Niketan Class 5 Assamese Chapter 9 যেতিয়াৰ যিটো বন

Niketan Class 5 Assamese Chapter 9 যেতিয়াৰ যিটো বন Sankardev Sishu Niketan Chapter 9 যেতিয়াৰ যিটো বন Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 9 যেতিয়াৰ যিটো বন

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 9 যেতিয়াৰ যিটো বন gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

যেতিয়াৰ যিটো বন

Chapter – 9

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। যেতিয়াৰ যিটো বন সেইটো তেতিয়াই নকৰিলে কি অসুবিধা হ’ব পাৰে ? 

উত্তৰঃ যেতিয়াৰ যিটো বন তেতিয়াই নকৰিলে কামবােৰ পিছ পৰি যায় আৰু কেতিয়াবা কামটো কৰাই নহয়গৈ । মানুহৰ জীৱনলৈ বিপদ – আপদ কেতিয়া আহে কোনেও ক’ব নােৱাৰে । কাম এটা কৰাৰ কাৰণে আজি যিখিনি সুবিধা আছে , কাইলৈ নাথাকিবও পাৰে । সেয়েহে , কৰিম কৰিম বুলি কামবােৰ পিছুৱাই থ’ব নালাগে । 

প্রশ্ন ২। সময়ৰ লগে লগে কামবােৰ কৰি গ’লে কি লাভ হয় ? 

উত্তৰঃ সময়ৰ লগে লগে কাম কৰি গ’লে কামবােৰ কৰাত সহজ হয় । এলাহত কোনাে কাম এতিয়া নকৰোঁ বুলি নকৈ সময়মতে কৰিলে কামত কৃতকার্য লাভ কৰিব পাৰি । সময়মতে কাম কৰা মানুহে নাম , যশ সহজে লাভ কৰে । 

প্রশ্ন ৩। কবিতাটোত থকা নঞর্থক ক্রিয়াপদবােৰ বাচি উলিওৱা । 

উত্তৰঃ কবিতাটোত থকা নঞর্থক ক্রিয়া পদবােৰ হৈছে — নথকা , নকৰিলে , নহয় , নবয় , নুখুজিবা , নুবুলিবা আৰু নকৰোঁ । 

প্রশ্ন ৪। বাক্য ৰচনা কৰা — 

          গহৰি , ফল , এলাহ , সুবিধা , ততালিকে , বন  

উত্তৰঃ গহৰি :- কাম কৰাত গহৰি কৰিলে কামৰ বােজা বাঢ়ি যায় । 

ফল :- ভাল কাম কৰিলে যশ নিজে নিজে আহে । 

এলাহ :- এলাহ উন্নতিৰ শত্রু । 

সুবিধা :- নিজৰ সুবিধাৰ বাবে আনক বিপদত পেলােৱা উচিত নহয় । 

ততালিকে :- দুর্ঘটনাগ্রস্ত মানুহক ততালিকে চিকিৎসা কৰা উচিত । 

বন :- আমাৰ ঘৰত এজনী বন কৰা বাই আছে । 

প্রশ্ন ৫। তলত দিয়া শব্দবােৰৰ অৰ্থ লিখা –

গহৰি , সমূলে , আপদ , এলাহ , ঢিলা , বন , যশ , কাল ।

উত্তৰঃ 

অর্থশব্দ
গহৰিপলম
সমূলেএকেবাৰে
আপদবিপদ
এলাহকাম কৰিবলৈ অনিচ্ছা
ঢিলাসহজ
বনকাম
যশসুনাম
কালসময়

প্রশ্ন ৬। ক্রিয়া পদ কাক বােলে ? উদাহৰণ দিয়া । 

উত্তৰঃ যি পদে কোনাে কাম কৰা বা নকৰা বুজায় তাক ক্রিয়াপদ বােলে।যেনে— ৰামে ভাত খাইছে । তেওঁ ঘৰলৈ যাব । 

খাইছে’ আৰু ‘ যাব ’ – এই দুয়ােটা ক্রিয়া পদ । 

প্রশ্ন ৭। নঞর্থক ক্রিয়াপদ কাক বােলে ? উদাহৰণসহ বুজাই লিখা ।

উত্তৰঃ নকৰা বা নােহােৱা অর্থ বুজোৱা ক্রিয়াপদক নঞর্থক ক্রিয়াপদ বােলে । উদাহৰণ — বনুৱাজনে আজি কাম নকৰে । ইয়াত ‘ নকৰে ’ নঞর্থক ক্রিয়া পদ । 

প্রশ্ন ৮। তলত দিয়া ক্রিয়াপদবােৰ নঞর্থক ক্রিয়াপদলৈ নিয়া । 

 কৰে , শিকে , খায় , দেখে , খুজিবা , বুলিবা 

উত্তৰঃ কৰে         –         নকৰে

         শিকে        –         নিশিকে

         খায়          –         নাখায় 

         দেখে         –         নেদেখে

         খুজিবা      –         নুখুজিবা

         বুজিবা      –         নুবুজিবা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top