাজৰ সম্পৰ্ক”? (Who viewed – “International Politics is the relation among states” ?)

Ans: শ্লেছাৰ Schleicher.

5. আন্তর্জাতিক শব্দটি পোনপ্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিল? (Who for the first time used the term International?)

Ans: English philosopher Jeremy Bentham.

6. “International Jurisprudence” গ্রন্থখন কোনে লিখিছিল? (Who wrote the book “International Jurisprudence.”)

Ans: Sanders, A. J. G. M

7. “Contemporary Theory of International Relations” শীর্ষক গ্ৰন্থখন ষ্টেনলী হফমেনে লিখিছিল। (শুদ্ধনে অশুদ্ধ লিখা) “Contemporary Theory of International Relations” was written by Stanley Hoffman. [Yes/No]

Ans: Yes.

8. “Where have all Theories Gone” গ্রন্থখন লিখিছিল….যে Where have all Theories Gone” was written by… [Full up the Gap].

Ans: Margaret Morrison.

9. “Theory of International Relations” গ্ৰন্থ কোনে লিখিছিল? (Who wrote the book “Theory of International Relations”)

Ans: Kenneth Waltz.

10. আন্তর্জাতিক ৰাজনীতি আন্তর্জাতিক সম্পৰ্কৰ অৰ্থ/প্রকৃতি পৰিসৰ। (শুদ্ধ উত্তৰটো বাছা) [ International Politics is the Meaning / Nature / Scope of International Relations. [Choose the Correct answer] 

Ans: International Politics is the Scope of International Relations.

Short Type Questions 

1. আন্তর্জাতিক সম্পৰ্ক আৰু আন্তর্জাতিক ৰাজনীতিৰ চাৰিটা প্রভেদ নির্ণয় কৰা। [Explain four differences between International Politics and International Relations.]

Ans: (ক) আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বিভিন্ন জাতি, ৰাষ্ট্ৰ, চৰকাৰ, মৈত্রী গোট, আন্তর্জাতিক সংগঠন, জনগোট, শিল্পানুষ্ঠান, ধর্মীয় সংগঠন আদিৰ লগত জড়িত থাকে। আনহাতে আন্তর্জাতিক ৰাজনীতি বিশেষকৈ ৰাষ্ট্ৰীয় স্বাৰ্থ, সংঘৰ্ষ লাঘবৰ বিভিন্ন উপায়, আন্তর্জাতিক সহযোগিতাৰ বিভিন্ন অনুষ্ঠান, বৈদেশিক নীতি আদিৰ লগত জড়িত থাকে।

(খ) আন্তৰাষ্ট্ৰীয় সম্পৰ্কই সকলো প্ৰকাৰৰ সম্পৰ্ক— ৰাজনৈতিক বা অৰাজনৈতিক, শান্তি বা যুদ্ধ, ন্যায়িক বা সাংস্কৃতিক, অর্থনৈতিক বা ভৌগোলিক, চৰকাৰী বা বেচৰকাৰী, আনুষ্ঠানিক বা অনানুষ্ঠানিক আদি সকলো বিষয়ৰ লগত সম্পৰ্ক ৰাখে। কিন্তু আন্তর্জাতিক ৰাজনীতিয়ে কেৱল ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক দিশটোৰ ওপৰতহে প্ৰাধান্য দিছে।

(গ) অধ্যয়নৰ দৃষ্টিকোণৰ পৰাও আন্তঃৰাষ্ট্ৰীয় সম্পর্ক আৰু আন্তর্জাতিক ৰাজনীতিৰ মাজত পার্থক্য পৰিলক্ষিত হয়। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কই ৰাজনৈতিক অৰাজনৈতিক সকলো বিষয় আলোচনা কৰে। কিন্তু আন্তর্জাতিক ৰাজনীতি কেৱল ৰাষ্ট্ৰৰ ক্ষমতা, স্বার্থ, সংঘর্ষ আদি বিষয়ৰ আলোচনা।

(ঘ) আন্তৰাষ্ট্ৰীয় সম্পর্কৰ বিষয়বস্তু আন সমাজ-বিজ্ঞানৰ লগত জড়িত থাকে। কিন্তু আন্তর্জাতিক ৰাজনীতিত প্ৰধানকৈ ৰাজনীতিৰ বিষয়সমূহহে আলোচনা কৰে।

2. আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অৰ্থ ব্যাখ্যা কৰা। [What do you understand by the term “International Relations”] 

Ans: (ক) সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় সম্পর্কই ৰাষ্ট্ৰবিলাকৰ মাজত চৰকাৰী সম্পৰ্কৰ কথা প্রকাশ কৰে।

(খ) আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বহল আৰু ঠেক অৰ্থত প্ৰকাশ কৰিব পাৰি।

(গ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক চৰকাৰী পৰ্যায়ৰ উপৰি আন দল, জাতি, ৰাষ্ট্ৰ, চৰকাৰ, মিত্ৰগোষ্ঠী, আন্তর্জাতিক সংগঠন আদিৰ লগতো জড়িত।

3. আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতি সম্বন্ধে এটি টোকা যুগুত কৰা। [Write a note shortly about the Nature of International Relations.]

Ans: পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৰাজিৰ পৰ্যালোচনা কৰি চালে দেখা যায় যে আন্তঃৰাষ্টীয় সম্পর্ক তিনিটা বিশেষ উপাদানৰ দ্বাৰা পৰিচালিত হয়। সেই উপাদান তিনিটা হৈছে―

(ক) ৰাষ্ট্ৰীয় স্বার্থ।

(খ) সংঘাত আৰু সহযোগিতা।

(গ) প্ৰভাৱ আৰু ক্ষমতা প্রয়োগ।

প্ৰথমটো অৰ্থাৎ ৰাষ্ট্ৰীয় বা গোট স্বাৰ্থ হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পর্ক আৰু তাৰ সৈতে জড়িত ৰাজনীতিৰ উদ্দেশ্য। কাৰণ দেখা যায় যে, সকলো ৰাষ্ট্ৰই নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু গোট স্বাৰ্থ পূৰণ কৰাৰ প্ৰয়াস কৰে। দ্বিতীয়টো অৰ্থাৎ সহযোগিতা, সদ্ভাৱ আৰু সংঘাত হৈছে অৱস্থা বা পৰিৱেশ; আৰু তৃতীয়টো হৈছে প্ৰভাৱ আৰু ক্ষমতা প্রয়োগ, সেয়া উপায় বা পদ্ধতি। অর্থাৎ আন কথাত ক’বলৈ হ’লে প্ৰথমটো হৈছে উদ্দেশ্য, দ্বিতীয়টো হৈছে অৱস্থা বা পৰিৱেশ, আৰু তৃতীয়টো হৈছে উদ্দেশ্য সাধনৰ মাধ্যম। এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক পৰিচালিত হয়।

জাতীয় ৰাষ্ট্ৰ বিলাকক লৈয়েই আন্তঃৰাষ্টীয় ৰাজনৈতিক পদ্ধতি গঠিত হৈছে। এই জাতীয় ৰাষ্ট্ৰসমূহক বহলভাৱে তিনিটা ব্যাপক ভাগত বিভক্ত কৰিব পাৰি

প্ৰথমতে, বৃহৎ গোট ৰাষ্ট্ৰবিলাক, যিবোৰক সর্বোচ্চ শক্তি বা ক্ষমতা বুলিও অভিহিত কৰা হয়। ইবিলাক ৰাষ্ট্ৰৰ বৃহৎ আণৱিক সামর্থ্য থাকে। উদাহৰণস্বৰূপে আমেৰিকা আৰু ৰাছিয়া। দ্বিতীয়তে, মধ্যমশক্তি গোট ৰাষ্ট্ৰ অৰ্থাৎ সেইবিলাক ৰাষ্ট্ৰ যিবিলাকৰ বিশাল জনসংখ্যা, বৃহৎ ভূখণ্ড আৰু বিশাল সামৰিক বাহিনী আছে। এই ক্ষেত্ৰত আমি উদাহৰণ স্বৰূপে ভাৰতবৰ্ষ আৰু কানাডা যুক্তৰাষ্ট্ৰলৈ আঙুলিয়াব পাৰোঁ। জাতীয় ৰাষ্ট্ৰসমূহৰ তৃতীয় গোটটো হৈছে ক্ষুদ্র শক্তি গোট। এই তৃতীয়টো গোটৰ ৰাষ্টবিলাকে আৰ্থিক আৰু সামাজিকভাবে বিশেষ উন্নয়ন লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই ৰাষ্ট্ৰবিলাকৰ ভূ-খণ্ডৰ আকৃতিও নিচেই ক্ষুদ্র।

উদাহৰণস্বৰূপে ভূটান আৰু মালদ্বীপ (উপকূলীয় ৰাষ্ট্ৰ)-ৰ কথা উল্লেখ কৰিব পাৰোঁ।

উপৰি উক্ত তিনিটা ভিন্ন গোটৰ প্ৰতিখন ৰাষ্ট্ৰই, বৃহৎ ৰাষ্টই হওক বা ক্ষুদ্ৰ ৰাষ্টই হওক নিজা ৰাষ্ট্ৰীয় স্বার্থ থকে আৰু নিজকে অধিক সমৃদ্ধিশালী তথা শক্তিশালী কৰি গঢ়ি তোলাৰ উদ্দেশ্যৰ লগত ৰাষ্টীয় স্বার্থ থাকে আৰু নিজকে অধিক সমৃদ্ধিশালী তথা শক্তিশালী কৰি গঢ়ি তোলাৰ উদ্দেশ্যৰ লগত ৰাষ্ট্ৰীয় স্বাৰ্থৰ অৰ্থ সদায় নিৰূপণ কৰা হয়।

ৰাষ্ট্ৰ কল্যাণকামিতা, ইয়াৰ ৰাজনৈতিক বিশ্বাস তথা পৰম্পৰাজিৰ নিৰাপত্তা, ভৌগোলিক অখণ্ডতা আৰু ইয়াৰ সুৰশষিতকৰণৰ লগত ৰাষ্ট্ৰখনৰ স্বাৰ্থ নিহিত হৈ থাকে। এই ৰষ্ট্রীয় স্বার্থক লক্ষ্য কৰি ৰাষ্ট্ৰীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হয় আৰু দেশীয় নীতি নিৰ্দ্ধাৰণ কৰা হয়।

কিছুমান ৰাষ্ট্ৰই নিজা নিজা ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষিত কৰিবৰ কাৰণে প্রতিষ্ঠিত স্থিতাৱস্থা বাহাল ৰাখিব বিচাৰে। কোনো ৰাষ্টাই আকৌ নিজা ভূখণ্ড বর্ধিতকৰণৰ জৰিয়তে দুৰ্বলী ৰাষ্টসম্প্ৰদায়ৰ ওপৰত প্ৰাধান্য বিস্তাৱৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰয়াস কৰে।

আন্তঃৰাষ্টীয় সম্পৰ্কৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ প্ৰকৃতি হৈছে সংঘাত। প্ৰতিখন ৰাষ্ট্ৰৰেই সুকীয়া সুকীয়া ৰাষ্ট্ৰীয় স্বার্থ থাকে। এই বৈচিত্র্যপূর্ণ ৰাষ্ট্ৰীয় স্বাৰ্থ প্ৰতিখন ৰাষ্টই এখনে আন এখনৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ তথা প্ৰভাৱ বিস্তাৰকৰণৰ জৰিয়তে সুৰক্ষিত কৰাৰ চেষ্টা কৰে আৰু ইয়াৰ ফলশ্ৰুতিতেই ৰাষ্ট্ৰবিলাকৰ মাজত সংঘাতৰ সূত্রপাত হয়। আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা সংঘাত কেতিয়াও বিচ্ছিন্ন কৰিব নোৱাৰি আৰু সেয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নত সংঘাতে এক বিশেষ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। কম-বেছি পৰিমাণে সেয়ে ক’ব পাৰি যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতি সংঘর্ষ জৰ্জৰিত। এনে দৃষ্টিকোণৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলিলে স্বাধীন ৰাজনৈতিক গোট বিলাকৰ মাজৰ এনে কিছুমান সম্পৰ্কৰ কথা সূচায়, য’ত স্বাৰ্থৰ সংঘাত সদায় বর্তি থাকে।

ক্ষমতা হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ আন এক উল্লেখনীয় প্রকৃতি। ই হৈছে এক উপায় বা মাধ্যম যাৰ জৰিয়তে জাতীয় ৰাষ্ট্ৰবিলাকে সংঘাতৰ উপশম হোৱাটো বিচাৰে। প্ৰকৃতাৰ্থত ক্ষমতাক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক উপায় আৰু এক লক্ষ্য এই দুয়োটা অর্থতেই বিবেচনা কৰা হয়। ইয়াক এক উপায় হিচাপে গণ্য কৰাৰ যুক্তি হ’ল যে ৰাষ্টবিলাকে ক্ষমতাৰ দ্বাৰা নিজা ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰি ৰাখে। আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত ক্ষমতাৰ ধাৰণাটো কেতবোৰ বিশেষ পৰিস্থিতিত বিশেষ কিছুমান ৰাষ্ট্ৰ মাজৰ সম্পৰ্কক বুজোৱাৰ অৰ্থত ব্যৱহাৰ কৰা হয়। মৰগেনথ’-ৰ মতে, “Political power is a psychological relations between those who exercised and those over whom it is exercised. It gaves the former’s control over certain actions of the later’s Mind”। তেওঁৰ মতে, ৰাষ্ট্ৰবিলাকৰ স্বাৰ্থ যিয়েই নহওক কিয়, ক্ষমতা হৈ পৰে তৎকালীন স্বার্থ।

গতিকে থোৰতে ক’বলৈ হ’লে ৰাষ্ট্ৰবিলাকৰ মাজত থকা স্বার্থ, সংঘাত আৰু সহযোগিতাৰ অৰ্থে যিবোৰ প্ৰক্ৰিয়া লোৱা হয় তাৰ লগত জটিল তাত্ত্বিক আৰু প্রায়োগিক ভালেখিনি কথা জড়িত হৈ থাকে। এই সকলোবিলাক কথা আন্তঃৰাষ্ট্ৰীয় সম্পর্কই পাঠদানৰ বিষয় হিচাপে সামৰি লয়।

4. আন্তর্জাতিক সম্পৰ্কৰ বিকাশৰ চাৰিটা পর্যায় আলোচনা কৰা। [Discuss the four stages of the growth of International Relations.]

Ans: ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক মানৱ ইতিহাসৰ দৰেই পুৰণি হ’লেও ইয়াক আন্তৰাষ্ট্ৰীয় সম্পর্ক, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আদি নামেৰে নামকৰণ কৰি কুৰি শতিকাৰ দ্বিতীয় দশকৰ পৰাহে নিয়মিতভাৱে অধ্যয়ন আৰম্ভ কৰা দেখা যায়। খ্যাতনামা লেখক মহেন্দ্ৰ কুমাৰে উল্লেখ কৰিছে যে প্ৰথম অৱস্থাত এই বিষয়ত ক্রমবিকাশত বুৰঞ্জীৰ পটভূমিত অধ্যয়ন চলোৱা হৈছিল। তেওঁৰ মতে, অধ্যয়নৰ বিকাশলৈ লক্ষ্য কৰিলে দেখা যায় যে ওৱেল্‌ছ বিশ্ববিদ্যালয়ত ১৯১৯ চনত Woodrow Wilson ৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি অধ্যয়নৰ আসন প্রতিষ্ঠা কৰি এই বিষয়ৰ অধ্যয়নৰ গতি আৰম্ভ কৰা হয়। খ্যাতনামা বুৰঞ্জীবিদ আলফ্রেড্ জিমার্ণয়ে এই আসন প্রথমে গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক এটা স্বাধীন বিষয় হিচাপে গণ্য কৰি অধ্যয়নৰ পাতনি মেলে।

লেখক Kenneth W. Thompson য়ে মত প্ৰকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কই চাৰিটা পৰ্য্যায়ত বিকাশ লাভ কৰিছে।

অধ্যয়নৰ প্ৰথম পৰ্যায়ত বিকাশ লাভ কৰিছে। 

প্রথম মহাসমৰৰ পিছত এই বিষয়ৰ অধ্যয়নৰ বিকাশত দ্বিতীয় পর্যায় আৰম্ভ হয়।

দ্বিতীয় পৰ্যায়টোৰ লগতেই প্রায় একে সময়তে অধ্যয়নৰ তৃতীয় পৰ্যায়টোও আৰম্ভ হৈছিল।

তৃতীয় মহাসমৰৰ পিছত এই বিষয়ৰ অধ্যয়নৰ চতুৰ্থ পর্যায়টো আৰম্ভ হয়।

প্ৰথম পৰ্যায়ৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ইতিহাসৰ দৃষ্টিকোণৰ পৰা বৰ্ণনাত্মক আৰু কালানুক্রমিক ভিত্তিত অধ্যয়ন কৰিছিল। সেই সময়ত পণ্ডিতসকলে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিভিন্ন ঘটনাৱলী আৰু পৰিস্থিতিৰ লগত সাধাৰণ আন্তজার্তিক আচৰণৰ দিশবোৰ বিশ্লেষণ কৰা নাছিল। আৰু সেইকাৰণে তেওঁলোকে কোনো ধৰণৰ সাৰ্বজনীন সিদ্ধান্ত উদ্ভাৱণ বা ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নৰ গতি নিৰ্ণয় কৰি দিব পৰা নাছিল।

দ্বিতীয় পর্যায়ত কেৱল চলিত ঘটনাৱলীৰ ওপৰতহে অধ্যয়ন চলাইছিল। এই দৃষ্টিভঙ্গীত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অতীত সম্পৰ্কীয় কোনো অধ্যয়ন হোৱা নাছিল আৰু পণ্ডিতসকলে এই বিষয়ৰ অধ্যয়নৰ তত্ত্ব উদ্ভাৱণ কৰাৰ চেষ্টা কৰা নাছিল।

তৃতীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ যেনে জাতিসংঘৰ ব্যৱস্থাৱলীৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু আইনগত কিছুমান অনুষ্ঠান গঠন কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক আন্তঃৰাষ্ট্ৰীয়কৰণ কৰাৰ ওপৰত গুৰুত্ব দিছিল।

চতুৰ্থ পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বিকাশত তাত্ত্বিক দিশৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। এই পৰ্যায়ত লেখকসকলে ৰাষ্ট্ৰ সমূহৰ মাজত বৈদেশিক নীতি পৰিচালনাৰ মূলতে থকা শক্তিবোৰ নিৰ্ণয় কৰাৰ চেষ্টা কৰে। এনে প্ৰচেষ্টাত তেওঁলোকে সিদ্ধান্তত উপনীতি হয় যে ৰাষ্ট্ৰসমূহৰ সম্পৰ্কত মূলতঃ ক্ষমতাই অতি গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে।

Thompson য়ে উল্লেখ কৰা চাৰিটা পৰ্যায়ৰ পিছত এই বিষয়ৰ অধ্যয়নে বর্তমানলৈকে আৰু কেইবাটাও পর্যায় অতিক্ৰম কৰিছে। সেয়া  হৈছে—

কুৰি শতিকাৰ ষাঠি দশকৰ মাজ ভাগৰ পৰা আৰম্ভ কৰি সত্তৰ দশকলৈ অধ্যয়নৰ পঞ্চম পৰ্যায়টো আৰম্ভ হয় আৰু সেই সময়ত পণ্ডিতসকলে আচৰণবাদী দৃষ্টিভংগী প্ৰয়োগ কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়ন কৰাৰ চেষ্টা কৰে যদিও উত্তৰ বা পৰৱৰ্তী আচৰণবাদে শীঘ্ৰেই গা কৰি উঠে।

ষষ্ঠ পৰ্যায়ৰ অধ্যয়ন সত্তৰ দশকৰ শেষভাগৰ পৰা আৰম্ভ কৰি আশী দশকৰ মাজভাগলৈকে চলে।

১৯৮৫ চনৰ পৰা অধ্যয়নৰ সপ্তম পৰ্যায়টো আৰম্ভ হয়। ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি গর্বাচেভৰ নেতৃত্বত শীতল যুদ্ধৰ পৰিৱৰ্তে পাৰস্পৰিক সহযোগিতাৰ নীতি ঘোষণাই ইয়াত প্ৰভাৱ বিস্তাৰ কৰে।

অষ্টম পৰ্যায়ৰ অধ্যয়ন আৰম্ভ হয় কুৰি শতিকাৰ শেষ দশকত। ইমান দিনে বৃহস্ঠ শক্তিৰ ৰূপত থকা ছোভিয়েট ইউনিয়ম বিচ্ছিন্ন হৈ পৰাত এই বিষয়ত অধ্যয়নত এক নতুন যুগৰ সূচনা কৰে। সেইদৰেই ইয়াৰ বিকাশ বর্তমানেও হৈ আছে। বর্তমান একবিংশ শতিকাত আন্তঃৰাষ্ট্ৰীয় সম্পর্কত বহু নতুন পৰিবৰ্তন হোৱাৰ সম্ভাৱনা দেখা যায়। তদুপৰি একবিংশ শতিকাৰ প্ৰথম দশকত নতুনকৈ নিৰ্বাচিত হোৱা বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলে জনসাধাৰণক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত উন্নত কৰাৰ দিশত যথেষ্ট প্রতিশ্রুতি দিছে।

নৱ-নিৰ্বাচিত মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক ওৱামাই প্রত্যেকখন ৰাষ্টৰেই পাৰস্পৰিক স্বাৰ্থ আৰু সন্মান অক্ষুন্ন ৰাখি এক নতুন পৰিৱেশৰ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আশা প্রকাশ কৰিছে। গতিকে এনে সম্ভাৱনাপূর্ণ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ গতিলৈ আমি লক্ষ্য ৰাখি তাক বিষয়টোৰ নৱম পৰ্যায়ৰ বিকাশৰ আৰম্ভণি বুলিব পাৰোঁ।

বর্তমান একবিংশ শতিকাত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বহু নতুন পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা যায়। তদুপৰি একবিংশ শতিকাৰ প্রথম দশকত নতুনকৈ নির্বাচিত হোৱা বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলে জনসাধাৰণক আন্তঃৰাষ্ট্ৰীয় সম্পর্ক উন্নত কৰাৰ দিশত যথেষ্ট প্ৰতিশ্ৰুতি দিছে। নৱ-নির্বাচিত মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বৰাক ওবামাই প্রত্যেকখন ৰাষ্ট্ৰৰেই পাৰস্পৰিক স্বাৰ্থ আৰু সন্মান অক্ষুন্ন ৰাখি এক নতুন পৰিৱেশৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আশা প্রকাশ কৰিছে। গতিকে এনে সম্ভাৱনাপূর্ণ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ গতিলৈ আমি লক্ষ্য ৰাখি তাক বিষয়টোৰ নৱম পৰ্যায়ৰ বিকাশৰ আৰম্ভণি বুলিব পাৰোঁ।

এইদৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নে ভালেমান পর্যায় অতিক্রম কৰি বৰ্তমানৰ অৱস্থা পাইছেহি।

5. জাতীয় ৰাষ্ট্ৰ ব্যৱস্থা মৃতপ্রায় নে? ( Is the Nation State System Dead or dying? )

Ans: আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক সম্পৰ্কৰ বৰ্ধিত গুৰুত্বই জাতীয় ৰাষ্ট্ৰ গুৰুত্ব তথা ভূমিকাক নিশ্চিতভাৱে সবলী কৰি তুলিব কিন্তু এইভূমিকাই জাতি ৰাষ্ট্ৰবিলাকক কিম্বা জাতি ৰাষ্টবিলাকৰ মাজৰ ৰাজনৈতিক সম্পৰ্কক নসাৎ কৰিব নোৱাৰে। অধিৰাষ্ট্ৰীয় কৰ্তা বিলাকৰ সংঘাত্যমতানৈক্যৰ পৰিপ্ৰেক্ষিতত জাতীয় ৰাষ্টবিলাকে এক সবল ভূমিকা গ্ৰহণ কৰাৰ ওপৰতে চৰকাৰৰ নিশ্চয়তা নিৰ্ভৰ কৰিব।

সাম্প্ৰতিক সময়ত জাতি ৰাষ্টি ব্যৱস্থাত অভূতপূর্ব পৰিৱৰ্তন সাধিত হৈছে। উচ্চ প্রযুক্তি, যোগাযোগ বিপ্লৱ, তথ্য প্রযুক্তিৰ বিপ্লৱ, পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ, সম্পূৰ্ণ যুদ্ধ আৰু বিশ্বায়ন জাতি ৰাষ্ট ব্যৱস্থাত মোক্ষম আঘাত হানিলে। সাম্প্রতিক পাৰমাণৱিক যুগত জনগণৰ প্ৰতিৰক্ষাৰ যি মৌলিক দায়িত্ব সেয়া জাতীয় ৰাষ্ট্ৰবিলাকে পর্যাপ্ত পৰিমাণে ৰূপায়ণ কৰিব নোৱাৰাৰ উপক্ৰম হৈছে। ই জাতীয় ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌম সমত্বাক বেয়াকৈ প্ৰভাৱিত কৰিছে। জাতি ৰাষ্টবিলাকক প্ৰকৃতাৰ্থত অদূৰ ভৱিষ্যতে আন্তনির্ভৰশীল স্বয়ং সম্পূৰ্ণ হ’ব বুলি আশা কৰিব নোৱাৰি। ৰাষ্ট্ৰবিলাকৰ মাজৰ আন্তনির্ভৰশীল ক্ৰমাৎ বৃদ্ধিৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংগঠনবিলাকৰ শক্তিশালী উত্থানৰ পৰিপ্ৰেক্ষিতত জাতীয় ৰাষ্ট্ৰবিলাকে কেতবোৰৰ সংহতকৰণৰ দিশতো অগ্ৰসৰ হ’বলৈ বাধ্য হৈ পৰিছে।

অৱশ্যে ইয়াৰ অৰ্থ জাতীয় ৰাষ্ট্ৰবিলাক অদূৰ ভৱিষ্যতে মৃতপ্রায় হোৱাৰ পথত বুলি মত পোষণ কৰিলে অত্যুক্তি কৰা যেন হ’ব। আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাই মূলতঃ নিশ্চিতভাৱে অন্য এক ৰূপত জাতি ৰাষ্ট্ৰ ব্যৱস্থাকে সূচিত কৰে। জাতি-ৰাষ্ট ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত সদায়েই এক প্রধান কর্তা হিচাপেই স্বীকৃতি হৈ থাকিব।

অৱশ্যে প্রসংগক্রমে উনুকিয়াই থোৱাটো সমুচিত হ’ব যে জাতি ৰাষ্ট্ৰ ব্যৱস্থাত সম্প্রতি যথেষ্ট পৰিৱৰ্তন সাধিত হৈছে। অদূৰ ভবিষ্যতে এই পৰিৱৰ্তন সাধন হ’লেও জাতি ৰাষ্ট্ৰবিলাকো যে বৰ্তি থাকিব সেয়া সম্পূৰ্ণৰূপে সন্দেহৰ আৱৰ্তৰ উৰ্দ্ধত। সার্বভৌমত্ব আৰু জাতীয়তাবাদৰ নীতিসমূহ গতিশীল চৰিত্ৰৰ আৰু নতুন পৰিৱেশ আৰু নতুন চিন্তা ধাৰণাৰ উন্মেষণৰ লগে লগে ইবিলাকৰ চৰিত্ৰৰো পৰিৱৰ্তন হোৱাটো অৱশ্যম্ভাৱী। ইবিলাকৰ নমনীয়তাই জাতীয় ৰাষ্টবিলাকক প্রতিবন্ধকতাসমূহৰ লগত মোকাবিলা কৰি বৰ্তি থকাত অৰিহণা যোগোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত এক সক্রিয় কর্তা হিচাপে ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি তুলিব।

এনে এক প্রেক্ষাপটত বিশ্বত জাতীয় ৰাষ্টবিলাক অবিৰতভাৱে এক আধিপত্যশীল ৰাজনৈতিক সংস্থা হিচাপে বাহাল থকাৰ লগতে ৰাষ্ট্ৰীয় স্বাৰ্থ, ৰাষ্ট্ৰীয় লক্ষ্য আৰু ৰাষ্ট্ৰীয় সামৰ্থ্যতাই ধাৰাবাহিকভাৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতি আৰু পৰিসৰ নিৰ্দ্ধাৰণত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পৰাৰ যথেষ্ট স্থল আছে।

6. আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ উত্থান ব্যাখ্যা কৰা। [Explain the emergence of International State System.]

Ans: ১৬৪৮ চনৰ ৱেষ্টফেলিয়া শান্তিচুক্তিৰ জৰিয়তে প্রায় ত্রিশ দশক ধৰি চলা ইউৰোপৰ যুদ্ধৰ অৱসানৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত জাতীয় বাৰ্ট ব্যৱস্থাৰ অভ্যুত্থান ঘটিছিল। এই চুক্তিখনৰ জৰিয়তে ঘোষণা কৰা হৈছিল যে ৰোমে ৰাষ্ট্ৰবিলাকৰ পৰা পূৰ্বৰ দৰে আনুগত্য দাবী কৰিব নোৱাৰিব আৰু পোপে তেওঁৰ সৰ্বোত্তম আধ্যাত্মিক কতৃত্বৰ নামত ৰাষ্ট্ৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাথাকিব।

এনেদৰে ৰাষ্টই ইয়াৰ ভূ-খণ্ডৰ ভিতৰত ধৰ্মীয় আৰু পাৰ্থিৱ উভয় বিষয়তে ইয়াৰ জনগণৰ ওপৰত কতৃত্ব আৰোপ কৰাৰ ক্ষেত্ৰত সক্বেচি কর্তৃপক্ষ হিচাপে উন্মেষণ ঘটিছিল। ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ধাৰণাটোৱে পূৰ্ণ স্বীকৃতি লাভ কৰিছিল। জাতিবিলাকৰ মাজৰ সম্পৰ্ক সাৰ্বভৌম ৰাষ্ট্ৰবিলাকৰ (তেওঁলেলাকৰ সংশ্লিষ্ট আৰ্থৰ নিৰাপত্তাৰ লগত সংগতি ৰাখি) দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হ’বলৈ ধৰিলে, সমাজবাদৰ যুগতো আনকি আন ৰাষ্ট্ৰক নিয়ন্ত্রণমূলক আধিপত্যমূলক প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষমতাৰ প্ৰয়োগকো ৰাষ্ট্ৰ এখনৰ অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল।

সপ্তদশ অষ্টদশ আৰু উনবিংশ শতিকাত জাতি ৰাষ্ট্ৰবিলাকৰ এক মৌলিক নীতি হিচাপে জাতীয়তাবাদৰ উখানে বিশ্বব্যাপি গ্রাহ্য হৈছিল। ইংলেণ্ডত আধুনিক জাতি ৰাষ্ট্ৰৰ উত্থান, ১৭৭৬ চনৰ আমেৰিকাৰ বিপ্লৱ আৰু ১৭৮৯ চনৰ ফৰাচী বিপ্লৱে জাতীয়তাবাদৰ দৰ্শন আৰু উদ্যামৰ সৈতে জাতি ৰাষ্ট্ৰ ধাৰণাটোক অধিক সবলীকৰণ কৰি তুলিছিল।

নেপোলিয়ান বোনাপার্ট য়ে জাতীয়তাবাদী অনুভূতিক এক সম্প্ৰসাৰণবাদী ভাবাদৰ্শলৈ পৰ্যবেসিত কৰি ইউৰোপ আৰু মধ্য প্রাচ্য জয় কৰাৰ পিছত বিজয় সাব্যস্ত কৰণৰ বাবে তেওঁ নাগৰিক সেনাবাহিনীক ব্যৱহাৰ কৰিছিল। অৱশেষত, অৱশ্যে ১৮১৫ চনত তেওঁ নিজেই জাগ্রত কৰি তোলা জাতীয়তাবাদী শক্তিৰ হাততেই পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

জার্মানী একত্ৰীকৰণে পুনৰ ৰাষ্ট্ৰ মোহৰ হিচাপে জাতীয়তাবাদৰ অৱধাৰণাটোক অধিক শক্তিশালী কৰি তুলিছিল। জার্মান দার্শনিক হেগেলৰ ধ্যান- ধাৰণাই জাতি ৰাষ্ট্ৰ দাৰ্শনিক বুনিয়াদক অভূতপূর্ব সামর্থ্য প্ৰদান কৰিছিল।

জাপানৰ আধুনিকীকৰণ আৰু উগ্র জাতীয়তাবাদৰ উত্থানে জাতি ৰাষ্ট্ৰৰ ধাৰণাটোক অধিক সবল কৰি তুলিছিল। অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ ঘটনাৱলী বিশেষকৈ ঊনবিংশ শতিকাৰ ওদ্যোগিক বিপ্লৱে সুৰক্ষাৰ এক মৌলিক গোট হিচাপে একত্ৰীকৰণৰ ক্ষেত্ৰত বিশেষভাৱে উৎসাহিত কৰিছিল৷

এই ৰাষ্ট্ৰবিলাক সার্বভৌম ক্ষেত্ৰীয় জাতি ৰাষ্ট্ৰ হিচাপে জনাজাত হৈ পৰিল আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক জাতি ৰাষ্ট্ৰবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আৰু যোগসূত্ৰলৈ পৰ্যবেসিত হৈছিল।

Essay Type Questions

1. আন্তর্জাতিক সম্পৰ্কৰ অৰ্থ, প্রকৃতি আৰু পৰিসৰ সম্বন্ধে আলোচনা কৰা। [Discuss the meaning, nature and scope of International Relations.]

Ans: আন্তর্জাতিক সম্পৰ্কৰ অৰ্থঃ

(ক) সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কই ৰাষ্ট্ৰবিলাকৰ মাজত চৰকাৰী সম্পৰ্কৰ কথা প্রকাশ কৰে।

(খ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বহল আৰু ঠেক অৰ্থত প্ৰকাশ কৰিব পাৰি।

(গ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক চৰকাৰী পৰ্যায়ৰ উপৰি আন দল, জাতি, ৰাষ্ট্ৰ, চৰকাৰ, মিত্ৰগোষ্ঠী, আন্তর্জাতিক সংগঠন আদিৰ লগতো জড়িত।

আন্তর্জাতিক সম্পৰ্কৰ প্ৰকৃতি :

পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৰাজিৰ পৰ্যালোচনা কৰি চালে দেখা যায় যে আন্তঃৰাষ্টীয় সম্পৰ্ক তিনিটা বিশেষ উপাদানৰ দ্বাৰা পৰিচালিত হয়। সেই উপাদান তিনিটা হৈছে—

(ক) ৰাষ্ট্ৰীয় স্বার্থ।

(খ) সংঘাত আৰু সহযোগিতা।

(গ) প্ৰভাৱ আৰু ক্ষমতা প্রয়োগ।

প্ৰথমটো অৰ্থাৎ ৰাষ্ট্ৰীয় বা গোট স্বাৰ্থ হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু তাৰ সৈতে জড়িত ৰাজনীতিৰ উদ্দেশ্য। কাৰণ দেখা যায় যে, সকলো ৰাষ্ট্ৰই নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু গোট স্বাৰ্থ পূৰণ কৰাৰ প্ৰয়াস কৰে। দ্বিতীয়টো অৰ্থাৎ সহযোগিতা, সদ্ভাৱ আৰু সংঘাত হৈছে অবস্থা বা পৰিৱেশ; আৰু তৃতীয়টো হৈছে প্ৰভাৱ আৰু ক্ষমতা প্রয়োগ, সেয়া উপায় বা পদ্ধতি। অর্থাৎ আন কথাত ক’বলৈ হ’লে প্ৰথমটো হৈছে উদ্দেশ্য, দ্বিতীয়টো হৈছে অৱস্থা বা পৰিৱেশ, আৰু তৃতীয়টো হৈছে উদ্দেশ্য সাধনৰ মাধ্যম। এই তিনিটা গুৰুত্বপূর্ণ উপাদানৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় সম্পর্ক পৰিচালিত হয়।

জাতীয় ৰাষ্ট্ৰ বিলাকক লৈয়েই আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পদ্ধতি গঠিত হৈছে। এই জাতীয় ৰাষ্ট্ৰসমূহক বহুলভাৱে তিনিটা ব্যাপক ভাগত বিভক্ত কৰিব পাৰি—

প্ৰথমতে, বৃহৎ গোট ৰাষ্ট্ৰবিলাক, যিবোৰক সর্বোচ্চ শক্তি বা ক্ষমতা বুলিও অভিহিত কৰা হয়। ইবিলাক ৰাষ্ট্ৰৰ বৃহৎ আণৱিক সামর্থ্য থাকে। উদাহৰণস্বৰূপে আমেৰিকা আৰু ৰাছিয়া। দ্বিতীয়তে, মধ্যমশক্তি গোট ৰাষ্ট্ৰ অৰ্থাৎ সেইবিলাক ৰাষ্ট্ৰ যিবিলাকৰ বিশাল জনসংখ্যা, বৃহৎ ভূখণ্ড আৰু বিশাল সামৰিক বাহিনী আছে। এই ক্ষেত্ৰত আমি উদাহৰণ স্বৰূপে ভাৰতবৰ্ষ আৰু কানাডা যুক্তৰাষ্ট্ৰলৈ আঙুলিয়াব পাৰোঁ। জাতীয় ৰাষ্ট্ৰসমূহৰ তৃতীয় গোটটো হৈছে ক্ষুদ্র শক্তি গোট। এই তৃতীয়টো গোটৰ ৰাষ্টবিলাকে আর্থিক আৰু সামাজিকভাৱে বিশেষ উন্নয়ন লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই ৰাষ্ট্ৰবিলাকৰ ভূ-খণ্ডৰ আকৃতিও নিচেই ক্ষুদ্র। উদাহৰণস্বৰূপে ভূটান আৰু মালদ্বীপ (উপকূলীয় ৰাষ্ট্ৰ)-ৰ কথা উল্লেখ কৰিব পাৰোঁ।

উপৰি উক্ত তিনিটা ভিন্ন গোটৰ প্ৰতিখন ৰাষ্ট্ৰই, বৃহৎ ৰাষ্টই হওক বা ক্ষুদ্ৰ ৰাষ্টই হওক নিজা ৰাষ্ট্ৰীয় স্বার্থ থকে আৰু নিজকে অধিক সমৃদ্ধিশালী তথা শক্তিশালী কৰি গঢ়ি তোলাৰ উদ্দেশ্যৰ লগত ৰাষ্টীয় স্বাৰ্থ থাকে আৰু নিজকে অধিক সমৃদ্ধিশালী তথা শক্তিশালী কৰি গঢ়ি তোলাৰ উদ্দেশ্যৰ লগত ৰাষ্ট্ৰীয় স্বাৰ্থৰ অৰ্থ সদায় নিৰূপণ কৰা হয়।

ৰাষ্ট্ৰ কল্যাণকামিতা, ইয়াৰ ৰাজনৈতিক বিশ্বাস তথা পৰম্পৰাজিৰ নিৰাপত্তা, ভৌগোলিক অখণ্ডতা আৰু ইয়াৰ সুৰশষিতকৰণৰ লগত ৰাষ্ট্ৰখনৰ স্বাৰ্থ নিহিত হৈ থাকে। এই ৰাষ্ট্ৰীয় স্বার্থক লক্ষ্য কৰি ৰাষ্ট্ৰীয় কার্যব্যবস্থা গ্রহণ কৰা হয় আৰু দেশীয় নীতি নিৰ্দ্ধাৰণ কৰা হয়।

কিছুমান ৰাষ্ট্ৰই নিজা নিজা ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষিত কৰিবৰ কাৰণে প্রতিষ্ঠিত স্থিতাবস্থা বাহাল ৰাখিব বিচাৰে। কোনো ৰাষ্ট্ৰই আকৌ নিজা ভূখণ্ড বর্ধিতকৰণৰ জৰিয়তে দুৰ্বলী ৰাষ্টসম্প্ৰদায়ৰ ওপৰত প্ৰাধান্য বিস্তাৰৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষিত কৰাৰ প্ৰয়াস কৰে।

আন্তঃৰাষ্টীয় সম্পৰ্কৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ প্ৰকৃতি হৈছে সংঘাত। প্ৰতিখন ৰাষ্ট্ৰৰেই সুকীয়া সুকীয়া ৰাষ্ট্ৰীয় স্বার্থ থাকে। এই বৈচিত্র্যপূর্ণ ৰাষ্ট্ৰীয় স্বাৰ্থ প্ৰতিখন ৰাষ্টই এখনে আন এখনৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ তথা প্ৰভাৱ বিস্তাৰকৰণৰ জৰিয়তে সুৰক্ষিত কৰাৰ চেষ্টা কৰে আৰু ইয়াৰ ফলশ্ৰুতিতেই ৰাষ্ট্ৰবিলাকৰ মাজত সংঘাতৰ সূত্রপাত হয়। আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা সংঘাত কেতিয়াও বিচ্ছিন্ন কৰিব নোৱাৰি আৰু সেয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নত সংঘাতে এক বিশেষ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। কম-বেছি পৰিমাণে সেয়ে ক’ব পাৰি যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতি সংঘর্ষ জৰ্জৰিত। এনে দৃষ্টিকোণৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বুলিলে স্বাধীন ৰাজনৈতিক গোট বিলাকৰ মাজৰ এনে কিছুমান সম্পৰ্কৰ কথা সূচায়, য’ত স্বাৰ্থৰ সংঘাত সদায় বৰ্তি থাকে।

ক্ষমতা হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ আন এক উল্লেখনীয় প্রকৃতি। ই হৈছে এক উপায় বা মাধ্যম যাৰ জৰিয়তে জাতীয় ৰাষ্ট্ৰবিলাকে সংঘাতৰ উপশম হোৱাটো বিচাৰে। প্ৰকৃতাৰ্থত ক্ষমতাক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক উপায় আৰু এক লক্ষ্য – এই দুয়োটা অৰ্থতেই বিবেচনা কৰা হয়। ইয়াক এক উপায় হিচাপে গণ্য কৰাৰ যুক্তি হ’ল যে ৰাষ্টবিলাকে ক্ষমতাৰ দ্বাৰা নিজা ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষিত কৰি ৰাখে। আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত ক্ষমতাৰ ধাৰণাটো কেতবোৰ বিশেষ পৰিস্থিতিত বিশেষ কিছুমান ৰাষ্ট্ৰ মাজৰ সম্পৰ্কক বুজোৱাৰ অৰ্থত ব্যৱহাৰ কৰা হয়। মৰগেনথ’-ৰ মতে, “Political power is a psychological relations between those who exercised and those over whom it is exercised. It gives the former’s control over certain actions of the latter’s Mind”। তেওঁৰ মতে, ৰাষ্ট্ৰবিলাকৰ স্বার্থ যিয়েই নহওক কিয়, ক্ষমতা হৈ পৰে তৎকালীন স্বার্থ।

গতিকে থোৰতে ক’বলৈ হ’লে ৰাষ্ট্ৰবিলাকৰ মাজত থকা স্বার্থ, সংঘাত আৰু সহযোগিতাৰ অৰ্থে যিবোৰ প্ৰক্ৰিয়া লোৱা হয় তাৰ লগত জটিল তাত্ত্বিক আৰু প্ৰায়োগিক ভালেখিনি কথা জড়িত হৈ থাকে। এই সকলোবিলাক কথা আন্তঃৰাষ্ট্ৰীয় সম্পর্কই পাঠদানৰ বিষয় হিচাপে সামৰি লয়।

2. আন্তৰাষ্ট্ৰীয় সম্পৰ্কৰ বিকাশৰ বিভিন্ন পর্যায়বিলাক আলোচনা কৰা।[Critically examine the different stages of the development of International Relations?)

Ans: ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক মানৱ ইতিহাসৰ দৰেই পুৰণি হ’লেও ইয়াক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আদি নামেৰে নামকৰণ কৰি কুৰি শতিকাৰ দ্বিতীয় দশকৰ পৰাহে নিয়মিতভাবে অধ্যয়ন আৰম্ভ কৰা দেখা যায়। খ্যাতনামা লেখক মহেন্দ্ৰ কুমাৰে উল্লেখ কৰিছে যে প্ৰথম অৱস্থাত এই বিষয়ত ক্ৰমবিকাশত বুৰঞ্জীৰ পটভূমিত অধ্যয়ন চলোৱা হৈছিল। তেওঁৰ মতে, অধ্যয়নৰ বিকাশলৈ লক্ষ্য কৰিলে দেখা যায় যে ওৱেল্‌ছ বিশ্ববিদ্যালয়ত ১৯১৯ চনত Woodrow Wilson ৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি অধ্যয়নৰ আসন প্রতিষ্ঠা কৰি এই বিষয়ৰ অধ্যয়নৰ গতি আৰম্ভ কৰা হয়। খ্যাতনামা বুৰঞ্জীবিদ আলফ্রেড্ জিমার্ণয়ে এই আসন প্রথমে গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় সম্পর্কক এটা স্বাধীন বিষয় হিচাপে গণ্য কৰি অধ্যয়নৰ পাতনি মেলে।

লেখক Kenneth W. Thompson যে মত প্রকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কই চাৰিটা পৰ্য্যায়ত বিকাশ লাভ কৰিছে। অধ্যয়নৰ প্ৰথম পৰ্যায়ত বিকাশ লাভ কৰিছে।

প্রথম মহাসমৰৰ পিছত এই বিষয়ৰ অধ্যয়নৰ বিকাশত দ্বিতীয় পর্যায় আৰম্ভ হয়।

দ্বিতীয় পৰ্যায়টোৰ লগতেই প্রায় একে সময়তে অধ্যয়নৰ তৃতীয় পৰ্যায়টোও আৰম্ভ হৈছিল।

তৃতীয় মহাসমৰৰ পিছত এই বিষয়ৰ অধ্যয়নৰ চতুৰ্থ পৰ্যায়টো আৰম্ভ হয়।

প্ৰথম পৰ্যায়ৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ইতিহাসৰ দৃষ্টিকোণৰ পৰা বৰ্ণনাত্মক আৰু কালানুক্রমিক ভিত্তিত অধ্যয়ন কৰিছিল। সেই সময়ত পণ্ডিতসকলে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিভিন্ন ঘটনাৱলী আৰু পৰিস্থিতিৰ লগত সাধাৰণ আন্তজার্তিক আচৰণৰ দিশবোৰ বিশ্লেষণ। কৰা নাছিল। আৰু সেইকাৰণে তেওঁলোকে কোনো ধৰণৰ সাৰ্বজনীন সিদ্ধান্ত উদ্ভাৱণ বা ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নৰ গতি নিৰ্ণয় কৰি দিব পৰা নাছিল।

দ্বিতীয় পর্যায়ত কেৱল চলিত ঘটনাৱলীৰ ওপৰতহে অধ্যয়ন চলাইছিল। এই দৃষ্টিভঙ্গীত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অতীত সম্পৰ্কীয় কোনো অধ্যয়ন হোৱা নাছিল আৰু পণ্ডিতসকলে এই বিষয়ৰ অধ্যয়নৰ তত্ত্ব উদ্ভাৱণ কৰাৰ চেষ্টা কৰা নাছিল।

তৃতীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ যেনে জাতিসংঘৰ ব্যৱস্থাৱলীৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু আইনগত কিছুমান অনুষ্ঠান গঠন কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক আন্তঃৰাষ্ট্ৰীয়কৰণ কৰাৰ ওপৰত গুৰুত্ব দিছিল।

চতুৰ্থ পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বিকাশত তাত্ত্বিক দিশৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। এই পৰ্যায়ত লেখকসকলে ৰাষ্ট্ৰ সমূহৰ মাজত বৈদেশিক নীতি পৰিচালনাৰ মূলতে থকা শক্তিবোৰ নিৰ্ণয় কৰাৰ চেষ্টা কৰে। এনে প্ৰচেষ্টাত তেওঁলোকে সিদ্ধান্তত উপনীতি হয় যে ৰাষ্ট্ৰসমূহৰ সম্পৰ্কত মূলতঃ ক্ষমতাই অতি গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে।

Thompson য়ে উল্লেখ কৰা চাৰিটা পৰ্যায়ৰ পিছত এই বিষয়ৰ অধ্যয়নে বর্তমানলৈকে আৰু কেইবাটাও পর্যায় অতিক্ৰম কৰিছে। সেয়া হৈছে—

কুৰি শতিকাৰ ষাঠি দশকৰ মাজ ভাগৰ পৰা আৰম্ভ কৰি সত্তৰ দশকলৈ অধ্যয়নৰ পঞ্চম পৰ্যায়টো আৰম্ভ হয় আৰু সেই সময়ত পণ্ডিতসকলে আচৰণবাদী দৃষ্টিভংগী প্ৰয়োগ কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়ন কৰাৰ চেষ্টা কৰে যদিও উত্তৰ বা পৰৱৰ্তী আচৰণবাদে শীঘ্ৰেই গা কৰি উঠে।

ষষ্ঠ পৰ্যায়ৰ অধ্যয়ন সত্তৰ দশকৰ শেষভাগৰ পৰা আৰম্ভ কৰি আশী দশকৰ মাজভাগলৈকে চলে।

১৯৮৫ চনৰ পৰা অধ্যয়নৰ সপ্তম পৰ্যায়টো আৰম্ভ হয়। ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি গর্বাচেভৰ নেতৃত্বত শীতল যুদ্ধৰ পৰিৱৰ্তে পাৰস্পৰিক সহযোগিতাৰ নীতি ঘোষণাই ইয়াত প্ৰভাৱ বিস্তাৰ কৰে।

অষ্টম পৰ্যায়ৰ অধ্যয়ন আৰম্ভ হয় কুৰি শতিকাৰ শেষ দশকত। ইমান দিনে বৃহস্ঠ শক্তিৰ ৰূপত থকা ছোভিয়েট ইউনিয়ম বিচ্ছিন্ন হৈ পৰাত এই বিষয়ত অধ্যয়নত এক নতুন যুগৰ সূচনা কৰে। সেইদৰেই ইয়াৰ বিকাশ বর্তমানেও হৈ আছে। বর্তমান একবিংশ শতিকাত আন্তঃৰাষ্ট্ৰীয় সম্পর্কত বহু নতুন পৰিবৰ্তন হোৱাৰ সম্ভাৱনা দেখা যায়। তদুপৰি একবিংশ শতিকাৰ প্ৰথম দশকত নতুনকৈ নিৰ্বাচিত হোৱা বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলে জনসাধাৰণক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত উন্নত কৰাৰ দিশত যথেষ্ট প্রতিশ্রুতি দিছে।

নৱ-নিৰ্বাচিত মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক ওৱামাই প্রত্যেকখন ৰাষ্টৰেই পাৰস্পৰিক স্বাৰ্থ আৰু সন্মান অক্ষুন্ন ৰাখি এক নতুন পৰিৱেশৰ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আশা প্রকাশ কৰিছে। গতিকে এনে সম্ভাৱনাপূর্ণ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ গতিলৈ আমি লক্ষ্য ৰাখি তাক বিষয়টোৰ নৱম পৰ্যায়ৰ বিকাশৰ আৰম্ভণি বুলিব পাৰোঁ।

বর্তমান একবিংশ শতিকাত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বহু নতুন পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা যায়। তদুপৰি একবিংশ শতিকাৰ প্রথম দশকত নতুনকৈ নির্বাচিত হোৱা বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলে জনসাধাৰণক আন্তঃৰাষ্ট্ৰীয় সম্পর্ক উন্নত কৰাৰ দিশত যথেষ্ট প্ৰতিশ্ৰুতি দিছে। নৱ-নির্বাচিত মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বৰাক ওবামাই প্রত্যেকখন ৰাষ্ট্ৰৰেই পাৰস্পৰিক স্বাৰ্থ আৰু সন্মান অক্ষুন্ন ৰাখি এক নতুন পৰিৱেশৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আশা প্রকাশ কৰিছে। গতিকে এনে সম্ভাৱনাপূর্ণ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ গতিলৈ আমি লক্ষ্য ৰাখি তাক বিষয়টোৰ নৱম পৰ্যায়ৰ বিকাশৰ আৰম্ভণি বুলিব পাৰোঁ।

এইদৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নে ভালেমান পর্যায় অতিক্রম কৰি বৰ্তমানৰ অৱস্থা পাইছেহি।

3. এক স্বতন্ত্র বিষয় হিচাপে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিকাশ সম্বন্ধে আলোচনা কৰা। [Discuss the development of International Relations as an autonomous discipline politics and International Relations.]

Ans: আন্তঃৰাষ্ট্ৰীয় সম্পর্কত এটা স্বতন্ত্র বিষয় হয় নে নহয় সেই বিষয়ে ৰাজনৈতিক চিন্তাবিদসকলৰ মাজত মতপার্থক্য আছে। কিছুমান চিন্তাবিদ মতে আন্তঃৰাষ্ট্ৰীয় সম্পর্ক এটা স্বতন্ত্র বিষয় আৰু আন কিছুমানৰ মতে ই এটা স্বতন্ত্র বিষয় নহয়। এই বিতর্ক দ্বিতীয় মহাসমৰৰ পিছৰ পৰাই হৈ আছে। সাধাৰণতে এই সন্দৰ্ভত তিনিটা মত দেখা যায়।

(ক) প্রথম দৃষ্টিভংগী : আন্তঃৰাষ্ট্ৰীয় সম্পর্ক যে এটা স্বতন্ত্র বিষয়, এই বিষয়ে মৰগেনথো, এ এল বাৰ্ণছ, মেনিং আদি চিন্তাবিদে ঐক্যমত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বুৰঞ্জী, অর্থনীতি, সামাজিক মনঃস্তত্ত্ব আইন আদিৰ লগত জড়িত যদিও এই বিষয়বিলাকৰ পৰা প্রয়োজনীয় তথ্য সংগ্ৰহ কৰি বিষয়টোৰ স্বকীয়তা প্ৰদান কৰা হৈছে।

(খ) দ্বিতীয় দৃষ্টিভংগী : আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দ্বিতীয় দৃষ্টিভংগীৰ লগত জৰ্জ কেন্নান, মর্টন কাপলান, মার্টিন ৰাইট আদি চিন্তাবিদ জড়িত আছে। তেওঁলোকৰ মতে, আন্তঃৰাষ্ট্ৰীয় সম্পর্কক এটা স্বতন্ত্র বিষয় হিচাপে স্বীকৃতি দিব নোৱাৰি। এই বিষয়টোৰ কোনো নির্দিষ্ট অধ্যয়ন পদ্ধতি এতিয়াও বিকাশ হোৱা নাই। সেই অনুপাতে ইয়াৰ কোনো সার্বজনীন তত্ত্বও গঢ় লৈ। উঠা নাই। তদুপৰি ইয়াৰ কোনো নিৰ্ধাৰিত বিষয়বস্তুও নাই। উপৰি উক্ত কাৰণতে কাপলান আদি চিন্তাবিদে আন্তঃৰাষ্ট্ৰীয় সম্পর্কক এটা স্বতন্ত্র বিষয় হিচাপে স্বীকৃতি দিয়া নাই।

(গ) তৃতীয় দৃষ্টিভংগী : আন কিছুমান চিন্তাবিদে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক এটা সম্পূর্ণভাৱে স্বতন্ত্র বিষয় হিচাপে স্বীকৃতি নিদিলেও অদূৰ ভৱিষ্যতে ই এটা স্বতন্ত্র বিষয় হিচাপে প্রতিষ্ঠা হোৱাৰ সকলো বৈশিষ্ট্য পৰিলক্ষিত হয়। সাধাৰণতে কোনো এটা বিষয়ে স্বতন্ত্র বিষয় হিচাপে স্বীকৃতি লাভ কৰিবলৈ হ’লে সেই বিষয়টোৰ কেতবোৰ সাৰ্বজনীন তত্ত্ব থাকিব লাগে। গতিকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়নৰ দ্বাৰা এটা নিশ্চিত সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা নাথাকে। তদুপৰি দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰাহে ইয়াক এটা স্বতন্ত্র বিষয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছে।

উপৰি উক্ত আলোচনাৰ পৰা দেখা যায় কুৰি শতিকাৰ বিভিন্ন ৰাজনৈতিক চিন্তাবিদে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়ন অধিক ফলপ্ৰসূ কৰি তুলিবৰ কাৰণে তাত্ত্বিক দিশৰ অধ্যয়ন, গৱেষণা আৰু সাধাৰণ তত্ত্ব উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিছে। পশ্চিমীয়া বিশ্ববিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বিষয়টো এটা সুকীয়া বিষয় হিচাপে বিশ্ববিদ্যালয়বিলাকত পাঠদান কৰিছে। আমাৰ নিজ দেশ ভাৰতবৰ্ষতো এই বিষয়টোৰ অধ্যয়ন আৰু গৱেষণাৰ ওপৰত প্ৰাধান্য দিছে। গতিকে ইয়াৰ পৃথক তত্ত্ব আৰু পৃথক বিষয়বস্তু আছে। আন্তর্জাতিক ক্ষেত্ৰত ৰাষ্ট্ৰবিলাকৰ আচৰণ নিৰ্ধাৰণ কৰাৰ বিষয়তো তত্ত্ব উদ্ভাৱন কৰিবলৈ ৰাজনৈতিক চিন্তাবিদসকলে চেষ্টা কৰি আছে। সেই দৃষ্টিকোণৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পর্কক এটা পৃথক বিষয় হিচাপে স্বীকৃতি দিব পাৰি।

4. আধুনিক ব্যৱস্থাত ওৱেষ্টফেলিয়ান ব্যৱস্থাৰ প্ৰাসংগিকতাসম্পর্কে আলোচনা কৰা। [Evaluate the relevance of the Westphalian System to the modern system.]

Ans: ৱেষ্টফালিয়া শান্তিচুক্তিৰ অংশ হিচাপে ১৬৪৮ চনত ৱেকষ্টফালিয়া ব্যৱস্থাৰ প্ৰৱৰ্তন হ’ল। এই চুক্তিৰ তিনিটা মুখ্য দিশ আছিল–

(১) ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ নীতি।

(২) ৰাষ্ট্ৰৰ সমতা (আইনী)ৰ নীতি। আৰু

(৩) এখন ৰাষ্ট্ৰৰ আন্তৰাষ্ট্ৰীয় বিষয়ত অন্য ৰাষ্ট্ৰই হস্তক্ষেপ নকৰা অ-হস্তক্ষেপবাদী নীতি।

প্রায় এবছৰৰ ভিতৰতে ৱেষ্টফালিয়ান আহি আন্তঃৰাষ্ট্ৰীয়ভাৱে গৃহীত হ’ল আৰু বৃহৎ সমাদৰ লাভ কৰিলে। কিন্তু সময়ৰ লগে লগে সমাজৰ পৰিৱৰ্তন হ’ল। আৰু তাৰ লগতে এই ব্যৱস্থাৰ সমালোচনাও আৰম্ভ হ’ল। আজি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এই আৰ্হিটোলৈ বিভিন্ন ক্ষেত্ৰৰ পৰা যেনে- আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, মানৱতাবাদী কৰ্মৰাজী আৰু গোলকীয় অৰ্থনীতিৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আজিকোপতি ৱেষ্টফালিয়া ৰাষ্ট্ৰব্যৱস্থাই আধুনিক সমাজত এক বিশেষ ভূমিকা পালন কৰি আছে। যদিও আজিৰ সমাজৰ প্ৰয়োজনীয়তা অনুযায়ী ইয়াৰ কিছু সাল-সলনি কৰি ল’ব লগ হৈছে।

সার্বভৌমত্বৰ ধাৰণাটোৱে এতিয়াও বৃহৎ সমাদৰ লাভ কৰিছে। প্ৰতিখন ৰাষ্ট্ৰৰে নিজী জনতাক শাসন কৰা আৰু শান্তিৰ উদ্দেশ্যত ৰাষ্ট্ৰৰ ভৈটি নিৰ্মাণ কৰিবলৈ অধিকাৰ আছে এই ধাৰণাটো সমাদৃত হৈছে। কিন্তু একে সময়তে ইয়াৰ সমালোচনাও হৈছে।

প্ৰতিখন ৰাষ্ট্ৰৰে নিজা সিদ্ধান্ত লোৱাৰ অধিকাৰে, সার্বভৌমত্বই সেই বিশেষ ৰাষ্ট্ৰখনৰ উপকাৰ সাধন কৰিব যদিও বহুতো অসুবিধাও সৃষ্টি কৰিব। প্রত্যেক ৰাষ্ট্ৰই ইয়াৰ জনতাৰ বাবে শ্রেষ্ঠ সিদ্ধান্তটো ল’ব। সেয়ে আর্থিক, সামাজিক আৰু ৰাজনৈতিক উন্নয়নৰ আশা কৰিব পাৰি-এই ধাৰণাটো নিশ্চয় ভাল। অন্য ৰাষ্ট্ৰই, যিমানেই ক্ষমতাশালী নহওক লাগে, সার্বভৌম ৰাষ্ট্ৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। স্ব-শাসন সূত্ৰটোৱে দুখন দেশৰ সম্পৰ্কৰ নামত দুৰ্বল দেশখনক শোষণ কৰাটো মানি নলয়। আদর্শ সার্বভৌমত্বই এখন উন্নত ৰাষ্ট্ৰক এখন দুখীয়া ৰাষ্ট্ৰৰ প্ৰয়োজনীয় পুনৰগঠনৰ প্ৰলোভন দেখুৱাব নোৱাৰে। বহুতো নেতাই বিশেষকৈ এছিয়া আৰু মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত নিজে সিদ্ধান্ত লোৱাটো বিচাৰে, তাত আনৰ হস্তক্ষেপ নিবিচাৰে। আনহাতে,একোখন দেশ যেতিয়া বিশ্বৰ বঞ্চিত হৈ থাকে। সকলোবিলাক দেশৰে লাভ হোৱাকৈ নীতি-নিয়মবিলাকৰ বিকাশ সাধন কৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ধনী আৰু অধিক প্রযুক্তিগতভাৱে উন্নত ৰাষ্ট্ৰ প্ৰয়োজনসমূহত দৃষ্টিপাত কৰাতকৈ গোলকীয় সমস্যাসমূহৰ ক্ষেত্ৰত সকলোৰে মতামতক সন্মান জনাব লাগে। যদি এই আইনবিলাকে জনসাধাৰণৰ প্ৰয়োজনসমূহক সন্মান জনায়, সার্বভৌমত্বৰ উদ্দেশ্য আংশিকভাৱে ক্ষতিগ্রস্ত হ’ব, যাৰ অৰ্থ হ’ল গোলকীকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় যোগাযোগ উন্নীতকৰণ অত আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ স্বাৰ্থত সাৰ্বভৌমত্ব ত্যাগ কৰিব লাগিব।

ফৰিদ জাকাৰিয়া (Fareed Zakaria)ৰ “Culture is Destiny: Conversation with Lee Kuna Yew I” শীৰ্ষক গ্ৰন্থখনত ছিংগাপুৰৰ ভূতপূর্ব প্রধানমন্ত্রী Lee Kuna Yew I যে এখন ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰত সাংস্কৃতিক বাতাবৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেয়ে যদি কোনো দেশে নিজৰ সংস্কৃতি সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয়, তেতিয়া যদি প্রতিবেশী দেশখনে সাংস্কৃতিক পৰিৱেশ সলনি কৰিবলৈ চেষ্টা কৰে সেয়া সার্বভৌমত্বৰ তত্ত্ব ভংগ কৰা হ’ব। বহুতো বিদেশী কার্যকলাপ, যেনে পৃথকে থকা দেশলৈ বিদেশী ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ ফলত এই দেশসমূহত সকলো ধৰণৰ বাহিৰৰ হস্তক্ষেপে প্ৰভাৱ বিস্তাৰ কৰে। “একে সময়তে, এখন দেশত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ প্ৰৱেশ ঘটোৱাক বাধা দিয়াৰ বিপৰীতে সম্প্রতি বাণিজ্যৰ উদাৰীকৰণৰ ধাৰণাহে বিকশিত হৈছে।

ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত বিভিন্ন ক্ষেত্ৰৰ কৰ্মৰাজীৰে সমগ্ৰ বিশ্বতে উদাৰীকৰণৰ ধাৰণাটো বিয়পি পৰিল। ইয়াৰ পাছৰ দশক কেইটাত উদাৰ আন্তৰ্জাতিক সংগঠনৰ জন্মই এই কথা প্রতিপন্ন কৰে। এই সংগঠনসমূহে যেতিয়া এটা বৃহৎ উদ্দেশ্যত কাম কৰে, তেতিয়া সাধাৰণতে ৱেষ্টফালিয়া ব্যৱস্থাৰ ধাৰণাৰেই আগ বাঢ়ে। উদাৰীকৰণৰ অনুগামীসকলে সামাজিক ভাৱৰ আদান-প্রদানৰ ক্ষেত্ৰত পশ্চিমীয়া ধাৰণাটোকে সমৰ্থন কৰে, য’ত গণতান্ত্ৰিক ব্যৱস্থাৰ চৰকাৰ, মুক্ত বজাৰ আৰু বিশ্বৰ সকলো অংশতে মানৱ অধিকাৰ প্ৰয়োগৰ ধাৰণাৰাজি অন্তর্ভুক্ত হয়। বহু ক্ষেত্ৰত অনা পশ্চিমীয়া দেশৰ লগতে পশ্চিমীয়া দেশতো, উদাৰীকৰণৰ ধাৰণাৰ সম্প্ৰসাৰণক ৰাষ্ট্ৰীয় সার্বভৌমত্বক কেন্দ্ৰ কৰি দৃঢ়ভাৱে বিৰোধিতা কৰা হয়। তথাপিতো, অধিক শক্তিশালী পশ্চিমীয়া চৰকাৰসমূহে তেওঁলোকৰ প্ৰমূল্যৰাজি বিৰোধী ৰাষ্ট্ৰক কেতিয়াবা অমানৱীয় পদ্ধতিৰেও জাপি দিছে। ৱেষ্টফালিয়। ব্যৱস্থাৰ ধাৰণাটোৱে জোৰ কৰি স্বাধীনতা বিস্তাৰৰ ভুক্তভোগীসকলক ৰক্ষণাবেক্ষণ দিয়ে।

বিশ্ব বাণিজ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান অৰুৰাষ্ট্ৰীয় সার্বভৌমত্বত হস্তক্ষেপ কৰাৰ উৎকৃষ্ট উদাহৰণ । বেটন উডছ অনুষ্ঠানৰ ক্ষেত্ৰত গোলকীয় অর্থনীতিৰ মুক্ত কৰণৰ বিপৰীতে ব্যক্তিৰ সাৰ্বভৌমত্বৰ মাজত এক স্পষ্ট মোকাবিলা হয়। ইয়াৰ উদ্দেশ্য সকলো প্ৰাচীৰ নেওচি সমগ্র বিশ্বত মুক্ত বজাৰ ব্যৱস্থা, বহুপক্ষীয় বাণিজ্য ব্যৱস্থা সৃষ্টি কৰাৰ অৰ্থে ই প্ৰস্তাৱ আগবঢ়ায়। WTO-ত অবাধ বাণিজ্যৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বৃদ্ধিৰ সপক্ষে আছিল, যেতিয়া যিকোনো পৰ্যায়ৰ ৰাজনৈতিক সংৰক্ষণ নীতিৰ সমৰ্থকসকলে বিৰোধিতা কৰিছিল, প্ৰতিজন অংশগ্ৰহণকাৰীৰ নিজস্ব সিদ্ধান্ত আগবঢ়োৱাৰ অধিকাৰৰ সহায়ত ইয়াত বাধা প্রদান কৰা হয়। WTO-ৰ বিষয়াসকলে মত প্ৰকাশ কৰিলে যে সংৰক্ষণ নীতিৰ সমৰ্থকসকলৰ ব্যৱহাৰত কমদিনীয়া লাভ ত্যাগ কৰাৰ ফলত সমগ্ৰ বিশ্বই উপকৃত হ’ল, সেয়ে ইয়াৰ সকলো সদস্যকে প্ৰভাৱিত কৰিলে। সাৰ্বভৌমত্বই এখন দেশক হস্বম্যাদী আর্থিক ক্ষতিৰ পৰা ৰক্ষা কৰে; যেনে- কোনো এটা বিশেষ বৃত্তিৰ বাবে কৰ্ম সংস্থানৰ অভাৱ হোৱা; কিন্তু ই আন্তঃৰাষ্ট্ৰীয় নিগমসমূহক লাভান্বিত কৰিব, সেয়ে প্রতি সদস্যৰে কর্মদক্ষতা বৃদ্ধি কৰিব। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞানী হেলেন মিলনাৰে উল্লেখ কৰিছে যে “বেটন উদচ অনুষ্ঠানৰ নিয়ন্ত্ৰণ কৰে আৰু তদাৰকী সামথ্য আৰু যাৱতীয় তথ্য প্ৰদান কৰে যিবিলাকে পুনৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠানসমূহৰ কার্যক্রমণিকাত সহায় কৰে”। যি পাছলৈ আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক অনুষ্ঠানসমূহৰ কাম-কাজক সমৰ্থন কৰে। ৱেষ্টফোলীয়ান নীতিসমূহে এই বিশেষ বিষয়ত বৃহত্তৰ দীৰ্ঘকালীন ফলাফলৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় সম্প্রদায় আৰু প্ৰতিজন ব্যক্তিৰ বাবেই সুফল লাভ কৰে।

নিৰাপত্তাৰ বিষয়ত, ১৬৪৮ চনৰ ৱেষ্টফালিয়াৰ নীতিসমূহক লৈ বহুতো সমস্যাৰ সৃষ্টি হ’ল। তাৰে এটা কাৰক হ’ল-সংঘাতৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতিৰ পৰিৱৰ্তন। আন এটা নিৰাপত্তা বিষয়ক সমস্যা হ’ল আধুনিক প্ৰযুক্তিৰ দ্বাৰা সাৰ্বভৌমত্ব প্রাচীন আৰ্হিৰ সৃষ্টি।

আজিৰ দিনত, বিভিন্ন দেশৰ মাজত সংঘাত সৃষ্টি হৈ কেতিয়াবাহে ইয়াৰ কাষৰীয়া দেশসমূহক প্ৰভাৱিত কৰে। যদিও অসীম সাৰ্বভৌমত্বৰ কিছুমান সমর্থকে মত প্ৰকাশ কৰে যে একোখন ৰাষ্ট্ৰই তেওঁলোকৰ প্রতিবেশী ৰাষ্ট্ৰসমূহৰ বিষয়সমূহক লৈ ভ্ৰক্ষেপ নকৰে, ই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিখন দেশত শান্তিৰক্ষাত সহায় কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তিৰক্ষাৰ বিষয়টোক বহুতে সমালোচনা কৰে। এই বিষয়টো চিন্তা কৰি, এজনে ৰাষ্ট্ৰ ভিতৰত বিভিন্ন কাৰণত হোৱা হিংসাক বিবেচনা কৰে। যেতিয়া কোনো এখন ৰাষ্ট্ৰৰ সংঘাত নিজাকৈ সমাধা কৰিব নোৱাৰে তেতিয়া বাহিৰৰ দেশৰ হস্তক্ষেপ প্রয়োজন হয়, তদুপৰি আত্ম নিৰ্ভৰশীলতা পদ্ধতিত অতিৰিক্তভাৱে হস্তক্ষেপ কৰে। কোনো জাতিৰ বিলোপ সাধনৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত, বিশেষকৈ যদি দেশৰ সীমা অতিক্রম কৰা সম্ভাৱনা থাকে, তেন্তে বিশ্ব শান্তিৰ বাবে উপযুক্ত আগতীয়া পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তদুপৰি, যদিও বিষয়টোৱে কোনো দেশৰ সীমাৰ বাহিৰ হৈ যায়, ই যদি বিশ্বত সাম্ভাব্য প্ৰভাৱ পেলায়, বা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ঘোষণা ভংগ কৰে। এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত জড়িত হৈ কিছুমান বিশেষ দেশৰ নেতাসকলে নিজকে বিশ্বৰ ন্যায়াধীশ হিচাপে গণ্য কৰি তেওঁলোকে বিষয়টোত জড়িত হ’ব বিচাৰে । সাধাৰণতে এনেবোৰ সংঘাতত যিবোৰ বিশ্ব শান্তি বিষয়টোৰ পৰা বহুত দূৰত থাকে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নির্দেশনা দিয়ে।এনে ধৰণৰ বিপত্তি নির্মূল কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় নিগমসমূহে আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ জৰিয়তে এই তত্ত্ব প্রয়োগ কৰি বহুতে দেশীয় নেতৃত্বৰ মত প্ৰভাৱিত কৰে।

5. উত্তৰ ওৱেষ্টফেলিয়ান আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বিষয়ে টোকা যুগুত কৰা। [Write a note on the Post Westphalian International order.]

Ans: যোৱা তিনি শতিকাৰো অধিক কালত ৱেষ্টফোলিয়া চুক্তিৰ (১৬৪৮) নীতিসমূহ আৰু কৰ্মৰাজি লাহে লাহে ইউৰোপৰ পৰা বিশ্বৰ বাকী অংশলৈ বিয়পি পৰিল। ৱেষ্টফোলিয়া বিন্যাসে তিনিটা প্রধান কাৰণত বিশেষ গুৰুত্ব লাভ কৰিছিল। প্ৰথমতে, ই আন্তঃৰাষ্টীয় ৰাজনীতিক ধৰ্মনিৰপেক্ষ কৰি তুলিছিল, সকলো ধৰণৰ ধৰ্মীয় আৱেগৰ বিপৰীতে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ৰাষ্ট্ৰ কাৰণে কাম কৰাত গুৰত্ব আৰোপ কৰা হৈছিল। দ্বিতীয়তে, ই সার্বভৌমত্বক উন্নীত কৰে, ইয়াৰ আইনী মতবাদ অনুসৰি কোনো ৰাষ্ট্ৰৰ উৰ্দ্ধত নহয়, সেইজনৰ বাহিৰে যিজনক ৰাষ্ট্ৰই স্বেচ্ছাই সন্মতি প্ৰদান কৰে। তৃতীয়তে, ই আন্তঃৰাষ্ট্ৰীয় সমাজত ৰাষ্ট্ৰসমূহৰ আইনগত সমঅধিকাৰৰ ধাৰণাৰ স্বীকৃতি প্রদান কৰিছিল। সকলো সার্বভৌম ৰাষ্ট্ৰৰ সমান দায়িত্ব আৰু কৰ্তব্য আছে। তেওঁলোকৰ নিজৰ দেশৰ সীমাৰ ভিতৰত সকলো বিষয় কোনো বাহিৰা শক্তিৰ হস্তক্ষেপ অবিহনে নিষ্পত্তি কৰাৰ অধিকাৰ আছে। একেদৰে নিজৰ দেশৰ প্ৰতি কর্তব্য সম্পাদন কৰোতে কোনো অন্য দেশৰ হস্তক্ষেপ প্রযোজ্য নহয়। সেয়ে, ৱেষ্টফালিয়া চুক্তিৰ পৰা জাতি ৰাষ্ট্ৰ ধাৰণাৰ জন্ম হ’ল যিনেকি আধুনিক আন্তঃৰাষ্ট্ৰীয় আইনৰ মূল প্রতিপাদ্য বিষয়।

যদিও পণ্ডিত আৰু নীতি নিৰ্দ্ধৰিকসকলে প্ৰশ্নৰ অৱতাৰণা কৰে। যে ৱেষ্টফোলীয়ান আন্তর্জাতিক বিন্যাস একবিংশ শতিকাত প্রযোজ্য হ’বনে? সমসাময়িক বিশ্বখন কেন্দ্রমুখী আৰু অপকেন্দ্ৰিক শক্তিৰ দ্বাৰা পৰিচালিত হৈ গোলকীকৰণৰ যোগেদি বহুতো দেশক একত্ৰিত কৰাৰ বিপৰীতে ভাগ ভাগ কৰি ইজনক সিজনৰ পৰা দূৰলৈ ঠেলি দিছে।

এইটো ক’ব পাৰি যে বিশ্বখন আপাতদৃষ্টিত অধিক বিশ্বজনীন হৈছে। যদিও একে সময়তে অধিক সংকীর্ণও হৈছে। জটিল ধৰণৰ বহুজাতিক আদান-প্রদানে ৰাষ্ট্ৰ পৰিচয়ক আৱেগিক বান্ধোনত প্ৰভাৱ পেলাইছে। জাতি-ৰাষ্ট্ৰ লগতে নিগম, বেংক, আন্তঃচৰকাৰী আৰু অনা-চৰকাৰী সংগঠনবোৰো বহুজাতিক শাসনৰ নেটৱৰ্কৰ লগত জড়িত হৈ পৰিছে। মুঠতে, আজিৰ বিশ্বখনে ৱেষ্টফোলিয়ান আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ৰাষ্ট্ৰকেন্দ্ৰিক ধাৰণাৰ প্ৰতি প্রত্যাহবান সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

গোলকীয়কৰণৰ পৰিণতি কেৱল আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ নিয়ম ভঙাতেই বিশ্বজনীনতালৈ লৈ যায়। ই জাতি-ৰাষ্ট্ৰ ৰাজনীতিক ভাগ কৰে। এখন দেশে যেতিয়া নীতি বিষয়ত কোনো কাৰ্যকৰী সিদ্ধান্ত ল’ব নোৱাৰে তেতিয়া ৰাষ্ট্ৰখনে বিশেষ একো কৰিব নোৱাৰে। কাৰণ, কামৰ অংশ যেতিয়া কোনো অনা-চৰকাৰী ব্যক্তি, সংগঠন আৰু নিগমৰ দায়িত্বৰ ওপৰত নিৰ্ভৰশীল হয়। এই ধাৰণাটো ১৯৯০ দশকত বাঢ়ি অহা গোলকীয়কৰণৰ বহুদিশৰ পদ্ধতিৰ বৃহৎ বুজাবুজি কৰাৰ ক্ষমতা আছে,ইৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক ক্ষতি নকৰ। বিশ্বাসৰ ওপৰত বৃদ্ধি পালে। যদি জাতি-ৰাষ্ট্ৰই অধিক ক্ষমতা অনা-ৰাষ্ট্ৰীয় সত্তাৰ লগত ভাগ-বিতৰণ কৰে আন্তঃৰাষ্ট্ৰীয় সম্পর্ক ‘দ্বি-কণ্টকযুক্ত’ হ’ব। কেৱল ৰাষ্ট্ৰৰ লগত ৰাষ্ট্ৰই নহয়, এহাতে ৰাষ্ট্ৰ আৰু আনহাতে উপজাতীয় আৰু অধি-ৰাষ্ট্ৰীয় সকলৰ লগতো হ’ব।

এইখিনিতে উল্লেখ কৰা প্ৰাসংগিক হ’ব যে আমি ‘বিশ্ব শাসনৰ পৰ্যায়ত উপনীত হৈ ইতিমধ্যে চলি থকা আন্তঃৰাষ্ট্ৰীয় অৰাজক অৱস্থাৰ বাবে বিশ্ব শাসন আয়োগ-এ অধিক অনিশ্চয়তা আৰু অস্পষ্টতা কঢ়িয়াই আনিছে। ইয়াক এনেদৰে ব্যাখ্যা কৰিছে, “বহুতো ব্যক্তি আৰু সংগঠন ব্যক্তিগত আৰু ৰাজহুৱা ই তেওঁলোকৰ সাধাৰণ বিষয়সমূহক লৈ একত্রিত হয়”। কেৱল অন্ত-চৰকাৰী সম্পৰ্কৰ বিষয়তে নহয়,নাগৰিক আন্দোলন, বহুজাতিক নিগম আৰু বিশ্ব মূলধনী বজাৰৰ লগত জড়িত হয়। “গোলকীয় শাসনে সম্পূর্ণৰূপে আনুষ্ঠানিক প্রতিষ্ঠান আৰু সংগঠনৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ নীতি ব্যক্তিৰ পৰিয়ালৰ পৰা আন্তঃৰাষ্টীয় সংগঠনলৈ য’ত সাধনাৰ লক্ষ্য নিয়ন্ত্ৰণৰ অনুশীলনৰ যোগেদি বহুৰাষ্ট্ৰীয় প্রতিক্রিয়া প্রকাশ হয়”। ইয়াৰ অৰ্থ এইটোও যে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান গঢ়ি তোলাৰ সংঘবদ্ধ প্রচেষ্টা আৰু বিপৰীত অধিৰাষ্ট্ৰীয়, বহুৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় সমস্যাৰ কাৰণ আৰু ফলসমূহৰ সামগ্রিক মান নিধৰিণ কৰে, সাৰ্বভৌমিক কৰ্তৃত্ব নোহোৱাকৈ শাসন কৰা, দেশৰ সীমা অতিক্রম কবি বা সৰলভাৱে, “একেধৰণৰ আন্তঃৰাষ্ট্ৰীয় শাসন নিজৰ দেশত শাসন কৰাৰ সৈতে একে”। বিশ্ব শাসনৰ অৰ্থ অংশীদাৰীকৃত মূল্যবোধৰ দ্বাৰা সমৰ্থিত ক্রিয়াকলাপ যি আনুষ্ঠানিক আইনী কর্তব্য সম্পাদন কৰিব পাৰে যি বাধা নিষেধ নেওচি আৰু সেয়া লক্ষ্যত উপনীত হ’বলৈ জাতীয় ৰাজনৈতিক শক্তিৰ সমৰ্থন দাবী নকৰে। চৰকাৰ অবিহনেই পৰিচালন/শাসনৰ বৰ্ধিত গুৰুত্বই নৈৰাজ্যবাদক এক নতুন ৰূপত বহন কৰিছে। ই এক উচ্চস্তৰীয় বিধিগত সংগঠনৰ অনুপস্থিতিৰ লগত জড়িত।

6. শীতল যুদ্ধ উপশম হোৱাৰ কাৰণসমূহ উল্লেখ কৰা। শীতল যুদ্ধৰ পৰৱৰ্তীকালত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতিৰ পৰিৱৰ্তন হৈছে বুলি তুমি ভাবানে? আলোচনা কৰা।

Ans: শীতল যুদ্ধ উপশম ঘটাৰ কাৰণ বহুতো আছে। সেই কাৰণবিলাক তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি।

(ক) বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰবিলাকে এইটো ভালকৈ উপলব্ধি কৰিলে যে বৰ্তমান বিজ্ঞানৰ প্ৰসাৰতাৰ কাৰণে অত্যাধুনিক সমৰ অস্ত্র-শস্ত্র আৱিষ্কাৰ হোৱাৰ ফলত যুদ্ধৰ গুৰুত্ব প্রায় নোহোৱা হৈ পৰিছে। এতিয়া কোনো এখন দেশে প্ৰয়োগ কৰা বোমাই বিশ্বৰ ধ্বংস ওচৰ চপাই আনিব পাৰে।

(খ) সমৰ অস্ত্র-শস্ত্ৰৰ প্ৰতিযোগিতা কৰাটো বৰ্তমান সময়ত অতি ব্যয়বহুল। সাধাৰণ দেশবিলাকৰ কাৰণে নিজ দেশৰ ৰাজহৰ অধিকাংশ সামৰিক বাজেটত ব্যয় কৰাটো সম্ভৱপৰ নহয়। আনকি বিশ্বৰ দুটা শক্তিক প্রতিনিধিত্ব কৰা আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ কাৰণেও অস্ত্র-শস্ত্র প্রতিযোগিতাত অধিক ব্যয় কৰাটো সমস্যা হৈ পৰিছে। এনে পৰিস্থিতিত বৃহৎ শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাটো কোনো অস্বাভাৱিক নহয়।

(গ) বিশ্ব জনমতেও শীতল যুদ্ধৰ প্ৰভাৱ হ্ৰাস কৰাত বিশিষ্ট অৱদান যোগাই আহিছে। আমেৰিকা, ৰাছিয়া আদি দেশৰ নিউট্রন বোমাৰ নিচিনা মাৰাত্মক বোমা তৈয়াৰ কৰাৰ সামর্থ্য থাকিলেও বিশ্ব জনমতৰ হেঁচাত পৰি তেনে ধৰণৰ বোমা তৈয়াৰ কৰাৰ পৰা তেওঁলোক বিৰত থাকিবলগীয়া হৈছে। আনকি এই দুয়োখন দেশে নিবস্ত্ৰীকৰণৰ ওপৰত অধিক প্রাধান্য দি মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্র হ্রাস কৰাৰো সিদ্ধান্ত গ্রহণ কৰিছে।

(ঘ) এটা সময়ত ছোভিয়েট মৈত্রীগোষ্ঠী বিশেষকৈ কমিউনিষ্ট শাসিত চেকোশ্লোভেকিয়া, পূব জার্মানী, ৰোমানিয়া, হাংগেৰী আদি দেশৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ তেনে প্ৰভাৱ নাই। ইয়াৰ ফলত সেইবিলাক দেশক কেন্দ্ৰ কৰি শীতল যুদ্ধ চলাই থকাৰ স্থলো সীমিত হৈ পৰিছে।

(ঙ) শীতল যুদ্ধ অৱসান ঘটাৰ তৎকালীন কাৰণ ছোভিয়েট ইউনিয়নৰ পতন। ৰাষ্ট্ৰপতি গির্বাচভৰ পেৰেষ্টাইকা আৰু গ্লাচনস্ত নীতিৰ ফলত ছোভিয়েট ৰাষ্ট্ৰৰ পতন ঘটি পোন্ধৰখন নতুন প্রজাতন্ত্রৰ সৃষ্টি হ’ল। ইয়াৰ ফলত শীতল যুদ্ধৰো অৱসান হ’ল।

(চ) গোষ্ঠীনিৰপেক্ষ আন্দোলনেও শীতল যুদ্ধ প্রশমিত কৰাত ইন্ধন যোগায়। এই আন্দোলনৰ সদস্য সংখ্যা ক্রমান্বয়ে বৃদ্ধি পোৱাত বিশ্ব জনমতক প্রভাৱান্বিত কৰি শীতল যুদ্ধৰ প্ৰভাৱ সীমিত কৰিবলৈ সক্ষম হৈছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলনে আমেৰিকাক ভিয়েটনাম যুদ্ধৰ কাৰণে কটু সমালোচনা কৰিছিল। সেইদৰে ছোভিয়েট ৰাছিয়াৰ আফগানিস্থানত হস্তক্ষেপো গোষ্ঠীনিৰপেক্ষ আন্দোলনে সমর্থন কৰা নাছিল।

(ছ) ৰাষ্ট্ৰবিলাকৰ মাজত পূৰ্বৰ দ্বি-কেন্দ্রিক ব্যৱস্থাৰ সলনি বহুকেন্দ্ৰিক ব্যৱস্থা হোৱাৰ ফলত বৃহৎ দুই শক্তিগোষ্ঠীৰ কৰ্তত্বও বহু পৰিমাণে হ্রাস পোৱাত আমেৰিকা, ছোভিয়েটৰ উপৰি ব্ৰিটেইন, চীন, ফ্রান্স, জার্মানী আদি ৰাষ্ট্ৰ প্ৰভাৱশালী হৈ পৰিল।

সেইদৰে সাম্যবাদী ৰাষ্ট্ৰবিলাকৰ ভিতৰতো ৰাছিয়াৰ কৰ্তৃত্বক আওকাণ কৰিব পৰা শক্তিও উদ্ভৱ হ’ল। এই ক্ষেত্ৰত সাম্যবাদী ৰাষ্ট্ৰ আলবেনিয়া, যুগোশ্লাভিয়াৰ নাম উল্লেখযোগ্য।

(জ) শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল যে ইউৰোপত থকা আমেৰিকাৰ পশ্চিমীয়া মৈত্ৰীগোষ্ঠীৰ দেশবিলাকে তেওঁলোকৰ আভ্যন্তৰীণ ক্ষেত্ৰত আমেৰিকাৰ অধিক নিয়ন্ত্ৰণ সমর্থন নকৰে।

(ঝ) শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস পোৱাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল চীনৰ প্ৰতি আমেৰিকাৰ স্বীকৃতি দান।

শীতল যুদ্ধৰ পৰৱৰ্তীকালত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতিৰ পৰিৱৰ্তন হৈছে বুলি নাভাবো। তাৰ কেইটামান দিশ উল্লেখ কৰা হ’ল―

(ক) আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতি বুলিলে ৰাষ্ট্ৰসমূহৰ চৰকাৰবোৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক সমস্যা সমাধান কৰোঁতে ক্ষমতাৰ দ্বাৰা পৰিচালিত হৈ ৰাজনৈতিক চাল-কৌশল আৰু কূটনীতিৰে যি এক জটিল সম্পর্ক গঢ়ি তোলে তাকেই বুজায়। আনহাতে আক্তৰাষ্ট্ৰীয় সম্পর্কই অধ্যয়নত বিভিন্ন ধৰণৰ দল, জাতি, ৰাষ্ট্ৰ, জনগোট, অঞ্চল, চৰকাৰ, মৈত্রী, মহাসংঘ, আন্তজাতিক সংগঠন, ধর্মীয় আৰু সাংস্কৃতিক সংগঠন আদিকো সামৰি লয়। 

(খ) আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ বিষয়বস্তু আন্তজার্তিক ৰাজনীতিৰ বিষয়বস্তুতকৈ সীমিত। সেইকাৰণে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিক আন্তজার্তিক ৰাজনীতিৰ অংশ বুলি কোৱা হয়।

(গ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰাজনীতিৰ লগত আন সমাজ বিজ্ঞানৰ লগতো জড়িত থাকিব পাৰে। কিন্তু আন্তজার্তিক ৰাজনীতি প্ৰধানকৈ ৰাজনীতি বিষয়ৰ লগত জড়িত থাকে।

(ঘ) আন্তজার্তিক ৰাজনীতিৰ ক্ষেত্ৰ ৰাষ্ট্ৰবিলাকৰ স্বাৰ্থৰ প্ৰাধান্য লাভ কৰে। ৰাষ্ট্ৰবিলাকে সেই স্বাৰ্থ পূৰণৰ কাৰণে প্রত্যক্ষ ব্যৱস্থা গ্রহণ কৰিব লাগে। ৰাষ্ট্ৰবিলাকে নিজ স্বার্থ পূৰণৰ কাৰণে বিশ্বাসঘাটকতা, ষড়যন্ত্র আদিত লিপ্ত হ’ব পাৰে। কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত | কিছুমান নৈতিক নিয়ম পালন কৰা হয়। যদি কোনো নাগৰিকে ৰাষ্ট্ৰৰ আইন বাইয়াৰ পৰম্পৰাগত নীতি ভংগ কৰে, তেন্তে তেনেলোকৰ ওপৰত ৰাষ্ট্ৰই শাস্তিমূলক ব্যবস্থা গ্রহণ কৰিব পাৰে।

7. আন্তজার্তিক ৰাষ্ট্ৰ ব্যৱস্থাৰ অভ্যুত্থান সম্বন্ধে আলোচনা কৰা। [Discuss the emergence of International State System.

Ans: আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বা পদ্ধতি এটাক বিভিন্ন ধৰণে সংজ্ঞায়িত কৰা হয়, কিয়নো আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক বর্ণনা কৰিবলৈ যাওঁতে বিভিন্ন পৱেষকসকলে বিভিন্ন দৃষ্টিভংগী অনুসৰণ কৰাৰ পৰিপ্ৰক্ষিতত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভিন্ন ধর্মী সংজ্ঞা পৰিলক্ষিত হয়। আন্তঃৰাষ্ট্ৰ ব্যৱস্থাৰ সংজ্ঞাবিলাক পুংখানুপুংখভাৱে বিশেষণ কৰি এক কথাত কবলৈ হ’লৈ ক’ব পাৰি যে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা হৈছে কেতবোৰ নিয়মানুভাবে যোগাযোগ তথা আন্তঃক্রিয়া কৰা কেতবোৰ স্বতন্ত্ৰ ৰজনৈতিক গোটৰ এক সংগৃহীত ৰূপ (International system is a collection of Independent Political units which interact with same regularity)। উল্লেখ্য যে ৰাষ্ট বিলাকৰ মাজৰ এই পাৰস্পৰিক আন্তঃক্রিয়া তথা যোগসুত্র নিয়মিত আৰু সঘনাই হোৱা উচিত। অন্যথা এক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ধাৰণাটো বোধগম্য হোৱাটো জটিল হৈ পৰিব। ৰাষ্ট্ৰবিলাকৰ মাজৰ সহযোগিতাৰ সঘনতা আৰু নিয়মানুবর্তিতা একা আৰু বৈচিত্র্যতাৰ শক্তি তথা কাৰকৰ লগত নিনি ভাবে সম্পর্কিত। আন কথাত ক’বলৈ হ’লে, কোনো এক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ গোটবিলাকৰ মাজত কেতবোৰ ক্ষেত্ৰত সাদৃশ্যতা আৰু বৈচিত্র্যতা থাকিব লাগিব। কোনো আন্তঃৰাষ্ট্ৰীয় সমাজত য’ত গোটবিলাকৰ মাজত সম্পূৰ্ণ একা কিম্বা সম্পূর্ণ সহযোগিতামূলক সম্পর্ক প্রায় অকল্পনীয় (Unimaginable) আন্তঃৰাষ্ট্ৰীয় সমাজৰ বিশ্লেষণৰ লগত জড়িত গৱেষকসকলৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় সমাজৰ যে সঘনতা, নিয়মানুবর্তিতা আৰু এক্য আৰু বৈচিত্র্যতা যে গুৰুত্বপূর্ণ উপাদান তথা কাৰক সেই সম্পর্কে বোধগম্য হোৱাটো নিতান্তই প্রয়োজনীয়।

যি কি নহওক, কোনো এক পৰিৱেশত ৰাষ্ট্ৰবিলাক পাৰস্পৰিকভাৱে এখনে আনখনৰ লগত নিয়োজিত হৈ থকাটোৱে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা হিচাপে নামাকৰণ কৰা হৈছে। বিশ্বৰ সকলো ৰাষ্ট্ৰকে সার্বভৌম বুলি বিবেচনা কৰা হয় আৰু কিছুমান ৰাষ্ট্ৰ আন ৰাষ্টতকৈ অধিক শক্তিশালী হোৱা পৰিলক্ষিত হয়। আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা কেতবোৰ অনৌ পচাবিক বিধিৰ আধাৰত নিয়ন্ত্ৰিত আৰু পৰিচালিত যিবিলাক বিধি বাধ্যতামূলক নহয়, ৰাষ্ট্ৰবিলাক বৰ্তি থকালৈকে আন্তঃৰাষ্ট্ৰীয় সম্পর্ক অটুট থাকিব। কিন্তু আধুনিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা কেইটামান শতিকাহে পুৰণি।

৪. পৰম্পৰাগত জাতি ৰাষ্ট্ৰকেন্দ্ৰিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ অৱসান ঘটনাৰ অন্তৰালত কাৰকসমূহ আলোচনা কৰা। 

[Examine the factors acting as a source of set back for the Traditional Nation-State centric International System.]

Ans: (১) ৰাষ্ট্ৰবিলাকৰ মাজৰ বৰ্দ্ধিত আন্তঃনির্ভৰশীলতা :

জনকল্যাণকামী ৰাষ্ট্ৰ উত্থান, বিজ্ঞান প্রযুক্তিগত আৰু উদ্যোগিক খণ্ডৰ অগ্ৰগতিৰ ফলশ্ৰুতিত কল্যাণৰ হ’কে বৰ্দ্ধিত দাবীসমূহ পূৰ্ণ কৰিবলৈ সম্ভাৱনীয়তা, যোগাযোগ বিপ্লৱ, গোটেই বিশ্বব্যাপি জনগণৰ চলনশীলতা আৰু আনুষংগিক আন কেতবোৰ কাৰকে বৰ্দ্ধিত আন্তঃজাতিক আন্তঃ নিৰ্ভৰশীলতাৰ উত্থানত অৰিহণা যোগাইছে।

এই সকলোবিলাকে জাতি ৰাষ্ট্ৰসমূহক বৰ্দ্ধিত আন্তর্জাতিক আন্তঃক্ৰিয়াত সহযোগ হোৱাৰ লগতে আঞ্চলিক গোট আৰু আন্তঃৰাষ্ট্ৰীয় অভিকৰণসমূহ গঠন কৰিবলৈ তথা। ইবিলাকত চামিল হ’বলৈ বাধ্য কৰি তুলিছে। প্ৰতিখন জাতীয় ৰাষ্টই অনান্য জাতি ৰাষ্টবিলাকৰ ওপৰত কেঁচা সামগ্ৰীৰ লগতে উৎপাদিত সামগ্রীসমূহ বিক্ৰী কৰিবলৈ বজাৰৰ বাবে দুখীয়া ৰাষ্টবিলাকৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে। দৰিদ্ৰ ৰাষ্টবিলাকেও তেওঁলোকৰ জনসাধাৰণৰ দাবীসমূহ পূৰণ কৰিবলৈ ধনীক ৰাষ্ট্ৰসমূহৰ পৰা পৰ্যাপ্ত সামগ্ৰীৰাজি আমদানি কৰিবলৈ ধনীক ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

সম্প্ৰতি ৰাষ্ট্ৰবিলাকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আবক্যাংক্ষিত সেৱা আৰু সামগ্ৰীসমূহ সংশোধন ঘটোৱাৰ লগতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ লগতো মোকাবিলা কৰিবলৈ বাধ্য হৈছে। ই ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্ব গ্রীতিক কিছুপৰিমাণে হ’লেও তৰলীকৰণ কৰি তুলিছিল। তদুপৰি গোলকীকৰণ আৰু আঞ্চলিক কার্যবিষয়ক একত্ৰীকৰণে বৰ্দ্ধিত আত্মনির্ভৰশীলতাক প্ৰভাৱিত কৰিছিল আৰু জাতি ৰাষ্টবিলাকৰ ভূমিকাক স্তিমিত কৰি তুলিছিল। দৰাচলতে, বিশ্বায়নৰ যুগত জাতীয় ৰাষ্টি ৰাষ্ট্ৰবিলাকৰ মোহৰ স্বৰূপ সাৰ্বভৌমত্বৰ এক বৃহৎ অৱনতি পৰিলক্ষিত হয়।

(২) সৰ্বজনীনতাবাদ আৰু জাতীয়তাবাদঃ        

ক্রমবৰ্দ্ধিত আন্তৰ্জাতিক আনস্তঃনিৰ্ভৰশীলতাৰ যুগত জাতীয় ৰাষ্ট্ৰবিলাকে নিজা ৰাষ্ট্ৰীয় স্বার্থ আৰু আন আন ৰাষ্ট্ৰ ৰাষ্ট্ৰীয় স্বাৰ্থ তথা শান্তিআৰু নিৰাপত্তা অক্ষুণ্ণ ৰক্ষৰ আন্তঃৰাষ্ট্ৰীয় লক্ষ্যৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰাটো অপৰিহাৰ্য হৈ পৰিছে। প্ৰকৃতাৰ্থত, আন্তর্জাতিকতাবাদৰ যুগত জাতীয় ৰাষ্ট্ৰবিলাকে নিজা জাতীয় স্বাৰ্থৰ লক্ষ্য এনেদৰে নিৰ্দ্ধাৰণ কৰিবলগীয়া হৈছে যাতে ই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সৰ্বজনীনভাৱে স্বীকৃত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাত কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে।

এয়েই নহয় আনকি পৰম শক্তিসমূহকে আদি কৰি শক্তিশালী কৰ্তাবিলাকে অবিৰতভাৱে সশস্ত্ৰীকৰণৰ প্ৰতিযোগিতাত জড়িত হৈ থাকিলেও বিশ্ব সম্প্রদায়ে অস্ত্র নিয়ন্ত্রণ, অস্তহাসকৰণ আৰু নিৰস্ত্ৰীকৰণৰ হ’কে চলোৱা পদক্ষেপৰ প্ৰয়োজনীয়তাক কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰে। সম্প্রতি জাতীয় ৰাষ্ট্ৰবিলাকে সর্বজনীন লক্ষ্য আৰু স্বাৰ্থ (বিশ্বৰ সকলো জনগণৰে উমৈহতীয় স্বাৰ্থ) ক মানি লৈ সেই অনুসৰি আগবাঢ়িবলৈ বৰ্দ্ধপৰিকৰ হ’বলগীয়া পৰিস্থিতিৰ উপক্ৰম হৈছে।

(৩) আন্তঃৰাষ্ট্ৰীয় (আঞ্চলিক) সংহতকৰণৰ ধাৰা : 

জাতীয় ৰাষ্টবিলাকে সম্প্ৰতি তেওঁলোকৰ বিকাশমূলক লক্ষ্যত একক প্রচেষ্টাৰে উপনীত হোৱাটো অসম্ভৱ বুলি অনুধাৱন কৰিছে। আন কথাত, আঞ্চলিক তথা আন্তর্জাতিক পৰ্যায়ত ৰাষ্ট্ৰবিলাকে এখনে আনখনৰ লগত পাৰস্পৰিক সহযোগিতাৰে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অনুধাৱন কৰিছিল। ইউৰোপিয়ান ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক সংহতিকৰণ (একক মুদ্ৰ আৰু বেংকিং ব্যৱস্থাৰ সৈতে ইউৰোপীয় ইউনিয়ন), আছিয়ান ৰাষ্ট্ৰবিলাকৰ আঞ্চলিক অর্থনৈতিক সংহতকৰণ, এক দক্ষিণ এছীয় সংঘ গঠন কৰিবলৈ চাৰ্কে চলোৱা প্ৰচেষ্টা, আনুষংগিক আন কেতবোৰ সংগঠনৰ উপস্থিতি, বুজনসংখ্যক আঞ্চলিক কাৰ্য আৰু প্ৰতিৰক্ষামূলক সংগঠনৰ অভ্যুত্থান, জাতি-ৰাষ্ট্ৰবিলাকৰ মাজৰ আৰ্থ-সামাজিক সাংস্কৃতিক সহযোগিতা উত্তৰণৰ লগত সক্রিয়ভাৱে নিয়োজিত কেতবোৰ সংগঠনৰ আৱিৰ্ভাৱ, বাণিজ্যিক শিবিৰবিলাকৰ উত্থান, সন্মিলিত ৰাষ্ট্ৰসংঘৰ সুস্থিৰতা, দ্বিপাক্ষিক তথা আঞ্চলিক সম্পৰ্ক ৰাজিৰ আনুষ্ঠানিকীকৰণৰ প্ৰৱণতা, এফ এছিয়ান ঐক্য আন্দোলন [Afro-Asian Solidarity Movement] আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলন [Non-aligned Movement] ৰ দৰে আন্তঃৰাষ্ট্ৰীয় আন্দোলনবিলাকৰ সবল স্থিতি, তৃতীয় বিশ্বৰ গোট বন্ধন, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ নিৰাময়ৰ বাবে সংগ্রাম চলোৱাৰ প্ৰয়োজনীয়তা, মানৱ অধিকাৰ সুৰক্ষাৰ আন্দোলন ইত্যাদি এই সকলো ধৰণৰ বিকাশমূলক পদক্ষেপে বিশ্বৰ সকলো স্তৰৰ জনগণৰ উমৈহতীয়া লক্ষ্যৰ সন্দৰ্ভত উমৈহতীয়া সজাগ সচেতনতাক সমৃদ্ধ কৰি তুলিছিল। 

মানৱ কল্যাণৰ বেলিকা ৰাষ্ট্ৰীয় পৰিসীমাক অপৰিহাৰ্য বুলি গণ্য কৰাটো পৰিহাৰ কৰা হৈছে। এনে ধৰণৰ অনুভূতিয়ে জাতীয়তাবাদী মনোভাবক সংকুচিত কৰি আন্তর্জাতিকতা বাদৰ সপক্ষে অধিক সচেষ্ট কৰ তোলে। এনে এক পৰিস্থিতিৰ প্ৰেক্ষপটত জাতি ৰাষ্ট্ৰ ব্যৱস্থা এক গোলকীয় ব্যৱস্থাৰ দিশে পৰ্যবেসিত হোৱাৰ উপক্ৰম হৈছে।

(৪) পাৰমাণৱিক যুগ আৰু ইয়াৰ প্ৰভাৱ : 

জাতি ব্যৱস্থাক পাৰমাণৱিক কাৰকে বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। আধুনিক জাতি ৰাষ্ট্ৰবিলাকে এক সম্ভাব্য পাৰমাণৱিক যুদ্ধৰ পৰা নিজা জনগণক নিৰাপত্তা প্ৰদান কৰিবলৈ অপাৰগতা প্রকাশ কৰা পৰিলক্ষিত হৈছে। প্ৰতিৰক্ষাহীনতাত ভোগা যেন বোধ হৈছে।

পাৰমাণৱিক শক্তিসম্পন্ন ৰাষ্ট্ৰবিলাকে পাৰমাণৱিক সামৰ্থতা থকা সত্ত্বেও তেওঁলোকৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পাৰমাণবিক শক্তি ব্যৱহাৰ কৰিবলৈ জটিলতাৰ সন্মুখীন হৈছে। এক পৰম শক্তি হোৱা সত্ত্বেও আমেৰিকাই ভিয়েটনামৰ পৰা নিজা সৈন্যবাহিনী ওভোতাই আনিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। অনুৰূপধৰণে, পূৰ্বৰ ছোভিয়েট ইউনিয়নেও আফগানিস্তানক নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত যথেষ্ট জটিলতাৰ সম্মুখীন হোৱা পৰিলক্ষিত হৈছিল।

হাৰ্জ আৰু বল্ডিংৰ মতে, পাৰমাণৱিক কাৰকে জাতীয় ৰাষ্টবিলাকক প্ৰকাৰান্তৰে অগ্ৰাসংগিক কৰি তুলিছে। অৱশ্যে এই মতামত সম্পূৰ্ণৰূপে গ্রহণযোগ্য নহ’লেও এইটো অস্বীকাৰ কৰিব নোৱাৰি যে পাৰমাণৱিক অস্ত্ৰ-শস্তবিলাকে জাতীয় ৰাষ্ট্ৰবিলাকৰ ক্ষমতাক বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিছে। আনকি পাৰমাণৱিক শক্তি আয়ত্ব কৰা সত্তেও ৰাষ্ট্ৰবিলাকৰ ৰাষ্ট্ৰীয় ক্ষমতা বাস্তৱিকতে বৃদ্ধি পোৱা নাই। কেৱল এয়েই নহয়, আনকি বিশ্ব জনমতৰ শক্তিশালী ভূমিকাৰ প্ৰেক্ষাপটত কোনো ৰাষ্ট্ৰই পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিবলৈ সাহস গোটাব পৰা নাই।

(৫) ৰাষ্ট্ৰীয় ক্ষমতাৰ প্ৰতিবন্ধকতাঃ 

বিশ্ব জনমত আন্তজার্তিক নৈতিকতা, আন্তঃৰাষ্ট্ৰীয় আইন, নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ নিয়ন্ত্ৰণৰ সপক্ষে আন্দোলন, কেতবোৰ শক্তিশালী আন্তঃৰাষ্ট্ৰীয় শান্তি আন্দোলনৰ উত্থান, এইবিলাকে একেলগে প্রতিখন জাতীয় ৰাষ্ট্ৰৰেই ৰাষ্ট্ৰীয় ক্ষমতাৰ ক্ষেত্ৰত অন্যতম প্রধান প্রতিবন্ধক হিচাপে দেখা দিছিল। জাতীয় ৰাষ্ট্ৰ বিলাকে আন্তঃৰাষ্টীয় সম্পৰ্কৰ প্ৰেক্ষাপটত বল বা শক্তি প্ৰয়োগৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হৈছিল।

ভাৰত-পাকিস্তান যুদ্ধ, আৰব-ইজৰাইল যুদ্ধ, ইৰাক-ইৰাণৰ যুদ্ধ ইত্যাদিৰ দৰে কেতবোৰ স্থানীয় যুদ্ধৰ বিফলতাই এইটো প্রতীয়মান কৰিছিল যে আধুনিক জাতিৰাষ্ট্ৰবিলাকে শক্তি প্রয়োগ, হিংসাত্মক পন্থা আৰু যুদ্ধৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষিত কৰাৰ আশা পুহি ৰখা নাছিল। ইয়ো জাতীয় ৰাষ্ট্ৰবিলাকৰ প্ৰকৃতি আৰু ভূমিকা পৰিৱৰ্তনৰ ক্ষেত্ৰত অন্যতম উৎস হিচাপে ক্ৰিয়া কৰিছিল।

(৬) জাতি ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বৰ সমতাৰ অৱধাৰণাৰ অৱসৰঃ 

জাতীয় ৰাষ্ট্ৰবিলাকৰ সম সার্বভৌমত্বৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ৰাষ্ট্ৰবিলাকৰ মাজত সম অংশীদাৰিত্ব হিচাপে সম্পর্ক স্থাপন কৰাটো পৰম্পৰাগত জাতীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ অন্যতম মৌলিক প্রসঙ্গ আছিল। বৰ্তমান সময়ত জাতি ৰাষ্ট্ৰবিলাকৰ সম সার্বভৌমত্বৰ ধাৰণাটো বাস্তৱিক হোৱাৰ পৰিৱৰ্তে অধিক তাত্ত্বিক হোৱাহে পৰিলক্ষিত হয়। এয়েই নহয়, আনকি জাতীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ ধ্রুপদী যুগতো (১৮৫০-১৯৪৫) একমাত্র ক্ষমতাশালী আৰু প্ৰধান কর্তা বিলাকেহে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিছিল।

(৭) কেতবোৰ শক্তিশালী অ-ৰাষ্ট্ৰীয় কৰ্তাৰ উত্থান :

বহু ৰাষ্ট্ৰীয় নিগমবিলাক আৰু সংগঠনৰ দৰে কেতবোৰ শক্তিশালী অৰাষ্টীয় কৰ্তাৰ উত্থানে জাতীয় ৰাষ্ট্ৰ ব্যৱস্থাক বেয়াকৈ ক্ষতিগ্রস্ত কৰি তুলিছে। বিশ্বৰ বিভিন্ন প্রান্তত বসবাস কৰা ব্যক্তিগত ব্যৱসায়িক প্রতিষ্ঠানিক গোট বা শ্ৰেণীৰ দ্বাৰা গঠিত এই অ-ৰাষ্ট্ৰীয় কৰ্তাসমূহ অধিৰাষ্ট্ৰীয় কৰ্তা, বেচৰকাৰী কর্তা, বহুজাতিক কর্তা, ইত্যাদি নামেৰে জনা যায়। উল্লেখ্য যে বিভিন্ন অৰাষ্ট্ৰীয় কৰ্তাবিলাকৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্রান্ততঃ কোনো এক নির্দিষ্ট ব্যৱসায় বা বাণিজ্য, উৎপাদন, সেৱা সামগ্ৰীসমূহ বিপনন বা বিতৰণৰ প্ৰয়াস কৰা হয়। কেতবোৰ বেচৰকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় আন্দোলনে পাৰিপার্শ্বিকতা আৰু মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। এই সংস্থাবিলাক ৰাষ্ট্ৰ চৰকাৰ যন্ত্ৰৰ লগত আনুষ্ঠানিকভাৱে জড়িত নহয় বৰং সংস্থাৰ সদস্যসকলে সংঘবদ্ধ হৈ শক্তিশালী আন্তঃৰাষ্ট্ৰীয় আন্দোলনবিলাক চলাইনিয়া পৰিলক্ষিত হয়।

(৮) বিশ্বায়ন :

বিশ্বায়ন প্ৰক্ৰিয়াৰ অভ্যুত্থানে জাতীয় ৰাষ্টবিলাকৰ সার্বভৌমত্ব সংকুচিত হোৱাৰ ক্ষেত্ৰত অন্যতম প্রধান উৎস হিচাপে ক্ৰিয়া কৰিছে। সম্প্ৰতি জাতি ৰাষ্টবিলাকে গোলকীকৰণৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলগীয়া হৈছে। পাৰস্পৰিক সহযোগিতা আৰু সামূহিক কাৰ্য আঁচনিৰ জৰিয়তে বিকাশৰ লক্ষ্যত নিশ্চয়তা প্রদান কৰিবলৈ বিশ্বায়নৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰবিলাকৰ বাবে অপৰিহাৰ্য হৈ পৰিছে। ৰাষ্ট্ৰবিলাকে বিশ্ব বাণিজ্য সংস্থাৰ সদস্য পদ গ্ৰহণ কৰাৰ লগতে সংস্থাৰ সিদ্ধান্তৰাজি মানি চলিবলগীয়া হৈছে।

সাম্প্রতিক বিশ্বত জাতীয় ৰাষ্ট্ৰবিলাকৰ পৰিসীমাৰ পৰিধি অতিক্ৰমি দ্রব্য সাম্ৰী, সেৱা, জনগণ আৰু জ্ঞানৰ মুক্ত প্রবাহ সম্ভৱ হৈ পৰিছে। ৰাষ্টবিলাকৰ চাৰিসীমাৰ ধাৰণাটো ক্ৰমাৎ নৰম হৈ পৰিছে। বিশ্বায়নৰ পথত জাতীয় ৰাষ্ট্ৰবিলাকে নিজ নিজ পৰম্পৰাগত বৈশিষ্ট আৰু সাৰ্বভৌম চৰিত্ৰ অক্ষুত্ব ৰখাটো জটিল হৈ পৰিছে।

উপৰোক্ত কাৰকবিলাকৰ কাৰণবশতঃ জাতীয় ৰাষ্ট্ৰ ব্যৱস্থাই সম্প্ৰতি প্রতিবন্ধকতাৰ সন্মুখীন হৈছে। এই প্রতিবন্ধকতাই ইমান দকৈ শিপাইছে যে একাংশ গৱেষকে ৰাষ্ট্ৰকেন্দ্ৰিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ অৱলুপ্তি ঘটা বুলি মত পোষণ কৰিছে। জাতীয় ৰাষ্ট্ৰবিলাকৰ দুৰ্বলতা ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ ভূমিকাও স্তিমিত হৈ পৰিছে। এনেদৰে জাতীয় ৰাষ্ট্ৰবিলাক ক্ৰমাৎ নিঃশেষ হোৱাৰ পথত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top